A A A A A

এজেকিয়েল 3:1-27
1. তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান, তুমি যি বিচাৰি পাইছা, তাকে খোৱা! এই নুৰিওৱা পুথিখন ভোজন কৰা, তাৰ পাছত ইস্রায়েল পৰিবাৰক গৈ কোৱা।”
2. সেই কাৰণে মই মুখ মেলিলো আৰু তেওঁ মোক সেই নুৰিওৱা পুথিখন খুৱাই দিলে।
3. তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান, মই তোমাক দিয়া নুৰিওৱা পুথিখন পেটলৈ নি, তাৰে তোমাৰ উদৰ পূৰ কৰা।” সেই কাৰণে মই তাক খালোঁ আৰু সেয়ে মোৰ মুখত মৌ-জোলৰ নিচিনা মিঠা লাগিল।
4. পাছত তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান, ইস্ৰায়েলৰ পৰিবাৰৰ ওচৰলৈ যোৱা আৰু মোৰ বাক্য তেওঁলোকক কোৱা। বাক্য কোৱা।
5. কিয়নো অস্পষ্ট কথা আৰু কঠিন ভাষা কোৱা জাতিৰ ওচৰলৈ তোমাক পঠিওৱা হোৱা নাই, কিন্তু ইস্ৰায়েল-বংশৰ ওচৰলৈহে পঠোৱা হৈছে।
6. যি জাতিবোৰৰ বাক্য তুমি বুজি নোপোৱা, অস্পষ্ট কথা আৰু কঠিন ভাষা কোৱা এনে জাতিৰ অনেকৰ ওচৰলৈ তোমাক পঠোৱা হোৱা নাই। মই যদি তোমাক তেওঁলোকৰ ওচৰলৈ পঠালোঁহেঁতেন, তেন্তে নিশ্চয়ে তেওঁলোকে তোমাৰ কথা শুনিলেহেঁতেন।
7. কিন্তু ইস্ৰায়েল বংশই তোমাৰ কথা শুনিবলৈ সন্মত নহ’ব, কিয়নো তেওঁলোকে মোৰ কথা শুনিবলৈ সন্মত নহয়। কাৰণ ইস্ৰায়েলৰ গোটেই বংশ জেদী আৰু কঠিন চিত্তীয়া।
8. চোৱা! তোমাৰ মণ্ডল মই তেওঁলোকৰ মণ্ডলৰ দৰে আঁকোৰগোজ কৰিলোঁ আৰু তোমাৰ চেলাউৰি তেওঁলোকৰ চেলাউৰিৰ দৰে কঠিন কৰিলোঁ। তেওঁলোকৰ কপালৰ আগত তোমাৰ কপাল টান কৰিলোঁ।
9. মই তোমাৰ কপাল চকমকিয়া পাথৰতকৈ কঠিন হীৰা যেন কৰিলোঁ; তেওঁলোক বিদ্ৰোহী বংশ হলেও, তেওঁলোকলৈ ভয় নকৰিবা বা তেওঁলোকৰ মুখ দেখি ব্যাকুল নহ’বা।”
10. তেতিয়া তেওঁ মোক ক’লে, হে মনুষ্য-সন্তান, মই তোমাৰ আগত যি যি কথা ঘোষণা কৰিলোঁ, সেই সকলো কথা অন্তৰত গ্ৰহণ কৰা আৰু সেই কথাবোৰত কাণ দিয়া।
11. তাৰ পাছত তোমাৰ দেশান্তৰিত স্বজাতীয় সন্তান সকলৰ ওচৰলৈ গৈ তেওঁলোকক কোৱা; তেওঁলোকক কোৱা, তেওঁলোকে শুনক বা নুশুনক, তথাপি তুমি কোৱা যে, ‘প্ৰভু যিহোৱাই এই কথা কৈছে’।”
12. তেতিয়া আত্মা ই মোক দাঙি লৈ গ’ল; তেতিয়া মোৰ পাচফালে এটা মহৎ ভূমিকম্পৰ শব্দৰদৰে এই বাক্য কোৱা শুনিলোঁ বোলে, যে, “নিজ ঠাইত বাস কৰা যিহোৱাৰ গৌৰৱ ধন্য।”
13. তেতিয়া মই জীৱিত প্ৰাণী কেইজনৰ ডেউকা পৰস্পৰে লগ লগাত, তাৰ শব্দ শুনিলো আৰু তাৰে সৈতে অতি বেগেৰে যোৱা চকাবোৰৰ আৰু এটা মহৎ ভূমিকম্পৰ শব্দ শুনিলোঁ।
14. এইদৰে আত্মা ই মোক দাঙি লৈ গ’ল; আৰু মোৰ আত্মাৰ আবেগত মই বেজাৰত আছিলোঁ, কিয়নো যিহোৱাৰ হাত মোৰ ওপৰত প্ৰবল আছিল।
15. তাৰ পাছত কবাৰ নদীৰ পাৰত থকা তেল-আবীব নিবাসী দেশান্তৰিত লোকসকলৰ ওচৰত মই উপস্থিত হলোঁ, আৰু তেওঁলোকে বাস কৰা ঠাইলৈ গৈ, মই আচৰিত হৈ তেওঁলোকৰ মাজত সাত দিন বহি থাকিলোঁ।
16. তাৰ পাছত সাত দিনৰ মূৰত যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল যে,
17. “হে মনুষ্য-সন্তান, মই তোমাৰ ইস্ৰায়েল বংশৰ কাৰণে প্ৰহৰী নিযুক্ত কৰিলোঁ; এই কাৰণে মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁলোকক সেই বিষয়ে সাৱধানে থকিবলৈ দিয়া।
18. ‘তুমি নিশ্চয়ে মৰিবা’, এইদৰে মই দুষ্ট লোকসকলক কোৱা সময়ত তুমি যদি তাক সতৰ্ক নকৰা বা তেওঁলোকৰ প্ৰাণ নিস্তাৰ কৰিবৰ কাৰণে তেওঁলোকৰ মন্দ পথৰ পৰা তেওঁলোকক সাৱধান হ’বলৈ নোকোৱা, তেতিয়া সেই দু্ষ্ট লোকসকল নিজ অপৰাধত মৰিব - কিন্তু মই তোমাৰ হাতৰ পৰা তেওঁলোকৰ ৰক্তৰ প্ৰতিশোধ ল’ম।
19. কিন্তু তুমি যদি তেওঁলোকক সতৰ্ক কৰা কিন্তু তেওঁলোকে নিজ দুষ্টতাৰ পৰা বা নিজ কু পথৰ পৰা নুঘূৰে, তেতিয়া তেওঁলোকে নিজ অপৰাধত মৰিব; কিন্তু তুমি হ’লে, তোমাৰ প্ৰাণ ৰক্ষা কৰিবা।
20. যদি এজন ধাৰ্মিক লোকে নিজ ধাৰ্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে, তেতিয়া মই তেওঁৰ আগত উজুটি খোৱা মূঢ়া ৰাখিম আৰু তেওঁৰ মৃত্যু হ’ব, কিয়নো তুমি তেওঁক সতৰ্ক নকৰিলা। তেওঁ নিজ পাপত মৰিব, কিন্তু তেওঁ কৰা ধৰ্ম-কৰ্মবোৰ মই সোঁৱৰণ নকৰোঁ; কিন্তু তেওঁৰ ৰক্তৰ প্ৰতিশোধ মই তোমাৰ হাতৰ পৰা ল’ম।
21. আৰু ধাৰ্মিক লোক এজনক পাপ নকৰিবৰ কাৰণে তুমি যদি তেওঁক সতৰ্ক কৰা আৰু তেওঁ যদি পুনৰ পাপ নকৰে, তেন্তে তেওঁ সতৰ্ক হোৱাৰ কাৰণে অৱশ্যে জীয়াই থাকিব; আৰু তুমিও নিজ প্ৰাণ ৰক্ষা কৰিবা।”
22. সেই ঠাইতে যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত হ’ল আৰু তেওঁ মোক কলে, “উঠা! উপত্যকালৈ ওলাই যোৱা, মই সেই ঠাইত তোমাৰ লগত কথা পাতিম।”
23. তেতিয়া মই উঠি উপত্যকালৈ ওলাই গ’লো আৰু দেখিলোঁ যে, কবাৰ নদীৰ ওচৰত মই দেখা গৌৰৱৰ নিচিনাকৈ যিহোৱাৰ গৌৰৱ সেই ঠাইত ৰৈ আছিল; তেতিয়া মই উবুৰি হৈ পৰিলোঁ।
24. তাৰ পাছত মোলৈ সেই আত্মা আহিল আৰু মোক থিয় কৰোৱালে; আৰু তেওঁ মোৰ লগত কথা হৈ মোক ক’লে, “তুমি নিজ ঘৰলৈ গৈ নিজকে বন্ধ কৰি ভিতৰত ৰাখা,
25. কিয়নো এতিয়াৰ কাৰণে হে মনুষ্য-সন্তান, লোক সকলে তোমাক লেজু লগাই তাৰে তোমাক বান্ধিব, যাতে তুমি তেওঁলোকৰ মাজলৈ যাব নোৱাৰিবা;
26. মই তোমাৰ জিবা তালুত লগাম, যাতে তুমি বোবা হ’বা আৰু তেওঁলোকৰ আগত অনুযোগ কৰোঁতা নহ’বা; কিয়নো তেওঁলোক বিদ্ৰোহী বংশ।
27. কিন্তু মই তোমাৰ লগত কথা হোৱা সময়ত যেতিয়া তোমাৰ মুখ মেলিম, তেতিয়া তুমি তেওঁলোকক ক’বা ‘প্ৰভু যিহোৱাই এই কথা কৈছে’; যি জনে শুনে, তেওঁ শুনক আৰু যি জনে নুশুনে, তেওঁ নুশুনক; কিয়নো তেওঁলোক বিদ্ৰোহী বংশ!”

এজেকিয়েল 4:1-17
1. হে মনুষ্য সন্তান, তুমি এটা ইটা লোৱা আৰু নিজৰ সন্মুখত ৰাখা। তাৰ পাছত সেই ইটাটোৰ ওপৰত যিৰূচালেম নগৰৰ নক্সা আঁকা।
2. আৰু তাক অৱৰোধ কৰা, তাৰ বিপৰীতে কোঁঠ সাজা, তাৰ বিপৰীতে হাদাম বান্ধা, তাৰ বিপৰীতে চাৰিওফালে ছাউনি পাতা আৰু তাৰ বিপৰীতে চাৰিওফালে গড় ভঙা যন্ত্ৰ স্থাপন কৰা।
3. আৰু তুমি এখন লোহাৰ তাওৱা লৈ, তোমাৰ আৰু নগৰৰ মাজত লোহাৰ গড়স্বৰূপে তাক স্থাপন কৰা। আৰু তালৈ কঠিন দৃষ্টি কৰা, তাতে সেয়ে অৱৰোধৰ অৱস্থাত পৰিব আৰু তুমি তাক অৱৰোধ কৰিবা; ইস্ৰায়েল-বংশৰ কাৰণে এয়ে চিন হ’ব।
4. তাৰ বাহিৰে তুমি বাওঁকাষে শুই তাৰ ওপৰত ইস্ৰায়েল-বংশৰ অপৰাধৰ ভাৰ ৰাখা; তুমি সেই কাষে শোৱা দিনৰ সংখ্যা অনুসাৰে তুমি তেওঁলোকৰ অপৰাধ ববা।
5. কিয়নো মই তেওঁলোকৰ অপৰাধৰ বছৰৰ সংখ্যা তোমাৰ কাৰণে কেতবোৰ দিনৰ সংখ্যা কৰিলোঁ, অৰ্থাৎ তিনিশ নব্বৈ দিন কৰিলোঁ; এইদৰে তুমি ইস্ৰায়েল বংশৰ অপৰাধ ববা।
6. যেতিয়া তুমি এইদৰে এই দিনবোৰ সম্পূৰ্ণ কৰিবা, তাৰ পাছত দ্বিতীয় বাৰৰ বাবে আকৌ সোঁকাষে শুবা আৰু চল্লিশ দিনলৈকে যিহূদা-বংশৰ অপৰাধ ববা; মই এক এক বছৰ তোমাৰ কাৰণে এক এক দিন কৰিলোঁ।
7. তুমি বাহু উদং কৰি যিৰূচালেমৰ অৱৰোধলৈ স্থিৰ দৃষ্টি কৰি তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰিবা।
8. কাৰণ চোৱা! মই ৰছীৰে তোমাক বান্ধিম; তাতে তোমাৰ অৱৰোধৰ দিন তুমি সম্পূৰ্ণ নকৰালৈকে এক কাষৰ পৰা আন কাষলৈ বাগৰিব নোৱাৰিবা।
9. আৰু তুমি নিজৰ বাবে ঘেঁহু, যৱ, মাহ, মচুৰ বজৰা আৰু জনৰা লৈ এটা পাত্ৰত ৰাখি তাৰে পিঠা বনোৱা; তুমি কাতি হৈ শুই থকা দিনৰ সংখ্যা অনুসাৰে তিনিশ নব্বৈ দিন তাক ভোজন কৰিবা।
10. ভোজনৰ আহাৰ তুমি ভোজন কৰিবা আৰু প্ৰতিদিনে বিশ চেকল জোখৰ আহাৰ খাবা। তুমি সময়ে সময়ে ইয়াক ভোজন কৰিবা।
11. আৰু তুমি পানী জোখ কৰি লৈ এক হীনৰ ছয় ভাগৰ এভাগ পানী পান কৰিবা।
12. আৰু তুমি যৱৰ পিঠাৰ দৰে তাক তৈয়াৰ কৰি ভোজন কৰিবা; আৰু তেওঁলোকৰ চকুৰ আগতে, মানুহৰ পৰা বাহিৰ হোৱা বিষ্ঠাৰে তাক তাও দিবা।
13. যিহোৱাই পুনৰ ক’লে, “যি জাতিবোৰৰ মাজলৈ মই এই ইস্ৰায়েল সন্তান সকলক খেদিম, সেই জাতিবোৰৰ মাজত তেওঁলোকে নিজ নিজ আহাৰ এইদৰে অশুচিকৈ খাব।”
14. তেতিয়া মই ক’লোঁ, “হায় হায় প্ৰভু যিহোৱা! চোৱা, মোৰ প্ৰাণ অশুচি কৰা নাই! কিয়নো মই ল’ৰা কালৰে পৰা আজিলৈকে নিজে মৰা বা জন্তুৱে ছিৰা একোকে খোৱা নাই, নাইবা ঘিণলগীয়া মাংস মোৰ মুখত কেতিয়াও সোমোৱা নাই।”
15. তেতিয়া তেওঁ মোক ক’লে, “মই মানুহৰ বিষ্ঠাৰ সলনি তোমাক গোবৰ দিলোঁ; তুমি তাৰে নিজৰ পিঠা তাও দি তৈয়াৰ কৰিবা।
16. ইয়াৰ উপৰিও তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, চোৱা! মই যিৰূচালেমত অন্নৰূপ লাখুটি ভাঙিম; তেওঁলোকে পিঠা আৰু পানীৰ অভাৱত পৰিবৰ বাবে আৰু পৰস্পৰে আচৰিত হৈ তেওঁলোকৰ অপৰাধত ক্ষীণাই যাবৰ বাবে,
17. তেওঁলোকে সাৱধানেৰে জুখি জুখি পিঠা খাব আৰু আচৰিত হৈ জুখি জুখি পানী পান কৰিব।

সামসঙ্গীত 119:161-168
161. অধিকাৰীসকলে মোক অকাৰণে তাড়না কৰে; কিন্তু মোৰ হৃদয়ে তোমাৰ বাক্যলৈ ভয় ৰাখে।
162. মই এনেকৈ তোমাৰ বাক্যত আনন্দ কৰোঁ, যেনেকৈ যুদ্ধত বহুত লুটদ্ৰব্য পোৱা জনে আনন্দ কৰে।
163. মই মিছাক ঘিণাওঁ আৰু তুচ্ছ কৰোঁ; কিন্তু তোমাৰ ব্যৱস্থাক প্ৰেম কৰোঁ।
164. তোমাৰ ধাৰ্মিকতাযুক্ত শাসন-প্ৰণালীবোৰৰ কাৰণে মই দিনে সাতবাৰকৈ তোমাৰ প্ৰশংসা কৰোঁ।
165. যিসকলে তোমাৰ ব্যৱস্থাক প্ৰেম কৰে, তেওঁলোকৰ পৰম শান্তি হয়; একোতেই তেওঁলোক উজুটি নাখায়।
166. হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ আশাৰে আছোঁ; মই তোমাৰ আজ্ঞাবোৰ পালন কৰিলোঁ।
167. মোৰ প্রাণে তোমাৰ আজ্ঞাবোৰ পালন কৰিলে; মই সেইবোৰক অতি প্ৰেম কৰোঁ।
168. মই তোমাৰ আদেশ আৰু আজ্ঞাবোৰ পালন কৰিলোঁ; কিয়নো মোৰ সকলো পথ তোমাৰ সন্মুখতে আছে।

প্রবচন 28:13-13
13. যিজনে নিজৰ পাপ ঢাকি ৰাখে, তেওঁৰ উন্নতি নহব; কিন্তু যিজনে নিজৰ পাপ স্বীকাৰ কৰি সেইবোৰ ত্যাগ কৰে, সেই জনে দয়া পাব।

ইব্ৰী 2:1-18
1. এই কাৰণে আমি যি শুনিছো, তাত পুনৰ অধিককৈ মনোযোগ দিয়া উচিত, যাতে আমি ঘাটলৈ চাপি আহি, পুনৰ ঘাটৰ পৰা কোনো প্ৰকাৰে দূৰলৈ ভটিয়াই নাযাওঁ।
2. কিয়নো যি বাক্য স্বর্গৰ দূত সকলৰ দ্বাৰাই কোৱা হৈছিল, সেই বাক্য সত্য বুলি প্রমাণিত হ’ল; পাপ-আচৰণ কৰা আৰু ঈশ্বৰৰ আদেশ অমান্য কৰা প্রত্যেকেই ন্যায়ৰ শাস্তি যোগ্যৰূপে পালে।
3. তেনেহলে এনে এক মহৎ পৰিত্ৰাণ অগ্রাহ্য কৰিলে আমি কেনেকৈ ৰক্ষা পাব পাৰোঁ? এই উদ্ধাৰৰ কথা প্ৰথমে প্ৰভুৰ দ্বাৰাই ঘোষণা কৰা হৈছিল আৰু যি সকলে শুনিলে, তেওঁলোকে আমাৰ ওচৰত সেই উদ্ধাৰৰ সত্যতা প্রমাণ কৰিলে।
4. ঈশ্বৰে নানা চিন, অদ্ভুত লক্ষণ, অনেক পৰাক্ৰম কাৰ্য আৰু নিজৰ ইচ্ছা অনুসাৰে পবিত্ৰ আত্মাৰ নানা বৰদানৰ দ্বাৰা এই বিষয়ে সাক্ষ্য প্রদান কৰিলে।
5. আমি যি ভাবী জগতৰ বিষয়ে কথা কৈছোঁ, সেই বিষয় ঈশ্বৰে স্বর্গৰ দূত সকলৰ অধীনত ৰখা নাই।
6. কিন্তু ইয়াৰ পৰিৱর্তে, কোনো এজনে কোনো এঠাইত এই সাক্ষ্য দি কৈছে, “মানুহনো কি, তুমি যে তেওঁক সোঁৱৰণ কৰা? অথবা মানুহৰ সন্তানেই বা কি, তুমি যে তেওঁলৈ দৃষ্টি কৰা?
7. তুমি স্বর্গৰ দূত সকলতকৈ মানুহক অলপহে সৰু কৰিলা; কিন্তু তুমি তেওঁকেই মহিমা আৰু সন্মানৰ মুকুটেৰে বিভূষিত কৰিলা;
8. আৰু সকলো বস্তু তুমি তেওঁৰ ভৰিৰ তলত ৰাখিলা।” কিয়নো ঈশ্বৰে সকলোকে মানুহৰ অধীন কৰিলে। তেওঁৰ কর্ত্তৃত্বৰ বাহিৰত তেওঁ একোৱেই নাৰাখিলে। অৱশ্যে আমি এতিয়ালৈকে সকলো তেওঁৰ অধীনত দেখা নাই।
9. তথাপি আমি যীচুক দেখিছোঁ, যি জনক স্বর্গৰ দূত সকলতকৈ অলপহে সৰু কৰা হ’ল; তেওঁ দুখভোগ কৰি মৃত্যুবৰণ কৰাৰ কাৰণে তেওঁক মহিমা আৰু সন্মানৰ ৰাজমুকুট পিন্ধোৱা হ’ল। সেয়েহে, ঈশ্বৰৰ অনুগ্রহত প্রত্যেক মানুহৰ বাবে যীচুৱে মৃত্যুৰ আস্বাদ ল’লে।
10. সকলো ঈশ্বৰৰ কাৰণে আৰু সকলো তেওঁৰ যোগেদি হ’ল। সেই বাবে অনেক সন্তানক ঈশ্বৰে গৌৰৱৰ ভাগী কৰাৰ উদ্দেশ্যেৰে আৰু তেওঁলোকৰ পৰিত্রাণৰ অর্থে যীচুক কষ্টভোগৰ মাজেদি সিদ্ধ কৰি তোলা কার্য ঈশ্বৰৰ সঠিক কার্য আছিল।
11. যি জনে পবিত্ৰ কৰে আৰু যি সকলক পবিত্ৰ কৰা হয়, সেই সকলোৱে একে জন ঈশ্বৰৰ পৰিয়ালৰ লোক। সেই কাৰণে যি জনে পবিত্র কৰে সেই যীচুৱে লোক সকলক ভাই বুলি মাতিবলৈ তেওঁ লাজ নাপায়।
12. যীচুৱে কৈছে, “মোৰ ভাই সকলৰ আগত মই তোমাৰ নাম প্ৰচাৰ কৰিম, সহভাগীতাৰ মাজত তোমাৰ গুণ কীৰ্ত্তন কৰিম।”
13. তেওঁ আকৌ কৈছে, “মই তেওঁতহে ভাৰসা কৰিম।” তেওঁ আকৌ ইয়াকো কৈছে, “চোৱা, এয়া মই আৰু মোৰ সন্তান সকল, ঈশ্বৰে যি সকলক মোক দিছে।”
14. ঈশ্বৰৰ সেই সকলো সন্তান তেজ আৰু মাংসৰ মানুহ। সেয়েহে যীচুৱে নিজেও সেই সন্তান সকলৰ দৰে এই উভয়ৰ সহভাগী হ’ল, যাতে মৃত্যুৰ মাধ্যমেদি মৃত্যুৰ ক্ষমতা যাৰ হাতত আছে সেই চয়তানক শক্তিহীন কৰিব পাৰে, আৰু
15. মৃত্যুৰ ভয়ত যি সকলে গোটেই জীৱন দাসত্বত কটাইছিল, তেওঁলোকক মুক্ত কৰিব পাৰে।
16. বাস্তৱিক এই কথা নিশ্চিত যে, যীচুৱে স্বর্গৰ দূত সকলক সহায় কৰা নাই, কিন্তু তাৰ পৰিৱর্তে অব্ৰাহামৰ বংশধৰ সকলকহে সহায় কৰিছে।
17. সেই বাবেই যীচু সকলো দিশৰ পৰা তেওঁৰ ভাই সকলৰ দৰে হোৱাৰ প্রয়োজন আছিল যাতে ঈশ্বৰৰ সাক্ষাতে তেওঁ এজন দয়ালু আৰু বিশ্বস্ত মহা-পুৰোহিত হব পাৰে আৰু মানুহে পাপৰ পৰা ক্ষমা পাব পাৰে।
18. কিয়নো যীচুৱে নিজে পৰীক্ষা আৰু দুখভোগৰ মাজেদি গৈছিল, সেই বাবে যি সকল লোক পৰীক্ষাৰ সন্মুখীন হয় তেওঁলোকক তেওঁ সহায় কৰিব পাৰে।