A A A A A

দ্বিতীয় বিবরণ 5:1-33
1. তেতিয়া মোচিয়ে গোটেই ইস্ৰায়েলীয়াসকলক মাতি আনি ক’লে, “হে ইস্ৰায়েল, আজি মই যি যি বিধি আৰু ব্যৱস্থা আপোনালোকক জনাম সেইবোৰ শুনক আৰু শিকি পালন কৰি সেই মতে কাৰ্য কৰিব।
2. আমাৰ ঈশ্বৰ যিহোৱাই হোৰেবত আমাৰ লগত এটি নিয়ম কৰিলে।
3. যিহোৱাই আমাৰ পূর্ব–পুৰুষসকলৰ লগতে এই চুক্তি কৰা নাই, কিন্তু আজি আমি যিমান লোক জীয়াই আছোঁ, আমাৰ সকলোৰে সৈতে কৰিলে।
4. যিহোৱাই পৰ্ব্বতত অগ্নিৰ মাজৰ পৰা আপোনালোকৰ সৈতে মুখামুখিকৈ কথা কৈছিল।
5. সেই সময়ত জুইৰ ভয়ত আপোনালোকে পর্বতৰ ওপৰলৈ উঠা নাছিল বাবে মই আপোনালোকৰ আৰু যিহোৱাৰ মাজত থিয় হৈ তেওঁৰ কথা আপোনালোকৰ আগত প্রকাশ কৰিছিলোঁ। তেতিয়া যিহোৱাই কৈছিল:
6. ‘মই তোমালোকৰ ঈশ্বৰ যিহোৱা। মিচৰ দেশৰ দাসত্বৰ পৰা ময়েই তোমালোকক বাহিৰ কৰি আনিলো।
7. মোৰ আগত আন কোনো দেৱতা নাথাকক।
8. তোমালোকে নিজলৈ কোনো কটা প্ৰতিমা, ওপৰত থকা স্বৰ্গত, তলত থকা পৃথিবীত, আৰু পৃথিবীৰ তলত থকা পানীত যি যি আছে, সেইবোৰৰ আকৃতিৰে কোনো মুৰ্ত্তি নাসাজিবা।
9. সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা আৰু সেইবোৰৰ সেৱাপূজাও নকৰিবা; কিয়নো কেৱল মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। মই নিজ মর্য্যাদা ৰখাত উদ্যোগী; যিসকলে মোক ঘিণ কৰে, তেওঁলোকৰ দুষ্টতাৰ শাস্তি মই তেওঁলোকৰ তৃতীয় আৰু চতুৰ্থ পুৰুষলৈকে দিওঁ।
10. কিন্তু মোক প্ৰেম কৰা ও মোৰ আজ্ঞা পালন কৰাসকলক মই হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁ।
11. তোমালোকে অনর্থকৰূপে নিজ ঈশ্বৰ যিহোৱাৰ নাম নল’বা; কিয়নো যিকোনোৱে তেওঁৰ নাম অনৰ্থকৰূপে লয়, যিহোৱাই তেওঁক নিৰ্দোষী নকৰিব।
12. তোমালোকক ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা অনুসাৰে বিশ্ৰাম-দিন পালন কৰি পবিত্ৰ কৰা।
13. সপ্তাহৰ ছয়দিন পৰিশ্ৰম কৰি তোমালোকৰ সকলো কাৰ্য সম্পন্ন কৰিবা;
14. কিন্তু সপ্তম দিন তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক বিশ্ৰাম-দিন; সেই দিনা তোমালোকে তোমালোকৰ পো বা জী, দাস বা দাসী, আৰু গৰু বা গাধ, নাইবা আন কোনো পশু, আৰু তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা বিদেশী, কোনোৱে একো কাম নকৰিবা, তোমালোকৰ দাস-দাসীয়েও যেন তোমালোকৰ নিচিনাকৈ বিশ্ৰাম পাব।
15. সোঁৱৰণ কৰা, তোমালোকো মিচৰ দেশত দাস আছিলা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাই ক্ষমতাশালী হাতৰ শক্তি প্রর্দশন কৰি তাৰ পৰা তোমালোকক উলিয়াই আনিলে; এই কাৰণেই তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক বিশ্ৰাম-দিন পালন কৰিবলৈ আজ্ঞা দিছে।
16. নিজ পিতৃ-মাতৃক সন্মান কৰিবা; ঈশ্বৰ যিহোৱাই তোমাক দিয়া আজ্ঞা অনুসাৰে, সেই আদেশ মানি চলিলে তোমালোকৰ আয়ুস দীঘল হ’ব আৰু তোমালোকৰ মঙ্গল হ’ব
17. তোমালোকে নৰবধ নকৰিবা।
18. তোমালোকে ব্যভিচাৰ নকৰিবা।
19. তোমালোকে চুৰ নকৰিবা।
20. তোমালোকে ওচৰ চুবুৰীয়াৰ অহিতে মিছা সাক্ষ্য নিদিবা।
21. আনৰ ভার্যালৈ লোভ নকৰিবা; আন লোকৰ ঘৰ-দুৱাৰ, খেতি-বাতি, দাস-দাসী, গৰু-গাধ বা আন কোনো বস্তুলৈকে লোভ নকৰিবা।’
22. এইবোৰ আজ্ঞা সেই পর্বতৰ ওপৰত জুই, মেঘ আৰু ঘোৰ অন্ধকাৰৰ মাজৰ পৰা যিহোৱাই আপোনালোকৰ গোটেই সমাজৰ আগত বৰ মাতেৰে ঘোষণা কৰিছিল; ইয়াৰ বাহিৰে তেওঁ আৰু একোকে কোৱা নাছিল। পাছত তেওঁ সেইবোৰ দুখন শিলৰ ফলিত লিখি মোক দিলে।
23. সেইদিনা যেতিয়া পৰ্ব্বতত জুই জ্বলিছিল আৰু অন্ধকাৰৰ মাজৰ পৰা আপোনালোকে তেওঁৰ সেই কন্ঠস্বৰ শুনিবলৈ পাইছিল, তেতিয়া আপোনালোকৰ সকলো পৰিচাৰক আৰু ফৈদৰ মুখ্য লোকসকল মোৰ ওচৰলৈ আহিছিল
24. আপোনালোকে কৈছিল, ‘আমাৰ ঈশ্বৰ যিহোৱাই আমাৰ আগত নিজৰ প্ৰতাপ আৰু মহিমা দেখুৱালে, আৰু জুইৰ মাজৰ পৰা আমি তেওঁৰ মাত শুনিলোঁ; আজি আমি জানিলোঁ যে, ঈশ্বৰে মানুহৰ লগত কথা পতাৰ পাছতো মানুহ জীয়াই থাকিব পাৰে।
25. কিন্তু এতিয়া আমি কিয় মৰিবলৈ যাম? কিয়নো এই মহান জুইয়ে আমাক গ্ৰাস কৰি পেলাব; যদি আৰু বেছি সময় আমি আমাৰ ঈশ্বৰ যিহোৱাৰ কন্ঠস্বৰ শুনো, তেন্তে আমি নিশ্চয়ে মৰিম।
26. মৰ্ত্ত্য লোকৰ মাজত এনে কোন লোক আছে যে, আমাৰ দৰে অগ্নিৰ মাজৰ পৰা কোৱা জীৱন্ত ঈশ্বৰৰ কন্ঠস্বৰ শুনাৰ পাছতো জীয়াই আছে?
27. আপুনি, আপুনিয়েই ওচৰলৈ গৈ, আমাৰ ঈশ্বৰ যিহোৱাই কোৱা সকলো কথা শুনি আঁহক; তেওঁ আপোনাক যি যি ক’ব, সেই সকলো কথা আমাক জনায় দিব; আমি সেইবোৰ শুনি সেইদৰে চলিম।’
28. এইবুলি যেতিয়া আপোনালোকে মোক ক’লে, তেতিয়া যিহোৱাই আপোনালোকৰ সেই কথা শুনি মোক ক’লে, ‘এই লোকসকলে তোমাক যি যি ক’লে তাক মই শুনিলোঁ। তেওঁলোকে যি কৈছে ভাল কথাই কৈছে।
29. মোক ভয় কৰিবলৈ আৰু মোৰ আজ্ঞা পালন কৰাৰ এই মনোভাৱ যেন তেওঁলোকৰ সদায় থাকে; তাতে তেওঁলোক আৰু তেওঁলোকৰ সন্তান সকল চিৰকাল কুশলে থাকিব!
30. তুমি গৈ তেওঁলোকক নিজ নিজ তম্বুলৈ উলটি যাবলৈ কোৱা।
31. কিন্তু তুমি হ’লে মোৰ ওচৰত এই ঠাইতে থিয় হৈ থাকা; মই তোমাক সেই সকলো আজ্ঞা, নিয়ম আৰু ব্যৱস্থা দিম যিবোৰ তুমি তেওঁলোকক শিকাব লাগিব যাতে অধিকাৰ কৰিবলৈ যি দেশ মই তেওঁলোকক দিম, সেই দেশত তেওঁলোকে সেইবোৰ পালন কৰি চলিব।’
32. এতেকে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি যি আজ্ঞা দিলে, আপোনালোকে যত্নেৰে সেইবোৰ পালন কৰক; তাৰ পৰা সোঁ কি বাওঁফালে নুঘূৰিব।
33. আপোনালোক যেন জীয়াই থাকিব পাৰে, আপোনালোকৰ যেন মঙ্গল হয়, আৰু যি দেশ আপোনালোকে অধিকাৰ কৰিব, তাত যেন অনেক কাল জীয়াই থাকিব পাৰে, সেইবাবে আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি যি পথত আপোনালোকক চলিবলৈ আজ্ঞা দিলে, সেই পথতে আপোনালোক চলিব।”

দ্বিতীয় বিবরণ 6:1-25
1. আপোনালোকৰ ঈশ্বৰ যিহোৱাই এইবোৰ আজ্ঞা, নিয়ম আৰু ব্যৱস্থা আপোনালোকক শিকাবৰ কাৰণে মোক নির্দেশ দিলে যাতে যর্দন নদী পাৰ হৈ যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈ আছে, সেই দেশত আপোনালোকে সেইবোৰ পালন কৰি চলিব।
2. আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী আৰু তেওঁলোকৰ বংশধৰসকলে যেন আপোনালোকৰ ঈশ্বৰ যিহোৱালৈ ভয় ৰাখি মই দিয়া সকলো নিয়ম আৰু আজ্ঞাবোৰ গোটেই জীৱন কালত পালন কৰে আৰু তাৰ ফলত আপোনালোকৰ আয়ুস যেন দীঘল হয়।
3. সেয়ে, হে ইস্ৰায়েলীয়াসকল, মনোযোগেৰে শুনক আৰু সেইবোৰ মানি চলক। আপোনালোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ শপত অনুসাৰে গাখীৰ মধু বোৱা দেশত আপোনালোকৰ যেন মঙ্গল হয় আৰু আপোনালোক যেন বহুবংশ হয়।
4. হে ইস্ৰায়েলীয়াসকল, শুনক আমাৰ ঈশ্বৰ যিহোৱা এজনেই;
5. আপোনালোক সকলোৱেই আপোনাৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰক।
6. আজি মই আপোনালোকক দিয়া আজ্ঞাৰ সকলো কথা আপোনালোকৰ হৃদয়ত ৰাখিব লাগে।
7. আপোনালোকে নিজৰ সন্তান সকলক যত্নেৰে সেইবোৰ শিকাব; আপুনি ঘৰত বহোঁতে বা বাটত যাওঁতে, আৰু শোওঁতে বা উঠোতে, সেইবোৰৰ বিষয়ে কথা-বতৰা হ’ব।
8. আপোনাৰ হাতত চিনস্বৰূপে সেইবোৰ বান্ধিব, আৰু সেইবোৰ আপোনাৰ দুই চকুৰ মাজত ভুষণস্বৰূপ হ’ব লাগে।
9. আপোনাৰ ঘৰৰ দুৱাৰৰ খুটাত আৰু বাহিৰৰ দুৱাৰত সেইবোৰ লিখি ৰাখিব।
10. আপোনালোকৰ পূর্ব–পুৰুষ অব্ৰাহাম, ইচহাক আৰু যাকোবৰ আগত ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিবলৈ শপত কৰিছিল, সেই দেশলৈ তেওঁ আপোনালোকক লৈ যাব; সেই ঠাইত এনে ডাঙৰ আৰু সুন্দৰ নগৰবোৰ আছে, যাক আপোনালোকে সজা নাই।
11. এনে ধৰণৰ সকলো উত্তম দ্রব্যৰে ঘৰবোৰ পূর্ণ হৈ আছে, যিহক আপোনালোকে ভৰোৱা নাই; এনে নাদ আছে, যিহক আপোনালোকে খনা নাই; এনে দ্ৰাক্ষাবাৰী জিতগছবোৰ আছে, যিহক আপোনালোকে ৰোৱা নাই; তাত এই সকলো খাই তৃপ্ত হ’ব।
12. কিন্তু সাৱধান হ’ব, আপোনালোকে যিহোৱাক যেন পাহৰি নাযায়, যি জনে আপোনালোকক মিচৰ দেশৰ দাসত্বৰ বন্ধনগৃহৰ পৰা বাহিৰ কৰি আনিলে।
13. আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক ভয় কৰিব, কেৱল তেওঁৰেই আৰাধনা কৰিব, আৰু তেওঁৰ নামেৰেই শপত খাব।
14. আপোনালোকে, আপোনালোকৰ চাৰিওফালে থকা জাতিবোৰৰ দেৱতাবোৰৰ পাছত নচলিব;
15. কিয়নো, আপোনালোকৰ মাজত থকা আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী; আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ক্ৰোধ আপোনালোকৰ বিৰুদ্ধে জ্বলি উঠিব, তাতে তেওঁ পৃথিবীৰ পৰা আপোনালোকক উচ্ছন্ন কৰিব।
16. আপোনালোকে মচ্ছাত যেনেকৈ নিজ ঈশ্বৰ যিহোৱাক পৰীক্ষা কৰিছিল, তেনেকৈ তেওঁক পৰীক্ষা নকৰিব।
17. আপোনালোকে নিজ ঈশ্বৰ যিহোৱাই আদেশ কৰা আজ্ঞা, শাসন-প্রণালী আৰু নিয়মবোৰ অৱশ্যেই যত্নেৰে পালন কৰিব লাগিব।
18. ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি যি ন্যায় আৰু সজ কাম আপোনালোকে তাকে কৰিব, তেহে আপোনালোকৰ মঙ্গল হ’ব আৰু যিহোৱাই যি দেশ দিম বুলি আপোনালোকৰ পূর্ব-পুৰুষসকলক শপত কৰিছিল, আপোনালোকে সেই উত্তম দেশ অধিকাৰ কৰিব;
19. যিহোৱাৰ বাক্য অনুসাৰে আপোনালোকৰ আগৰ পৰা আপোনালোকৰ সকলো শত্রুক আপোনালোকে দূৰ কৰিব পাৰিব।
20. ভৱিষ্যতে যেতিয়া আপোনালোকৰ সন্তানে সুধিব, যে, “আমাৰ ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা, বিধি আৰু শাসন-প্ৰণালীবোৰৰ অৰ্থ কি?”
21. তেতিয়া আপোনালোকে নিজ সন্তানক ক’ব, “আমি মিচৰ দেশত ফৰৌণৰ দাস আছিলোঁ; পাছত ঈশ্বৰ যিহোৱাই ক্ষমতাশালী হাতেৰে মিচৰৰ পৰা আমাক উলিয়াই আনিলে।
22. ঈশ্বৰ যিহোৱাই আমাৰ চকুৰ সন্মুখতে মিচৰলৈ, ফৰৌণ আৰু তেওঁৰ বংশলৈ, মহৎ আৰু ভয়ঙ্কৰ ক্লেশযুক্ত চিন আৰু অদ্ভুত লক্ষণ দেখুৱালে।
23. সেই ঠাইৰ পৰা তেওঁ আমাক বাহিৰ কৰি আনিলে যাতে যি দেশ দিম বুলি তেওঁ আমাৰ পূর্ব-পুৰুষসকলৰ আগত শপত কৰিছিল, সেই দেশলৈ আনি তাক আমাক দিব পাৰে।
24. আজিৰ দৰে সদায় আমাৰ মঙ্গল হবলৈ আৰু আমাক জীয়াই ৰাখিবলৈ যিহোৱাই আমাক এই সকলো নিয়ম পালন কৰিবলৈ আৰু তেওঁক ভয় কৰি চলিবলৈ আজ্ঞা দিছে।
25. আমি যদি নিজ ঈশ্বৰ যিহোৱাই আদেশ কৰা আজ্ঞাৰ দৰে তেওঁলৈ ভয় ৰাখি এই সকলো পালন কৰি সেই মতে কাৰ্য কৰোঁ, তেন্তে সেয়ে হ’ব আমাৰ ধাৰ্মিকতা।”

সামসঙ্গীত 37:1-4
1. তুমি দুষ্টবোৰৰ কাৰণে অস্থিৰ নহবা; কুকার্য কৰাবোৰক দেখি হিংসা নকৰিবা।
2. কিয়নো তেওঁলোক ঘাঁহৰ দৰে শীঘ্রেই শুকাই যাব, সেউজীয়া তৃণৰ নিচিনাকৈ জঁয় পৰিব।
3. যিহোৱাত ভাৰসা ৰাখা আৰু সুকৰ্ম কৰা; দেশত বাস কৰা আৰু নিৰাপদে থাকা।
4. যিহোৱাত আনন্দ কৰা; তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূর্ণ কৰিব।

প্রবচন 12:8-8
8. মানুহে নিজৰ প্রজ্ঞা অনুসাৰে প্ৰশংসা পায়; কিন্তু কুটিল কাৰ্য কৰা লোক ঘৃণনীয় হয়।

লূক 1:21-38
21. আনপিনে, মানুহবোৰে জখৰিয়াৰ বাবে অপেক্ষা কৰি আছিল আৰু মন্দিৰৰ ভিতৰত তেওঁৰ পলম হোৱা দেখি চিন্তিত হ’ল।
22. পাছত তেওঁ যেতিয়া বাহিৰলৈ আহিল, লোক সকলৰ লগত একো কথা কব নোৱাৰিলে; তেতিয়া লোক সকলে বুজিব পাৰিলে যে মন্দিৰৰ ভিতৰত তেওঁ কোনো দর্শন পাইছে। কিন্তু তেওঁ লোক সকলৰ সৈতে ইংগিতেৰেহে কথা পাতিলে, মুখেৰে কোনো কথা কব নোৱাৰিলে।
23. ইয়াৰ পাছত তেওঁৰ সেৱা কার্যৰ পাল সম্পূর্ণ হোৱাত, তেওঁ নিজৰ ঘৰলৈ গ’ল।
24. কিছুদিনৰ পাছত তেওঁৰ ভার্যা এলীচাবেৎ গর্ভৱতী হ’ল; আৰু পাঁচ মাহলৈকে ঘৰৰ পৰা বাহিৰ নোলাল। তেওঁ ক’লে
25. “এই কার্য মোৰ বাবে প্রভুৱে কৰিলে। মানুহৰ মাজত মোৰ লজ্জা দূৰ কৰিবলৈ তেওঁ মোৰ ফালে দয়াৰ দৃষ্টি কৰিলে।”
26. এলীচাবেৎ যেতিয়া ছয় মাহৰ গর্ভৱতী, তেতিয়া ঈশ্বৰে গাব্রিয়েল দূতক গালীল প্ৰদেশৰ নাচৰত নগৰৰ মৰিয়ম নামেৰে এক কুমাৰীৰ ওচৰলৈ পঠালে।
27. এই কুমাৰী ৰজা দায়ুদৰ বংশৰ যোচেফ নামেৰে এজন ব্যক্তিলৈ বাগ্দান কৰা আছিল।
28. তাতে সেই দূতে তেওঁৰ ওচৰলৈ আহি ক’লে, “হে মহা অনুগ্ৰহ পোৱা কন্যা, তোমাৰ মঙ্গল হওক! প্ৰভু তোমাৰ লগত আছে।”
29. কিন্তু এই কথা শুনি মৰিয়মৰ উগুল-থুগুল লাগিল আৰু আচৰিত হৈ ভাবিলে “ই কেনে মঙ্গলবাদ!”
30. স্বর্গৰ দূতে তেওঁক ক’লে, “হে মৰিয়ম, ভয় নকৰিবা; কিয়নো তুমি ঈশ্বৰৰ দ্বাৰা অনুগ্ৰহ পালা।
31. চোৱা, তুমি গর্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিবা আৰু তেওঁৰ নাম যীচু থবা।
32. তেওঁ মহান হব, আৰু সর্বোপৰি জনৰ পুত্ৰ বুলি প্ৰখ্যাত হব। প্ৰভু পৰমেশ্বৰে তেওঁৰ পূর্বপুৰুষ দায়ুদৰ সিংহাসন তেওঁক দিব;
33. যাকোবৰ বংশৰ ওপৰত তেওঁ চিৰকাল ৰাজত্ব কৰিব, আৰু তেওঁৰ ৰাজ্যৰ কেতিয়াও অন্ত নহব।”
34. তেতিয়া মৰিয়মে স্বর্গৰ দূতক ক’লে, “ই কেনেকৈ সম্ভৱ হব পাৰে? কাৰণ মই এজনী কুমাৰী।”
35. তেতিয়া স্বর্গৰ দূতে উত্তৰ দি তেওঁক ক’লে, “পবিত্ৰ আত্মা তোমাৰ ওপৰলৈ আহিব, আৰু সর্বোপৰি ঈশ্বৰৰ শক্তিয়ে তোমাক ছাঁ দি ধৰিব। এই হেতুকে সেই পবিত্র গর্ভফলৰ নাম ঈশ্বৰৰ পুত্র বুলি প্রখ্যাত হব,
36. আৰু চোৱা, তোমাৰ আত্মীয় এলীচাবেতে বৃদ্ধাকালতো গর্ভত পুত্ৰ সন্তান ধাৰণ কৰিছে; যদিও তেওঁক লোকে বাঁজী বুলিছিল, কিন্তু তেওঁ এতিয়া ছয় মাহৰ গর্ভৱতী।
37. কিয়নো ঈশ্বৰৰ বাবে কোনো বিষয় অসাধ্য নহয়।”
38. মৰিয়মে ক’লে, “প্ৰভুৰ দাসী যি মই, মোলৈ আপুনি কোৱাৰ দৰে হওক।” ইয়াৰ পাছতে স্বর্গৰ দূত মৰিয়মৰ ওচৰৰ পৰা গুচি গ’ল।