A A A A A

যাত্রাপুস্তক 19:1-25
1. ইস্ৰায়েলৰ লোকসকল তৃতীয় মাহত মিচৰ দেশৰ পৰা ওলাই যোৱাৰ পাছত, সেই দিনাই তেওঁলোক চীনয় মৰুভূমি আহি পালে।
2. তেওঁলোকে ৰফীদীমৰ পৰা যাত্ৰা কৰি চীনয় মৰুভূমিলৈ অহাৰ পাছত, মৰুভূমিত পৰ্ব্বতৰ সন্মুখত তম্বু তৰিলে।
3. মোচি ঈশ্বৰৰ ওচৰলৈ উঠি গ’ল। যিহোৱাই পৰ্ব্বতৰ পৰা তেওঁক মাত লগাই ক’লে, “তুমি যাকোবৰ বংশক আৰু ইস্ৰায়েলী লোকসকলক নিশ্চয়কৈ কোৱা:
4. মই মিচৰীয়া লোকসকললৈ যি কৰিলোঁ, আৰু কেনেকৈ কুৰৰ পক্ষীৰ ডেউকাৰ দ্বাৰাই, তোমালোকক মোৰ ওচৰলৈ আনিলোঁ।
5. এতিয়া যদি তোমালোকে বাধ্যতাৰে মোৰ কথা শুনা, আৰু মোৰ নিয়মটি পালন কৰা, তেতিয়াহে তোমালোক সকলো লোকৰ মাজৰ পৰা লোৱা মোৰ বিশেষ অধিকাৰ প্রাপ্ত লোক হ’বা; কাৰণ সমূদায় পৃথিৱী মোৰেই।
6. মোৰ বাবে তোমালোক ৰাজকীয় পুৰোহিত আৰু পবিত্ৰ জাতি হ’বা। এই সকলো কথা তুমি ইস্ৰায়েলী লোকসকলক ক’ব লাগে।”
7. সেয়ে মোচিয়ে আহি লোকসকলৰ পৰিচাৰক সকলক মাতিলে। যিহোৱাই তেওঁক দিয়া সকলো আজ্ঞা তেওঁলোকৰ আগত প্রকাশ কৰিলে।
8. সকলো লোকে একেলগে উত্তৰ দি ক’লে, “যিহোৱাই যি কৈছে, সেইবোৰ আমি কৰিম।” তেতিয়া মোচিয়ে যিহোৱাৰ আগত লোকসকলে কোৱা কথা জনালে।
9. যিহোৱাই মোচিক ক’লে, “মই ঘন মেঘৰ মাজত তোমাৰ ওচৰলৈ আহিম; আৰু মই যেতিয়া তোমাৰ লগত কথা পাতিম, তেতিয়া যেন লোকসকলে সেই কথা শুনিবলৈ পাই; আৰু তোমাকো যেন তেওঁলোকে সদায় বিশ্বাস কৰিব পাৰে।” তেতিয়া মোচিয়ে যিহোৱাৰ আগত লোকসকলৰ কথা ক’লে।
10. যিহোৱাই মোচিক ক’লে, “লোকসকলৰ ওচৰলৈ যোৱা। আজি আৰু কাইলৈ তেওঁলোকক পবিত্ৰ কৰিবা, আৰু তেওঁলোকক নিজৰ কাপোৰ ধুই, মই অহাৰ বাবে তেওঁলোকক যুগুত কৰা।
11. তৃতীয় দিনৰ বাবে প্রস্তুত হোৱা, তৃতীয় দিনৰ দিনা মই যিহোৱা, চীনয় পৰ্ব্বতলৈ নামি আহিম।
12. তুমি লোকসকলৰ বাবে পৰ্ব্বতৰ চাৰিওফালে সীমা নিৰূপন কৰা। তেওঁলোকক কোৱা, ‘সাৱধান হওক; আপোনালোক পৰ্ব্বতৰ ওপৰলৈ উঠি নাযাব, আৰু তাৰ সীমাও স্পৰ্শ নকৰিব। যিজনে পৰ্ব্বত স্পৰ্শ কৰিব, তেওঁক অৱশ্যেই প্ৰাণদণ্ড দিয়া হ’ব।’
13. সেই লোকক কোনেও হাতেৰে স্পৰ্শ নকৰিব। তাৰ পৰিৱৰ্তে, তেওঁলৈ শিল দলিওৱা হ’ব বা কাঁড় মৰা হ’ব। পশুৱেই হওক, বা মানুহেই হওক, তেওঁ নিশ্চয় মৃত্যুদণ্ড পাব। যেতিয়া দীঘল কৈ শিঙা বাজিব, তেতিয়া তেওঁলোক পৰ্ব্বতৰ নামনিলৈ নামি আহিব।”
14. তেতিয়া মোচিয়ে পৰ্ব্বতৰ পৰা লোকসকলৰ ওচৰলৈ নামি আহিল। তেওঁ লোকসকলক পবিত্ৰকৃত কৰিলে; আৰু তেওঁলোকে নিজৰ নিজৰ কাপোৰবোৰ ধুলে।
15. তেওঁ লোকসকলক ক’লে, “আপোনালোক তৃতীয় দিনৰ বাবে যুগুত হওক; আৰু আপোনালোকৰ ভাৰ্যাৰ ওচৰলৈ নাযাব।”
16. তৃতীয় দিনা ৰাতি পুৱা, মেঘ-গৰ্জ্জন, বিজুলী, পৰ্ব্বতৰ ওপৰত ঘন মেঘ, আৰু উচ্চ শিঙা-ধ্বনি হ’ল। তাতে তম্বুত থকা সকলো লোক কঁপিবলৈ ধৰিলে।
17. মোচিয়ে ঈশ্বৰক ল’গ ধৰিবলৈ লোকসকলক তম্বুৰ পৰা উলিয়াই আনিলে; আৰু তেওঁলোক পৰ্ব্বতৰ নামনিত থিয় হ’ল।
18. যিহোৱা চীনয় পৰ্ব্বতৰ ওপৰলৈ অগ্নিত নামি অহাত, গোটেই পৰ্ব্বত ধোঁৱাময় হ’ল; আৰু অগ্নিকুণ্ডৰ ধোঁৱাৰ নিচিনাকৈ তাৰ ধোঁৱা উঠিল। সেয়ে গোটেই পৰ্ব্বত বৰকৈ কঁপিব ধৰিলে।
19. শিঙাৰ উচ্চ ধ্বনি যেতিয়া ক্রমে ক্রমে বাঢ়ি গ’ল, তেতিয়া মোচিয়ে কথা ক’লে, আৰু ঈশ্বৰে আকাশী-বাণীৰে তেওঁক উত্তৰ দিলে।
20. এইদৰে যিহোৱা চীনয় পৰ্ব্বতৰ ওপৰলৈ নামি আহিল; আৰু মোচিক ওপৰলৈ মাতিলে। সেয়ে মোচি উঠি গ’ল।
21. যিহোৱাই মোচিক ক’লে, “লোকসকলে মোক চাবৰ বাবে যেন সীমা লঙ্ঘন কৰি নাহে, আৰু তেওঁলোকৰ অনেক লোক যেন বিনষ্ট নহয়, সেই বাবে তুমি নামি গৈ তেওঁলোকক সাৱধান কৰা।
22. যি পুৰোহিতসকল মোৰ ওচৰলৈ আহে, তেওঁলোকক পৃথক কৰা; যিহোৱাই যেন তেওঁলোকক আক্ৰমণ নকৰে, সেই বাবে তেওঁলোকে নিজকে পবিত্ৰকৃত কৰক।”
23. মোচিয়ে যিহোৱাক ক’লে, “লোকসকল চীনয় পৰ্ব্বতৰ ওপৰলৈ আহিব নোৱাৰে; কাৰণ, আপুনি আমাক আজ্ঞা কৰিছে: ‘বিশেষভাৱে যিহোৱাৰ গৌৰৱৰ অৰ্থে পৰ্ব্বতৰ সীমা নিৰূপণ কৰি তাক পবিত্ৰ কৰিবলৈ’।”
24. তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি পৰ্ব্বতৰ পৰা নামি যোৱা; আৰু হাৰোণক তোমাৰ লগত লৈ আহাঁ; কিন্তু পুৰোহিত আৰু লোকসকলক সীমা অতিক্রম কৰিব নিদিবা। নহ’লে মই তেওঁলোকক আক্ৰমণ কৰিম।”
25. সেয়ে মোচিয়ে লোকসকলৰ ওচৰলৈ নামি গ’ল, আৰু তেওঁলোকৰ আগত সেই কথা ক’লে।

যাত্রাপুস্তক 20:1-26
1. ঈশ্বৰে এই সকলো কথা ক’লে:
2. “মই যিহোৱা, তোমালোকৰ ঈশ্বৰ, মিচৰ দেশৰ বন্দীঘৰৰ পৰা উলিয়াই অনা তোমালোকৰ ঈশ্বৰ যিহোৱা ময়েই।
3. মোৰ আগত তোমালোকৰ আন কোনো দেৱতা নাথাকক।
4. তোমালোকে নিজৰ বাবে, স্বৰ্গত থকা, অথবা পৃথিবীত থকা, বা পানীৰ তলত থকা কোনো আকৃতিৰ মূৰ্ত্তি নাসাজিবা।
5. সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা, আৰু সেইবোৰক সেৱাপূজাও নকৰিবা; কাৰণ মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। মই ঈৰ্ষাম্বিত ঈশ্বৰ। মোক ঘৃণা কৰা লোকসকলৰ সন্তানসকলক তেওঁলোকৰ পিতৃসকলৰ অপৰাধৰ শাস্তি মই তৃতীয় চতুৰ্থ পুৰুষলৈকে দিওঁ।
6. কিন্তু মোক প্ৰেম কৰা আৰু মোৰ আজ্ঞা পালন কৰা সকলক মই মোৰ বিশ্বাসযোগ্য চুক্তি হাজাৰ হাজাৰ পুৰুষলৈকে দেখাও।
7. তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ নাম অনৰ্থকৰূপে নলবা; কিয়নো, যি কোনোৱে তেওঁৰ নাম অনৰ্থকৰূপে লয়, যিহোৱাই তেওঁক নিৰ্দ্দোষী নকৰিব।
8. মোৰ উদ্দেশ্যে বিশ্ৰাম-দিন সোঁৱৰণ কৰি পবিত্ৰ কৰিবা।
9. ছয় দিন পৰিশ্ৰম কৰি তোমালোকে সকলো কাৰ্য কৰিবা।
10. কিন্তু সপ্তম দিন তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বিশ্ৰাম-দিন। সেই দিনা তোমালোকে, অথবা তোমালোকৰ পুত্র, ছোৱালী, বা তোমালোকৰ দাস, বা দাসী, বা তোমালোকৰ পশু, বা তোমালোকৰ দুৱাৰৰ ভিতৰত থকা বিদেশী, কোনোৱে একো কাম নকৰিবা।
11. কাৰণ, মই যিহোৱাই আকাশ-মণ্ডল, পৃথিৱী, সমুদ্ৰ, আৰু সেইবোৰত থকা সকলোকে ছয় দিনত নিৰ্মাণ কৰিলোঁ, আৰু তাৰ পাছত সপ্তম দিনা বিশ্ৰাম কৰিলোঁ; এই হেতুকে মই যিহোৱাই মোৰ উদ্দেশ্যে বিশ্ৰাম-দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলোঁ।
12. তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি দেশ দিছে, সেই দেশত তোমালোকৰ আয়ুস দীঘল হ’বলৈ, তোমালোকে তোমালোকৰ পিতৃ-মাতৃক সন্মান কৰিবা।
13. নৰ-বধ নকৰিবা।
14. কোনো লোকৰ সৈতে ব্যভিচাৰ নকৰিবা।
15. কাৰো পৰা চুৰ নকৰিবা।
16. তোমালোকে তোমালোকৰ চুবুৰীয়াৰ অহিতে মিছা সাক্ষ্য নিদিবা।
17. তোমালোকে তোমালোকৰ চুবুৰীয়াৰ ঘৰলৈ লোভ নকৰিবা; তোমালোকে তোমালোকৰ চুবুৰীয়াৰ ভার্যালৈ লোভ নকৰিবা, অথবা তেওঁৰ দাস, তেওঁৰ দাসী, তেওঁৰ গৰু, তেওঁৰ গাধ, বা তেওঁৰ আন কোনো বস্তুলৈকে লোভ নকৰিবা।”
18. তেতিয়া লোকসকলে মেঘ-গৰ্জ্জন, বিজুলী, শিঙাধ্বনি, আৰু পৰ্ব্বত ধোঁৱাময় হোৱা দেখিলে। লোকসকলে এইদৰে হোৱা দেখি ভয়ত কম্পমান হৈ তেওঁলোক দূৰত থিয় হ’ল।
19. তেওঁলোকে মোচিক ক’লে, “আপুনিয়ে আমাক কথা কওক; আমি শুনিম। কিন্তু আমাৰ সৈতে ঈশ্বৰক কথা ক’বলৈ নিদিব, নহ’লে আমি মৰিম।”
20. তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “ভয় নকৰিব; আপোনালোকে যেন ঈশ্বৰলৈ ভয়ভক্তি ৰাখে আৰু পাপ নকৰে, সেই বাবে আপোনালোকক পৰীক্ষা কৰিবলৈ তেওঁ আপোনালোকৰ ওচৰলৈ আহিল।”
21. সেয়ে লোকসকল দূৰত থিয় হৈ আছিল; কিন্তু মোচিয়ে যি ঠাইত ঈশ্বৰ আছিল, সেই ঘোৰ অন্ধকাৰৰ ফালে গতি কৰিলে।
22. যিহোৱাই মোচিক ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক এই কথা কবা: ‘মই যে স্বৰ্গৰ পৰা তোমালোকৰ সৈতে কথা পাতিলোঁ, তোমালোকে নিজেই তাক দেখিলা।
23. তোমালোকে মোৰ কাষত তোমালোকৰ বাবে আন কোনো ৰূপৰ বা সোণৰ দেৱমূৰ্তি নাসাজিবা।
24. তোমালোকে মোৰ অৰ্থে মাটিৰ যজ্ঞবেদী নিৰ্মাণ কৰিবা, আৰু তাৰ ওপৰতে তোমালোকৰ হোম-বলি, সমজুৱা বলি, মেৰ-ছাগ, আৰু ষাঁড়গৰুবোৰ উৎসৰ্গ কৰিবা। যি ঠাইবোৰত মই মোৰ নাম গৌৰৱম্বানিত কৰিম, সেই সকলো ঠাইতে মই তোমাৰ ওচৰলৈ আহি তোমাক আশীৰ্ব্বাদ কৰিম।
25. তুমি যদি মোৰ অৰ্থে শিলৰ যজ্ঞবেদী নিৰ্মাণ কৰা, তেনেহলে তুমি সেই বেদী কটা-শিলেৰে নিৰ্মাণ নকৰিবা; কাৰণ তাৰ ওপৰত যদি তুমি তোমাৰ অস্ত্ৰ লগোৱা, তেন্তে তুমি তাক অপবিত্ৰহে কৰিবা।
26. তোমাৰ গোপনীয় অংশ যেন দেখা নাযায়, সেই বাবে মোৰ যজ্ঞবেদীলৈ তুমি খটখটিয়েদি নাযাবা’।”

সামসঙ্গীত 18:37-45
37. মোৰ শত্রুবোৰৰ পাছত খেদি গৈ মই তেওঁলোকক ধৰিলোঁ; তেওঁলোক বিনষ্ট নোহোৱা পর্যন্ত মই উলটি নাহিলোঁ।
38. মই তেওঁলোকক এনেকৈ আঘাত কৰিলোঁ, যাতে তেওঁলোক পুনৰ উঠিব নোৱাৰে। তেওঁলোক মোৰ ভৰিৰ তলত পতিত হ’ল।
39. তুমিয়েই মোৰ কঁকালত যুদ্ধ কৰিবলৈ বলৰূপ কটি-বন্ধন দিলা; তুমি মোৰ বিৰুদ্ধে উঠাবোৰক মোৰ তলতীয়া কৰিলা।
40. তুমি মোৰ শত্রুবোৰক মোৰ পৰা পিঠি দি পলাবলৈ দিলা; যিসকলে মোক ঘিণ কৰিছিল, মই তেওঁলোকক সংহাৰ কৰিলোঁ।
41. তেওঁলোকে সহায়ৰ বাবে কাতৰোক্তি কৰিলে, কিন্তু তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাছিল; তেওঁলোকে যিহোৱাৰ আগত চিঞৰিলে, কিন্তু তেওঁ উত্তৰ নিদিলে।
42. মই তেওঁলোকক গুড়ি কৰি মাৰিলোঁ, বতাহত উড়ি যোৱা ধুলিৰ নিচিনা কৰিলোঁ। বাটৰ বোকামাটিৰ দৰে তেওঁলোকক পেলাই দিলোঁ।
43. লোকসকলৰ বিদ্রোহৰ পৰা তুমি মোক ৰক্ষা কৰিলা; তুমি মোক আন জাতিবোৰৰ অধিপতি পাতিলা। মই যিসকলক চিনি নাপাওঁ, তেওঁলোকো মোৰ অধীন হ’ল।
44. মোৰ কথা শুনা মাত্ৰকে তেওঁলোকে মোৰ বশ্যতা স্বীকাৰ কৰিলে; বিৰোধী মনোভাৱ লৈ বিদেশীসকলো মোৰ বশীভুত হল।
45. বিদেশীসকল নিৰাশ হ’ল; তেওঁলোকে কঁপি কঁপি দুৰ্গৰ পৰা ওলাই আহিল।

প্রবচন 6:20-25
20. হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আজ্ঞা পালন কৰা, আৰু তোমাৰ মাতৃৰ শিক্ষা হেয়জ্ঞান নকৰিবা।
21. সেইবোৰ সদায় তোমাৰ হৃদয়ত গাঁঠি থোৱা, আৰু সেইবোৰ ডিঙিত বান্ধি ৰাখা।
22. তুমি যেতিয়া খোজ কাঢ়িবা, তেতিয়া সেইবোৰে তোমাক পৰিচালনা কৰিব, তুমি যেতিয়া শুবা, তেতিয়া সেইবোৰে তোমাক পৰ দি ৰাখিব, আৰু যেতিয়া তুমি শুই উঠিবা, তেতিয়া সেইবোৰে তোমাক শিক্ষা প্রদান কৰিব।
23. কাৰণ সেই আজ্ঞাবোৰ প্ৰদীপস্বৰূপ, আৰু সেই শিক্ষা পোহৰস্বৰূপ হয়, নেতিবাচক অনুশাসন জীৱনৰ পথ হয়।
24. অসৎ মহিলাৰ পৰা, আৰু ব্যভিচাৰিণীৰ মিঠা কথাৰ পৰা ই তোমাক দূৰ কৰি ৰাখে,
25. তুমি তোমাৰ অন্তৰেৰে তেওঁৰ সৌন্দৰ্যত মোহ নাযাবা, আৰু তেওঁক তেওঁৰ চকুৰে তোমাক মোহিত কৰিব নিদিবা।

মথি 22:23-46
23. সেইদিনা পুনৰুত্থান বিশ্বাস নকৰা চদ্দূকী সকল যীচুৰ ওচৰলৈ আহিল৷ তেওঁলোকে তেওঁক সুধিলে,
24. “হে গুৰু মোচিয়ে ক’লে, ‘কোনো মানুহ যদি সন্তান নোহোৱাকৈ মৰে, তেনেহলে ভায়েকে তেওঁৰ পত্নীক বিয়া কৰাই ককায়েকলৈ বংশ উৎপন্ন কৰিব’।
25. আমাৰ ইয়াত সাত জন ভাই-ককাই আছিল; প্ৰথম জনে বিয়া কৰালে আৰু সন্তান নোহোৱাকৈ মৰি, তেওঁৰ তিৰোতাক ভায়েকলৈ এৰি গ’ল।
26. পাছত দ্বিতীয়, তৃতীয় আদি কৰি সাতো জন ভাই একেদৰে কৰিলে আৰু মৰিল।
27. সকলোৰে পাছত সেই তিৰোতা জনী মৰিল।
28. তেনেহলে পুনৰুত্থানত তেওঁ সেই সাত জনৰ ভিতৰত কোন জনৰ পত্নী হব? কিয়নো সকলোৱে তেওঁক বিয়া কৰাইছিল।”
29. যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “আপোনালোকে ধৰ্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰম নাজানি ভুল কৰিছে।
30. কিয়নো পুনৰুত্থানত বিয়া নকৰাই, বিয়া দিয়াও নহয়; কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়।
31. মৃত সকলৰ পুনৰুত্থানৰ বিষয়ে যি বাক্য ঈশ্বৰৰ দ্বাৰাই আপোনালোকক কোৱা হৈছিল বোলে,
32. ‘মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ’; তেওঁ মৃত সকলৰ ঈশ্বৰ নহয়, কিন্তু জীৱিত সকলৰহে ঈশ্বৰ।”
33. ইয়াকে শুনি, লোক সকলে তেওঁৰ উপদেশত বিস্ময় মানিলে।
34. যেতিয়া ফৰীচী সকলে শুনিলে যে, যীচুৱে চদ্দূকী সকলক নিৰুত্তৰ কৰিছে, তেতিয়া তেওঁলোক একগোট হ’ল;
35. তেওঁলোকৰ মাজৰ এজন বিধান পণ্ডিতে তেওঁক পৰীক্ষা কৰি সুধিলে-
36. “হে গুৰু, বিধানৰ কোনটো আজ্ঞা প্ৰধান?”
37. যীচুৱে তেওঁক ক’লে, “‘তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা৷’
38. এইটোৱেই প্ৰধান আৰু প্ৰথম আজ্ঞা।
39. এইদৰে দ্বিতীয়টো আজ্ঞা হ’ল- ‘তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা’।
40. এই দুটা আজ্ঞাই গোটেই বিধান আৰু ভাৱবাদী সকলৰ কথাক নির্ভৰ কৰে।”
41. ফৰীচী সকল গোট খাই থাকোঁতে, যীচুৱে তেওঁলোকক এটা প্ৰশ্ন সুধিলে,
42. তেওঁ সুধিলে, “খ্ৰীষ্টৰ বিষয়ে আপোনালোকৰ মনে কি ধৰে? তেওঁ কাৰ সন্তান?” তেওঁলোকে তেওঁক ক’লে, “দায়ুদৰ সন্তান”।
43. যীচুৱে তেওঁলোকক ক’লে, “তেনেহলে দায়ুদে কেনেকৈ আত্মাৰ দ্বাৰাই প্ৰভু বুলিলে আৰু ক’লে,
44. প্ৰভুৱে মোৰ প্ৰভুক ক’লে,মই তোমাৰ শত্ৰুবোৰক তোমাৰ চৰণৰ অধীন নকৰালৈকে, মোৰ সোঁ হাতে বহি থাকা৷
45. এতেকে দায়ুদে যদি খ্ৰীষ্টক প্ৰভু বোলে, তেনেহলে তেওঁ কেনেকৈ তেওঁৰ সন্তান হ’ব পাৰে?”
46. তেতিয়া কোনেও তেওঁক একো উত্তৰ দিব নোৱাৰিলে; আৰু সেই দিনাৰে পৰা তেওঁক কোনো কথা সুধিবলৈকো কাৰো সাহস নহ’ল।