A A A A A

যাত্রাপুস্তক 15:1-27
1. তাৰ পাছত মোচি আৰু ইস্ৰায়েলী লোকসকলে যিহোৱাৰ উদ্দেশ্যে এই স্তুতি গীত গাইছিল; তেওঁলোকে এইদৰে গাইছিল, “মই যিহোৱাৰ উদ্দেশ্যে গান কৰিম, কিয়নো তেওঁ মহা জয়েৰে গৌৰৱাম্বিত হ’ল; তেওঁ ঘোঁৰা আৰু অশ্বাৰোহী সমূদ্ৰত পেলালে।
2. যিহোৱা মোৰ বল আৰু গান; তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল; তেওঁ মোৰ ঈশ্বৰ, আৰু মই তেওঁৰ প্ৰশংসা কৰিম; তেওঁ মোৰ পিতৃৰো ঈশ্বৰ, আৰু মই তেওঁৰ প্রশংসা কৰিম।
3. যিহোৱা পৰাক্ৰমী বীৰ; যিহোৱা তেওঁৰ নাম।
4. তেওঁ ফৰৌণৰ ৰথ আৰু সৈন্য সমূহক সমুদ্ৰত পেলালে। ফৌৰণৰ মনোনীত সেনাপতিসকল চূফ সাগৰত ডুবিল।
5. জল সমূহে তেওঁলোকক ঢাকি ধৰিলে; শিলৰ দৰে তেওঁলোক অগাধ জলৰ ত’ললৈ গ’ল।
6. হে যিহোৱা, আপোনাৰ সোঁ হাত, পৰাক্ৰমত মহিমান্বিত হ’ল; হে যিহোৱা, আপোনাৰ সোঁ হাতে শত্ৰুক গুড়ি কৰিছে।
7. আপুনি আপোনাৰ মহান মহিমাৰে আপোনাৰ বিৰুদ্ধে উঠাবোৰক বিনষ্ট কৰিলে। আপুনি পঠোৱা আপোনাৰ ক্ৰোধাগ্নিয়ে; তেওঁলোকক নৰাৰ দৰে গ্রাস কৰিছে।
8. আপোনাৰ নিশ্বাসতে জল সমূহ স্তূপাকৃত হ’ল; বৈ যোৱা জল সমূহো স্তূপাকৃত হ’ল; সমুদ্ৰৰ অগাধ জল সাগৰৰ অন্তৰ ভাগত গোট বান্ধিলে।
9. শত্ৰুৱে কৈছিল, ‘মই পাছে পাছে খেদি যাম, মই আগ ভেটি ধৰিম, মই লুটদ্ৰব্য ভগাই ল’ম; মোৰ হাবিয়াহ তেওঁলোকৰ ওপৰত পূৰ হ’ব; মই তৰোৱাল উলিয়াম, মোৰ হাতে তেওঁলোকক সংহাৰ কৰিব।’
10. কিন্তু আপুনি আপোনাৰ বায়ুৰে ফু দিলত সাগৰে তেওঁলোকক ঢাকি ধৰিলে; তেওঁলোক সীহৰ দৰে মহাজলত ডুব গ’ল।
11. হে যিহোৱা, দেৱতাবোৰৰ মাজত আপোনাৰ তুল্য কোন? পবিত্ৰতাত আপোনাৰ দৰে মহিমান্বিত কোন? প্ৰশংসাত গৌৰৱাম্বিত, আচৰিত কৰ্ম কৰোঁতা কোন?
12. আপুনি আপোনাৰ সোঁ হাত মেলিলে, আৰু পৃথিৱীয়ে তেওঁলোকক গ্ৰাস কৰিলে।
13. আপুনি উদ্ধাৰ কৰা লোকসকলক আপোনাৰ দয়াৰে চলাই আনিছে; আপুনি আপোনাৰ পৰাক্ৰমেৰেই তেওঁলোকক আপোনাৰ পবিত্ৰ নিবাসলৈ লৈ গৈছে।
14. লোকসকলে শুনিব আৰু তেওঁলোক কঁপি উঠিব; পলেষ্টিয়া লোকসকলক ত্ৰাসে বেৰি ধৰিছে।”
15. তেতিয়া ইদোমৰ প্রধান লোকসকলে ভয় কৰিলে; মোৱাবৰ সৈন্য সকল কঁপি উঠিল; কনান-বাসী সকলোৱেই দিশহাৰা হৈ গ’ল।
16. ভয় আৰু ত্ৰাসে তেওঁলোকক বেৰি ধৰিলে; আপোনাৰ বাহুবলৰ শক্তিৰ কাৰণে তেওঁলোক শিলৰ দৰে নীৰৱ হৈ ৰ’ল; হে যিহোৱা, আপোনাৰ লোকসকল পাৰ নোহোৱালৈকে; আপুনি উদ্ধাৰ কৰা লোকসকল পাৰ নোহোৱালৈকে।
17. আপুনি তেওঁলোকক আনিব আৰু আপোনাৰ অধিকাৰ কৰা পাহাৰত স্থাপন কৰিব, হে যিহোৱা, আপুনি নিবাস কৰিবলৈ যুগুত কৰা ঠাই, হে প্ৰভু, যি ধৰ্মধাম আপুনি নিজৰ হাতেৰে নিৰ্ম্মাণ কৰিলে,
18. যিহোৱাই সদা-সৰ্ব্বদায় ৰাজত্ব কৰিব।”
19. কাৰণ ফৰৌণৰ ৰথ আৰু অশ্বাৰোহীৰ সৈতে ঘোঁৰাবোৰ সমুদ্ৰৰ মাজত সোমাল। যিহোৱাই সমুদ্ৰৰ জল তেওঁলোকৰ ওপৰলৈ উভটাই আনিলে। কিন্তু ইস্ৰায়েলী লোকসকল হ’লে, সমুদ্ৰৰ মাজেদি শুকান বাটেদি গুছি গ’ল।
20. তেতিয়া হাৰোণৰ বায়েক মিৰিয়ম ভাববাদিনীয়ে তেওঁৰ হাতত খঞ্জৰি ল’লে; আৰু তেওঁৰ পাছে পাছে আন আন মহিলাসকলেও হাতত খঞ্জৰি লৈ, নাচি নাচি ওলাই গ’ল।
21. মিৰিয়মে তেওঁলোকৰ আগত গীত গালে, “তোমালোকে যিহোৱাৰ উদ্দেশ্যে গান কৰা, কিয়নো তেওঁ মহা-গৌৰৱাম্বিত হ’ল; তেওঁ ঘোঁৰা আৰু অশ্বাৰোহীক সমুদ্ৰত পেলাই দিলে।”
22. তাৰ পাছত মোচিয়ে ইস্ৰায়েলী লোকসকলক চূফ সাগৰৰ তীৰৰ পৰা যাত্ৰা কৰিবলৈ দিলে, তেওঁলোকে চূৰ মৰুভূমিৰ মাজেৰে যাত্রা কৰি গ’ল। তেওঁলোকে সেই মৰুভূমিৰ মাজেৰে তিনি দিনৰ বাট গ’ল, আৰু সেই ঠাইত পানী বিচাৰি নাপালে।
23. তাৰ পাছত তেওঁলোকে মাৰা গৈ পালে, আৰু মাৰাত থকা পানী তিতা হোৱাৰ বাবে, তেওঁলোকে পান কৰিব নোৱাৰিলে; সেয়ে তেওঁলোকে সেই ঠাইৰ নাম মাৰা ৰাখিলে।
24. সেই কাৰণে লোকসকলে মোচিক অভিযোগ কৰি ক’লে, “আমি কি পান কৰিম?”
25. তেতিয়া মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, আৰু যিহোৱাই তেওঁক এজোপা গছ দেখুৱালে। তেওঁ তাকে আনি পানীত পেলাই দিলে, আৰু পানী খাবলৈ মিঠা হ’ল। সেই ঠাইতে যিহোৱাই তেওঁলোকৰ অৰ্থে এটা কঠোৰ বিধি আৰু শাসন-প্রণালী দিলে। সেই ঠাইতে যিহোৱাই তেওঁলোকক পৰীক্ষা কৰিলে।
26. তেওঁ ক’লে, “মই, তোমালোকৰ ঈশ্বৰ যিহোৱা, যদি তোমালোকে সাৱধানে মোৰ বাক্য শুনা, আৰু মোৰ দৃষ্টিত যি উচিত সেই কাৰ্য কৰা, আৰু মোৰ আজ্ঞাবোৰলৈ মনোযোগ দিয়া আৰু মোৰ সকলো বিধি পালন কৰা তেনেহ’লে, মই মিচৰীয়াসকলক যি সকলো ৰোগ দিছিলোঁ, সেইবোৰৰ কোনো ৰোগ তোমালোকক নিদিম, কাৰণ মই তোমালোকৰ আৰোগ্যকাৰী যিহোৱা।”
27. তাৰ পাছত লোকসকল এলীমলৈ আহিল; সেই ঠাইত পানীৰ বাৰটা ভুমুক, আৰু সত্তৰ জোপা খাজুৰ গছ আছিল; তেওঁলোকে সেই ঠাইতে পানীৰ কাষত তম্বু তৰিলে।

যাত্রাপুস্তক 16:1-36
1. ইস্ৰায়েলী লোকসকলে এলীমৰ পৰা যাত্ৰা কৰিলে। মিচৰ দেশৰ পৰা ওলাই অহাৰ পাছত দ্বিতীয় মাহৰ পোন্ধৰ দিনৰ দিনা, এলীম আৰু চীনয় এই দুয়োৰো মাজত থকা চীন মৰুপ্রান্তৰ পালে।
2. ইস্ৰায়েলী সকলৰ গোটেই সমাজে মোচি আৰু হাৰোণৰ বিৰুদ্ধে মৰুভূমিত অভিযোগ কৰিবলৈ ধৰিলে।
3. ইস্ৰায়েলী সকলে তেওঁলোকক ক’লে, “আমি যেতিয়া মাংস ৰখা পাত্ৰৰ ওচৰত বহি লৈ হেঁপাহ নপলাইমানে পিঠা খাইছিলোঁ, সেই সময়তেই মিচৰ দেশত যিহোৱাৰ হাতত মৰা হ’লে ভাল আছিল। আপোনালোকে আমাক সকলোকে ভোকত মৰিবলৈ এই মৰুভূমিলৈ উলিয়াই আনিলে।”
4. তেতিয়া যিহোৱাই মোচিক ক’লে, “লোকসকলে মোৰ ব্যৱস্থা মানি চলিব নে নাই, তাৰ পৰীক্ষা কৰিবৰ অৰ্থে, ‘মই তোমালোকলৈ আকাশৰ পৰা পিঠা বৰষাম’ আৰু লোকসকলে ওলাই গৈ প্রতি দিনৰ আহাৰ প্রতি দিনে গোটাব।
5. তেওঁলোকে প্রতিদিনে যিমান আহাৰ গোটাইছিল প্রতি ষষ্ঠ দিনত তাতকৈ দুগুণ গোটাব, আৰু তেওঁলোকে যি পৰিমাণে আনিব, তাকে ৰান্ধিব।”
6. তাৰ পাছত মোচি আৰু হাৰোণে ইস্ৰায়েলী লোকসকলক ক’লে, “গধূলি তোমালোকে জানিব পাৰিবা যে, যিহোৱাইহে তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলে।”
7. ৰাতিপুৱা তোমালোকে যিহোৱাৰ মহিমা দেখিবলৈ পাবা; কাৰণ যিহোৱাৰ বিৰুদ্ধে তোমালোকে কৰা অভিযোগ তেওঁ শুনিলে। আমি নো কোন যে, তোমালোকে আমাৰ বিৰুদ্ধে অভিযোগ কৰিছা?”
8. মোচিয়ে পুনৰ ক’লে, “যিহোৱাই গধূলি যেতিয়া তোমালোকক খাবলৈ মাংস, আৰু ৰাতিপুৱা উপচি পৰাকৈ পিঠা দিব, তেতিয়া যিহোৱাৰ বিৰুদ্ধে তোমালোকে কৰা অভিযোগ তেওঁ যে শুনিলে, সেই কথা তোমালোকে বুজি পাবা। হাৰোণ আৰু মই কোন? তোমালোকৰ অভিযোগ আমাৰ বিৰুদ্ধে নহয়; যিহোৱাৰ বিৰুদ্ধেহে।”
9. মোচিয়ে হাৰোণক ক’লে, “আপুনি ইস্ৰায়েলী লোকসকলৰ সমাজক কওক, তোমালোক যিহোৱাৰ ওচৰলৈ চাপি আহা; কাৰণ তেওঁ তোমালোকৰ অভিযোগ শুনিলে।”
10. হাৰোণে ইস্ৰায়েলী লোকসকলৰ সমাজক এই কথা কৈ থাকোতে, তেওঁলোকে মৰুপ্রান্তৰ ফাললৈ চাই দেখিলে যে, মেঘৰ মাজত যিহোৱাৰ মহিমা প্ৰকাশিত হৈছে।
11. তেতিয়া যিহোৱাই মোচিৰ সৈতে কথা পাতি ক’লে,
12. “মই ইস্ৰায়েলী লোকসকলৰ অভিযোগ শুনিলোঁ। তুমি তেওঁলোকক কোৱা, ‘গধূলি তোমালোকে মাংস আৰু ৰাতিপুৱা হেঁপাহ পলুৱাই পিঠা খাবলৈ পাবা। তেতিয়া তোমালোকে জানিবা যে, ময়েই তোমালোকৰ যিহোৱা, তোমালোকৰ ঈশ্বৰ’।”
13. গধূলি পৰত, বটা চৰাইবোৰ তম্বুৰ ওপৰলৈ আহি তম্বু ঢাকি ধৰিলে। ৰাতিপুৱা তম্বুৰ চাৰিওফালে নিয়ৰ পৰি আছিল।
14. পৰি থকা সেই নিয়ৰবোৰ যেতিয়া শুকাই গ’ল, তেতিয়া ক্ষুদ্র বৰফৰ টুকুৰাৰ দৰে সৰু সৰু ঘূৰণীয়া বস্তু গোটেইখন মৰুপ্রান্তৰ ভূমিত পৰি আছিল।
15. ইস্ৰায়েলী লোকসকলে সেই বস্তু দেখি ইজনে সিজনক ক’লে, “এইয়া কি?” কিয়নো সেই বস্তু নো কি তেওঁলোকে নাজানিছিল। তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “এইয়া যিহোৱাই তোমালোকক খাবলৈ দিয়া পিঠা।”
16. যিহোৱাই দিয়া আজ্ঞা এই, “তোমালোক প্ৰতিজনে খাব পৰা শক্তি অনুসাৰে; আৰু তোমালোক প্রতিজনে তম্বুত থকা মানুহৰ সংখ্যা অনুসাৰে এক ওমৰ গোটাবা। এইদৰেই তোমালোকে গোটাবা: তোমালোকে তম্বুত থকা প্রতিজন মানুহে খাব পৰা অনুসাৰে গোটাবা।”
17. তেতিয়া ইস্ৰায়েলী লোকসকলে সেইদৰেই কৰিলে। কিছুমান লোকে অধিক আৰু কিছুমান লোকে তাকৰকৈ গোটালে।
18. তেওঁলোকে যেতিয়া সেইবোৰ ওমৰৰ জোখত জুখিলে, যি সকলে অধিককৈ গোটাইছিল, তেওঁলোকৰ অতিৰিক্ত নহ’ল, আৰু যি সকলে তাকৰকৈ গোটাইছিল তেওঁলোকৰো অভাৱ নহ’ল। তেওঁলোক প্ৰতিজনে প্রয়োজন অনুসাৰে গোটালে।
19. তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “কোনো এজনেও ৰাতিপুৱালৈকে ইয়াৰ অৱশিষ্ট নাৰাখিব।”
20. তথাপিও তেওঁলোকে মোচিৰ কথা নুশুনিলে। কিছুমানে ৰাতিপুৱালৈকে সেইবোৰৰ কিছু অৱশিষ্ট ৰাখি থলে; কিন্তু সেইবোৰত পোক জন্মিল, আৰু দুৰ্গন্ধময় হ’ল; তেতিয়া তেওঁলোকৰ ওপৰত মোচিৰ খং উঠিল।
21. প্রতি ৰাতিপুৱাতে তেওঁলোকে সেইবোৰ গোটাইছিল। প্ৰতিজন মানুহে সেই দিনটোত খাব পৰা অনুসাৰে গোটাইছিল। যেতিয়া ৰ’দ প্রখৰ হয়, সেইবোৰ গ’লি গৈছিল।
22. তাৰ পাছত ষষ্ঠ দিনৰ দিনা তেওঁলোকে দুগুণ, অৰ্থাৎ প্ৰতিজনৰ বাবে দুই ওমৰকৈ পিঠা গোটাইছিল। তেতিয়া সমাজৰ মূখ্য লোকসকল মোচিৰ ওচৰলৈ আহি সেই কথা ক’লে।
23. মোচিয়ে তেওঁলোকক ক’লে, “যিহোৱাই যে কৈছিল সেয়া এই, ‘কাইলৈ সম্পূৰ্ণ বিশ্ৰাম-দিন, যিহোৱাৰ গৌৰৱৰ উদ্দেশ্যে পবিত্ৰ বিশ্ৰাম-দিন। তোমালোকে যি ভাজিব খোজা, আৰু যি সিজাব খোজে সিজাবা। নিজৰ বাবে ৰাতি পুৱালৈকে তাৰ অৱশিষ্ট অংশ থৈ দিবা’।”
24. সেয়ে তেওঁলোকে মোচিৰ নিৰ্দেশ অনুসাৰে, ৰাতিপুৱালৈকে একাষৰিয়াকৈ থৈ দিলে। সেই খাদ্য দুৰ্গন্ধময় নহ’ল, আৰু তাত পোকো নহ’ল।
25. মোচিয়ে ক’লে, “সেই আহাৰ আজি ভোজন কৰা; কাৰণ আজি যিহোৱাৰ গৌৰৱৰ উদ্দেশ্যে বিশ্ৰাম-দিন। আজি তোমালোকে পথাৰত সেইবোৰ বিচাৰি নাপাবা।
26. তোমালোকে ছয় দিন সেইবোৰ গোটাবা; কিন্তু সপ্তম দিন বিশ্ৰাম-দিন হয়। সেয়ে বিশ্রাম বাৰে পথাৰত মান্না নাথাকিব।”
27. তথাপিও সপ্তম দিনা কিছুমান লোকে মান্না গোটাবলৈ ওলাই গৈছিল; কিন্তু তেওঁলোকে একো বিচাৰি নাপালে।
28. তেতিয়া যিহোৱাই মোচিক ক’লে, “তোমালোকে মোৰ আজ্ঞা আৰু ব্যৱস্থাবোৰ কিমান দিনলৈকে পালন কৰিবলৈ অমান্তি হৈ থাকিবা?
29. চোৱা, মই যিহোৱা, ময়েই তোমালোকক বিশ্ৰামবাৰ দিলোঁ। সেয়ে তোমালোকক ষষ্ঠ দিনা মই দুদিনৰ আহাৰ দি আছোঁ। তোমালোক প্ৰতিজনে নিজৰ ঠাইত থাকিব লাগিব; সপ্তম দিনত কোনো এজনেও নিজৰ ঠাইৰ পৰা বাহিৰলৈ ওলাই নাযাওক।”
30. সেয়ে লোকসকলে সপ্তম দিনা বিশ্ৰাম কৰিলে।
31. ইস্ৰায়েলী লোকসকলে সেই আহাৰৰ নাম “মান্না” ৰাখিলে। সেইবোৰ ধনীয়া গুটিৰ দৰে বগা; আৰু ইয়াৰ সোৱাদ মৌজোলৰ সৈতে বনোৱা পিঠাৰ দৰে আছিল।
32. মোচিয়ে ক’লে, “যিহোৱাই কৰা আজ্ঞা এই মই তোমালোকক মিচৰ দেশৰ পৰা বাহিৰ কৰি অনাৰ পাছত, মৰুভূমিত যি পিঠা তোমালোকক খুৱাইছিলোঁ, সেই পিঠা তোমালোকৰ ভাবী-বংশই যাতে দেখিবলৈ পাব; তাৰ বাবে তোমালোকে পুৰুষানুক্ৰমে এক ওমৰ ৰাখি থবা।”
33. মোচিয়ে হাৰোণক ক’লে, “তুমি এটা পাত্ৰ লোৱা, আৰু তাত এক ওমৰ মান্না ভৰোৱা। পুৰুষানুক্ৰমে তোমালোকৰ লোকসকললৈ, যিহোৱাৰ সন্মুখত সেই পত্রটো সংৰক্ষিত কৰি থৈ দিয়া।”
34. যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে, হাৰোণে সেই পাত্রত এক ওমৰ মান্না ভৰাই নিয়ম চন্দুকৰ ভিতৰত বিধান পুস্তকৰ কাষত সংৰক্ষিত কৰি ৰাখিলে।
35. ইস্ৰায়েলী লোকসকলে নিবাস কৰা দেশ নোপোৱালৈকে চল্লিশ বছৰ সেই মান্না খাইছিল। তেওঁলোকে কনান দেশৰ সীমা নোপোৱালৈকে সেই মান্নাকে ভোজন কৰিছিল।
36. এক ওমৰ ঐফাৰ দহ ভাগৰ এভাগ।

সামসঙ্গীত 18:20-27
20. যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক পুৰস্কাৰ দিলে, মোৰ হাতৰ শুদ্ধ কার্য অনুসাৰে মোক ফল দিলে।
21. কিয়নো মই যিহোৱাৰ পথতে চলিলোঁ, কুকৰ্ম কৰি মই মোৰ ঈশ্বৰক নেৰিলো।
22. তেওঁৰ সকলো ব্যৱস্থা মোৰ সন্মুখত আছে, মই তেওঁৰ বিধিবোৰ মোৰ পৰা দুৰ কৰা নাই।
23. তেওঁৰ দৃষ্টিত মই সিদ্ধ আছিলোঁ, পাপ-অপৰাধৰ পৰা মই নিজকে আঁতৰাই ৰাখিলোঁ।
24. এই কাৰণে যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে, তেওঁৰ দৃষ্টিত মোৰ হাতৰ শুচি কার্য অনুসাৰে মোক পুৰস্কাৰ দিলে।
25. হে যিহোৱা তুমি বিশ্বস্তজনৰ সৈতে বিশ্বস্ত ব্যৱহাৰ কৰা; নির্দোষীজনৰ সৈতে নির্দোষ ব্যৱহাৰ কৰা।
26. তুমি শুচি লোকৰ সৈতে শুচি ব্যৱহাৰ কৰা, কুটিল লোকলৈ নিষ্ঠুৰ ব্যৱহাৰ কৰা।
27. কাৰণ তুমি দুখীসকলক ৰক্ষা কৰা, কিন্তু গৰ্ব্বী চকুক তললৈ নমাই আনা।

প্রবচন 6:12-15
12. এজন অপদাৰ্থ ব্যক্তি, এজন পাপী লোক- কটু কথাৰ দ্বাৰাই জীয়াই থাকে।
13. তেওঁ চকু টিপিয়াই আৰু ভৰিৰে সঙ্কেত দিয়ে, আৰু আঙুলিৰে ইঙ্গিত কৰে।
14. তেওঁ হৃদয়ৰ প্রতাৰণাৰ সৈতে বেয়া চক্রান্ত কৰে, তেওঁ সদায় বিবাদক আলোড়িত কৰে,
15. সেই কাৰণে তেওঁলৈ অকস্মাতে দুৰ্যোগ আহে; তৎক্ষণাত সুস্থ হ’ব নোৱাৰাকৈ তেওঁ ভাঙি পৰে।

মথি 21:23-46
23. যীচু মন্দিৰলৈ আহি উপদেশ দি থকাৰ সময়ত, প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকল তেওঁৰ ওচৰলৈ আহি সুধিলে, “তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা? এই অধিকাৰ তোমাক কোনে দিলে?”
24. যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “ময়ো আপোনালোকক এই কথা সুধো; যদি আপোনালোকে মোক কয়, তেনেহলে ময়ো কি অধিকাৰেৰে এইবোৰ কৰিছোঁ, সেই বিষয়ে আপোনালোকক কম। কওকচোন-
25. বাপ্তিস্ম দিওঁতা যোহন- তেওঁ কৰ পৰা আহিছে? স্বৰ্গৰাজ্যৰ পৰা নে মানুহৰ পৰা?” তাতে তেওঁলোকে পৰস্পৰে আলোচনা কৰি ক’লে, “আমি যদি কওঁ স্বৰ্গৰ পৰা, তেওঁ আমাক ক’ব, তেনেহলে কিয় তেওঁত বিশ্বাস নকৰিলা?
26. কিন্তু আমি যদি কওঁ ‘মানুহৰ পৰা’, তেনেহলে লোক সকললৈ আমাৰ ভয় লাগে; কিয়নো সকলোৱে যোহনক ভাববাদী বুলি মানে।”
27. পাছত তেওঁলোকে যীচুক উত্তৰ দি ক’লে, “আমি নাজানো”। তেতিয়া তেৱোঁ তেওঁলোকক ক’লে, “তেনেহলে কি অধিকাৰেৰে মই এইবোৰ কৰোঁ, সেই বিষয়ে ময়ো আপোনালোকক নকওঁ।”
28. “কিন্তু আপোনালোকে কি ভাবে? এজন মানুহৰ দুজন পুতেক আছিল; তেওঁ প্ৰথম জনৰ ওচৰলৈ গৈ ক’লে, ‘বোপা তুমি আজি দ্ৰাক্ষাবাৰীত কাম কৰাগৈ’।
29. তাতে সি পিতাকক উত্তৰ দিলে, ‘মই নাযাওঁ’; কিন্তু পাছত মনত অনুশোচনা কৰি গ’ল।
30. দ্বিতীয় জনৰ ওচৰলৈকো গৈ, সেই একে কথাকে ক’লে। তাতে তেওঁ উত্তৰ দিলে, ‘মই যাম পিতা’; কিন্তু তেওঁ নগ’ল।
31. এই দুয়োজনৰ মাজত পিতাকৰ ইচ্ছা কোন জনে পালন কৰিলে?” তেওঁলোকে ক’লে, “প্ৰথম জনে”। যীচুৱে তেওঁলোকক ক’লে, “মই আপোনালোকক সঁচাকৈ কওঁ, কৰ সংগ্রহকৰী আৰু বেশ্যাবোৰে আপোনালোকৰ আগেয়ে ঈশ্বৰৰ ৰাজ্যত সোমাব।
32. কিয়নো যোহন আপোনালোকৰ ওচৰলৈ ধাৰ্মিকতাৰ পথেৰে আহিল, তথাপি আপোনালোকে তেওঁত বিশ্বাস নকৰিলে; কিন্তু কৰ সংগ্রহকাৰী আৰু বেশ্যাবোৰে তেওঁত বিশ্বাস কৰিলে; আপোনালোকে এইবোৰ দেখিও, পাছত বিশ্বাস কৰিবলৈকো অনুতাপ নকৰিলে।”
33. “আৰু এটা দৃষ্টান্ত শুনক। এজন মানুহ আছিল; তেওঁ এখন দ্ৰাক্ষাবাৰী পাতিলে, আৰু তাৰ চাৰিওফালে বেৰা দি, তাৰ মাজত পেৰাশাল পাতিলে৷ তাৰ পাছত টঙি সাজিলে, আৰু খেতিয়ক সকলৰ হাতত গতাই দি, তেওঁ আন দেশলৈ গ’ল।
34. যেতিয়া দ্ৰাক্ষাগুটি চপোৱাৰ বতৰ ওচৰ হ’ল, তেওঁ নিজৰ গুটি পাবলৈ, খেতিয়ক সকলৰ ওচৰলৈ তেওঁৰ দাসবোৰক পঠাই দিলে।
35. কিন্তু দ্ৰাক্ষাবাৰীৰ খেতিয়ক সকলে তেওঁৰ দাসবোৰক ধৰিলে; এজনক কোবালে, এজনক বধ কৰিলে, এজনক শিল দলিয়াই মাৰিলে।
36. পুনৰায় তেওঁ আগতকৈ অধিক দাস পঠালে; তাতে সিহঁতকো সেই একেদৰে ব্যৱহাৰ কৰিলে।
37. পাছত দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে ‘পুত্ৰক আদৰ কৰিব বুলি’, সিহঁতৰ ওচৰলৈ পঠালে।
38. কিন্তু খেতিয়ক সকলে পুত্ৰক দেখি, পৰস্পৰে ক’লে, ‘এওঁৱেই উত্তৰাধিকাৰী; আহা, আমি এওঁক বধ কৰোঁহক, তাতে তেওঁৰ উত্তৰাধিকাৰ আমাৰ হ’ব’।
39. এই বুলি সিহঁতে তেওঁক ধৰি, দ্ৰাক্ষাবাৰীৰ বাহিৰলৈ নি বধ কৰিলে।
40. এনে স্থলত সেই দ্ৰাক্ষাবাৰীৰ গৰাকী জন আহিলে, সেই খেতিয়ক সকলক কি কৰিব?”
41. লোক সকলে তেওঁক ক’লে, “তেওঁ সেই দূৰ্জনবোৰক নিষ্ঠুৰভাবে সংহাৰ কৰিব, আৰু যি সকলে বতৰত ফলবোৰ শোধাই দিব, এনে আন খেতিয়ক সকলৰ হাতত সেই দ্ৰাক্ষাবাৰী গতাই দিব।”
42. যীচুৱে তেওঁলোকক ক’লে, “এই শাস্ত্ৰীয় বচন আপোনালোকে পঢ়া নাই নে, ‘ঘৰ-সজা সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল; এয়ে প্ৰভুৰ পৰা হ’ল, আৰু আমাৰ দেখাত আচৰিত’?
43. এই হেতুকে মই আপোনালোকক কওঁ, আপোনালোকৰ পৰা ঈশ্বৰৰ ৰাজ্য নিয়া হ’ব, আৰু তাৰ ফল উৎপন্ন কৰা জাতিক দিয়া হ’ব।
44. এই শিলৰ ওপৰত যি কোনো পৰিব, তেওঁ ডোখৰ-ডোখৰকৈ ভাগি যাব; কিন্তু যাৰ ওপৰত এই শিল পৰিব, তেওঁক ধূলিৰ দৰে উৰুৱাই পেলাব।”
45. তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে তেওঁৰ এই দৃষ্টান্তবোৰ শুনি, তেওঁ যে তেওঁলোকৰ বিষয়ে কৈছে এই কথা বুজি পালে।
46. কিন্তু তেওঁলোকে তেওঁক ধৰিবলৈ ছল বিচাৰিলে, কাৰণ লোক সকলক ভয় কৰিলে; কিয়নো লোক সকলে তেওঁক ভাববাদী বুলি মানিছিল।