A A A A A

দানিয়েল 9:1-27
1. মাদিয়া বংশৰ অহচবেৰোচৰ পুত্ৰ দাৰিয়াবচক কলদীয়া ৰাজ্যৰ ওপৰত ৰজা পতা হৈছিল।
2. দাৰিয়াবচৰ ৰাজত্ব কালৰ প্ৰথম বছৰত মই দানিয়েলে, ভাববাদী যিৰিমিয়ালৈ অহা যিহোৱাৰ বাক্য থকা পুথি পঢ়িছিলো। মই পঢ়ি জানিব পাৰিছিলো যে, ইয়াত সত্তৰ বছৰলৈকে যিৰূচালেম ত্যাগ কৰা সমাপ্ত কৰা হ’ব।
3. তেতিয়া মই লঘোন দি, চট কাপোৰ পিন্ধি, ছাঁইত বহি, অনুৰোধ আৰু প্ৰাৰ্থনাৰে প্ৰভু ঈশ্বৰৰ অনুগ্ৰহ বিচাৰিবলৈ মই তেওঁলৈ মুখ কৰিলোঁ।
4. মই মোৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ, আৰু পাপ স্বীকাৰ কৰি কলোঁ, “হে প্ৰভু আবেদন কৰোঁ, আপুনি মহান আৰু অসাধাৰণ, আপোনাক ভাল পোৱা আৰু আপোনাৰ আজ্ঞা পালন কৰা সকললৈ আপুনি বিশ্ৱাসযোগ্য নিয়ম স্থিৰ কৰা ঈশ্বৰ,
5. আমি পাপ কৰিলোঁ, অসৎ কাৰ্য, দুষ্কৰ্ম, আৰু বিদ্ৰোহ আচৰণ কৰিলোঁ, আৰু তোমাৰ আজ্ঞা আৰু বিধান ত্যাগ কৰিলোঁ;
6. আপোনাৰ দাস যি ভাববাদীসকলে আমাৰ ৰজা, মুখ্যলোক, পূৰ্বপুৰুষ, আৰু দেশৰ সকলো লোকক আপোনাৰ নামেৰে কথা কৈছিল, আমি তেওঁলোকৰ কথা শুনা নাছিলোঁ।
7. হে প্ৰভু ধৰ্মিকতা আপোনাৰেই; যিহূদাৰ লোক, যিৰূচালেম নিবাসী, আৰু সকলো ইস্রায়েল লোকৰ আজি মুখ বিবৰ্ণ হৈছে। আপোনাৰ বিৰুদ্ধে কৰা বিশ্বাসঘাতৰ বাবে আপোনাৰ দ্বাৰাই কৰা সকলো দেশত ছিন্ন-ভিন্ন হোৱা, ওচৰত থকা আৰু দূৰত থকা সকলো ইস্ৰায়েলী লোকসকলৰ মুখ বিবৰ্ণ হৈছে।
8. হে প্ৰভু, আমাৰ ৰজাসকল, মুখ্য লোকসকল, আৰু আমাৰ পূৰ্বপুৰুষসকলৰ মুখ বিবৰ্ণ হৈছে; কাৰণ আমি আপোনাৰ বিৰুদ্ধে পাপ কৰিলোঁ।
9. আমি তেওঁৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ বাবে দয়া আৰু ক্ষমা আমাৰ প্ৰভু ঈশ্বৰৰেই আছে;
10. আমাৰ ঈশ্বৰ যিহোৱাৰ বাক্য আমি শুনা নাই, আৰু তেওঁৰ দাস ভাববাদীসকলৰ দ্বাৰাই আমাক দিয়া বিধানবোৰো মানি চলা নাই।
11. ইস্ৰায়েলী লোকসকলে আপোনাৰ বিধান লঙ্ঘন কৰিলে, আৰু বিপথগামী হৈ আপোনাৰ কথা মানি চলিবলৈ অমান্তি হ’ল। ঈশ্বৰৰ দাস মোচিৰ বিধানত লিখা শাও আৰু শপত আমাৰ ওপৰত অধিক পৰিমাণে ফলিয়ালে; কাৰণ আমি তেওঁৰ বিৰুদ্ধে পাপ কৰিলোঁ।
12. যিহোৱাই আমাৰ আৰু আমাৰ শাসকসকলৰ বিৰুদ্ধে কোৱা কথা সিদ্ধ কৰিলে, আৰু আমাৰ ওপৰত মহা দুৰ্যোগ আনিলে। কিয়নো যিৰূচালেমলৈ যেনে কৰা হ’ল, গোটেই আকাশ মণ্ডলৰ তলত থকা কোনো ঠাইলৈ তেনে কৰা হোৱা নাই।
13. মোচিৰ বিধানত লিখাৰ দৰে, সকলো দুৰ্যোগ আমাৰ ওপৰত আহিল, তথাপি আমি নিজৰ অপৰাধৰ পৰা মন পালটন কৰি আপোনাৰ সত্যতালৈ মনোযোগ দি, আমাৰ ঈশ্বৰ যিহোৱাৰ পৰা অনুগ্ৰহ পাবলৈ প্ৰাৰ্থনা কৰা নাই।
14. সেই কাৰণে যিহোৱাই হাতত ধৰি দুৰ্যোগবোৰ আমাৰ ওপৰলৈ আনিলে; কাৰণ আমাৰ ঈশ্বৰ যিহোৱাই কৰা সকলো কাৰ্য ধর্মময়, তথাপি আমি তেওঁৰ কথা মানি চলা নাই।
15. এতিয়া হে আমাৰ প্ৰভু ঈশ্বৰ, মিচৰ দেশৰ পৰা নিজৰ লোকসকলক পৰাক্রমী হাতেৰে উলিয়াই আনিলে, আজিলৈকে আপোনাৰ নাম কীৰ্ত্তিমন্ত কৰি ৰাখিলে। কিন্তু আমি এতিয়াও পাপ, আৰু দুষ্কৰ্ম কৰি আছোঁ।
16. হে প্ৰভু, বিনয় কৰোঁ, আপুনি কৰা সকলো ধাৰ্মিকতাৰ কাৰণে আপোনাৰ নগৰ যিৰূচালেমৰ পৰা, আপোনাৰ পবিত্ৰ পৰ্ব্বতৰ পৰা আপোনাৰ খং আৰু ক্ৰোধ আঁতৰাওক। আমাৰ পাপ আৰু আমাৰ পূৰ্বপুৰুষসকলৰ অপৰাধৰ কাৰণে, যিৰূচালেম আৰু আপোনাৰ লোক, আমাৰ চাৰিওফালে থকা সকলোৰে বাবে ঘৃণাৰ পাত্র হৈছে।
17. এতেকে হে আমাৰ ঈশ্বৰ, আপোনাৰ এই দাসৰ প্ৰাৰ্থনা আৰু অনুগ্রহৰ বাবে কৰা মিনতি শুনক, আপোনাৰ অভিপ্রায়ৰ বাবে, ধ্বংস হোৱা আপোনাৰ পবিত্র স্থানলৈ আপোনাৰ মুখ উজ্জ্বল কৰক।
18. হে মোৰ ঈশ্বৰ, কাণ পাতক; চকু মেলি আমাক চাওক; আমি উচ্ছন্ন হ’লো, আপোনাৰ নামেৰে প্ৰখ্যাত নগৰখনলৈ দৃষ্টি কৰক। আমাৰ ধাৰ্মিকতাৰ কাৰণে নহয়, কিন্তু আপোনাৰ অধিক অনুগ্ৰহৰ কাৰণেহে, আমি আপোনাৰ সহায় পাবলৈ বিনয় কৰিছোঁ।
19. হে প্ৰভু, শুনক! হে প্ৰভু, ক্ষমা কৰক! হে প্ৰভু মনোযোগ দিয়ক, আৰু কাৰ্য কৰক! হে মোৰ ঈশ্বৰ, আপোনাৰ অভিপ্রায়ৰ বাবে পলম নকৰিব। আপোনাৰ নগৰ আৰু লোকসকলে আপোনাৰ নামেৰে মাতি আছে।”
20. এইদৰে যি সময়ত মই কথা কৈ মোৰ পাপ আৰু মোৰ ইস্ৰায়েলী লোকসকলৰ পাপ স্বীকাৰ কৰি আছিলোঁ, আৰু ঈশ্বৰৰ পবিত্ৰ পৰ্ব্বতৰ হৈ ঈশ্বৰ যিহোৱাৰ আগত মোৰ অনুৰোধ কৰি আছিলোঁ,
21. এনে কি, গধুলীৰ বলিদান উৎসৰ্গ কৰা সময়ত মই প্রাৰ্থনা কৰি আছিলোঁ, সেই সময়ত আগেয়ে দৰ্শনত দেখা মানুহ যি গাব্ৰিয়েল তেওঁ মোৰ ওচৰলৈ বেগেৰে উড়ি আহিল।
22. তেওঁ মোক বিবেচনা শক্তি দিলে, আৰু মোক ক’লে, “হে দানিয়েল, তোমাক বিবেচনা শক্তি আৰু অন্তৰ্দৃষ্টি দিবলৈ মই আহিলোঁ।
23. যেতিয়া তুমি অনুগ্রহৰ বাবে বিনয় কৰিবলৈ আৰম্ভ কৰিছিলা, তেতিয়াই আজ্ঞা দিয়া হৈছিল, আৰু মই তাক তোমাৰ আগত ক’বলৈ আহিলোঁ, কাৰণ তুমি অতি প্ৰিয়। সেই কাৰণে কথাটো বিবেচনা কৰা, আৰু দৰ্শনৰ কথাবোৰ বুজা।
24. অধৰ্ম শেষ কৰিবলৈ, পাপৰ অন্ত কৰিবলৈ, পাপৰ প্ৰায়শ্চিত কৰিবলৈ, চিৰস্থায়ী ধাৰ্মিকতা আনিবলৈ, দৰ্শন আৰু ভাববাণী ক’বলৈ, আৰু মহাপবিত্ৰ স্থান অভিষেক কৰিবলৈ, তোমাৰ লোক আৰু তোমাৰ পবিত্র স্থান ৰ বাবে সত্তৰ সপ্তাহ নিৰ্ধাৰণ কৰা হৈছে।
25. সেয়ে জানি লোৱা আৰু বুজি লোৱা যে, যিৰূচালেম পুনৰ নিৰ্মাণ কৰাৰ আজ্ঞা পোৱাৰ পৰা আৰু অভিষেক কৰা শাসনকৰ্ত্তাজন অহালৈকে সাত সপ্তাহ আৰু বাষষ্ঠি সপ্তাহলৈকে হ’ব। যন্ত্রনাৰ সময়ৰ স্বত্তেও গড়েৰে সৈতে যিৰূচালেমৰ ৰাস্তা পুনৰ নিৰ্মাণ কৰা হ’ব।
26. বাষষ্টি সপ্তাহৰ পাছত, অভিষিক্ত লোকসকলক উচ্ছন্ন কৰা হ’ব, আৰু কোনো নাথাকিব। আহিব লগা শাসনকৰ্ত্তাৰ সৈন্যই নগৰখন আৰু ধৰ্মধাম ধ্বংস কৰিব। জলপ্লাৱনৰ দ্বাৰাই সেইজন শেষ হ’ব, আৰু শেষলৈকে সেই ঠাইত যুদ্ধ হ’ব; আজ্ঞাৰ দ্বাৰাই জনশূন্যতা নিৰূপিত কৰা হৈছে।
27. এক সপ্তাহৰ বাবে সেইজনে অনেকৰ সৈতে এটি নিয়ম সুনিশ্চিত কৰিব। সেই সপ্তাহৰ মাজৰ দিনত বলিদান আৰু নৈবেদ্য স্থগিত কৰিব। কোনো এজন ঘিণলগীয়া ডেউকাৰ সৈতে আহিব, আৰু ধ্বংস কৰিব। ধ্বংস কৰা জনৰ ওপৰত আজ্ঞাৰ দ্বাৰাই সম্পূৰ্ণ সমাপ্ত বৰ্ষোৱা হ’ব।

দানিয়েল 10:1-21
1. পাৰস্যৰ ৰজা কোৰচৰ ৰাজত্ব কালৰ তৃতীয় বছৰত দানিয়েলৰ আগত এটা বাৰ্ত্তা প্ৰকাশ হৈছিল; আৰু সেই বাৰ্ত্তা সত্য। এইটো আছিল এটা মহাযুদ্ধৰ বিষয়। দানিয়েলে দৰ্শনৰ দ্বাৰাই অন্তৰ্দৃষ্টিৰে সেই বাৰ্ত্তা বুজি পালে।
2. সেই দিনবোৰত মই দানিয়েলে তিনি সপ্তাহ শোক কৰি আছিলোঁ।
3. সেই তিনি সপ্তাহ সম্পূৰ্ণ নোহোৱালৈকে মই সুস্বাদু আহাৰ, মাংস খোৱা নাছিলো, দ্রাক্ষাৰস পান কৰা নাছিলো, আৰু মই গাত তেলো ঘঁহা নাছিলো।
4. তাৰ পাছত প্ৰথম মাহৰ চৌবিশ দিনৰ দিনা, মই মহানদীৰ পাৰত আছিলোঁ, নদীখনৰ নাম হিদ্দেকেল,
5. মই ওপৰলৈ চালোঁ, আৰু শণ সূতাৰ বস্ত্ৰ পিন্ধা, আৰু উফজৰ উত্তম সোণেৰে তৈয়াৰী টঙালি কঁকালত বন্ধা এজন মানুহক দেখিলোঁ।
6. তেওঁৰ শৰীৰ পোখৰাজ মণিৰ দৰে, তেওঁৰ মুখমণ্ডল উজ্বল, চকু দুটা জ্বলি থকা মশালৰ দৰে, তেওঁৰ বাহু আৰু ভৰি চকচকিয়া পিতলৰ দৰে, আৰু তেওঁৰ কোৱা কথাৰ শব্দ বহু লোকৰ কথা কোৱা শব্দৰ দৰে।
7. মই দানিয়েল অকলেই সেই দৰ্শন দেখিলোঁ; মোৰ লগত থকা লোকসকলে সেই দৰ্শন দেখা নাপালে; কাৰণ তেওঁলোক অতিশয় আতঙ্কিত হ’ল; আৰু নিজকে লুকুৱাবলৈ তেওঁলোক পলাল।
8. সেয়ে মই অকলেই অৱশিষ্ট থাকিলো, আৰু সেই মহা দৰ্শন দেখা পালোঁ। মোৰ গাত একো শক্তি বাকী নাথাকিল; মোৰ প্রভাশালী চেহেৰা ভীতিজনক চেহেৰালৈ সলনি হৈছিল, আৰু মোৰ গাত শক্তি নাইকিয়া হৈছিল।
9. তাৰ পাছত মই তেওঁৰ কথা শুনিলোঁ, তেওঁৰ কথাবোৰ শুনা সময়ত মই মাটিত উবুৰি হৈ পৰি ঘোৰ নিদ্ৰাত আছিলোঁ।
10. তেতিয়া এখন হাতে মোক চুলে, আৰু মই কঁপি উঠিলো, মোৰ আঁঠু আৰু দুই হাতৰ তলুৱাও ভয়ত কঁপি উঠিল।
11. সেই দূতে মোক ক’লে, “হে দানিয়েল, হে অতি প্ৰিয় পুৰুষ, যি কথা মই তোমাক কৈ আছোঁ তুমি তাক বুজি লোৱা আৰু উঠি থিয় হোৱা; কাৰণ মোক তোমাৰ ওচৰলৈ পঠোৱা হ’ল।” যেতিয়া তেওঁ মোক সেই কথা কৈ আছিল, তেতিয়া মই উঠি থিয় হৈ কঁপিবলৈ ধৰিলোঁ।
12. তেতিয়া তেওঁ মোক ক’লে, “হে দানিয়েল ভয় নকৰিবা; কাৰণ তুমি বুজিবলৈ, আৰু নিজকে ঈশ্বৰৰ আগত নম্ৰ কৰিবলৈ মন স্থিৰ কৰা প্ৰথম দিনৰে পৰা তোমাৰ বাক্য শুনা গৈছে; আৰু তোমাৰ বাক্যৰ কাৰণেই মই আহিলোঁ
13. পাৰস্যৰ ৰক্ষকদূতে মোক প্রতিৰোধ কৰিছিল, আৰু মই পাৰস্যৰ ৰজাৰ সৈতে একৈশ দিনলৈকে আবদ্ধ কৰি ৰখা হৈছিলো। কিন্তু প্ৰধান ৰক্ষক শসনকর্তা এজনে মোক সহায় কৰিবলৈ আহিল।
14. এতিয়া শেষ সময়ত তোমাৰ লোকসকললৈ যি ঘটিব, তাকে তোমাক বুজাবলৈ মই আহিলোঁ। কিয়নো এই দৰ্শন আহিব লগা দিনবোৰৰ বাবে হয়।”
15. যেতিয়া তেওঁ মোক এই কথা কৈ আছিল, তেতিয়া মই মাটিলৈ মুখ কৰি আছিলোঁ আৰু কথা ক’ব পৰা নাছিলোঁ।
16. তেতিয়া মানুহৰ দৰে এজন পুৰুষে মোৰ ওঁঠ চুলে, আৰু মই মূখ মেলি মোৰ আগত থিয় হৈ থকা জনক ক’লো, “হে মোৰ মহাশয়, এই দৰ্শনৰ কাৰণে মোৰ ভিতৰত মৰ্মবেদনাই ধৰিছে, মোৰ গাৰ বল নাইকিয়া হ’ল।
17. মই আপোনাৰ দাস কেনেকৈ মই মোৰ গৰাকীৰ লগত কথা পাতিব পাৰোঁ? কাৰণ মোৰ গাত বল নাই, আৰু মোৰ উশাহো নাইকিয়া হ’ল।”
18. তেতিয়া মানুহৰ আকৃতিৰ সেই পুৰুষ জনে পুনৰাই মোক চুই সবল কৰিলে।
19. তেওঁ ক’লে, “হে অতি প্ৰিয় পুৰুষ ভয় নকৰিবা; তোমাৰ শান্তি হওক; তুমি এতিয়া সবল হোৱা, সবল হোৱা!” যেতিয়া তেওঁ মোক কথা কৈ আছিল, তেতিয়া মই সবল হ’লো আৰু ক’লোঁ, “মোৰ প্ৰভুৱে কওক; কাৰণ আপুনি মোক সবল কৰিলে।”
20. তেতিয়া তেওঁ মোক ক’লে, “মই তোমাৰ ওচৰলৈ কিয় আহিছোঁ, তুমি জানা নে? এতিয়া মই পাৰস্যৰ ৰক্ষক দূতবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ঘূৰি যাওঁ। মই যেতিয়া গুচি যাম তেতিয়া গ্রীচৰ ৰক্ষকদূত আহিব।
21. কিন্তু সত্যৰ পুস্তকত কি লিখা আছে, সেই কথা মই তোমাক জনাম; তেওঁলোকৰ বিৰুদ্ধে মোক সহায় কৰিবলৈ তোমালোকৰ ৰক্ষক দূতবোৰৰ মাজত মীখায়েল ৰ বাহিৰে আন কোনো শক্তিশালী নাই।”

সামসঙ্গীত 137:7-9
7. হে যিহোৱা, যিৰূচালেমৰ ধ্বংসৰ দিনা ইদোমীয়াবোৰে যি কৰিছিল তাক তেওঁলোকৰ বিৰুদ্ধে সোঁৱৰণ কৰা। তেওঁলোকে কৈছিল, “উচ্ছেদ কৰা! যিৰূচালেমক উচ্ছেদ কৰা, একেবাৰে ইয়াৰ ভেঁটি পর্যন্ত উচ্ছেদ কৰা।”
8. হে বাবিল কন্যা, তোমাক বিনাশ কৰা হ’ব; তুমি আমাৰ প্রতি যেনে ৰূপে ব্যৱহাৰ কৰিলা, ধন্য সেইজন, যিজনে তোমাকো তেনে ৰূপে প্ৰতিফল দিব।
9. ধন্য সেইজন, যি জনে তোমাৰ শিশুসকলক ধৰি শিলত আছাৰিব।

প্রবচন 29:15-15
15. চেকনী আৰু দোষাৰোপে প্ৰজ্ঞা দিয়ে; কিন্তু শাসন নকৰা সন্তানে নিজৰ মাতৃক লাজ দিয়ে।

১ যোহন 1:1-10
1. যি আদিৰে পৰা আছিল, যি আমি শুনিলোঁ, যি চকুৰে দেখিলোঁ, যি আমি মনোযোগেৰে দৃষ্টি কৰি দেখিলোঁ আৰু যি আমাৰ হাতেৰে অনুভৱ কৰিলোঁ, সেই জীৱনৰ বাক্যৰ প্ৰসংগ আমি লিখিলোঁ,
2. আৰু সেই জীৱন প্ৰকাশিত আছিল, আমি দেখিছিলোঁ, সাক্ষ্য বহন কৰিছিলোঁ আৰু আপোনালোকলৈ সেই অনন্ত জীৱন ঘোষণা কৰোঁ, যি অনন্ত জীৱন পিতৃৰ সৈতে আছিল আৰু আমাৰ আগত প্ৰকাশিত হ’ল;
3. সেয়া আমি দেখিলোঁ, শুনিলোঁ আৰু আপোনালোকলৈ ঘোষণাও কৰিলোঁ, গতিকে আপোনালোকেও আমাৰ সৈতে সহভাগীতা ৰাখিব। আমাৰ যি সহভাগীতা, সেয়া পিতৃৰ সৈতে আৰু তেওঁৰ পুত্র যীচু খ্রীষ্টৰ সৈতে সহভাগিতা।
4. আৰু আপোনালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়, সেই কাৰণে আমি এইবোৰ কথা লিখিছোঁ।
5. আমি যি বাৰ্তা তেওঁৰ পৰা শুনি আপোনালোকৰ আগত ঘোষণা কৰিছোঁ, সেই বার্তাই হ’ল, ঈশ্বৰ পোহৰ আৰু তেওঁত আন্ধাৰ অকণ মানো নাই।
6. সেয়েহে আমি যদি তেওঁৰে সৈতে সহভাগিতাত আছোঁ বুলি কওঁ আৰু আমি আন্ধাৰত চলোঁ, তেনেহলে আমি মিছলীয়া আৰু সত্যৰ আচৰণ আমাৰ নাই৷
7. কিন্তু তেওঁ যেনেকৈ পোহৰত আছে, তেনেকৈ আমিও যদি পোহৰত চলোঁ, তেনেহলে পৰস্পৰ মাজত আমাৰ সহভাগিতা আছে আৰু তেওঁৰ পুত্ৰ, যীচুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে।
8. আমাৰ পাপ নাই বুলি যদি কওঁ, তেনেহলে আমি নিজেই নিজকে ভুলাওঁ; আৰু আমাৰ অন্তৰত সত্যতা নাই।
9. কিন্তু আমি যদি আমাৰ পাপবোৰ স্বীকাৰ কৰোঁ, তেনেহলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ, তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে।
10. আমি পাপ কৰা নাই বুলি যদি কওঁ, তেনেহলে তেওঁক মিছলীয়া পাতোঁ আৰু আমাৰ অন্তৰত তেওঁৰ বাক্য নাই।