A A A A A

লেবীয় পুস্তক 19:1-37
1. পাছত যিহোৱাই মোচিক ক’লে,
2. “তুমি ইস্ৰায়েলৰ সমুদায় মণ্ডলীক এই কথা কোৱা, ‘তোমালোক পবিত্ৰ হ’ব লাগে; কিয়নো মই তোমালোকৰ যি ঈশ্বৰ যিহোৱা, মই পবিত্ৰ।
3. তোমালোকে প্ৰতিজনে নিজ নিজ মাতৃ আৰু নিজ নিজ পিতৃক সন্মান কৰিবা আৰু মোৰ বিশ্ৰাম দিনবোৰ পালন কৰিবা। মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
4. তোমালোকে প্ৰতিমাবোৰৰ ফালে মূৰ নুঘূৰাবা আৰু তোমালোকৰ কাৰণে সাঁচত ঢলা মূৰ্ত্তি নিৰ্ম্মাণ নকৰিবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
5. যেতিয়া তোমালোকে যিহোৱাৰ উদ্দেশ্যে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিবা, তেতিয়া তোমালোকে গ্রহণ হ’বৰ কাৰণে ইয়াকে কৰিবা।
6. তোমালোকে তাক উৎসৰ্গ কৰা দিনা বা তাৰ পাছদিনা তাক ভোজন কৰিব লাগিব; তৃতীয় দিনলৈ যদি অৱশিষ্ট থাকে, তেন্তে তাক জুইত পুৰি ভস্ম কৰিব লাগিব।
7. তৃতীয় দিনা যদি কেনেবাকৈ তাৰ অলপ খোৱা যায়, তেন্তে সেয়ে ঘিণলগীয়া আৰু অগ্ৰাহ্য হ’ব।
8. কিন্তু ভোজন কৰা জনে নিজ অপৰাধৰ ফল ভোগ কৰিব, কিয়নো তেওঁ যিহোৱাৰ পবিত্ৰ বস্তু অপবিত্ৰ কৰিলে, সেই লোক জনক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
9. যেতিয়া তোমালোকে নিজ নিজ ভুমিত উৎপন্ন হোৱা শস্য দাবৰ সময়ত, খেতিৰ চুকত থকা শস্য সম্পূৰ্ণৰূপে শেষ নকৰাকৈ নাদাবা আৰু তোমাৰ খেতিৰ এৰি যোৱা শস্য নুবুটলিবা।
10. আৰু নিজ নিজ দ্ৰাক্ষাবাৰীৰ এৰি যোৱা দ্ৰাক্ষাফল নিছিঙিবা আৰু দ্ৰাক্ষাবাৰীৰ সৰি পৰা দ্ৰাক্ষাফল নুবুটলিবা; তুমি দুখীয়া আৰু বিদেশীৰ কাৰণে তাক এৰি যাবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
11. তোমালোকে চুৰ নকৰিবা। মিছা কথা নকবা। আৰু ইজনে সিজনক নঠগাবা।
12. আৰু তুমি মোৰ নাম লৈ মিছা শপত খাই তোমাৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিবা। মই যিহোৱা।
13. তুমি নিজ চুবুৰীয়াক অত্যাচাৰ নকৰিবা আৰু তেওঁৰ বস্তু অপহৰণ নকৰিবা; বেচলৈ কাম কৰা চাকৰৰ বেচ গোটেই ৰাতি নিদিয়াকৈ থাকি ৰাতিপুৱালৈ নাৰাখিবা।
14. তুমি কলাক শাও নিদিবা আৰু অন্ধৰ আগত উজুতি খোৱা মুঢ়া নথবা, কিন্তু তোমাৰ ঈশ্বৰলৈ ভয় ৰাখিবা; মই যিহোৱা।
15. তোমালোকে বিচাৰত অন্যায় নকৰিবা; বিচাৰত তুমি দুখীয়াৰ মুখলৈ নাচাবা আৰু সম্ভ্ৰান্ত লোকক সমাদৰ নকৰিবা; কিন্তু তুমি ধাৰ্মিক ভাৱে নিজ চুবুৰীয়াৰ বিচাৰ নিস্পত্তি কৰিবা।
16. তুমি নিজ লোকসকলৰ মাজত চৰ্চ্চি ফুৰোঁতা নহ’বা; আৰু তোমাৰ ওচৰ চুবুৰীয়াৰ বিৰুদ্ধে প্রাণ হত্যাকাৰী নহ’বা; মই যিহোৱা।
17. তুমি নিজ ভাইক নিজ মনত ঘিণ নকৰিবা; তুমি নিজ চুবুৰীয়াক চুবুৰীয়াৰ কাৰণে পাপৰ ভাৰ নব’বলৈ, অৱশ্যে তেওঁক সতৰ্ক কৰিবা।
18. তুমি নিজ সন্তান সকলৰ প্ৰতিকাৰ নাসাধিবা বা তেওঁলোকৰ বিৰুদ্ধে আখেজ নাৰাখিবা; কিন্তু নিজ ওচৰ-চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা; মই যিহোৱা।
19. তোমালোকে মোৰ বিধিবোৰ পালন কৰিবা। তোমাৰ পশুৰে সৈতে, তুমি বেলেগ বেলেগ প্ৰজাতিৰ পশুৰ জাকক ফুৰিবলৈ চেষ্টা কৰিব নিদিবা। তোমাৰ পথাৰত একেডোখৰ মাটিত দুবিধ শস্যৰ গুটি নিসিঁচিবা; আৰু দুই প্ৰকাৰ সুতা মিহলি কৰি বোৱা বস্ত্ৰ নিপিন্ধিবা।
20. ধনেৰে বা আন ৰূপে মুক্ত নোহোৱা এনে যি বাগদান কৰা বেটী, তাইৰে সৈতে যদি কোনোৱে শয়ন কৰে, তেন্তে তেওঁলোক দুয়ো দণ্ডনীয় হ’ব, কিন্তু তেওঁলোকৰ প্ৰাণদণ্ড নহ’ব; কিয়নো তাই মুক্ত হোৱা নাই।
21. তেতিয়া সেই পুৰুষে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ, যিহোৱাৰ উদ্দেশ্যে নিজৰ দোষাৰ্থক বলিৰ কাৰণে এটা মতা মেৰ-ছাগ আনিব।
22. তেতিয়া পুৰোহিতে যিহোৱাৰ সাক্ষাতে সেই দোষাৰ্থক মেৰ-ছাগটোৰ দ্বাৰাই, তেওঁ কৰা পাপৰ কাৰণে তেওঁক প্ৰায়শ্চিত্ত কৰিব; তেতিয়া তেওঁ কৰা সেই পাপৰ ক্ষমা হ’ব।
23. তোমালোকে যেতিয়া দেশত সোমাই, খাদ্যৰ অৰ্থে সকলো প্ৰকাৰ গছ ৰুবা, তেতিয়া তাৰ ফল নিষিদ্ধ যেন গণ্য কৰিবা আৰু তিনি বছৰলৈকে সেয়ে তোমালোকৰ মানত নিষিদ্ধ হৈ থাকিব। তাক খাব নালাগে।
24. পাছত চতুৰ্থ বছৰত তাৰ সকলো ফল যিহোৱাৰ প্ৰশংসাৰ্থক উপহাৰ স্বৰূপে পবিত্ৰ হ’ব।
25. আৰু গছে ফল উৎপন্ন কৰি থাকিবৰ কাৰণে, তোমালোকে পঞ্চম বছৰত তাৰ ফল খাবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
26. তোমালোকে তেজেৰে সৈতে একো মঙহ নাখাবা। শুভ অশুভ লক্ষণ নামানিবা আৰু গণকৰ বিদ্যা ব্যৱহাৰ নকৰিবা।
27. তোমালোকে নিজ নিজ মূৰৰ চুলি ঘুৰণীয়াকৈ নাকাটিবা আৰু নিজ নিজ দাড়িৰ চুক অশুৱনীকৈ নুখুৰাবা।
28. আৰু মৰা লোকৰ কাৰণে তোমালোকে নিজ গা কাট-কুট নকৰিবা আৰু গাত কাটি বা বিন্ধি দাগ নলগাবা; মই যিহোৱা।
29. তুমি নিজ জীয়েৰাক বেশ্যা হ’বলৈ দি তাইক ভ্ৰষ্ট নকৰিবা; কিয়নো তেনে কৰিলে দেশ ব্যভিচাৰত পতিত হ’ব আৰু দেশ দুষ্টতাৰে পৰিপূৰ্ণ হ’ব।
30. তোমালোকে মোৰ বিশ্ৰাম দিন পালন কৰিবা আৰু মোৰ ধৰ্মধামলৈ ভয় ৰাখিবা; মই যিহোৱা।
31. ভূত পোহা আৰু গুণ-মন্ত্ৰ জনাসকলৰ ফালে মুখ নকৰিবা; নিজকে অশুচি কৰিবৰ কাৰণে তেওঁলোকক সুধিবলৈ তেওঁলোকৰ ওচৰলৈ নাযাবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
32. তুমি পকামুৰীয়া জনৰ আগত উঠি থিয় হ’বা, বৃদ্ধলোকক সমাদৰ কৰিবা আৰু নিজ ঈশ্বৰলৈ ভয় ৰাখিবা; মই যিহোৱা।
33. আৰু কোনো বিদেশী লোকে যদি তোমালোকৰ দেশত তোমালোকৰে সৈতে বাস কৰে, তেন্তে তোমালোকে তাক উপদ্ৰৱ নকৰিবা।
34. তোমালোকৰ মাজত স্বদেশীয় লোক যেনে, তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী লোকো তোমালোকৰ পক্ষে তেনে হ’ব আৰু তুমি সেই লোকসকলক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা; কাৰণ মিচৰ দেশত তোমালোকো বিদেশী আছিলা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
35. তোমালোকে বিচাৰত, পৰিমাণত বা ওজনত বা দ্ৰব্যৰ জোখত অন্যায় নকৰিবা;
36. তোমালোকে সঠিক পাল্লা, সঠিক দগা, ঠিক ঐফা আৰু ঠিক হীন ৰাখিবা; মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই অনা তোমালোকৰ ঈশ্বৰ যিহোৱা ময়েই।
37. এতেকে তোমালোকে মোৰ সকলো বিধি আৰু সকলো শাসন-প্ৰণালী পালন কৰি, সেই অনুসাৰে আচৰণ কৰিবা। মই যিহোৱা’।”

লেবীয় পুস্তক 20:1-27
1. পাছে যিহোৱাই মোচিক ক’লে,
2. “তুমি ইস্ৰায়েলৰ সন্তানসকলক পুনৰ কোৱা, ‘ইস্ৰায়েলৰ সন্তান সকলৰ যিকোনোৱে বা ইস্ৰায়েলৰ মাজত প্ৰবাস কৰা যিকোনো বিদেশীয়ে নিজ সন্তানৰ কোনো এজনক মোলক দেৱতাৰ উদ্দেশ্যে দান কৰিব, তেওঁৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। দেশীয় লোকসকলে তেওঁক শিল দলিয়াই বধ কৰিব।
3. ময়ো সেই লোকলৈ কোন্দোৱাকৈ চাই তেওঁৰ লোকসকলৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিম; কাৰণ মোৰ ধৰ্মধাম অশুচি কৰিবলৈ আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিবলৈ, তেওঁ নিজ সন্তানৰ কোনো এজনক মোলক দেৱতাৰ উদ্দেশ্যে দান কৰিলে।
4. আৰু যি সময়ত সেই মানুহে নিজ সন্তানৰ কোনো এজনক মোলক দেৱতাৰ উদ্দেশ্যে দান কৰে, সেই সময়ত যদি দেশীয় লোকসকলে সেই মানুহৰ কাৰ্যলৈ চকু মুদে আৰু তেওঁক বধ নকৰে,
5. তেন্তে ময়েই সেই মানুহলৈ আৰু তেওঁৰ গোষ্ঠীলৈ কোন্দোৱাকৈ চাই তেওঁক আৰু মোলক দেৱতাৰে সৈতে ব্যভিচাৰ কৰিবৰ অৰ্থে তেওঁৰ অনুগামী হোৱা আটাই ব্যভিচাৰীক আৰু তেওঁলোকক, লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰিম।
6. আৰু যি কোনো মানুহে ভূত পোহা আৰু গুণ-মন্ত্ৰ জনাসকলৰ অনুগামী হৈ ব্যভিচাৰ কৰিবলৈ তেওঁলোকৰ ফাললৈ মুখ কৰিব, মই সেই মানুহলৈ কোন্দোৱাকৈ চাই, তেওঁৰ লোকসকলৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিম।
7. এই হেতুকে তোমালোকে তোমালোকক পবিত্ৰ কৰি পবিত্ৰ হোৱা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
8. তোমালোকে মোৰ বিধিবোৰ পালন কৰিবা আৰু সেই অনুসাৰে আচৰণ কৰিবা। মই তোমালোকৰ পবিত্ৰকাৰী যিহোৱা।
9. কিয়নো যিকোনোৱে নিজ পিতৃ বা মাতৃক শাও দিব, তাৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। পিতৃ-মাতৃক শাও দিয়াৰ বাবে সেই ৰক্তপাতৰ দোষ তেওঁৰ নিজৰ গাতে থাকিব।
10. যি লোকে পৰস্ত্ৰীৰে সৈতে ব্যভিচাৰ কৰিব, যি লোকে ওচৰ-চুবুৰীয়াৰ মহিলাৰে সৈতে ব্যভিচাৰ কৰিব, সেই ব্যভিচাৰী আৰু সেই ব্যভিচাৰিণী দুয়োৰো অৱশ্যে প্ৰাণদণ্ড হ’ব।
11. আৰু যি মানুহে নিজ পিতৃ-ভাৰ্য্যাৰে সৈতে শয়ন কৰিব, তেওঁ নিজ পিতৃৰ উলঙ্গতা প্ৰকাশ কৰে। অৱশ্যে সিহঁত দুয়োৰো প্ৰাণদণ্ড হব। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব।
12. যদি কোনো লোকে নিজ নিজ পো-বোৱাৰীয়েকৰ লগত শয়ন কৰে, তেন্তে অৱশ্যে তেওঁলোক দুয়োৰো প্ৰাণদণ্ড হ’ব। তেওঁলোকে স্বভাৱৰ বিৰুদ্ধে কাৰ্য কৰে। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব।
13. আৰু কোনো পুৰুষে যদি মহিলাৰ দৰে পুৰুষে সৈতে শয়ন কৰে, তেন্তে তেওঁলোক দুয়ো ঘিণ লগীয়া কৰ্ম কৰে। তেওঁলোকৰ প্ৰাণদণ্ড অৱশ্যে হ’ব। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব।
14. কোনো লোকে যদি কোনো মহিলাক আৰু তাইৰ মাকক গ্ৰহণ কৰে, তেন্তে সেয়ে কুকৰ্ম; তোমালোকৰ মাজত যেন এনে কুকৰ্ম নহয়, এই কাৰণে তেওঁক আৰু তেওঁলোকক তিনিওটাকে জুইত পুৰি ভস্ম কৰা হ’ব।
15. যদি কোনো লোকে পশুত পতিত হয়, তেওঁৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। আৰু তোমালোকে সেই পশুকো বধ কৰিবা।
16. যদি কোনো মহিলাই সংসৰ্গ কৰিবলৈ পশুৰ ওচৰলৈ যায়, তেন্তে তুমি সেই মহিলাক আৰু পশুক বধ কৰিবা। তেওঁলোকৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব।
17. যদি কোনো লোকে নিজৰ বায়েক কি ভনীয়েক, অৰ্থাৎ বাপেকৰ জীয়েক বা মাকৰ জীয়েকক গ্ৰহণ কৰি উভয়ে উভয়ৰ উলঙ্গতা দেখে, তেন্তে সেয়ে বৰ লাজৰ বিষয়। তেওঁলোক নিজ জাতিৰ সন্তান সকলৰ সাক্ষাতে উচ্ছন্ন হ’ব। তেওঁ নিজ বায়েক কি ভনীয়েকৰ উলঙ্গতা অনাবৃত কৰাত, তেওঁ নিজ অপৰাধৰ ফল ভোগ কৰিব।
18. যদি কোনোবাই মাহেকীয়া অশৌচ হোৱা মহিলাৰে সৈতে যৌন সম্পৰ্ক স্থাপন কৰে, তাইৰ উলঙ্গতা প্ৰকাশ কৰে, তেন্তে সেই পুৰুষে তাইৰ ভুমুক অনাবৃত কৰাত আৰু সেই মহিলায়ো নিজৰ তেজৰ ভুমুক অনাবৃত কৰাত, তেওঁলোক দুয়ো নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন হ’ব।
19. তুমি নিজ মাতৃৰ বা পিতৃৰ বায়েক কি ভনীয়েকৰ সৈতে যৌন সম্পৰ্ক স্থাপন নকৰিবা। কিয়নো ইয়াকে কৰিলে, নিজ ওচৰ-সম্বন্ধীয়াৰ উলঙ্গতা অনাবৃত কৰা হয়; তেওঁলোক দুয়ো নিজ নিজ অপৰাধৰ ফল ভোগ কৰিব।
20. আৰু যদি কোনো মানুহে নিজ বৰ-মাক বা খুৰীয়েকেৰে সৈতে শয়ন কৰে, তেন্তে তেওঁ নিজ বৰ-বাপেকৰ বা দদায়েকৰ উলঙ্গতা অনাবৃত কৰা হয়। তেওঁলোক নিজ নিজ পাপৰ ফল ভোগ কৰিব; তেওঁলোক নিঃসন্তান হৈ মৰিব।
21. আৰু যদি কোনোবাই নিজ ককায়েক কি ভায়েকৰ ভাৰ্য্যাক গ্ৰহণ কৰে, তেন্তে সেয়ে অশুচি কৰ্ম। নিজ ককায়েক কি ভায়েকৰ ভাৰ্য্যাৰ উলঙ্গতা অনাবৃত কৰাত, তেওঁলোক নিঃসন্তান হৈ থাকিব।
22. এই হেতুকে তোমালোকে বাস কৰিবৰ বাবে যি দেশলৈ মই তোমালোকক লৈ আহিছোঁ, সেই দেশে যেন তোমালোকক বতিয়াই নেপেলায় এই কাৰণে তোমালোকে মোৰ সকলো বিধি আৰু সকলো শাসন প্ৰণালী পালন কৰিবা আৰু সেই অনুসাৰে আচৰণ কৰিবা।
23. মই তোমালোকৰ সন্মূখৰ পৰা যি জাতিক খেদিম, তেওঁলোকৰ ৰীতি-নীতিৰ দৰে তোমালোকে আচৰণ নকৰিবা, কিয়নো তেওঁলোকে সেই সকলো কাৰ্য কৰাত, মই তেওঁলোকক ঘিণ কৰিলোঁ।
24. কিন্তু মই তোমালোকক ক’লোঁ, তোমালোকেই তেওঁলোকৰ দেশ অধিকাৰ কৰিবা; মই তোমালোককেই অধিকাৰৰ অৰ্থে সেই গাখীৰ আৰু মৌ-জোল বৈ থকা দেশ দিম। আন জাতি সমূহৰ পৰা তোমালোকক পৃথক কৰা তোমালোকৰ ঈশ্বৰ যিহোৱা ময়েই।
25. এতেকে তোমালোকে শুচি অশুচি পশুৰ, আৰু শুচি অশুচি পক্ষীৰ প্ৰভেদ কৰিবা। মই যি যি পশু,পক্ষী আৰু ভুচৰ পোক পৰুৱা আদি জন্তু অশুচি বুলি তোমালোকৰ পৰা পৃথক কৰিলোঁ, সেইবোৰৰ কোনো এটাৰ দ্বাৰাই তোমালোকে নিজক ঘিণলগীয়া নকৰিবা।
26. তোমালোক মোৰ উদ্দেশ্যে পবিত্ৰ হব লাগে; কিয়নো মই যিহোৱা পবিত্ৰ আৰু তোমালোক মোৰ হবলৈ মই তোমালোকক আন জাতিৰ পৰা পৃথক বেলেগ কৰিলোঁ।
27. যি পুৰুষ কি স্ত্ৰীয়ে ভূত পুহিব বা গুণী হ’ব, তেওঁৰ প্ৰাণদণ্ড হ’ব, তেওঁৰ প্ৰাণদণ্ড অৱশ্যে হব; লোকসকলে তেওঁলোকক শিল দলিয়াই বধ কৰিব; তেওঁলোকৰ ৰক্তপাতৰ দোষ তেওঁলোকৰ গাতে লাগি থাকিব’।”

সামসঙ্গীত 27:4-10
4. যিহোৱাৰ ওচৰত মই এটা বিষয় যাচনা কৰিছোঁ, মই তাকেই অন্বেষণ কৰিম: মই যেন যিহোৱাৰ সৌন্দর্য দেখা পাবলৈ, আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ মোৰ গোটেই জীৱন কাল যিহোৱাৰ গৃহত বাস কৰিব পাৰোঁ।
5. আপদৰ কালত তেওঁ মোক নিজ আশ্রয়ত গুপুতে ৰাখিব, নিজৰ তম্বুত মোক লুকুৱাই ৰাখিব; তেওঁ মোক শিলৰ ওপৰত তুলি থব।
6. যি শত্রুবোৰে মোক চাৰিওফালে বেৰি ধৰিছে, তেওঁলোকতকৈ মোৰ মূৰ উন্নত হব; মই তেওঁৰ তম্বুত আনন্দ জয়ধ্বনিৰে বলি উৎসৰ্গ কৰিম। মই যিহোৱাৰ উদ্দেশ্যে গীত-গান কৰিম!
7. হে যিহোৱা, মই মাতিলে, তুমি শুনা। মোক কৃপা কৰা, মোক উত্তৰ দিয়া!
8. মোৰ হৃদয়ে তোমাৰ এই কথাকে ক’লে, “আহাঁ, তোমালোকে মোৰ সাক্ষাৎ পাবলৈ বিচাৰা।” হে যিহোৱা, মই তোমাৰ সাক্ষাৎ পাবলৈ বিচাৰো।
9. তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা; ক্ৰোধত তুমি তোমাৰ দাসক দূৰ নকৰিবা। তুমিয়েই মোৰ সহায় হৈ আহিছা; হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, মোক নেৰিবা, মোক পৰিত্যাগ নকৰিবা!
10. মোৰ পিতৃ-মাতৃয়ে মোক ত্যাগ কৰিলেও, যিহোৱাই মোক তুলি লব।

প্রবচন 10:10-12
10. চকুৰে ইঙ্গিত কৰা জনে দুখ দিয়ে; কিন্তু কথকি মুৰ্খলোক পতিত হয়।
11. সত্যতাৰে চলা জনৰ মুখ জীৱনৰ ভুমুক স্বৰূপ; কিন্তু দুষ্টবোৰৰ মুখে অত্যাচাৰ লুকুৱাই ৰাখে।
12. ঘৃণাই বিবাদ জন্মায়; কিন্তু প্ৰেমে সকলো অপৰাধ ঢাকে।

মাৰ্ক 5:1-20
1. তাৰ পাছত তেওঁলোক সাগৰৰ সিটো পাৰে থকা, গেৰাচেনীয়া সকলৰ অঞ্চল পালে।
2. যীচুৱে নাৱৰ পৰা নমাৰ সময়তে অশুচি আত্মাই ধৰা এজন মানুহে তেওঁক লগ ধৰিব আহিল৷ সি মৈদামৰ পৰা ওলাই আহিছিল৷
3. সেই মানুহ জনে মৈদামনিত নিবাস কৰিছিল৷ কোনেও তেওঁক বান্ধি ৰাখিব পৰা নাছিল, শিকলিৰেও বান্ধি ৰাখিব পৰা নাছিল৷
4. তেওঁক বাৰে বাৰে বেৰী আৰু শিকলিৰে বান্ধা হৈছিল, কিন্তু তেওঁ শিকলি ছিঙি পেলাই, বেৰীও ডোখৰ ডোখৰ কৰিছিল৷ তেওঁক দমন কৰিবলৈ কাৰো শক্তি নাছিল।
5. প্ৰতিটো ৰাতি আৰু দিনত তেওঁ মৈদামলৈ যায় আৰু পৰ্বতত গৈ চিঞৰে; আৰু শিলেৰে নিজকে নিজে আঘাত কৰে।
6. যেতিয়া তেওঁ দূৰৈৰ পৰা যীচুক দেখা পালে, তেতিয়া তেওঁ দৌৰি আহিল আৰু যীচুক প্ৰণিপাত কৰিলে৷
7. তাৰ পাছত তেওঁ কান্দি কান্দি বৰ মাতেৰে কলে, “হে সৰ্ব্বোপৰি ঈশ্বৰৰ পুত্ৰ যীচু, আপোনাৰ লগত মোৰ কি কাম? মই আপোনাক ঈশ্বৰৰ শপত দিছোঁ, মোক যাতনা নিদিব”।
8. কিয়নো যীচুৱে তেওঁক কৈছিল, “হেৰ অশুচি আত্মা, এই মানুহ জনৰ পৰা বাহিৰ ওলা”।
9. পাছত যীচুৱে তেওঁক সুধিলে “তোৰ নাম কি?” তাতে সেই মানুহ জনে তেওঁক ক’লে, “মোৰ নাম বাহিনী কিয়নো আমি অনেক আছোঁ”।
10. পাছত যীচুৱে যেন সেই ঠাইৰ পৰা সিহঁতক নেখেদে, এই কাৰণে অনেক বিনয় কৰি ক’লে।
11. সেই সময়ত ওচৰৰ পৰ্বতত এজাক গাহৰি চৰি আছিল।
12. তাতে সেই ভূতবোৰে যীচুক বিনয় কৰি কলে, “আমাক সেই গাহৰিবোৰৰ ভিতৰত পঠাই দিয়ক; আমাক সিহঁতৰ ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়ক৷”
13. তাতে তেওঁ অনুমতি দিয়াৰ পাছত সেই অশুচি আত্মাবোৰ বাহিৰ ওলাই গাহৰিবোৰত সোমাল; তেতিয়া সেই জাকত থকা প্ৰায় দুই হাজাৰ গাহৰি বৰ জোৰেৰে দৌৰি গৈ গৰাৰ পৰা সাগৰত পানীত পৰি ডুবি মৰিল।
14. তেতিয়া যি সকলে সেই গাহৰিৰ জাকবোৰ তত্বাৱধান কৰি আছিল, তেওঁলোক পলাই গৈ নগৰ আৰু গাঁৱবোৰত সম্বাদ দিলে। তেতিয়া ঘটি যোৱাৰ ঘটনাতোৰ কথা শুনিবলৈ পোৱাত লোক সকলে সেই অশুচি আত্মাই ধৰা লোক জনক চাবলৈ আহিল;
15. আৰু যীচুৰ ওচৰলৈ আহি, সেই ভূতে পোৱা মানুহ জনক, অৰ্থাৎ বাহিনীয়ে পোৱা জনক কাপোৰ পিন্ধি, শুদ্ধ মনেৰে বহি থকা দেখা পাই লোক সকলে ভয় কৰিলে৷
16. সেই ঘটনা যি সকল লোকে দেখিছিল তেওঁলোকে লোক সকলক, কেনেকৈ কি ঘটিল আৰু ভূতে পোৱা মানুহ জনৰ আৰু গাহৰিবোৰৰ বিষয়ে বুজাই দিলে৷
17. তেতিয়া সেই ঠাইলৈ অহা লোক সকলে যীচুক তেওঁলোকৰ অঞ্চলৰ পৰা আতৰি যাবলৈ বিনয় কৰিলে৷
18. পাছত যীচুৱে যেতিয়া সেই ঠাই এৰি যাবৰ বাবে নাৱত উঠিবলৈ ধৰোতে, ভূতৰ নিয়ন্ত্ৰণত যি জন আছিল, সেই ব্যক্তি জন ওচৰলৈ আহি তেওঁৰ সৈতে তেওঁক ৰাখিবলৈ বিনয় কৰিলে৷
19. কিন্তু তেওঁ সেই ব্যক্তিক অনুমতি নিদি ক’লে, “তুমি ঘৰলৈ গৈ আত্মীয় সকলৰ ওচৰলৈ যোৱা আৰু প্ৰভুৱে তোমাৰ জীৱনলৈ কি কৰিলে আৰু কেনে দয়া পালা, সেই বিষয়ে তেওঁলোকক কোৱাগৈ।”
20. তেতিয়া মানুহ জনে সেই ঠাই এৰি, যীচুৱে তেওঁলৈ যি মহৎ কৰ্ম কৰিলে, সেই কথা দিকাপলি দেশত ঘোষণা কৰিবলৈ ধৰিলে; তাতে সকলোৱে বিস্ময় মানিলে।