A A A A A

মিখা 6:1-16
1. যিহোৱাই যি কৈছে, এতিয়া তোমালোকে শুনা। মীখাই তেওঁক ক’লে, “উঠক আৰু পৰ্ব্বতবোৰৰ সন্মুখত আপোনাৰ অৱস্থাৰ বিষয়ে কওক, পাহাৰবোৰক আপোনাৰ মাত শুনিবলৈ দিয়ক।
2. হে পৰ্ব্বতবোৰ, আৰু পৃথিবীৰ স্থায়ী ভিত্তিমূল, যিহোৱাৰ অভিযোগ শুনা; কাৰণ যিহোৱাৰ নিজৰ লোকসকলৰ সৈতে অভিযোগ আছে, আৰু তেওঁ ইস্ৰায়েলৰ বিৰুদ্ধে ন্যায়ালয়ত যুঁজিব।
3. “হে মোৰ লোকসকল, মই তোমালোকক কি কৰিলোঁ? মই কেনেকৈ তোমালোকক পৰিশ্রান্ত কৰিলোঁ? মোৰ অহিতে সাক্ষ্য দিয়া।
4. কাৰণ মই তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলোঁ, আৰু বন্দীঘৰৰ পৰা তোমালোকক মুক্ত কৰিলোঁ; মই তোমালোকৰ ওচৰলৈ মোচি, হাৰোণ, আৰু মিৰিয়মক পঠিয়াইছিলোঁ।
5. হে মোৰ লোকসকল, মোৱাবৰ ৰজা বালাকে কি পৰিকল্পনা কৰিছিল, আৰু বিয়োৰৰ পুত্র বিলিয়মে বালাকক কি উত্তৰ দিছিল, সেই বিষয়ে সোঁৱৰণ কৰা। তাতে চিটীম ৰ পৰা গিলগল লৈ যাওঁতে যি ঘটিছিল, যিহোৱাৰ সেই ন্যায় কাৰ্যবোৰৰ বিষয়ে তোমালোকে জানিব পাৰিবা।
6. সৰ্ব্বোপৰি ঈশ্বৰক প্ৰণাম কৰোঁতে, মই যিহোৱালৈ কি লৈ যাম? মই তেওঁৰ ওচৰলৈ এবছৰীয়া দামুৰিৰ সৈতে হোম-বলি লৈ যোৱা উচিত নে?
7. হাজাৰ হাজাৰ মেৰ-ছাগ, বা দহ হাজাৰ তেলৰ নদীত যিহোৱা সন্তুষ্ট হ’ব নে? মোৰ অপৰাধৰ বাবে মোৰ প্ৰথমে জন্ম হোৱা সন্তান, আৰু মোৰ নিজৰ পাপৰ বাবে মোৰ ঔৰসৰ ফল দান কৰিম নে?
8. হে মনুষ্য, যিহোৱাই যি ভাল, সেই বিষয়ে তোমালোকক কৈছিল; আৰু যিহোৱাই তোমালোকৰ পৰা এইবোৰ বিচাৰে: ন্যায়ৰূপ কাৰ্য কৰা, দয়াশীলতাক ভাল পোৱা, আৰু তোমালোকে ঈশ্বৰৰ সৈতে নম্রভাৱে চলা।
9. যিহোৱাই নগৰলৈ ঘোষণা কৰি কৈছে, এনে কি, এতিয়া প্রজ্ঞায়ো তোমাৰ নাম স্বীকাৰ কৰিছে: “তোমালোকে দণ্ড ডাললৈ আৰু যিজনে নিৰ্দ্দিষ্ট ঠাইত ইয়াক ৰাখিছে, সেই জনলৈ মনোযোগ দিয়া।
10. দুষ্ট লোকৰ ঘৰৰ সম্পত্তিবোৰ অসৎ, আৰু মিছা জোখবোৰ ঘিণলগীয়া।
11. অন্যায়ৰ তুলাচনী আৰু প্ৰবঞ্চক ওজনৰ মোনা ব্যৱহাৰ কৰা জনক মই নিৰ্দ্দোষী বুলি বিবেচনা কৰিম নে?
12. ধনী লোকসকল অত্যাচাৰেৰে পৰিপূৰ্ণ, তাৰ নিবাসী সকলে মিছা কথা কয়, আৰু তেওঁলোকৰ জিভা প্রতাৰণাপূৰ্ণ।
13. এই হেতুকে মই বিষম আঘাতেৰে তোমালোকক আঘাত কৰিলোঁ; তোমালোকৰ পাপৰ কাৰণে মই তোমালোকক ধ্বংস কৰিলোঁ।
14. তোমালোকে খাবা কিন্তু তৃপ্ত নহবা, তোমালোকৰ পেট খালীয়ে হৈ থাকিব; তোমালোকে বস্তুবোৰ গোটাবা কিন্তু ৰক্ষা কৰিব নোৱাৰিবা; আৰু তোমালোকে যি ৰক্ষা কৰিবা, তাক মই তৰোৱালক শোধাই দিম।
15. তোমালোকে সিঁচিবা কিন্তু দাবলৈ নাপাবা; তোমালোকে জিত গচকিবা কিন্তু তেল নিজে ঘঁহিব নাপাবা; তোমালোকে দ্ৰাক্ষাগুটি চেপিবা, কিন্তু দ্রাক্ষাৰস পান কৰিবলৈ নাপাবা।
16. অম্ৰীৰ বিধিবোৰ, আৰু আহাবৰ বংশৰ সকলো কাৰ্যবোৰ পালন কৰিছা, তোমালোকে তেওঁলোকৰ উপদেশত চলিছিলা; সেয়ে মই তোমালোকৰ নগৰ ধ্বংস কৰিম, আৰু তোমালোকক নিবাসীসকলে বিদ্রূপ কৰিব, মোৰ লোকসকলৰ অৱজ্ঞা তোমালোকে বহন কৰিবা।”

মিখা 7:1-20
1. মোৰ সন্তাপ হ’ল! কাৰণ মই গ্রীষ্মকালৰ ফল চপাই শেষ হৈ যোৱাৰ নিচিনা, আৰু দ্ৰাক্ষাবাৰীত থাকি যোৱা দ্রাক্ষাগুটি গোটোৱাৰ দৰে হলোঁ, কাৰণ তাত পুনৰ কোনো ফলৰ থোপা বিচাৰি পোৱা নাযায়, তথাপিও মই প্ৰথমে পকা ডিমৰু ফল পাবলৈ ইচ্ছা কৰিছোঁ।
2. পৃথিবীৰ পৰা ঈশ্বৰ বিশ্বাসী লোক উচ্ছন্ন হ’ল, লোকসকলৰ মাজত এজনো ন্যায়পৰায়ণ লোক অৱশিষ্ট নাই; তেওঁলোক সকলোৱে ৰক্তপাত কৰিবলৈ খাপ দি থাকে, প্ৰতিজন লোক আৰু তেওঁৰ ভায়েকসকলে জালেৰে আনকোনো এজন লোকক ধৰে।
3. অনিষ্ট কাৰ্য কৰিবলৈ তেওঁলোকৰ হাত পাৰ্গত; শাসনকৰ্তাই ধন খোজে, বিচাৰকৰ্তাই উৎকোচ ল’বলৈ প্রস্তুত থাকে, আৰু প্রভাৱশালী লোকে যি পাবলৈ ইচ্ছা কৰে, তাক আনৰ আগত কয়; সেয়ে তেওঁলোকে একেলগে পৰিকল্পনা কৰে।
4. তেওঁলোকৰ মাজৰ শ্রেষ্ঠ জন জংঘলী গোলাপৰ দৰে, ন্যায়পৰায়ণ লোক জোপোহা কাঁইটীয়া গছৰ বেৰা; তোমাৰ প্ৰহৰীসকলৰ দ্বাৰাই কোৱা ভবিষ্যতবাণীৰ দিন এয়ে; তোমাৰ দণ্ডৰ দিন এয়া; এতিয়া তাত বিভ্রান্তিৰ সৃষ্টি হৈছে।
5. কোনো চুবুৰীয়াক বিশ্বাস নকৰিবা, কোনো বন্ধুৰ ওপৰত আস্থা নাৰাখিবা, তুমি কি কৈছা, সেই বিষয়ে সাৱধান হোৱা, এনে কি, যি মহিলাই তোমাৰ আঁৰত মিছা কথা কয়, তেওঁৰ প্রতিও সাৱধান হোৱা;
6. কাৰণ পুত্রই নিজৰ পিতৃক অমান্য কৰে, জীয়েকে নিজৰ মাতৃৰ বিৰুদ্ধে উঠে, আৰু বোৱাৰীয়েকে নিজৰ শাহুৱেকৰ বিৰুদ্ধে উঠে; তেওঁৰ নিজৰ ঘৰৰ মানুহেই তেওঁৰ শত্ৰু হয়;
7. কিন্তু মই হ’লে, যিহোৱালৈ অপেক্ষা কৰিম; মই মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰলৈ অপেক্ষা কৰিম; মোৰ ঈশ্বৰে মোৰ কথা শুনিব।
8. হে মোৰ শত্রু, মোৰ অহিতে আনন্দ নকৰিবা; মই পৰি যোৱাৰ পাছত, পুনৰ উঠিম, মই যেতিয়া অন্ধকাৰত বহোঁ, তেতিয়া যিহোৱা মোৰ বাবে পোহৰ হয়।
9. কাৰণ মই যিহোৱাৰ অহিতে পাপ কৰিলোঁ, তেওঁ মোৰ বিষয়ে বিচাৰ নকৰালৈকে, মই তেওঁৰ ক্ৰোধ সহন কৰিম, আৰু তেওঁ মোৰ বাবে ন্যায় বিচাৰ কৰিব, তেওঁ মোক পোহৰলৈ আনিব, তেতিয়া ন্যায় বিচাৰেৰে তেওঁ মোক ৰক্ষা কৰা, মই দেখিবলৈ পাম।
10. তেতিয়া মোৰ শত্রুৱে সেয়া চাব, “তোমাৰ ঈশ্বৰ যিহোৱা ক’ত?” বুলি সোধা জন লাজত পৰিব, মোৰ দৃষ্টিয়ে তেওঁক চাব; তেওঁক বাটৰ বোকাৰ নিচিনাকৈ গচকা হ’ব।
11. তোমাৰ দেৱালবোৰ নিৰ্মাণ কৰাৰ দিন আহিছে; সেই দিনা সীমাবোৰ দূৰলৈকে সম্প্ৰসাৰিত হ’ব।
12. সেই দিনা অচূৰৰ পৰা মিচৰত থকা নগৰবোৰলৈকে, মিচৰৰ পৰা বৃহত নদীলৈকে, সমুদ্ৰৰ পৰা সমুদ্রলৈকে, আৰু পৰ্ব্বতৰ পৰা পৰ্ব্বতলৈকে, আপোনাৰ লোকসকল আপোনাৰ ওচৰলৈ আহিব।
13. এতিয়া তাত বাস কৰা লোকসকলৰ, আৰু তেওঁলোকৰ কৰ্মৰ ফলৰ কাৰণে, সেই দেশবোৰ উচ্ছন্ন হ’ব।
14. আপোনাৰ লোকসকলক আৰু আপোনাৰ আধিপত্যৰ পশুৰ জাকক, আপোনাৰ লাখুটিৰে চৰাওক; যদিও তেওঁলোক কর্মিল পাহাৰৰ অৰণ্যত অকলশৰে আছে, তথাপিও তেওঁলোকক আগৰ দৰেই, বাচানত আৰু গিলিয়দত খাবলৈ দিয়ক।
15. তোমালোক মিচৰৰ দেশৰ পৰা ওলাই অহা দিনৰ দৰে, মই তেওঁলোকক আচৰিত কাৰ্য দেখুৱাম।
16. দেশবাসীয়ে সেই সকলো দেখিব আৰু নিজৰ সকলো পৰাক্ৰমৰ বিষয়ে লাজ্জিত হ’ব, তেওঁলোকে তেওঁলোকৰ হাত মুখত দিব, আৰু তেওঁলোকৰ কাণ কলা হ’ব।
17. তেওঁলোকে সাপৰ দৰে ধূলি চেলেকিব, আৰু পৃথিবীত বগাই ফুৰা প্ৰাণীৰ দৰে, তেওঁলোকে গুহাৰ পৰা ভয়েৰে বাহিৰ ওলাব; তেওঁলোকে ভয়েৰে আমাৰ ঈশ্বৰ যিহোৱাৰ ওচৰলৈ আহিব, আৰু আপোনাৰ কাৰণে তেওঁলোকে ভয় কৰিব।
18. পাপ ক্ষমা কৰা, আৰু নিজৰ আধিপত্যৰ অৱশিষ্ট ভাগৰ অপৰাধ এৰি দিয়া, এনে আপোনাৰ দৰে ঈশ্বৰ কোন আছে? আপুনি আপোনাৰ ক্রোধ চিৰকাললৈকে ধৰি নাৰাখে, কাৰণ আপুনি আপোনাৰ নিৰ্ভৰযোগ্য চুক্তি আমাক দেখুৱাবলৈ ভাল পায়।
19. আপুনি পুনৰ আমাক দয়া কৰিব, আমাৰ অপৰাধবোৰ আপোনাৰ ভৰিৰে গচকিব; আপুনি আমাৰ সকলো পাপ গভীৰ সমুদ্ৰত পেলাই দিব।
20. যি দৰে আপুনি অনাদি কালত আমাৰ পূৰ্বপুৰুষসকলৰ আগত শপত কৰিছিল, সেই দৰে আপুনি যাকোবলৈ সত্যতা আৰু অব্ৰাহামলৈ বিশ্বস্ততাৰ চুক্তি দেখুৱাব।

সামসঙ্গীত 145:10-16
10. হে যিহোৱা, তোমাৰ সমুদায় সৃষ্টিয়ে তোমাৰ ধন্যবাদ কৰিব; তোমাৰ ভক্তসকলে তোমাৰ ধন্যবাদ কৰিব।
11. তেওঁলোকে তোমাৰ ৰাজ্যৰ গৌৰৱ বর্ণনা কৰিব আৰু তোমাৰ মহৎ কাৰ্যবোৰৰ বিষয়ে ক’ব,
12. যাতে সকলো মানুহে তোমাৰ পৰাক্রমী কার্য আৰু তোমাৰ ৰাজ্যৰ গৌৰৱপূর্ণ কথাবোৰ জানিব পাৰে।
13. তোমাৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য; তোমাৰ ৰাজশাসন সৰ্ব্বপুৰুষলৈকে স্থায়ী ।
14. যিহোৱাই পৰি যাব খোজা সকলক ধৰি ৰাখে; অৱনত সকলক তেওঁ তুলি ধৰে।
15. সকলোৰে চকুৱে আশাৰে তোমালৈ অপেক্ষা কৰি থাকে; তুমিয়েই তেওঁলোকক উচিত সময়ত আহাৰ দিয়া;
16. তুমি তোমাৰ হাত মেলা আৰু সকলো জীৱকুলৰ বাঞ্ছা পূৰ্ণ কৰি কৰা।

প্রবচন 30:15-15
15. জোকৰ দুজনী জীয়েক আছে; “দিয়া দিয়া” বুলি তেওঁলোকে কান্দে। তিনিটা বিষয় আছে, যি কেতিয়াও সন্তুষ্ট নহয়, চতুৰ্থ বিষয়ে কেতিয়াও নকয় “যথেষ্ট হ’ল”

প্ৰকাশিত বাক্য 11:1-19
1. পাছত লাখুটিৰ নিচিনা এডাল নল মোক দিয়া হ’ল; আৰু মোক কোৱা হ’ল, “উঠা, তুমি ঈশ্বৰৰ মন্দিৰ, যজ্ঞবেদি আৰু সেইবোৰক প্ৰণিপাত কৰা সকলক জোখা।
2. কিন্তু মন্দিৰৰ বাহিৰৰ চোতাল বাদ দিবা, তাক নুজুখিবা; কিয়নো তাক অনা-ইহুদী সকলক দিয়া হ’ল৷ তাতে তেওঁলোকে দুকুৰি দুমাহলৈকে পবিত্ৰ নগৰ গচকিব।
3. মোৰ দুজন সাক্ষীক মই ক্ষমতা দিম; তাতে তেওঁলোকে মৰাপাতৰ চট পিন্ধি, এহেজাৰ দুশ ষাঠি দিন ভাবোক্তি প্ৰচাৰ কৰিব।”
4. তেওঁলোকৰ পৃথিৱীৰ প্ৰভুৰ আগত থিয় হৈ থকা দুজোপা জলফাই গছ আৰু দুটা দীপাধাৰ স্বৰূপ।
5. তেওঁলোকক কোনোৱে যদি অনিষ্ট কৰিব খোজে, তেনেহলে তেওঁলোকৰ মুখৰ পৰা জুই ওলায় আৰু তেওঁলোকৰ শত্ৰুবোৰক গ্ৰাস কৰে৷ কোনোৱে যদি তেওঁলোকক অনিষ্ট কৰিব খুজিব, তেনেহলে একেদৰে তেওঁ হত হ’ব লাগিব।
6. তেওঁলোকে ভাববাণী কোৱা দিনত যেন বৰষুণ নবৰ্ষে, আকাশক বন্ধ কৰিবলৈ তেওঁলোকৰ এনে ক্ষমতা আছে; আৰু যিমান বাৰ পানীক তেজ কৰিবলৈ আৰু সকলো উৎপাতেৰে পৃথিৱীক আঘাত কৰিবলৈ তেওঁলোকে ইচ্ছা কৰিব, সিমান বাৰ তেনে কৰিবলৈ তেওঁলোকৰ ক্ষমতা আছে।
7. তেওঁলোকে যেতিয়া নিজ সাক্ষ্য সমাপ্ত কৰিব, তেতিয়া সেই অগাধ ঠাইৰ পৰা পশু উঠি আহিব, সি তেওঁলোকৰ সৈতে যুদ্ধ কৰি জয় কৰিব।
8. তাতে চদোম আৰু মিচৰ এই আত্মিক নাম থকা যি নগৰত তেওঁলোকৰ প্ৰভুক ক্রুচত দিয়া হ’ল, সেই মহা-নগৰৰ আলিতে তেওঁলোকৰ মৰা শৱ পৰি থাকিব।
9. নানা লোক, ফৈদ, ভাষা আৰু সকলো জাতিৰ লোকে চাৰে তিনি দিনলৈকে তেওঁলোকৰ সেই শৱ চাই থাকিব, তেওঁলোকৰ শৱ মৈদামত থবলৈ অনুমতি নিদিব।
10. আৰু পৃথিৱী নিবাসী সকলে তেওঁলোকৰ ওপৰত আনন্দিত হৈ ৰং কৰিব আৰু ইজনে সিজনলৈ উপহাৰ পঠাব; কিয়নো সেই দুজনে পৃথিৱী নিবাসী সকলক যাতনা দিছিল।
11. চাৰে তিনি দিনৰ পাছত তেওঁলোকত ঈশ্বৰৰ পৰা জীৱ আত্মা সোমোৱাত, তেওঁলোক আৰু মোৰ দুজন সাক্ষীক মই ক্ষমতা দিম; তেওঁলোকে নিজ নিজ ভৰিৰে থিয় হ’ল; তাতে যি সকলে তেওঁলোকক চাই আছিল, তেওঁলোকৰ অতিশয় ভয় লাগিল।
12. পাছত তেওঁলোকে নিজলৈ কোৱা এই মহা আকাশ-বাণী শুনিলে, “ইয়ালৈ তোমালোক উঠি আহা”! তাতে তেওঁলোক মেঘ-ৰথত স্বৰ্গলৈ উঠি গ’ল; আৰু তেওঁলোকৰ শত্ৰু সকলে তেওঁলোকলৈ চাই আছিল৷
13. সেই ক্ষণতে বৰ ভুমিকম্প হ’ল; তাতে নগৰৰ দহ ভাগৰ এভাগ পৰিল৷ সেই ভুমিকম্পৰ দ্বাৰাই প্ৰায় সাত হাজাৰ লোক হত হ’ল; আৰু অৱশিষ্ট সকলে ভয়ত স্বৰ্গৰ ঈশ্বৰৰ মহিমা স্বীকাৰ কৰিলে।
14. এই দ্বিতীয় সন্তাপ হৈ গ’ল, চোৱা! তৃতীয় সন্তাপ বেগাই আহিছে।
15. পাছত সপ্তম দূতে তুৰী বজাওঁতে, স্বৰ্গত এইবোৰ মহা-বাণী হ’ল, বোলে, “এই জগতৰ ৰাজ্য, আমাৰ প্ৰভুৰ আৰু তেওঁৰ খ্ৰীষ্টৰ হ’ল৷ আৰু তেওঁ চিৰকাল ৰাজশাসন কৰিব”।
16. আৰু ঈশ্বৰৰ আগত নিজ নিজ সিংহাসনত বহি থকা সেই চৌবিশ জন পৰিচাৰকে উবুৰি হৈ পৰি, ঈশ্বৰক প্ৰণিপাত কৰি,
17. তেওঁলোকে ক’লে, “হে বৰ্ত্তমান, ভূত আৰু সৰ্ব্বশক্তিমান প্ৰভু পৰমেশ্বৰ, আমি তোমাৰ ধন্যবাদ কৰোঁ; কিয়নো তুমি নিজ পৰাক্ৰম লৈ, ৰাজত্ব গ্ৰহণ কৰিলা।
18. আৰু অনা-ইহুদী সকলৰ খং উঠিছিল, কিন্তু তোমাৰ ক্ৰোধ উপস্থিত হ’ল আৰু মৃত সকলৰ সোধ-বিচাৰৰ আৰু তোমাৰ দাস ভাববাদী সকলক, পবিত্ৰ লোক সকলক আৰু তোমাৰ নামত ভয় কৰা সৰু বৰ সকলোকে পুৰস্কাৰ দিয়াৰ আৰু পৃথিৱী নাশকবোৰক নাশ কৰিবৰ সময় উপস্থিত হ’ল।”
19. পাছত স্বৰ্গত থকা ঈশ্বৰৰ মন্দিৰৰ দুৱাৰ যেতিয়া মুকলি কৰা হ’ল; তেতিয়া তেওঁৰ বিধানৰ নিয়ম-চন্দুক দেখা গ’ল৷ তাতে বিজুলী, গাজনি, মেঘ-গৰ্জ্জন, ভুমিকম্প আৰু মহা-শিলাবৃষ্টি হ’ল।