A A A A A

যাত্রাপুস্তক 29:1-46
1. মোৰ পৰিচৰ্যাৰ বাবে পুৰোতহিৰ কাৰ্য কৰিবলৈ, এতিয়া তুমি তেওঁলোকক পবিত্ৰ কৰিবৰ বাবে এই কাৰ্য কৰিবা; এটা নিৰ্ঘূণী দমৰা আৰু দুটা নিঘূণী মতা মেৰ-ছাগ ল’বা।
2. খমিৰ নিদিয়া পিঠা, তেল মিহলোৱা খমীৰ নিদিয়া পিঠা, আৰু তেল সনা খমীৰ নিদিয়া পাতল পিঠা ল’বা। সেইবোৰ মিহি আটাগুড়িৰে তৈয়াৰ কৰিবা।
3. এটা পাচিত সেইবোৰ ৰাখিবা; আৰু সেই পাচিৰ সৈতে দমৰা আৰু দুটা মেৰ-ছাগ উপহাৰ দিবা।
4. হাৰোণ, আৰু তেওঁৰ পুত্ৰসকলক তুমি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত আনি তেওঁলোকৰ গা ধুৱাবা।
5. তুমি সেই বস্ত্রবোৰ, হাৰোণৰ কোট চোলা, এফোদ বস্ত্র, এফোদ আৰু বুকুপটা, আৰু এফোদৰ নিপুণৰূপে বোৱা টঙালি ল’বা আৰু তেওঁক পিন্ধাবা।
6. তেওঁৰ মুৰত পাগুৰি পিন্ধাই তাৰ ওপৰত পবিত্ৰ মুকুট লগাবা।
7. তাৰ পাছত অভিষেক কৰা তেল ল’বা, আৰু তেওঁৰ মুৰত বাকি, তেওঁক অভিষেক কৰিবা।
8. তুমি তেওঁৰ পুত্ৰসকলক আনিবা; আৰু কোট চোলা পিন্ধাবা।
9. হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ কঁকালত টঙালি বান্ধিবা, আৰু তেওঁলোকৰ মুৰত পাগুৰি মাৰি দিবা। পুৰোহিত পদৰ কার্য এক চিৰস্থায়ী বিধিৰ দ্বাৰাই তেওঁলোকৰ অধিকাৰত থাকিব। এইদৰেই তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক মোৰ পৰিচৰ্যাৰ বাবে পবিত্রকৃত কৰিবা।
10. তুমি সাক্ষাৎ কৰা তম্বুৰ সন্মুখলৈ সেই দমৰাটো লৈ আনিবা; তেতিয়া হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে দমৰাটোৰ মুৰত হাত দিব লাগিব।
11. তুমি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত যিহোৱাৰ সন্মুখত সেই দমৰাটো বধ কৰিবা।
12. তুমি বধ কৰা দমৰাটোৰ কিছু অংশ তেজ লৈ, আঙুলিৰে বেদীৰ শিঙত লগাবা, আৰু বাকী তেজখিনি বেদীৰ ভিত্তিমূলত বাকি দিবা।
13. তাৰ প্রতিটো অংশত থকা তেল, কলিজাৰ ওপৰত থকা তেলীয়া ভাগ, ঘিলা দুটা, আৰু সেই দুটাৰ ওপৰত থকা তেল লৈ, বেদীত জ্বলাবা।
14. কিন্তু সেই দমৰা টোৰ মাংস আৰু তাৰ লগতে ছাল আৰু গোবৰ তম্বুৰ বাহিৰফালে জুইত পুৰি ভষ্ম কৰি দিবা; সেয়ে পাপাৰ্থক বলি হ’ব।
15. তুমি এটা মেৰ-ছাগ পোৱালিও লগত ল’বা। হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই মেৰ-ছাগটোৰ মুৰত হাত দিব।
16. তুমি সেই মেৰ-ছাগটো বধ কৰিবা। তাৰ পাছত সেই বধ কৰা মেৰ-ছাগটোৰ তেজ লৈ বেদীৰ ওপৰৰ চাৰিওফালে ছটিয়াই দিবা।
17. তুমি মেৰ-ছাগটো কাটি টুকুৰা টুকুৰ কৰিবা। তাৰ ভিতৰৰ অংশ আৰু ঠেংবোৰ ধুবা; ধুই মাংসৰ টুকুৰাবোৰৰ সৈতে মুৰটো একেলগে বেদীৰ ওপৰত থবা।
18. তাৰ পাছত সম্পূৰ্ণ মেৰ-ছাগটো বেদীত জ্বলাই দিবা; সেয়ে মোৰ অৰ্থাৎ যিহোৱাৰ উদ্দেশ্যে হোম-বলি হ’ব। এয়ে মোৰ বাবে সুমধুৰ সুগন্ধ উৎপন্ন কৰিব; এয়ে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব।
19. তাৰ পাছত তুমি আনটো মেৰ-ছাগ পোৱালি ল’বা। হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই মেৰ-ছাগটোৰ মুৰত হাত দিব।
20. তুমি সেই মেৰ-ছাগ বধ কৰিবা আৰু তাৰ অলপমান তেজ লৈ, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ সোঁ কাণৰ অগ্রভাগত, তেওঁলোকৰ সোঁ হাতৰ বুঢ়া আঙুলি, আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত লগাবা। তেজৰ বাকী থকা অংশ বেদীৰ ওপৰৰ চাৰিওফালে ছটিয়াই দিবা।
21. তুমি বেদীৰ ওপৰত থকা তেজ, আৰু অভিষেক কৰা তেলৰ কিছু অংশ লৈ, হাৰোণৰ ওপৰত, তেওঁৰ বস্ত্ৰৰ ওপৰত, তেওঁৰ পুত্ৰসকলৰ ওপৰত আৰু তেওঁলোকৰ বস্ত্ৰৰ ওপৰতো ছটিয়াই দিবা। এইদৰে তেওঁ, তেওঁৰ বস্ত্ৰ, তেওঁৰ পুত্ৰ আৰু তেওঁলোকৰ বস্ত্ৰ পবিত্ৰীকৃত হ’ব।
22. তুমি মেৰ-ছাগটোৰ চৰ্বি, নেগুৰৰ চৰ্বি, ভিতৰৰ অংশত থকা চৰ্বি, কলিজাৰ ওপৰত থকা চৰ্বি, ঘিলা দুটা আৰু তাৰ ওপৰত থকা চৰ্বি, আৰু পাছফালৰ সোঁ কৰঙন ল’বা; কাৰণ সেয়ে মোৰ বাবে পুৰোহিতক পবিত্রকৃত কৰিবৰ বাবে লোৱা মেৰ-ছাগ।
23. তুমি যিহোৱাৰ সন্মুখত থকা খমীৰ নিদিয়া পিঠাৰ সেই পাচিটোৰ পৰা এটা পিঠা, তেল মিহলোৱা এটা পিঠা, আৰু খমীৰ নিদিয়া এটা পাতল পিঠা ল’বা।
24. হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ হাতত সেই সকলোকে দিবা। তেওঁলোকে যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰিবৰ বাবে সেই পিঠাবোৰ ওপৰলৈ তুলি ধৰিব।
25. তুমি তেওঁলোকৰ হাতত পৰা আহাৰ লৈ, সেইবোৰ হোমবলিৰ সৈতে সুঘ্ৰাণৰ অৰ্থে বেদীত জ্বলাই দিবা। ই যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব।
26. তুমি হাৰোণক পবিত্রকৰণৰ অৰ্থে লোৱা মেৰ-ছাগৰ বুকু ল’বা, আৰু ওপৰলৈ তুলি লৈ, যিহোৱাক দিয়াৰ দৰে উপহাৰ দিবা। তাৰ পাছত সেই অংশ তোমাৰ খোৱাৰ বাবে থবা।
27. মোলৈ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ পবিত্রকৰণৰ যি মেৰ-ছাগটোৰ বুকু ওপৰলৈ তুলি ধৰিবা আৰু উপহাৰ দিয়া কৰঙণ, সেই দুয়োটাকে তুমি পবিত্ৰ কৰিবা।
28. ইস্রায়েলী সকলৰ পৰা পোৱা হাৰোণ আৰু তেওঁৰ বংশৰ লোকসকলৰ এয়ে চিৰস্থায়ী বিধি হ’ব। কিয়নো সেয়ে উত্তোলনীয় উপহাৰ। ইস্ৰায়েলী লোকসকলৰ মঙ্গলাৰ্থক বলিৰ পৰা দিবলগীয়া এয়ে যিহোৱাৰ উদ্দেশ্যে তেওঁলোকৰ উত্তোলনীয় উপহাৰ।
29. পবিত্র বস্ত্ৰ পিন্ধি অভিষিক্ত আৰু নিযুক্ত হ’বলৈ হাৰোণৰ পাছত তেওঁৰ পবিত্ৰ বস্ত্ৰ তেওঁৰ পুত্ৰসকলৰ বাবে হ’ব।
30. তেওঁৰ পুত্ৰসকলৰ মাজৰ যি জনে তেওঁৰ সলনি পুৰোহিত হৈ পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবলৈ সাক্ষাৎ কৰা তম্বুত সোমাব, সেই জনেই সেই বস্ত্ৰ সাত দিন পিন্ধিব।
31. তুমি মোৰ উদ্দেশ্যে পুৰোহিতসকলক পবিত্রকৃত কৰিবলৈ, মেৰ-ছাগ পোৱালিটোৰ মাংস এক পবিত্ৰ স্থানত সিজাব লাগিব।
32. সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে সেই মেৰ-ছাগ মাংস আৰু পাচিত থকা পিঠা ভোজন কৰিব লাগিব।
33. মোৰ পৰিচৰ্যাৰ বাবে তেওঁলোকক পবিত্ৰ কৰিবলৈ আৰু তেওঁলোকৰ প্ৰায়শ্চিত্ত হ’বলৈ, তেওঁলোকে মাংস আৰু পিঠা ভোজন কৰিব। কিন্তু আন কোনো লোকে সেইবোৰ ভোজন কৰিব নালাগে; কাৰণ সেই সকলো পবিত্ৰ বস্তু।
34. সেই নিযুক্তকৰণৰ মাংস আৰু পিঠাৰ পৰা যদি কিছু অৱশিষ্ট ৰাতিপুৱালৈকে থাকি যায়, তেনেহ’লে সেই অৱশিষ্ট ভাগ জুইত পুৰি ভস্ম কৰিব লাগিব। এইটো কোনেও ভোজন কৰিব নোৱাৰিব, কাৰণ সেয়ে মোৰ বাবে পবিত্রকৃত কৰি ৰখা।
35. মই তোমাক কৰিবলৈ দিয়া সকলো আজ্ঞা অনুসাৰে, হাৰোণ আৰু তেওঁৰ পুত্ৰসকললৈ কৰিবা। এনেকি তেওঁলোকক মোৰ বাবে পবিত্রকৃত কৰিবলৈ তুমি সাত দিন ল’বা।
36. তুমি প্ৰায়শ্চিত্তৰ বাবে প্ৰতি দিনে পাপাৰ্থক বলিৰূপে এটা ভতৰা গৰু বলি দিবা। এইদৰে প্ৰায়শ্চিত্ত বেদীক শুচি কৰিবলৈ ইয়াকে কৰিব লাগিব। এই বেদী পবিত্ৰ কৰি ইয়াক অভিষেক কৰিবা, আৰু মোৰ বাবে পৃথক কৰি ৰাখিবা।
37. তুমি সাত দিন ধৰি প্ৰায়শ্চিত্ত কৰি বেদীক পবিত্ৰ কৰিবা। তাৰ পাছত সেই বেদী অতি পবিত্ৰ হ’ব। বেদীৰ সংস্পৰ্শত যি কোনোৱে আহিব, তেৱোঁ পবিত্ৰ হৈ যাব।
38. সেই যজ্ঞবেদীৰ ওপৰত তুমি প্রতিদিনে সদায় এবছৰীয়া দুটা মেৰ-ছাগ পোৱালি বলি উৎসৰ্গ কৰিবা।
39. তাৰে এটা ৰাতিপুৱা, আনটো গধূলি উৎসৰ্গ কৰিবা।
40. প্ৰথম মেৰ-ছাগ পোৱালিটোৰ লগত হিনৰ চাৰি ভাগৰ এভাগ খুন্দি উলিওৱা হিন তেল মিহলোৱা এক ঐফাৰ দহ ভাগৰ এভাগ মিহি আটাগুড়ি, আৰু পেয় নৈবেদ্যৰ বাবে হিনৰ চাৰিভাগৰ এভাগ দ্ৰাক্ষাৰস দিবা।
41. দ্বিতীয় মেৰ-ছাগ পোৱালিটো গধূলি উৎসৰ্গ কৰিবা। ৰাতিপুৱাৰ ভক্ষ্য আৰু পেয় নৈবেদ্যৰ দৰেই কৰিবা; সেয়ে সুমধুৰ সুগন্ধ উৎপন্ন কৰি যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব।
42. তোমাৰ সৈতে কথা পাতিবলৈ য’ত মই তোমাক সাক্ষাৎ কৰিম, সেই সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত যিহোৱাৰ সন্মুখত এয়ে তোমালোকৰ পুৰুষানুক্ৰমে সদায় কৰিবলগীয়া হোমবলি হ’ব।
43. সেই ঠাইতে মই ইস্ৰায়েলী লোকসকলৰ সৈতে সাক্ষাৎ কৰিম; তাতে মোৰ প্ৰতাপৰ দ্বাৰাই সেই তম্বু পবিত্ৰকৃত হ’ব।
44. মই সেই সাক্ষাৎ কৰা তম্বু আৰু যজ্ঞবেদী পবিত্ৰ কৰিম, আৰু মোৰ অৰ্থে পুৰোহিত কাৰ্য কৰিবলৈ হাৰোণক আৰু তেওঁৰ পুত্ৰসকলকো পবিত্ৰ কৰিম।
45. মই ইস্ৰায়েলী লোকসকলৰ মাজত বাস কৰিম, আৰু তেওঁলোকৰ ঈশ্বৰ হম।
46. তেতিয়া যিজন সৰ্বশক্তিমান ঈশ্বৰে তেওঁলোকৰ মাজত বাস কৰিবলৈ তেওঁলোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, তেওঁলোকৰ সেই ঈশ্বৰ যিহোৱা যে মই, সেই কথা তেওঁলোকে জানিব। ময়েই তেওঁলোকৰ ঈশ্বৰ যিহোৱা।

যাত্রাপুস্তক 30:1-38
1. তুমি ধূপ জ্বলাবৰ বাবে চিটীম কাঠেৰে এটা বেদী সাজিবা।
2. সেয়ে এহাত দীঘল, এহাত বহল হ’ব; আৰু সেই বেদীৰ চাৰিওদিশ সমান হ’ব। ওখই দুহাত; তাৰ শিংবোৰ একে ডোখৰ কাঠেৰে হ’ব লাগিব।
3. তুমি বেদীটোৰ ওপৰত, চাৰিও ফালে আৰু শিংবোৰত শুদ্ধ সোণৰ পতা মাৰি আৱৰণ কৰিবা। তাৰ চাৰিওফালৰ কিনাৰত সোণ লগাবা।
4. তুমি সোণৰ দুটা আঙঠি গঢ়াই, কিনাৰৰ তলত দুই কাষৰ দুই চুকৰ ওপৰত লগাবা। বেদীটো বৈ নিবলৈ আঙঠি দুটা কানমাৰি সুমুউৱাৰ ঠাই হ’ব।
5. সেই কানমাৰি চিটীম কাঠেৰে সাজিবা, আৰু তাত সোণৰ পতা মাৰিবা।
6. তুমি ধূপবেদিটো সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ পৰ্দাৰ আগফালে ৰাখিব লাগিব। সেই পৰ্দা সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ ওপৰত থকা পাপাবৰণৰ ওচৰত থাকিব। সেই ঠাইতে মই তোমালোকৰ সৈতে সাক্ষাৎ কৰিম।
7. হাৰোণে প্রতি ৰাতিপুৱা সুগন্ধি ধূপ জ্বলাব। প্ৰতি ৰাতিপুৱা প্ৰদীপ পৰিষ্কাৰ কৰা সময়ত তেওঁ সেই ধূপ জ্বলাব।
8. গধূলিও প্ৰদীপ জ্বলোৱাৰ সময়ত তেওঁ ধূপ জ্বলাব। সেয়ে তোমালোকৰ পুৰুষানুক্ৰমে যিহোৱাৰ সন্মুখত নিত্য ধূপদাহ হ’ব।
9. তোমালোকে তাৰ ওপৰত সাধাৰণ ধূপ, বা হোম বলি, বা ভক্ষ্য নৈবেদ্য উৎসৰ্গ নকৰিবা, আৰু তাৰ ওপৰত পেয় নৈবেদ্যও নাঢালিবা।
10. বছৰত এবাৰ হাৰোণে তাৰ শিংবোৰ পবিত্রকৃত কৰিব। তোমালোকৰ পুৰুষানুক্ৰমে প্ৰায়শ্চিত্তাৰ্থক পাপ-বলিৰ তেজেৰে তেওঁ বছৰত এবাৰ পবিত্রকৃত কৰিব। এই বেদী যিহোৱাৰ উদ্দেশ্যে অতি পবিত্ৰ হ’ব।
11. যিহোৱাই মোচিক কলে,
12. “তুমি যেতিয়া ইস্ৰায়েলৰ জনসংখ্যা গণনা কৰিবা, তেতিয়া তেওঁলোকৰ প্ৰতিজনে যিহোৱাৰ উদ্দেশ্যে নিজৰ নিজৰ প্ৰাণৰ অৰ্থে মুক্তি ধন দিব লাগিব। তুমি তোমাৰ পাছত তেওঁলোকৰ গণনা কৰিব লাগিব। তুমি তেওঁলোকক গণনা কৰিবা, তাতে তেওঁলোকৰ মাজত মহামাৰী নহ’ব।
13. প্রতিজন লোকে গণনা কৰা সময়ত আধা চেকল ৰূপ দিব লাগিব। তেওঁ পবিত্ৰ-স্থানৰ চেকল অনুসাৰে আধা চেকল দিব। আধা চেকলত বিশ গেৰা হয়; সেই আধা চেকল যিহোৱাৰ উদ্দেশ্যে দিবলগা উপহাৰ।
14. বিশ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোক প্রতিজনে গণনা কৰা সময়ত, যিহোৱালৈ উপহাৰ দিব লাগিব।
15. তোমালোকে প্ৰাণৰ অৰ্থে প্ৰায়শ্চিত্ত কৰিবলৈ যিহোৱাৰ সেই উপহাৰ দিয়াৰ সময়ত, ধনী লোকসকলে আধা চেকলতকৈ অধিক নিদিব, আৰু দুখীয়া লোকসকলে তাতকৈ কম নিদিব।
16. তুমি ইস্ৰায়েলী লোকসকলৰ পৰা সেই প্ৰায়শ্চিত্তৰ ধন ল’ব লাগিব, আৰু সেই ধন সাক্ষাৎ কৰা তম্বুৰ কাৰ্যৰ অৰ্থে দিব লাগিব। তোমালোকৰ প্ৰাণৰ প্ৰায়শ্চিত্তৰ বাবে সেয়ে ইস্ৰায়েলী লোকসকলৰ সোঁৱৰণৰ অৰ্থে যিহোৱাৰ আগত থাকিব।”
17. যিহোৱাই মোচিক কলে,
18. “প্রক্ষালনৰ বাবে তুমি পিতলৰ এটা প্ৰক্ষালন-পাত্ৰ গঢ়াবা, আৰু তাত পিতলৰ খুৰা লগাবা। তুমি সেই প্রক্ষালন পাত্র সাক্ষাৎ কৰা তম্বু আৰু হোম বেদীৰ মাজত থবা; আৰু তুমি ইয়াৰ ভিতৰত পানী ভৰাই ৰাখিবা।
19. হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে তাত থকা পানী লৈ নিজৰ হাত ভৰি ধুব।
20. তেওঁলোকে যেতিয়া সাক্ষাৎ কৰা তম্বুত সোমাব, বা যিহোৱাৰ পৰিচৰ্যা কৰিবলৈ, তেওঁৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ দগ্ধ কৰিবলৈ বেদীৰ ওচৰলৈ যাব, তেতিয়া তেওঁলোকৰ যেন মৃত্যু নহয়, সেই কাৰণে তেওঁলোকে নিজৰ হাত ভৰি ধুব।
21. তেওঁলোকৰ মৃত্যু নহবলৈ তেওঁলোকৰ নিজৰ হাত ভৰি ধুব লাগিব। এয়ে তেওঁ আৰু তেওঁৰ বংশৰ পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি হ’ব।”
22. যিহোৱাই মোচিক ক’লে,
23. “তুমি নিজৰ বাবে বিশেষ বিশেষ সুগন্ধি দ্ৰব্য, অৰ্থাৎ পবিত্ৰ-স্থানৰ চেকল অনুসাৰে, পাঁচশ চেকল গন্ধৰস, আৰু দুশ পঞ্চাশ চেকল সুগন্ধি ডালচেনি, দুশ পঞ্চাশ চেকল সুগন্ধি বচ,
24. পাঁচ শ চেকল তেজপাত, আৰু এক হিন জিতগছৰ তেল ল’বা।
25. সেইবোৰেৰে তুমি অভিষেকৰ অৰ্থে পবিত্ৰ তেল, অৰ্থাৎ সুগন্ধি দ্ৰব্য ব্যৱসায়ীয়ে তৈয়াৰ কৰা অনুসাৰে সুগন্ধি তেল যুগুত কৰিবা। সেয়ে অভিষেকৰ পবিত্ৰ তেল হ’ব।
26. তুমি সাক্ষাৎ কৰা তম্বু, সাক্ষ্য ফলিৰ নিয়ম চন্দুক,
27. মেজ আৰু তাৰ সকলো সঁজুলি, দীপাধাৰ আৰু তাৰ সঁজুলিবোৰ, ধূপ বেদী,
28. হোমবেদি আৰু তাৰ সকলো সঁজুলি, প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুৰা সেই অভিষেক তেলেৰে অভিষেক কৰিবা।”
29. সেই সকলোকে অভিষেক কৰি পবিত্ৰ কৰিবা; তাতে সেই সকলো বস্তু মোৰ বাবে পবিত্ৰ আৰু সংৰক্ষিত হ’ব। সেইবোৰৰ সংস্পৰ্শত যি লোক আহিব, তেৱোঁ পবিত্ৰ হ’ব।
30. মোৰ উদ্দেশ্যে পুৰোহিত কাৰ্য কৰিবলৈ, তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক অভিষেক কৰি তেওঁলোকক পবিত্ৰ কৰিবা।
31. তুমি ইস্ৰায়েলী লোকসকলক কবা, “তোমালোকৰ পুৰুষানুক্ৰমে মোৰ বাবে সেয়ে অভিষেকৰ পবিত্ৰ তেল হ’ব।
32. মানুহৰ গাত সেই তেল ব্যৱহাৰ কৰা নহ’ব। সেই তেলৰ সূত্র অনুসাৰে, সেই তেলৰ দৰে আন কোনো তেল প্রস্তুত কৰা নহ’ব; কাৰণ সেয়ে মোৰ বাবে পবিত্ৰ কৰি সংৰক্ষিত কৰা তেল।
33. যি কোনোৱে এই তেলৰ দৰে আন সুগন্ধি প্রস্তুত কৰিব, বা যি কোনোৱে গাত তাৰ অলপো লগাব, তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব’।”
34. যিহোৱাই মোচিক ক’লে, “তুমি নিজৰ বাবে সুগন্ধি দ্ৰব্য, অৰ্থাৎ নাটাফ, নখী, হেল্বনা, এই সকলো সুগন্ধি দ্ৰব্যৰ, আৰু নিৰ্মল কুন্দুৰুৰ প্ৰতিটো সমান পৰিমাণে লোৱা।
35. সেইবোৰৰ দ্বাৰাই সুগন্ধি-দ্ৰব্য ব্যৱসায়ীৰ সূত্র অনুসাৰে লোণ মিহলোৱা এক নিৰ্মল পবিত্ৰ সুগন্ধি ধূপ যুগুত কৰা।
36. সেই ধূপ গুড়ি কৰি মিহি কৰিবা, যি সাক্ষাৎ কৰা তম্বুত মই তোমাৰে সৈতে সাক্ষাৎ কৰিম, সেই সাক্ষ্য ফলিৰ নিয়ম চন্দুকৰ সন্মুখত তাক থবা। সেয়ে তোমালোকলৈ অতি পবিত্ৰ হ’ব।
37. তুমি যি সুগন্ধি ধূপ প্রস্তুত কৰিবা, সেই সূত্র অনুসাৰে তোমালোকৰ বাবে ধূপ প্রস্তুত নকৰিবা। সেয়ে তোমাৰ মানত যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব।
38. যি কোনোৱে নিজৰ বাবে এইদৰে সুগন্ধি তৈয়াৰ কৰিব, তেওঁক নিজৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।”

সামসঙ্গীত 20:6-9
6. এতিয়া মই জানো, যিহোৱাই তেওঁৰ অভিষিক্ত জনক সহায় কৰিব, তেওঁৰ সোঁ হাতৰ বিজয়সূচক পৰিত্রাণেৰে সৈতে, তেওঁ নিজৰ পবিত্ৰ স্বৰ্গৰ পৰা অভিষিক্ত জনাৰ মাতত উত্তৰ দিব।
7. অনেকে তেওঁলোকৰ ৰথত, অনেকে তেওঁৰ ঘোঁৰাত অহংকাৰ কৰে; কিন্তু আমি হলে অহংকাৰ কৰোঁ আমাৰ ঈশ্বৰ যিহোৱাৰ নামত।
8. তেওঁলোক পৰিব আৰু পতন হ’ব। কিন্তু আমি হলে মূৰ দাঙি থিয় হৈ থাকিম।
9. হে যিহোৱা, ৰজাক উদ্ধাৰ কৰা; আমি প্ৰাৰ্থনা কৰা কালত আমাক উত্তৰ দিয়া।

প্রবচন 6:6-23
6. হে এলেহুৱা লোক, পৰুৱালৈ দৃষ্টি কৰা, সিহঁতৰ কাৰ্যলৈ চাই জ্ঞানী হোৱা।
7. সিহঁতৰ কোনো অধিপতি, কাৰ্যধ্যক্ষ, বা শাসনকৰ্ত্তা নাই,
8. তথাপি সিহঁতে জহকালৰ আহাৰ গোটায়, আৰু শস্য দোৱাৰ সময়ত আহাৰ চপায়।
9. হে এলেহুৱা, তুমি কিমান কাল শুই থাকিবা? আৰু কেতিয়া টোপনিৰ পৰা উঠিবা?
10. “আৰু অলপ শুই থাকো, আৰু অলপ টোপনিয়াও, আৰু অলপ জিৰণী লবলৈ হাত সাৱটো”-
11. তেতিয়া তোমাৰ দৰিদ্ৰতা ডকাইতৰ দৰে, আৰু তোমাৰ প্রয়োজনীতা সুসজ্জিত ৰণুৱাৰ দৰে আহিব।
12. এজন অপদাৰ্থ ব্যক্তি, এজন পাপী লোক- কটু কথাৰ দ্বাৰাই জীয়াই থাকে।
13. তেওঁ চকু টিপিয়াই আৰু ভৰিৰে সঙ্কেত দিয়ে, আৰু আঙুলিৰে ইঙ্গিত কৰে।
14. তেওঁ হৃদয়ৰ প্রতাৰণাৰ সৈতে বেয়া চক্রান্ত কৰে, তেওঁ সদায় বিবাদক আলোড়িত কৰে,
15. সেই কাৰণে তেওঁলৈ অকস্মাতে দুৰ্যোগ আহে; তৎক্ষণাত সুস্থ হ’ব নোৱাৰাকৈ তেওঁ ভাঙি পৰে।
16. যিহোৱাই ঘিণ কৰা বিষয় ছয়টা, সপ্তমটো তেওঁলৈ বিতৃষ্ণাজনক।
17. গৰ্ব্ব কৰা চকু, মিছা কথা কোৱা জিভা, নিৰ্দ্দোষীৰ তেজত পতিত হোৱা হাত,
18. বেয়া পৰিকল্পনা কৰা হৃদয়, বেয়া কৰ্ম কৰিবলৈ বেগাই দৌৰ মৰা ভৰি,
19. মিছা কথা ব্যক্ত কৰা সাক্ষী, আৰু ভাইসকলৰ মাজত কন্দলৰূপ গুটি সিচোঁতা লোক।
20. হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আজ্ঞা পালন কৰা, আৰু তোমাৰ মাতৃৰ শিক্ষা হেয়জ্ঞান নকৰিবা।
21. সেইবোৰ সদায় তোমাৰ হৃদয়ত গাঁঠি থোৱা, আৰু সেইবোৰ ডিঙিত বান্ধি ৰাখা।
22. তুমি যেতিয়া খোজ কাঢ়িবা, তেতিয়া সেইবোৰে তোমাক পৰিচালনা কৰিব, তুমি যেতিয়া শুবা, তেতিয়া সেইবোৰে তোমাক পৰ দি ৰাখিব, আৰু যেতিয়া তুমি শুই উঠিবা, তেতিয়া সেইবোৰে তোমাক শিক্ষা প্রদান কৰিব।
23. কাৰণ সেই আজ্ঞাবোৰ প্ৰদীপস্বৰূপ, আৰু সেই শিক্ষা পোহৰস্বৰূপ হয়, নেতিবাচক অনুশাসন জীৱনৰ পথ হয়।

মথি 25:1-30
1. তেতিয়া চাকি লৈ, দৰাক আগবঢ়াবলৈ ওলাই যোৱা দহ জনী কন্যাৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হ’ব।
2. তেওঁলোকৰ মাজত পাঁচ জনী নিৰ্ব্বুদ্ধি আৰু পাঁচ জনী সুবুদ্ধি আছিল।
3. কিয়নো নিৰ্ব্বুদ্ধি কেইজনীয়ে নিজৰ নিজৰ চাকি লওঁতে লগত তেল নল’লে;
4. কিন্তু সুবুদ্ধি কেইজনীয়ে তেওঁলোকৰ চাকিৰ লগত নিজৰ নিজৰ পাত্ৰত তেলো ল’লে।
5. পাছত দৰা আহোতে পলম হোৱাত, সকলোৱে কলমটীয়াই টোপনি গ’ল।
6. কিন্তু মাজনিশা যেতিয়া; ‘চোৱা, সৌৱা দৰা! তেওঁক আগবঢ়াই আনিবলৈ ওলোৱাহঁক’, এই বুলি চিঞৰিলে।
7. তেতিয়া সেই আটাই কেইজনী কন্যাই উঠি, তেওঁলোকৰ জ্বলোৱা চাকি সাজু কৰি ললে।
8. এনেতে নিৰ্ব্বুদ্ধি কেইজনীয়ে সুবুদ্ধি কেইজনীক ক’লে, তোমালোকৰ পৰা অলপ মান তেল আমাক দিয়া; কিয়নো আমাৰ চাকি নুমাওঁ নুমাওঁ হৈছে।
9. কিন্তু সুবুদ্ধি কেইজনীয়ে উত্তৰ দি ক’লে, ‘কিজানি তোমালোকক দিলে আমালৈ নুজুৰিব; তাতকৈ তেল-বেচোঁতাৰ ওচৰলৈ গৈ, তোমালোকৰ কাৰণে কিনি আনাগৈ’।
10. কিন্তু তেওঁলোকে কিনিবলৈ যাওঁতেই, দৰা আহিল আৰু সাজু হৈ থকা কেইগৰাকীয়ে তেওঁৰ লগত বিয়াৰ ভোজলৈ গ’ল আৰু দুৱাৰ বন্ধ কৰা হ’ল৷
11. পাছত আন কেইজনী কন্যাই আহি ক’লে, ‘হে প্ৰভু, হে প্ৰভু, আমালৈ দুৱাৰ মেলি দিয়ক’।
12. কিন্তু তেওঁ উত্তৰ দি ক’লে, ‘মই সঁচাকৈ কওঁ তোমালোকক মই চিনি নাপাও’।
13. এতেকে পৰ দি থাকা; কিয়নো সেইদিন বা সময় তোমালোকে নাজানা।
14. কিয়নো স্বৰ্গৰাজ্য এনে এজন মানুহৰ নিচিনা, যি নিজৰ দাসবোৰক মাতি আনি নিজ সম্পত্তি সিহঁতৰ হাতত শোধাই দি দূৰ দেশলৈ যায়।
15. তেওঁ এজনক পাঁচ গাগৰি, এজনক দুই গাগৰি, এজনক এক গাগৰি, এইদৰে প্ৰতিজনক যোগ্যতা অনুসাৰে ধন দি যাত্ৰা কৰিলে।
16. তাতে যি জনে পাঁচ গাগৰি পাইছিল, তেওঁ তেতিয়াই গৈ বেপাৰ কৰি পুনৰ পাঁচ গাগৰি লাভ উলিয়ালে।
17. সেইদৰে যি জনে দুই গাগৰি পাইছিল, তেৱোঁ পুনৰ দুই গাগৰি লাভ উলিয়ালে।
18. কিন্তু যি জনে এক গাগৰি পাইছিল, সি গৈ মাটিত গাত খান্দি প্ৰভুৰ ধন লুকাই থ’লে।
19. বহু দিনৰ পাছত সেই দাসবোৰৰ প্ৰভু আহিল আৰু সিহঁতৰ সৈতে হিচাব কৰিলে।
20. তেতিয়া যি জনে পাঁচ গাগৰি পাইছিল, সি আকৌ পাঁচ গাগৰি আনি ক’লে, ‘হে প্ৰভু আপুনি মোক পাঁচ গাগৰি গতাই দিছিল; চাওক মই পুনৰ পাঁচ গাগৰি লাভ কৰিলোঁ’।
21. প্ৰভুৱে তেওঁক ক’লে, ‘চাবাইচ উত্তম বিশ্বাসী দাস! অলপ বিষয়তে তুমি বিশ্বাসী আছিলা, তোমাক বহু বিষয়ত গৰাকী পাতিম৷ তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা৷’
22. পাছত যি জনে দুই গাগৰি পাইছিল, তেওঁ আহি ক’লে, ‘হে প্ৰভু, আপুনি মোক দুই গাগৰি গতাই দিছিল; চাওক মই আৰু দুই গাগৰি লাভ কৰিলোঁ’।
23. তেতিয়া প্ৰভুৱে তেওঁক ক’লে, ‘চাবাইচ উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা, তোমাক অনেক বিষয়ৰ গৰাকী পাতিম৷ তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা’।
24. পাছত যি জনে এক গাগৰি পাইছিল, তেওঁ আহি ক’লে, ‘হে প্ৰভু, আপুনি কঠিন মানুহ, ইয়াক মই জানিছিলোঁ; আপুনি যি ঠাইত বোৱা নাই তাতে দায় আৰু যি ঠাইত সিঁচা নাই তাতে চপায়;
25. সেয়েহে ভয় লাগি, মই গৈ আপোনাৰ ধনৰ গাগৰি মাটিত লুকাই থৈছিলোঁ৷ চাওক, আপুনি যি দিছিল সেয়া ঘূৰাই পাইছে’।
26. কিন্তু তেওঁৰ প্ৰভুৱে উত্তৰ দি তেওঁক ক’লে, ‘হেৰ দুষ্ট আৰু এলেহুৱা দাস, মই যি ঠাইত নবওঁ তাতে দাওঁ আৰু যি ঠাইত নিসিচোঁ তাতে চপাঁও, ইয়াকে যদি তুমি জানিছিলা;
27. তেনেহলে ধন ভৰালীৰ ওচৰত মোৰ ধন থব লাগিছিল, তেতিয়া মই আহি সুতে সৈতে মোৰ ধন পালোহেঁতেন।
28. এই কাৰণে এওঁৰ পৰা এই গাগৰি লৈ যাৰ দহ গাগৰি আছে, তেওঁক দিয়া।
29. কিয়নো যাৰ আছে, তেওঁকেই দিয়া হব, তাতে তেওঁৰ অধিক হ’ব; কিন্তু যাৰ নাই, তেওঁৰ যি আছে, সেয়া তেওঁৰ পৰা নিয়া হ’ব।
30. এই অনুপযুক্ত দাসক বাহিৰৰ আন্ধাৰত পেলোৱাগৈ; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব।’