A A A A A

এজেকিয়েল 43:1-27
1. পাছত সেই মানুহে বাট-চৰাটোলৈ, পূৱফালে মুখ কৰা বাট-চৰাটোলৈ মোক নিলে।
2. আৰু চোৱা! পূৱফালৰ পৰা ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আহিল; তেওঁৰ ধ্বনি বহু জল সমূহৰ শব্দৰ দৰে আৰু পৃথিৱী তেওঁৰ গৌৰৱেৰে উজ্জ্বল হ’ল!
3. আৰু মই দৰ্শনত দেখা পদাৰ্থৰ দৰে, নগৰখন ধ্বংস কৰিবলৈ অহা সময়ত মই দৰ্শনত দেখা পদাৰ্থ আছিল আৰু কবাৰ নদীৰ ওচৰত মই দৰ্শনত দেখা পদাৰ্থৰ দৰেই এই দৰ্শনত দেখা পদাৰ্থ আছিল। তাতে মই উবুৰি হৈ পৰিলোঁ!
4. আৰু যিহোৱাৰ গৌৰৱ পূৱফালে মুখ কৰা বাট-চৰাটোৰ বাটেদি গৃহটিত সোমাল।
5. তেতিয়া আত্মাই মোক তুলি ভিতৰ-চোতালখনলৈ নিলে; আৰু চোৱা, যিহোৱাৰ গৌৰৱে গৃহটি পৰিপূৰ্ণ কৰিলে!
6. আৰু গৃহটিৰ ভিতৰৰ পৰা এজনে মোক কথা কোৱা মই শুনিবলৈ পালোঁ। আৰু এজন পুৰুষ মোৰ ওচৰত থিয় হ’লহি।
7. তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, এয়ে মোৰ সিংহাসনৰ আৰু মোৰ ভৰিৰ তলুৱাৰ ঠাই; ইয়াত মই চিৰকাললৈকে ইস্ৰায়েলৰ সন্তান সকলৰ মাজত বাস কৰিম, আৰু ইস্ৰায়েল বংশই তেওঁলোকে বা তেওঁলোকৰ ৰজাসকলে নিজৰ বেশ্যাকৰ্মৰে, আৰু তেওঁলোকৰ ৰজাসকলৰ মৰণ কালত তেওঁলোকৰ ‘মৰা শৱেৰে’ মোৰ পবিত্ৰ নাম পুনৰায় অশুচি নকৰিব।
8. তেওঁলোকে মোৰ দুৱাৰডলিৰ ওচৰত তেওঁলোকৰ দুৱাৰডলি, আৰু মোৰ দুৱাৰ খুটাৰ ওচৰত তেওঁলোকৰ দুৱাৰ খুঁটা দি, মোৰ আৰু তেওঁলোকৰ মাজত কেৱল এটা দেৱাল ৰাখি অশুচি নকৰিব। তেওঁলোকে কৰা তেওঁলোকৰ ঘিণলগীয়া কাৰ্যেৰে তেওঁলোকে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিলে; এই কাৰণে মই ক্ৰোধত তেওঁলোকক নষ্ট কৰিলোঁ।
9. এতিয়া তেওঁলোকৰ বেশ্যাকৰ্ম আৰু তেওঁলোকৰ ৰজাসকলৰ মৰা শৱ তেওঁলোকে মোৰ পৰা দূৰ কৰক; তাতে মই তেওঁলোকৰ মাজত চিৰকাললৈকে বাস কৰিম।
10. হে মনুষ্য সন্তান, ইস্ৰায়েল-বংশই নিজ অপৰাধৰ কাৰণে লাজ পাবৰ কাৰণে তুমি তেওঁলোকক গৃহটি দেখুউৱা; আৰু সুন্দৰ কৈ গঁথা গৃহটি তেওঁলোকে জোখক।
11. আৰু তেওঁলোকে কৰা আটাই কাৰ্যৰ কাৰণে যদি তেওঁলোক লজ্জিত হয়, তেন্তে তেওঁলোকে গৃহটিৰ সমূদায় আকৃতি আৰু তাৰ আটাই নিয়ম প্ৰণালী ৰক্ষা কৰি সেই মতে যেন কাৰ্য কৰে, এই অভিপ্ৰায়ে গৃহটিৰ আকাৰ, তাৰ গঠন, ভিতৰলৈ বাহিৰলৈ অহা যোৱা কৰা তাৰ বাটবোৰ, তাৰ সকলো প্ৰকাৰ আকাৰ আৰু তাৰ আটাই ব্যৱস্থা তেওঁলোকক জনোৱা আৰু তেওঁলোকৰ আগতে লিখা।
12. এয়ে গৃহটিৰ ব্যৱস্থা, পৰ্ব্বতখনৰ টিঙত তাৰ সমুদায় সীমা চাৰিওফালে পবিত্ৰ হ’ব। চোৱা! গৃহটিৰ ব্যৱস্থা এয়ে।
13. আৰু যজ্ঞ-বেদিটোৰ হাতৰ জোখ এইবোৰেই সেই হাত, এক হাত চাৰি আঙুল। তল ভাগ এক হাত, প্ৰস্থ এক হাত আৰু চাৰিওফালে তাৰ কিনাৰৰ বাৰ এবেগেত হ’ব; এয়ে যজ্ঞ-বেদিটোৰ তলি হ’ব।
14. আৰু মাটিত থকা তল ভাগৰ পৰা তল খাপলৈ দুহাত আৰু বহলে এক হাত হ’ব।
15. আৰু যজ্ঞ-বেদিটোৰ ওপৰ ভাগ চাৰি হাত হ’ব আৰু যজ্ঞ-বেদিটোৰ জুইশালৰ পৰা ওপৰলৈ চাইটা শিং হ’ব।
16. যজ্ঞ-বেদিটোৰ জুইশাল বাৰ হাত দীঘল আৰু বাৰ হাত বহল হ’ব; তাৰ চাৰিওফালে সমান হ’ব।
17. আৰু ওপৰ ভাগ চৌদ্ধ হাত দীঘল আৰু চৌদ্ধ হাত বহল, চাৰিচুকীয়া হ’ব; আৰু তাৰ চাৰিওফালে থকা বাৰ আধা হাত, আৰু তাৰ তল ভাগ চাৰিওফালে এক হাত হ’ব; তাৰ খটখটী পূৱফাললৈ মুখ কৰি থাকিব।”
18. তাৰ পাছত তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, প্ৰভু যিহোৱাই এই কথা কৈছে: যজ্ঞ-বেদিটো সাজি এঁটোৱা দিনা তাত হোম বলি উৎসৰ্গ কৰিবলৈ আৰু তেজ ছটিয়াবলৈ তাৰ নিয়ম প্ৰণালী এইবোৰ।
19. মোৰ পৰিচৰ্যা কৰিবলৈ মোৰ ওচৰত থকা চাদোক বংশৰ লেবীয়া পুৰোহিতসকলক তুমি পাপাৰ্থক বলিৰ কাৰণে এটা ডেকা ভতৰা দিবা।” এয়েই প্ৰভু যিহোৱাই দিয়া ঘোষণা
20. তেতিয়া তুমি তাৰ অলপ তেজ লৈ বেদিটোৰ চাৰিটা শিঙত, তাৰ ওপৰ ভাগৰ চাৰি চুকত আৰু চাৰিওফালে তাৰ বাৰত লগাবা; তুমি এইদৰে তাক শুচি কৰিবা।
21. পাছত পাপাৰ্থক বলিৰ সেই ভতৰাটো লৈ তাক ধৰ্মধামৰ বাহিৰে গৃহৰ নিৰূপিত ঠাইত দাহ কৰা হ’ব।
22. তেতিয়া দ্বিতীয় দিনা তুমি পাপাৰ্থক বলিৰ কাৰণে এটা নিঘূণ মতা ছাগ উৎসৰ্গ কৰিবা; তাতে পুৰোহিতসকলে ভতৰাটোৰে যজ্ঞ-বেদিটো শুচি কৰা দৰে যজ্ঞ-বেদিটো শুচি কৰিব।
23. তাক শুচি কৰি এঁটালে তুমি এটা নিঘুণ ডেকা ভতৰা আৰু জাকৰ পৰা এটা নিঘূণ মতা মেৰ উৎসৰ্গ কৰিবা।
24. তুমি সেই দুটাক যিহোৱাৰ আগলৈ আনিবা; তাতে পুৰোহিতসকলে সেইবোৰৰ ওপৰত লোণ ছটিয়াব আৰু তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে হোম-বলিস্বৰূপে সেইবোৰ উৎসৰ্গ কৰিব।
25. তুমি সাতদিনলৈকে প্ৰতিদিনে পাপাৰ্থক বলিস্বৰূপে এটা এটা ছাগ উৎসৰ্গ কৰিবা; আৰু তেওঁলোকে এটা ডেকা ভতৰা, আৰু জাকৰ পৰা এটা নিঘূণ মেৰ উৎসৰ্গ কৰিব।
26. সাতদিনলৈকে তেওঁলোকে যজ্ঞবেদিটো প্ৰায়শ্চিত্ত কৰি তাক শুচি কৰিব; এইদৰে তেওঁলোকে তাৰ প্ৰতিষ্ঠা কৰিব।
27. আৰু তেওঁলোকে দিন সম্পূৰ্ণ হ’লে, অষ্টম দিনা আৰু তাৰ পাছত পুৰোহিতদকলৰ যজ্ঞ-বেদিটোত তোমালোকৰ হোম বলি আৰু তোমালোকৰ মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব; তাতে, প্ৰভু যিহোৱাই কৈছে, “মই তোমালোকক গ্ৰহণ কৰিম।”

এজেকিয়েল 44:1-31
1. তেতিয়া সেই মানুহে ধৰ্মধামৰ পূৱফালে মুখ কৰা বাহিৰ বাট-চৰাটোলৈ মোক ওলোটাই নিলে, সেয়ে টানকৈ বন্ধ কৰি থোৱা আছিল।
2. পাছত যিহোৱাই মোক ক’লে, “এই বাট-চৰাটো বন্ধ থাকিব, মেলা নাযাব আৰু এইপিনে কোনো লোক নোসোমাব; কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইফালেই প্ৰৱেশ কৰিলে; এই হেতুকে ই বন্ধ থাকিব।
3. অধিপতিজনৰ বিষয়ে হ’লে, কেৱল তেওঁহে যিহোৱাৰ আগত আহাৰ কৰিবৰ অৰ্থে তাত বহিব তেওঁ বাট-চৰাটোৰ বাৰাণ্ডাৰ বাটেদি সোমাব আৰু সেই একে বাটেদিয়েই বাহিৰ ওলাব।”
4. তাৰ পাছত তেওঁ উত্তৰ বাট-চৰাটোৰ বাটেদি মোক গৃহটিৰ আগলৈ নিলে আৰু মই চাই দেখিলোঁ, যিহোৱাৰ গৌৰৱে যিহোৱাৰ গৃহটি পৰিপূৰ্ণ কৰিলে; তাতে মই উবুৰি হৈ পৰিলোঁ!
5. পাছে যিহোৱাই মোক ক’লে, “হে মনুষ্য সন্তান, যিহোৱাৰ গৃহটিৰ সকলো নিয়ম প্ৰণালী আৰু তাৰ আটাই ব্যৱস্থাৰ বিষয়ে মই তোমাক যি যি ক’ম, তুমি সেই সকলোলৈ মনোযোগ কৰা, চকুদিয়া, কাণ দিয়া আৰু ধৰ্মধামৰ বাহিৰলৈ যোৱা প্ৰত্যেক বাটলৈ আৰু গৃহটিৰ প্ৰৱেশস্থানলৈ ভালকৈ মন দি চোৱা।
6. আৰু তুমি বিদ্ৰোহী ইস্ৰায়েল বংশক ক’বা, প্ৰভু যিহোৱাই এই কথা কৈছে:
7. হে ইস্ৰায়েল বংশ, তোমালোকে মোক আহাৰ, অৰ্থাৎ তেল আৰু তেজ উৎসৰ্গ কৰা সময়ত, মোৰ গৃহটি অপবিত্ৰ কৰিবৰ কাৰণে মোৰ ধৰ্মধামত ভৰি দিবলৈ অচুন্নৎ হৃদয়ৰ আৰু অচুন্নৎ মাংসৰ বিজাতীয়সকলক মোৰ ধৰ্মধামলৈ যে আনিলা, তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্যৰ মাজত সেইটোৱেই তোমালোকৰ পক্ষে যথেষ্ঠ হওক; তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্যৰ বাহিৰেও তোমালোকে মোৰ নিয়মটি ভাঙিলা।
8. আৰি তোমালোকে মোৰ পবিত্ৰ বস্তুবিষয়ক ৰক্ষণীয় ৰক্ষা কৰা নাই; কিন্তু তোমালোকে মোৰ ধৰ্মধামত মোৰ ৰক্ষণীয় ৰক্ষা কৰিবলৈ ইচ্ছামতে ৰক্ষক পাতিলা।
9. প্ৰভু যিহোৱাই এই কথা কৈছে: ইস্ৰায়েলৰ সন্তান সকলৰ মাজত থকা বিজাতীয়সকলৰ অচুন্নৎ হৃদয়ৰ আৰু অচুন্নৎ মাংসৰ কোনো বিজাতীয় মোৰ ধৰ্মধামত নোসোমাব।
10. কিন্তু ইস্ৰায়েল বিপথে যোৱা সময়ত, যি লেবীয়াসকলে নিজ নিজ মুৰ্ত্তিৰ পাছত চলি মোৰ পৰা বিপথে গৈছিল, মোৰ পৰা আঁতৰ হোৱা সেই লেবীয়াসকলে নিজ নিজ অপৰাধৰ ভাৰ বব।
11. তেওঁলোকে গৃহটিৰ দুৱাৰ ৰখীয়া আৰু গৃহটি পৰিচৰ্যা কৰি মোৰ ধৰ্মধামত পৰিচাৰক হ’ব; তেওঁলোকেই হোম-বলি আৰু প্ৰজাসকলৰ অৰ্থে দিয়া বলি কাটিব আৰু প্ৰজাসকলৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকেই তেওঁলোকৰ আগত থিয় হ’ব।
12. তেওঁলোকে প্ৰজাসকলৰ মুৰ্ত্তিবোৰৰ আগত তেওঁলোকৰ পৰিচৰ্যা কৰি ইস্ৰায়েল-বংশৰ অপৰাধজনক বিঘিনিস্বৰূপ হৈছিল; এই হেতুকে প্ৰভু যিহোৱাই কৈছে, মই তেওঁলোকৰ অহিতে মোৰ হাত দাঙি শপত কৰিলোঁ, যে, তেওঁলোকে নিজ নিজ অপৰাধৰ ভাৰ বব।
13. আৰু তেওঁলোকে মোৰ ওচৰত পুৰোহিত কৰ্ম কৰিবলৈ নাহিব, মোৰ পবিত্ৰ, মোৰ অতি পবিত্ৰ বস্তুবোৰৰ কোনো বস্তুৰ ওচৰ নাচাপিব, কিন্তু তেওঁলোকৰ লাজৰ আৰু তেওঁলোকে কৰা ঘিণলগীয়া কাৰ্যৰ ভাৰ বব।
14. গৃহটিৰ সকলো সেৱকীয়া কাৰ্যত আৰু তাত কৰিব লগা আটাই কৰ্মত মই তেওঁলোকক গৃহটিৰ ৰক্ষণীয়ৰ ৰক্ষক কৰিম।
15. কিন্তু ইস্ৰায়েলৰ সন্তান সকল মোৰ পৰা বিপথে যোৱা কালত, মোৰ ধৰ্মধামৰ ৰক্ষণীয় ৰক্ষা কৰা চাদোকৰ সন্তান লেবীয়া পুৰোহিতসকলে হ’লে, মোৰ পৰিচৰ্যা কৰিবলৈ মোৰ গুৰিলৈ আহিব; আৰু প্ৰভু যিহোৱাই কৈছে, তেওঁলোকে তেল আৰু তেজ মোৰ উদ্দেশ্যে উৎসৰ্গ কৰিবলৈ মোৰ আগত থিয় হ’ব।
16. ‘তেওঁলোকে মোৰ ধৰ্মধামত সোমাব, মোৰ পৰিচৰ্যা কৰিবলৈ মোৰ মেজৰ ওচৰলৈ আহিব আৰু মোৰ ৰক্ষণীয় ৰক্ষা কৰিব।
17. আৰু তেওঁলোকে ভিতৰ চোতালখনৰ বাট-চৰা কেইটাইদি সোমালে, তেওঁলোকে শণ সূতাৰ বস্ত্ৰ পিন্ধিব; আৰু তেওঁলোকে ভিতৰ চোতালখনৰ বাট-চৰা কেইটাত আৰু গৃহত পৰিচৰ্যা কৰোঁতে তেওঁলোকৰ গাত নোমৰ কাপোৰ নাথাকিব।
18. তেওঁলোকৰ মুৰত শণ সূতাৰ পাগুৰি, আৰু কঁকালত শণ সূতাৰ জাঙিয়া থাকিব; ঘাম উলিওৱা কোনো কাপোৰ তেওঁলোকে কঁকালত নাবান্ধিব।
19. যেতিয়া তেওঁলোকে বাহিৰ চোতালখনলৈ, তেওঁলোকৰ গুৰিলৈ বাহিৰ চোতালখনলৈকে ওলাই যাব, তেতিয়া তেওঁলোকে তেওঁলোকৰ পৰিচৰ্যা বস্ত্ৰ সোলোকাই পবিত্ৰ কোঁঠালিবোৰত থব আৰু তেওঁলোকৰ বস্ত্ৰেৰে তেওঁলোকক পবিত্ৰ নকৰিবৰ কাৰণে আন বস্ত্ৰ পিন্ধিব।
20. তেওঁলোকে মূৰ নুখুৰাব, বা চুলি দীঘল হ’বলৈ নিদিব, কেৱল মূৰৰ চুলি কাটিব।
21. ভিতৰ-চোতালখনত সোমোৱা সময়ত কোনো পুৰোহিতে দ্ৰাক্ষাৰস পান নকৰিব।
22. তেওঁলোকে বিধৱা, বা পৰিত্যক্ত স্ত্রীক বিয়া নকৰিব, কিন্তু ইস্ৰায়েল বংশৰ ঔৰসত জন্মা কুমাৰীক, বিধৱা হ’লেও, পুৰোহিতৰ বিধৱাক বিয়া কৰিব।
23. আৰু তেওঁলোকে মোৰ প্ৰজাসকলক পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ শিকাব, শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ শিকিব।
24. আৰু কোনো বিবাদ হ’লে, তেওঁলোকে বিচাৰ কৰিবলৈ থিয় হ’ব; মোৰ বিচাৰ অনুসাৰে তেওঁলোকে বিচাৰ কৰিব; মোৰ আটাই নিৰূপিত পৰ্ব্বতবোৰত মোৰ ব্যৱস্থা আৰু বিধিবোৰ তেওঁলোকে পালন কৰিব; আৰু মোৰ বিশ্ৰাম-দিনবোৰ পবিত্ৰ কৰিব।
25. আৰু তেওঁলোকৰ কোনেও নিজকে অশুচি কৰিবলৈ মৰা মানুহৰ ওচৰলৈ নাযাব, কিন্তু, বায়েক, মাক, পুতেক, জীয়েক আৰু ভায়েকৰ কি স্বামী নোহোৱা ভনীয়েকৰ কাৰণে নিজকে অশুচি কৰিব পাৰে।
26. কোনো পুৰোহিত শুচি হোৱাৰ পাছত তাৰ কাৰণে সাত দিন নিৰূপণ কৰা হ’ব।
27. প্ৰভু যিহোৱাই কৈছে, ‘ধৰ্মধামত পৰিচৰ্যা কৰিবলৈ, ধৰ্মধামত ভিতৰ-চোতালখনত তেওঁ সোমোৱা দিনা নিজৰ পাপাৰ্থক বলি উৎসৰ্গ কৰিব।’
28. ‘আৰু পুৰোহিতসকলে এক আধিপত্য পাব; ময়েই তেওঁলোকৰ সেই আধিপত্য; আৰু তেওঁলোকে তেওঁলোকক ইস্ৰায়েলৰ মাজত কোনো আধিপত্য নিদিব; ময়েই তেওঁলোকৰ আধিপত্য।
29. ভক্ষ্য নৈবেদ্য, পাপাৰ্থক বলি, আৰু দোষাৰ্থক বলি তেওঁলোকেই খাব; আৰু ইস্ৰায়েলৰ প্ৰত্যেক বৰ্জিত বস্তু তেওঁলোকৰেই হ’ব;
30. আৰু প্ৰথমে পকা শস্যাদিৰ প্ৰত্যেকৰ আগ ভাগ আৰু তোমালোকৰ আটাই উত্তোলনীয় উপহাৰৰ প্ৰত্যেক বস্তুৰ উত্তোলনীয় ভাগ পুৰোহিতসকলৰেই হ’ব; আৰু তোমাৰ ঘৰত আশীৰ্ব্বাদ থাকিবৰ কাৰণে তুমি তোমাৰ খৰচিয়া শস্যৰ আগ ভাগ পুৰোহিতক দিবা।
31. আৰু চৰাই হওঁক কি পশু হওঁক, নিজে মৰা বা জন্তুৱে ছিৰা একোকেই পুৰোহিতসকলে নাখাব।

সামসঙ্গীত 134:1-3
1. হে যিহোৱাৰ দাসবোৰ, তোমালোকৰ যিসকলে যিহোৱাৰ গৃহত ৰাতি থিয় হৈ তেওঁৰ পৰিচর্যা কৰি থাকা, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা।
2. তোমালোকে পবিত্ৰ স্থানৰ ফাললৈ নিজৰ নিজৰ হাত তুলি যিহোৱাৰ ধন্যবাদ কৰা।
3. যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰক।

প্রবচন 29:7-7
7. ন্যায় কাৰ্য কৰা লোকে দৰিদ্র লোকৰ হৈ ওকালতি কৰে; কিন্তু দুষ্ট লোকে সেই জ্ঞানৰ কথা বুজি নাপায়।

১ পিতৰ 2:1-25
1. এতেকে সকলো মন্দ, প্ৰৱঞ্চনা, কপটতা, হিংসা আৰু পৰচৰ্চা, দূৰ কৰক৷
2. নতুনকৈ জন্ম হোৱা শিশু সকলৰ দৰে, মিহলি নোহোৱা শুদ্ধ আত্মিক গাখীৰলৈ অতিশয় হাবিয়াহ কৰক, আৰু তাৰ দ্বাৰাই পৰিত্রাণৰ অৰ্থে আপোনালোকে বৃদ্ধি হওক,
3. যদিহে আপোনালোকে প্ৰভু স্নেহশীল বুলি আস্বাদ পালে৷
4. তেওঁৰ ওচৰলৈ আহক, যি জন জীৱনময় শিল মানুহৰ দ্বাৰাই অগ্ৰাহ্য হ’ল, কিন্তু তেওঁ ঈশ্বৰৰ দ্বাৰাই মনোনীত আৰু বহুমুলীয়া৷
5. আপোনালোকে নিজেও জীৱন্ত শিলৰ দৰে গঁথা হৈ, যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ পৰমগ্ৰাহ্য আত্মিক যজ্ঞ উৎসৰ্গ কৰিবলৈ, পবিত্ৰ পুৰোহিত সমূহ হ’বৰ অৰ্থে এক আত্মিক ঘৰ হৈ উঠিছে।
6. কিয়নো ধৰ্মশাস্ত্ৰত এইদৰে লিখা আছে, চোৱা, মই চিয়োনত মনোনীত আৰু বহুমূল্য চুকৰ এক প্ৰধান শিল স্থাপন কৰোঁ; যি জনে তেওঁত বিশ্বাস কৰে, তেওঁ কোনোমতে লাজত নপৰিব।
7. এতেকে বিশ্বাস কৰা যি আপোনালোক, আপোনালোকৰ কাৰণেই সেই শিল বহুমূল্যৰ; কিন্তু, অবিশ্বাস কৰা সকলৰ কাৰণে, ঘৰ-সজীয়া সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল,
8. আৰু, “উজুটি খুউৱা শিল, আৰু বিঘ্নজনক শিল হ’ল।” তেওঁলোক বিঘ্নজনক, তেওঁলোকে বাক্য অমান্য কৰাত উজুটি খায়, তাৰ কাৰণে তেওঁলোক নিযুক্তও হৈছিল।
9. কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ জাতি, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে যাতে, যি জনে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, আপোনালোকে যেন তেওঁৰ সদগুণ প্ৰকাশ কৰে৷ এই কাৰণে
10. আগেয়ে আপোনালোক প্ৰজা নাছিল, কিন্তু এতিয়া ঈশ্বৰৰ প্ৰজা হ’ল; দয়াৰ পাত্ৰ নাছিল, কিন্তু এতিয়া দয়াৰ পাত্ৰ হ’ল।
11. হে প্ৰিয় সকল, আপোনালোক বিদেশী আৰু প্ৰবাসী; সেয়েহে মই আপোনালোকক মিনতি কৰোঁ যে আত্মাৰ বিৰুদ্ধে যুদ্ধ কৰা মাংসিক অভিলাষৰ পৰা পৃথকে থাকক৷
12. আপোনালোকক অনা-ইহুদী সকলে যি বিষয়ত দুষ্কৰ্ম্মকাৰী বুলি বিৰোধী কথা কয়, সেই বিষয়ত তেওঁলোকে আপোনালোকৰ সৎকৰ্ম দেখি কৃপাদৃষ্টিৰ দিনা যেন ঈশ্বৰৰ স্তুতি কৰে, তাৰ কাৰণে তেওঁলোকৰ মাজত আপোনালোকৰ আচাৰ-ব্যৱহাৰ উত্তম হওক।
13. আপোনালোকে প্ৰভুৰ কাৰণে মনুষ্যৰ দ্বাৰাই স্থাপিত সকলো ৰীতিৰ বশীভূত হওক; যেনেদৰে ৰজা সকলোৰে ওপৰ,
14. আৰু দেশাধিপতি সকলক, দুষ্কৰ্ম্মকাৰী সকলৰ প্ৰতিকাৰৰ অৰ্থে আৰু সৎকৰ্মকাৰী সকলৰ প্ৰশংসাৰ অৰ্থে তেওঁৰ দ্বাৰাই পঠোৱা হৈছে বুলি, তেওঁলোকৰ বশীভূত হওক।
15. আপোনালোকে সৎ কৰ্ম কৰি কৰি যেন নিৰ্ব্বোধ লোক সকলৰ অজ্ঞানতাক নিৰুত্তৰ কৰে, ঈশ্বৰৰ এই ইচ্ছা৷
16. আপোনালোকে স্বাধীন লোকৰ দৰে হয়; কিন্তু সেই স্বাধীনতাক দুষ্টতাৰ ঢাকনি নকৰিব, বৰং ঈশ্বৰৰ দাস সকলৰ দৰে জীৱন-যাপন কৰক।
17. সকলোকে সমাদৰ কৰক৷ ভাইমাত্ৰকে প্ৰেম কৰক৷ ঈশ্বৰৰলৈ ভয় ৰাখক৷ ৰজাক সমাদৰ কৰক।
18. হে দাস সকল, তোমালোক সম্পূৰ্ণ ভয়েৰে নিজ নিজ প্ৰভুৰ বশীভূত হোৱা; কেৱল উত্তম আৰু ক্ষান্ত স্বভাৱী সকলৰ নহয়, কিন্তু কুটিল-মনৰ লোক সকলৰো বশীভূত হোৱা।
19. কিয়নো কোনোৱে যদি ঈশ্বৰৰ উদ্দেশ্যে বিবেকৰ কাৰণে অন্যায় ভোগ কৰি দুখ সহন কৰে, তেনেহলে সেয়েই প্ৰশংসনীয়।
20. কাৰণ পাপ কৰি ভুকু খাই যদি সহন কৰা, তেনেহলে তাত কি প্ৰশংসা আছে? কিন্তু সৎ কৰ্ম কৰি দুখভোগ কৰি যদি সহন কৰা, তেনেহলে সেয়েহে ঈশ্বৰৰ আগত গ্ৰহণীয়।
21. কাৰণ তাৰ বাবেই তোমালোক আমন্ত্ৰিত হ’লা; কিয়নো তোমালোক যেন খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা, এই কাৰণে তেওঁ তোমালোকৰ অৰ্থে দুখভোগ কৰি, তোমালোকৰ কাৰণে এটি আৰ্হি থৈ গ’ল।
22. তেওঁ কোনো পাপ নকৰিলে; তেওঁৰ মুখত কোনো ছলনা পোৱা নগ’ল;
23. তেওঁ নিন্দিত হলেও কাকো নিন্দা নকৰিলে; দুখ পোৱা কালত, ডাবি-ধমকি নিদিলে, কিন্তু ন্যায়ৰূপে বিচাৰ কৰোঁতা জনৰ ওপৰত ভাৰ দিলে৷
24. তাতে আমি যেন পাপৰ সম্বন্ধে মৰি, ধাৰ্মিকতাৰ সম্বন্ধে জীয়াই থাকো, আৰু এই কাৰণে তেওঁ নিজ শৰীৰত আমাৰ ভাৰ বৈ কাঠৰ ওপৰলৈ নিলে৷ তেওঁৰ সাঁচৰ দ্বাৰাই আপোনালোক সুস্থ হ’ল৷
25. আপোনালোকে সকলোৱে ভ্ৰান্ত মেৰৰ নিচিনাকৈ ভ্ৰমি ফুৰিছিল; কিন্তু এতিয়া আপোনালোকৰ আত্মাৰ ৰক্ষক আৰু অধ্যক্ষৰ ওচৰলৈ আপোনালোক উভতি আহিছে৷