A A A A A

গণনা পুস্তক 33:1-56
1. ইস্ৰায়েলৰ সন্তান সকলে মোচি আৰু হাৰোণৰ অধীনত নিজ সৈন্যদল অনুসাৰে মিচৰ দেশৰ পৰা ওলাই আহোঁতে, তেওঁলোকে যি যি যাত্ৰা কৰিছিল, সেই সকলো যাত্ৰাৰ বিৱৰণ এই।
2. মোচিয়ে যিহোৱাৰ আজ্ঞামতেই তেওঁলোকৰ সকলো যাত্ৰা অনুসাৰে তেওঁলোকে থাকি ৰাওনা হোৱা ঠাইৰ তালিকা লিখিলে। তেওঁলোকে থাকি ৰাওনা হোৱা ঠাই অনুসাৰে তেওঁলোকৰ এই এই যাত্ৰা।
3. প্ৰথম মাহত, প্ৰথম মাহৰ পঞ্চদশ দিনা ইস্ৰায়েলৰ সন্তান সকলে ৰামিচেচৰ পৰা যাত্ৰা কৰি নিস্তাৰ-পৰ্ব্বৰ পাছদিনা আটাই মিচৰীয়া লোকৰ সাক্ষাতে যিহোৱাৰ পৰাক্ৰমী বাহুৰে ওলাই গ’ল।
4. তেতিয়া মিচৰীয়াসকলে, যিহোৱাই তেওঁলোকৰ মাজত বধ কৰা তেওঁলোকৰ প্ৰথমে ওপজাবোৰৰ মৰা শৱ পুতি আছিল, আৰু যিহোৱাই তেওঁলোকৰ দেৱতাবোৰকো দণ্ড দিছিল।
5. ৰামিচেচৰ পৰা যাত্ৰা কৰি, ইস্ৰায়েলৰ সন্তান সকলে চুক্কোতত ছাউনি পাতিলে।
6. আৰু চুক্কোতৰ পৰা যাত্ৰা কৰি, মৰুভূমিৰ দাঁতিত থকা এথমত ছাউনি পাতিলে।
7. আৰু এথমৰ পৰা যাত্ৰা কৰি, বাল-চফোনৰ আগত থকা পী-হহীৰোতলৈ ঘূৰি আহি মিগদোলৰ সন্মুখত ছাউনি পাতিলে।
8. তেতিয়া পী-হহীৰোতৰ সন্মুখৰ পৰা যাত্ৰা কৰি, সমুদ্ৰৰ মাজেদি গৈ মৰুভূমিত সোমাল আৰু এথন অৰণ্যত তিন দিনৰ বাট যাত্ৰা কৰি, মাৰাত ছাউনি পাতিলে।
9. আৰু মাৰাৰ পৰা যাত্ৰা কৰি, এলীম পালে; এলীমত বাৰটা জলৰ ভূমূক আৰু ষাঠী জোপা খাজুৰ গছ আছিল; তেওঁলোকে সেই ঠাইত ছাউনি পাতিলে।
10. পাছত এলীমৰ পৰা যাত্ৰা কৰি, চূফ সাগৰৰ ওচৰত ছাউনি পাতিলে।
11. আৰু চূফ সাগৰৰ পৰা যাত্ৰা কৰি, চীন অৰণ্যত ছাউনি পাতিলে।
12. পাছত চীন মৰুভূমিৰ পৰা যাত্ৰা কৰি দফকাত ছাউনি পাতিলে।
13. আৰু দফকাৰ পৰা যাত্ৰা কৰি, আলূচত ছাউনি পাতিলে।
14. আৰু আলূচৰ পৰা যাত্ৰা কৰি, ৰফীদীমত ছাউনি পাতিলে; সেই ঠাইত লোকসকলৰ খাবলৈ পানী নাছিল।
15. পাছত তেওঁলোকে ৰফীদীমৰ পৰা যাত্ৰা কৰি, চীনয় মৰুভূমিত ছাউনি পাতিলে।
16. আৰু চীনয় মৰুভূমিৰ পৰা যাত্ৰা কৰি, কিব্ৰোৎ-হত্তাবাত ছাউনি পাতিলে।
17. আৰু কিব্ৰোৎ-হত্তাবাৰ পৰা যাত্ৰা কৰি, হচেৰোতত ছাউনি পাতিলে।
18. আৰু হচেৰোতৰ পৰা যাত্ৰা কৰি, ৰিৎমাত ছাউনি পাতিলে।
19. আৰু ৰিৎমাৰ পৰা যাত্ৰা কৰি, ৰিম্মোন-পেৰচত ছাউনি পাতিলে।
20. আৰু ৰিম্মোন-পেৰচৰ পৰা যাত্ৰা কৰি, লিবনাত ছাউনি পাতিলে।
21. আৰু লিবনাৰ পৰা যাত্ৰা কৰি, ৰিচ্ছাত ছাউনি পাতিলে।
22. আৰু ৰিচ্ছাৰ পৰা যাত্ৰা কৰি, কহেলাথাত ছাউনি পাতিলে।
23. আৰু কহেলাথাৰ পৰা যাত্ৰা কৰি, চেফৰ পৰ্ব্বতত ছাউনি পাতিলে।
24. পাছত তেওঁলোকে চেফৰ পৰ্ব্বতৰ পৰা যাত্ৰা কৰি, হৰাদাত ছাউনি পাতিলে।
25. আৰু হৰাদাৰ পৰা যাত্ৰা কৰি, মখেলোতত ছাউনি পাতিলে।
26. আৰু মখেলোতৰ পৰা যাত্ৰা কৰি, তহতত ছাউনি পাতিলে।
27. আৰু তহতৰ পৰা যাত্ৰা কৰি, তেৰহত ছাউনি পাতিলে।
28. আৰু তেৰহৰ পৰা যাত্ৰা কৰি, মিৎকাত ছাউনি পাতিলে।
29. আৰু মিৎকাৰ পৰা যাত্ৰা কৰি, হচমোনাত ছাউনি পাতিলে।
30. আৰু হচমোনাৰ পৰা যাত্ৰা কৰি, মোচেৰোতত ছাউনি পাতিলে।
31. আৰু মোচেৰোতৰ পৰা যাত্ৰা কৰি, বনেই-যাকনত ছাউনি পাতিলে।
32. আৰু বনেই-যাকনৰ পৰা যাত্ৰা কৰি, হোৰহগ্গিদগদত ছাউনি পাতিলে।
33. আৰু হোৰহগ্গিদগদৰ পৰা যাত্ৰা কৰি, যটবাথাত ছাউনি পাতিলে।
34. আৰু যটবাথাৰ পৰা যাত্ৰা কৰি, অব্ৰোণাত ছাউনি পাতিলে।
35. আৰু অব্ৰোণাৰ পৰা যাত্ৰা কৰি, ইচিয়োন-গেবৰত ছাউনি পাতিলে।
36. আৰু ইচিয়োন-গেবৰৰ পৰা যাত্ৰা কৰি, ছিন মৰুভূমিত থকা কাদেচত ছাউনি পাতিলে।
37. আৰু কাদেচৰ পৰা যাত্ৰা কৰি, ইদোম দেশৰ কাষত থকা হোৰ পৰ্ব্বতত ছাউনি পাতিলে।
38. এই সময়ত হাৰোণ পুৰোহিত যিহোৱাৰ আজ্ঞা অনুসাৰে হোৰ পৰ্ব্বতত উঠি, মিচৰৰ পৰা ইস্ৰায়েলৰ সন্তান সকল ওলাই অহাৰ চল্লিশ বছৰৰ পঞ্চম মাহৰ প্ৰথম দিনা সেই ঠাইতে মৰিল।
39. হোৰ পৰ্ব্বতত হাৰোণ মৰা সময়ত, তেওঁৰ এশ তেইশ বছৰ বয়স হৈছিল।
40. আৰু কনানৰ দক্ষিণ মৰুভূমিত থকা অৰাদৰ কনানীয়া ৰজাই ইস্ৰায়েলৰ সন্তান সকল অহা সম্বাদ পালে।
41. পাছত তেওঁলোকে হোৰ পৰ্ব্বতৰ পৰা যাত্ৰা কৰি, চল্মোনাত ছাউনি পাতিলে।
42. আৰু চল্মোনাৰ পৰা যাত্ৰা কৰি, পুনোনত ছাউনি পাতিলে।
43. আৰু পুনোনৰ পৰা যাত্ৰা কৰি, এবোতত ছাউনি পাতিলে।
44. আৰু এবোতৰ পৰা যাত্ৰা কৰি, মোৱাবৰ সীমাৰ ওচৰত থকা ইয়ে-অবাৰীমত ছাউনি পাতিলে।
45. আৰু ইয়ীমৰ পৰা যাত্ৰা কৰি, দীবোন-গাদত ছাউনি পাতিলে।
46. আৰু দীবোন-গাদৰ পৰা যাত্ৰা কৰি, অল্মোনদিব্লাথয়িমত ছাউনি পাতিলে।
47. আৰু অল্মোনদিব্লাথয়িমৰ পৰা যাত্ৰা কৰি, নবোৰ সন্মুখত থকা অবাৰীম পৰ্ব্বতৰ মাজত ছাউনি পাতিলে।
48. আৰু অবাৰীম পৰ্ব্বতবোৰৰ পৰা যাত্ৰা কৰি, যিৰীহোৰ সন্মুখত থকা যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত ছাউনি পাতিলে।
49. আৰু তেওঁলোকে যৰ্দ্দনৰ ওচৰত বৈৎ-যিচীমোতৰ পৰা আবেল-চিটীমলৈকে মোৱাবৰ সমথলত ছাউনি পাতিলে।
50. তেতিয়া যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত যিহোৱাই মোচিক ক’লে,
51. “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘তোমালোকে যেতিয়া যৰ্দ্দন পাৰহৈ কনান দেশত সোমাবা,
52. তেতিয়া তোমালোকৰ আগৰ পৰা সেই দেশ নিবাসী সকলো লোকক দূৰ কৰিবা। আৰু তেওঁলোকৰ সকলো নক্সা কটা শিলবোৰ আৰু আটাই সাঁচত ঢলা প্ৰতিমাবোৰ নষ্ট কৰিবা আৰু তেওঁলোকৰ আটাই ওখ ঠাইবোৰ উচ্ছন্ন কৰিবা।
53. আৰু তোমালোকে সেই দেশ অধিকাৰ কৰি, তাৰ মাজত বাস কৰিবা; কিয়নো মই উত্তৰাধিকাৰৰ অৰ্থে সেই দেশ তোমালোকক দিলোঁ।
54. আৰু তোমালোকে চিঠি-খেলেৰে নিজ নিজ গোষ্ঠী অনুসাৰে দেশ অধিকাৰ কৰি ল’বা; অধিকক অধিক উত্তৰাধীকাৰ আৰু তাকৰক কম উত্তৰাধীকাৰ দিবা; আৰু যাৰ ভাগ যি ঠাইত পৰে, তাৰ ভাগ সেই ঠাইতে হ’ব; তোমালোকে নিজ নিজ পিতৃ-বংশ অনুসাৰে তাক অধিকাৰ কৰি ল’বা।
55. কিন্তু তোমালোকে যদি তোমালোকৰ আগৰ পৰা সেই দেশ নিবাসীসকলক দূৰ নকৰা, তেন্তে তোমালোকে যিসকলক অৱশিষ্ট ৰাখিবা, তেওঁলোকেই তোমালোকৰ চকুত কাঁইট আৰু তোমালোকৰ গাৰ কাষত হুলস্বৰূপ হ’ব আৰু তোমালোকে নিবাস কৰা সেই দেশত তেওঁলোকে তোমালোকক ক্লেশ দিব।
56. আৰু মই তেওঁলোকলৈ যি কৰিবৰ মন কৰিছোঁ, তাক তোমালোকলৈ কৰিম’।”

গণনা পুস্তক 34:1-29
1. পাছত যিহোৱাই মোচিক ক’লে,
2. “তুমি ইস্ৰায়েলৰ সন্তান সকলক এই আজ্ঞা দিয়া, তেওঁলোকক এই কথা কোৱা, ‘যেতিয়া তোমালোক কনান দেশত সোমাবা, তোমালোকে অধিকাৰৰ অৰ্থে পাব লগা দেশ এই, চাৰিসীমা অনুসাৰে এয়ে কনান দেশ,
3. তেতিয়া ইদোমৰ কাষত থকা ছিন মৰুভূমিৰ পৰা তোমালোকৰ দক্ষিণ অঞ্চল হ’ব; তোমালোকৰ দক্ষিণ সীমা লৱণ-সমুদ্ৰৰ অন্তৰ পৰা পূৱফালে হ’ব।
4. আৰু তোমালোকৰ সীমা পৰ্ব্বত পাৰ হৈ যোৱা অক্ৰব্বীম নামেৰে ঠাইৰ দক্ষিণে ঘূৰি ছিনলৈকে যাব আৰু কাদেচ-বৰ্ণেয়াৰ দক্ষিণফালে ওলাব আৰু হচৰ-অদ্দৰ ওলাই অচমোনলৈকে যাব।
5. পাছত এই সীমা অচমোনৰ পৰা মিচৰ জুৰিলৈ ঘূৰি আহিব আৰু সমুদ্ৰত এই সীমা শেষ হ’ব।
6. আৰু তোমালোকৰ পশ্চিম সীমা হ’লে, মহাসাগৰ আৰু তাৰ অঞ্চল; এয়ে তোমালোকৰ পশ্চিম সীমা হ’ব।
7. আৰু তোমালোকৰ উত্তৰ সীমা এই; তোমালোকে মহাসাগৰ পৰা হোৰ পৰ্ব্বত লক্ষ্য কৰিবা।
8. পাছত হোৰ পৰ্ব্বতৰ পৰা হমাতৰ প্ৰৱেশস্থানলৈকে ঠিক কৰিবা আৰু তাৰ পৰা সেই সীমা ওলাই চদাদ পাব।
9. আৰু সেই সীমা বাহিৰ হৈ জিফ্ৰোণলৈ যাব আৰু হচৰ-ঐননত তাৰ শেষ হ’ব। এয়ে তোমালোকৰ উত্তৰ সীমা হ’ব।
10. আৰু তোমালোকে হচৰ-ঐননৰ পৰা চফামলৈকে তোমালোকৰ পূৱ সীমা ঠিক কৰিবা।
11. পাছত সেই সীমা চফামৰ পৰা ঐনৰ পূৱফাল হৈ ৰিব্লালৈ নামি যাব; সেয়ে আৰু নামি কিন্নেৰৎ সাগৰৰ পূৱ চুকত লাগিব।
12. পাছত সেই সীমা যৰ্দ্দনলৈ নামি লৱণ-সমুদ্ৰত তাৰ শেষ হ’ব। সেই চাৰিফালৰ সীমা অনুসাৰেই তোমালোকৰ দেশ হ’ব’।”
13. পুনৰায় মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক এই আজ্ঞা কৰিলে, “যি দেশ তোমালোকে চিঠি-খেলেৰে অধিকাৰ কৰিবা, যি দেশ যিহোৱাই ন ফৈদ আৰু আধা ফৈদক দিবলৈ আজ্ঞা কৰিছে, সেয়ে এই দেশ।
14. কিয়নো নিজ নিজ পিতৃ-বংশ অনুসাৰে ৰূবেণৰ সন্তান সকলৰ ফৈদ আৰু নিজ নিজ পিতৃ-বংশ অনুসাৰে গাদৰ সন্তান সকলৰ ফৈদ আৰু মনচিৰ আধা ফৈদে নিজ নিজ উত্তৰাধিকাৰ ল’লে।
15. যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ পূৱ পাৰত সূৰ্য ওলোৱা ফালে সেই আঢ়ৈ ফৈদে নিজ নিজ উত্তৰাধিকাৰ ল’লে।”
16. পাছত যিহোৱাই মোচিক ক’লে,
17. যিসকলে দেশ ভাগ কৰি তোমালোকক দিব, তেওঁলোকৰ নাম এই, ইলিয়াজৰ পুৰোহিত আৰু নুনৰ পুত্ৰ যিহোচূৱা।
18. আৰু উত্তৰাধিকাৰৰ অৰ্থে দেশ ভাগ কৰিবলৈ প্ৰত্যেক ফৈদৰ এজন এজন অধ্যক্ষ ল’বা।
19. সেই লোকসকলৰ নাম এই: যিহূদা ফৈদৰ যিফুন্নিৰ পুত্ৰ কালেব।
20. আৰু চিমিয়োনৰ সন্তান সকলৰ ফৈদৰ অম্মীহূদৰ পুত্ৰ চমূৱেল।
21. আৰু বিন্যামীন ফৈদৰ কিশ্লোনৰ পুত্ৰ ইলীদদ।
22. আৰু দানৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ যগ্লীৰ পুত্ৰ বুক্লী।
23. আৰু যোচেফৰ পুত্ৰসকলৰ মাজত মনচিৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ এপোদৰ পুত্ৰ হন্নীয়েল।
24. আৰু ইফ্ৰয়িমৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ চিপ্তনৰ পুত্ৰ কেমূৱেল।
25. আৰু জবূলূনৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ পৰ্ণাকৰ পুত্ৰ ইলিচাফন।
26. আৰু ইচাখৰৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ অজ্জনৰ পুত্ৰ পল্টীয়েল।
27. আৰু আচেৰৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ চলোমীৰ পুত্ৰ অহীহূদ।
28. আৰু নপ্তালীৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ অম্মীহূদৰ পুত্ৰ পদহেল।
29. কনান দেশত ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে উত্তৰাধীকাৰ ভাগ কৰি দিবলৈ যিহোৱাই এই সকলো লোকক আজ্ঞা কৰিলে।

সামসঙ্গীত 35:9-16
9. তাতে মোৰ প্ৰাণ যিহোৱাত উল্লাসিত হব, তেওঁৰ পৰিত্ৰাণত আনন্দিত হব।
10. মোৰ সকলো অস্থিয়ে কব, “হে যিহোৱা, তোমাৰ তুল্য কোন আছে?” তুমিয়েই দুর্বলীক তেওঁতকৈ বলৱান জনৰ পৰা, দুখী-দৰিদ্রক তেওঁলোকৰ লুন্ঠণকাৰীৰ পৰা উদ্ধাৰ কৰা।
11. অত্যাচাৰী বিদ্বেষপৰায়ণ মিছা সাক্ষীবোৰ উঠিছে; মই যি কথা নাজানো, তেওঁলোকে মোক সেই বিষয়ে সোধে।
12. তেওঁলোকে উপকাৰৰ সলনি মোৰ অপকাৰ কৰে; তাতে মোৰ প্ৰাণ অনাথ হয়।
13. কিন্তু মই হলে, তেওঁলোক নৰিয়া পৰা সময়ত চট কাপোৰ পিন্ধিছিলোঁ, লঘোনেৰে নিজৰ প্ৰাণক দুখ দিছিলোঁ; মোৰ প্ৰাৰ্থনা মোৰ বুকুলৈকে উলটি আহিছিল, মই উত্তৰ নাপালোঁ।
14. মোৰ নিজ ভাই বা নিজ বন্ধুৰ দৰেই তেওঁলোকৰ কাৰণে মই শোক প্রকাশ কৰিলোঁ; মই মাতৃহাৰাৰ দৰে শোকার্ত হৈ মূৰ তল কৰি ফুৰিলোঁ।
15. কিন্তু মই যেতিয়া উজুটি খালো, তেতিয়া তেওঁলোক আনন্দিত হৈ একগোট হ’ল; তেওঁলোক মোৰ বিৰুদ্ধে একগোট হ’ল; মোৰ অজ্ঞাতে সেই অত্যাচাৰীবোৰে মোক চূর্ণ কৰিলে, ক্ষান্ত হৈ নাথাকিল।
16. তেওঁলোকে ভক্তিহীনভাৱে মোক বিদ্ৰূপ কৰিলে; তেওঁলোকে মোলৈ দাঁত কৰচে।

প্রবচন 12:2-2
2. শুদ্ধ লোকে যিহোৱাৰ পৰা অনুগ্ৰহ পায়; কিন্তু যিজনে দুষ্ট কৰ্মৰ পৰিকল্পনা কৰে, তেওঁক দোষাৰোপ কৰা হয়।

মাৰ্ক 15:1-24
1. পাছত ৰাতিপুৱা প্ৰধান পুৰোহিত, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকলৰ সৈতে গোটেই মহাসভাই মন্ত্ৰণা কৰিলে৷ তেতিয়া তেখেত সকলে যীচুক বান্ধিলে আৰু পীলাতৰ হাতত শোধাই দিলে।
2. তেতিয়া পীলাতে তেওঁক সুধিলে, “তুমি ইহুদী সকলৰ ৰজা হয় নে?” তাতে তেওঁ উত্তৰ দি ক’লে, “তুমিয়েই কৈছা।”
3. এনেতে প্ৰধান পুৰোহিত সকলে তেওঁক বহুত অপবাদ দিলে।
4. তেতিয়া পীলাতে আকৌ তেওঁক সুধিলে, “তুমি একো উত্তৰ নিদিয়া নে? চোৱা, এওঁলোকে তোমাৰ বিৰুদ্ধে কিমান অপবাদ দিছে!”
5. কিন্তু যীচুৱে কোনো দিঘলীয়া উত্তৰ নিদিলে আৰু তাতে তেওঁ বিস্ময় মানিলে।
6. সেই পৰ্বৰ সময়ত মানুহবোৰে বিচাৰিলে যি কোনো এজন বন্দীক পীলাতে মুকলি কৰি দিয়ে।
7. সেই সময়ত বিদ্ৰোহী লোক সকলৰ সৈতে কাৰাগাৰত, কিছুমান হত্যাকাৰীৰ লগত প্ৰতিষ্ঠিত ব্যৱস্থাৰ বিৰুদ্ধে যোৱা ৰাজদ্ৰোহী এজন আছিল; তেওঁৰ নাম আছিল বাৰাব্বা ৷
8. তেতিয়া লোক সকলে পীলাতৰ ওচৰলৈ আহিল আৰু আগতে কৰি অহা নিয়ম অনুসৰি কৰিবলৈ তেওঁক অনুৰোধ কৰিলে৷
9. পীলাতে তেওঁলোকক উত্তৰ দি ক’লে, “তোমালোকৰ বাবে মই ইহুদী সকলৰ ৰজাক যেন মুকলি কৰোঁ, তোমালোকে এনে ইচ্ছা কৰা নে?”
10. কিয়নো তেওঁ জানিছিল যে প্ৰধান পুৰোহিত সকলে ইর্ষা কৰি যীচুক তেওঁৰ ওচৰত শোধাই দিছিল৷
11. কিন্তু প্ৰধান পুৰোহিত সকলে যীচুৰ সলনি বাৰাব্বাক মুকলি কৰিবৰ বাবে দাবী কৰিবলৈ লোক সকলক উচটালে৷
12. পাছত পীলাতে আকৌ উত্তৰ দি তেওঁলোকক সুধিলে, “তেনেহলে তোমালোকে যি জনক ইহুদী সকলৰ ৰজা বুলি কোৱা তেওঁক মই কি কৰিম?”
13. তেতিয়া তেওঁলোকে আকৌ আটাহ পাৰি ক’লে, “তাক ক্রুচত দিয়ক।”
14. তেতিয়া পীলাতে তেওঁলোকক সুধিলে, “কিন্তু তেওঁনো কি দোষ কৰিলে?” তাতে তেওঁলোকে অধিককৈ আটাহ পাৰি ক’লে, “তাক ক্রুচত দিয়ক।”
15. তেতিয়া পীলাতে লোক সকলক সন্তুষ্ট কৰিবলৈ তেওঁলোকলৈ বাৰাব্বাক মুকলি কৰি দিলে আৰু যীচুক চাবুকেৰে কোবোৱাই, ক্রুচত দিবলৈ শোধাই দিলে।
16. তেতিয়া সেনাবোৰে চোতাললৈ অৰ্থাৎ প্ৰিটৰিয়মৰ ভিতৰলৈ তেওঁক লৈ গ’ল, আৰু গোটেই সৈন্য দলক মাতি গোট খুৱালে।
17. পাছত তেওঁলোকে যীচুক উজ্বল বৰণীয়া কাপোৰ পিন্ধালে, আৰু কাঁইটৰ কিৰীটি সাজি মুৰত পিন্ধাই দিলে;
18. মানুহবোৰে তেওঁক নমস্কাৰ জনাই ক’লে “হে ইহুদী সকলৰ ৰজা, জয় হওক!”
19. তেতিয়া নলেৰে তেওঁৰ মুৰত কোবালে আৰু থুই পেলালে৷ তাৰ পাছত তেওঁৰ আগত আঁঠুকাঢ়ি শ্ৰদ্ধা জনালে।
20. এইদৰে তেওঁক ঠাট্টা-বিদ্ৰূপ কৰি উঠি, সেই উজ্বল বৰণীয়া কাপোৰ সোলোকাই তেওঁক নিজৰ কাপোৰ পিন্ধালে আৰু তেওঁক ক্রুচত দিবৰ বাবে বাহিৰলৈ লৈ গ’ল।
21. সেই সময়ত মানুহবোৰে কুৰীণীয়া দেশৰ পৰা অহা চিমোন নামৰ (এই জন আলেকজেন্দাৰ আৰু ৰুফৰ বাপেক) লোক এজনক জবৰদস্তিৰে যীচুৰ ক্ৰুচটো কঢ়িয়াই নিবলৈ ধৰি আনিলে৷
22. এইদৰে সৈন্য সকলে গলগথা বুলি কোৱা ঠাই খন লৈ যীচুক লৈ আহিল; (এই নামৰ অর্থ ‘মুৰৰ লাওখোলা’) ৷
23. তাতে তেওঁলোকে যীচুক গন্ধৰসেৰে মিহলি হোৱা দ্ৰাক্ষাৰস যাচিলে কিন্তু তেওঁ তাক গ্ৰহণ নকৰিলে।
24. পাছত তেওঁক ক্রুচত দি উঠি, তেওঁৰ কাপোৰৰ কোনে কি পাব, সেয়ে নিশ্চয় কৰিবলৈ, তেওঁলোকে চিঠি খেলি সেই কাপোৰ ভগাই ল’লে।