A A A A A

দানিয়েল 7:1-28
1. বাবিলৰ ৰজা বেলচচৰ ৰাজত্বৰ প্ৰথম বছৰত, দানিয়েলে শুই থকা সময়ত সপোন আৰু দৰ্শন পালে। তেতিয়া তেওঁ সপোনত দেখা বিষয়বোৰ আৰু অতি গুৰুত্বপূৰ্ণ ঘটনাবোৰ লিখিলে।
2. দানিয়েলে ব্যাখ্যা কৰিলে যে, “মই ৰাতি দৰ্শনত দেখিলোঁ যে, আকাশৰ চাৰিও দিশৰ পৰা প্ৰচণ্ড বতাহ আহি মহাসমূদ্রৰ ওপৰত মন্থন হৈ আছিল।
3. সমুদ্ৰৰ পৰা চাৰিটা প্রকাণ্ড জন্তু ওলাই আহিল; আৰু সিহঁতৰ প্রত্যেকটো জন্তুৱেই পৃথক আছিল।
4. প্ৰথমটো সিংহৰ দৰে, কিন্তু কুৰৰ পক্ষীৰ ডেউকাৰ দৰে তাৰ ডেউকা আছিল; মই চাই থাকোঁতে, তাৰ ডেউকা দুখন তাৰ পৰা বিচ্ছিন্ন কৰা হৈছিল; আৰু মানুহৰ দৰে সি দুখন ভৰিত থিয় হৈছিল, তাক মানুহৰ হৃদয় দিয়া হৈছিল।
5. তাৰ পাছত দ্বিতীয়টো জন্তু ভালুকৰ দৰে, সি এফালৰ ভৰিৰে ভৰ দি উঠিল, তাৰ মুখৰ আৰু দাঁতৰ মাজত তিনি ডাল কামীহাড় আছিল; আৰু তাক কোৱা হৈছিল, উঠ আৰু বহুতো মানুহক খাই শেষ কৰ।
6. তাৰ পাছত মই পুনৰ চালোঁ। তাত আন এটা জন্তু আছিল, সি নাহৰফুটুকী বাঘৰ দৰে। তাৰ পিঠিত চৰাইৰ ডেউকাৰ দৰে চাৰিখন ডেউকা আছিল, আৰু সেই জন্তুৰ চাৰিটা মূৰ আছিল; তাক শাসনভাৰ দিয়া হৈছিল।
7. তাৰ পাছত মই ৰাতি সপোনত চতুৰ্থ জন্তুটো দেখিলোঁ; সি আতঙ্কজনক, ভয়ঙ্কৰ, আৰু অতিশয় শক্তিমান আছিল। তাৰ ডাঙৰ ডাঙৰ লোহাৰ দাঁত আছিল; সি ডোখৰ ডোখৰকৈ ভাঙি খাইছিল, আৰু অৱশিষ্টবোৰ ভৰিৰে গচকিছিল। আন জন্তুবোৰতকৈ সি বেলেগ, আৰু তাৰ দহটা শিং আছিল।
8. মই সেই শিঙবোৰলৈ মন কৰি থাকোতেই, মই দেখিলোঁ যে সেইবোৰৰ মাজৰ পৰা আন এটা সৰু শিং গজি ওলাইছে। পূৰ্বৰ শিংবোৰৰ তিনিটা শিং গুৰিৰ পৰা উঘলা হৈছিল; আৰু সেই শিংটোত মানুহৰ চকুৰ দৰে দুটা চকু, আৰু গৰ্ব্ব কৰি ডাঙৰ ডাঙৰ কথা কোৱা এখন মুখ আছিল।
9. মই দেখিলোঁ যে, সেই ঠাইত সিংহাসনবোৰ স্থাপন কৰা হৈছিল, আৰু প্রাচীন কালে তেওঁ ৰ আসনত বহিলে; তেওঁৰ বস্ত্ৰ হিমৰ দৰে বগা আছিল, আৰু তেওঁৰ মুৰৰ চুলি বিশুদ্ধ ঊণৰ দৰে আছিল; তেওঁৰ সিংহাসন অগ্নিশিখাৰ আছিল, আৰু তাৰ চক্ৰবোৰ জলন্ত জুইৰ আছিল।
10. তেওঁৰ সন্মুখেৰে এখন অগ্নিৰ নৈ বৈ গৈছিল; হাজাৰ হাজাৰে তেওঁৰ পৰিচৰ্যা কৰিছিল, আৰু অযুত অযুত দূতে তেওঁৰ আগত থিয় হৈছিল; ন্যায়ালয়ৰ সভা বহিছিল, আৰু পুথিবোৰ খোলা আছিল।
11. মই একেৰাহে চাই আছিলোঁ, কাৰণ সেই গৰ্ব্বৰ কথাবোৰ সেই শিঙটোৱে কৈ আছিল। মই চালোঁ সেই জন্তুটো যেতিয়া বধ কৰা হৈছিল, আৰু তাৰ শৰীৰ ধ্বংস কৰা হৈছিল; তেতিয়া তাক অগ্নিশিখাত পেলাই দিয়া হৈছিল।
12. বাকী থকা চাৰিটা জন্তুৰ শাসন কৰা ক্ষমতা সিহঁতৰ পৰা কাঢ়ি লোৱা হৈছিল; কিন্তু সিহঁতৰ জীৱন কিছুসময়ৰ বাবে বঢ়াই দিয়া হৈছিল।
13. মই সেই দর্শনত, আকাশৰ ডাৱৰৰ সৈতে মানুহৰ পুত্রৰ দৰে এজনক অহা দেখিলোঁ; তেওঁ প্রাচীন জনৰ ওচৰলৈ আহিল আৰু তেওঁৰ সন্মুখত উপস্থিত হৈছিল।
14. তেওঁক শাসন ক্ষমতা, মহিমা, আৰু ৰাজকীয় পৰাক্রম দিয়া হ’ল; সেয়ে সকলো দেশৰ লোক, আৰু সকলো ভাষাৰ লোকে তেওঁৰ পৰিচৰ্যা কৰা উচিত। তেওঁৰ শাসন ক্ষমতা চিৰকাললৈকে থকা ক্ষমতা, সেয়ে কেতিয়াও লুপ্ত নহব; আৰু তেওঁৰ ৰাজ্য এনেকুৱা যে, সেই ৰাজ্য কেতিয়াও ধ্বংস নহ’ব।
15. মই যি দানিয়েল, মোৰ ভিতৰত মোৰ আত্মাই কষ্ট পাইছিল, আৰু মোৰ মানসিক দৰ্শনে মোক ব্যাকুল কৰিছিল।
16. তাৰ পাছত মই থিয় হৈ থকাসকলৰ মাজৰ এজন ৰ ওচৰলৈ গ’লো, আৰু এই সকলো বিষয়ৰ অর্থ দেখুৱাবলৈ তেওঁক কলোঁ।
17. এই প্রকাণ্ড জন্তু চাৰিটা হ’ল, পৃথিৱীৰ পৰা আহিব লগা চাৰিজন ৰজা।
18. কিন্তু সৰ্ব্বোপৰি ঈশ্বৰৰ পবিত্ৰ লোকসকলে ৰাজ্যভাৰ পাব, আৰু যুগে যুগে অনন্ত কাললৈকে ৰাজত্ব ভোগ কৰিব।
19. তাৰ পাছত মই চতুর্থ জন্তুটোৰ বিষয়ে অধিক জানিবলৈ বিচাৰিলো, ই আন সকলোতকৈ বেলেগ আছিল। ই লোহাৰ দাঁত আৰু পিতলৰ নখৰ সৈতে অতি ভয়ানক আছিল, ই ডোখৰ ডোখৰ কৰি খাইছিল আৰু অৱশিষ্টবোৰ ভৰিৰে গচকিছিল।
20. তাৰ মুৰত থকা দহোটা শিঙ আৰু তিনিটা শিং উঘলাৰ পূৰ্বে গজা আনটো শিঙৰ বিষয়ে মই জানিব বিচাৰিছিলোঁ। চকু থকা, গর্বৰ কথা কোৱা মুখ থকা আৰু নিজৰ সঙ্গীসকলকৈ অধিক গৰ্ব্বী দেখুউৱা শিংটোৰ বিষয়ে মই জানিব বিচাৰিছিলোঁ।
21. মই চাই থাকোঁতে দেখিলোঁ যে, প্রাচীন কালত তেওঁ থকাৰ দৰে, সৰ্ব্বোপৰি ঈশ্বৰৰ পবিত্ৰ লোকসকলক ন্যায়বিচাৰ দিয়া, পবিত্ৰ লোকসকলে ৰাজ্যৰ অধিকাৰী হোৱা সময় আহিল,
22. সেই শিংটোৱে পবিত্ৰ লোকসকলৰ লগত যুদ্ধ কৰিলে আৰু তেওঁলোকক পৰাজয় কৰিলে।
23. সেই পুৰুষজনে চতুর্থ জন্তুটোৰ বিষয়ে কোৱা কথা এয়া, এয়ে পৃথিৱীৰ চতুৰ্থ ৰাজ্য হ’ব, বাকী সকলো আন ৰাজ্যতকৈ এই ৰাজ্য পৃথক হ’ব, এই ৰাজ্যই সমগ্র পৃথিৱীক গ্ৰাস কৰিব, ই ভৰিৰে গচকিব, আৰু ডোখৰ ডোখৰ কৰি ভাঙিব।
24. সেই দহটা শিঙৰ অৰ্থ এই, সেই ৰাজ্যৰ পৰা দহ জন ৰজা উৎপন্ন হ’ব; তেওঁলোকৰ পাছত আন এজন ৰজা উৎপন্ন হ’ব; তেওঁ আগৰ জনতকৈ পৃথক হ’ব, আৰু তেওঁ তিনিও জন ৰজাক জয় কৰিব।
25. তেওঁ সৰ্ব্বোপৰি জনাৰ বিৰুদ্ধে কথা ক’ব, আৰু সৰ্ব্বোপৰি ঈশ্বৰৰ পবিত্ৰ জনক তাড়না কৰিব, তেওঁ পর্ব আৰু বিধান সলনি কৰিবলৈ চেষ্টা কৰিব। আৰু এক কাল, দুই কাল আৰু আধা কাল ৰ বাবে এই সকলো তেওঁৰ হাতত শোধাই দিয়া হ’ব।
26. কিন্তু ন্যায়ালয়ৰ সভা বহিব; আৰু তেওঁলোকে তেওঁৰ পৰা ৰাজকীয় পৰাক্রম কাঢ়ি ল’ব; শেষত গ্রাস কৰা হ’ব, আৰু ধ্বংস কৰা হ’ব।
27. ৰাজ্য আৰু ৰাজশাসন, আৰু গোটেই আকাশ মণ্ডলৰ তলত থকা ৰাজ্যবোৰৰ মহিমা, যিসকল লোক সৰ্ব্বোপৰি পবিত্র ঈশ্বৰৰ সেই লোকসকলক দিয়া হ’ব; তেওঁৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য, আৰু আন সকলো ৰাজ্যই তেওঁক সেৱা কৰিব, আৰু তেওঁক মানি চলিব।
28. এইখিনিতে সেই বিষয় সমাপ্ত হ’ল। দানিয়েল যি মই, মোৰ চিন্তাই মোক অতিশয় ব্যাকুল কৰিলে, আৰু মোৰ মুখ বিবৰ্ণ হল; কিন্তু মই মোৰ নিজৰ মনতে সেই বিষয়সমূহ সাঁচি ৰাখিলোঁ।”

দানিয়েল 8:1-27
1. বেলচচৰ ৰজাৰ ৰাজত্বৰ তৃতীয় বছৰত, প্ৰথমে পোৱা দৰ্শনৰ পাছত মই দানিয়েলে আন এটা দৰ্শন দেখিলোঁ।
2. মই সেই দৰ্শনত দেখিলোঁ যে, মই এলম প্ৰদেশৰ চুচন ৰাজকোঁঠত আছিলোঁ; আৰু সেই দৰ্শনত দেখিলোঁ যে মই উলয় নদীৰ পাৰত আছিলোঁ।
3. তেতিয়া মই চকু তুলি চালোঁ যে, নদীৰ সন্মুখত দুটা শিং থকা এটা মতা মেৰ-ছাগ থিয় হৈ আছিল; এটা শিং আনটো শিঙতকৈ দীঘল আছিল; কিন্তু দীঘল শিংটো ছুটি শিঙতকৈ অধিক লাহে লাহে বাঢ়িছিল সেয়ে ছুটি শিংটো দীঘল শিঙতকৈ বাঢ়ি উঠিল।
4. মই দেখিলোঁ সেই মেৰ-ছাগে পশ্চিম, উত্তৰ, আৰু দক্ষিণ ফাললৈ খুন্দিয়াই আছিল; তাৰ আগত আন কোনো জন্তু থিয় হ’ব নোৱাৰিলে। তাৰ হাতৰ পৰা উদ্ধাৰ কৰিব পৰা তেওঁলোকৰ মাজত কোনো নাছিল; তাৰ যি ইচ্ছা গৈছিল তাকে কৰি অাছিল, আৰু সি পৰাক্রমী হৈ উঠিছিল।
5. এই বিষয়ে চিন্তা কৰি থাকোতে মই দেখিলোঁ যে, পশ্চিম ফালৰ পৰা এটা মতা ছাগলী গোটেই পৃথিৱীৰ ওপৰেদি মাটিত ভৰি নিদিয়াকৈ বেগেৰে দৌৰি আহি আছিল। সেই ছাগলীৰ চকু দুটাৰ মাজত এটা ডাঙৰ শিং আছিল।
6. দুটা শিং থকা মতা মেৰ-ছাগৰ ওচৰত সেই ছাগলীটো আহিছিল, আৰু মই মেৰ-ছাগটোক নদীৰ সন্মুখত থিয় হৈ থকা দেখিছিলোঁ। সেই ছাগলীটোৱে দৌৰি মেৰ-ছাগৰ ওচৰলৈ গৈ, তাৰ প্ৰচণ্ড ক্ৰোধত তাক আক্ৰমণ কৰিছিল।
7. মই ছাগলীটোক মেৰ-ছাগটোৰ ওচৰলৈ অহা দেখিলোঁ। তাৰ মেৰ-ছাগটোৰ ওপৰত অতিশয় খং উঠিছিল, আৰু সি মেৰ-ছাগক খুন্দা মাৰি তাৰ শিং দুটা ভাঙি দিলে। তাৰ আগত থিয় হৈ থাকিবলৈ সেই মেৰ-ছাগৰ আৰু শক্তি নাছিল। সেই ছাগলীটোৱে মেৰ-ছাগটোক মাটিত পেলাই ভৰিৰে গচকিলে, সেই ঠাইত ছাগলীটোৰ হাতৰ পৰা ভেড়াটোক উদ্ধাৰ কৰিব পৰা কোনো নাছিল।
8. তাৰ পাছত সেই ছাগলীটো অতিশয় ডাঙৰ হ’ল; কিন্তু সি যেতিয়া বলৱান হ’ল তাৰ ডাঙৰ শিংটো ভাগি গ’ল, আৰু তাৰ সলনি আকাশৰ চাৰিদিশৰ বতাহৰ ফালে চাৰিটা ডাঙৰ শিং গজি উঠিল।
9. সেইবোৰৰ মাজৰ এটা শিঙৰ পৰা আন এটা শিং গজিল; প্রথমে শিংটো সৰু আছিল, কিন্তু পাছত দক্ষিণ, পূব আৰু ইস্রায়েলৰ ঐশ্বৰ্যময় দেশৰ ফাললৈ অতিশয় বৃদ্ধি পালে।
10. সি ইমান ডাঙৰ হ’ল যে, স্বৰ্গৰ বাহিনীসকলৰ সৈতে যুদ্ধ কৰিবলৈ ল’লে। বাহিনীসকলৰ কিছুমানক আৰু তৰা কিছুমানক মাটিত পেলাই ভৰিৰে গচকিলে।
11. সি ডাঙৰ হ’ল এনে কি, সি বাহিনীসকলৰ স্বৰ্গীয় অধিপতিৰ দৰে ডাঙৰ হ’ল। সি তেওঁৰ পৰা নিত্য বলিদান কাঢ়ি লৈছিল, আৰু তেওঁৰ পবিত্র স্থান দূষিত কৰিছিল।
12. দুষ্টতাৰ কাৰণে বাহিনীসকলক তাৰ ওপৰত দিয়া হ’ল, আৰু হোম বলি বন্ধ কৰা হ’ল। এইদৰে সকলো সত্যতাক ভূ-লুণ্ঠিত কৰিলে; আৰু যি কৰিলে তাত কৃতকাৰ্য হ’ল।
13. তাৰ পাছত মই পবিত্ৰ জনাক কোৱা শুনিলোঁ; আৰু আন পবিত্র জনক উত্তৰ দিয়া শুনিলোঁ, “কিমান দিনলৈ এই সকলো থাকিব, এই দৰ্শন হোম বলিৰ বিষয়ে নে, পাপে সেই ধ্বংস আনিব নে, পবিত্র স্থানৰ ওপৰত হাত দিয়া হ’ব নে, আৰু স্বৰ্গীয় বাহিনীসকলক গচকা হ’ব নে?”
14. তেওঁ মোক ক’লে, “এই সকলো দুই হাজাৰ তিনিশ সন্ধিয়া আৰু পুৱালৈকে থাকিব; তাৰ পাছত সেই পবিত্র স্থান শুচি কৰা হ’ব।”
15. মই দানিয়েলে যেতিয়া এই দৰ্শন পাইছিলোঁ, তেতিয়া মই তাক বুজিবলৈ চেষ্টা কৰিছিলোঁ; আৰু সেই ঠাইত মানুহৰ দৰে এজন লোক মোৰ সম্মুখত থিয় হৈছিল।
16. উলয় নদীৰ মাজৰ পৰা মই এজন মানুহৰ মাত শুনিলোঁ; তেওঁ ক’লে, “হে গাব্ৰিয়েল, সেই মানুহজনক এই দৰ্শন বুজিবলৈ সহায় কৰা।”
17. তাতে মই থিয় হৈ থকা ঠাইৰ ওচৰলৈ তেওঁ আহিল। তেওঁ যেতিয়া আহিল, মই শঙ্কিত হলোঁ, আৰু মাটিত উবুৰি হৈ পৰিলোঁ। তেওঁ মোক ক’লে, “হে মানুহৰ সন্তান, বুজি লোৱা, কিয়নো এই দৰ্শন শেষৰ সময়ৰ বিষয়ে।”
18. তেওঁ মোৰ লগত কথা পাতি থাকোঁতে, মই মাটিত উবুৰি হৈ পৰি ঘোৰ নিদ্ৰা গলোঁ; তেতিয়া তেওঁ মোক স্পৰ্শ কৰিলে আৰু মোক থিয় কৰালে।
19. তেওঁ ক’লে, “চোৱা, ক্ৰোধৰ শেষ সময়ত যি ঘটিব, তাক মই তোমাক দেখুৱাম; কাৰণ এই দৰ্শন শেষৰ নিৰূপিত সময়ৰ বাবে।
20. দুটা শিং থকা যি মেৰ-ছাগ তুমি দেখিছিলা, সি মাদিয়া আৰু পাৰস্যৰ ৰজা দুজনক বুজাইছে।
21. আৰু সেই মতা ছাগলীটো গ্রীচৰ ৰজা; আৰু তাৰ চকু দুটাৰ মাজত থকা ডাঙৰ শিংটো প্ৰথম ৰজা।
22. আৰু সেয়ে ভাঙি যোৱা শিঙৰ ঠাইত তাৰ সলনি আন চাৰিটা শিং গজি উঠাৰ অৰ্থ এই, তেওঁৰ দেশৰ পৰা চাৰিখন ৰাজ্য উৎপন্ন হ’ব, কিন্তু তেওঁৰ পৰাক্ৰমৰ সৈতে নহ’ব।
23. সেই ৰাজ্যবোৰৰ শেষৰ সময়ত, পাপীসকলে যেতিয়া সীমা চেৰাব, তেতিয়া কঠোৰ চেহেৰা থকা, এজন অতি বুদ্ধিয়ক ৰজা উৎপন্ন হ’ব;
24. তেওঁ পৰাক্রম মহান, কিন্তু নিজৰ পৰাক্রমেৰে নহয়। তেওঁৰ কাৰণে ধ্বংস আহিব, আৰু তেওঁ যি কৰিব তাতে কৃতকাৰ্য হ’ব। তেওঁ পবিত্ৰ পৰাক্রমী লোকসকলক ধ্বংস কৰিব।
25. তেওঁৰ শিল্পকৰ্মৰ দ্বাৰাই তেওঁ নিজৰ হাতেৰে মিছা উন্নতি সিদ্ধ কৰিব, এনে কি, তেওঁ নিজৰ ৰজাৰো ৰজাৰ বিৰুদ্ধে উঠিব, আৰু তেওঁক ভঙা হ’ব; কিন্তু মানুহৰ শক্তিৰে নহয়।
26. সন্ধিয়া আৰু ৰাতিপুৱা বিষয়ৰ যি দৰ্শনৰ কথা কোৱা হ’ল, সেয়ে সত্য; কিন্তু এই দৰ্শন চাব মাৰি বন্ধ কৰা আছে; কিয়নো এয়ে ভৱিষ্যতৰ অনেক দিনবোৰক নিৰ্দেশ কৰা হৈছে।”
27. তাৰ পাছত মই দানিয়েলে মূৰ্চ্ছিত হৈ কিছু দিনলৈকে নৰিয়াত পৰি আছিলোঁ। তাৰ পাছত মই উঠিলোঁ, আৰু ৰজাৰ ব্যৱসায়লৈ গলো; কিন্তু সেই দৰ্শনৰ বাবে মই হতভম্ব হৈছিলোঁ, আৰু সেই ঠাইত সেই দৰ্শন বুজি পোৱা কোনো এজনো নাছিল।

সামসঙ্গীত 137:1-6
1. যেতিয়া আমাৰ চিয়োনলৈ মনত পৰিছিল, তেতিয়া বাবিলৰ নদীবিলাকৰ তীৰত বহি আমি কান্দিছিলোঁ।
2. সেই ঠাইৰ মাজত থকা বাইচি গছত, আমি আমাৰ বীণাবোৰ আৰি থৈছিলোঁ।
3. কিয়নো তাত আমাক বন্দী কৰি নিয়াসকলে আমাক গান গাবলৈ কৈছিল, সেই উপদ্রৱকাৰীবোৰে আমাৰ পৰা আনন্দৰ গান শুনিবলৈ বিচাৰিছিল; তেওঁলোকে কৈছিল, “আমাৰ আগত চিয়োনৰ এটি গীত গোৱা।”
4. আমি কেনেকৈ বিদেশী ভূমিত যিহোৱাৰ গীত-গান কৰিম?
5. হে যিৰূচালেম, মই যদি তোমাক পাহৰোঁ, তেন্তে মোৰ সোঁ হাতৰ দক্ষতা যেন নিজে অকামিলা হৈ যায়।
6. যদি মই তোমাক সোঁৱৰণ নকৰোঁ, যদি যিৰূচালেমক মোৰ সবাতোকৈ বেচি আনন্দৰ বিষয় বুলি নাভাৱো, তেতিয়া মোৰ জিভা তালুত লাগি ধৰক।

প্রবচন 29:14-14
14. যদি ৰজাই সত্যতাৰে দৰিদ্ৰ লোকৰ বিচাৰ কৰে, তেতিয়া তেওঁৰ সিংহাসন চিৰকালৰ বাবে প্রতিষ্ঠিত হয়।

২ পিতৰ 3:1-18
1. হে প্ৰিয় সকল, মই আপোনালোকলৈ লিখা এইখন দ্বিতীয় পত্ৰ; এই উভয়ৰ দ্বাৰাই সোঁৱৰণ কৰাই আপোনালোকৰ নিৰ্মল মনক চেতনা দিছোঁ;
2. পবিত্ৰ ভাৱবাদী সকলে পূৰ্বতে কোৱা কথাবোৰ আৰু আপোনালোকৰ পাঁচনি সকলে পোৱা ত্ৰাণকৰ্তা প্ৰভুৰ আজ্ঞা আপোনালোকে যেন সোঁৱৰণ কৰে, তাৰ বাবে এই পত্ৰ লিখিছোঁ।
3. প্ৰথমে ইয়াকে জানিব যে, শেষ-কালত বিদ্ৰূপত আসক্ত বিদ্ৰূপকাৰী লোকবোৰ উপস্থিত হ’ব; তেওঁলোকে নিজ নিজ কু-অভিলাষ অনুসাৰে চলিব৷
4. তেওঁলোকে ক’ব, “আমাৰ পিতৃৰ আগমণৰ প্ৰতিজ্ঞা কি হ’ল? কাৰণ আমি জানো আমাৰ পিতৃপুৰুষ মৰাৰ সময়ৰ পৰা, এনে কি সৃষ্টিৰ অাদিৰে পৰা একেদৰেই ঘটি আছে৷”
5. কাৰণ তেওঁলোকে পুর্বে কি ঘটিছিল তাক স্মৰণ নকৰি পাহৰি গ’ল৷ প্ৰথমে যে আকাশমণ্ডল জলৰ পৰা আৰু জলৰ দ্বাৰাই পৃথিৱী আৰু ঈশ্বৰৰ মুখৰ বাক্যৰ দ্বাৰাই সকলো সৃষ্টি হ’ল৷
6. আৰু এই সময়তেই ঈশ্বৰৰ বাক্যৰ দ্বাৰাই জগত জলপ্লাবিত হৈ বিনষ্ট হৈছিল;
7. একে বাক্যৰ গুণে বৰ্তমান এই কালৰ আকাশমণ্ডল আৰু পৃথিৱী জুইৰ দ্বাৰাই ধ্বংস হবলৈ সংৰক্ষণ হৈছে, এইদৰে ভক্তিহীন মানুহবোৰো বিচাৰ আৰু বিনাশ হোৱাৰ দিনলৈকে ৰক্ষিত হৈ অাছে৷
8. কিন্তু, প্ৰিয় সকল, আপোনালোকে এই কথা নাপাহৰিব যে ঈশ্বৰৰ আগত এদিনেই হাজাৰ বছৰৰ নিচিনা আৰু হাজাৰ বছৰেই এদিনৰ নিচিনা।
9. প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথাত তেনে পলম নকৰে; কোনোৱে যদি পলম কৰা বুলি ভাবে, এনে নহয় ঈশ্বৰে কোনো এজনো যাতে বিনষ্ট নহয়, কিন্তু সকলোৱে যেন মন-পালটন কৰে সেয়ে তেওঁ আমাৰ কাৰণে ধৈর্য ধৰি আছে৷
10. কিন্তু চোৰৰ অহাৰ দৰে প্ৰভুৰ দিন আহিব, সেইদিনা আকাশমণ্ডল ডাঙৰ শব্দ কৰি গুচি যাব৷ আকাশৰ সকলো বস্তু জুইত জ্বলি ধ্বংস হব; পৃথিৱী আৰু তাৰ সকলো বস্তু পোৰা যাব।
11. এইদৰে আটাইবোৰ ধ্বংস হবলৈ যোৱা দেখি, আপোনালোকে চিন্তা কৰকচোন, পবিত্ৰ ভক্তি আৰু আচাৰ-ব্যৱহাৰৰ যোগেদি আপোনালোক কেনেকুৱা লোক হোৱা উচিত?
12. পৰম আগ্ৰহেৰে ঈশ্বৰৰ সেই দিনৰ অপেক্ষাত থকা কাৰণে আকাশমণ্ডল পুৰি লয়প্ৰাপ্ত হ’ব আৰু মূলবস্তুবোৰ দগ্ধ হৈ গলি যাব।
13. কিন্তু তেওঁৰ প্ৰতিজ্ঞাৰ দৰে, আমি নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱীলৈ অপেক্ষা কৰি আছোঁ; সেইবোৰত ধাৰ্মিকতা নিবাস কৰে।
14. এতেকে, হে প্ৰিয় সকল, আপোনালোকে এই সকলো ঘটনা ঘটিব বুলি অপেক্ষা কৰি আছে, সেয়েহে আপোনালোকে যেন ঈশ্বৰৰ লগত নিষ্কলঙ্ক আৰু নিৰ্দোষী হৈ শান্তিৰে থাকিব পাৰে, তাৰ কাৰণে যত্ন কৰক।
15. মনত ৰাখিব, আমাৰ ঈশ্বৰৰ দীৰ্ঘ-সহিষ্ণুতাই আপোনালোকক পৰিত্রাণৰ সময় দিছে; এইদৰে আমাৰ প্ৰিয় ভাই পৌলেও ঈশ্বৰে দিয়া জ্ঞান অনুসাৰে আপোনালোকলৈ লিখিলে;
16. আৰু এইবোৰ বিষয়ৰ প্ৰসঙ্গ কৰি সকলো পত্ৰত লিখিলে; কোনো কোনো ঠাইত বুজিবলৈ টান কথা আছে; অজ্ঞ আৰু বিশ্বাসত দুর্ব্বল মানুহবোৰে শাস্ত্ৰৰ অন্যান্য কথাৰ যেনেকৈ বিকৃত অর্থ কৰে, তেনেকৈ পৌলৰ কথাৰ বিকৃত অর্থ কৰি নিজকেই বিনাশৰ পথত লৈ যায়।
17. এতেকে, হে প্ৰিয় সকল, আপোনালোকে এই সকলো বিষয় আগেয়ে জানি সাৱধানে থাকক, আপোনালোক অনৈতিক কাৰ্য কৰা লোকৰ ভ্ৰান্তি পথত নাযাব, নিজ বিশ্বাসৰ স্থিৰতাৰ পৰা যেন পতিত নহয়, এই কাৰণে সাৱধানে থাকক।
18. আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ অনুগ্ৰহত আৰু জ্ঞানত বাঢ়ি বাঢ়ি যাওঁক। এতিয়া আৰু চিৰকাললৈকে তেওঁৰ মহিমা হওক। আমেন।