A A A A A

জাখারিয়া 4:1-13
1. পাছত মোৰে সৈতে কথা হোৱা দূতজন পুনৰ উভতি আহিল, আৰু টোপনিত থকা মানুহক জগোৱাৰ দৰে মোক জগালে।
2. তেওঁ মোক ক’লে, “তুমি কি দেখিছা?” তেতিয়া মই ক’লোঁ, “মই সম্পূৰ্ণ সোণেৰে নিৰ্মান কৰা এক দীপাধাৰ দেখিছোঁ; তাৰে ওপৰত এটা পাত্ৰ আছে। তাতে সেই পাত্ৰৰ ওপৰত সাতোটা প্ৰদীপ আছে, আৰু তাৰ ওপৰত থকা প্ৰত্যেক দীপাধাৰাৰ সৈতে সাতডালকৈ শলিতা আছে;
3. আৰু তাৰ ওচৰত দুজোপা জিতগছ আছে, এজোপা তেলধাৰৰ সোঁফাল আৰু আনজোপা তাৰ বাওঁফালে।”
4. পাছত মোৰে সৈতে কথা হোৱা দূতজনক আকৌ মই সুধিলোঁ, “হে মোৰ প্ৰভু এইবোৰৰ অর্থ কি?”
5. তেতিয়া মোৰে সৈতে কথা হৈ থকা দূতজনে উত্তৰ দি মোক ক’লে, “ইয়াকো তুমি নাজানা নে?” মই ক’লো, “হে মোৰ প্ৰভু, মই নাজানো।”
6. তেতিয়া তেওঁ উত্তৰ দি মোক এই কথা ক’লে, “জৰুব্বাবিললৈ অহা যিহোৱাৰ বাক্য এই, ‘শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয়, কিন্তু মোৰ আত্মাৰ দ্বাৰাইহে,’ ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।”
7. “হে বৃহৎ পৰ্ব্বত, তুমি কোন? জৰুব্বাবিলৰ আগত তুমি সমথল হৈ যাবা, আৰু ‘অনুগ্ৰহ, ইয়ালৈ অনুগ্ৰহ হওক!’ এই জয়ধ্বনিৰ সৈতে তেওঁ প্ৰধান শিলটো উলিয়াই আনিব।”
8. পাছত যিহোৱাৰ বাক্য মোলৈ আহিল আৰু ক’লে,
9. “বোলে, জৰুব্বাবিলৰ হাতে এই গৃহটিৰ ভিত্তিমূল স্থাপন কৰিলে আৰু তেওঁৰ হাতে ইয়াক সমাপ্তও কৰিব; ইয়াতে তুমি জানিবা যে, বাহিনীসকলৰ যিহোৱাই মোক তোমালোকৰ ওচৰলৈ পঠালে
10. কিয়নো সৰু সৰু বিষয়ৰ দিন কোনে হেয়জ্ঞান কৰিব? তেতিয়া লোকসকলে আনন্দ কৰিব আৰু জৰুব্বাবিলৰ হাতত ওলোম-ৰচীডাল দেখিব। এইবোৰেই গোটেই পৃথিৱীত ইফালৰ পৰা সিফালে ভ্ৰমি ফুৰে।
11. পাছত মই তেওঁক উত্তৰ দিলোঁ আৰু আকৌ সুধিলোঁ, “দীপাধাৰৰ সোঁ আৰু বাওঁফালে থকা এই দুজোপা জিতগছ কি?”
12. পাছত দ্বিতীয়বাৰ মই তেওঁক সুধিলো আৰু ক’লো, “যি দুডাল সোণোৱালী নলীয়ে নিজৰ নিজৰ পৰা সোণোৱালী তেল ঢালি দিয়ে, সেই নলী দুডালৰ ওচৰত থকা জিতগছৰ সেই ডালদুটা বা কি?”
13. তেতিয়া তেওঁ মোক উত্তৰ দি ক’লে, “সেই কেইডাল কি, ইয়াকো তুমি নাজানা নে?” মই ক’লো, “হে মোৰ প্ৰভু, মই নাজানো।”

জাখারিয়া 5:1-11
1. পাছত মই উভতি আহিলোঁ আৰু চকু তুলি চালোঁ, তাতে মই এখন উড়ি থকা নুৰিয়াব পৰা পুথি দেখিলোঁ।
2. তেতিয়া দূতে মোক ক’লে, “তুমি কি দেখিছা?” মই উত্তৰ দি ক’লোঁ, “মই নুৰিয়াব পৰা এখন উড়ি থকা পুথি দেখিছোঁ, সেয়ে দীঘলে বিশ হাত আৰু বহলে দহ হাত।”
3. তেতিয়া তেওঁ মোক ক’লে, “গোটেই দেশৰ ওপৰেদি ওলাই যোৱা এয়ে অভিশাপ, কিয়নো যিয়ে চুৰ কৰে, সি তাৰ এপিঠিৰ মতে উচ্ছন্ন হ’ব আৰু যিয়ে মিছা শপত খায়, সি তাৰ আন পিঠিৰ মতে উচ্ছন্ন হ’ব।
4. বাহিনীসকলৰ যিহোৱাই কৈছে, ‘ইয়াক মই উলিয়ালোঁ,’ আৰু সেয়ে চোৰৰ ঘৰত আৰু মোৰ নামেৰে মিছা শপত খোৱাজনৰ ঘৰত সোমাব। আৰু সেয়ে তাৰ ঘৰৰ মাজত থাকি কাঠ আৰু শিলে সৈতে তাক বিনষ্ট কৰিব।”
5. তেতিয়া মোৰে সৈতে কথা হোৱা দূতজনে ওলাই আহি মোক ক’লে, “তুমি চকু তুলি চোৱা, সৌটো কি আহিছে?”
6. তেতিয়া মই সুধিলোঁ, “সেইটো কি?” তেওঁ ক’লে, “আহি থকা সেইটো এটা ঐফা-পাত্ৰ। সেইটোৱেই গোটেই দেশৰ লোকসকলৰ অতিশয় অনৈতিক আচৰণৰ উপমাস্বৰূপ।”
7. তাৰ পাছত দূতে সেই পাত্রটোৰ পৰা ঘূৰণীয়া সীহৰ ঢাকনীখন মুকলি কৰি দিলে আৰু সেই ঐফা-পাত্ৰটোৰ তলিত এগৰাকী তিৰোতা বহি আছিল।
8. দূতে মোক ক’লে, “এয়ে দুষ্টতা!” এইবুলি তেওঁ তাইক ঐফা-পাত্ৰৰ ভিতৰলৈ হেঁচা মাৰি ঠেলি দিলে আৰু মুকলি কৰা সীহৰ ঢাকনি খন পুনৰ বন্ধ কৰিলে।
9. তেতিয়া মই চকু তুলি চাই দেখিলোঁ যে, দুগৰাকী মহিলা মোৰ ফালে আহি আছিল আৰু সেই দুগৰাকীৰ ডেউকাত বায়ু আছিল; সিহঁতৰ ডেউকা বৰটোকোলাৰ ডেউকাৰ নিচিনা আছিল। সেই দুগৰাকীয়ে পৃথিৱী আৰু আকাশৰ মাজেদি ঐফা-পাত্ৰটো তুলি লৈ গৈছিল।
10. সেয়ে মোৰে সৈতে কথা হৈ থকা দূতজনক মই সুধিলোঁ, “সেই দুগৰাকীয়ে ঐফা-পাত্ৰটো লৈ ক’লৈ গৈছে?”
11. তেওঁ মোক ক’লে, “চিনাৰ দেশত সেই পাত্রৰ বাবে এটা মন্দিৰ সাজিবলৈ গৈছে, সেইটো সজা হ’লে, তাইক তাইৰ নিজৰ ঠাইত স্থাপন কৰা হ’ব।”

জাখারিয়া 6:1-15
1. তেতিয়া পুনৰায় মই মোৰ চকু তুলি চাই দেখিলোঁ, দুই পৰ্ব্বতৰ মাজৰ পৰা চাৰিখন ৰথ ওলাই আহিল। সেই পৰ্ব্বত পিতলৰ পৰ্ব্বত।
2. প্ৰথম ৰথত ৰঙা ঘোঁৰা, দ্বিতীয়খনত ক’লা ঘোঁৰা,
3. তৃতীয়খনত বগা ঘোঁৰা আৰু চতুৰ্থ খনত বলী ফুটুকা ঘোঁৰা।
4. তেতিয়া মোৰে সৈতে কথা হোৱা দূতজনক মই প্রশ্ন কৰি ক’লো, “হে মোৰ প্ৰভু, এইবোৰ কি?”
5. দূত-জনে উত্তৰ দি মোক ক’লে, “এইবোৰ হ’ল গোটেই পৃথিৱীৰ প্ৰভুৰ আগত থিয় হৈ থকাৰ পৰা ওলাই অহা আকাশৰ চাৰি বায়ু ।
6. ক’লা ঘোঁৰাৰ ৰথখন উত্তৰ দেশৰ ফাললৈ ওলাই গৈছে, বগাবোৰ পশ্চিম দেশৰ ফালে আৰু অনুজ্বল দাগ থকাবোৰ দক্ষিণ দেশলৈ গৈছে।”
7. আৰু বলীবোৰে ওলাই গৈ, পৃথিৱীত ইফালে সিফালে ফুৰিবৰ বাবে অনুমতি খুজিলে, তেতিয়া দূতে ক’লে, “যোৱা পৃথিৱীত ইফালে সিফালে ফুৰাগৈ!” তেতিয়া সেইবোৰে পৃথিৱীত ইফালে সিফালে ফুৰিবলৈ ধৰিলে।
8. তেতিয়া তেওঁ মোক আহ্বান কৰিলে আৰু মোক মাতি ক’লে, “চোৱা, উত্তৰ দেশৰ ফালে ওলাই যোৱাবোৰে উত্তৰ দেশত মোৰ ক্ৰোধ মাৰ নিয়ালে।”
9. সেয়ে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
10. “বোলে তুমি গৈ হিল্দয়, টোবিয়া, যিদয়া - এই দেশান্তৰিত লোকসকলৰ পৰা ৰূপ আৰু সোণ লোৱাগৈ; আৰু আজিয়েই তুমি নিজে এইবোৰ লৈ যিজন বাবিলৰ পৰা আহিল, সেই চফনিয়াৰ পুত্র যোচিয়াৰ ঘৰলৈ যোৱা।
11. তাতে সেই ঘৰত সোমাই সেই ৰূপ আৰু সোণ লৈ, তাৰে দুটা কিৰীটি সাজি যিহোচাদকৰ পুত্ৰ যিহোচূৱা প্ৰধান পুৰোহিতৰ মূৰত দিয়াগৈ।
12. আৰু তুমি তেওঁক ক’বা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “চোৱা, সেই পুৰুষ জনৰ নাম পোখা! তেওঁ যি ঠাইত আছে, সেই ঠাইতেই বাঢ়িব; আৰু তেওঁ তেতিয়া যিহোৱাৰ মন্দিৰ সাজিব!
13. হয়, তেৱেঁই যিহোৱাৰ মন্দিৰ সাজিব আৰু তেওঁ গৌৰৱ মুকুটেৰে বিভূষিত কৰিব; তেওঁ নিজ সিংহাসনত বহি ৰাজত্ব কৰিব। আৰু পুৰোহিত হৈ নিজ সিংহাসনত বহিব আৰু দুয়োটাৰে মাজত শান্তিৰ মন্ত্ৰণা থাকিব।
14. আৰু সেই দুটা কিৰীটি হেলেম, টোবিয়া, যিদয়া, আৰু চফনিয়াৰ পুত্ৰ যোচিয়া ৰ উদাৰতাৰ সোঁৱৰণৰ অৰ্থে, যিহোৱাৰ মন্দিৰত ৰখা হ’ব।
15. আৰু দূৰৈত থকা লোকসকল যেতিয়া আহি যিহোৱাৰ মন্দিৰ নিৰ্ম্মাণৰ সাহায্য কৰিব, তেতিয়া বাহিনীসকলৰ যিহোৱাই যে মোক তোমালোকৰ ওচৰলৈ পঠিয়ালে, ইয়াক তোমালোকে জানিবা; আৰু তোমালোকে যদি যত্নেৰে ঈশ্বৰ যিহোৱাৰ বাক্য পালন কৰা, তেতিয়া এয়ে সিদ্ধ হ’ব’।”

সামসঙ্গীত 148:1-6
1. তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। স্বর্গৰ পৰা যিহোৱাৰ প্ৰশংসা কৰা; উচ্চ স্থানত তেওঁৰ প্ৰশংসা কৰা।
2. হে যিহোৱাৰ সকলো দূত, তেওঁৰ প্ৰশংসা কৰা; হে যিহোৱাৰ সকলো বাহিনী, তেওঁৰ প্ৰশংসা কৰা!
3. হে সূৰ্য আৰু চন্দ্ৰ, তেওঁৰ প্ৰশংসা কৰা; হে দীপ্তিময় সকলো তৰা, তেওঁৰ প্ৰশংসা কৰা!
4. হে স্বর্গৰ স্বর্গ, তেওঁৰ প্ৰশংসা কৰা! হে আকাশ-মণ্ডলৰ উর্দ্ধস্থানৰ জল সমূহ, তেওঁৰ প্রশংসা কৰা!
5. সেইবোৰ সকলোৱে যিহোৱাৰ নামৰ প্ৰশংসা কৰক; কিয়নো তেওঁ আজ্ঞা দিলে আৰু এইবোৰৰ সৃষ্টি হ’ল।
6. তেওঁ চিৰকালৰ কাৰণে সেইবোৰক সঠিক ঠাইত স্থাপন কৰিলে; তেওঁ এটা বিধি দিলে, কোনোৱে তাক উলঙ্ঘন কৰিব নোৱাৰিব।

প্রবচন 30:24-28
24. পৃথিবীত চাৰিটা ক্ষুদ্ৰ বস্তু আছে; তথাপিও সেইবোৰ বহুত জ্ঞানী।
25. পৰুৱা শক্তিশালী প্রাণী নহয়, তথাপি সিহঁতে গ্রীষ্ম কালত সিহঁতৰ আহাৰ যুগুত কৰে;
26. চাফন পশু শক্তিমান জীৱ নহয়, তথাপি সিহঁতে শিলৰ মাজত নিজৰ ঘৰ সাজে;
27. ফৰিংবোৰৰ ৰজা নাথাকে, তথাপি সিহঁত সকলোৱে শ্রেণী অনুসাৰে অতিক্রম কৰে;
28. জেঠীক তুমি তোমাৰ দুয়োখন হাতেৰে ধৰি ৰাখিব পাৰা; তথাপি সিহঁত ৰজাৰ অট্টালিকাত বাস কৰে।

প্ৰকাশিত বাক্য 17:1-18
1. পাছত সেই সাতোটা বাটি লোৱা সাত জন দূতৰ এজন আহিল আৰু মোক ক’লে, “আহা, মই তোমাক অনেক পানীৰ ওপৰত বহি থকা সেই মহা-বেশ্যাৰ দণ্ড দেখুৱাওঁ,
2. তাইৰ সৈতে পৃথিৱীৰ ৰজা সকলে ব্যভিচাৰ কৰিলে আৰু তাইৰ ব্যভিচাৰৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পৃথিৱী নিবাসী সকলক মতলীয়া কৰা হ’ল।”
3. তেতিয়া দূত জনে মোক আত্মাত মৰুভূমিলৈ লৈ গ’ল; তাতে ঈশ্বৰক নিন্দা কৰা নামেৰে পৰিপূৰ্ণ হোৱা আৰু সাতোটা মূৰ, দহোটা শিং থকা এটা উজ্বল ৰঙা বৰণীয়া পশুৰ ওপৰত বহি থকা এজনী মহিলা দেখিলোঁ।
4. সেই মহিলা গৰাকী বেঙেনা বৰণীয়া আৰু উজ্বল ৰঙা বৰণৰ বস্ত্ৰ পিন্ধা, সোণ আৰু বহুমূল্য মণি-মুকুতাৰ অলঙ্কাৰ পৰিধান কৰা; তাইৰ হাতত ঘিণলগীয়া বস্তু আৰু তাইৰ ব্যভিচাৰৰূপ মলিৰে পৰিপূৰ্ণ এক পান-পাত্ৰ আছিল;
5. আৰু তাইৰ কপালত এই নাম লিখা আছিল, সেয়ে নিগূঢ়-তত্ত্ব, “মহান বাবিল, পৃথিৱীৰ বেশ্যা সকলৰ আৰু ঘিণলগীয়া বস্তুৰ মাতৃ।”
6. সেই মহিলাক পবিত্ৰ লোক সকলৰ তেজত আৰু যীচুৰ সাক্ষী সকলৰ তেজত মতলীয়া হোৱা দেখিলোঁ৷ মই তাইক দেখি অতি বিস্ময় মানিলোঁ।
7. তাতে সেই দূতে মোক ক’লে, “তুমি কিয় বিস্ময় মানিলা? সেই তিৰোতা আৰু তাইক লৈ ফুৰি থকা সেই সাতোটা মুৰ আৰু দহোটা শিং থকা পশুৰ নিগূঢ়-তত্ত্ব মই তোমাক বুজাই কম৷
8. তুমি যি পশুক দেখিলা, সি আছিল, কিন্তু সম্প্ৰতি নাই; সি অগাধ ঠাইৰ পৰা উঠি পাছত বিনাশৰ ঠাইলৈ যাবৰ বাবে উদ্যত হৈছে; আৰু জগত স্থাপনৰে পৰা জীৱন পুস্তকত যি সকলৰ নাম লিখা নাই, এনে পৃথিৱী নিবাসী সকলে যেতিয়া সেই পশুক দেখিব, তেতিয়া যিটো আছিল, সম্প্ৰতি নাই কিন্তু উপস্থিত হ’বলগীয়া, সেইটোক দেখি তেওঁলোকে বিস্ময় মানিব।
9. ইয়াত বুজি পাবৰ বাবে জ্ঞানী মনৰ প্ৰয়োজন। যিবোৰৰ ওপৰত সেই মহিলা গৰাকী বহি আছে, সেই সাতোটা মুৰ হৈছে সাতোটা পৰ্বত; আৰু সেইবোৰেই সাত জন ৰজাও৷
10. তেওঁলোকৰ পাঁচ জন পতিত হ’ল, এজন বৰ্তমান আছে, আৰু আন জন এতিয়াও অহা নাই; কিন্তু আহিলেও তেওঁ অলপ কালহে থাকিব।
11. আৰু যি পশু আছিল কিন্তু সম্প্ৰতি নাই, সি নিজেই অষ্টম ৰজা আৰু সেই শ্ৰেণীৰে সাত জনৰ এজন; সি বিনাশৰ ঠাইলৈ যাব।
12. আৰু তুমি দেখা সেই দহোটা শিঙেই, দহ জন ৰজা; তেওঁলোকে এতিয়াও ৰাজ্য পোৱা নাই; কিন্তু এক ঘণ্টাৰ কাৰণে সেই পশুৰে সৈতে সেই কেইজনেও ৰাজ অধিকাৰ পাব।
13. তেওঁলোকে এক পৰামৰ্শ হৈ নিজৰ শক্তি আৰু অধিকাৰ সেই পশুক দিব।
14. তেওঁলোকে মেৰ-পোৱালিৰ সৈতে যুদ্ধ কৰিব; কিন্তু মেৰ-পোৱালিয়ে তেওঁলোকৰ ওপৰত জয় কৰিব; কিয়নো তেওঁ প্ৰভুৰো প্ৰভু, ৰজাৰো ৰজা আৰু তেওঁৰ সৈতে থকা সকলো আমন্ত্ৰিত, মনোনীত আৰু বিশ্বাসী।”
15. সেই দূত জনে মোক আকৌ ক’লে, “তুমি যি পানী দেখিলা, অৰ্থাৎ য’ত সেই বেশ্যা বহি আছে, সেই পানীবোৰেই অনেক প্ৰজা, সাধাৰণ লোক, সকলো জাতি আৰু ভাষাৰ লোক সকল।
16. তুমি দেখা সেই দহোটা শিং আৰু পশুৱে সেই বেশ্যাক ঘিণ কৰিব৷ তাইক অনাথ আৰু উলঙ্গ কৰি তাইৰ মঙহ খাব আৰু তাইক সম্পূৰ্ণৰূপে জুইত পুৰি পেলাব।
17. কিয়নো ঈশ্বৰৰ বাক্য সিদ্ধ নোহোৱালৈ তেওঁৰ মনস্থ পুৰ কৰিবলৈ আৰু এক মনৰ হৈ তেওঁলোকৰ নিজ নিজ ৰাজ্য পশুক দিবৰ বাবে, ঈশ্বৰে তেওঁলোকৰ মনত প্ৰবৃত্তি জন্মালে।
18. তুমি যি মহিলাক দেখিলা, তাই পৃথিৱীৰ ৰজা সকলৰ ওপৰত ৰাজত্ব পোৱা সেই মহা-নগৰ।