A A A A A

যাত্রাপুস্তক 37:1-29
1. তাৰ পাছত বচলেলে চিটীম কাঠৰ আঢ়ৈ হাত দীঘল, ডেৰ হাত বহল, আৰু ডেৰ হাত ওখকৈ নিয়ম চন্দুক নিৰ্মাণ কৰিলে।
2. তেওঁ নিয়ম চন্দুকৰ বাহিৰে ভিতৰে শুদ্ধ সোণৰ পতা মাৰিলে, আৰু তাৰ চাৰিওফালৰ কিনাৰ বোৰত সোণ লগালে।
3. তেওঁ তাৰ খুটাৰ বাবে সোণৰ চাৰিটা চক্র গঢ়ালে। তাৰ এফালে দুটা আন ফালে দুটা এই দৰে তাৰ চাৰিটা খুৰাত লগালে।
4. আৰু তেওঁ চিটীম কাঠৰ দুডাল কানমাৰি সাজি, তাত সোণৰ পতা মাৰিলে।
5. তেওঁ চন্দুক বৈ নিবলৈ, সেই কানমাৰি চন্দুকৰ দুই কাষে থকা আঙঠি সুমুৱালে।
6. তেওঁ শুদ্ধ সোণৰ আঢ়ৈ হাত দীঘল আৰু ডেৰ হাত বহলকৈ এখন পাপাবৰণ সাজিলে।
7. বচলেলে সোণ পিটাই দুটা সোণৰ কৰূব সাজিলে, আৰু পাপাবৰণৰ দুই মুৰত ৰাখিলে।
8. এটা মুৰত এটা কৰূব আৰু আনটো মুৰত আন এটা কৰূব হ’ল। পাপাবৰণৰ দুই মুৰত একে ডোখৰ সোণতে সেই দুটা কৰূব সাজিলে।
9. কৰূবে ওপৰলৈ ডেউকা মেলি নিজৰ ডেউকাৰে পাপাবৰণক ঢাকি ধৰিলে; আৰু কৰূব দুটা মুখামুখি হৈ থাকিল; আৰু কৰূবৰ দৃষ্টি পাপাবৰণৰ মাজভাগত আছিল।
10. তেওঁ দুহাত দীঘল, এহাত বহল, আৰু ডেৰ হাত ওখকৈ চিটীম কাঠৰ মেজ সাজি, তাত শুদ্ধ সোণৰ পতা মাৰিলে।
11. মেজখনত তেওঁ সোণৰ পতা মাৰিলে, আৰু তাৰ ওপৰৰ চাৰিওফালৰ দাঁতিত সোণ লগালে।
12. তাৰ চাৰিওফালে চাৰি আঙুলি জোখৰ এটা কাঠৰ ফ্রেম যুগুত কৰিলে, আৰু ফ্রেমৰ চাৰিওকাষৰ দাঁতি সোণৰ কৰিলে।
13. তেওঁ তাৰ বাবে সোণৰ চাৰিটা আঙঠি সাঁচত ঢালিলে। সেই আঙঠি চাৰিটা খুঁটা থকা ঠাইৰ চাৰি চুকত লগালে।
14. মেজ বৈ নিবলৈ, আৰু কানমাৰি সুমুৱাবলৈ সেই আঙঠি ফ্রেমৰ কাষত লগালে।
15. তেওঁ মেজ বৈ নিবৰ কাৰণে চিটীম কাঠৰ দুডাল কানমাৰি সাজি, তাতো সোণৰ পতা মাৰিলে।
16. মেজৰ ওপৰত থকা পাত্ৰবোৰ, অৰ্থাৎ তাৰ কাঁহি, চামুচ, বাটি, আৰু দ্ৰাক্ষাৰস ঢালিবলৈ জাৰ প্রস্তুত কৰিলে। সেই সকলো শুদ্ধ সোণেৰে গঢ়ালে।
17. তেওঁ শুদ্ধ সোণ হাতুৰিৰে পিটি এটা দীপাধাৰ সাজিলে; তাৰ খুৰা, গা ভাগ, তাত কটা বাটি, কলি, আৰু ফুল একে ডোখৰ সোণেৰে গঢ়িলে।
18. তাৰ এফালৰ পৰা তিনটা শাখা, আৰু আনফালৰ পৰা তিনটা শাখা, এই দৰে সেই দীপাধাৰৰ দুই ফালৰ পৰা ছটা শাখা ওলাল।
19. তাৰ প্রথম শাখাত বাদাম ফুলৰ আকৃতিৰে তিনটা বাটি, এটা কলি, আৰু এটা ফুল, আৰু আনটো শাখাত বাদাম ফুলৰ আকৃতিৰে তিনটা বাটি, এটা কলি, আৰু এটা ফুল কৰিলে। দীপাধাৰৰ পৰা ওলোৱা ছয়োটা শাখাত একে দৰেই কৰিলে।
20. সেই দীপাধাৰৰ মাজভাগতো বাদামফুলৰ আকৃতিৰে চাৰিটা বাটি, তাৰ কলি আৰু ফুল কৰিলে।
21. সেই দীপাধাৰৰ প্রথম জোৰা শাখাৰ তলত একে ডোখৰ সোণতে এটা কলি আৰু আনটো শাখাৰ তলতো একে ডোখৰ সোণতে এটা কলি আছিল। এইদৰে তৃতীয় শাখাতো একে ডোখৰ সোণতে এটা কলি আছিল। এইদৰেই দ্বীপাধাৰৰ পৰা বহিৰ ওলোৱা ছয়োটা শাখাতে একেদৰে কৰা আছিল।
22. সেইবোৰৰ কলি আৰু সেইবোৰৰ ডাল একে ডোখৰ সোণতেই আছিল। সেই সকলোৱেই শুদ্ধ সোণ হাতুৰিৰে পিটি গঢ়োৱা হৈছিল।
23. বচলেলে দীপাধাৰৰ সাতোটা প্ৰদীপ, চেপেনা আৰু তাৰ ট্রে শুদ্ধ সোণেৰে গঢ়ালে।
24. সেই দীপাধাৰ আৰু তাৰ সকলো বস্তু এক কিক্কৰ শুদ্ধ সোণেৰে নিৰ্মান কৰিলে।
25. বচলেলে চিটীম কাঠেৰে ধূপ-বেদি নিৰ্মান কৰিলে। সেই বেদি এহাত দীঘল, আৰু এহাত বহল; তাৰ চাৰিওফালৰ চাৰিওটা চুক সমান; তাৰ ওখই দুহাত; আৰু তাৰ শিং একে ডোখৰ কাঠেৰেই তৈয়াৰ কৰা হ’ল।
26. তেওঁ ধূপ বেদিত, ইয়াৰ ওপৰত, কাষত, আৰু শিংবোৰত শুদ্ধ সোণেৰে পতা মাৰিলে। তেওঁ চাৰিওফালৰ দাঁতিও সোণেৰে তৈয়াৰ কৰিলে।
27. ধূপ বেদি বৈ নিবৰ বাবে কানমাৰি সুমুউৱাবলৈ, তেওঁ সোণৰ দুটা খাৰুৱা গঢ়ালে, আৰু দাঁতিৰ তলত দুয়ো ফালে লগালে।
28. তেওঁ চিটীম কাঠেৰে কানমাৰি সাজি, তাত সোণৰ পতা মাৰিলে।
29. সুগন্ধিদ্ৰব্য তৈয়াৰ কৰা লোক সকলৰ দৰে, তেওঁ অভিষেকৰ পবিত্ৰ তেল, আৰু শুদ্ধ সুগন্ধি ধূপ যুগুত কৰিলে।

যাত্রাপুস্তক 38:1-31
1. বচলেলে চিটীম কাঠেৰে পাঁচ হাত দীঘল,পাঁচ হাত বহল, আৰু তিনি হাত ওখকৈ চাৰিওদিশ আৰু চাৰিওটা চুক সমানকৈ হোমবলিৰ অৰ্থে বেদি সাজিলে।
2. তেওঁ তাৰ চাৰিওটা চুক ষাঁড় গৰুৰ শিঙৰ আকৃতিত সাজিলে। সেই শিংবোৰ বেদিৰ সৈতে একে ডোখৰ কাঠেৰেই সাজিলে; আৰু তাত পিতলৰ পতা মাৰিলে।
3. তেওঁ বেদিৰ সকলো সামগ্রী যেনে, ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেঁতা, চৰিয়া, মাংস খোঁচ যাঠি, আৰু জুই ধৰা পাত্ৰ, এই সকলো সামগ্রী পিতলেৰে গঢ়ালে।
4. তেওঁ বেদিৰ বাবে পিতলৰ জালি গঢ়ালে, আৰু বেদিৰ তলৰ পৰা ওপৰলৈকে আধা অংশত সেই জাল লগালে।
5. কানমাৰি সুমুৱাবলৈ, চাৰিটা আঙঠি সাঁচত ঢালিলে, আৰু পিতলৰ সেই জালিৰ চাৰি চুকত লগালে।
6. বচলেলে চিটীম কাঠেৰে মাৰি সাজিলে, আৰু তাত পিতলৰ পতা মাৰিলে।
7. বেদি বৈ নিবৰ বাবে, তেওঁ তাৰ কাষত থকা আঙঠিত কানমাৰি সুমুৱালে; তেওঁ সেই বেদি তক্তাৰে ফোঁপোলাকৈ নিৰ্মান কৰিলে।
8. যি মহিলাসকলে সাক্ষাৎ কৰা তম্বুৰ প্রবেশ দুৱাৰত সেৱা কৰিছিল, সেই মহিলাসকলৰ পিতলৰ দৰ্পণেৰে বচলেলে ডাঙৰ প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুঁটা গঢ়ালে।
9. তেওঁ চোতালখনো যুগুত কৰিলে। চোতালৰ দক্ষিণ দিশে পকোৱা মিহি শণ সূতাৰে এশ হাত দীঘল পৰ্দা যুগুত কৰিলে।
10. বিশটা খুটাৰ পৰা পৰ্দাবোৰ ওলমোৱা হৈছিল, আৰু খুটাবোৰৰ বিশটা চুঙী পিতলৰ আছিল। খুটাবোৰৰ হাঁকোটা আৰু শলি ৰূপৰ আছিল।
11. একেদৰেই উত্তৰদিশৰ বাবেও পৰ্দা যুগুত কৰিলে। সেইবোৰো এশ হাত দীঘল আছিল। সেইবোৰৰ খুঁটা বিশটা; আৰু খুটাবোৰৰ বিশটা চুঙী পিতলৰ আছিল, আৰু সেই খুটাবোৰৰ হাঁকোটা আৰু মাৰি ৰূপৰ আছিল।
12. আৰু পশ্চিম দিশৰ পৰ্দা পঞ্চাশ হাত দীঘল আছিল। সেইবোৰৰ খুঁটা দহটা, আৰু খুটাবোৰৰ চুঙী দহটা আছিল; আৰু খুটাবোৰৰ হাঁকোটা আৰু মাৰি ৰূপৰ আছিল।
13. চোতালখনৰ পূৱদিশও পঞ্চাশ হাত দীঘল আছিল।
14. প্রবেশ দুৱাৰৰ এটা কাষৰ পৰ্দা পোন্ধৰ হাত দীঘল আছিল; আৰু সেইবোৰৰ খুঁটা তিনিটা আৰু খুটাবোৰৰ চুঙী তিনিটা আছিল।
15. চোতালৰ প্রবেশ দুৱাৰৰ আন কাষতো একেদৰে পোন্ধৰ হাত দীঘল পৰ্দা আছিল। সেইবোৰৰ খুঁটা তিনিটা আৰু খুটাবোৰৰ চুঙী তিনিটা আছিল।
16. চোতালৰ চাৰিওদিশৰ পৰ্দাবোৰ পকোৱা মিহি শণ সূতাৰে তৈয়াৰী আছিল।
17. খুটাবোৰৰ চুঙীবোৰ পিতলেৰে তৈয়াৰ কৰিছিল। খুটাবোৰৰ বাবে হাঁকোটা আৰু মাৰিবোৰ ৰূপেৰে তৈয়াৰ কৰিছিল। খুটাবোৰৰ মুৰ ৰূপেৰে তৈয়াৰ কৰা হৈছিল; আৰু চোতালৰ আটাইবোৰ খুটাতে ৰূপৰ মাৰি লগোৱা হৈছিল।
18. চোতালৰ দুৱাৰৰ পৰ্দাবোৰ নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰে বোৱা, আৰু শিল্পকাৰে ফুল বাছি তৈয়াৰ কৰিছিল। পৰ্দাখন আছিল দীঘলে বিশ হাত, আৰু ওখই পাঁচ হাত, চোতালৰ বাকী পৰ্দাবোৰৰ জোখৰ আছিল।
19. পৰ্দাৰ বাবে চাৰিটা খুঁটা; আৰু চাৰিটা পিতলৰ চুঙী; আৰু সেইবোৰৰ হাঁকোটা ৰূপৰ আছিল। খুটাৰ ওপৰভাগ আৰু মাৰী বোৰ ৰূপেৰে তৈয়াৰী।
20. আবাসৰ আৰু চোতালৰ চাৰিওফালৰ খুটাবোৰ পিতলৰ আছিল।
21. মোচিৰ নিৰ্দেশ অনুসাৰে, সাক্ষ্য ফলি থকা আবাসৰ সকলো বস্তুৰ সংখ্যাৰ বৃত্তান্ত লিখিবলৈ পুৰোহিত হাৰোণৰ পুত্ৰ ঈথামৰে লেবীয়া সকলক আদেশ দিলে।
22. যিহূদা ফৈদৰ হূৰৰ পুত্র ঊৰী, ঊৰীৰ পুত্ৰ বচলেলে, যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে সকলোকে কৰিলে।
23. দান ফৈদৰ অহীচামকৰ পুত্ৰ অহলীয়াব তেওঁৰ সহায়কাৰী আছিল, তেওঁ এজন দক্ষতাসম্পন্ন লোক আৰু নিপুণ শিল্পকাৰ আছিল। তেওঁ নীলা, বেঙুনীয়া আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰে ফুল বাছিব জনা লোক আছিল।
24. পবিত্র স্থানৰ প্রকল্পৰ বাবে ব্যৱহাৰ হোৱা সকলো উপহাৰৰ সোণ পবিত্ৰ স্থানৰ চেকলৰ জোখৰ অনুপাতে ঊনত্ৰিশ কিক্কৰ আৰু সাত শ ত্ৰিশ চেকল আছিল।
25. সমাজৰ দ্বাৰাই দিয়া ৰূপৰ ওজন পবিত্ৰ স্থানৰ চেকলৰ জোখৰ অনুপাতে এশ কিক্কৰ আৰু এক হাজাৰ সাত শ পঁয়সত্তৰ চেকল আছিল।
26. বা বিশ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকপিয়ল অনুসাৰে ছয় লাখ তিনি হাজাৰ পাঁচশ পঞ্চাশ জন লোকৰ প্ৰতিজনে এক এক বেকা, অৰ্থাৎ পবিত্ৰ স্থানৰ চেকল অনুসাৰে আধা চেকলকৈ ৰূপ দিছিল।
27. এশ কিক্কৰ ৰূপ পবিত্ৰ স্থান আৰু পৰ্দাৰ চুঙীৰ বাবে খৰচ কৰা হ’ল। প্ৰত্যেক চুঙীত এক কিক্কৰকৈ এশ চুঙীৰ বাবে এশ কিক্কৰ ৰূপ খৰচ কৰা হ’ল।
28. এক হাজাৰ সাত শ পঁয়সত্তৰ চেকল ৰূপেৰে তেওঁ খুটাবোৰৰ হাঁকোটা তৈয়াৰ কৰিছিল। সেইবোৰৰ মুৰত, ৰূপৰ পতা মাৰিছিল, আৰু সেইবোৰৰ বাবে মাৰী তৈয়াৰ কৰা হৈছিল।
29. উপহাৰৰ পৰা পোৱা পিতলৰ ওজন সত্তৰ কিক্কৰ দুই হাজাৰ চাৰিশ চেকল আছিল।
30. এইবোৰেৰে তেওঁ সাক্ষাৎ কৰা তম্বুৰ প্রবেশ দুৱাৰৰ বাবে চুঙী, পিতলৰ বেদি, পিতলৰ জালিকটা, আৰু বেদিৰ সকলো সামগ্রী তৈয়াৰ কৰিছিল।
31. চোতালৰ বাবে চুঙী, চোতালৰ প্রবেশ দুৱাৰৰ বাবে চুঙী, আবাসৰ বাবে সকলো খুঁটা, আৰু চোতালৰ বাবে সকলো খুঁটা গঢ়ালে।

সামসঙ্গীত 22:9-15
9. কিন্তু যি জনাই মোক মাতৃ গৰ্ভৰ পৰা উলিয়াই আনিলে, সেই জনা তুমিয়েই; মই যেতিয়া মোৰ মাতৃৰ পিয়াহ খাইছিলো, তুমিয়েই মোক সুৰক্ষিত ৰাখি তোমাৰ ওপৰত নির্ভৰশীল কৰিলা।
10. জন্মৰ পিছৰে পৰা মোক তোমাৰ হাতত দিয়া হ’ল; মোৰ মাতৃৰ গৰ্ভৰে পৰাই তুমি মোৰ ঈশ্বৰ থ’লো।
11. তুমি মোৰ ওচৰৰ পৰা দূৰৈত নাথাকিবা; কিয়নো মোৰ আপদ ওচৰ চাপি আহিছে; মোৰ সহায়কাৰী কোনো নাই।
12. মোৰ চাৰিওফালে যেন অনেক ভতৰাই বেৰি ধৰিছে; বাচানৰ শক্তিশালী ভতৰাবোৰে যেন মোক আগুৰি ৰাখিছে।
13. ক্ষুধার্ত সিংহই যেনেকৈ গৰ্জ্জন কৰে, তেনেকৈ তেওঁলোকে মোলৈ মুখ মেলিছে।
14. মোক পানীৰ দৰে ঢালি পেলোৱা হ’ল, মোৰ গোটেই হাড়ৰ জোৰা লৰিল; মোৰ অন্তৰ মমৰ নিচিনা হৈ মোৰ বুকুতে গলি গলি গৈছে;
15. মাটিৰ পাত্রৰ শুকান টুকুৰা এটাৰ দৰে মোৰ শক্তি শুকাই আহিছে; মোৰ জিভা তালুত লাগি ধৰিছে; তুমি মোক মৃত্যুৰ ধুলিত শুৱাই ৰাখিছা।

প্রবচন 8:12-21
12. মই প্ৰজ্ঞাই সুবুদ্ধিয়ে সৈতে বাস কৰোঁ, আৰু মই জ্ঞান আৰু বিবেচনা লাভ কৰোঁ।
13. যিহোৱাক ভয় কৰায়েই দুষ্টতাক ঘিণ কৰা হয়; মই অহংকাৰ, গর্ব, কুপথ, আৰু বিপথগামী কথা ঘিণ কৰোঁ।
14. মোৰ ভাল পৰামৰ্শ আৰু গভীৰ প্রজ্ঞা আছে; সুক্ষ্মদৃষ্টি আৰু পৰাক্ৰম মোৰেই।
15. মোৰ দ্বাৰাই ৰজাসকলে ৰাজত্ব কৰে, অভিজাত লোকসকল আৰু ন্যায়েৰে যিসকল লোকে শাসন কৰে, সেইসকলো মোৰেই।
16. অধিপতি, অভিজাত, আৰু যিসকলে ন্যায়েৰে শাসন কৰে, সেই সকলে মোৰ দ্বাৰাই কৰে।
17. যিসকলে মোক প্ৰেম কৰে, ময়ো তেওঁলোকক প্ৰেম কৰোঁ, আৰু যিসকলে মোক আগ্রহেৰে বিচাৰে, তেওঁলোকে মোক বিচাৰি পায়।
18. ঐশ্চৰ্য্য আৰু মান মৰ্য্যদা মোৰ লগতে আছে, এনে কি অক্ষয় সম্পত্তি আৰু ধাৰ্মিকতা আছে।
19. সোণতকৈ আৰু শুদ্ধ সোণতকৈয়ো মোৰ ফল উত্তম; শুদ্ধ ৰূপতকৈয়ো মই যি উৎপন্ন কৰোঁ সেয়া উত্তম।
20. মই যি পথেৰে যাওঁ, সেই পথ শুদ্ধ; সেই পথে ন্যায়লৈ লৈ যায়।
21. সেয়ে যিসকলে মোক ভাল পায় তেওঁলোকক মই উত্তৰাধিকাৰ দিওঁ, আৰু তেওঁলোকৰ ভঁৰাল পৰিপূৰ্ণ কৰিম।

মথি 26:51-75
51. চোৱা, যীচুৰ লগৰ এজনে হাত মেলি, নিজৰ তৰোৱাল উলিয়াই মহা-পুৰোহিতৰ দাস এজনক আঘাত কৰি তাৰ কাণ এখন কাটি পেলালে।
52. তেতিয়া যীচুৱে তেওঁক ক’লে, “তোমাৰ তৰোৱাল পুনৰায় খাপত সোমাই থোৱা; কিয়নো যি জনে তৰোৱাল ধৰে, সেই জন তৰোৱালৰ দ্বাৰাই বিনষ্ট হ’ব।
53. ‘মোৰ পিতৃয়ে এতিয়াই মোলৈ বাৰ বাহিনীতকৈয়ো অধিক স্বৰ্গৰ দূত পঠাই দিয়ক’, মই এনে নিবেদন কৰিব নোৱাৰোঁ বুলি তুমি ভাবিছা নে?
54. কিন্তু ধৰ্মশাস্ত্ৰৰ বচনত যিহেতু কোৱা হৈছে, সেয়েহে এইদৰে সিদ্ধ হ’বলৈ নঘটিব নে?”
55. সেই সময়ত যীচুৱে লোক সকলক ক’লে, “আপোনালোকে তৰোৱাল আৰু টাঙোন লৈ ডকাইত ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ ওলাই আহিছে যে; যেতিয়া মই নিতৌ মন্দিৰত বহি উপদেশ দি আছিলোঁ, তেতিয়া আপোনালোকে মোক নধৰিলে,
56. কিন্তু ভাববাদী সকলৰ শাস্ত্ৰীয় বচন সিদ্ধ হ’বলৈ এই সকলো ঘটিল।” তেতিয়া সকলো শিষ্যই তেওঁক এৰি পলাই গ’ল।
57. পাছত বিধানৰ অধ্যাপক আৰু পৰিচাৰক সকল যি ঠাইত গোট খাই আছিল, সেই ঠাইলৈকে যীচুক ধৰা সকলে লৈ গৈ কায়াফা নামেৰে মহা-পুৰোহিতৰ ওচৰলৈ তেওঁক আনিলে।
58. কিন্তু পিতৰে মহা-পুৰোহিতৰ চোতাললৈকে আতৰে আতৰে তেওঁৰ পাছে পাছে গৈ, তাত সোমাই শেষত কি হয়, তাকে চাবলৈ টেকেলাবোৰৰ লগত বহিল।
59. তেতিয়া প্ৰধান পুৰোহিত সকল আৰু গোটেই মহাসভাই যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য বিচাৰিলে৷
60. অনেক মিছা সাক্ষী আগুৱাই আহিছিল, তথাপি তেওঁলোকে এজনকো বিচাৰি নাপালে। কিন্তু শেষত দুজন আগুৱাই আহিল আৰু ক’লে,
61. “এওঁ কৈছিল - ‘মই ঈশ্বৰৰ এই মন্দিৰ ধ্বংস কৰি, তিন দিনৰ ভিতৰতে তাক সাজিব পাৰোঁ’।”
62. তেতিয়া মহা-পুৰোহিতে উঠি যীচুক ক’লে, “তুমি একো উত্তৰ নিদিয়া নে? তোমাৰ অহিতে এওঁলোকে কি সাক্ষ্য দিছে?”
63. কিন্তু যীচুৱে নিজম দি থাকিল। তেতিয়া মহা-পুৰোহিতে তেওঁক ক’লে, “তোমাক জীৱনময় ঈশ্বৰৰ শপত দিছোঁ, তুমি ঈশ্বৰৰ পুত্ৰ, খ্ৰীষ্ট হোৱা নে নোহোৱা, আমাক কোৱা।”
64. যীচুৱে তেওঁক ক’লে, “তুমি সঁচাকৈ ক’লা; তথাপি মই আপোনালোকক কওঁ, এতিয়াৰ পৰা আপোনালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁ হাতে বহি থকা আৰু স্বৰ্গৰ পৰা মেঘত অহা দেখিব।”
65. তেতিয়া মহা-পুৰোহিতে নিজৰ কাপোৰ ফালি ক’লে, “এওঁ ঈশ্বৰক নিন্দা কৰিলে; এতিয়া আমাৰ সাক্ষীৰ কি প্ৰয়োজন আছে? চোৱা, এতিয়া তোমালোকে নিজে ঈশ্বৰ নিন্দা শুনিলা।
66. গতিকে তোমালোকে কি ভাবা?” তেওঁলোকে উত্তৰ দি ক’লে, “এওঁ প্ৰাণদণ্ডৰ যোগ্য”।
67. তেতিয়া তেওঁলোকে যীচুৰ মুখত থুই পেলাই ভুকুৱালে;
68. আৰু কেতবোৰে ঢকিয়াই সুধিলে, “হে’ৰা খ্ৰীষ্ট, ভাবোক্তিৰ দ্বাৰাই আমাক কোৱাচোন, তোমাক কোনে মাৰিলে”?
69. সেই সময়ত পিতৰ বাহিৰফালে চোতালত বহি আছিল; তাতে এজনী চাকৰণী তেওঁৰ ওচৰলৈ আহিল আৰু ক’লে, ‘তুমিও গালীলীয়া যীচুৰ লগত আছিলা’।
70. কিন্তু তেওঁ আটাইৰে আগতে অস্বীকাৰ কৰি ক’লে, ‘তুমি কি কৈছা, মই বুজা নাই’।
71. পাছত তেওঁ বাট-চ’ৰালৈ ওলাই গ’ল, তাতো আন এজনী চাকৰনীয়ে তেওঁক দেখিলে আৰু তাত থকা লোক সকলৰ আগত ক’লে, ‘এওঁ নাচৰতীয়া যীচুৰ লগত আছিল’।
72. তাতে তেওঁ শপত খাই আকৌ অস্বীকাৰ কৰি ক’লে, “মই সেই মানুহ জনক চিনি নাপাও”।
73. অলপ পাছত তাত থকা সকলে ওচৰলৈ আহি পিতৰক ক’লে, ‘অৱশ্যে তুমিও তেওঁলোকৰ মাজৰ এজন; কিয়নো তোমাৰ ভাষাই তোমাৰ চিনাকি দিছে’।
74. তাতে তেওঁ শাও দি আৰু শপত খাই ক’লে, “মই সেই মানুহক চিনিয়ে নাপাওঁ” আৰু তেতিয়াই কুকুৰাই ডাক দিলে।
75. তেতিয়া যীচুৱে কোৱা সেই কথালৈ পিতৰৰ মনত পৰিল৷ যীচুৱে যে কৈছিল, ‘কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি মোক তিনি বাৰ অস্বীকাৰ কৰিবা’, এই কথা মনত পৰাত পিতৰে বাহিৰলৈ গৈ অতি শোকেৰে ক্ৰন্দন কৰিলে।