A A A A A

লেবীয় পুস্তক 25:1-55
1. পাছত যিহোৱাই চীনয় পৰ্ব্বতত মোচিক ক’লে,
2. “তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, মই তোমালোকক যি দেশ দিম, তোমালোকে সেই দেশত সোমালে, যিহোৱাৰ উদ্দেশ্যে ভুমিয়ে বিশ্ৰাম ভোগ কৰিব।
3. তুমি ছবছৰ নিজ পথাৰত গুটি ববা, আৰু ছবছৰ নিজ বাৰীৰ দ্ৰাক্ষালতাবোৰ পৰিষ্কাৰ কৰিবা, আৰু তাৰ গুটি চপাবা।
4. কিন্তু সপ্তম বছৰ যিহোৱাৰ উদ্দেশ্যে ভুমিৰ সম্পূৰ্ণ বিশ্ৰামৰ বিশ্ৰাম-কাল হ’ব; সেই বছৰত তুমি নিজ পথাৰত গুটি নব’বা, আৰু দ্ৰাক্ষালতা পৰিষ্কাৰ নকৰিবা।
5. তুমি নিজ পথাৰত নিজে হোৱা শস্য নাদাবা, আৰু পৰিষ্কাৰ নকৰা দ্ৰাক্ষালতাৰ গুটি নচপাবা; সেয়ে ভুমি সম্পূৰ্ণ বিশ্ৰামৰ বছৰ হ’ব।
6. তাতে, বিশ্ৰাম-বছৰত হোৱা ভুমি শস্য তোমালোকলৈ আহাৰ হ’ব; অৰ্থাৎ তোমাৰ পথাৰত উৎপন্ন হোৱা সকলো শস্য তোমাৰ আৰু তোমাৰ দাস, বেটী আৰু তোমাৰ লগত থকা বেচ খোৱা দাস আৰু বিদেশীৰ বাবে যুগুত কৰিব পাৰিবা।
7. আৰু তোমাৰ পশু আৰু দেশত থকা বনৰীয়া পশুবোৰৰ অৰ্থে সেইবোৰ আহাৰ হ’ব।
8. তুমি নিজৰ কাৰণে সাত বিশ্ৰাম-বছৰ, সাত গুণ সাত বছৰ লেখ কৰিবা; তাতে সাত বিশ্ৰাম-বছৰৰ কাল ঊনপঞ্চাশ বছৰ হ’ব।
9. তেতিয়া সপ্তম মাহৰ দশম দিনা দেশৰ সকলো ফালে বৰ মাতৰ শিঙা বজাবা; প্ৰায়শ্চিত্তৰ দিনা তোমালোকৰ দেশৰ সকলো ফালে শিঙা বজাবা।
10. তোমালোকে পঞ্চাশ বছৰটো পবিত্ৰ বুলি মানিবা, আৰু গোটেই দেশত তাৰ সকলো নিবাসীসকললৈ মুক্তি ঘোষণা কৰিবা; সেয়ে তোমালোকৰ কাৰণে বৰ্ষপূৰ্তি উৎসৱ হ’ব, আৰু তোমালোক প্ৰতিজনে নিজ নিজ উত্তৰাধিকাৰলৈ উলতি যাবা আৰু দাসবোৰক নিজ নিজ গোষ্ঠীৰ ওচৰলৈ পঠিয়াই দিবা।
11. সেই পঞ্চাশ বছৰটো তোমালোকৰ কাৰণে বৰ্ষপূৰ্তি উৎসৱ হ’ব; সেই বছৰত তোমালোকে গুটি নববা, নিজে হোৱা শস্যও নাদাবা আৰু কলম নিদিয়া দ্ৰাক্ষালতাৰ গুটিও নচপাবা।
12. কিয়নো সেয়ে বৰ্ষপূৰ্তি উৎসৱৰ বছৰ; সেয়ে তোমালোকলৈ পবিত্ৰ হ’ব। তোমালোকে সেই বছৰত নিজে উৎপন্ন হোৱা শস্য পথাৰৰ পৰা আনি খাবা।
13. সেই বৰ্ষপূৰ্তি উৎসৱৰ বছৰত তোমালোকে সকলোকে নিজ নিজ উত্তৰাধিকাৰবোৰ ঘূৰাই দিবা।
14. যদি তুমি নিজ চুবুৰীয়াক কোনো মাটি বেচা, বা তেওঁলোকৰ পৰা কিনা, তেতিয়া তোমালোকে ইজনে সিজনক অন্যায় নকৰিবা।
15. তুমি বৰ্ষপূৰ্তি উৎসৱৰ পাছত হোৱা বছৰৰ লেখ অনুসাৰে লোকৰ পৰা মাটি কিনিবা, আৰু শস্য উৎপন্ন হোৱা বছৰৰ সংখ্যা অনুসাৰে তেওঁ তোমাক বেচিব।
16. বৰ্ষপূৰ্তি উৎসৱলৈ বেছি বছৰ থাকিলে বেছি দাম কৰিবা আৰু কম বছৰ থাকিলে কম দাম কৰিবা; কিয়নো নতুন গৰাকীৰ ভুমিত শস্য উৎপন্ন হোৱা বছৰৰ সংখ্যা অনুসাৰে তেওঁ তোমাক মাটি বেচে।
17. আৰু তোমালোকে ইজনে সিজনক অন্যায় নকৰিবা, কিন্তু নিজ ঈশ্বৰক ভয় কৰিবা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
18. এই কাৰণে তোমালোকে মোৰ বিধি অনুসাৰে আচৰণ কৰিবা, আৰু মোৰ শাসন প্ৰণালী পালন কৰি, সেই অনুসাৰে কাৰ্য কৰিবা; তেতিয়া তোমালোকে দেশত নিৰ্ভয়ে বাস কৰিবা।
19. আৰু ভুমিয়ে নিজ শস্য উৎপন্ন কৰিব; তাতে তোমালোকে হেঁপাহ পলোৱাকৈ খাবলৈ পাবা; আৰু দেশত নিৰ্ভয়ে থাকিবা।
20. কিন্তু তোমালোকে ক’ব পাৰা যে, “পথাৰ নবলে, আৰু তাত উৎপন্ন হোৱা গুটি নচপালে আমি সপ্তম বছৰত কি খাম?”
21. তেতিয়া মই ষষ্ঠ বছৰত তোমালোকৰ ওপৰত আশীৰ্ব্বাদ আহিবলৈ আদেশ কৰিম, তাতে ভুমিয়ে সেই বছৰত তিনি বছৰলৈ থকাকৈ শস্য উৎপন্ন কৰিব।
22. পাছত অষ্টম বছৰত তোমালোকে গুটি ববা, কিন্তু তেতিয়াও পুৰণি শস্য খাবা; নৱম বছৰৰ শস্য নহয় মানে তোমালোকে পুৰণি শস্য খাই থাকিবা।
23. আৰু মাটি চিৰকালৰ কাৰণে আনক বেচা নহব; কিয়নো সেই মাটি মোৰ, আৰু তোমালোক মোৰ লগত অতিথি আৰু প্রবাসী আছা।
24. আৰু তোমালোকে তোমালোকৰ উত্তৰাধীকাৰ সকলো দেশত মাটি মোকলাবলৈ ক্ষমতা দিবা।
25. তোমাৰ ইস্রায়েলী লগৰ যদি দুখীয়া হৈ তেওঁৰ উত্তৰাধিকাৰৰ মাটি তোমাক কিছু বেচে, তেন্তে তাক মোকলাব পৰা তেওঁৰ ওচৰ সম্বন্ধীয়াই আহি, নিজ ভায়েকে বেচা সেই মাটি মোকলাই দিব।
26. আৰু যাৰ মুকলি কৰোঁতা গৰাকী নাই, কিন্তু তেওঁ চহকী হোৱাত, তেওঁৰ যদি নিজে মুকলি কৰিবা পৰা সমৰ্থ হয়,
27. তেন্তে তেওঁ তাক বেচা বছৰ লেখ কৰি, বাকী থকা ধন বেচাজনক ওলোটাই দিব; তেতিয়া তেওঁ পুনৰায় তেওঁৰ নিজৰ উত্তৰাধীকাৰ পাব।
28. কিন্তু যদি তেওঁ তাক ওলোটাই লবলৈ অসমৰ্থ হয়, তেন্তে সেই বেচা মাটি বৰ্ষপূৰ্তি উৎসৱৰ বছৰলৈকে কিনা জনৰ হাতত থাকিব, পাছত বৰ্ষপূৰ্তি উৎসৱৰ বছৰত সেয়ে মুকলি হ’ব, তেতিয়া তেওঁৰ সেই উত্তৰাধীকাৰ তেওঁ পুনৰায় পাব।
29. আৰু যদি গড়েৰে আবৃত থকা নগৰৰ ভিতৰত বাস কৰা ঘৰ কোনোৱে বেচে, তেন্তে তেওঁ বেচাৰ পাছত সম্পূৰ্ণ এবছৰৰ ভিতৰত তাক মুকলি কৰিব পাৰিব; গোটেই বছৰৰ ভিতৰত তাক মুকলি কৰিবলৈ তেওঁৰ ক্ষমতা থাকিব।
30. কিন্তু যদি পুৰা এবছৰৰ ভিতৰত তাক মুকলি কৰা নহয়, তেন্তে গড়েৰে আবৃত থকা নগৰৰ সেই ঘৰ পুৰুষানুক্ৰমে চিৰকাললৈ কিনা জনৰ অধিকাৰ হ’ব; সেইয়ে বৰ্ষপূৰ্তি উৎসৱৰ বছৰতো মুকলি নহ’ব।
31. কিন্তু গড়েৰে আবৃত নোহোৱা গাঁৱত থকা যিবোৰ ঘৰ, সেইবোৰ নগৰৰ বাহিৰৰ মাটিৰ লগত লেখ কৰা হব; সেইবোৰ ঘৰক মোকলাব পাৰে, আৰু বৰ্ষপূৰ্তি উৎসৱৰ বছৰত সেইবোৰ মুকলি হৈ যাব।
32. তথাপি লেবীয়াসকলৰ উত্তৰাধিকাৰত থকা নগৰৰ ঘৰবোৰ লেবীয়াসকলে যি কোনো সময়ত মুকলি কৰিব পাৰিব।
33. যদি লেবীয়াসকলৰ মাজৰ কোনো এজনে তাক মুকলি নকৰে, তেন্তে লেবীয়াসকলৰ উত্তৰাধিকাৰত থকা সেই বেচা ঘৰ বৰ্ষপূৰ্তি উৎসৱৰ বছৰত মুকলি হৈ যাব, কিয়নো লেবীয়াসকলৰ নগৰৰ ঘৰবোৰ ইস্ৰায়েলৰ সন্তান সকলৰ মাজত থকা তেওঁলোকৰ উত্তৰাধীকাৰ।
34. কিন্তু তেওঁলোকৰ নগৰৰ চাৰিওফালে থকা চৰণীয়া পথাৰ বেচা নহ’ব; কিয়নো সেয়ে তেওঁলোকৰ চিৰকলীয়া উত্তৰাধীকাৰ।
35. আৰু তোমাৰ লগৰ নিবাসী যদি দুখীয়া হয়, আৰু নিজৰ কাৰণে একোকে যুগুত কৰিব নোৱাৰে তেন্তে তেওঁক বিদেশী আৰু প্ৰবাসীৰ নিচিনাকৈ তোমাৰ লগত জীৱন-ধাৰণ কৰিবলৈ সহায় কৰিবা;
36. তেওঁৰ পৰা সুত বা বাঢ়ি নলবা, কিন্তু নিজ ঈশ্বৰক ভয় কৰিবা যাতে তোমাৰ ভাই তোমাৰ লগত জীৱন-ধাৰণ কৰি থাকে।
37. তুমি সুতলৈ তাক ধন নিদিবা, বা বাঢ়িলৈ তাক অন্ন নিদিবা।
38. যিজন সৰ্বশক্তিমান ঈশ্বৰে তোমালোকক কনান দেশ দিবৰ কাৰণে, তোমালোকৰ ঈশ্বৰ হবলৈ তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, তোমালোকৰ সেই ঈশ্বৰ যিহোৱা মই।
39. আৰু তোমাৰ ভাই যদি তোমাৰ গুৰিত দুখীয়া হৈ, নিজকে নিজে বেচে, তেন্তে তুমি তেওঁক বন্দীৰ নিচিনাকৈ কাম নকৰাবা।
40. তেওঁ বেচ খোৱা চাকৰ আৰু প্ৰবাসীৰ নিচিনাকৈ তোমাৰ লগত থাকিব আৰু বৰ্ষপূৰ্তি উৎসৱৰ বছৰলৈকে তোমাক খাতি দিব।
41. তাৰ পাছত তেওঁ নিজ সন্তান সকলৰে সৈতে মুকলি হৈ নিজ গোষ্ঠীৰ ওচৰলৈ উভতি যাব।
42. কিয়নো তেওঁলোক, মই মিচৰ দেশৰ পৰা উলিয়াই অনা মোৰ দাস; তেওঁলোকক বন্দীস্বৰূপে বেচা নহ’ব।
43. তুমি তেওঁলোকলৈ কঠিন ব্যৱহাৰ নকৰিবা, কিন্তু নিজ ঈশ্বৰক ভয় কৰিবা।
44. তোমাৰ বন্দী আৰু বেটী, তুমি তোমালোকৰ চাৰিওফালে থকা জাতি সমূহৰ মাজৰ পৰা তেওঁলোকক কিনিব পাৰিবা।
45. আৰু তোমালোকৰ মাজত প্ৰবাস কৰা আন জাতিৰ সন্তান সকলৰ আৰু তোমালোকৰ দেশত তেওঁলোকৰ পৰা জন্মা তেওঁলোকৰ যি যি গোষ্ঠী তোমালোকৰ লগত বাস কৰিছে, তেওঁলোকৰ পৰাও কিনিবা আৰু তেওঁলোকৰ ওপৰত তোমালোকৰ অধিকাৰ থাকিব।
46. আৰু তোমালোকে নিজ নিজ ভাবী সন্তান সকলৰ উত্তৰাধিকাৰৰ বাবে দিব লগা ভাগ স্বৰূপে তেওঁলোকক দিব পাৰিবা, আৰু চিৰকাললৈকে তেওঁলোকক বন্দী কাম কৰিব পাৰিবা; কিন্তু নিজ ভাই ইস্ৰায়েলৰ সন্তান সকলৰ মাজত হ’লে, তোমালোক কোনেও কাৰো ওপৰত কঠিন ব্যৱহাৰ নকৰিবা।
47. আৰু যদি তোমালোকৰ মাজত কোনো প্ৰবাসী বা বিদেশী লোক ধনী হয়, আৰু তাৰ ওচৰত থকা তোমাৰ ভাই দৰিদ্ৰ হৈ, সেই প্ৰবাসী বা বিদেশীৰ গুৰিত, বা বিদেশীৰ গোষ্ঠীত জন্মালোকৰ গুৰিত যদি তেওঁ নিজকে বেচে,
48. তেন্তে বেচাৰ পাছত তাক মোকলাব পাৰে; তাৰ পৰিয়ালৰ মাজৰ কোনোৱে তেওঁক মোকলাব পাৰে;
49. তেওঁৰ মোমায়েক, বা মোমায়েকৰ পুত্র, বা তাৰ গোষ্ঠীৰ মাজৰ তাৰ ওচৰ-সম্বন্ধীয়াই তেওঁক মুকলি কৰিব পাৰে; নাইবা তেওঁ যদি ধনী হয়, তেন্তে তেওঁ নিজে নিজকে মুকলি কৰিব পাৰে।
50. তেওঁক বেচা বছৰেৰে পৰা বৰ্ষপূৰ্তি উৎসৱৰ বছৰলৈকে, কিনা জনে সৈতে হিচাপ কৰি, বছৰৰ সংখ্যা অনুসাৰে মুক্তিৰ ধন দিব; বেচ-খোৱা দাসৰ নিৰিখেৰে, তেওঁ কিনাজনৰ লগত থাকিব।
51. যদি অনেক বছৰ বাকী থাকে, তেন্তে সেই বছৰৰ সংখ্যা অনুসাৰে যিমান ধন দি তেওঁক কিনা হৈছিল, তেওঁ সেই ধনৰ পৰা নিজকে মুকলি কৰা ধন ওলোটাই দিব।
52. আৰু যদি বৰ্ষপূৰ্তি উৎসৱৰ বছৰলৈকে অলপ বছৰহে বাকী থাকে, তেন্তে তেওঁক কিনাজনে সৈতে হিচাপ কৰি, নিজৰ খাটিব লগা বছৰৰ সংখ্যা অনুসাৰে, নিজকে মুকলি কৰা ধন ওলোটাই দিব।
53. বছৰে বেচ-খোৱা দসৰ দৰে, তেওঁ তাৰে সৈতে থাকিব; তোমাৰ সাক্ষাতে তেওঁ তাৰ ওপৰত, কঠিন ব্যৱহাৰ নকৰিব।
54. আৰু যদি তেওঁ এইবোৰ উপায়েৰে মুক্ত হ’ব নোৱাৰে, তেন্তে নিজ সন্তান সকলৰে সৈতে বৰ্ষপূৰ্তি উৎসৱৰ বছৰত মুকলি হৈ যাব।
55. কিয়নো ইস্ৰায়েলৰ সন্তান সকল মোৰেই দাস, তেওঁলোক মিচৰ দেশৰ পৰা মই উলিয়াই অনা মোৰ দাস; মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।

সামসঙ্গীত 28:6-9
6. সকলো প্রশংসা যিহোৱাৰেই; তেওঁ মোৰ কাকুতিৰ স্বৰ শুনিলে।
7. যিহোৱাই মোৰ বল আৰু মোৰ ঢাল; মোৰ হৃদয়ে তেওঁতে ভাৰসা কৰে। সেইবাবেই মই সহায় পাইছোঁ। সেইবাবেই মোৰ অন্তৰ আনন্দত ভৰি পৰিছে; মই মোৰ গীতেৰে তেওঁৰ ধন্যবাদ কৰোঁ।
8. যিহোৱা তেওঁৰ লোকসকলৰ বল; তেৱেঁই তেওঁৰ অভিষিক্তজনৰ পৰিত্ৰাণৰ দুৰ্গ।
9. হে যিহোৱা, তোমাৰ লোকসকলক তুমি ৰক্ষা কৰা, তোমাৰ সম্পত্তিক তুমি আশীৰ্ব্বাদ কৰা; তুমি তেওঁলোকৰ ৰখীয়া হোৱা আৰু চিৰকাল তেওঁলোকক বৈ নিয়া।

প্রবচন 10:19-21
19. অধিক কথাত অপৰাধৰ অভাৱ নাই; কিন্তু যিজনে কথা কওঁতে সাৱধান হয়, তেওঁ জ্ঞানী।
20. যিজনে সত্যতাৰ কথা কয়, তেওঁৰ জিভা শুদ্ধ ৰূপৰ দৰে; দুষ্টৰ হৃদয়ত সামান্য মূল্য থাকে।
21. সত্যতাৰে কাৰ্য কৰা লোকৰ ওঁঠে অনেকক প্ৰতিপালন কৰে; কিন্তু জ্ঞানশূন্যতাৰ বাবে মূৰ্খলোকৰ মৃত্যু হয়।

মাৰ্ক 6:30-56
30. পাছত পাঁচনি সকলে যীচুৰ ওচৰত গোট খালে আৰু তেওঁলোকে যি যি কৰিছিল আৰু যি যি শিকাইছিল, সেই সকলো বিষয় তেওঁৰ আগত বৰ্ণনা কৰিলে।
31. তেতিয়া তেওঁ তেওঁলোকক কলে, “তোমালোকে অকলে এখন নিৰ্জন ঠাইলৈ যোৱা আৰু তাতে কিছুকাল বিশ্রাম কৰা৷” কিয়নো সেই সময়ত ইমান মানুহ অহা-যোৱা কৰি আছিল যে, তেওঁলোকে অৱসৰ লবলৈ আৰু ভোজন কৰিবলৈকো জিৰণি পোৱা নাছিল।
32. তেতিয়া শিষ্য সকল নাৱত উঠি অকলে নিৰ্জন ঠাই এখনলৈ গ’ল।
33. কিন্তু বহু মানুহে তেওঁলোকক যোৱা দেখিলে আৰু তেওঁলোকক চিনি পালে৷ সেয়েহে তেওঁলোকক দেখা লোক সকলে আটাই নগৰৰ পৰা বামেৰে তালৈ বেগাই গ’ল, আৰু তেওঁলোকতকৈ আগে গৈ তাত উপস্থিত হ’ল।
34. যেতিয়া যীচু পাৰলৈ আহিল, তেতিয়া তেওঁ বহু লোকক তাত উপস্থিত হৈ থকা দেখিলে আৰু তেখেত সকলক দেখি তেওঁৰ মৰম লাগিল; কিয়নো তেখেত সকল ৰখীয়া নোহোৱা মেৰৰ নিচিনা আছিল৷ তেওঁ তেখেত সকলক অনেক উপদেশ দিবলৈ ধৰিলে।
35. পাছত দিনৰ শেষ ভাগত তেওঁৰ শিষ্য সকল ওচৰলৈ আহি ক’লে, “এই ঠাই নিৰ্জন আৰু সময় বহু পলম হৈ গ’ল;
36. গতিকে লোক সকলক এতিয়া বিদায় দিয়ক, তেতিয়া তেখেত সকলে ওচৰৰ গাঁৱলৈ গৈ নিজৰ কাৰণে খোৱা বস্তু কিনিব পাৰিব৷”
37. কিন্তু যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “তোমালোকে তেখেত সকলক খাবলৈ দিয়া৷” তাতে তেওঁলোকে তেওঁক কলে, “আমি গৈ দুশ আধলি (দীনাৰ) ৰ পিঠা কিনি তেখেত সকলক খাবলৈ দিম নে”?
38. কিন্তু তেওঁ শিষ্য সকলক ক’লে, “তোমালোকৰ লগত কেইটা পিঠা আছে”? পাছত তেওঁলোকে বিচাৰ লৈ কলে, “পাঁচটা পিঠা আৰু দুটা মাছ আছে”।
39. তেতিয়া কেচা বনৰ ওপৰত সকলোকে জুম জুমকৈ বহিবলৈ তেওঁ আদেশ দিলে।
40. তাতে তেওঁলোকে এশ এশ আৰু পঞ্চাশ পঞ্চাশ কৰি গোট বান্ধি বহিল।
41. তেতিয়া তেওঁ সেই পাঁচটা পিঠা আৰু দুটা মাছ লৈ স্বৰ্গলৈ চাই, আশীৰ্বাদ কৰিলে; আৰু লোক সকলক ভগাই দিবলৈ পিঠা ভাঙি ভাঙি শিষ্য সকলক দি থাকিল; আৰু মাছ দুটাও সকলোকে ভাগ কৰি দিলে।
42. তাতে সকলোৱে খাই তৃপ্ত হ’ল।
43. পাছত তেওঁলোকে ডোখৰা-ডুখৰি পিঠা আৰু মাছবোৰ তুলি বাৰটা পাচি ভৰালে।
44. সেই পিঠা ভোজন কৰা মানুহ পাঁচ হাজাৰ আছিল।
45. তাৰ পাচত যীচুৱে লোক সকলক বিদায় দি থাকোতে, তেওঁৰ শিষ্য সকলক নাওত উঠি তেওঁ যোৱাৰ আগতে সিপাৰে থকা বৈৎ-চৈদা নগৰলৈ যাবৰ বাবে আগ্রহেৰে আজ্ঞা দিলে।
46. তাৰ পাছত তেওঁ তেওঁলোকৰ পৰা বিদায় লৈ প্ৰাৰ্থনা কৰিবলৈ পৰ্বতৰ ওপৰলৈ গ’ল।
47. সন্ধিয়া সময়ত সেই নাও খন সাগৰৰ মাজত পাইছিল আৰু তেওঁ অকলে বামত অাছিল।
48. পাছত তেওঁ দেখিলে যে, শিষ্য সকলে বতাহৰ বিপৰীতে অতি কষ্টেৰে ব’ঠা বাই নাওত গৈ আছে৷ যীচুৱে নিশা চতুৰ্থ পৰ মানত, সাগৰৰ ওপৰেদি খোজকাঢ়ি তেওঁলোকৰ ওচৰলৈ আহি, তেওঁলোকক পাছ পেলাই যাবলৈ ইচ্ছা কৰিলে।
49. কিন্তু সাগৰৰ ওপৰত তেওঁক খোজকাঢ়ি অহা দেখি তেওঁলোকে ভূত বুলি ভাবি, চিঞৰি উঠিল;
50. কিয়নো তেওঁক দেখি সকলোৰে উগুল-থুগুল লাগিছিল। তেতিয়া তেওঁ তেওঁলোকৰ সৈতে কথা হ’ল আৰু কলে, “সাহস ৰাখা; মইহে হয়, ভয় নকৰিবা”।
51. পাছত তেওঁ শিষ্য সকলৰ লগত নাৱত উঠিল আৰু বতাহো নাইকিয়া হ’ব ধৰিলে। তাতে তেওঁলোকে মনতে অতিশয় বিস্ময় মানিলে;
52. কিয়নো তেওঁলোকে পিঠাৰ বিষয়ে বুজি নাপালে, কাৰণ বুজি নাপাবলৈ তেওঁলোকৰ মন কঠিন কৰা হ’ল।
53. তাৰ পাছত তেওঁলোকে পাৰ হৈ গিনেচৰৎ প্রদেশ পালে, আৰু তাতে নাও খন লগালে।
54. আৰু তেওঁলোকে নাৱৰ পৰা নামি আহোতে সেই ঠাইৰ মানুহবোৰে যীচুক চিনি পালে৷
55. তেওঁলোকে বেগাই গৈ সেই অঞ্চলৰ চাৰিওফালে থকা ৰোগী সকলক খাটত তুলি আনিলে, আৰু তেওঁ যি ঠাইত আছে বুলি শুনিলে, তালৈকে ৰোগী সকলক নিবলৈ ধৰিলে।
56. তেওঁ যি যি নগৰ আৰু গাঁৱলৈ গৈছিল, সেই সকলো ঠাইতে নৰিয়া সকলক হাটে-বজাৰে থলে, আৰু প্ৰাৰ্থনা কৰিলে যাতে তেওঁলোকে তেওঁৰ কাপোৰৰ দহি মাথোন চুবলৈ পায়; এইদৰে যিমানে চুলে, সকলোৱে ৰক্ষা পালে।