A A A A A

এজেকিয়েল 47:1-23
1. তেতিয়া সেই মানুহে মোক গৃহটিৰ দুৱাৰমুখলৈ উলিয়াই আনিলে; আৰু চোৱা! গৃহটিৰ দুৱাৰ ডলিৰ তলৰ পৰা জল সমূহ ওলাই পূৱ দিশলৈ বৈ গ’ল, কিয়নো গৃহটিৰ আগফাল পূৱদিশে আছিল; আৰু বেদিটোৰ দক্ষিণে গৃহটিৰ সোঁ কাষৰ তলৰ পৰা সেই জল সমূহ নামি গৈছিল।
2. পাছত তেওঁ মোক বাটচৰাটোৰ বাটেদি উত্তৰফালে উলিয়াই নিলে আৰু মোক ঘূৰি অহা বাটেদি, পূৱফালে মুখ কৰা বাটচৰাটোলৈ যোৱা পথেদি বাহিৰৰ বাটচৰাটোলৈ আনিলে, আৰু চোৱা, সোঁ ফালে জল সমূহ ওলাই বৈ গৈছিল।
3. পাছত পুৰুষজনে হাতত ৰছী এডাল লৈ পূৱফাললৈ আগ বাঢ়ি গৈ এক হাজাৰ হাত জুখিলে আৰু মোক জল সমূহৰ মাজেদি নিলে; সেয়ে খাৰ-গঁঠিয়া পানী।
4. তেতিয়া তেওঁ এক হাজাৰ হাত জুখিলে আৰু জল সমূহৰ মাজেদি মোক নিলে; সেয়ে একাঁঠুৱা পানী। পুনৰায় তেওঁ এক হাজাৰ হাত জুখিলে আৰু মোক জল সমূহৰ মাজেদি নিলে; সেয়ে এককলীয়া পানী।
5. পাছত তেওঁ আকৌ এক হাজাৰ হাত জুখিলে, সেয়ে মই পাৰ হৈ যাব নোৱাৰা এখন নদী; কিয়নো জল সমূহ বাঢ়িল, সাঁতোৰিব লগা জল সমূহ হ’ল, পাৰ হৈ যাব নোৱাৰা এখন নদী হ’ল।
6. তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, তুমি ইয়াক দেখিছা নে?” এইবুলি তেওঁ মোক পুনৰায় নদীখনৰ দাঁতিলৈ লৈ গ’ল।
7. মই উলটি অহাত, চোৱা, নদীখনৰ পাৰত ইপাৰে সিপাৰে অনেক অনেক গছ আছে।
8. পাছত তেওঁ মোক ক’লে, এই জল সমূহ পূৱ অঞ্চললৈ ওলাই গৈছে; এয়ে অৰাবাৰ মাজেদি নামি যাব, তাৰ পাছত সমূদ্ৰলৈ যাব; এই জন সমূহ সমূদ্ৰত সোমালে তাৰ পানী উত্তম হৈ যাব।
9. আৰু এই মহানদীখন যোৱা সকলো ঠাইৰ অসংখ্য জীৱ-জন্তু জীব আৰু বহুসংখ্যক মাছ হ’ব; কিয়নো এই জল সমূহ সমূদ্ৰলৈ গ’লে তাৰ জল সমূহ উত্তম হৈ যাব; আৰু নদীখন যোৱা সকলো ঠাই সকলো প্ৰাণী জীব।
10. তাৰ পাৰত মাছমৰীয়াসকল থিয় হ’ব আৰু অয়িন-গদীৰ পৰা অয়িন-ইগ্লয়িমলৈকে জাল মেলি দিয়া ঠাই হ’ব; তেওঁলোকৰ মাছ মহাসমূদ্ৰৰ মাছৰ দৰে নানা বিধৰ অসংখ্য মাছ হ’ব।
11. কিন্তু তাৰ বোকা ঠাই আৰু দল-দলনিবোৰ উত্তম নহ’ব; সেইবোৰ লোণীয়া ঠাই হ’ব।
12. আৰু নদীখনৰ কাষত, তাৰ পাৰত ইফালে সিফালে সকলোবিধৰ খোৱা গুটিৰ গছ হ’ব, সেইবোৰৰ পাত জঁয় নপৰিব আৰু গুটি নুঢুকাব; জল সমূহ ধৰ্মধামৰ পৰা ওলোৱাৰ কাৰণে সেইবোৰত মাহে মাহে নতুন নতুন গুটি ধৰিব; আৰু সেইবোৰৰ গুটি আহাৰৰ কাৰণে, আৰু সেইবোৰৰ পাত সুস্থ কৰিবৰ কাৰণে হ’ব।
13. প্ৰভু যিহোৱাই এই কথা কৈছে, যি সীমাৰ ভিতৰত তোমালোকে ইস্ৰায়েলৰ বাৰ ফৈদ অনুসাৰে আধিপত্যৰ কাৰণে দেশ ভাগ বাঁটিবা, সেই সীমা এই; যোচেফে দুভাগ পাব।
14. আৰু মই তোমালোকৰ পূৰ্বপুৰুষসকলক দিবলৈ যি দেশৰ বিষয়ে হাত দাঙি শপত কৰিছিলোঁ, সেই দেশ তোমালোকে সমানে আধিপত্যস্বৰূপে ল’বা; সেই দেশ আধিপত্যস্বৰূপে তোমালোকৰ হ’ব।
15. আৰু দেশৰ সীমা এইদৰে হ’ব। উত্তৰফালে মহাসমূদ্ৰৰ পৰা হিতলোনৰ বাটেদি চদাদৰ প্ৰৱেশ স্থানৰ ফাললৈ।
16. হমাৎ, বেৰোথা, দম্মেচকৰ আৰু হমাতৰ সীমাৰ মাজত থকা চিব্ৰয়িম, আৰু হাওৰাণৰ সীমাত থকা হাচেৰ-হত্তীকোণ।
17. এইদৰে সীমাটো সমুদ্ৰৰ পৰা দম্মেচকৰ সীমাত থকা হচৰ-ঐনোনলৈকে যাব আৰু উত্তৰ ফালে উত্তৰদিশে হমাতৰ সীমা।
18. এয়ে উত্তৰ ফাল। আৰু পূৱফাল হাওৰাণ, দম্মেচক, ও গিলিয়দ, এই কেইটাৰে আৰু ইস্ৰায়েল দেশৰে মাজত থকা যৰ্দ্দন হ’ব; উত্তৰ সীমাৰ পৰা পূৱ সমূদ্ৰলৈকে তোমালোকে জুখিবা।
19. এয়ে পূৱ ফাল। আৰু দক্ষিণ দিশে দক্ষিণ ফাল, তামৰৰ পৰা মৰীবোৎ-কাদেচৰ জল সমূহেদি, মিচৰ জুৰিয়েদি মহাসমূদ্ৰলৈকে হ’ব। এয়ে দক্ষিণ দিশৰ দক্ষিণ ফাল।
20. আৰু দক্ষিণ সীমাৰে পৰা হমাতৰ প্ৰৱেশস্থানৰ সন্মূখলৈকে পশ্চিমফাল মহাসাগৰ হ’ব।
21. এয়ে পশ্চিমফাল। এইদৰে ইস্ৰায়েলৰ ফৈদ অনুসাৰে তোমালোকে এইদেশ তোমালোকৰ কাৰণে ভাগ বাঁটিবা।
22. তোমালোকে নিজৰ নিজৰ কাৰণে, আৰু বিদেশী লোকসকলে তোমালোকৰ মাজত প্ৰবাস কৰি তোমালোকৰ মাজত সন্তান উৎপন্ন কৰিব, তেওঁলোকৰ কাৰণেও তাক আধিপত্যৰ অৰ্থে চিঠি-খেলৰে বাগ বাঁটিবা; আৰু তেওঁলোক ইস্ৰায়েলৰে সন্তান সকলৰ মাজত তোমালোকৰ বিবেচনাত স্বজাতীয় যেন হ’ব; তেওঁলোকে ইস্ৰায়েলৰ ফৈদবোৰৰ মাজত তোমালোকৰ লগত আধিপত্য পাব।
23. তেতিয়া প্ৰভু যিহোৱাই কৈছে, ‘যি ফৈদৰ মাজত বিদেশীয়ে বাস কৰিব, তাতেই তোমালোকে তাৰ আধিপত্য দিবা।’

এজেকিয়েল 48:1-35
1. ফৈদবোৰ এই এই নাম। একেবাৰে মূৰত উত্তৰ ফালে হিতলোনৰ বাটৰ কাষেদি হমাতৰ প্ৰৱেশস্থানলৈকে দম্মেচকৰ সীমাত থকা হচৰ-ঐননলৈকে, উত্তৰফালে হমাতৰ কাষত পূৱ আৰু পশ্চিমলৈ দানে এক অংশ পাব।
2. আৰু দানৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ আচেৰে এক অংশ পাব।
3. আৰু আচেৰৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ নপ্তালীয়ে এক অংশ পাব।
4. আৰু নপ্তালীৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ মনচিয়ে এক অংশ পাব।
5. আৰু মনচিৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ ইফ্ৰয়িমে এক অংশ পাব।
6. আৰু ইফ্ৰয়িমৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ ৰূবেণে এক অংশ পাব।
7. আৰু ৰূবেণৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ যিহূদাই এক অংশ পাব।
8. আৰু যিহূদাৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ, পঁচিশ হাজাৰ হাত বহল আৰু দীঘলে পূৱ ফালৰ পৰা পশ্চিম ফাললৈ আন অংশবোৰৰ এক অংশ সমান তোমালোকে দিব লগা উপহাৰ ভূমি হ’ব; আৰু ধৰ্মধাম তাৰ মাজত হ’ব।
9. যিহোৱাৰ উদ্দেশ্যে তোমালোকে দিব লগা উপহাৰ ভূমি পঁচিশ হাজাৰ হাত দীঘল আৰু দহ হাজাৰ হাত বহল হ’ব।
10. আৰু সেই পবিত্ৰ উপহাৰ ভূমি পুৰোহিতসকলৰ কাৰণে হ’ব। সেয়ে উত্তৰ ফালে পঁচিশ হাজাৰ হাত দীঘল, পশ্চিম ফালে দহ হাজাৰ হাত বহল, পূৱ ফালে দহ হাজাৰ হাত বহল, আৰু দক্ষিণ ফালে পঁচিশ হাজাৰ হাত দীঘল হ’ব; তাৰ মাজ ঠাইত যিহোৱাৰ ধৰ্মধাম থাকিব।
11. ইস্ৰায়েলৰ সন্তান সকল বিপথে যোৱা সময়ত লেবীয়াসকলে বিপথে যোৱাৰ দৰে বিপথে নোযোৱা মোৰ ৰক্ষমীয় ৰক্ষা কৰা চাদোকৰ সন্তান সকলৰ মাজৰ পবিত্ৰীকৃত পুৰোহিতসকলৰ কাৰণে সেয়ে হ’ব।
12. সেয়ে তেওঁলোকৰ পক্ষে, দেশৰ উপহাৰ ভূমিৰ পৰা লোৱা, লেবীয়াসকলৰ সীমাৰ কাষত এক অতি পবিত্ৰ উপহাৰ হ’ব।
13. আৰু লেবীয়াসকলে পুৰোহিতসকলৰ সীমাৰ সন্মুখত দীঘলে পঁচিশ হাজাৰ হাত আৰু বহলে দহ হাজাৰ হাত এডোখৰ ভূমি পাব; তাৰ গোটেই দৈৰ্ঘ্য পঁচিশ হাজাৰ হাত আৰু প্ৰস্থ দহ হাজাৰ হাত।
14. তেওঁলোকে ইয়াৰ অলপো সলনি নকৰিব, নাইবা দেশৰ প্ৰথম ফল হস্তান্তৰ নকৰিব; কিয়নো এয়ে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ।
15. আৰু পঁচিশ হাজাৰ হাতৰ সন্মুখৰ বহলৰ বাকী পাঁচ হাজাৰ হাত সাধাৰণ হ’ব; সেয়ে নগৰখন বসতিস্থান আৰু চাৰিওফালৰ মুকলি ঠাইৰ কাৰণে হ’ব; নগৰখন তাৰ মাজ ঠাইত হ’ব।
16. তাৰ পৰিমাণ এইবোৰ; উত্তৰফাল চাৰি হাজাৰ পাঁচশ হাত, দক্ষিণ ফাল চাৰি হাজাৰ পাঁচশ হাত, পূৱ ফাল চাৰি হাজাৰ পাঁচ শ হাত আৰু পশ্চিম ফাল চাৰি হাজাৰ পাঁচ শ হাত।
17. আৰু নগৰখনৰ চাৰিওফালে মুকলি ঠাই থাকিব; উত্তৰ দিশে দুশ পঞ্চাশ হাত, দক্ষিণ দিশে দুশ পঞ্চাশ হাত পূৱ দিশে দুশ পঞ্চাশ হাত আৰু পশ্চিম দিশে দুশ পঞ্চাশ হাত।
18. আৰু পবিত্ৰ উপহাৰ ভূমিৰ সন্মুখৰ দীঘলৰ বাকী ভাগ পূৱ দিশে দহ হাজাৰ হাত আৰু পশ্চিম দিশে দহ হাজাৰ হাত হ’ব আৰু এয়ে পবিত্ৰ উপহাৰ ভূমিৰ আগত হ’ব; আৰু তাৰ উৎপন্ন শস্য নগৰখনত কাম কৰোঁতা লোকসকলৰ আহাৰৰ কাৰণে হ’ব।
19. আৰু ইস্ৰায়েলৰ আটাই ফৈদৰ মাজৰ যি লোকসকলে নগৰখনত কাম কৰে, তেওঁলোকে তাক চহাব।
20. গোটেই উপহাৰ ভূমি দীঘলে পঁচিশ হাজাৰ হাত আৰু বহলে পঁচিশ হাজাৰ হাত হ’ব; তোমালোকে নগৰখনৰ অধিকৃত অংশই সৈতে সেই পবিত্ৰ উপহাৰ ভূমি চাৰি-চুকীয়া কৰি উৎসৰ্গ কৰিবা।
21. পবিত্ৰ উপহাৰ ভূমিৰ আৰু নগৰখনৰ অধিকৃত অংশৰ ইফালৰ সিফালৰ অৱশিষ্ট ভাগ অধিপতিজনৰ কাৰণে হ’ব; পূৱ সীমাৰ ফালে উপহাৰ ভূমিৰ পঁচিশ হাজাৰ হাতৰ সন্মুখৰ আৰু পশ্চিম দিশে পশ্চিম সীমাৰ ফাললৈ পঁচিশ হাজাৰ হাতৰ সন্মূখৰ অংশবোৰৰ কাষৰ ভাগ অধিপতিজনৰ কাৰণে হ’ব; আৰু পবিত্ৰ উপহাৰ ভূমি ও গৃহটিৰ ধৰ্মধাম তাৰ মাজ ঠাইত হ’ব।
22. অধিপতিজনৰ অংশৰ মাজ ঠাইত থকা যি ভাগ লেবীয়াসকলৰ অধিকৃত অংশৰ আৰু নগৰ খনৰ অধিকৃত অংশৰ বাহিৰে যিহূদা আৰু বিন্যামীনৰ সীমাৰ মাজত হ’ব সেয়ে অধিপতিজনৰ হ’ব।
23. আৰু অৱশিষ্ট ফৈদবোৰৰ এই এই অংশ হ’ব; পূৱ ফালৰ পৰা পশ্চিম ফাললৈ বিন্যামীনে এক অংশ পাব।
24. আৰু বিন্যামীনৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ চিমিয়োনে এক অংশ পাব।
25. আৰু চিমিয়োনৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ ইচাখৰে এক অংশ পাব।
26. আৰু ইচাখৰৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ জবূলূনে এক অংশ পাব।
27. আৰু জবূলূনৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ গাদে এক অংশ পাব।
28. গাদৰ সীমাৰ কাষেদি দক্ষিণ ফালে দক্ষিণ দিশে তামৰৰ পৰা মৰীবোৎ কাদেচৰ জল সমূহৰ মাজেদি, মিচৰ জুৰিয়েদি মহাসমূদ্ৰলৈ সীমা হ’ব।
29. প্ৰভু যিহোৱাই কৈছে, আধিপত্যৰ অৰ্থে ইস্ৰায়েলৰ ফৈদবোৰ কাৰণে তোমালোকে চিঠি-খেলৰে ভাগ বাঁটিব লগা দেশ এয়ে, আৰু এইবোৰেই তেওঁলোকৰ অংশ।
30. আৰু নগৰখন, চাৰিওফালৰ সীমা এইবোৰ। উত্তৰ ফালে চাৰিহাজাৰ পাঁচশ হাত। আৰু
31. নগৰখনৰ দুৱাৰবোৰ ইস্ৰায়েলৰ ফৈদৰ নাম অনুসাৰে হ’ব; উত্তৰ ফালে তিনিখন দুৱাৰ, ৰূবেণৰ এখন, যিহূদাৰ এখন আৰু লেবীৰ এখন।
32. আৰু পূৱ ফালে চাৰি হাজাৰ পাঁচ শ হাত, আৰু তিনিখন দুৱাৰ, যোচেফৰ এখন, বিন্যামীনৰ এখন আৰু দানৰ এখন।
33. আৰু দক্ষিণ ফালে চাৰি হাজাৰ পাঁচ শ হাত, আৰু তিনিখন দুৱাৰ, চিমিয়োনৰ এখন, ইচাখৰৰ এখন, আৰু জবূলূনৰ এখন।
34. আৰু পশ্চিম ফালে চাৰি হাজাৰ পাঁচ শ হাত আৰু তাৰ তিনিখন দুৱাৰ, গাদৰ এখন, আচেৰৰ এখন, আৰু নপ্তালীৰ এখন।
35. চাৰিওফালে ওঠৰ হাজাৰ হাত হ’ব; আৰু সেই দিনৰ পৰা নগৰখন “যিহোৱা চাম্মা”, এই নামেৰে প্ৰখ্যাত হ’ব।

সামসঙ্গীত 135:8-14
8. তেঁৱেই মিচৰ দেশত প্ৰথমে জন্মা সন্তান সকলক আঘাত কৰিছিল; মানুহ আৰু পশু উভয়ৰে প্রথম সন্তানক মাৰিলে।
9. হে মিচৰ, তেওঁ তোমাৰ মাজত চিন আৰু অদ্ভুত লক্ষণবোৰ পঠালে; ফৰৌণ আৰু তেওঁৰ সকলো পৰিচাৰকৰ বিৰুদ্ধে পঠাই দিলে।
10. তেওঁ অনেক জাতিক আঘাত কৰিলে, পৰাক্ৰমী ৰজাসকলক বধ কৰিলে।
11. ইমোৰীয়াবোৰৰ ৰজা চীহোন, বাচানৰ ৰজা ওগক বধ কৰিলে; কনানৰ সমুদায় ৰাজ্য তেওঁ বিনষ্ট কৰিলে।
12. তেওঁলোকৰ দেশবোৰ তেওঁ অধিকাৰৰ কাৰণে দিলে; নিজৰ লোক ইস্ৰায়েলক অধিকাৰৰ কাৰণে দিলে।
13. হে যিহোৱা, তোমাৰ নাম অনন্তকাল স্থায়ী; হে যিহোৱা তোমাৰ স্মৰণ পুৰুষানুক্ৰমে স্থায়ী।
14. কিয়নো যিহোৱাই নিজ লোকসকলৰ বিচাৰ কৰিব, নিজ দাসবোৰক কৃপা কৰিব।

প্রবচন 29:9-9
9. যেতিয়া অজ্ঞানী লোকৰ লগত জ্ঞানী লোকৰ বিবাদ হয়, তেতিয়া তেওঁ ক্রোধিত হৈ হাঁহে, আৰু কোনো শান্তি লাভ নকৰে।

১ পিতৰ 4:1-19
1. এতেকে, খ্ৰীষ্টই মাংসত দুখভোগ কৰাৰ কাৰণে, নিজকে সেই একে অভিপ্ৰায়েৰে সুসজ্জিত কৰক৷ যি জনে মাংসত দুখভোগ কৰে, সেই জনে পাপৰ পৰা ক্ষান্ত হয়৷
2. এনে ব্যক্তিয়ে মাংসিক অভিলাষত দীর্ঘ সময় জীৱন-যাপন নকৰে৷ কিন্তু ঈশ্বৰৰ ইচ্ছাৰ দৰে মানৱ জীৱনৰ অৱশিষ্ট সময় কটায়৷
3. যিহেতু অনা-ইহুদী সকলে কৰি অহা, ইন্দ্ৰিয়পৰায়ণতা, আবেগ, সুৰাসক্ত, পানার্থক আমোদ-প্ৰমোদ, ঘিণলগীয়া মূৰ্তিপূজা - এইবোৰত যি সময় পাৰ কৰিলে সেয়াই যথেষ্ট৷
4. তাতে আপোনালোকে তেওঁলোকৰ সৈতে সেইবোৰ কর্ম নকৰা দেখি তেওঁলোকে আচৰিত মানি আপোনালোকক নিন্দা কৰে।
5. কিন্তু যি জন জীৱিত আৰু মৃত লোক সকলৰ সোধ-বিচাৰ কৰিবলৈ যুগুত আছে, তেওঁৰ আগত তেওঁলোকে হিচাব দিব লাগিব।
6. কিয়নো যি সকল মৰিল, তেওঁলোকৰ আগত এই অভিপ্ৰায়েৰে শুভবাৰ্তা প্ৰচাৰ কৰা হৈছিল, যদিও তেওঁলোকৰ বিচাৰ যিহেতু মানৱ শৰীৰত হব, আত্মাত তেওঁলোক সেই অনুসাৰে ঈশ্ৱৰলৈ জীৱিত৷
7. কিন্তু সকলোৰে শেষ ওচৰ চাপিছে; এতেকে প্ৰাৰ্থনাৰ কাৰণে সুবোধ আৰু সচেতন হৈ থাকক;
8. বিশেষকৈ আপোনালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখক; কিয়নো প্ৰেমে আনৰ পাপ সমূহ নিবিচাৰে।
9. আপত্তি নকৰাকৈ ইজন-সিজনৰ প্ৰতি অতিথিপৰায়ণ হওক।
10. আপোনালোকে যেনেকৈ প্ৰতিজনে অনুগ্ৰহৰ বৰ পালে, তেনেকৈ ঈশ্বৰৰ বহুবিধ অনুগ্ৰহৰূপ ধনৰ উত্তম তত্ৱাৱধায়কৰদৰে, আপোনালোকে পৰস্পৰক সেৱা শুশ্ৰূষা কৰক;
11. যদি কোনোৱে কথা কয়, তেনেহলে ঈশ্বৰৰ বাক্যৰদৰে কওক; যদি কোনোৱে সেৱা শুশ্ৰূষা কৰে, তেনেহলে ঈশ্বৰে দিয়া শক্তি অনুসাৰে কৰক; এইদৰে সকলো বিষয়তে যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰ মহিমান্বিত হয়; তেওঁৰেই মহিমা আৰু পৰাক্ৰম চিৰকাল হওক। আমেন।
12. হে প্ৰিয় লোক সকল, আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আপোনালোকৰ মাজত যি অগ্নিময় কষ্টৰ জুই জ্ৱলিছে, এইবোৰত আপোনালোকে বিস্মিত নহ’ব, কোনো অদ্ভুত বিষয় ঘটিছে বুলি মনত নাভাবিব৷
13. কিন্তু খ্ৰীষ্টৰ দুখভোগৰ সহভাগী হোৱা বাবে আপোনালোকে আনন্দ কৰক, ইয়াৰ উপৰি তেওঁৰ গৌৰৱ প্ৰকাশিত হোৱা সময়ত আপোনালোকে অধিক আনন্দ আৰু উল্লাস কৰিব পাৰিব।
14. আপোনালোক ধন্য, যদি আপোনালোকে খ্ৰীষ্টৰ নামৰ কাৰণে নিন্দিত হয়; কাৰণ ঈশ্ৱৰৰ আত্মা আৰু গৌৰৱৰ আত্মা আপোনালোকৰ ওপৰত স্থিৰ হৈ আছে।
15. কিন্তু আপোনালোকৰ মাজত কোনেও যেন নৰবধী, চোৰ, কুকৰ্মকাৰী বা পৰচৰ্চ্চাকাৰী বুলি দুখভোগ নকৰক;
16. যদি কোনো এজনে খ্ৰীষ্টিয়ান হোৱা কাৰণে দুখভোগ কৰে, তেনেহলে লজ্জিত নহওক; কিন্তু সেই নামেৰে ঈশ্বৰক মহিমান্বিত কৰক।
17. কিয়নো ঈশ্বৰৰ পৰিয়াল বর্গৰ সৈতে সোধ-বিচাৰৰ সময় আৰম্ভ হৈছে; আৰু সেয়ে যদি প্ৰথমে আমাৰ সৈতে আৰম্ভ হয়, তেনেহলে ঈশ্বৰৰ শুভবাৰ্তা নমনা সকলৰ শেষগতি কি হ’ব?
18. আৰু যদি ধাৰ্মিক লোকেই কোনো প্ৰকাৰেহে পৰিত্ৰাণ পায়, তেনেহলে ভক্তিহীন আৰু পাপিষ্ঠ লোকে ক’ত মুখ দেখুৱাব?
19. এই কাৰণে যি সকল লোকে ঈশ্বৰৰ ইচ্ছা অনুসাৰে দুখভোগ কৰে, সেই লোক সকলে সৎ কৰ্ম কৰি, নিজ নিজ জীৱাত্মাক বিশ্বাসী সৃষ্টিকৰ্ত্তাৰ হাতত সমৰ্পণ কৰক।