A A A A A

আমোস 8:1-14
1. প্ৰভু যিহোৱাই, মোক পুনৰ এটা দর্শন দেখুৱালে: তেওঁ মোক এপাচি পকা ফল দেখুৱালে।
2. তেওঁ ক’লে, “আমোচ তুমি কি দেখা পাইছা?” মই কলোঁ, “এপাচি পকা ফল ।” তেতিয়া যিহোৱাই মোক ক’লে, “মোৰ প্ৰজা ইস্ৰায়েলৰ শেষ সময় উপস্থিত হৈছে: মই তেওঁলোকক কেতিয়াও পুনৰ ক্ষমা নকৰিম।
3. প্ৰভু যিহোৱাই কৈছে, “সেইদিনা ৰাজকীয়-মন্দিৰৰ গানবোৰ বিলাপৰ ধ্বনি হ’ব; মৰা-শৱ অনেক হ’ব; সেইবোৰ নীৰৱে পেলোৱা হ’ব। “মনে মনে থাকা!”
4. তোমালোক যিসকলে দৰিদ্ৰক ভৰিৰে গছকা আৰু দুখীয়াক নাশ কৰিছা, তোমালোকে এই কথা শুনা।
5. তোমালোকে কোৱা যে, “ন-জোনৰ উৎসৱ কেতিয়া শেষ হ’ব? “আমি পুনৰ শস্য বিক্রী কৰিবৰ বাবে, বিশ্ৰাম-দিন কেতিয়া শেষ হ’ব? আমি বজাৰত ঘেহুঁ বিক্রী কৰিবৰ বাবে, আমি ঐফা সৰু কৰিম, চেকেল বঢ়াম, আৰু অন্যায়ৰ তুলাচনী ব্যৱহাৰ কৰি প্ৰবঞ্চনা কৰিম।
6. ৰূপৰ বিনিময়ত দৰিদ্রক আৰু এযোৰ জোতাৰ বিনিময়ত অভাৱীক কিনি ল’ম। সাৰি পেলাই দিয়া ঘেহুঁ বিক্রী কৰিম।”
7. যাকোবৰ গৌৰৱৰ নামেৰে যিহোৱাই শপত খাই কৈছে, “মই নিশ্চয়ে তেওঁলোকে যি কাৰ্যবোৰ কৰিছে, তাৰ এটিকো কেতিয়াও নাপাহৰিম।”
8. ইয়াৰ বাবে জানো দেশ নকঁপিব? তাৰ মাজত বাস কৰা সকলোৱে জানো বিলাপ নকৰিব? গোটেই দেশখন নীল নদীৰ বন্যাৰ দৰে ওফন্দি উঠিব, অশান্ত হ’ব আৰু পুনৰ নামি যাব, ঠিক মিচৰৰ নদীখনৰ নিচিনাই হ’ব।
9. প্ৰভু যিহোৱাই এই কথা কৈছে: “সেই দিনা মই দুপৰীয়াতে সূৰ্যক অস্ত যাবলৈ দিম, দুপৰীয়াই পৃথিৱীক অন্ধকাৰ কৰিম।
10. মই তোমালোকৰ উৎসৱবোৰ শোকলৈ আৰু তোমালোকৰ সকলো গান বিলাপলৈ পৰিণত কৰিম; তোমালোক সকলোৰে কঁকালত শোকবস্ত্রৰ চট পিন্ধাম, প্ৰত্যেকৰ মূৰ টকলা হ’ব; একেটি পুত্ৰৰ বিয়োগৰ শোকৰ দৰে মই সেই সময়ক শোকলৈ পৰিণত কৰিম, আৰু শেষলৈকে এই তিক্ততাৰ দিন চলি থাকিব।
11. প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা, এনে দিন আহিছে, যেতিয়া মই দেশৰ মাজলৈ দুর্ভিক্ষ পঠাম; লোকে তেতিয়া অন্নৰ বাবে ক্ষুধিত অথবা পানীৰ বাবে তৃষ্ণাতুৰ নহ’ব। কিন্তু যিহোৱাৰ বাক্য শুনাৰ বাবে আকাল হ’ব।
12. লোকসকলে যিহোৱাৰ বাক্য বিচাৰি মৰু সাগৰৰ পৰা ভূমধ্য সাগৰলৈকে আৰু উত্তৰৰ পৰা পূবলৈকে ভ্ৰমণ কৰি ইফালে সিফালে ঘূৰি ফুৰিব। কিন্তু তাক নাপাব।
13. সেই সময়ত সুন্দৰী যুৱতী আৰু সুন্দৰ যুৱকসকল পিয়াহত মূর্চ্ছা যাব।
14. যিসকলে চমৰিয়াৰ পাপৰ শপত খাই কয়, ‘হে দান, তোমাৰ জীৱন্ত দেৱতাৰ শপত’ নাইবা কয়, ‘বেৰ-চেবাৰ দেৱতা ৰ শপত’ তেওঁলোক পতিত হ’ব; পুনৰায় কেতিয়াও নুঠিব।

আমোস 9:1-15
1. মই প্ৰভুক বেদীৰ ওচৰত থিয় হৈ থকা দেখিলোঁ। প্রভুৱে ক’লে, “স্তম্ভবোৰৰ শীর্ষস্থানত আঘাত কৰা যাতে তাৰ ভেঁটিবোৰ কঁপি উঠে। সেই ঠাইৰ সকলো লোকৰ মূৰৰ ওপৰত যাতে সেইবোৰ ডোখৰ ডোখৰকৈ ভাঙি পৰে আৰু যি সকল জীয়াই থাকিব, মই তেওঁলোকক তৰোৱালেৰে বধ কৰিম; তেওঁলোকৰ মাজৰ এজনেও পলাই যাব নোৱাৰিব; তেওঁলোকৰ মাজৰ এজনেও সাৰিব নোৱাৰিব।
2. তেওঁলোকে চিয়োলৰ গভীৰ পর্যন্তলৈ গাত খান্দি গ’লেও, মোৰ হাতে তাৰ পৰা তেওঁলোকক উলিয়াই আনিব। তেওঁলোকে আকাশ পর্যন্ত উঠিলেও, তাৰ পৰা মই তেওঁলোকক নমাই আনিম।
3. তেওঁলোকে কৰ্মিল পাহাৰৰ চূড়াত নিজকে লুকুৱাই ৰাখিলেও, তাৰ পৰা মই তেওঁলোকক বিচাৰি উলিয়াই ধৰি আনিম; তেওঁলোকে মোৰ দৃষ্টিৰ পৰা সাগৰৰ তলত গৈ লুকালেও, সেই ঠাইত তেওঁলোকক দংশন কৰিবলৈ মই নাগক আজ্ঞা দিম, তাতে সি তেওঁলোকক দংশন কৰিব।
4. শত্ৰুবোৰৰ দ্বাৰা তেওঁলোক বন্দী হৈ আন দেশলৈ গলেও, সেই ঠাইতো মই তেওঁলোকক বধ কৰিবলৈ তৰোৱালক আজ্ঞা দিম। মঙ্গলৰ কাৰণে নহয়, কিন্তু অমঙ্গলৰ কাৰণেহে মই তেওঁলোকৰ ওপৰত মোৰ দৃষ্টি ৰাখিম।
5. বাহিনীসকলৰ প্রভু যিহোৱাই দেশখনক চুলে, দেশ পমি যায়; তাত বাস কৰা সকলোৱে শোক কৰে। তেওঁৰ স্পর্শত গোটেই দেশ মিচৰৰ নীল নদীৰ দৰে বন্যাত ওফন্দি উঠে, তাৰ পাছত পুণৰায় নামি যায়।
6. তেওঁ আকাশ-মণ্ডলত নিজৰ উচ্চ কোঁঠালিবোৰ সাজিলে, আৰু পৃথিৱীৰ ওপৰত নিজৰ চন্দ্ৰতাপৰ দৰে আকাশ স্থাপন কৰিলে। তেওঁ সমুদ্ৰৰ জলক আহ্বান কৰি ভুমিৰ ওপৰত ঢালি দিয়ে। যি জনাই এই সকলো কৰে, তেওঁৰ নাম যিহোৱা।
7. যিহোৱাই কৈছে, “হে ইস্ৰায়েলৰ লোকসকল, তোমালোক জানো মোৰ ওচৰত কুচীয়া লোকসকলৰ নিচিনা নোহোৱা? মই জানো মিচৰ দেশৰ পৰা ইস্ৰায়েলক, কপ্তোৰৰ পৰা পলেষ্টীয়াসকলক আৰু কীৰৰ পৰা অৰামীয়াসকলক জানো উলিয়াই অনা নাই?
8. চোৱা, প্ৰভু যিহোৱাৰ দৃষ্টি অৱশ্যেই এই পাপপূৰ্ণ ৰাজ্যৰ ওপৰত আছে। পৃথিৱীৰ পৰা মই তাক উচ্ছন্ন কৰিম। তথাপিও মই যাকোবৰ বংশক সম্পূর্ণকৈ ধ্বংস নকৰিম।
9. মই এক আজ্ঞা দিম, চালনীত যেনেকৈ শস্য চলা হয়, তেনেকৈ সকলো জাতিৰ মাজত মই ইস্রায়েল বংশক চালিম; কিন্তু শস্যৰ এটা ধানো মাটিত নপৰিব।
10. মোৰ প্রজাসকলৰ সকলো পাপীলোকে কয়, “অমঙ্গলে আমাক ঢুকি নাপাব নাইবা আমাৰ ওচৰলৈ নাহিব; তেওঁলোক সকলোৰে মৃত্যু তৰোৱালৰ দ্বাৰাই হ’ব।
11. যিহোৱাই কৈছে, “সেই দিনা মই দায়ুদৰ পৰি যোৱা পঁজাটো পুনৰায় তুলিম; মই তাৰ ভাঙি যোৱা ফাটবোৰ মেৰামতি কৰিম, ধ্বংসস্থানবোৰ ঠিক কৰিম, তাক আগৰ নিচিনাকৈ পুনৰায় গঢ়িম;
12. যাতে ইস্রায়েলে ইদোমৰ বাকী অংশ আৰু মোৰ নামেৰে প্ৰখ্যাত হোৱা সকলো জাতিবোৰৰ দেশ অধিকাৰ কৰিব পাৰে।” যি জনে এই সকলো কার্য কৰে, সেই জন ঈশ্বৰ যিহোৱাই এই কথা ঘোষণা কৰিছে।
13. যিহোৱাই পুনৰ কৈছে, “চোৱা, সেই দিনবোৰ নিশ্চয়ে আহিব, যেতিয়া হালোৱাই শস্য দোৱাজনক অতিক্রম কৰি আগবাঢ়িব; দ্রাক্ষাগুটি গচকাজনে গুটি বোৱাজনক লগ ধৰি অতিক্রম কৰি যাব; পৰ্ব্বতবোৰৰ পৰা মিঠা দ্ৰাক্ষাৰস জৰি জৰি পৰিব, আৰু সেইবোৰে সকলো উপ-পৰ্ব্বতবোৰক ধুই লৈ যাব।
14. বন্দী অৱস্থাত থকা মোৰ লোক ইস্ৰায়েলীয়াসকলক মই পুনৰ ঘূৰাই আনিম; তেওঁলোকৰ ধ্বংস হোৱা নগৰবোৰ পুনৰায় সাজিব আৰু সেইবোৰত বাস কৰিব; তেওঁলোকে আঙুৰ খেতি কৰি দ্রাক্ষাৰস পান কৰিব; তেওঁলোকে বাৰী পাতি তাৰ ফল ভোগ কৰিব;
15. মই ইস্রায়েলীয়া সকলক তেওঁলোকৰ দেশত ৰুম, যি দেশ মই তেওঁলোকক দিছোঁ, তাৰ পৰা তেওঁলোকক কেতিয়াও পুনৰ উঘলা নহব।” এই কথা তোমালোকৰ ঈশ্বৰ যিহোৱাই কৈছে।

সামসঙ্গীত 143:1-6
1. হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, মোৰ কাকুতিলৈ কাণ পাতা; তোমাৰ বিশ্বস্ততা আৰু ধাৰ্মিকতাত মোক উত্তৰ দিয়া।
2. তোমাৰ দাসক বিচাৰলৈ নিনিবা; কিয়নো তোমাৰ দৃষ্টিত কোনো জীৱিত লোক ধাৰ্মিক নহয়।
3. শত্ৰুৱে মোক পাছে পাছে খেদি আহিল, তেওঁ মোক মাটিত পেলাই মোৰ জীৱন ছিন্ন-ভিন্ন কৰিলে, দীর্ঘ দিনৰ আগেয়ে মৃত হোৱা লোকৰ দৰে তেওঁ মোক অন্ধকাৰময় ঠাইত বসতি কৰালে।
4. সেইবাবে মোৰ আত্মা অন্তৰত ব্যাকুল হৈছে; মোৰ অন্তৰত মন অসাৰ হৈ পৰিছে।
5. মই পূৰ্বকালৰ দিনৰ কথা মনত পেলাও, মই তোমাৰ সকলো কার্যৰ বিষয়ে চিন্তা কৰোঁ, তোমাৰ হাতৰ কাৰ্যবোৰ ধ্যান কৰোঁ।
6. মই তোমাৰ ফালে মোৰ হাত মেলি আগবঢ়াই দিছোঁ; শুকান ভূমিৰ নিচিনাকৈ মোৰ প্ৰাণ তোমাৰ কাৰণে তৃষ্ণাতুৰ হৈছে। [চেলা]

প্রবচন 30:1-4
1. যাকিৰ পুত্ৰ আগুৰে ঈশ্বৰীয় বচন কোৱা: এই মানুহে ঈথীয়েল আৰু উকালত ঘোষণা কৰে:
2. যি কোনো মনুষ্যতকৈ নিশ্চয় মই বহুত বেছি জন্তুৰ দৰে, আৰু মনুষ্যজাতিৰ বুজা শক্তি মোৰ নাই,
3. আৰু মই প্ৰজ্ঞা শিকা নাই, নাইবা পবিত্ৰ জনাৰ বিষয়েও জ্ঞান পোৱা নাই।
4. কোন স্বৰ্গলৈ উঠি গৈছিল, আৰু নামি আহিছিল? কোনে নিজৰ হাতৰ মুঠিত বতাহ ধৰিছিল? কোনে জল সমূহক বান্ধি লুকুৱাই ৰাখিছিল? কোনে পৃথিবীৰ সকলো সীমা স্থাপন কৰিছিল? তেওঁৰ নাম কি? আৰু তেওঁৰ পুত্ৰৰ নাম কি? নিশ্চয় তুমি জানা!

প্ৰকাশিত বাক্য 6:1-17
1. পাছত মই সেই মেৰ-পোৱালি জনে সাতোটা ছাব মেলা দেখিলোঁ আৰু তেতিয়া সেই চাৰি জীৱিত প্ৰাণীৰ কোনো এটাই মেঘৰ নিচিনা গৰজি উঠা মাতেৰে কোৱা শুনিলোঁ, “আহা”!
2. তেতিয়া মই চাওতে সেই ঠাইত এটা বগা ঘোঁৰা দেখিলোঁ আৰু তাৰ অশ্ৱাৰোহী জনৰ হাতত এখন ধনু আছিল, আৰু তেওঁক এটা কিৰীটি দিয়া হ’ল; তাতে তেওঁ জয় লাভ কৰোঁতাৰ দৰে জয় কৰিবলৈ ওলাই গ’ল।
3. যেতিয়া সেই মেৰ-পোৱালিয়ে দ্বিতীয় ছাবটো মেলিলে, তেতিয়া মই দ্বিতীয় জীৱিত প্ৰাণীটোক কোৱা শুনিলোঁ, “আহা”!
4. তেতিয়া আৰু এটা ঘোঁৰা ওলাল, সি জুইৰ দৰে ৰঙা আৰু মানুহবোৰে পৰস্পৰে যাতে বধ কৰিব সেই কাৰণে তাত উঠা জনক পৃথিৱীৰ পৰা শান্তি দূৰ কৰিবলৈ দিয়া হ’ল; এই অশ্বাৰোহী জনক এখন বৃহৎ আকাৰৰ তৰোৱাল দিয়া হ’ল।
5. যেতিয়া তেওঁ তৃতীয় ছাবটো মেলিলে, তেতিয়া তৃতীয় প্ৰাণীটোক এই বুলি কোৱা শুনিলোঁ “আহা”! তেতিয়া মই এটা ক’লা ঘোঁৰা দেখিলোঁ; আৰু তাত উঠা জনৰ হাতত এখন পাল্লা আছিল।
6. পাছত সেই চাৰি জীৱিত প্ৰাণীৰ মাজৰ পৰা ওলোৱা মাতৰ দৰে, এই কথা মই শুনিলো, বোলে, “এসেৰ ঘেঁহু ধানৰ মূল্য এক আধলি; তিনি সেৰ যৱ ধানৰ মূল্য এক আধলি; কিন্তু তেল আৰু দ্ৰাক্ষাৰসৰ হানি নকৰিবা”।
7. যেতিয়া তেওঁ চতুৰ্থ ছাবটো মেলিলে, তেতিয়া চতুৰ্থ প্ৰাণীটোক এই বুলি কোৱা শুনিলোঁ, “আহা”!
8. তেতিয়া মই এটা অনুজ্জ্ৱল বৰণৰ ঘোঁৰা দেখিলোঁ; তাৰ ওপৰত উঠা জনৰ নাম মৃত্যু; আৰু পৰলোক তাৰ পাছে পাছে আহি আছিল। তেওঁলোকক দিয়া তৰোৱালেৰে আকাল, মৃত্যু আৰু পৃথিৱীৰ বনৰীয়া জন্তুৰ দ্বাৰাই বধ কৰিবলৈ পৃথিৱীৰ চাৰিভাগৰ এভাগৰ ওপৰত সেই উভয়ক ক্ষমতা দিয়া হ’ল।
9. যেতিয়া মেৰ-পোৱালিটোৱে পঞ্চম ছাব মেলিলে, তেতিয়া সেই স্বৰ্গীয় বেদিৰ তলত, যি লোক সকল ঈশ্বৰৰ বাক্য আৰু নিজে পোৱা সাক্ষ্যৰ কাৰণে হত হৈছিল, তেওঁলোকৰ জীৱাত্মা দেখিলোঁ।
10. তেওঁলোকে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “হে সকলোৰে শাসনকর্তা, পবিত্ৰ আৰু সত্য প্ৰভু, সোধ-বিচাৰ কৰিবলৈ আৰু পৃথিৱীত বাস কৰা সকলক আমাৰ ৰক্তপাতৰ প্ৰতিফল দিবলৈ, তুমি কিমান কাল পলম কৰিবা?”
11. তেতিয়া তেওঁলোকৰ প্ৰত্যেক জনক বগা বস্ত্ৰ দিয়া হ’ল আৰু তেওঁলোকক এই কথা কোৱা হ’ল যে, যেতিয়ালৈ তেওঁলোকৰ সহদাস, ভাই আৰু ভনী সকলক তেওঁলোকৰ নিচিনাকৈ বধ কৰা নহ’ব, আৰু সেই সকলো সংখ্যা পুৰ নোহোৱালৈকে, তেওঁলোকে অলপ কাল ক্ষান্ত হব লাগিব।
12. পাছত তেওঁ যেতিয়া ষষ্ঠ ছাবটো মেলিলে, মই চাই দেখিলোঁ যে মহা-ভুমিকম্প হবলৈ ধৰিলে; আৰু নোমৰ চট কাপোৰৰ নিচিনা সুৰ্য্য ক’লা হ’ল; চন্দ্ৰ গোটেইটো তেজৰ নিচিনা হ’ল।
13. আৰু বৰ বতাহে লৰোৱা ডিমৰু গছৰ অপঁইতা গুটি সৰি পৰাৰ দৰে আকাশৰ তৰাবোৰ পৃথিৱীত পৰিবলৈ ধৰিলে ৷
14. আকাশমণ্ডল নুৰিওৱা পুথিৰ দৰে লুপ্ত হ’ল; আটাই পৰ্বত আৰু দ্বীপবোৰক নিজ নিজ ঠাইৰ পৰা লৰোৱা হ’ল।
15. তেতিয়া পৃথিৱীৰ সকলো ৰজা, প্ৰধান লোক, সেনাপতি, ধনৱন্ত আৰু বলৱন্ত, দাস আৰু স্বাধীন লোক সকলে গুহাত আৰু পৰ্বতৰ শিলৰ মাজত নিজক লুকুৱাই ৰাখিলে৷
16. তাতে সেই পৰ্বত আৰু শিলবোৰক তেওঁলোকে ক’লে, “আমাৰ ওপৰত পৰি, সেই সিংহাসনত বহি থকা জনৰ সন্মুখৰ পৰা আৰু মেৰ-পোৱালি জনৰ ক্ৰোধৰ পৰা আমাক লুকুৱাই ৰাখা;
17. কিয়নো তেওঁলোকৰ ক্ৰোধৰ সেই মহা-দিন আহিল আৰু সেইদিন কোনে সহিব পাৰে?”