A A A A A

যাত্রাপুস্তক 33:1-23
1. যিহোৱাই মোচিক ক’লে, “ইয়াৰ পৰা যোৱা, যি দেশ তোমাৰ বংশক দিম বুলি মই অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগত শপত কৰিছিলোঁ, সেই দেশলৈ, মিচৰ দেশৰ পৰা বাহিৰ কৰি অনা লোকসকলৰ সৈতে তুমি যোৱা।
2. মই তোমাৰ আগে আগে এজন দূত পঠাম, আৰু কনানীয়া, ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া লোকসকলক খেদিম।
3. গাখীৰ আৰু মৌজোল বৈ থকা দেশলৈ যোৱা। কিন্তু মই তোমালোকৰ লগত নাযাওঁ; কাৰণ তোমালোক ঠৰডিঙীয়া লোক। মই হয়তো বাটতে তোমালোকক বিনষ্ট কৰিব পাৰোঁ।”
4. লোকসকলে যেতিয়া সেই সমস্যাৰ কথা শুনিলে, তেতিয়া তেওঁলোকে শোক কৰিলে; আৰু কোনো এজনেও অলঙ্কাৰ পৰিধান নকৰিলে।
5. যিহোৱাই মোচিক কৈছিল, “তুমি ইস্ৰায়েলী লোকসকলক এই কথা কোৱা, ‘তোমালোক ঠৰডিঙীয়া লোক। মই যদি তোমালোকৰ মাজলৈ এক মুহূৰ্তৰ বাবেও যাওঁ, তেনেহ’লে মই তোমালোকক বিনষ্ট কৰিম। সেয়ে তোমালোকৰ লগত মই কি কৰিব লাগে, সেই বিষয়ে যেতিয়ালৈকে মই সিদ্ধান্ত নলওঁ, তেতিয়ালৈকে তোমালোকে নিজৰ অলঙ্কাৰ খুলি ৰাখিব’।”
6. তেতিয়া ইস্ৰায়েলী লোকসকলে হোৰেব পৰ্ব্বতৰ পৰাই নিজৰ অলঙ্কাৰবোৰ পৰিধান নকৰিলে।
7. মোচিয়ে তম্বুৰ কাপোৰ এটা লৈ, তম্বুৰ বাহিৰত কিছু দূৰত তৰিলে; আৰু তাৰ নাম সাক্ষাৎ কৰা তম্বু ৰাখিলে। যিহোৱাক বিচাৰা প্ৰতিজনে তম্বুৰ বাহিৰত থকা সেই সাক্ষাৎ কৰা তম্বুলৈ যায়।
8. মোচি যেতিয়া সেই তম্বুৰ ভিতৰলৈ যায়, তেতিয়া সকলো লোকে উঠি প্ৰতিজনে নিজৰ তম্বুৰ প্রবেশ দুৱাৰত থিয় হয়। মোচিয়ে যেতিয়ালৈকে সেই তম্বুত নোসোমায়, তেতিয়ালৈকে লোকসকলে মোচিক চাই থাকে।
9. মোচি যেতিয়াই তম্বুত সোমায়, তেতিয়াই মেঘ-স্তম্ভ নামি আহি তম্বুৰ প্রবেশ দুৱাৰত স্থিতি লয়, আৰু যিহোৱাই মোচিৰে সৈতে কথা পাতে।
10. লোকসকলে যেতিয়াই তম্বুৰ প্রবেশ দুৱাৰত মেঘ-স্তম্ভ স্থিতি হোৱা দেখে, তেতিয়াই প্ৰতিজনে নিজৰ তম্বুৰ প্রবেশ দুৱাৰত থিয় হৈ আৰাধনা কৰে।
11. যিদৰে মানুহে নিজৰ বন্ধুৰ লগত কথা পাতে, সেইদৰে যিহোৱাই মুখামুখি মোচিৰ লগত কথা পাতে। তাৰ পাছত মোচিয়ে তম্বুৰ পৰা ওলাই আহে, কিন্তু তেওঁৰ যুৱক পৰিচাৰক, নুনৰ পুত্ৰ যিহোচূৱা তম্বুৰ ভিতৰতে থাকে।
12. মোচিয়ে যিহোৱাক ক’লে, “চাওক, আপুনি এই লোকসকলক লৈ মোক যাত্রা কৰিব কৈছে; কিন্তু মোৰ লগত যি জনক পঠাব, তেওঁৰ বিষয়ে আপুনি মোক জানিব দিয়া নাই। আপুনি কৈছিল, মই নামৰ দ্বাৰাই তোমাক জানো, আৰু তুমি মোৰ দৃষ্টিত অনুগ্ৰহ পালা।
13. এতিয়া মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পালোঁ, তেনেহ’লে বিনয় কৰিছোঁ, মই যেন আপোনাক জানি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ, সেই বাবে মোক আপোনাৰ পথ দেখাওক; আৰু এই লোকসকল যে আপোনাৰেই লোক ইয়াকো সোঁৱৰণ কৰক।”
14. তেতিয়া যিহোৱাই উত্তৰ দিলে, “মই স্বয়ং তোমাৰ লগত যাম, আৰু মই তোমাক বিশ্ৰাম দিম।”
15. মোচিয়ে তেওঁক ক’লে, “যদি আপুনি স্বয়ং মোৰ লগত নাযায়, তেনেহ’লে আমাক ইয়াৰ পৰা লৈ নাযাব।
16. নহ’লে আমি কি দৰে বুজি পাম যে, আপোনাৰ দৃষ্টিত মই আৰু আপোনাৰ লোকসকলে অনুগ্ৰহ পাইছো ইয়াক কিহৰ দ্বাৰাই জনা যাব? আপুনি আমাৰ লগত যোৱাৰ দ্বাৰায়েই মই আৰু আপোনাৰ লোকসকল পৃথিৱীত থকা সকলো জাতিৰ পৰা পার্থক্য হ’ব।”
17. যিহোৱাই মোচিক ক’লে, “এই যি কথা তুমি ক’লা, তাকো মই কৰিম। কিয়নো তুমি মোৰ দৃষ্টিত অনুগ্ৰহ পাইছা, আৰু মই তোমাক তোমাৰ নামে সৈতে জানো।”
18. তেতিয়া মোচিয়ে ক’লে, “বিনয় কৰিছোঁ মোক আপোনাৰ প্ৰতাপ দেখাওক।”
19. যিহোৱাই ক’লে, “মই তোমাৰ ওচৰেৰে মোৰ সকলো ধাৰ্মিকতা গমন কৰাম, আৰু তোমাৰ আগত মোৰ নাম ঘোষণা কৰিম। যাক মই অনুগ্ৰহ কৰিব খোজোঁ, তাক মই অনুগ্ৰহ কৰিম, আৰু যাক মই দয়া কৰিব খোজোঁ, তাক মই দয়া কৰিম।”
20. কিন্তু যিহোৱাই পুনৰ ক’লে, “তুমি মোৰ চেহেৰা দেখা নোপোৱা; কাৰণ কোনো মানুহে মোক দেখাৰ পাছত জীয়াই নাথাকে।”
21. যিহোৱাই ক’লে, “চোৱা, মোৰ ওচৰত এটা শিল আছে, আৰু তুমি সেই শিলটোৰ ওপৰত থিয় হ’বা।
22. তোমাৰ আগেদি যেতিয়া মোৰ প্ৰতাপ গমন কৰিব, তেতিয়া মই তোমাক শিলটোৰ ফাটত থম, আৰু মোৰ গমন শেষ নোহোৱালৈকে মোৰ হাতেৰে তোমাক ঢাকি ধৰিম।
23. তাৰ পাছত মই তোমাৰ ওপৰৰ পৰা হাত গুচাম, আৰু তুমি মোৰ পাছফাল দেখিবলৈ পাবা, কিন্তু মোৰ মুখ দেখা নাপাবা।”

যাত্রাপুস্তক 34:1-35
1. যিহোৱাই মোচিক ক’লে, “তুমি প্রথম ফলিৰ দৰে দুখন শিলৰ ফলি কাটা। তুমি ভঙা আগৰ সেই ফলি দুখনত যি যি লিখা আছিল, সেই সকলো কথা, মই পুনৰ এই দুখন ফলিত লিখিম।
2. তুমি ৰাতিপুৱাতে যুগুত হৈ চীনয় পৰ্ব্বতলৈ উঠি আহিবা। পৰ্ব্বতৰ ওপৰত মোৰ ওচৰত উপস্থিত হ’বা।
3. আন কোনো লোক তোমাৰ লগত নাহিব; আৰু গোটেই পৰ্ব্বতত কোনো লোক যেন দেখা পোৱা নাযায়। গৰু মেৰ-ছাগৰ জাকোবোৰো যেন পৰ্ব্বতৰ আগত চৰি নাথাকে।”
4. সেয়ে মোচিয়ে আগৰ নিচিনা শিলৰ দুখন ফলি কাটি, যিহোৱাৰ আজ্ঞা অনুসাৰে ৰাতিপুৱাই উঠি চীনয় পৰ্ব্বতলৈ গ’ল। যিহোৱাই নিৰ্দেশ দিয়া অনুসাৰে শিলৰ সেই ফলি দুখনো লগত লৈ গ’ল।
5. যিহোৱা মেঘৰ মাজত নামি আহিল; আৰু মোচিৰ সৈতে সেই ঠাইত থিয় হ’ল। তেওঁ “যিহোৱা” নাম উচ্চাৰণ কৰিলে।
6. যিহোৱাই তেওঁৰ আগেদি গমন কৰিলে আৰু ঘোষণা কৰিলে, “যিহোৱা, যিহোৱা কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান;
7. হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁতা; অপৰাধ, আজ্ঞা লঙ্ঘন, আৰু পাপ ক্ষমা কৰোঁতা। তথাপি তেওঁ নিশ্চয়ে দোষীক নিৰ্দ্দোষী নকৰে। তৃতীয় চতুৰ্থ পুৰুষলৈকে তেওঁলোকৰ সন্তানক পিতৃৰ অপৰাধৰ প্ৰতিফল দিওঁতা।”
8. তেতিয়া মোচিয়ে বেগাই মাটিলৈ মূৰ দোঁৱাই প্ৰণিপাত কৰিলে,
9. তাৰ পাছত মোচিয়ে কলে, “হে প্ৰভু, মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, তেনেহ’লে বিনয় কৰিছোঁ আমাৰ লগত যাওঁক। কিয়নো এইলোক ঠৰডিঙীয়া লোক; আৰু আমাৰ অপৰাধ আৰু পাপ ক্ষমা কৰি, আমাক নিজৰ অধিকাৰৰ অৰ্থে গ্ৰহণ কৰক।”
10. যিহোৱাই কলে, “চোৱা, এই বিষয়ত মই এটি নিয়ম কৰিলোঁ। মই তোমাৰ লোকসকলৰ আগত এনে আচৰিত কৰ্ম কৰিম যে, ইয়াৰ পূৰ্বে গোটেই পৃথিৱীত আৰু কোনো জাতিতৰ মাজত এনে কৰ্ম হোৱা নাই। তুমি যি লোকসকলৰ মাজত আছা, তেওঁলোক সকলোৱে যিহোৱাৰ সেই কাৰ্য দেখিব, কাৰণ তোমাৰ আগত মই যি কৰিম, সেয়ে ভয়ঙ্কৰ হ’ব।
11. মই তোমাক যি আজ্ঞা দিছোঁ আজি তাক পালন কৰা। মই ইমোৰীয়া, কনানীয়া, হিত্তীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকলক তোমাৰ আগৰ পৰা খেদি বাহিৰ কৰিম।
12. সাৱধান, তোমালোক যি দেশলৈ গৈ আছা, সেই দেশত নিবাস কৰা লোকসকলৰ সৈতে কোনো নিয়ম স্থিৰ নকৰিবা। যদি কৰা, তেনেহ’লে সেয়ে তোমাৰ মাজত ফান্দস্বৰূপ হ’ব।
13. তাৰ পৰিৱৰ্তে, তোমালোক তেওঁলোকৰ যজ্ঞবেদিবোৰ ভাঙিব লাগিব। তেওঁলোকৰ স্তম্ভবোৰ গুড়ি কৰিবা, আৰু তেওঁলোকৰ আচেৰা দেৱীৰ দণ্ডবোৰ কাটি পেলাবা।
14. তুমি অন্য কোনো দেৱতাৰ আৰাধনা নকৰিবা; কাৰণ, মই যিহোৱা, যাৰ নাম ঈৰ্ষাম্বিত; তেওঁ নিজ মৰ্য্যাদা ৰখাত ঈৰ্ষাম্বিত ঈশ্বৰ।
15. তুমি সেই দেশ নিবাসী সকলৰ সৈতে কোনো চুক্তি নকৰিবা; কাৰণ তেওঁলোকে ব্যভিচাৰ কৰে আৰু দেৱতাবোৰৰ আগত তেওঁলোকে বলিদান কৰে। তেওঁলোকে তেওঁলোকৰ নৈবেদ্য খাবলৈ তোমালোকক নিমন্ত্রণ কৰিব।
16. সেয়ে তোমালোকে যদি তেওঁলোকৰ ছোৱালী নিজৰ পুত্ৰৰ বাবে বিয়া কৰি আনা, তেনেহ’লে সেই ছোৱালীয়ে তোমালোকৰ পুত্রক তেওঁলোকৰ দেৱতাৰ অনুগামী কৰাব; আৰু ব্যভিচাৰ কৰাব। তোমালোকৰ পুত্ৰসকলেও তেওঁলোকৰ দেৱতাৰ অনুগামী হৈ ব্যভিচাৰ কৰিব।
17. তুমি নিজৰ বাবে কোনো দেৱমূৰ্তি নিৰ্মাণ নকৰিবা।
18. তোমালোকে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিবা। মই তোমালোকক আজ্ঞা দিয়াৰ দৰে আবীব মাহৰ নিৰূপিত কালত সাত দিন ধৰি খমীৰ নিদিয়া পিঠা খাবা। কিয়নো সেই আবীব মাহতে তুমি মিচৰ দেশৰ পৰা ওলাই আহিলা।
19. প্রথমে জন্ম হোৱা সকলো মোৰ, এনেকি গৰু, মেৰ-ছাগ সকলো পশু জাকৰ মাজতো সকলো প্রথমে জগা মতা পশু মোৰ।
20. তোমালোকে প্রথমে জগা গাধ কিনিব খোজা যদি এটা মেৰ-ছাগ দিব লাগিব; কিন্তু যদি কিনি লব নোখোজা, তেনেহ’লে তোমালোকে গাধটোৰ ডিঙি নিশ্চয় ভাঙিব লাগিব। তোমালোকৰ প্ৰথমে জন্ম হোৱা পুত্ৰসকলক তোমালোক কিনি ল’ব লাগিব। কোনো এজনো শুদা হাতে মোৰ আগত উপস্থিত নহ’বা।
21. তোমালোকে ছয় দিন পৰিশ্ৰম কৰিবা, কিন্তু সপ্তম দিনা বিশ্ৰাম কৰিবা। শস্য ৰোৱা আৰু শস্য দোৱা সময়ত অৱশ্যে বিশ্ৰাম কৰিবা।
22. তোমালোক সপ্তাহৰ পৰ্ব্ব পালন কৰিবা। ঘেঁহু কটাৰ প্ৰথম ফল এই পৰ্ব্বত ব্যৱহাৰ কৰিবা, আৰু বছৰৰ শেষত ফল চপোৱাৰ পৰ্ব্ব পালন কৰিবা।
23. বছৰত তিনিবাৰ তোমালোকৰ পুৰুষসকল ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হ’ব।
24. মই তোমালোকৰ পৰা পৰজাতিসকলক দূৰ কৰিম, আৰু তোমালোকৰ দেশৰ সীমা বিস্তাৰ কৰিম। তোমালোক অৱশ্যে বছৰত তিনিবাৰ নিজৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হ’ব লাগিব, যাতে কোনেও তোমালোকৰ দেশ অধিকাৰ কৰাৰ চেষ্টা নকৰে।
25. তোমালোকে মোৰ নৈবেদ্য হিচাপে তেজ উৎসৰ্গ কৰোঁতে তাৰ লগত খমীৰ নিদিবা। নিস্তাৰ-পৰ্ব্বত উৎস্বৰ্গিত মাংস পাছদিনা ৰাতিপুৱালৈকে নাৰাখিবা।
26. তোমালোকে নিজৰ খেতিৰ প্ৰথম ফলৰ উত্তম ভাগ নিজৰ ঈশ্বৰ যিহোৱাৰ গৃহলৈ আনিবা। তোমালোকে ছাগলী পোৱালিক তাৰ মাকৰ গাখীৰ দি নিসিজাবা।”
27. তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তোমাক মই যি সকলো কথা কলোঁ, সেই সকলো লিখি ৰাখা। ইয়াৰ দ্বাৰাই তোমাৰ আৰু ইস্ৰায়েলৰ লগত মই এটি নিয়ম স্থিৰ কৰিলোঁ।”
28. মোচি সেই ঠাইত যিহোৱাৰ সৈতে চল্লিশ দিন চল্লিশ ৰাতি বাস কৰিছিল। মোচিয়ে চল্লিশ দিন একো ভোজন পান কৰা নাছিল; আৰু তেওঁ সেই দুখন ফলিত নিয়মৰ বাক্য, দহ আজ্ঞা লিখিছিল।
29. মোচি যেতিয়া সেই দুখন ফলি লৈ চীনয় পৰ্ব্বতৰ পৰা নামি আহিল, তেতিয়া যিহোৱাৰ লগত কথা পতাৰ পাছত তেওঁৰ চেহেৰা যে উজ্জ্বল হৈ আছিল, সেই কথা মোচিয়ে নিজে জনা নাছিল।
30. হাৰোণ আৰু ইস্ৰায়েলৰ সকলো লোকে মোচিৰ চেহেৰা উজ্জ্বল দেখি, তেওঁলোকে তেওঁৰ ওচৰলৈ যাবলৈ ভয় কৰিলে।
31. কিন্তু মোচিয়ে তেওঁলোকক মাতিলে, তেতিয়া হাৰোণ আৰু সমাজৰ মূখ্যলোক সকল তেওঁৰ ওচৰলৈ ওভটি আহিল। তেতিয়া মোচিয়ে তেওঁলোকৰ লগত কথা পাতিলে।
32. তাৰ পাছত, ইস্ৰায়েলৰ লোকসকল মোচিৰ ওচৰ চাপিলে। তেওঁ চীনয় পৰ্ব্বতত যিহোৱাই যিবোৰ আজ্ঞা দিছে সেই সকলো তেওঁলোকক ক’লে।
33. মোচিয়ে যেতিয়া তেওঁলোকৰ লগত কথা পাতি শেষ কৰিলে, তেতিয়া মোচিয়ে নিজৰ চেহেৰা ওৰণি লৈ ঢাকি ল’লে।
34. মোচিয়ে যেতিয়াই যিহোৱাৰ লগত কথা পাতিবলৈ তেওঁৰ সন্মুখলৈ গৈছিল, তেতিয়া সেই ওৰণি গুচাইছিল। কিন্তু ঘূৰি অহাৰ লগে লগে তেওঁ পুনৰ ওৰণি লৈছিল। তেওঁ যি সকলো নিৰ্দেশ পাইছিল, সেই সকলো তম্বুৰ বাহিৰলৈ আহি ইস্ৰায়েলৰ লোকসকলক কৈছিল।
35. তেতিয়া ইস্ৰায়েলী লোকসকলে তেওঁৰ চেহেৰাত এটা উজ্জ্বলতা দেখা পাইছিল। কিন্তু মোচিয়ে যিহোৱাৰ লগত কথা পাতিবলৈ পুনৰ ভিতৰলৈ নোযোৱালৈকে, নিজৰ চেহেৰা ওৰণিৰে ঢাকি লৈছিল।

সামসঙ্গীত 21:8-13
8. তোমাৰ হাতেই তোমাৰ সকলো শত্রুবোৰক বিচাৰি পাব; তোমাৰ সোঁ হাতে তোমাক ঘিণ কৰাসকলক বিচাৰি পাব।
9. তোমাৰ প্রকাশৰ কালত তুমি তেওঁলোকক এক অগ্নিময় জুইশালৰ নিচিনা কৰিবা; যিহোৱাই নিজৰ ক্রোধত তেওঁলোকক গ্ৰাস কৰিব; অগ্নিয়ে তেওঁলোকক দহন কৰিব।
10. পৃথিবীৰ বুকুৰ পৰা তেওঁলোকৰ বংশধৰসকলক তুমি ধ্বংস কৰি পেলাবা; মনুষ্যৰ মাজৰ পৰা তেওঁলোকৰ সন্তান সকলক উচ্ছন্ন কৰিবা।
11. যদি তেওঁলোকে তোমাৰ বিৰুদ্ধে দুষ্ট মন্ত্রণা কৰে, যদি অপকর্মৰ পৰিকল্পনা কৰে, তেওঁলোক সফল হ’ব নোৱাৰিব।
12. কিয়নো তুমি তেওঁলোকৰ মুখৰ ফালে লক্ষ্য কৰি যেতিয়া তোমাৰ ধনুত কাঁড় জুৰিবা, তেতিয়া তুমি তেওঁলোকক পলাই যাবলৈ বাধ্য কৰিবা।
13. হে যিহোৱা, তুমি নিজ পৰাক্ৰমেৰে উঠা! আমি তোমাৰ পৰাক্রমৰ গীত গাম আৰু প্ৰশংসাৰ গান কৰিম।

প্রবচন 8:1-5
1. প্রজ্ঞাই জানো নকয়? সুবুদ্ধিয়ে জানো উচ্চস্বৰে নকয়?
2. বাটৰ কাষৰ ওখ ঠাইত, চাৰিআলিত প্রজ্ঞা থিয় হয়।
3. তাৰ উপৰিও নগৰৰ প্ৰবেশস্থানত, আৰু নগৰৰ দুৱাৰৰ ওচৰত থাকি ৰিঙিয়াই কয়,
4. “হে লোকসকল, মই তোমালোকক মাতিছোঁ; আৰু মানৱজাতিৰ সন্তান সকলৰ বাবে মই উচ্ছস্বৰে কওঁ।
5. যিসকল শিক্ষিত নহয়, তেওঁলোকে সুবুদ্ধিক বুজা উচিত, আৰু যিসকলে জ্ঞানক ঘিণ কৰে, তেওঁলোকৰ সুবিবেচনাৰ হৃদয় থকা উচিত।

মথি 26:1-25
1. যীচুৱে এই সকলো কথা কৈ শেষ কৰোঁতে, তেওঁৰ শিষ্য সকলক ক’লে,
2. “তোমালোকে জানা নে দুদিনৰ পাছত নিস্তাৰ-পৰ্ব হ’ব, মানুহৰ পুত্ৰক ক্রুচত দিবলৈ শত্ৰুৰ হাতত শোধাই দিয়া হ’ব।”
3. তেতিয়া প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকল কায়াফা নামেৰে মহা-পুৰোহিতৰ চোতালত গোট খালে;
4. তেওঁলোকে যীচুক ছলেৰে ধৰি বধ কৰিবলৈ আলোচনা কৰিলে৷
5. তেওঁলোকে ক’লে, ‘ভোজৰ সময়ত নহয়, কিয়নো লোক সকলৰ মাজত হুৰামুৰা লাগিব৷’
6. পাছত যীচু বৈথনিয়া গাঁৱত চিমোন নামৰ কুষ্ঠৰোগীৰ ঘৰত থকা সময়ত
7. এগৰাকী মহিলাই বহুমুলীয়া সুগন্ধি ভৰা এটা বগা তেলৰ বটল লৈ যীচু ভোজনত বহি থাকোঁতে, তেওঁৰ মুৰত বাকি দিলেহি।
8. শিষ্য সকলে তাকে দেখি ক্ৰুদ্ধ হৈ ক’লে, ‘কি কাৰণে এইদৰে অপচয় কৰিছা?
9. কিয়নো ইয়াক বেছি ধনত বিক্ৰী কৰি দৰিদ্ৰ সকলক দান কৰিব পৰা গ’লহেঁতেন’।
10. কিন্তু যীচুৱে, ইয়াকে জানিবলৈ পায়, তেওঁলোকক ক’লে, “এই মহিলা জনীক কিয় অসুবিধা দিছা? কাৰণ তেওঁ মোলৈ উত্তম কৰ্ম কৰিলে।
11. কিয়নো দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় আছে; কিন্তু তোমালোকৰ লগত মই সদায় নাথাকো৷
12. এই কাৰণে তেওঁ এই সুগন্ধি তেল যে মোৰ শৰীৰত বাকি দিলে; এয়া মোক মৈদামত থবৰ অৰ্থেহে কৰিলে।
13. মই তোমাক সঁচাকৈ কওঁ, গোটেই জগতৰ যি যি ঠাইত এই শুভবাৰ্তা ঘোষণা কৰা হ’ব, সেই ঠাইতে এই যি কৰ্ম মহিলা গৰাকীয়ে কৰিলে, তেওঁক সুঁৱৰিবলৈ, ইয়াকো কোৱা হ’ব।”
14. তেতিয়া বাৰ জনৰ মাজৰ, ঈষ্কৰিয়োতীয়া যিহূদা নামেৰে এজনে প্ৰধান পুৰোহিত সকলৰ ওচৰলৈ গ’ল,
15. আৰু ক’লে “মই আপোনালোকৰ হাতত তেওঁক শোধাই দিলে, মোক কি দিবলৈ ইচ্ছা কৰে”? তাতে তেওঁলোকে তেওঁক ত্ৰিশ টা ৰূপৰ মুদ্ৰা দিম বুলি ক’লে৷
16. তেতিয়াৰে পৰা তেওঁ যীচুক শোধাই দিবলৈ সুযোগ বিচাৰি থাকিল।
17. পাছত খমিৰ নোহোৱা পিঠাৰ পৰ্বৰ প্ৰথম দিনা শিষ্য সকলে যীচুৰ ওচৰলৈ আহি সুধিলে, “নিস্তাৰ-পৰ্ব ভোজ আপোনাৰ কাৰণে আমি ক’ত যুগুত কৰাটো বিচাৰে”?
18. তেওঁ ক’লে, “নগৰলৈ গৈ নিৰ্দিষ্ট জনক কোৱাগৈ, গুৰুৱে কৈছে, মোৰ কাল ওচৰ হৈছে; মোৰ শিষ্য সকলে সৈতে মই তোমাৰ ঘৰত নিস্তাৰ-পৰ্বৰ ভোজ পালন কৰিম”।
19. তেতিয়া শিষ্য সকলে যীচুৱে আদেশ দিয়াৰ দৰে নিস্তাৰ-পৰ্বৰ ভোজ যুগুত কৰিলেগৈ।
20. পাছত সন্ধিয়া হোৱা সময়ত তেওঁ বাৰ জন শিষ্যৰ সৈতে ভোজনত বহিল;
21. এনেতে তেওঁলোকে ভোজন কৰোঁতে, তেওঁ ক’লে, ‘মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকৰ মাজৰ এজনে মোক শোধাই দিব’।
22. তেতিয়া তেওঁলোকে অতি দুখিত হৈ, প্ৰতিজনে যীচুক সুধিবলৈ ধৰিলে, ‘হে প্ৰভু, সেই জন মই নে’?
23. যীচুৱে উত্তৰ দি ক’লে, ‘মোৰে সৈতে যি জনে ভোজন-পাত্ৰত হাত জুবুৰিয়ালে, তেৱেঁই মোক শোধাই দিব।
24. মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ তেওঁৰ গতি হ’ব; কিন্তু যি মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক শোধাই দিয়া হয়, তেওঁ সন্তাপৰ পাত্ৰ; সেই মানুহৰ জন্ম নোহোৱা হ’লেই ভাল আছিল’।
25. তেতিয়া তেওঁক শোধাই দিয়া যিহূদাই মাত লগাই ক’লে, ‘ৰব্বি, সেই জন মই নে’? তেওঁ তেওঁক ক’লে, “তুমি নিজকে নিজেই ক’লা”।