A A A A A
एक साल में बाइबल
फरवरी 19

লেবীয় পুস্তক 9:1-24
1. অষ্টম দিনৰ আনুষ্ঠানিকৰ পাছত মোচিয়ে হাৰোণ আৰু তেওঁৰ পুত্ৰসকল আৰু ইস্ৰায়েলৰ পৰিচাৰক সকলক মাতি আনিলে।
2. তেওঁ হাৰোণক ক’লে, “তুমি নিজৰ অৰ্থে, পাপাৰ্থক বলিৰ কাৰণে জাকৰ পৰা এটা নিঘূণ দামুৰি আৰু হোম-বলিৰ কাৰণে এটা নিৰ্ঘূণী মতা মেৰ লৈ, যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰা।
3. আৰু ইস্ৰায়েলৰ সন্তান সকলক তুমি নিশ্চয় কোৱা, ‘তোমালোকে যিহোৱাৰ সন্মূখত বলিদান কৰিবৰ অৰ্থে, পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী আৰু হোমৰ কাৰণে এটা এবছৰীয়া নিঘূণ দমৰা গৰু আৰু এটা এবছৰীয়া নিঘূণ মেৰ পোৱালি,
4. আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে এটা ষাঁড় আৰু এটা মতা মেৰ আৰু তেল মিহলোৱা ভক্ষ্য নৈবেদ্য লোৱা; কিয়নো আজি যিহোৱাই তোমালোকক দৰ্শন দিব’।”
5. তেতিয়া তেওঁলোকে, মোচিয়ে আজ্ঞা কৰা সকলোকে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ নিলে আৰু গোটেই মণ্ডলী ওচৰ চাপি যিহোৱাৰ সন্মূখত থিয় হ’ল।
6. পাছত মোচিয়ে ক’লে, “যিহোৱাই তোমালোকক এই কৰ্ম কৰিবলৈ আজ্ঞা কৰিলে; ইয়াকে কৰিলে তোমালোকলৈ যিহোৱাৰ প্ৰতাপ প্ৰকাশিত হ’ব।”
7. পাছত মোচিয়ে হাৰোণক ক’লে, “তুমি বেদীৰ ওচৰলৈ গৈ, যিহোৱাৰ আজ্ঞা অনুসাৰে তোমাৰ পাপাৰ্থক বলি আৰু হোম-বলি উৎসৰ্গ কৰি, নিজক আৰু লোকসকলক প্ৰায়শ্চিত্ত কৰা; আৰু লোকসকলৰো উপহাৰ উৎসৰ্গ কৰি, তেওঁলোককো প্ৰায়শ্চিত্ত কৰা।”
8. তেতিয়া হাৰোণে বেদীৰ ওচৰলৈ গৈ, নিজৰ অৰ্থে লোৱা পাপাৰ্থক বলিদানৰ দামুৰীটো কাটিলে।
9. পাছত হাৰোণৰ পুত্ৰসকলে সেই বলিৰ তেজ তেওঁৰ ওচৰলৈ আনিলে; আৰু তেওঁ নিজ আঙুলি তেজত জুবুৰিয়াই বেদীৰ শিঙত লগালে, পাছত অৱশিষ্ট তেজখিনি বেদীৰ মুলত ঢালি দিলে।
10. কিন্তু পাপাৰ্থক বলিৰ তেল, ঘিলা দুটা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ বেদীত দগ্ধ কৰিলে। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে।
11. আৰু তাৰ মঙহখিনি আৰু ছালখন ছাউনিৰ বাহিৰত জুইত পুৰি ভস্ম কৰা হ’ল।
12. পাছে হোম-বলিটো কটা হ’ল, আৰু হাৰোণৰ পুত্ৰসকলে তাৰ তেজখিনি তেওঁৰ ওচৰলৈ তেওঁ বেদীত চাৰিওফালে ছটিয়াই দিলে।
13. পাছত তেওঁলোক হোম-বলিৰ মাংস খণ্ড খণ্ড কৰি মূৰটোৰে সৈতে খণ্ডবোৰ তেওঁৰ ওচৰলৈ আনিলে, আৰু তেওঁ সেই সকলোকে বেদীৰ ওপৰত দগ্ধ কৰিলে।
14. তেওঁ নাড়ী-ভুৰুখিনি আৰু ঠেং-কেইটা ধুই, বেদীত হোমৰ ওপৰত দগ্ধ কৰিলে।
15. পাছত লোকসকলৰ উপহাৰ ওচৰলৈ নিয়া হ’ল। তেওঁ লোকসকলৰ পাপাৰ্থক বলিদানৰ ছাগলীটো লৈ, প্ৰথমটোৰ নিচিনাকৈ কাটি পাপৰ অৰ্থে উৎসৰ্গ কৰিলে।
16. আৰু হোম-বলিটোও নিয়া হ’ল আৰু তেওঁ বিধিমতে তাক উৎসৰ্গ কৰিলে।
17. আৰু ভক্ষ্য নৈবেদ্য নিয়াৰ পাছত তেওঁ তাৰ পৰা মুঠি ভৰাই ল’লে, আৰু বেদীৰ ওপৰত দগ্ধ কৰিলে; ৰাতিপুৱাৰ হোম-বলিৰ দৰে তেওঁ ইয়াকো কৰিলে।
18. পাছত তেওঁ লোকসকলৰ মঙ্গলাৰ্থক বলিদানৰ ষাঁড় আৰু মতা মেৰটো কাটিলে; তেতিয়া হাৰোণৰ পুত্ৰসকলে তেওঁৰ ওচৰলৈ সেই বলিৰ তেজ আনিলে, আৰু তেওঁ বেদীৰ চাৰিওকাষে তাক ছটিয়াই দিলে।
19. পাছত তেওঁলোকে ষাঁড় আৰু মতা মেৰটোৰ তেল, নাড়ী-ভুৰুত লাগি থকা তেল, ঘিলা দুটা আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ আৰু মেৰটোৰ নেজডাল ল’লে,
20. সেই সকলো তেল আমঠু দুটাৰ ওপৰত হ’ল; আৰু তেতিয়া তেওঁ বেদীৰ ওপৰত সেই তেল দগ্ধ কৰিলে।
21. আৰু মোচিৰ আজ্ঞা অনুসাৰে, হাৰোণে যিহোৱাৰ সন্মূখত আমঠু দুটা আৰু সোঁ কৰঙনটো দোলনীয় উপহাৰৰ অৰ্থে দোলালে।
22. তেতিয়া হাৰোণে তেওঁলোকৰ ফাললৈ হাত দাঙি তেওঁলোকক আশীৰ্ব্বাদ কৰিলে; এইদৰে তেওঁ পাপাৰ্থক বলি, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰি নামি আহিল।
23. পাছত মোচি আৰু হাৰোণ সাক্ষাৎ কৰা তম্বুৰ ভিতৰত সোমাল আৰু তেওঁলোকে বাহিৰ ওলাই লোকসকলক আশীৰ্ব্বাদ কৰিলে; তেতিয়া সকলো লোকসকলৰ আগত যিহোৱাৰ প্ৰতাপ প্ৰকাশিত হ’ল।
24. আৰু যিহোৱাৰ সন্মূখৰ পৰা অগ্নি ওলাই, বেদীৰ ওপৰত থকা হোম-বলি আৰু তেলখিনি পুৰি ভস্ম কৰিলে। তাকে দেখি সকলো লোকে আনন্দ-ধ্বনি কৰি উবুৰি হৈ পৰিল।

লেবীয় পুস্তক 10:1-20
1. পাছত হাৰোণৰ পুত্ৰ নাদব আৰু অবীহূৱে নিজ নিজ আঙঠা ধৰা লৈ, তাত জুই ৰাখি তাৰ ওপৰত ধূঁপ দি, যিহোৱাই আজ্ঞা নিদিয়া সাধাৰণ জুই যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰিলে।
2. তেতিয়া যিহোৱাৰ সন্মুখৰ পৰা অগ্নি ওলাই তেওঁলোকক গ্ৰাস কৰিলে; তেওঁলোকে যিহোৱাৰ সন্মূখত প্ৰাণত্যাগ কৰিলে।
3. তেতিয়া মোচিয়ে হাৰোণক ক’লে, “যিহোৱাই ইয়াকে কৈছিল, বোলে, ‘যি সকলে মোৰ কাষ চাপিব, তেওঁলোকৰ মাজত মোৰ পবিত্ৰতা প্রকাশ কৰিম। আৰু সকলো লোকৰ সাক্ষাতে মই গৌৰৱান্বিত হ’ম।” হাৰোণ হতভম্ব হৈ নিজমে থাকিল।
4. মোচিয়ে হাৰোণৰ দদায়েক উজ্জীয়েলৰ পুত্ৰ মিচায়েল আৰু ইলিচাফনক মাতি নি ক’লে, “ইয়ালৈ আহাঁ আৰু ওচৰলৈ গৈ তোমালোকৰ জ্ঞাতি দুজনক তুলি পবিত্ৰ স্থানৰ সন্মূখৰ পৰা ছাউনিৰ বাহিৰলৈ লৈ যোৱা।”
5. আৰু সেয়ে তেওঁলোকে মোচিৰ আজ্ঞা অনুসাৰে, ওচৰলৈ গৈ, অঙ্গৰক্ষক বস্ত্ৰে সৈতে তেওঁলোকক তুলি ছাউনিৰ বাহিৰলৈ লৈ গ’ল।
6. তেতিয়া মোচিয়ে হাৰোণক আৰু তেওঁৰ পুত্ৰ ইলিয়াজৰ আৰু ঈথামৰক ক’লে, “তোমালোক যেন নমৰা আৰু গোটেই মণ্ডলীলৈ যেন তেওঁৰ ক্ৰোধ প্ৰজ্বলিত নহয়, এই কাৰণে তোমালোকে নিজ নিজ মূৰৰ চুলি মুকলিকৈ নাৰাখিবা আৰু নিজ নিজ কাপোৰ নাফালিবা; কিন্তু যিহোৱাৰ ক্ৰোধাগ্নি জ্বলাৰ বাবে তোমালোকৰ ভাই গোটেই ইস্ৰায়েল বংশই ক্ৰন্দন কৰক।
7. আৰু এই সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ পৰা বাহিৰলৈ নাযাবা, নহ’লে মৰিবা, কিয়নো তোমালোকৰ গাত যিহোৱাৰ অভিষেকাৰ্থক তেল আছে।” তেতিয়া তেওঁলোকে মোচিৰ বাক্য অনুসাৰে সেই দৰে কৰিলে।
8. তেতিয়া যিহোৱাই হাৰোণক ক’লে,
9. “তোমালোক যেন নমৰা, সেই কাৰণে তুমি বা তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে সাক্ষাৎ কৰা তম্বুত সোমোৱা কালত, দ্ৰাক্ষাৰস বা সুৰা পান নকৰিবা। এয়ে তোমালোকে পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি,
10. আৰু তোমালোকে যেন পবিত্ৰ আৰু সামান্য বিষয়ৰ আৰু শুচি আৰু অশুচিৰ প্ৰভেদ কৰিব পাৰিবা,
11. আৰু মোচিৰ দ্বাৰাই যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক দিয়া সকলো বিধিৰ শিক্ষা তোমালোকে যেন তেওঁলোকক দিব পাৰিবা, সেই বাবে এই বিধি তোমোলোকক দিয়া হ’ল।”
12. মোচিয়ে হাৰোণক আৰু তেওঁৰ অৱশিষ্ট পুত্ৰ ইলিয়াজৰ আৰু ঈথামৰ এই দুজনক ক’লে, “যিহোৱাৰ অগ্নিকৃত উপহাৰবোৰৰ অৱশিষ্ট ভক্ষ্য নৈবেদ্য লৈ গৈ, বেদীৰ কাষত খমীৰ নোহোৱাকৈ ভোজন কৰিবা। কিয়নো সেয়ে অতি পবিত্ৰ।
13. কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিবা; কিয়নো যিহোৱাৰ অগ্নিকৃত উপহাৰবোৰৰ মাজত সেয়ে তুমি আৰু তোমাৰ পুত্ৰসকলে পাবলগীয়া ভাগ, কাৰণ মই এই আজ্ঞা পালোঁ।
14. আৰু দোলনীয় উপহাৰ যি সোঁ ফালৰ কৰঙনটো, তাক তুমি তোমাৰ পো-জীসকলেৰে সৈতে কোনো শুচি ঠাইত ভোজন কৰিবা। কিয়নো ইস্ৰায়েলৰ সন্তান সকলৰ মঙ্গলাৰ্থক বলিৰ পৰা তাক তোমাৰ আৰু তোমাৰ সন্তান সকলক পাবলগীয়া ভাগ বুলি দিয়া হ’ল।
15. অগ্নিকৃত উপহাৰৰ অৰ্থে দিয়া তেলখিনিয়ে সৈতে উত্তোলনীয় উপহাৰ যি সোঁ কৰঙন আৰু যিহোৱাৰ সন্মূখত দোলনীয় উপহাৰৰ অৰ্থে দোলাবলৈ দোলনীয় উপহাৰৰ যি আমঠু, এইবোৰ যিহোৱাৰ আজ্ঞাৰ দৰে আনিব লাগিব; সেয়ে তোমাৰ আৰু তোমাৰ সন্তান সকলৰ চিৰস্থায়ী অধিকাৰ হ’ব।”
16. তেতিয়া মোচিয়ে পুৰুষাৰ্থ কৰি, পাপাৰ্থক বলিদানৰ অৰ্থে দিয়া ছাগলীটো বিচাৰোতে দেখিলে যে, তাক পুৰি ভস্ম কৰা হ’ল। গতিকে তেওঁ হাৰোণৰ অৱশিষ্ট পুত্ৰ ইলিয়াজৰ আৰু ঈথামৰ এই দুজনলৈ ক্ৰুদ্ধ হৈ তেওঁলোকক ক’লে,
17. “তোমালোকে সেই পাপাৰ্থক বলি কোনো পবিত্ৰ স্থানত কিয় ভোজন নকৰিলা? কাৰণ সেয়ে অতি পবিত্ৰ আৰু মণ্ডলীৰ অপৰাধ বৈ যিহোৱাৰ সন্মূখত তেওঁলোকক প্ৰায়চিত্ত কৰিবৰ অৰ্থে তাক তোমালোকক দিয়া হ’ল।
18. চোৱা, পবিত্ৰ স্থানৰ ভিতৰলৈ তাৰ তেজ নিয়া নহ’ল; মোৰ আজ্ঞা অনুসাৰে তোমালোকে অৱশ্যে তাক পবিত্ৰ স্থানত ভোজন কৰিব লাগিছিল।”
19. তেতিয়া হাৰোণে মোচিক ক’লে, “চোৱা, এওঁলোক দুজনেই আজি যিহোৱাৰ উদ্দেশ্যে নিজ পাপাৰ্থক বলি আৰু নিজ হোমবলি উৎসৰ্গ কৰিলে, তথাপি মোলৈ এনে ঘটিল; যদি মই আজি পাপাৰ্থক বলি ভোজন কৰিলোঁহেতেন, তেন্তে যিহোৱাই তাত সন্তোষ পালেহেঁতেন নে?”
20. মোচিয়ে ইয়াকে শুনি সন্তুষ্ট হ’ল।

সামসঙ্গীত 25:1-7
1. হে যিহোৱা, মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ!
2. হে মোৰ ঈশ্বৰ, মই তোমাতেই ভাৰসা কৰিছোঁ; তুমি মোক লাজত পৰিবলৈ নিদিবা; মোৰ শত্রুবোৰক মোৰ ওপৰত উল্লাস কৰিবলৈ নিদিবা।
3. তোমালৈ অপেক্ষা কৰাসকলক তুমি লাজত পৰিবলৈ নিদিবা; কিন্তু যি সকলে অকাৰণে বিশ্বাসঘাটকতা কৰে তেওঁলোকেই লাজত পৰিব।
4. হে যিহোৱা, তোমাৰ পথবোৰ মোক জনোৱা; তোমাৰ পথত চলিবলৈ মোক শিকোৱা।
5. তোমাৰ সত্যতাত মোক পৰিচালিত কৰা আৰু মোক শিক্ষা দিয়া; কিয়নো তুমিয়েই মোৰ ত্ৰাণকর্তা ঈশ্বৰ; ওৰে দিনটো মই তোমালৈ অপেক্ষা কৰোঁ।
6. হে যিহোৱা, তোমাৰ দয়া আৰু অসীম প্রেমৰ কথা তুমি পাহৰি নাযাবা, কিয়নো সেই সকলো অনাদি কালৰ পৰা আছে।
7. মোৰ যৌৱন কালৰ পাপ আৰু অপৰাধবোৰ তুমি সোঁৱৰণ নকৰিবা; হে যিহোৱা, তুমি তোমাৰ অসীম প্রেমৰ দ্বাৰাই আৰু তোমাৰ মঙ্গলদায়ক গুণেৰেই মোক সোঁৱৰণ কৰা।

প্রবচন 9:13-18
13. অজ্ঞানী মহিলা কোলাহলপূৰ্ণ- তেওঁ অশিক্ষিত, আৰু তেওঁ একো নাজানে।
14. তেওঁ নিজৰ ঘৰৰ দুৱাৰত, আৰু নগৰৰ উচ্চ স্থানত বহে।
15. যিসকলে সেই পথেৰে যায়, তেওঁলোকক মাতে; সেই লোকসকল নিজ পথত গৈ থাকিলেও তেওঁ মাতে,
16. “যিসকলে শিক্ষা পোৱা নাই, তেওঁলোক ইয়ালৈ আহক!” যিসকল জ্ঞানশূন্য, তেওঁলোকক তেওঁ কয়,
17. “চুৰ কৰা পানী মিঠা, আৰু গুপুতে খোৱা আহাৰ অতি সুস্বাদু।”
18. কিন্তু মৃত্যু যে তাত আছে, আৰু তেওঁৰ অতিথি সকল যে চিয়োলৰ গভীৰ ঠাইত আছে, সেই কথা তেওঁ নাজানে।

মাৰ্ক 1:23-45
23. সেই সময়ত তেওঁলোকৰ সেই নাম-ঘৰতে অশুচি আত্মাই ধৰা এজন মানুহ আছিল। তেওঁ আটাহ পাৰি ক’লে,
24. “হে নাচৰতীয়া যীচু, আপোনাৰ লগত আমাৰ কি কাম? আপুনি আমাক নষ্ট কৰিবৰ বাবে আহিলে নে? আপুনি কোন, মই জানো৷ আপুনি ঈশ্বৰৰ পবিত্ৰ জন”।
25. কিন্তু যীচুৱে তাক ডবিয়াই ক’লে, “মনে মনে থাক আৰু ইয়াৰ পৰা বাহিৰ ওলা!”
26. তেতিয়া সেই অশুচি আত্মাই এক ডাঙৰ মাতেৰে চিঞৰি মানুহ জনক তলত পেলাই মুচৰি তেওঁৰ পৰা বাহিৰ ওলাই গ’ল।
27. তাতে সকলোৱে বিস্ময় মানি, ইজনে সিজনে সোধা-সুধি কৰি কলে, “এইয়া কি? ক্ষমতাপন্ন জনৰ দৰে এক নতুন উপদেশ! এওঁ অশুচি আত্মাকো আজ্ঞা দিয়াত, সিহঁতেও দেখোন এওঁক মানে”।
28. তেতিয়া তেওঁৰ খ্যাতি গালীল প্ৰদেশৰ চৌদিশে আৰু সেই অঞ্চলৰ সকলো ঠাইলৈ বিয়পি গ’ল।
29. পাছত তেওঁলোকে নাম-ঘৰৰ পৰা ওলাই আহি চিমোন আৰু আন্দ্রিয়ৰ ঘৰত সোমাল। তেওঁলোকৰ লগত যাকোব আৰু যোহনো আছিল।
30. তাতে চিমোনৰ শাহুৱেক জ্বৰত অসুস্থ হৈ বিচনাত পৰি আছিল৷ তেতিয়াই তেওঁলোকে তেওঁৰ বিষয়ে যীচুক জনালে।
31. তাতে তেওঁ ওচৰলৈ আহি তেওঁৰ হাতত ধৰিলে আৰু তেওঁক তুলিলে৷ তেতিয়া সেই জ্বৰে তেওঁক এৰিলে, আৰু তেওঁ তেওঁলোকৰ সেৱা-শুশ্রূষা কৰিবলৈ ধৰিলে।
32. সেই দিনা সন্ধিয়া বেলি মাৰ গলত, লোক সকলে সকলো ৰোগীক আৰু ভূতে পোৱা লোক সকলক তেওঁৰ ওচৰলৈ আনিলে;
33. আৰু নগৰৰ লোক সকল আহি দুৱাৰ-মুখতে গোট খালে।
34. তাতে তেওঁ নানা বিধ ৰোগত কষ্ট পাই থকা অনেক ৰোগীক সুস্থ কৰিলে আৰু ভূতে পোৱা বহু লোকৰ পৰা ভূত খেদালে৷ কিন্তু ভূতবোৰক একো কথা কবলৈ নিদিলে; কিয়নো সিহঁতে তেওঁক জানিছিল৷
35. অতি ৰাতিপুৱা প্ৰায় আন্ধাৰ হৈ থাকোতেই তেওঁ উঠি, বাহিৰলৈ ওলাই গৈ নির্জন ঠাইত প্ৰাৰ্থনা কৰি আছিল।
36. পাছত চিমোন আৰু লগৰবোৰে তেওঁক বিচাৰি গ’ল৷
37. পাছত তেওঁক পাই কলে, “সকলোৱে আপোনাক বিচাৰি আছে”।
38. তাতে তেওঁ তেওঁলোকক ক’লে, “ব’লা, আমি ওচৰৰ আন ঠাইবোৰলৈ যাওঁ, সেই ঠাইবোৰতো মই বাক্য ঘোষণা কৰিব লাগে; মই এই বাবেই ওলাই আহিলোঁ”।
39. পাছত তেওঁ গৈ, গালীল প্ৰদেশৰ সকলো ঠাইতে, তেওঁলোকৰ নাম-ঘৰবোৰতো প্রচাৰ কৰিলে আৰু ভূতবোৰক খেদালে।
40. তাতে এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহিল; আৰু সবিনয়েৰে তেওঁৰ সন্মুখত আঁঠু লৈ ক’লে, “আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে”।
41. তেতিয়া তেওঁৰ মৰম লাগিল আৰু হাত মেলি তেওঁক চুই ক’লে, “মই ইচ্ছা কৰিছোঁ৷ শুচি হোৱা” ।
42. তেতিয়া তেওঁৰ শৰীৰৰ পৰা কুষ্ঠৰোগ আতৰিল আৰু তেওঁ শুচি হ’ল।
43. যীচুৱে তেওঁক কঠোৰ আজ্ঞা দি বিদায় দিলে।
44. যীচুৱে তেওঁক ক’লে, “সাৱধান হোৱা; কোনো ব্যক্তিক একো নকবা; কিন্তু যোৱা, পুৰোহিতৰ ওচৰত গৈ নিজকে দেখুওৱা আৰু তুমি শুচি হবৰ অৰ্থে মোচিয়ে যি যি উ‌‌ৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে, তেওঁলোকক সাক্ষ্য দিবৰ বাবে সেইবোৰ উ‌‌ৎসৰ্গ কৰাগৈ”।
45. কিন্তু তেওঁ ওলাই গৈ সকলোৰে আগত ঘোষণা কৰিবলৈ ধৰিলে৷ আৰু এই কথা এনে ধৰণে প্রকাশ হবলৈ ধৰিলে যে, যীচুৱে প্রকাশ্যৰূপে কোনো নগৰত সোমাব নোৱাৰা হ’ল৷ তেওঁ গৈ বাহিৰত নিৰ্জন ঠাইবোৰত থাকিবলগীয়া হ’ল যাতে চাৰিওফালৰ পৰা লোক সকলে তেওঁৰ ওচৰলৈ আহিব পাৰে।