A A A A A
एक साल में बाइबल
नवंबर 29

দানিয়েল 1:1-21
1. যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্ব কালৰ তৃতীয় বছৰত, বাবিলৰ ৰজা নবূখদনেচৰ যিৰূচালেমলৈ আহিল, আৰু সকলো দিশৰ পৰা যোগান বন্ধ কৰিবলৈ নগৰখন বেৰি ধৰিলে।
2. প্ৰভুৱে নবুখদনেচৰক যিহূদাৰ ৰজা যিহোয়াকীমৰ ওপৰত জয়যুক্ত কৰিলে, আৰু তেওঁ ঈশ্বৰৰ গৃহৰ পৰা কিছুমান পবিত্র বস্তু তেওঁক দিলে। নবুখদনেচৰে সেই বস্তুবোৰ চিনাৰ দেশত থকা নিজৰ দেৱতাৰ গৃহলৈ লৈ গ’ল; আৰু তেওঁ সেই বস্তুবোৰ নিজৰ দেৱতাৰ ভঁৰালত হ’ল।
3. তাৰ পাছত ৰজাই তেওঁৰ নপুংসকসকলৰ অধ্যক্ষ অস্পনজকক কৈছিল, “ৰাজ-বংশৰ আৰু প্ৰধান লোকসকলৰ মাজৰ কিছুমান
4. কলঙ্ক নথকা, দেখাত আকৰ্ষণীয়, সকলো বিদ্যাত নিপুণ, জ্ঞান আৰু বিবেচনাৰে পৰিপূৰ্ণ, আৰু ৰাজগৃহত পৰিচৰ্যা কৰিবলৈ যোগ্যতা থকা ইস্রায়েলী যুৱকসকলক মাতি আনা। তেওঁ তেওঁলোকক কলদীয়া সাহিত্য আৰু ভাষা শিকাইছিল।
5. ৰজাই তেওঁৰ বিশেষ উত্তম খাদ্যৰ পৰা আৰু তেওঁ পান কৰা দ্ৰাক্ষাৰসৰ পৰা তেওঁলোকক প্রতিদিনৰ ভাগ দিছিল। এই যুৱক সকলক তিনি বছৰৰ বাবে প্ৰশিক্ষণ দিয়া হ’ব, আৰু তাৰ পাছত তেওঁলোকে ৰজাৰ আগত পৰিচৰ্যা কৰিব পাৰিব।
6. তেওঁলোকৰ মাজত যিহূদা-বংশৰ দানিয়েল, হননিয়া, মীচায়েল, আৰু অজৰিয়াও আছিল।
7. নপুংসকসকলৰ অধ্যক্ষই তেওঁলোকৰ নাম সলনি কৰি দানিয়েলক বেলটচচৰ, হননিয়াক চদ্ৰক, মীচায়েলক মৈচক, আৰু অজৰিয়াক অবেদ-নগো নাম দিলে।
8. কিন্তু দানিয়েলে ৰজাৰ উত্তম খাদ্য আৰু পান কৰা দ্ৰাক্ষাৰসেৰে সৈতে নিজকে অশুচি নকৰিবলৈ তেওঁ চিন্তিত আছিল; সেই বাবে দানিয়েলে নপুংসকসকলৰ অধ্যক্ষৰ অনুমতি বিচাৰিছিলে, যাতে তেওঁ এইবোৰ খাদ্য গ্রহণ কৰি অশুচি নহয়।
9. তেতিয়া ঈশ্বৰে দানিয়েলক নপুংসকসকলৰ সেই অধ্যক্ষৰ আগত দয়া আৰু অনুগ্ৰহ প্ৰাপ্ত কৰিলে।
10. তাতে নপুংসকসকলৰ সেই অধ্যক্ষই দানিয়েলক ক’লে, “মোৰ প্ৰভু মহাৰাজক মই ভয় কৰোঁ। তোমালোকে কি খাবা আৰু কি পান কৰিবা সেই বিষয়ে ৰজাই মোক আদেশ দিছে, কিয়নো তেওঁ তোমালোকৰ মুখ তোমালোকৰ সমবয়সীয়া যুৱকসকলতকৈ নিকৃষ্ট দেখিব? তোমালোকৰ কাৰণে মোৰ ওপৰত ৰজাৰ প্রতাপ আছে।”
11. তাৰ পাছত দানিয়েল, হননিয়া, মীচায়েল, আৰু অজৰিয়াৰ ওপৰত নিযুক্ত কৰা তত্ত্বাবধায়কৰ সৈতে দানিয়েলে কথা পাতিলে।
12. তেওঁ ক’লে, “আপুনি অনুগ্ৰহ কৰি, দহ দিন আপোনাৰ এই দাস সকলক পৰীক্ষা কৰি চাওক; আমাক খাবলৈ কেৱল শাক-পাচলি, আৰু পান কৰিবলৈ পানী দিয়ক।
13. তাৰ পাছত আমাৰ, আৰু ৰজাৰ উত্তম খাদ্য খোৱা যুৱকসকলৰ চেহেৰাৰ পৰীক্ষা কৰি চাওক; আপুনি যি দেখিব, সেইদৰে আপোনাৰ এই দাসবোৰলৈ ব্যৱহাৰ কৰিব।”
14. সেয়ে তেওঁ তেওঁলোকৰ সেই কথাত মান্তি হৈ দহ দিনলৈকে তেওঁলোকক পৰীক্ষা কৰিলে।
15. দহ দিনৰ পাছত দেখা গ’ল, ৰজাৰ উত্তম খাদ্য খোৱা যুৱকসকলতকৈ তেওঁলোকৰ চেহেৰা অধিক স্বাস্থ্যৱান, আৰু অধিক পৰিপুষ্ট হ’ল।
16. সেয়ে তত্বাৱধায়কে তেওঁলোকক উত্তম আহাৰ, আৰু দ্ৰাক্ষাৰসৰ সলনি তেওঁলোকক শাক-পাচলি দিবলৈ ধৰিলে।
17. ঈশ্বৰে সেই চাৰি জন যুৱকক সকলো আভ্যন্তৰীণ বিষয়ৰ শিক্ষা, জ্ঞান আৰু প্রজ্ঞা দিলে। তাতে দানিয়েলে সকলো প্রকাৰৰ দৰ্শন আৰু সপোনৰ কথা বুজিব পৰা হ’ল।
18. তাৰ পাছত ৰজাৰ দ্বাৰাই নিৰ্ণয় কৰা যি সময়ত সকলোকে আনিবলৈ ৰজাই আজ্ঞা দিছিল। সেই সময়ত নপুংসকসকলৰ অধক্ষ্যই ৰজা নবূখদনেচৰৰ আগত তেওঁলোকক উপস্থিত কৰালে।
19. ৰজাই তেওঁলোকৰ লগত কথা পাতিলে, আৰু তেওঁলোকৰ সকলো দলৰ মাজত, দানিয়েল, হননিয়া, মীচায়েল, আৰু অজৰিয়াৰ তুলনাত আন কাকো পোৱা নগ’ল। সেয়ে তেওঁলোকে ৰজাৰ আগত পৰিচৰ্যা কৰিবলৈ প্রস্তুত হ’ল।
20. ৰজাই তেওঁলোকক সোধা জ্ঞান আৰু বিবেচনাৰ প্রতিটো প্রশ্নৰ বিষয়ত, তেওঁৰ ৰাজ্যত থকা শাস্ত্ৰজ্ঞ আৰু গণকসকলতকৈ তেওঁলোকক দহগুণে শ্রেষ্ঠ পালে।
21. দানিয়েল ৰজা কোৰচৰ ৰাজত্বৰ প্ৰথম বছৰলৈকে সেই ঠাইতে থাকিল।

দানিয়েল 2:1-49
1. ৰজা নবূখদনেচৰে তেওঁৰ ৰাজত্বৰ দ্বিতীয় বছৰত এটা সপোন দেখিলে; সেয়ে তেওঁ চিন্তিত হ’ল, আৰু তেওঁ টোপনি যাব নোৱাৰিলে।
2. তাৰ পাছত ৰজাই মায়াবী আৰু যিসকলে মৃতলোকৰ সৈতে কথা পতাৰ দাবি কৰে, তেনে লোক, যাদুকৰ, আৰু জ্ঞানী লোকসকলক মাতিলে; আৰু তেওঁ দেখা সপোনৰ বিষয়ে তেওঁলোকক ক’বলৈ ইচ্ছা কৰিলে। পাছত তেওঁলোক আহিল, আৰু ৰজাৰ আগত উপস্থিত হ’ল।
3. তেতিয়া ৰজাই তেওঁলোকক ক’লে, “মই এটা সপোন দেখিলোঁ, সেই সপোনৰ ফলিতা জানিবলৈ মোৰ মন উৎকণ্ঠিত হৈছে।”
4. তেতিয়া জ্ঞানী লোকসকলে অৰামীয়া ভাষাৰে ৰজাক ক’লে, “মহাৰাজ চিৰজীৱি হওক! আপোনাৰ দাস যি আমি, আমাক আপোনাৰ সপোনটো কওক, আৰু আমি তাৰ ফলিতা প্রকাশ কৰিম। ”
5. ৰজাই জ্ঞানী লোকসকলক উত্তৰ দিলে, “এই বিষয়ে স্থিৰ কৰা হৈছে যে, আপোনালোকে যদি সপোন আৰু তাৰ ফলিতা মোক ক’ব নোৱাৰে, তেনেহ’লে আপোনালোকৰ শৰীৰ ডোখৰ ডোখৰ কৈ কটা যাব, আৰু আপোনালোকৰ ঘৰবোৰ গোবৰৰ দ’ম যেন কৰা হ’ব।
6. কিন্তু যদি সেই সপোন আৰু তাৰ ফলিতা আপোনালোকে মোক ক’ব পাৰে, তেনেহ’লে মোৰ পৰা উপহাৰ, পুৰস্কাৰ, আৰু অধিক সন্মান পাব; সেয়ে সেই সপোন আৰু তাৰ ফলিতা মোক কওক।”
7. তেওঁলোকে পুনৰ উত্তৰ দি ক’লে, “মহাৰাজ আপোনাৰ দাসক সপোনটো কওঁক; আৰু আমি তাৰ ফলিতা আপোনাক ক’ম।”
8. ৰজাই উত্তৰ দিলে, “মই নিশ্চয়কৈ জানিছোঁ, এই বিষয়ত মোৰ সিদ্ধান্ত দৃঢ় হোৱা দেখি আপোনালোকে অধিক সময় বিচাৰিছে।
9. কিন্তু যদি আপোনালোকে সেই সপোন মোক নকয়, তেনেহ’লে আপোনালোকৰ বাবে কেৱল এটাই শাস্তি আছে। যেতিয়ালৈকে মোৰ মন সলনি নহয়, তেতিয়ালৈকে আপোনালোকে মোক মিছা আৰু বিভ্রান্তিকৰ কথা ক’বলৈ একেলগে সন্মত হৈছে, সেয়ে এতিয়া আপোনালোকেই মোৰ আগত সপোনটোও কওক; আৰু তেতিয়া মই জানিম যে, আপোলোকে তাৰ ফলিতাও মোৰ আগত ক’ব পাৰিব।”
10. জ্ঞানী লোকসকলে ৰজাক উত্তৰ দি ক’লে, “মহাৰাজৰ দাবী পূৰণ কৰিব পৰা এনে কোনো মানুহ পৃথিবীত নাই। মহান আৰু পৰাক্ৰমী কোনো ৰজাই মায়াবী, বা মৃতলোকৰ লগত কথা পতাৰ দাবী কৰা জনক, বা জ্ঞানী লোকৰ পৰা কেতিয়াও এনে বিষয়ত দাবী কৰা নাই।
11. মহাৰাজে যি দাবী কৰিছে, সেয়া কঠিন; আৰু মনুষ্যৰ লগত বাস নকৰা দেৱতাবোৰৰ বাহিৰে, আন কোনেও মহাৰাজৰ আগত এই বিষয়ে ক’ব নোৱাৰে।”
12. এই কথা শুনাৰ পাছত ৰজা খঙাল আৰু অতিশয় ক্রোদ্ধাম্বিত হৈ বাবিলৰ যি সকল লোক নিজৰ জ্ঞানসম্পন্নতাৰ দ্বাৰা পৰিচিত, তেওঁলোকক ধ্বংস কৰিবলৈ আজ্ঞা দিলে।
13. সেয়ে এই আজ্ঞা প্ৰচাৰিত হ’ল। জ্ঞানসম্পন্নতাৰ দ্বাৰাই পৰিচিত লোকসকলক বধ কৰিবলৈ ধৰিলে; তেওঁলোকে দানিয়েল আৰু তেওঁৰ বন্ধুসকলকো বধ কৰিবলৈ বিচাৰি ফুৰিলে।
14. তাৰ পাছত বাবিলৰ জ্ঞানসম্পন্নতাৰ দ্বাৰাই পৰিচিত লোকসকলক বধ কৰিবলৈ ওলাই অহা ৰজাৰ দেহৰক্ষক সেনাপতি অৰিয়োকক দানিয়েলে সুবুদ্ধি আৰু বিবেচনাৰে উত্তৰ দিলে।
15. দানিয়েলে ৰজাৰ সেনাপতিক সুধিলে, “ৰজাৰ এই আজ্ঞা কিয় ইমান জৰুৰী?” সেয়ে কি ঘটিছিল, সেই বিষয়ে অৰিয়োকে দানিয়েলক ক’লে।
16. তেতিয়া দানিয়েল ভিতৰলৈ গ’ল, আৰু ৰজাৰ আগত যাতে সপোন ব্যাখ্যা কৰিব পাৰে; সেই বাবে ৰজাৰ সৈতে সাক্ষাৎ কৰিবলৈ তেওঁ অনুৰোধ কৰিলে।
17. তাৰ পাছত দানিয়েল তেওঁৰ ঘৰলৈ গ’ল, আৰু হননীয়া, মীচায়েল, আৰু অজৰিয়াক যি ঘটিছিল সেই সকলো ব্যাখ্যা কৰিলে।
18. বেবিলনৰ অৱশিষ্ট জ্ঞানসম্পন্ন লোকসকলৰ সৈতে, তেওঁ আৰু তেওঁৰ বন্ধুসকলক যাতে বধ কৰা নহয়; সেই বাবে তেওঁ স্বৰ্গৰ ঈশ্বৰৰ পৰা সেই নিগূঢ় বিষয়ত অনুগ্রহ বিচাৰি প্রাৰ্থনা কৰিবলৈ তেওঁলোকক মাতিলে।
19. সেই ৰাতি দানিয়েলৰ দৰ্শনত সেই নিগূঢ় বিষয় প্ৰকাশিত হ’ল, তেতিয়া দানিয়েলে স্বৰ্গৰ ঈশ্বৰৰ ধন্যবাদ প্রশংসা কৰিলে, আৰু ক’লে,
20. ঈশ্বৰৰ নাম যুগে যুগে চিৰকাললৈকে ধন্য হওক; কিয়নো জ্ঞান আৰু পৰাক্ৰম তেওঁৰেই।
21. তেওঁ সময়, আৰু কাল পৰিবৰ্তন কৰে; তেওঁ ৰজাক তেওঁৰ সিংহাসনৰ পৰা আঁতৰাই, আৰু সিংহাসনত ৰজাক বহুৱাই; তেওঁ জ্ঞানীলোকক প্রজ্ঞা দিয়ে, আৰু বিবেচকসকলক জ্ঞান দিয়ে।
22. তেওঁ গভীৰ আৰু গোপন বিষয় প্ৰকাশ কৰে, কাৰণ তেওঁ আন্ধকাৰত কি আছে তাক জানে, আৰু তেওঁৰ লগত পোহৰ থাকে।
23. হে মোৰ পূৰ্বপুৰুষ পিতৃসকলৰ ঈশ্বৰ, মই আপোনাৰ ধন্যবাদ আৰু প্ৰশংসা কৰিছোঁ; কাৰণ আপুনি মোক প্রজ্ঞা আৰু শক্তি দিলে। আমি প্রাৰ্থনাত আপোনাৰ পৰা যি বিচাৰিছিলোঁ; এতিয়া আপুনি মোক জনালে; ৰজাৰ চিন্তনীয় বিষয় আপুনি আমাক জনালে।”
24. এই সকলোৰে সৈতে ৰজাই বাবিলৰ জ্ঞানীলোক সকলক বধ কৰিবলৈ নিযুক্ত কৰা অৰিয়োকক দানিয়েলে চাবলৈ গ’ল। তেওঁ গৈ, তেওঁক ক’লে, “বাবিলৰ জ্ঞানীলোক সকলক বধ নকৰিব। ৰজাৰ আগলৈ মোক নিৰাপত্তা দি লৈ যাওক, আৰু মই ৰজাক সপোনৰ ফলিতা ক’ম।”
25. তেতিয়া অৰিয়োকে বেগাই দানিয়েলক ৰজাৰ ওচৰলৈ লৈ গ’ল আৰু ৰজাক ক’লে, “দেশান্তৰিত যিহূদীসকলৰ মাজত মই এইজন মানুহ পালোঁ, যি জনে ৰজাৰ সপোনৰ ফলিতা ক’ব।”
26. তেতিয়া ৰজাই দানিয়েলক (যাক বেলটচচৰ মতা হৈছিল) ক’লে, “মই দেখা সপোন আৰু তাৰ ফলিতা তুমি মোক ক’ব পাৰিবা নে?”
27. তেতিয়া দানিয়েলে ৰজাৰ আগত উত্তৰ দি ক’লে, “মহাৰাজে দাবী কৰা নিগূঢ় বিষয়, জ্ঞানসম্পন্ন লোক, বা মৃতলোকৰ সৈতে কথা পতাৰ দাবী কৰাজন, বা মায়াবী, বা জ্যোতিষীৰ দ্বাৰাই প্রকাশিত হোৱা সম্ভৱ নহয়।
28. কিন্তু মহাৰাজ, স্বৰ্গত থকা এজন ঈশ্বৰ আছে; যিজনে গোপন কথা প্ৰকাশ কৰে, আৰু আহিব লগা দিনবোৰত কি ঘটিব, সেই সকলোকে তেওঁ আপোনাক জানিব দিব; আপুনি শয্যাত শুই থকা সময়ত দেখা সপোন আৰু দৰ্শন এইবোৰ:
29. হে মহাৰাজ, আপুনি শয্যাত ভবিষ্যতৰ বিষয়ে নানা কথা চিন্তা কৰিছিল; আৰু নিগূঢ় বিষয় প্ৰকাশ কৰা জনে, আগলৈ কি ঘটিব, সেই বিষয়ে আপোনাক জানিবলৈ দিলে।
30. আন জীৱিত লোকতকৈ মোৰ অধিক জ্ঞান আছে বুলি যে মোৰ আগত এই বিষয় প্ৰকাশিত হ’ল, এনে নহয়, কিন্তু মহাৰাজে যাতে সপোনৰ ফলিতা, আৰু আপোনাৰ মনৰ গভীৰ চিন্তা আপুনি জানিব পাৰে, সেই বাবে মোলৈ সেই নিগূঢ় বিষয় প্রকাশিত হ’ল।
31. হে মহাৰাজ আপুনি ওপৰলৈ চাই, এটা বৃহৎ মূৰ্তি দেখিছিল। আপোনাৰ আগত থিয় হোৱা সেই মূৰ্তি অতিশয় ডাঙৰ আৰু উজ্জ্বল আছিল; আৰু তাৰ উজ্জলতা ভয়ানক আছিল।
32. সেই মূৰ্তিটোৰ মুৰ শুদ্ধ সোণৰ, বুকু আৰু বাহু ৰূপৰ, মাজভাগ আৰু কৰঙন পিতলৰ,
33. আৰু তাৰ ভৰিবোৰ লোহাৰ, আৰু ভৰিৰ পতা কিছু পৰিমাণে লোহা আৰু কিছু পৰিমাণে মাটিৰে তৈয়াৰী আছিল।
34. আপুনি চাই থাকোঁতেই এটা শিল কাটি উলিওৱা হ’ল, কিন্তু মনুষ্যৰ হাতৰ দ্বাৰাই কটা নহয়, আৰু সেই শিলে মূৰ্তিটোৰ ভৰিৰ লোহা আৰু মাটিৰ পতা দুখনত খুন্দা মাৰি গুড়ি কৰিলে।
35. তেতিয়া সেই লোহা, মাটি, পিতল, ৰূপ আৰু সোণ একেসময়তে ডোখৰ ডোখৰ হৈ ভাঙিলে, আৰু গ্রীষ্ম কালৰ মৰণা মৰা ঠাইৰ ধূলিৰ দৰে হ’ল। বতাহে সেইবোৰ উড়ুৱাই লৈ গ’ল, আৰু তাৰ কোনো চিন পোৱা নগল; কিন্তু যি শিলটোৱে মূৰ্তিটোক খুন্দা মাৰিছিল, সেয়ে বৃহৎ পৰ্ব্বত হ’ল, আৰু গোটেই পৃথিৱী ভৰি পৰিল।
36. এয়ে আপোনাৰ সপোন আছিল। এতিয়া আমি মহাৰাজৰ আগত ফলিতা কওঁ।
37. হে মহাৰাজ, আপুনি ৰাজাধিৰাজ; স্বৰ্গৰ ঈশ্বৰে আপোনাক ৰাজ্য, ঐশ্বৰ্য্য, পৰাক্ৰম, আৰু সন্মান দিছে।
38. মানুহ বাস কৰা ঠাই, হাবিত থকা জন্তু, আৰু আকাশৰ চৰাইবোৰক, তেওঁ আপোনাৰ হাতত দিলে, আৰু সেই সকলোৰে ওপৰত আপোনাক শাসনকৰ্ত্তা পাতিলে; সেই মূৰ্তিটোৰ সোণৰ মুৰ আপুনিয়েই।
39. আপোনাৰ পাছত, আন এটা ৰাজ্য আহিব, যি আপোনাতকৈ নিকৃষ্ট হ’ব; আৰু তাৰ পাছত পিতলৰ দৰে আন এক তৃতীয় ৰাজ্য আহিব, সেয়ে গোটেই পৃথিৱীত শাসন কৰিব।
40. আৰু চতুৰ্থ ৰাজ্য লোহাৰ দৰে দৃঢ় হ’ব; কাৰণ লোহাই আন বস্তু ডোখৰ ডোখৰ কৰি ভাঙে, আৰু সকলো বস্তু গুড়ি কৰে, সেয়ে সকলো বস্তু ভাঙিব, আৰু সেইবোৰ গুড়ি হ’ব।
41. আপুনি দেখাৰ দৰে, ভৰিৰ পতা আৰু ভৰিৰ আঙুলিবোৰ কিছু পৰিমাণে শেকা মাটিৰ আৰু কিছু পৰিমাণে লোহাৰে তৈয়াৰী আছিল; সেয়ে এয়া বিভক্ত ৰাজ্য হ’ব; এই ৰাজ্যত কিছু লোহাৰ শক্তি থাকিব, আৰু আপুনি দেখাৰ দৰে লোহাৰ সৈতে কোমল মাটি মিহলি হৈ থাকিব।
42. ভৰিৰ আঙুলিবোৰ কিছু লোহাৰ আৰু কিছু মাটিৰ দ্বাৰাই তৈয়াৰী আছিল, সেই দৰে ৰাজ্যও এভাগ দৃঢ়, আৰু এভাগ সহজে ভাঙিব পৰা হ’ব।
43. আপুনি কোমল মাটিৰ সৈতে মিহলোৱা লোহা দেখাৰ দৰে সেই ৰাজ্যৰ লোকসকল সংমিশ্রণ হৈ থাকিব; কিন্তু যেনেকৈ লোহা মাটিত লাগি নাথাকে, তেনেকৈ তেওঁলোক একেলগে বাস নকৰিব।
44. আৰু সেই ৰজাসকলৰ সময়ত স্বৰ্গৰ ঈশ্বৰে এক ৰাজ্য স্থাপন কৰিব; সেয়ে কেতিয়াও বিনষ্ট নহ’ব, নাইবা আন লোকৰ দ্বাৰাই এই ৰাজ্য পৰাজিত নহ’ব, আৰু সকলো ৰাজ্যক ভাঙি ডোখৰ ডোখৰ কৰি সকলোকে সংহাৰ কৰিব; আৰু এই ৰাজ্য চিৰকাললৈকে থাকিব।
45. আপুনি দেখাৰ দৰে পৰ্বতৰ পৰা এটা শিল কাটি উলিওৱা হৈছিল; কিন্তু মনুষ্যৰ হাতৰ দ্বাৰাই কটা নহয়। সেই শিল লোহা, পিতল, মাটি, ৰূপ আৰু সোণ সকলোকে ডোখৰ ডোখৰকৈ ভাঙিছিল। মহান ঈশ্বৰে ইয়াৰ দ্বাৰাই মহাৰাজক ইয়াৰ পাছত কি ঘটিব সেই বিষয়ে জনালে; সপোনটো সঁচা আৰু তাৰ ফলিতাও বিশ্বাসযোগ্য।”
46. তেতিয়া ৰজা নবূখদনেচৰে দানিয়েলৰ আগত উবুৰি হৈ পৰিল, আৰু সন্মান জনালে; আৰু তেওঁৰ উদ্দেশ্যে নৈবেদ্য যুগুত কৰি ধূপ উৎসৰ্গ কৰিবলৈ আজ্ঞা দিলে।
47. ৰজাই দানিয়েলক ক’লে, “তোমাৰ ঈশ্বৰ সঁচা, ঈশ্বৰৰো ঈশ্বৰ, ৰজাৰো ৰজা, আৰু নিগূঢ় বিষয় প্রকাশ কৰিব পৰা এজনা, সেয়ে তুমি এই নিগূঢ় কথা বুজিব পাৰিছা।”
48. তেতিয়া ৰজাই দানিয়েলক অধিক সন্মান কৰিলে, আৰু অনেক আচৰিতজনক উপহাৰবোৰ দিলে। তেওঁ গোটেই বাবিল দেশৰ ওপৰত দানিয়েলক শাসনকৰ্ত্তা নিযুক্ত কৰিলে। দানিয়েল বাবিলত থকা সকলো জ্ঞানী লোকৰ ওপৰত প্ৰধান অধ্যক্ষ হ’ল।
49. দানিয়েলে ৰজাৰ আগত নিবেদন কৰিলে, আৰু ৰজাই চদ্ৰক, মৈচক, আৰু অবেদ-নেগোকো বাবিল প্ৰদেশৰ ওপৰত ৰাজকার্যত নিযুক্ত কৰিলে; কিন্তু দানিয়েল ৰাজ প্রাসাদত থাকিল।

সামসঙ্গীত 135:15-21
15. জাতি সমূহৰ প্রতিমাবোৰ ৰূপৰ আৰু সোণৰ; সেইবোৰ মনুষ্যৰ হাতৰ কাৰ্য।
16. সেইবোৰৰ মুখ আছে, কিন্তু সেইবোৰে কথা ক’ব নোৱাৰে; চকু আছে, কিন্তু নেদেখে;
17. কাণ আছে, কিন্তু নুশুনে, সেইবোৰৰ মুখত শ্বাস-প্ৰশ্বাসো নাই।
18. সেইবোৰ নিৰ্ম্মাণ কৰোঁতাসকল সেইবোৰৰেই নিচিনা; সেইবোৰত ভাৰসা কৰোঁতা প্ৰতিজনো সেইবোৰৰেই নিচিনা।
19. হে ইস্ৰায়েলৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; হে হাৰোণৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা;
20. হে লেবীৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; হে যিহোৱালৈ ভয় ৰখা ভক্তসকল, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা।
21. চিয়োনৰ পৰা যিহোৱাৰ ধন্যবাদ হওঁক; তেওঁ যিৰূচালেমত নিবাস কৰে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

প্রবচন 29:10-10
10. নিৰ্দ্দোষী লোকক ৰক্তপাতকাৰী সকলে ঘিণ কৰে; কিন্তু সৰল লোকসকলৰ প্রাণ বিচাৰি ফুৰে।

১ পিতৰ 5:1-14
1. মই আপোনালোকৰ মাজৰ পৰিচাৰক সকলক দৃঢ় আহ্বান জনাও যে, মইয়ো সহকর্মী সকলৰ এজন পৰিচাৰক আৰু খ্ৰীষ্টৰ দুখভোগৰ এজন সাক্ষী; প্ৰকাশিত হ’বলৈ উদ্যত হোৱা গৌৰৱৰ সহভাগী৷
2. গতিকে, মই আপোনালোকক দৃঢ় আহ্বান কৰোঁ, হে পৰিচাৰক সকল, ঈশ্ৱৰৰ মেষৰ জাকক আপোনালোকে যত্ন লওঁক৷ তেওঁলোকক প্ৰতিপালন কৰক, অৱশ্যে আৱশ্যকতাৰ কাৰণে নহয়, কিন্তু স্ৱ-ইচ্ছাৰে কৰক, কিন্তু অসৎ ধনৰ বাবে নহয়৷
3. যি সকল লোকৰ ওপৰত আপোনালোক তত্ৱাৱধায়ক, তেওঁলোকৰ ওপৰত প্ৰভুত্ৱৰে অধিকাৰ নকৰিব; কিন্তু জাকৰ আর্হি হৈ তেওঁলোকৰ তত্বাৱধান কৰক;
4. যেতিয়া প্ৰধান ৰক্ষক প্ৰকাশিত হব, তেতিয়া আপোনালোকে ঐশ্বৰ্যৰূপ অম্লান কিৰীটি পাব।
5. সেইদৰে হে ডেকা লোক সকল, আপোনালোক পৰিচাৰক সকলৰ বশীভূত হওক; আপোনালোক সকলোৱে নম্ৰতাৰে নিজকে ভালদৰে মেৰিয়াই বান্ধি লওঁক আৰু ইজনে সিজনক সেৱা কৰক; যিহেতু, ঈশ্বৰে অহংকাৰী সকলক প্ৰতিৰোধ কৰে, কিন্তু নম্ৰ সকলক অনুগ্ৰহ দান কৰে।
6. সেই কাৰণে ঈশ্ৱৰৰ পৰাক্ৰমী হাতৰ অধীনত নিজকে নম্ৰ কৰক, তাতে উপযুক্ত সময়ত ঈশ্ৱৰে আপোনালোকক উন্নত কৰিব৷
7. আপোনালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়ক; কিয়নো আপোনালোকৰ কাৰণে তেওঁ চিন্তা কৰে।
8. সচেতন হওক, পৰ দি থাকক। আপোনালোকৰ শত্ৰু চয়তানে গুজৰি থকা সিংহৰ নিচিনাকৈ যি কোনো এজনকে গ্ৰাস কৰিবলৈ গোপনে উপায় বিচাৰি ফুৰিছে।
9. তাৰ বিৰুদ্ধে থিয় হওক৷ আপোনালোকৰ বিশ্বাস দৃঢ় কৰি ৰাখক৷ এইটো জানিব যে, গোটেই জগতত থকা আপোনালোকৰ ভাতৃ সকলেও একে দুখভোগ কৰি আছে৷
10. আপোনালোকে অলপ সময় দুখভোগ কৰাৰ পাছত, সকলো অনুগ্ৰহৰ ঈশ্ৱৰ, যি জনে অনন্ত গৌৰৱৰ বাবে আপোনালোকক খ্ৰীষ্টত আমন্ত্ৰণ কৰিছে, তেৱেঁই আপোনালোকক সিদ্ধ, সুস্থিৰ আৰু বলৱন্ত কৰিব।
11. তেওঁৰ পৰাক্ৰম চিৰকাল হওক। আমেন।
12. মই চীলক বিশ্বাসী ভাই হিচাপে গণ্য কৰোঁ আৰু তেওঁৰ যোগেদি সংক্ষেপে এই পত্ৰ আপোনালোকলৈ লিখিলোঁ৷ আপোনালোকক প্ৰবোধ দিলোঁ আৰু এয়ে ঈশ্বৰৰ প্ৰকৃত অনুগ্ৰহ বুলি সাক্ষ্যও দিলোঁ৷ মই আপোনালোকক দৃঢ় আহ্বান কৰোঁ আৰু ঈশ্ৱৰৰ প্ৰকৃত অনুগ্ৰহৰ সাক্ষ্য দান কৰি, এই পত্ৰ লিখিলোঁ৷ ইয়াতে আপোনালোক দৃঢ় হৈ থাকক৷
13. আপোনালোকৰ সৈতে মনোনীত হোৱা বাবিল দেশত থকা মণ্ডলীয়ে আৰু মোৰ পুত্ৰ মাৰ্কে আপোনালোকক মঙ্গলবাদ জনাইছে।
14. প্ৰেমৰ চুমাৰে আপোনালোকে পৰস্পৰক মঙ্গলবাদ দিয়ক। খ্ৰীষ্টত যি সকল আছে, আপোনালোক সকলোৰে শান্তি হওক।