A A A A A

গণনা পুস্তক 31:1-54
1. পাছত যিহোৱাই মোচিক ক’লে,
2. “তুমি ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে মিদিয়নীয়াসকলৰ প্ৰতিকাৰ সাধা; তেনে কৰি উঠি তোমাৰ মৃত্যু হ’ব আৰু নিজ লোকসকলৰ মাজত তোমাক নিয়া হ’ব।”
3. তেতিয়া মোচিয়ে লোকসকলক ক’লে, “যিহোৱাৰ কাৰণে মিদিয়নৰ প্ৰতিকাৰ সাধিবলৈ, মিদিয়নৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰিবৰ কাৰণে তোমালোকৰ মাজৰ কিছুমান লোকক যুদ্ধলৈ সুসজ্জিত কৰা।
4. তোমালোকে ইস্ৰায়েলৰ প্রত্যেকখন ফৈদৰ পৰা এক এক হাজাৰ লোকক যুদ্ধলৈ পঠিয়াবা।”
5. তেতিয়া ইস্ৰায়েলৰ প্রত্যেক গোষ্ঠী অনুসাৰে এক এক হাজাৰ লোকক যুদ্ধৰ বাবে যুগুত কৰা হ’ল। এইদৰে যুদ্ধলৈ সুসজ্জিত হোৱা বাৰ হাজাৰ জন লোকক উলিওৱা হ’ল।
6. তাৰ পাছত মোচিয়ে, প্ৰত্যেকখন ফৈদৰ পৰা এক এক হাজাৰ লোকৰ সৈতে পুৰোহিত ইলিয়াজৰৰ পুত্ৰ পীনহচক যুদ্ধলৈ পঠিয়ালে; পবিত্ৰ স্থানৰ বস্তু, ৰণ বাদ্যৰ অৰ্থে কালি সেই পীনহচৰ হাতত আছিল।
7. মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকে মিদিয়নৰ বিৰুদ্ধে যুদ্ধ কৰি তেওঁলোকৰ সকলো পুৰুষকে বধ কৰিলে।
8. আৰু তেওঁলোকে আন আন হত লোকৰ লগত মিদিয়নৰ ৰজাসকলক, অৰ্থাৎ ইবী, ৰেকম, চূৰ, হূৰ আৰু ৰেবা, এই মিদিয়নীয়া পাঁচজন ৰজাক বধ কৰিলে; আৰু বিয়োৰৰ পুত্র বিলিয়মকো তেওঁলোকে তৰোৱালেৰে বধ কৰিলে।
9. ইস্ৰায়েলৰ সৈন্যসকলে মিদিয়নৰ সকলো মহিলা, তেওঁলোকৰ ল’ৰা-ছোৱালী বন্দী কৰি লৈ গ’ল, আৰু তেওঁলোকৰ গৰু, মেৰ-ছাগৰ জাক আদি সকলো সম্পত্তি লুটি লৈ গ’ল।
10. তেওঁলোকে যি যি ঠাইত বাস কৰিছিল, তেওঁলোকৰ সেই সকলো নগৰ আৰু তেওঁলোকৰ আটাই ছাউনিবোৰ জ্ৱলাই দিলে।
11. তেওঁলোকে লুট-দ্রব্য আৰু বনদীবোৰক আৰু তাৰে সৈতে সকলো পশুৰ জাকবোৰ লগত ল’লে।
12. তেওঁলোকে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ পাৰৰ মোৱাবৰ সমথলত থকা ছাউনিলৈ, মোচি, পুৰোহিত ইলিয়াজৰ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীৰ গুৰিলৈ, সেই বন্দী কৰি নিয়া লোকবোৰ, যুদ্ধত ধৰা পশুবোৰ, আৰু লুটি লোৱা সম্পত্তিবোৰ আনিলে।
13. তেতিয়া মোচি, পুৰোহিত ইলিয়াজৰ আৰু মণ্ডলীৰ আটাই অধ্যক্ষসকলে তেওঁলোকক সাক্ষাৎ কৰিবলৈ ছাউনিৰ বাহিৰলৈ ওলাই গ’ল।
14. তেতিয়া যুদ্ধৰ পৰা উভটি অহা সহস্ৰপতি আৰু শতপতি, এই সেনাপতিসকলৰ ওপৰত মোচিৰ খং উঠিল।
15. মোচিয়ে তেওঁলোকক ক’লে, “তোমালোকে মহিলাসকলক জীয়াই ৰাখিছা নেকি?
16. চোৱা, বিলিয়মৰ পৰামৰ্শত তেওঁলোকে পিয়োৰ দেৱতাৰ কথাত ইস্ৰায়েলৰ সন্তান সকলক যিহোৱাৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰাইছিল; সেই কাৰণেই যিহোৱাৰ মণ্ডলীত মহামাৰী হৈ আছিল।
17. এতিয়া এই হেতুকে, তোমালোকে শিশুবোৰৰ মাজৰ আটাই ল’ৰাবোৰক বধ কৰা, আৰু পুৰুষৰে সৈতে শয়ন কৰা সকলো মহিলাক বধ কৰা।
18. কিন্তু ছোৱালীসকলৰ মাজৰ যিবোৰে পুৰুষৰে সৈতে কেতিয়াও শয়ন কৰা নাই, তেওঁলোকক তোমালোকে নিজৰ কাৰণে ৰাখা।
19. তোমালোকে সাত দিনলৈকে ছাউনিৰ বাহিৰত ছাউনি পাতি থাকা; তোমালোকৰ যিমান লোকে বধ কৰিছা বা হত হোৱা লোককো চুইছা, তোমালোকৰ সেই সকলোৱে আৰু বন্দী কৰি অনা লোকসকলক তৃতীয় আৰু সপ্তম দিনা শুচি কৰা।
20. আৰু সকলো কাপোৰ, ছালেৰে সজা বা মেৰ-ছাগৰ নোমেৰে যুগুত কৰা বা কাঠেৰে সজা আটাই বস্তুৰ বিষয়ে তোমালোকে নিজৰ কাৰণে শুচি কৰা।”
21. পাছত পুৰোহিত ইলিয়াজৰে ৰণলৈ যোৱা লোকসকলক ক’লে, “যিহোৱাই মোচিক দিয়া ব্যৱস্থাৰ এয়াও এক বিধি বোলে:
22. কেৱল সোণ, ৰূপ, পিতল, লোহা, বগীতাম,
23. আৰু সীহ আদি যিবোৰ বস্তু জুইত নুপোৰে, সেই সকলোকে জুইৰ মাজেদি নিবা, তেতিয়া সেয়া শুচি হ’ব। তাৰ পাছত তোমালোকে তাক অশুচিতা-নাশক জলৰ দ্বাৰাই শুচি কৰিব লাগিব; কিন্তু যি যি বস্তু জুইত পোৰে, তাক প্রথমে তোমালোকে সেই পানীৰে শুচি কৰিবা।
24. আৰু সপ্তম দিনা তোমালোকে নিজ নিজ কাপোৰ ধুবা, তেতিয়া তোমালোক শুচি হ’বা; তাৰ পাছত তোমালোকে ছাউনিত সোমাব পাৰিবা।”
25. যিহোৱাই পুনৰায় মোচিক ক’লে,
26. “তুমি, পুৰোহিত ইলিয়াজৰ আৰু মণ্ডলীৰ পিতৃ-বংশৰ অধ্যক্ষসকল, যুদ্ধত ধৰা মানুহ বা পশু সেই আটাই লুট-দ্রব্যৰ লেখ লোৱা;
27. আৰু সেইবোৰ দুভাগ কৰি, এভাগ ৰণলৈ যোৱা লোকসকল আৰু এভাগ গোটেই মণ্ডলীৰ মাজত ভাগ কৰি দিয়া;
28. আৰু যুদ্ধলৈ যোৱা লোকসকলৰ পৰা মানুহ, গৰু, গাধ, আৰু মেৰ-ছাগ বা ছাগলীৰ পাঁচ শ পাঁচ শ প্ৰাণীৰ মাজৰ এটা এটা প্ৰাণী যিহোৱাৰ কাৰণে কৰস্ৱৰুপে লোৱা;
29. তেওঁলোকৰ আধা ভাগৰ পৰা তাক লৈ, যিহোৱাৰ উত্তোলনীয় উপহাৰস্বৰূপে পুৰোহিত ইলিয়াজৰক দিয়া।
30. আৰু ইস্ৰায়েলৰ সন্তান সকলৰ আধা ভাগৰ পৰা মানুহ, গৰু, গাধ আৰু মেৰ-ছাগৰ জাক আদি আটাই প্ৰাণীৰেই পঞ্চাশটা পঞ্চাশটাৰ মাজৰ পৰা এটা লৈ যিহোৱাৰ আবাসৰ ৰখীয়া লেবীয়াসকলক দিয়া।”
31. তেতিয়া মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে মোচি আৰু পুৰোহিত ইলিয়াজৰে সেই কাৰ্য কৰিলে।
32. ৰণুৱাসকলে লুটি অনা সম্পত্তিৰ বাহিৰে ধৰি অনা প্ৰাণীৰ সংখ্যা এইদৰে: ছয় লাখ পঁয়সত্তৰ হাজাৰ মেৰ-ছাগ
33. বাসত্তৰ হাজাৰ ষাঁড়-গৰু,
34. এষষ্ঠী হাজাৰ গাধ,
35. আৰু কেতিয়াও পুৰুষে সৈতে শয়ন নকৰা ছোৱালীৰ সংখ্যা সৰ্ব্বমুঠ বত্ৰিশ হাজাৰ আছিল।
36. যুদ্ধলৈ যোৱা সৈন্যসকলৰ আধা ভাগ প্ৰাণীৰ সংখ্যা তিনি লাখ সাতত্ৰিশ হাজাৰ পাঁচ শ মেৰ-ছাগ;
37. সেই মেৰ-ছাগবোৰৰ পৰা লোৱা যিহোৱাৰ কৰ ছশ পঁয়সত্তৰটা।
38. ষাঁড়-গৰু ছয়ত্ৰিশ হাজাৰ; সেইবোৰৰ মাজৰ পৰা লোৱা যিহোৱাৰ কৰ বাসত্তৰটা।
39. গাধবোৰৰ সংখ্যা ত্ৰিশ হাজাৰ পাঁচশ আছিল আৰু সেইবোৰৰ মাজৰ পৰা লোৱা যিহোৱাৰ কৰ এষষ্ঠীটা।
40. মানুহৰ সংখ্যা ষোল্ল হাজাৰ গৰাকী মহিলা আৰু তেওঁলোকৰ পৰা লোৱা যিহোৱাৰ কৰ বত্ৰিশটা।
41. তাৰ পাছত মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে, সেই কৰ তেওঁ যিহোৱাৰ উত্তোলনীয় উপহাৰ স্বৰূপে পুৰোহিত ইলিয়াজৰক দিলে।
42. আৰু যুদ্ধলৈ যোৱা লোকসকলৰ ভাগৰ পৰা যি আধা ভাগ মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে ৰাখিলে-
43. মণ্ডলীৰ সেই আধা ভাগৰ সংখ্যা তিনি লাখ সাতত্ৰিশ হাজাৰ পাঁচশ মেৰ-ছাগ,
44. ছয়ত্ৰিশ হাজাৰ ষাঁড়-গৰু,
45. ত্ৰিশ হাজাৰ পাঁচশটা গাধ
46. আৰু কেতিয়াও পুৰুষৰ সৈতে শয়ন নকৰা ষোল্ল হাজাৰ মহিলা আছিল।
47. ইস্ৰায়েলৰ সন্তান সকলৰ পৰা সেই আধা ভাগৰ পৰা মানুহ আৰু পশুৰ পঞ্চাশটা পঞ্চাশটাৰ মাজৰ এটা এটা লৈ মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁ যিহোৱাৰ আবাসৰ ৰখীয়া লেবীয়াসকলক দিলে।
48. তাৰ পাছত সহস্ৰপতি আৰু শতপতি, সৈন্য সমূহৰ হাজাৰ হাজাৰৰ ওপৰত সেই সেনাপতিসকল মোচিৰ ওচৰলৈ আহিল।
49. তেওঁলোকে তেওঁক কলে, “আপোনাৰ এই দাসবোৰে নিজৰ নিজৰ অধীনে থকা সৈন্যবোৰৰ লেখ ল’লে আৰু আমাৰ মাজৰ এজনো হেৰোৱা নাই।
50. এই হেতুকে আমি প্ৰতিজনে যি সোণৰ অলঙ্কাৰ, অৰ্থাৎ নেপুৰ, খাৰু, আঙঠি, কুণ্ডল, হাৰ, এইবোৰ যি পাইছোঁ, তাক আমি যিহোৱাৰ আগলৈ, নিজৰ নিজৰ প্ৰাণ প্ৰায়শ্চিত্ত কৰিবলৈ যিহোৱাৰ উপহাৰ স্বৰুপে আনিলোঁ।”
51. তেতিয়া মোচি আৰু পুৰোহিত ইলিয়াজৰে তেওঁলোকৰ পৰা সেই সোণ, অৰ্থাৎ শিল্পকাৰে বনোৱা সেই সকলো অলঙ্কাৰবোৰ ল’লে।
52. সহস্ৰপতি আৰু শতপতিসকলে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা উত্তোলনীয় উপহাৰৰ সেই সোণ ষোল্ল হাজাৰ সাতশ পঞ্চাশ চেকল আছিল;
53. কিয়নো সৈন্যসকলৰ প্ৰতিজনে নিজৰ কাৰণে লুটদ্ৰব্য আনিছিল।
54. পাছত মোচি আৰু পুৰোহিত ইলিয়াজৰে সহস্ৰপতি আৰু শতপতি, এই সেনাপতিসকলৰ পৰা সেই সোণ লৈ, যিহোৱাৰ আগত ইস্ৰায়েলৰ সন্তান সকলৰ স্মৰণাৰ্থক চিন হ’বলৈ, তাক সাক্ষাৎ কৰা তম্বুত ৰাখিলে।

গণনা পুস্তক 32:1-42
1. ৰূবেণৰ সন্তান সকলৰ আৰু গাদৰ সন্তান সকলৰ অতিশয় অধিক পশুৰ জাক আছিল; এই কাৰণে তেওঁলোকে যেতিয়া যাজেৰ আৰু গিলিয়দ দেশখন দেখিলে, তেওঁলোকে তেওঁলোকৰ পশুবোৰৰ কাৰণে সেই ঠাই ভাল দেখিলে।
2. সেই কাৰণে গাদ আৰু ৰূবেণৰ সন্তান সকলে আহি মোচিক, পুৰোহিত ইলিয়াজৰক আৰু মণ্ডলীৰ অধ্যক্ষসকলক ক’লে,
3. অটাৰোৎ, দীবোন, যাজেৰ, নিম্ৰা, হিচবোন, ইলিয়ালি, চিবাম, নবো আৰু বিয়োন,
4. এই যি যি দেশ যিহোৱাই ইস্ৰায়েলৰ মণ্ডলীৰ আগত পৰাজয় কৰিলে, এয়ে পশুবোৰৰ বাবে যোগ্য ঠাই; আৰু আমি, আপোনাৰ যি দাসকল, আমাৰ অধিক পশুৰ জাক আছে।”
5. তেওঁলোকে আকৌ ক’লে, “আমি যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, তেতিয়াহলে উত্তৰাধিকাৰৰ অৰ্থে আপোনাৰ এই দাসবোৰক এই দেশ দান কৰক। আমাক যৰ্দ্দন পাৰ কৰি নিনিব।”
6. তেতিয়া মোচিয়ে গাদৰ আৰু ৰূবেণৰ সন্তান সকলক ক’লে, “তোমালোকৰ ভাইসকলে যুদ্ধ কৰিবলৈ যোৱাৰ সময়ত তোমালোকে এই ঠাইত বাস কৰিবা নে?
7. যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক দিয়া দেশলৈ তেওঁলোকে পাৰ হৈ নাযাবলৈ তেওঁলোকৰ মন কেলেই নিৰুৎসাহ কৰিছা?
8. যি কালত মই তোমালোকৰ পিতৃসকলক দেশ চাবৰ কাৰণে কাদেচ-বৰ্ণেয়াৰ পৰা পঠিয়াইছিলোঁ সেই কালত তেওঁলোকেও সেইদৰে কৰিছিল।
9. কিয়নো তেওঁলোকে ইষ্কোল উপত্যকালৈকে গৈ দেশ চাই, যিহোৱাই দিয়া সেই দেশত নোসোমাবলৈ ইস্ৰায়েলৰ সন্তান সকলৰ মন নিৰোৎসাহ কৰিছিল।
10. এই কাৰণে সেই দিনা যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ শপত কৰি, এই কথা কৈছিল,
11. ‘মই অব্ৰাহাম, ইচহাক আৰু যাকোবক যি দেশ দিম বুলি শপত কৰিছিলোঁ, মিচৰৰ পৰা অহা লোকসকলৰ মাজত বিশ বছৰ আৰু তাতোতকৈ অধিক বয়সীয়া কোনো এজন লোকেও সেই দেশ দেখিবলৈ নাপাব, কিয়নো তেওঁবিলাকে মোৰ পথত সম্পূৰ্ণৰূপে নচলিলে;
12. কেৱল কনিজ্জীয়া যিফুন্নিৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ যিহোচূৱাই সেই দেশ দেখিব, কাৰণ তেওঁলোকে যিহোৱাৰ পথত সম্পূৰ্ণৰূপে চলিলে’।
13. এইদৰে ইস্ৰায়েললৈ যিহোৱাৰ ক্ৰোধ জ্বলি উঠাত, যিহোৱাৰ দৃষ্টিত কু কৰ্ম কৰা আটাই বংশৰ শেষ নোহোৱালৈকে, তেওঁ চল্লিশ বছৰ ধৰি তেওঁলোকক অৰণ্যত ভ্ৰমণ কৰালে।
14. এতিয়া চোৱা, ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ আৰু বঢ়াবলৈ, পাপী লোকসকলৰ নিচিনা তোমালোকে তোমালোকৰ পিতৃসকলৰ ঠাইত উঠিছা।
15. কিয়নো, তোমালোকে যদি এইদৰে তেওঁৰ পাছৰ পৰা বিমুখ হোৱা, তেনেহলে তেওঁ পুনৰায় ইস্ৰায়েলক অৰণ্যত ত্যাগ কৰিব; তেতিয়া তোমালোকে এই সকলো লোকক বিনষ্ট কৰাবা।”
16. তেতিয়া তেওঁলোকে মোচিৰ ওচৰলৈ আহি ক’লে, “আমি এই ঠাইত নিজ পশুবোৰৰ কাৰণে গঁৰাল সাজিম, আৰু আমাৰ পৰিয়ালবোৰৰ কাৰণে নগৰবোৰ নিৰ্ম্মাণ কৰিম;
17. আৰু আমি ইস্ৰায়েলৰ সন্তান সকলক নিজ ঠাইলৈ নিনিয়া মানে আমি নিজে ৰণলৈ সাজো হৈ, তেওঁলোকৰ আগে আগে যাম; কেৱল আমাৰ পৰিয়ালবোৰ দেশ নিবাসীসকলৰ ভয়ত গঢ়েৰে আবৃত নগৰবোৰত বাস কৰিব।
18. ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰতিজনে নিজ নিজ উত্তৰাধিকাৰৰ ভাগ নোপোৱালৈ আমি নিজ নিজ ঘৰলৈ উভটি নাহিম।
19. আমি যৰ্দ্দনৰ সিপাৰে থকা সেই দেশৰ উত্তৰাধিকাৰৰ ভাগ তেওঁলোকৰ সৈতে নলওঁ, কিয়নো পূৱ দিশে যৰ্দ্দনৰ এইপাৰে আমি উত্তৰাধিকাৰৰ ভাগ পালোঁ।”
20. তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “তোমালোকে কোৱা এই কাৰ্য যদি কৰা, তোমালোকে যদি সুসজ্জিত হৈ যিহোৱাৰ সাক্ষাতে যুদ্ধলৈ যাব নিজকে সাজু কৰা,
21. তেতিয়া তোমালোকৰ প্রতিজন যুদ্ধলৈ সাজু হোৱা লোকে যিহোৱাৰ সাক্ষাতে যৰ্দ্দন পাৰ হৈ যাব লাগিব যেতিয়ালৈ তেওঁ নিজ শত্ৰুবোৰক নিজৰ আগৰ পৰা দূৰ নকৰে
22. আৰু তেওঁৰ আগত যেতিয়ালৈ দেশ বশীভূত নহয়। তাৰ পাছত তোমালোক উভটি আহিব পাৰিবা। যিহোৱাৰ দৃষ্টিত আৰু ইস্ৰায়েলৰ দৃষ্টিত তোমালোক নিৰ্দ্দোষী হ’বা, আৰু যিহোৱাৰ সাক্ষাতে এই দেশ তোমালোকৰ উত্তৰাধীকাৰ হ’ব।
23. কিন্তু যদি তোমালোকে সেই দৰে নকৰা, তেন্তে চোৱা, তোমালোকে যিহোৱাৰ অহিতে পাপ কৰিবা, আৰু তোমালোকৰ পাপে যে তোমালোকক বিচাৰি ওলিয়াব, সেই বিষয়ে নিশ্চয় জানিবা।
24. তোমালোকে নিজ নিজ পৰিয়ালৰ কাৰণে নগৰ, আৰু মেৰ-ছাগ আৰু ছাগলীৰ জাকৰ কাৰণে গঁৰাল সাজা; আৰু তোমালোকৰ মুখৰ পৰা ওলোৱা বাক্যৰ দৰেই সেই কাৰ্য কৰা।”
25. তেতিয়া গাদৰ আৰু ৰূবেণৰ সন্তান সকলে মোচিক ক’লে, “আমাৰ প্ৰভুৱে যি আজ্ঞা কৰিলে, আপোনাৰ এই দাসবোৰে সেইদৰেই কৰিব।
26. আমাৰ ল’ৰা-ছোৱালী, আমাৰ পত্নীসকল আৰু মেৰ-ছাগ, ছাগলী গৰু আদিৰ আটাই পশুৰ জাকবোৰ এই ঠাইৰ গিলিয়দৰ নগৰবোৰত থাকিব।
27. কিন্তু আমাৰ প্ৰভুৰ কথাৰ দৰে, আপোনাৰ এই দাসবোৰৰ সকলোৱে সাজু হৈ যুদ্ধ কৰিবৰ কাৰণে যিহোৱাৰ সাক্ষাতে পাৰ হৈ যাব।”
28. তেতিয়া মোচিয়ে তেওঁলোকৰ বিষয়ে পুৰোহিত ইলিয়াজৰক, নুনৰ পুত্ৰ যিহোচূৱাক আৰু ইস্ৰায়েলৰ সন্তান সকলৰ সকলো পিতৃ-বংশৰ অধ্যক্ষসকলক উপদেশ দিলে।
29. মোচিয়ে তেওঁলোকক ক’লে, “গাদৰ আৰু ৰূবেণৰ সন্তান সকলৰ প্ৰতিজনে যুদ্ধলৈ সুসজ্জিত হৈ, যিহোৱাৰ সাক্ষাতে তোমালোকৰ লগত যদি যৰ্দ্দন পাৰ হৈ যায়, তেন্তে দেশ তোমালোকৰ আগত বশীভূত হ’লে, তোমালোকে অধিকাৰ কৰিবৰ অৰ্থে তেওঁলোকক এই গিলিয়দ দেশ দিবা।
30. কিন্তু যদি তেওঁলোক সুসজ্জিত হৈ, তোমালোকৰ লগত পাৰ নহয়, তেন্তে তেওঁলোকে তোমালোকৰ মাজত কনান দেশত উত্তৰাধীকাৰ পাব।”
31. তেতিয়া গাদৰ আৰু ৰূবেণৰ সন্তান সকলে উত্তৰ দিলে, “যিহোৱাই আপোনাৰ এই দাসবোৰক যি আজ্ঞা কৰিছে, আমি সেইদৰেই কৰিম।
32. আমি সুসজ্জিত হৈ, যিহোৱাৰ সাক্ষাতে পাৰ হৈ কনান দেশত সোমাম, কিন্তু আমাৰ উত্তৰাধীকাৰ যৰ্দ্দনৰ ইপাৰত আমাৰ স্বত্ব থাকিব।”
33. পাছত মোচিয়ে গাদৰ আৰু ৰূবেণৰ সন্তান সকলক, আৰু যোচেফৰ পুত্ৰ মনচিৰ আধা ফৈদক ইমোৰীয়াসকলৰ ৰজা চীহোনৰ ৰাজ্য আৰু বাচানৰ ৰজা ওগৰ ৰাজ্য দিলে। আৰু নিজ নিজ অঞ্চলে সৈতে নগৰ থকা দেশবোৰ, এইদৰে চাৰিওফালে থকা দেশৰ আটাই নগৰবোৰ দিলে।
34. গাদৰ সন্তান সকলে দীবোন, অটাৰোৎ, অৰোয়েৰ,
35. অটাৰোৎ-চোফন, যাজেৰ, যগ্বেহা,
36. বৈৎ-নিম্ৰা আৰু বৈৎ-হাৰণ, গড়েৰে আবৃত এই নগৰবোৰ পুনৰায় নিৰ্ম্মাণ কৰিলে আৰু মেৰ-ছাগবোৰ জাকৰ কাৰণে গঁৰালবোৰ সাজিলে।
37. আৰু ৰূবেণৰ সন্তান সকলে হিচবোন, ইলিয়ালি, কিৰিয়াথয়িম,
38. নবো, আৰু বাল-মিয়োন, আৰু চিবমাও পুনৰায় নিৰ্ম্মাণ কৰিলে; তেওঁলোকে পুনৰায় নিৰ্ম্মাণ কৰা নগৰৰ নাম নতুনকৈ দিলে।
39. আৰু মনচিৰ পুত্ৰ মাখীৰৰ সন্তান সকলে গিলিয়দলৈ গৈ, তাক হাত কৰি ল’লে, আৰু তাত থকা ইমোৰীয়াসকলক দূৰ কৰিলে।
40. পাছত মোচিয়ে মনচিৰ পুত্ৰ মাখীৰক গিলিয়দ দেশ দিলে; তেওঁৰ লোকসকলে তাৰ মাজত বাস কৰিলে।
41. আৰু মনচিৰ সন্তান যায়ীৰে গৈ, তেওঁলোকৰ সৰু গাওঁবোৰ হাত কৰি ল’লে, আৰু সেইবোৰৰ নাম হব্বোৎ-যায়ীৰ [অৰ্থাৎ যায়ীৰৰ গাওঁ] ৰাখিলে।
42. আৰু নোবহে গৈ, কনাৎ নগৰ আৰু তাৰ গাওঁবোৰ হাত কৰি ল’লে, আৰু নিজৰ নামৰ দৰেই তাৰো নাম নোবহ ৰাখিলে।

সামসঙ্গীত 35:1-8
1. হে যিহোৱা, যিসকলে মোৰে সৈতে বিবাদ কৰে, তুমিও তেওঁলোকৰে সৈতে বিবাদ কৰা; যিসকলে মোৰ বিৰুদ্ধে যুদ্ধ কৰে, তুমিও তেওঁলোকৰে বিৰুদ্ধে যুদ্ধ কৰা।
2. তুমি ঢাল আৰু ফলক ধাৰণ কৰা, মোৰ সহায়ৰ অর্থে উঠা।
3. মোৰ পাছে পাছে যিসকলে খেদি আহিছে, তুমি বৰছা আৰু যাঁঠি লৈ তেওঁলোকৰ পথ ৰুদ্ধ কৰা; তুমি মোৰ প্রাণক কোৱা, “ময়েই তোমাৰ পৰিত্ৰাণ।”
4. যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোক লজ্জিত আৰু অপমানিত হওঁক; যিসকলে মোৰ সর্বনাশলৈ পৰিকল্পনা কৰে, তেওঁলোক উলটি যাওঁক, হতাশ হওঁক।
5. তেওঁলোক বতাহৰ সন্মুখত উৰুৱাই নিয়া তুঁহৰ নিচিনা হওঁক; যিহোৱাৰ দূতে তেওঁলোকক খেদি যাওঁক।
6. তেওঁলোকৰ পথ অন্ধকাৰ আৰু পিছল হওঁক। যিহোৱাৰ দূতে তেওঁলোকৰ পাছে পাছে খেদি যাওঁক।
7. কিয়নো তেওঁলোকে অকাৰণে মোৰ কাৰণে গাতত গুপুতে জাল পাতিলে; বিনা কাৰণতে মোৰ প্ৰাণ নাশৰ অৰ্থে গাত খান্দিলে।
8. হঠাত তেওঁলোকৰ ওপৰলৈ বিনাশ আহঁক; তেওঁলোকে গোপনে পতা নিজৰ জালত নিজেই ধৰা পৰক; সেই বিনাশত তেওঁলোক পতিত হওঁক।

প্রবচন 12:1-1
1. যি জনে অনুশাসন ভাল পায়, তেওঁ জ্ঞানকো ভাল পায়; কিন্তু যি জনে অনুযোগ ঘিণ কৰে, তেওঁ নিৰ্বোধ।

মাৰ্ক 14:55-72
55. তেতিয়া প্ৰধান পুৰোহিত সকল আৰু গোটেই মহাসভাই যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে সাক্ষ্য বিচাৰিলে; কিন্তু তেওঁলোকে একো নাপালে।
56. কিয়নো অনেকে তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য দিলে তথাপি তেওঁলোকৰ সাক্ষ্য নিমিলিল।
57. পাছত কেইজনমানে উঠি, তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য দি ক’লে,
58. “হাতে সজা এই মন্দিৰ মই নষ্ট কৰি, তিন দিনৰ ভিতৰত হাতে নকৰা আন এটা সাজিম৷” আমি তেওঁক এনে কথা কোৱা শুনিলোঁ!
59. কিন্তু ইয়াতো তেওঁলোকৰ সাক্ষ্য নিমিলিল।
60. তেতিয়া মহা-পুৰোহিতে মাজত থিয় হৈ, যীচুক সুধিলে, বোলে, “তোমাৰ একো উত্তৰ নাই নে? তোমাৰ অহিতে এওঁলোকেনো কি সাক্ষ্য দিছে?”
61. কিন্তু তেওঁ একো উত্তৰ নিদিলে আৰু নিজমে থাকিল। পুনৰ মহা-পুৰোহিতে তেওঁক সুধিলে, “তুমি পৰমধন্য জনৰ পুত্ৰ খ্ৰীষ্ট হয় নে?”
62. তেতিয়া যীচুৱে ক’লে, “মই হওঁ, আৰু তোমালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁ হাতে বহি থকা আৰু আকাশত মেঘেৰে অহা দেখিবা।”
63. তেতিয়া মহা-পুৰোহিতে নিজৰ চোলা ফালি ক’লে, “সাক্ষীত আমাৰ কি প্ৰয়োজন আছে?
64. তোমালোকে ঈশ্বৰক নিন্দা কৰা শুনিলা; এতিয়া তোমালোকে কি সিদ্ধান্ত লৈছা?” তাতে সকলোৱে তেওঁক প্ৰাণদণ্ডৰ যোগ্য বুলি দোষী কৰিলে।
65. পাছত কোনো কোনোৱে তেওঁৰ গাত থুই পেলাবলৈ ধৰিলে আৰু তেওঁৰ মুখ ঢাকি, তেওঁক ভুকুৱাই ক’লে, “ভাবোক্তি প্ৰচাৰ কৰোঁতা!” আৰু সেনাপতি সকলে তেওঁক লৈ গৈ প্ৰহাৰ কৰিলে।
66. তেতিয়া পিতৰ তলৰ চোতালত থাকোঁতে মহা-পুৰোহিতৰ বনকৰা ছোৱালী এজনী তেওঁৰ ওচৰলৈ আহিল,
67. আৰু পিতৰক জুই পুৱাই থকা দেখা পাই তেওঁলৈ চাই ক’লে, “তুমিও সেই নাচৰতীয়া যীচুৰ লগত আছিলা।”
68. কিন্তু তেওঁ এই বিষয়টো অস্বীকাৰ কৰি ক’লে, “তুমি যি কৈছা সেই বিষয়ে মই নাজানো আৰু বুজিও পোৱা নাই।” তেতিয়া তেওঁ বাট-চ’ৰালৈ ওলাই গ’ল আৰু কুকুৰাই ডাক দিলে৷
69. কিন্তু সেই বেটীয়ে তেওঁক তাতে দেখি, ওচৰত থিয় দি থকা সকলক পুনৰ ক’বলৈ ধৰিলে, “এই লোক জন সিহঁতৰ মাজৰ এজন!”
70. কিন্তু তেওঁ আকৌ অস্বীকাৰ কৰিলে। অলপ সময়ৰ পাছত সেই ঠাইত থিয় হৈ থকা লোক সকলে পিতৰক ক’লে, “তুমি অৱশ্যে সিহঁতৰ মাজৰ এজন কিয়নো তুমিও গালীলীয়া মানুহ।”
71. কিন্তু তেওঁ শাও দিলে আৰু শপত খাই ক’লে, “তোমালোকে যি জন মানুহৰ কথা কৈ আছা, সেই জন মানুহক মই চিনিয়ে নাপাও।”
72. তেতিয়া কুকুৰাই দ্বিতীয় বাৰ ডাক দিলে। তেতিয়া যীচুৱে কোৱা কথা পিতৰৰ মনত পৰিল “কুকুৰাই দুবাৰ ডাক দিয়াৰ আগেয়ে মোক তিনি বাৰ অস্ৱীকাৰ কৰিবা৷” তাতে তেওঁ দুখত ভাগি পৰিল আৰু কান্দিব ধৰিলে৷