A A A A A

দ্বিতীয় বিবরণ 3:1-29
1. তাৰ পাছত আমি ঘুৰি বাচান দেশৰ ফালে যোৱা বাটেদি গ’লো। আমাৰ লগত যুদ্ধ কৰিবলৈ বাচানৰ ৰজা ওগ আৰু তেওঁৰ সকলো লোক ইদ্ৰেয়ী নগৰলৈ আমাক আক্রমণ কৰিবৰ কাৰণে ওলাই আহিছিল।
2. তেতিয়া যিহোৱাই মোক কৈছিল, “তুমি তেওঁলৈ ভয় নকৰিবা; কিয়নো মই তেওঁৰ ওপৰত তোমাক বিজয়ী কৰিলোঁ; তেওঁক, তেওঁৰ লোকসকলক আৰু তেওঁৰ দেশ তোমাৰ অধীনত শোধাই দিলোঁ; তুমি হিচবোন নিবাসী ইমোৰীয়াসকলৰ ৰজা চীহোনক যেনে কৰিছিলা, এওঁলৈকো তেনে কৰিবা।”
3. এইদৰে আমাৰ ঈশ্বৰ যিহোৱাই বাচানৰ ৰজা ওগক আৰু তেওঁৰ সকলো লোকক আমাৰ অধীনত শোধাই দিছিল; তাতে আমি তেওঁক আৰু তেওঁৰ সকলো লোককে আঘাত কৰি বধ কৰিছিলোঁ; এজনকো অৱশিষ্ট নাৰাখিলোঁ।
4. সেই সময়ত আমি ওগৰ সকলোবোৰ নগৰ অধিকাৰ কৰি লৈছিলোঁ; তেওঁৰ ষাঠিখন নগৰৰ সকলোৱেই আমি দখল কৰিছিলোঁ; এটাও বাদ নপৰিল। অর্গোবৰ সমগ্র অঞ্চল অর্থাৎ বাচান দেশৰ ৰজা ওগৰ ৰাজ্য আমি অধিকাৰ কৰি লৈছিলোঁ।
5. সেই নগৰবোৰ ওখ ওখ প্রাচীৰেৰে ঘেৰি থোৱা আছিল আৰু তাত দুৱাৰ আছিল; দুৱাৰবোৰ শলখাৰে বন্ধ কৰি ৰখা আছিল; তাৰ উপৰিও বহুতো প্রাচীৰ নথকা নগৰো আছিল।
6. আমি সেই সকলো নগৰ সম্পূর্ণৰূপে ধ্বংস কৰিছিলোঁ। আমি হিচবোনৰ ৰজা চীহোনলৈ যেনে কৰিছিলোঁ, তেনেকৈ নগৰৰ সকলো অধিবাসীৰ লগতে মহিলা, সৰু ল’ৰা-ছোৱালী সকলোকে নিঃশেষে বিনষ্ট কৰিছিলোঁ।
7. কিন্তু সকলো পশুধন আৰু নগৰৰ লুট কৰা বস্তুবোৰ আমি নিজৰ কাৰণে লৈ আহিছিলো।
8. সেই সময়ত আমি অৰ্ণোন নদীৰ উপত্যকাৰ পৰা হৰ্মোণ পাহাৰলৈকে যৰ্দ্দন নদীৰ সিপাৰৰ এলেকা ইমোৰীয়াসকলৰ দুজন ৰজাৰ হাতৰ পৰা অধিকাৰ কৰিছিলোঁ।
9. (চীদোনৰ লোকসকলে এই হৰ্মোণ পাহাৰক চিৰিয়োন বুলি কয় আৰু ইমোৰীয়াসকলে চনীৰ বোলে।)
10. সেই সমথলভূমিৰ সকলোবোৰ নগৰ, সমস্ত গিলিয়দ এলেকা আৰু বাচানৰ ৰজা ওগৰ ৰাজ্যৰ সকলো নগৰ, চলখা আৰু ইদ্ৰেয়ীলৈকে গোটেই বাচান দেশ আমি অধিকাৰ কৰিলোঁ।
11. অৱশিষ্ট ৰফায়ীয়া লোকসকলৰ মাজত কেৱল বাচানৰ ৰজা ওগেই জীৱিত আছিল; তেওঁৰ বিচনাখন লোহাৰে নির্মিত আছিল; সেই বিচনা মানুহৰ হাতৰ মাপ অনুসাৰে দীঘলে ন হাত, বহলে চাৰি হাত আছিল। সেইখন এতিয়াও জানো অম্মোনৰ বংশধৰসকলে বাস কৰা ৰব্বা নগৰত নাই?
12. সেই সময়ত আমি অধিকাৰ কৰা ঠাই অৰ্ণোনৰ উপত্যকাৰ ওচৰত অৰোয়েৰ নগৰৰ পৰা গিলিয়দৰ পার্বত্য অঞ্চলৰ আধা অংশ আৰু তাৰ নগৰবোৰ মই ৰূবেন আৰু গাদ ফৈদক দিলোঁ।
13. গিলিয়দ দেশৰ বাকী অংশ আৰু অর্গোবৰ সমগ্র অঞ্চল অর্থাৎ বাচান দেশৰ ৰজা ওগৰ ৰাজ্য মই মনচিৰ আধা ফৈদক দিলোঁ। (বাচানৰ সেই অঞ্চলক ৰফায়ীয়াসকলৰ দেশ বোলা হয়।
14. যায়ীৰ নামৰে মনচিৰ এজন বংশধৰে গচুৰীয়া আৰু মাখাথীয়াসকলৰ সীমালৈকে গোটেই অর্গোব অঞ্চলটো অধিকাৰ কৰি নিজৰ নাম অনুসাৰে সেই ঠাইৰ নাম, এনেকি বাচানৰো নাম হব্বোৎ-যায়ীৰ ৰাখিছিল। আজিলৈকে এই নাম আছে।)
15. মই মাখীৰক গিলিয়দ দিলোঁ।
16. অৰ্ণোনৰূবেন আৰু গাদ ফৈদৰ লোকক মই গিলিয়দৰ পৰা অর্ণোন উপত্যকাৰ মাজৰ সীমা পর্যন্ত আৰু যব্বোক নদীলৈকে দিলোঁ। যাব্বোক নদীখন অম্মোনৰ বংশধৰসকলৰ সীমা।
17. ইয়াৰ আন সীমাবোৰ হৈছে যৰ্দ্দন নদীৰ উপত্যকাৰ সমথলভূমি; কিন্নৰতৰ পৰা অৰাবা সাগৰলৈকে আৰু পূবফালৰ পিচগা পার্বত্য অঞ্চলৰ এঢলীয়া ঠাইলৈকে।
18. সেই সময়ত মই আপোনালোকক এইবুলি কৈ আদেশ দিছিলোঁ, “আপোনালোকৰ ঈশ্বৰ যিহোৱাই এই ঠাই আপোনালোকৰ অধিকাৰৰ অৰ্থে দিলে; কিন্তু আপোনালোকৰ যোদ্ধাসকলে সুসজ্জিত হৈ, আপোনালোকৰ অন্যান্য ইস্ৰায়েলীয়া ভাইসকলৰ আগে আগে নদী পাৰ হৈ যাব লাগিব।
19. অৱশ্যে, মই আপোনালোকক যিবোৰ নগৰ দিলোঁ, সেই নগৰবোৰত আপোনালোকৰ ভার্যা, ল’ৰা-ছোৱালীৰ লগতে আপোনালোকৰ পশুধনবোৰ থাকিব। মই জানো যে আপোনালোকৰ বহুত পশুধন আছে।
20. যিহোৱাই আপোনালোকক জিৰণিৰ ভূমি দিয়াৰ দৰে আপোনালোকৰ ভাইসকলেও যৰ্দ্দনৰ সিপাৰে আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক দিয়া জিৰণিৰ ভূমি অধিকাৰ নকৰা পর্যন্ত আপোনালোকে তেওঁলোকক সহায় কৰিব লাগিব। তাৰ পাছতহে মই আপোনালোকক দিয়া নিজৰ নিজৰ আধিপত্যলৈ আপোনালোক প্রত্যেকেই ঘূৰি আহিব।”
21. সেই সময়ত মই যিহোচূৱাক এই আজ্ঞা দি কৈছিলোঁ, “তোমালোকৰ ঈশ্বৰ যিহোৱাই সেই দুজন ৰজালৈ কৰা সকলো কাৰ্য তুমি নিজ চকুৰে দেখিলা; তোমালোকে পাৰ হৈ যি ৰাজ্যলৈকে যাবা, সেই ৰাজ্যবোৰলৈকো যিহোৱাই সেইদৰে কৰিব।
22. তোমালোকে তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই নিজে তোমালোকৰ পক্ষে যুদ্ধ কৰিব।”
23. সেই সময়ত মই যিহোৱাক মিনতি কৰি কৈছিলোঁ,
24. “হে মোৰ প্ৰভু যিহোৱা, আপুনি যে কিমান মহান আৰু আপোনাৰ হাত কিমান যে শক্তিশালী, তাক আপুনি আপোনাৰ দাসক দেখুৱাবলৈ আৰম্ভ কৰিছে। আপুনি যি মহৎ আৰু শক্তিসম্পন্ন কার্যবোৰ কৰিছে, তেনে কার্য কৰিব পৰা এনে কোন দেৱতা স্বর্গত বা পৃথিৱীত আছে?
25. মই আপোনাৰ ওচৰত বিনয় কৰিছোঁ, মোক যৰ্দ্দন নদী পাৰ হবলৈ আৰু সেই উত্তম দেশ প্রত্যক্ষ কৰিবলৈ দিয়ক। মোক সেই সুন্দৰ পার্বত্য দেশ আৰু লিবানোন দর্শন কৰিবলৈ দিয়ক।”
26. কিন্তু আপোনালোকৰ কাৰণেই যিহোৱা মোৰ ওপৰত ক্ষুদ্ধ হৈ আছিল; তেওঁ মোৰ বিনয় শুনিবলৈ অস্বীকাৰ কৰিলে। যিহোৱাই মোক কৈছিল, “তোমাৰ বাবে ইমানেই যথেষ্ট! এই প্রসঙ্গত মোক আৰু কোনো কথা নক’বা;
27. তুমি পিচগাৰ চূড়ালৈ উঠি যোৱা আৰু তাৰ পশ্চিমফালে, উত্তৰফালে, দক্ষিণফালে আৰু পূব ফালে চকু তুলি চোৱা। এই সকলো তুমি নিজৰ চকুৰে প্রত্যক্ষ কৰিবা। কিন্তু তুমি যৰ্দ্দন নদী অতিক্রম নকৰিবা।
28. তাৰ পৰিবর্তে, তুমি যিহোচুৱাক নির্দেশ দিবা। তুমি অৱশ্যেই তেওঁক উৎসাহিত আৰু সবল কৰিবা। কিয়নো তেৱেঁই এই লোকসকলক নেতৃত্ব দি আগে আগে গৈ পাৰ কৰি নিব। তুমি কেৱল দেশখন দেখাহে পাবা, কিন্তু যিহোচূৱাই তেওঁলোকক সেই দেশ অধিকাৰ কৰাব।”
29. সেয়ে আমি বৈৎ-পিয়োৰৰ বিপৰীত ফালৰ উপত্যকাত থাকি গ’লো।

দ্বিতীয় বিবরণ 4:1-49
1. এতিয়া, হে ইস্ৰায়েলীয়াসকল শুনক! আপোনালোক যেন জীয়াই থাকে আৰু আপোনালোকৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাই আপোনালোকক দিয়া দেশত প্রৱেশ কৰি আপোনালোকে যেন তাক অধিকাৰ কৰিব পাৰে, সেয়ে মই আপোনালোকক যি বিধান আৰু অনুশাসনবোৰৰ বিষয়ে শিকাব বিচাৰিছোঁ, সেইবোৰ মানি চলিব।
2. মই আপোনালোকক যি আজ্ঞা দিছো তাৰ লগত একো যোগ নিদিব আৰু তাৰ পৰা একো বাদ নিদিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি সকলো আজ্ঞা মই আপোনালোকক দিছো, সেইবোৰ আপোনালোকে মানি চলিব।
3. আপোনালোকেতো বাল-পিয়োৰৰ কাৰণে যিহোৱাই কি কি কৰিছিল, তাক নিজ চকুৰেই দেখিলে; আপোনালোকৰ মাজৰ যিমান লোকে বাল-পিয়োৰক অনুসৰণ কৰিছিল, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোক সকলোকে আপোনালোকৰ মাজৰ পৰা উচ্ছন্ন কৰিলে।
4. কিন্তু আপোনালোক যিসকলে আপোনালোকৰ ঈশ্বৰ যিহোৱাক খামুচি ধৰি আছিল, আপোনালোক সকলো এতিয়াও জীয়াই আছে।
5. শুনক, মই মোৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা মানি আপোনালোকক বিধান আৰু অনুশাসনবোৰৰ বিষয়ে শিকাইছোঁ; যি দেশ অধিকাৰ কৰিবৰ কাৰণে আপোনালোকে প্রৱেশ কৰিবলৈ গৈ আছে, সেই দেশত যেন এইবোৰ মানি চলিব পাৰে।
6. আপোনালোকে সেইবোৰ পালন কৰি সেই মতে কাৰ্য কৰিব; কিয়নো এইসকলো পালন কৰাৰ যোগেদি আন আন জাতিৰ লোকসকলৰ দৃষ্টিত আপোনালোকৰ জ্ঞান আৰু বুদ্ধি প্রকাশ পাব। তেওঁলোকে এই সকলো বিধানৰ বিষয়ে শুনি ক’ব, “সঁচাকৈয়ে এই মহাজাতিৰ লোকসকল জ্ঞানী আৰু বুদ্ধিমান।”
7. চাওঁক, যেনেকৈ আমাৰ ঈশ্বৰ যিহোৱাক আমি মাতিলেই আমাৰ কাষত পাওঁ, তেনেকৈ এনে কোন মহাজাতি আছে যি সকলৰ এজন দেৱতা তেওঁলোকৰ অতি ওচৰত থাকে?
8. মই আজি আপোনালোকৰ আগত যি সকলো বিধান শিকাইছোঁ, তেনেকুৱা ধর্মময় বিধান আৰু অনুশাসন আন কোন মহাজাতিৰ আছে?
9. যিমান দিনলৈকে আপোনালোক জীয়াই থাকিব, সিমান দিনলৈকে আপোনালোকে নিজৰ বিষয়ে সতর্কতাৰে চলি আপোনালোকৰ আত্মাক যত্নেৰে সুৰক্ষা দিব; আপোনালোকে নিজ চকুৰে যি যি দেখিলে, সেইবোৰ যেন পাহৰি নাযায় আৰু আপোনাৰ হৃদয়ৰ পৰা যেন সেইবোৰ লুপ্ত নহয়। অৱশ্যেই আপোনালোকে আপোনালোকৰ সন্তান-সন্ততি আৰু আপোনালোকৰ নাতি-নাতিনীসকলক এই সকলোবোৰৰ বিষয়ে শিকাব।
10. যি দিনা হোৰেব পর্বতত আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হৈছিল, সেই দিনটোৰ কথা আপোনালোকে মনত ৰাখিব। সেই দিনা যিহোৱাই মোক কৈছিল, “তুমি লোকসকলক মোৰ ওচৰত একগোট কৰা। মই তেওঁলোকক মোৰ কথা শুনিবলৈ দিম যাতে তেওঁলোকে এই পৃথিৱীত থাকোঁতে জীৱনৰ সকলো কালত মোকেই ভয় কৰি চলিব আৰু তেওঁলোকৰ সন্তান সকলকো মোৰ আজ্ঞাৰ বিষয়ে শিক্ষা দিব পাৰে।”
11. সেয়ে আপোনালোকে ওচৰ চাপি আহি সেই পৰ্বতটোৰ তলত থিয় হৈছিল। তেতিয়া পৰ্বতটোত জুই জ্বলিছিল আৰু সেই জুই আকাশ পর্যন্ত প্রসাৰিত হৈছিল; ক’লা ঘন মেঘ আৰু ঘোৰ অন্ধকাৰে পর্বতটো জুৰি পেলাইছিল।
12. সেই সময়তে যিহোৱাই জুইৰ মাজৰ পৰা আপোনালোকক কথা কৈছিল; আপোনালোকে যিহোৱাৰ মাত শুনিছিল; কিন্তু আপোনালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিল, কেৱল এক মাতৰ শব্দহে শুনিছিল।
13. তেওঁ আপোনালোকৰ ওচৰত নিজৰ নিয়ম অর্থাৎ দহ আজ্ঞা ঘোষণা কৰিছিল আৰু সেই দহ আজ্ঞা আপোনালোকক পালন কৰিবলৈ নির্দেশ দিছিল। তেওঁ সেই আজ্ঞাবোৰ দুখন শিলৰ ফলিত লিখিছিল।
14. সেই সময়ত যিহোৱাই আপোনালোকক বিধি আৰু নিয়মবোৰ শিকাবলৈ মোক আদেশ দিলে যাতে আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈ আছে, সেই ঠাইত সেইবোৰ মানি চলিব পাৰে।
15. যি দিনা হোৰেব পর্বতত যিহোৱাই জুইৰ মাজৰ পৰা আপোনালোকক কথা কৈছিল, তেতিয়া আপোনালোকে তেওঁৰ কোনো আকাৰ দেখা পোৱা নাছিল; সেয়ে আপোনালোক নিজে অতি সাৱধান হওঁক।
16. সাৱধান হওঁক! আপোনালোক নিজে ভ্ৰষ্ট নহ’ব; কোনো প্রাণীৰ আকৃতিৰে খোদিত কৰা কটা প্রতিমা বা পুৰুষ কি স্ত্রীৰ আকাৰ নির্মাণ কৰি,
17. পৃথিবীত থকা কোনো পশুৰ আকৃতিৰে বা আকাশত উড়ি ফুৰা ডেউকা লগা চৰাইৰ আকৃতিৰে
18. নাইবা কোনো সৰীসৃপ জীৱ বা ভূমিৰ তলৰ পানীত থকা কোনো মাছৰ আকৃতি নির্মাণ কৰি ভ্রষ্ট নহ’ব।
19. আকাশৰ ফালে যেতিয়া আপোনালোকে চকু তুলি চায় আৰু সূৰ্য, চন্দ্ৰ, তৰা আদি কৰি আকাশৰ বাহিনীবোৰ দেখে, তেতিয়া আপোনালোক সাৱধান হ’ব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আকাশৰ তলত থকা সকলো জাতিকে দিয়া এই সকলোবোৰ বস্তুলৈ আকৰ্ষিত হৈ সেইবোৰক সেৱা আৰু ভক্তি-পূজা কৰাৰ পৰাও সাৱধান হ’ব।
20. যিহোৱাই লোহা গলোৱা অগ্নিশালৰ দৰে সেই মিচৰ দেশৰ পৰা আপোনালোকক তেওঁৰ নিজৰ উত্তৰাধিকাৰৰ লোক কৰি উলিয়াই আনিলে। যেনেকৈ আজি আপোনালোক আছে।
21. তাৰ উপৰি আপোনালোকৰ কাৰণে যিহোৱা মোৰ ওপৰত ক্ষুদ্ধ হৈছিল আৰু তেওঁ প্রতিজ্ঞা কৰি কৈছিল যে মোক যৰ্দ্দন নদী অতিক্রম কৰি যাব নিদিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ অধিকাৰ কৰিবলৈ দিছে, মই সেই উত্তম দেশত প্রৱেশ কৰিব নোৱাৰিম।
22. মই এই ঠাইতেই মৰিম; মই যৰ্দ্দন নদী পাৰ হৈ যাব নোৱাৰিম; কিন্তু আপোনালোকে নদী পাৰ হৈ গৈ সেই উত্তম দেশ অধিকাৰ কৰিব।
23. এই কাৰণে আপোনালোকে মনোযোগেৰে নিজৰ কাৰণে সর্তক হৈ থাকক, প্রভু ঈশ্বৰ যিহোৱাই আপোনালোকৰ লগত যি নিয়মৰ চুক্তি কৰিছিল তাক নাপাহৰে আৰু ঈশ্বৰ যিহোৱাই আপোনালোকক নিষেধ কৰা কোনো বস্তুৰ আকৃতিৰে কটা প্ৰতিমা যেন নাসাজে।
24. কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱা গ্ৰাস কৰোঁতা অগ্নিস্বৰূপ আৰু নিজৰ মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ।
25. যি সকল আপুনি জন্ম দিয়া শিশু আৰু পো-নাতি হ’ব আপুনিও সেই ঠাইত বহু কাল বাস কৰাৰ পাছত, যদি আপোনালোকে ভ্ৰষ্ট হৈ কোনো বস্তুৰ আকৃতিৰে কটা প্ৰতিমা সাজি তেওঁৰ দৃষ্টিত যি বেয়া তাকে কৰি ঈশ্বৰ যিহোৱাক উত্তেজিত কৰি ক্রোধ জন্মায়।
26. মই আজি আপোনালোকৰ বিৰুদ্ধে আকাশ আৰু পৃথিবীক সাক্ষী কৰি কৈছোঁ, আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ যৰ্দ্দন নদী পাৰ হৈ যাব; সেই দেশত আপোনালোকৰ বৃদ্ধি নহব শীঘ্ৰেই বিনষ্ট হ’ব; আৰু সম্পুর্ণভাৱে সকলো ধ্বংস হ’ব।
27. যিহোৱাই আপোনালোকক মানুহৰ মাজত সিচঁৰিত কৰিব আৰু যিহোৱাই যি ঠাইলৈ আপোনালোকক লৈ যাব, তাত ক’ম সংখ্যক লোকহে জাতিবোৰৰ মাজত থাকিব।
28. সেই ঠাইত আপোনালোকে, মানুহৰ হাতেৰে নির্মাণ কৰা কাঠ আৰু শিলৰ দেৱ-মুৰ্ত্তিবোৰ যিবোৰে নেদেখে, যিবোৰে নুশুনে, যিবোৰে খাব নোৱাৰে আৰু গোন্ধও ল’ব নোৱাৰে এনে কাঠ আৰু শিলক সেৱা পুজা কৰিব।
29. কিন্তু সেই ঠাইত থাকি যদি আপোনালোকে নিজ ঈশ্বৰ যিহোৱাক বিচাৰে, তেন্তে, আপোনালোকে তেওঁক পাব। আপোনালোকে যদি নিজৰ সমস্ত হৃদয়ৰে আৰু আত্মাৰে বিচাৰে তেহে তেওঁক পাব।
30. যেতিয়া আপুনি সঙ্কতত পৰিব, আৰু এই সকলো ঘটনা আপোনালৈ ঘটিব, তেতিয়া সেই ভৱিষ্যত কালত আপুনি নিজ ঈশ্বৰ যিহোৱালৈ উলটিব; আৰু তেওঁৰ কন্ঠস্বৰ শুনিবলৈ পাব।
31. কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা দয়ালু ঈশ্বৰ; তেওঁ আপোনাক হতাশ নকৰে আৰু ধ্বংসও নকৰে, আৰু আপোনালোকৰ পিতৃসকলৰ লগত যি প্ৰতিজ্ঞা কৰি শপত খাইছিল তাক তেওঁ নাপাহৰে।
32. এই কাৰণে পূর্বে হৈ যোৱা দিনৰ বিষয়ে এতিয়া চাওঁক, আপোনাৰ আগত যে আছিল; আগতে যিদিনা, ঈশ্বৰে পৃথিৱীত মানুহ সৃষ্টি কৰিলে আৰু আকাশৰ আৰম্ভণিৰ পৰা অন্তলৈকে সোধক, যদি কোনোবাই এনে মহৎ কাৰ্য জানো কেতিয়াবা কৰিব পাৰিছে, অথবা মহৎ কাৰ্যৰ কথা শুনিবলৈ পাইছে?
33. আপোনালোকৰ মাজৰ কোনোলোক অগ্নিকুণ্ডৰ মাজৰ পৰা, ঈশ্বৰ যিহোৱাৰ কন্ঠস্বৰ শুনি কোনো জাতি জীয়াই থকা আপুনি শুনিছে নে?
34. ঈশ্বৰ যিহোৱাই কেতিয়াবা এখন দেশৰ পৰা আন এখন দেশলৈ তেওঁক লৈ যাবলৈ চেষ্ঠা কৰিছে নে, তেওঁ তেওঁৰ বিচাৰ, চিন আৰু আচৰিত কার্য, যুদ্ধ আৰু ক্ষমতাশালী হাত, আৰু তেওঁৰ মহান শক্তি প্রর্দশন কৰি আৰু ভয়ানক কাৰ্যৰ দ্বাৰাই মিচৰত যিহোৱাই আপোনাৰ সন্মুখত এই সকলো কার্য কৰা নাছিল নে?
35. যিহোৱা যে ঈশ্বৰ, তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই ইয়াক জানিবৰ কাৰণে এই সকলো আপোনাকহে দেখুউৱা হ’ল।
36. তেওঁ আপোনাক শিক্ষা দিবৰ কাৰণে স্বৰ্গৰ পৰা নিজৰ বাণী শুনালে। পৃথিবীত নিজৰ অনন্ত অগ্নিশিখা আপোনাক দেখুৱালে; আৰু অগ্নিশিখাৰ মাজৰ পৰা তেওঁৰ কন্ঠস্বৰ শুনিবলৈ পালে।
37. কাৰণ তেওঁ আপোনাৰ পূর্বপুৰুষসকলক প্ৰেম কৰিছিল, এই কাৰণে আপোনাৰ অর্থাৎ তেওঁলোকৰ পাছত ভাৱি-পূৰুষসকলক মনোনিত কৰিছিল। এই কাৰণে আপোনালোকক তেওঁ আপোনালোকৰ লগত থাকি মহাপৰাক্রমেৰে মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিলে;
38. আপোনাতকৈ বৃহত আৰু ক্ষমতাশালী জাতীবোৰৰ মাজৰপৰা আপোনাক উলিয়াই তেওঁৰ দেশলৈ আনিলে, তেওঁলোকৰ দেশ আধিপত্য স্বৰূপে দিবলৈ; যিবোৰ হ’ল ঠিক আজিও তেনে হবলৈ ধৰিছে।
39. এই হেতুকে, আপোনালোকে অৱশ্যেই জ্ঞাত হওঁক, ওপৰত থকা স্বৰ্গত আৰু তলত থকা পৃথিবীত যিহোৱা যে ঈশ্বৰ; তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।
40. সেয়ে আজি মই আপোনালোকক যি বিধি আৰু আজ্ঞাবোৰৰ আদেশ দিলোঁ, সেইবোৰ আপোনালোকে অৱশ্যেই মানি চলিব। আপোনাৰ আৰু ভাবীসন্তান সকলৰ যেন মঙ্গল হয়, ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক চিৰকালৰ কাৰণে দিছে, তাত যেন আপোনালোক দীর্ঘাযু হয়।
41. ইয়াৰ পাছত মোচিয়ে যৰ্দ্দন নদীৰ পূব ফালে তিনখন নগৰ বাচি বেলেগ কৰি ৰাখিলে।
42. সেয়ে যদি কোনো ব্যক্তিয়ে দুর্ঘটনাক্রমে, আগৰ কোনো শত্রুতা নথকাতো আন এজনক বধ কৰে, আৰু তেওঁ পলাই গৈ সেই তিনিখন নগৰৰ মাজৰ এখনত সোমাই বাচি থাকিব।
43. সেই নগৰ কেইখন আছিল: অৰণ্যৰ সমথল ভূমিত থকা ৰূবেণীয়াসকলৰ কাৰণে বেচৰ; আৰু গাদীয়াসকলৰ বাবে গিলিয়দত থকা ৰমোৎ, মনচিয়াসকলৰ বাবে বাচানত থকা গোলন।
44. এইবোৰ বিধি-ব্যৱস্থা ইস্ৰায়েলৰ সন্তান সকলৰ সন্মূখত মোচিয়ে স্থাপন কৰিছিল।
45. এইবোৰ চুক্তি কৰি শিক্ষা, বিধি-বিধান মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক মিচৰৰ পৰা উলিয়াই অনা সময়ত দিছিল।
46. যেতিয়া তেওঁলোক যৰ্দ্দনৰ পূবফালে অর্থাৎ বৈৎ-পিয়োৰৰ বিপৰীতৰ উপত্যকাত, চিহোন দেশত বস-বাসকৰা ইমোৰীয়াসকলৰ ৰজা, যি জন হিচবোন-নিবাসি আছিল। মিচৰ দেশৰ পৰা ওলাই অহা সময়ত ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক পৰাজিত কৰিছিল।
47. তেওঁলোকে চীহোন অধিকাৰ কৰি ল’লে আৰু ইয়াৰ বাহিৰেও বাচানৰ ৰজা ওগৰ দেশ অধিকাৰ কৰি লৈছিল। ইমোৰীয়াসকলৰ এই ৰজা দুজন যৰ্দ্দন নদীৰ পূবদিশত বাস কৰিছিল।
48. এই অঞ্চলটো অৰ্ণোনৰ পৰা আৰম্ভ, উপত্যকাৰ দাঁতিত থকা অৰোয়েৰৰ পৰা চীয়োন অৰ্থাৎ হৰ্মোণ পৰ্ব্বতলৈকে বিস্তাৰিত হৈ আছে;
49. এই পর্বতলৈকে থকা সকলো দেশ আৰু পিচগাৰ চাৱলীয়া ঠাইবোৰৰ তলত থকা যৰ্দ্দন নদীৰ পূবফালৰ সমগ্র যর্দন উপত্যকা এই দেশৰ অন্তর্ভুক্ত আছিল।

সামসঙ্গীত 36:7-12
7. হে ঈশ্বৰ, তোমাৰ গভীৰ প্রেম কেনে বহুমূল্য! সকলো মনুষ্যই যেন তোমাৰ ডেউকাৰ ছাঁয়াত আশ্রয় লয়।
8. তেওঁলোকে যেন তোমাৰ গৃহৰ প্রচুৰ আহাৰ খাই তৃপ্ত হয়; তুমি তোমাৰ আনন্দ-নদীৰ পানী তেওঁলোকক পিবলৈ দিয়া।
9. কিয়নো তোমাৰ লগত জীৱনৰ ভুমুক আছে; তোমাৰ দীপ্তিতে আমি পোহৰ দেখো।
10. যি সকলে তোমাক জানে, তেওঁলোকৰ প্রতি যেন তোমাৰ প্রেম সদায় থাকে, যি সকলৰ হৃদয় সৎ তেওঁলোকে যেন তোমাৰ পৰিত্রাণ পায়।
11. মোক অহঙ্কাৰীবোৰৰ ভৰিৰ তলত নেপেলাবা; দুষ্ট সকলৰ হাতে যেন মোক দূৰলৈ খেদি পঠাব নোৱাৰে।
12. যি সকলে দুষ্ট কার্য কৰি ফুৰে, চোৱা তেওঁলোক পতিত হ’ল; উঠিব নোৱাৰাকৈ তেওঁলোকক পেলোৱা হ’ল।

প্রবচন 12:7-7
7. দুষ্টলোকক বিনষ্ট কৰা হয় আৰু তেওঁলোক নাইকিয়া হয়; কিন্তু যিসকল লোকে সত্যতাত চলে, তেওঁলোকৰ ঘৰ থিৰে থাকে।

লূক 1:1-20
1. আমাৰ মাজত যিবোৰ ঘটনা ঘটিল, সেইবোৰ ঘটনাৰ বিৱৰণ লিপিবদ্ধ কৰিবলৈ অনেক ব্যক্তিয়ে চেষ্টা কৰিছে।
2. আদিৰে পৰা যি সকলে নিজৰ চকুৰে দেখিছিল আৰু যি সকল দাসে বাক্য ঘোষণা কৰিছিল, তেওঁলোকেই আমাক এইবোৰ জনালে।
3. এই হেতুকে, হে মহামহিম থিয়ফিল, এই সম্বন্ধে মই প্রথমৰে পৰা ভালদৰে অনুসন্ধান কৰিলোঁ আৰু সেয়ে আপোনালৈ একাদিক্রমে লিখা উচিত হব যেন দেখিলোঁ।
4. মই ইচ্ছা কৰোঁ, আপুনিও যেন এই বিষয়বোৰৰ শিক্ষা পায়, আৰু সেইবোৰৰ সত্যতা জানিব পাৰে।
5. যিহুদীয়াৰ ৰজা হেৰোদৰ দিনত পুৰোহিত অবিয়ৰ দলত জখৰিয়া নামেৰে এজন পুৰোহিত আছিল; জখৰিয়াৰ ভার্যা এলীচাবেৎ হাৰোণৰ বংশৰ আছিল।
6. এওঁলোক দুয়ো ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক, পবিত্ৰ আছিল। প্ৰভুৰ সকলো আজ্ঞা আৰু বিধানত উভয়ে নিখুঁত ৰূপে জীৱন-যাপন কৰিছিল।
7. কিন্তু এলীচাবেৎ বন্ধ্যা হোৱা কাৰণে, তেওঁলোকৰ কোনো সন্তান নাছিল। তেওঁলোক দুয়ো বয়সতো অতি বৃদ্ধ আছিল।
8. এদিন নিজৰ দলৰ পাল ক্রমে পুৰোহিতৰ দায়িত্ব পোৱাত, জখৰিয়াই পুৰোহিত হিচাপে ঈশ্বৰৰ সন্মুখত কার্য কৰি আছিল;
9. কিয়নো পুৰোহিত সকলৰ কার্য-প্রণালী অনুযায়ী প্ৰভুৰ মন্দিৰত সোমাই ধূপ জ্বলাবলৈ তেওঁৰ ওপৰত পাল পৰিল।
10. ধূপ জ্বলোৱাৰ সময়ত তাত গোট খোৱা সকলো লোকে বাহিৰত প্ৰাৰ্থনা কৰি আছিল।
11. এনে সময়তে প্ৰভুৰ এজন দূত আহি জখৰিয়াৰ সন্মুখত উপস্থিত হৈ ধূপ বেদিৰ সোঁফালে থিয় হ’ল।
12. স্বর্গৰ দূতক দেখি জখৰিয়া চমকি উঠিল আৰু তেওঁৰ ভয় লাগিল।
13. কিন্তু সেই দূতে তেওঁক ক’লে, “হে জখৰিয়া, ভয় নকৰিবা; কিয়নো তোমাৰ প্ৰার্থনা শুনা গল, আৰু তোমাৰ ভার্যা এলীচাবেতে এজন পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যোহন থবা।”
14. তেওঁৰ কাৰণে তোমাৰ আনন্দ আৰু উল্লাস হব, আৰু তেওঁৰ জন্মত অনেকে আনন্দ কৰিব।
15. কিয়নো প্ৰভুৰ দৃষ্টিত তেওঁ মহান হব; তেওঁ দ্ৰাক্ষাৰস বা সুৰা পান নকৰিব; আৰু ওপজাৰে পৰা পবিত্ৰ আত্মাৰে পূর্ণ হব।
16. ইস্ৰায়েলৰ সন্তান সকলৰ অনেকক তেওঁ তেওঁলোকৰ প্রভু ঈশ্বৰলৈ ঘূৰাব।
17. তেওঁ এলিয়াৰ আত্মা আৰু শক্তিৰে সৈতে প্ৰভুৰ আগে আগে যাব। তেওঁ পিতৃ সকলৰ মন তেওঁলোকৰ সন্তানলৈ ঘূৰাব আৰু অবাধ্য সকলক ধাৰ্মিকতাৰ জ্ঞানলৈ ঘূৰাব। এইদৰে তেওঁ প্রভুৰ কাৰণে যুগুতোৱা লোক সকলক প্রস্তুত কৰিব।
18. তেতিয়া জখৰিয়াই সেই দূতক ক’লে, “ইয়াক মই কেনেকৈ জানিম? কিয়নো মই বৃদ্ধ হৈছোঁ আৰু মোৰ ভার্য্যাও অতি বৃদ্ধা হৈছে।”
19. তাতে দূতে উত্তৰ দি ক’লে, “মই গাব্রিয়েল; ঈশ্বৰৰ সাক্ষাতে মই থিয় হৈ থাকোঁ; তোমাৰ সৈতে কথা হবলৈ আৰু তোমাৰ আগত এই শুভবাৰ্তা ঘোষণা কৰিবৰ বাবে মোক পঠোৱা হ’ল।
20. চোৱা, এইবোৰ ঘটনা নঘটা পর্যন্ত তুমি বোবা হৈ থাকিবা; কোনো কথা কব নোৱাৰিবা; কাৰণ তুমি মোৰ কথা বিশ্বাস নকৰিলা। কিন্তু এই সকলো কথা নিৰূপিত সময়ত পূর্ণ হব।”