A A A A A
एक साल में बाइबल
नवंबर 20

এজেকিয়েল 31:1-18
1. তেতিয়া আমাৰ নিৰ্বাসনৰ একাদশ বছৰৰ তৃতীয় মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
2. “হে মনুষ্য সন্তান, মিচৰৰ ৰজা ফৰৌণক আৰু তেওঁৰ চাৰিওফালে থকা দাস সমূহক কোৱা, ‘তুমি তোমাৰ মহত্ত্বত কাৰ নিচিনা?
3. চোৱা! অচূৰ লিবানোনত সুন্দৰ ডাল, ঘন ছাঁ আৰু ওখ হৈ থকা এজোপা এৰচ গছৰ দৰে আছিল; আৰু তাৰ ওপৰ ভাগ মেঘস্পৰ্শী যেন হৈছিল।
4. জল সমূহে তাক ডাঙৰ-দীঘল কৰিছিল; অগাধ জলে তাক বঢ়াইছিল। তাৰ সুঁতিবোৰ তাৰ ৰোৱা ঠাইৰ চাৰিওফালে বৈছিল, আৰু সি নিজৰ সুঁতিবোৰ পথাৰৰ আটাই গছৰ গুৰিলৈ পঠাইছিল।
5. এই হেতুকে ওখই সি পথাৰৰ আটাই গছতকৈ ওখ আছিল; সি পঠোৱা অনেক পানীৰ কাৰণে তাৰ ডালবোৰ বৃদ্ধি হৈছিল, আৰু প্রচুৰ জল পোৱাত তাৰ শাখাবোৰ দীঘল আৰু অনেক হৈছিল।
6. তাৰ ডালবোৰত আকাশৰ আটাই পক্ষীয়ে বাহ লৈছিল, তাৰ শাখাবোৰৰ তলত আটাই বনৰীয়া জন্তুৱে পোৱালি জগাইছিল। আৰু তাৰ ছাঁত আটাই মহাজাতিয়ে বাস কৰিছিল।
7. এইদৰে, তাৰ শিপা অনেক জল সমূহৰ কাষত থকাত, সি নিজ মহত্ত্বত আৰু নিজ ডালবোৰৰ দৈৰ্ঘত সুন্দৰ আছিল।
8. ঈশ্বৰৰ উদ্যানৰ এৰচ গছবোৰে তাক লুকুৱাব নোৱাৰিছিল! দেৱদাৰু গছবোৰ তাৰ ডালবোৰৰ নিচিনা নাছিল, আৰু অৰ্ম্মোন গছবোৰ তাৰ শাখাবোৰৰ নিচিনা নাছিল; আৰু ঈশ্বৰৰ উদ্যানত থকা কোনো গছ সৌন্দৰ্য্যত তাৰ নিচিনা নাছিল।
9. মই তাক অধিক ডালবোৰেৰে তাক এনে সুন্দৰ কৰিছিলোঁ; যে, ঈশ্বৰৰ উদ্যানত থকা এদনৰ সকলো গছে তাক ঈৰ্ষা কৰিছিল’!”
10. এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: সি উচ্চতাত ওখ হোৱাৰ, আৰু সি তাৰ ওপৰ ভাগ মেঘস্পৰ্শী কৰাৰ, আৰু তাৰ হৃদয় নিজৰ উচ্চতাত গৰ্ব্বিত হোৱাৰ কাৰণে,
11. মই তাক জাতিবোৰ পৰাক্ৰমী জনৰ হাতত সমৰ্পণ কৰিলোঁ! এই শাসনকৰ্ত্তাই তেওঁৰ বিৰুদ্ধে উচিত কাৰ্য কৰিলে আৰু তাৰ দুষ্টতাৰ কাৰণে তাক দূৰ কৰি দিয়া হ’ল!
12. আৰু জাতিবোৰৰ ভয়ানক বিদেশীসকলে তেওঁক কাটি এৰি থৈ গ’ল। পৰ্ব্বতবোৰৰ ওপৰত আৰু আটাই উপত্যকাত তাৰ ডালবোৰ পৰি আছে, আৰু দেশৰ আটাই জুৰিবোৰৰ কাষত তাৰ শাখবোৰ ভাগি গ’ল। আৰু তেতিয়া পৃথিৱীৰ সকলো জাতিবোৰে তেওঁৰ ছাঁৰ পৰা নামি গ’ল আৰু এৰি গুচি গ’ল।
13. পৰি থকা সেই গছডালত আকাশৰ আটাই পক্ষীবোৰে তাত বাস কৰিছে, আৰু তাৰ শাখাৰ ওপৰত আটাই বনৰীয়া জন্তু বহি আছে।
14. জল সমূহৰ কাষত থকা গছবোৰৰ কোনো গছে নিজ উচ্চতাত গৰ্ব্ব নকৰিবৰ নিমিত্তে, বা তাৰ ওপৰ ভাগ মেঘস্পৰ্শী নকৰিবলৈ, নাইবা সেইবোৰৰ বৃহৎবোৰৰ মাজৰ পানী পান কৰাসকলৰ মাজৰ কোনেও উচ্চতাত নিজকে ওখ নেদেখুৱাবৰ বাবে, মই ইয়াকে কৰিলোঁ। কিয়নো সেই আটাইবোৰ মৃত্যুলৈ, পৃথিৱীৰ আধা ভাগলৈ, গাতলৈ নামিব লগাবোৰে সৈতে মনুষ্য সন্তান সকলৰ মাজত সমৰ্পিত হ’ল।”
15. প্ৰভু যিহোৱাই এই কথা কৈছে: “সি চিয়োললৈ নামি যোৱা দিনা মই শোকৰ আজ্ঞা দিলোঁ; মই তাৰ কাৰণে অগাধ জলক ঢাকিলোঁ, তাক সুঁতিবোৰ বন্ধ কৰিলোঁ, আৰু মহাজল সমূহক স্থগিত কৰা হ’ল; মই তাৰ বাবে লিবানোনক শোক কৰালোঁ, আৰু পথাৰৰ আটাই গছ তাৰ বাবে জঁয় পৰিল।
16. গাতলৈ নামিব লগাবোৰে সৈতে মই তাক চিয়োললৈ পেলোৱা সময়ত তাৰ পতনৰ শব্দত মই জাতিবোৰক কঁপালো; আৰু এদনৰ আটাই গছে, লিবানোনৰ মনোনীত আৰু উৎকৃষ্ট পানী পান কৰা আটাইবোৰে পৃথিৱীৰ অৰ্ধভাগত শান্তনা পালে।
17. যিসকলে তাৰ বাহুস্বৰূপ আছিল, যিসকলে জাতিবোৰৰ মাজত তাৰ ছাঁত বাস কৰিছিল, তেওঁলোকো তৰোৱালৰ দ্বাৰাই হত হোৱা লোকৰ গুৰিলৈ তাৰে সৈতে চিয়োললৈ নামি গ’ল।
18. এইদৰে তুমি প্ৰতাপত আৰু মহত্ত্বত এদনৰ গছবোৰৰ মাজত কাৰ সদৃশ? তথাপি পৃথিৱীৰ অধোভাগলৈ এদনৰ গছবোৰে সৈতে তোমাকো নমোৱা হ’ব; তৰোৱালৰ দ্বাৰাই হত হোৱাসকলে সৈতে অচুন্নৎসকলৰ মাজত তুমিও পৰি থাকিবা! ফৰৌণ আৰু তাৰ আটাই লোক সকলৰ এইৰূপ গতি হ’ব!” এয়েই প্ৰভু যিহোৱাই কৰা ঘোষণা!

এজেকিয়েল 32:1-32
1. তেতিয়া আমাৰ নিৰ্বাসনৰ দ্বাদশ বছৰৰ দ্বাদশ মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
2. “হে মনুষ্য সন্তান, তুমি মিচৰৰ ৰজা ফৰৌণৰ বাবে বিলাপ কৰা, আৰু তেওঁক কোৱা, ‘তুমি নিজকে জাতিবোৰৰ মাজত ডেকা সিংহ বুলি ভাবিছা, কিন্তু তুমি সমুদ্ৰত থকা মকৰ মাথোন; তোমাৰ নদীবোৰত তুমি উৎপাত কৰিছা, তোমাৰ ভৰিৰে জল সমূহ আস্ফালন কৰিছা আৰু তাৰ সুঁতিবোৰ ঘোলা কৰিছা’!”
3. প্ৰভু যিহোৱাই এই কথা কৈছে: গতিকে মই অনেক লোক সকলে সৈতে, তোমাৰ ওপৰত মোৰ জাল পেলাম, আৰু তেওঁলোকে তোমাক মোৰ জালেৰে আনিব!
4. পাছত মই তোমাক বামত এৰি দিম! মই তোমাক পথাৰত পেলাই দিম আৰু আকাশৰ আটাই পক্ষীক তোমাৰ ওপৰত পৰিবলৈ দিম; আৰু গোটেই পৃথিৱীৰ ভোকত থকা জন্তুবোৰে তোমাক ভক্ষন কৰি সিহঁতৰ হেপাহ পলোৱাব।
5. মই পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ মাংস পেলাম আৰু তোমাৰ দীঘল শৱেৰে উপত্যকাবোৰ পৰিপূৰ্ণ কৰিম!
6. তেতিয়া মই পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ তেজ বাকি দিম, আৰু জুৰি বৈ যোৱা উপত্যকাবোৰ তোমাৰে পূৰ হ’ব!
7. আৰু তেতিয়া মই তোমাক নুমুউৱা সময়ত, মই আকাশ-মণ্ডলক ঢাকিম, আৰু তৰাবোৰৰ দীপ্তি নাইকিয়া কৰিম; মই এডোখৰ মেঘেৰে সূৰ্যক ঢাকিম আৰু চন্দ্ৰই পোহৰ নিদিব।
8. আকাশ-মণ্ডলৰ উজ্জ্বল দীপ্তিবোৰ মই তোমাৰ ওপৰত অন্ধকাৰময় কৰিম, আৰু তোমাৰ দেশৰ ওপৰত অন্ধকাৰ ব্যাপ্ত কৰিম!” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা।
9. “যেতিয়া মই জাতিবোৰৰ মাজলৈ, তুমি নজনা দেশবোৰলৈ তোমাৰ বিনাশৰ বাৰ্ত্তা আনিম, তেতিয়া মই দেশসমূহৰ লোকৰ হৃদয়ত বেজাৰ দিম।
10. এনে কি, যেতিয়া মই অনেক জাতিৰ আৰু তেওঁলোকৰ ৰজাসকলৰ আগত মোৰ তৰোৱাল ঘূৰাম, তেতিয়া সেই জাতিবোৰক মই তোমাৰ বিষয়ে বিস্মিত কৰিম, আৰু সেই ৰজাসকলে তোমাক দেখি শিয়ৰি উঠিব; আৰু তোমাৰ পতনৰ দিনা তেওঁলোক প্ৰতিজনে নিজ নিজ প্ৰাণৰ বাবে প্ৰত্যেক মূহূৰ্ত্তত কঁপি উঠিব।”
11. কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: “বাবিলৰ ৰজাৰ তৰোৱালখনে তোমাৰ বিৰুদ্ধে আক্ৰমণ কৰিব।
12. ৰণুৱাসকলৰ তৰোৱালৰ দ্বাৰাই মই তোমাৰ লোক সমূহক নিপাত কৰিম; প্রত্যেক ৰণুৱাই জাতি সমূহৰ ভয়ানক লোক! এই ৰণুৱাসকলে মিচৰৰ গৰ্ব্বৰ বস্তু লুট কৰিব, আৰু তাৰ আটাই লোক সমূহক নষ্ট কৰিব।
13. মই অনেক জল সমূহৰ কাষৰ পৰা তাৰ আটাই পশুক উচ্ছন্ন কৰিম; আৰু মানুহৰ ভৰিয়ে বা পশুৰ খুৰাই তাৰ পানীখিনি ঘোলা নলৰিব!
14. তেতিয়া মই তাৰ পানীবোৰ নিৰ্ম্মল কৰিম আৰু তাৰ নৈ বোৰ তেলৰ নিচিনাকৈ বোৱাম।” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা!
15. “যেতিয়া মই মিচৰ দেশ ধ্বংসস্থান আৰু উচ্ছন্ন কৰিম, তাত উৎপন্ন হোৱা আটাই বস্তু তাত নাইকিয়া কৰিম; যেতিয়া মই তাৰ নিবাসী আটাইকে প্ৰহাৰ কৰিম, তেতিয়া, মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব!
16. এয়ে কৰিবলগীয়া তেওঁলোকৰ বিলাপ! জাতিবোৰৰ জীয়াৰীসকলে ইয়াৰে বিলাপ কৰিব, তেওঁলোকে গোটেই মিচৰত বিলাপ কৰিব। তেওঁলোকে আটাই দাসবোৰৰ বাবে বিলাপ কৰিব!” এয়েই প্ৰভু যিহোৱাৰ ঘোষণা!
17. পাছে দ্বাদশ বছৰত মাহৰ পঞ্চদশ দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
18. “হে মনুষ্য সন্তান, তুমি মিচৰৰ দাসকলৰ বিষয়ে ক্রন্দন কৰা, আৰু তেওঁলোকক তললৈ পেলাই দিয়া - তাক আৰু বিখ্যাত জাতি সমূহৰ জীয়াৰীসকলে গাতলৈ নামিব লগাবোৰে সৈতে পৃথিৱীৰ অৰ্দ্ধভাগলৈ পেলাই দিয়া!
19. তুমি সকলোতকৈ সুন্দৰী নে? নামি যোৱা অচুন্নৎসকলৰ লগত শয়ন কৰা!
20. তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হোৱা লোকসকলৰ মাজত পতিত হ’ব! মিচৰক তৰোৱালত শোধাই দিয়া হৈছে; তাইৰ শত্রুসকলে তাইক আৰু তাইৰ দাসবোৰক টানি লৈ যাব!
21. পৰাক্ৰমী বীৰসকলে চিয়োলত তাইৰ আৰু তাইৰ সহায়কাৰীসকলক কথা ক’ব: তৰোৱালৰ দ্বাৰাই হত হোৱা অচুন্নৎসকল তললৈ নামি গৈ পৰি আছে!’
22. অচূৰ আৰু তাৰ আটাই লোক সমূহ তাত আছে; তাইৰ মৈদামবোৰ তাইৰ চাৰিওফালে আছে; তেওঁলোক আটাইবোৰ হত হ’ল, তৰোৱালৰ দ্বাৰাই পতিত হ’ল।
23. তেওঁলোকৰ মৈদামবোৰ গাতৰ অন্তভাগত কৰা হ’ল আৰু তাৰ লোক সমূহ তাৰ মৈদামৰ চাৰিওফালে আছে। আটাইবোৰ হত হ’ল, তৰোৱালৰ দ্বাৰাই পতিত হ’ল আৰু তেওঁলোকৰ মৈদামবোৰ চাৰিওফালে আছে, যিসকলে জীৱিতসকলৰ দেশত ত্ৰাসৰ সৃষ্টি কৰিছিল!
24. এলম, আৰু তাইৰ মৈদামৰ চাৰিওফালে তাইৰ লোক সমূহ তাত আছে; তেওঁলোক আটাইবোৰ হত হ’ল; তৰোৱলৰ দ্বাৰাই পতিত হ’ল! যিসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ল, তেওঁলোক অচুন্নৎ অৱস্থাৰেই পৃথিৱীৰ অৰ্দ্ধভাগলৈ নামি গ’ল, যিসকলে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে।
25. হত লোকসকলৰ মাজত, এলম, তাইৰ আটাই লোক সকলে সৈতে তাৰ বাবে এক শয্যা যুগুত কৰা হ’ল; তাইৰ চাৰিওফালে তাৰ মৈদামবোৰ আছে; তেওঁলোক আটাইবোৰ অচুন্নৎ, তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হ’ল, কিয়নো তেওঁলোকে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল, আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে; এলম, হত লোকসকলৰ মাজত ৰখা হৈছে!
26. মেচেক তুবল, আৰু তাৰ আটাই দাসবোৰ তাত আছে! তাৰ চাৰিওফালে তেওঁলোকৰ মৈদামবোৰ আছে! তেওঁলোক আটাইবোৰ অচুন্নৎ, তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হ’ল; কিয়নো তেওঁলোকে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল।
27. যি বীৰসকল অচুন্নৎ অৱস্থাৰে পতিত হ’ল, যিসকলে নিজ নিজ যুদ্ধৰ অস্ত্ৰেৰে সৈতে চিয়োললৈ নামি গ’ল, যিসকলৰ তৰোৱাল তেওঁলোকৰ মূৰৰ তলত থোৱা হ’ল, আৰু জীৱিতসকলৰ দেশত বীৰসকলৰ ত্ৰাস জন্মোৱাৰ কাৰণে যিসকলৰ হাড়বোৰত তেওঁলোকৰ অপৰাধ লাগি আছে, সেই বীৰসকলৰ লগত, তেওঁলোক নুশুব।
28. গতিকে তুমি মিচৰ, তুমিও অচুন্নৎসকলৰ মাজত ভগ্ন হ’বা! আৰু তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ সৈতে শয়ন কৰিবা।
29. ইদোম, তাইৰ ৰজাসকল, আৰু তাইৰ আটাই প্ৰধান লোক তাত আছে; তেওঁলোক পৰাক্ৰমী হ’লেও, তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ সৈতে তেওঁলোকক ৰখা হৈছে; তেওঁলোক অচুন্নৎসকলৰ সৈতে, গাতলৈ নামি যোৱাসকলৰ লগত শুব।
30. হত হোৱাসকলেৰে সৈতে নামি যোৱা উত্তৰদেশীয় অধিপতি আটাইবোৰ, আৰু আটাই চীদোনীয়া লোক তাত আছে! তেওঁলোকে নিজ নিজ পৰাক্ৰমৰ দ্বাৰাই ত্ৰাস জন্মোৱাতো তেওঁলোকে লাজ পাইছে, আৰু তেওঁলোকে তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ লগত অচুন্নৎ অৱস্থাৰেই পৰি আছে, আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে।
31. ফৰৌণে তেওঁলোকক দেখি নিজৰ আটাই লোক সকলৰ বাবে শান্ত্বনা পাব।” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা।
32. “কিয়নো মই জীৱিতসকলৰ দেশত তাৰ ত্ৰাস জন্মাইছিলোঁ, আৰু প্ৰভু যিহোৱাই কৈছে তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ লগত অচুন্নৎসকলৰ মাজত তাক ৰখা হ’ব, ফৰৌণ আৰু তাৰ আটাই লোক সমূহক ৰখা হ’ব। এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা।

সামসঙ্গীত 130:1-4
1. হে যিহোৱা, মই গভীৰ কষ্টৰ মাজত থাকি তোমাক মাতিছো।
2. হে প্ৰভু, মোৰ স্বৰ শুনা! মোৰ কাকুতিৰ স্বৰলৈ তুমি মনোযোগ দিয়া!
3. হে যিহোৱা, তুমি যদি অপৰাধ ধৰি ৰাখা, তেন্তে প্রভু, কোন তিষ্ঠি থাকিব পাৰে?
4. কিন্তু তোমাৰ ওচৰত ক্ষমা আছে, যেন মানুহে তোমাক ভয় কৰে।

প্রবচন 28:28-28
28. দুষ্টলোকৰ উন্নতি হলে, মানুহে নিজকে লুকাই ৰাখে; কিন্তু দুষ্টলোক নষ্ট হলে, ন্যায় কাৰ্য কৰা লোকৰ বৃদ্ধি হয়।

যাকোব 1:1-27
1. মই যাকোব, ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ এজন দাস, সিঁচৰিত হৈ থকা বাৰ ফৈদৰ লোক সকলৰ ওচৰলৈ এই সম্ভাষণ।
2. হে মোৰ ভাইসকল, আপোনালোকে যেতিয়া নানা বিধ পৰীক্ষাত পৰে, তেতিয়া সেই বিষয়ক অতি আনন্দৰ বিষয় বুলি মানিব;
3. কিয়নো আপোনালোকৰ বিশ্বাসৰ পৰীক্ষাই যে সহন ক্ষমতা জন্মায়, সেই বিষয়ে আপোনালোকে জানে।
4. এই কাৰণে সহনশীলতাক সিদ্ধ কাৰ্য-বিশিষ্ট কৰা হওক, যাতে আপোনালোকে একোতে অসম্পূৰ্ণ নহৈ সিদ্ধ আৰু সম্পূৰ্ণ হয়৷
5. কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞান ৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্ৱৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ’ব।
6. কিন্তু বিশ্বাসেৰে নিঃসংশয় হৈ যাচনা কৰক; কিয়নো যি জনে সংশয় কৰে, তেওঁ বতাহে বলোৱা আৰু ওপৰলৈ উধুৱা সাগৰৰ ঢৌৰ নিচিনা হয়।
7. এনে ধৰণৰ মানুহে যে প্ৰভুৰ পৰা কিবা পাব, ইয়াক তেওঁ নাভাবক;
8. কিয়নো সেই মানুহ, দুই মনৰ; তেওঁ নিজৰ সকলো গতিতে অস্থিৰ।
9. যি ভাই আৰ্থিকভাবে দূৰ্বল বা নম্ৰ; তেওঁ নিজৰ উচ্চপদৰ বাবে গৌৰৱ কৰক;
10. যি জন ধনৱান, তেৱোঁ ঈশ্বৰে শিকোৱা নম্ৰতাত গৌৰৱ কৰক; কিয়নো বনৰীয়া ফুল এটাৰ নিচিনা তেৱোঁ লুপ্ত হৈ যাব।
11. কাৰণ সূৰ্য অতি তাপৰ সৈতে উদয় হয় আৰু তৃণ শুকুৱায়, তাতে তাৰ ফুল সৰি পৰে আৰু তাৰ সৌন্দৰ্য্যও নষ্ট হয়৷ এনেদৰে ধনৱান মানুহো এদিন নিজৰ মাজতেই মলিন হৈ যাব।
12. যি মানুহে পৰীক্ষা সহন কৰে, তেওঁ ধন্য; কিয়নো পৰীক্ষা সাফল্য হ’লে, প্ৰভুক প্ৰেম কৰা সকলক জীৱনৰূপ কিৰীটি দিবলৈ প্ৰভুৱে যি প্ৰতিজ্ঞা কৰিলে, সেয়া তেওঁ পাব।
13. কিন্তু যেতিয়া পৰীক্ষিত হয়, তেতিয়া কোনোৱে যেন এই বুলি নকওঁক “ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ”; কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত আৰু কোনো লোকৰ পৰীক্ষাও তেওঁ নকৰে।
14. কিন্তু প্ৰত্যেক ব্যক্তি নিজৰ কু-অভিলাষৰ দ্বাৰাই প্ৰলোভিত হয় আৰু ফুচুলনিত পৰি পৰীক্ষিত হয়।
15. তাতে সেই কু-অভিলাষে গৰ্ভধাৰণ কৰি পাপ প্ৰসৱ কৰে; পাছত পাপ পূৰ্ণতাপ্ৰাপ্ত হ’লে, তাৰ ফলাফল হয় মৃত্যু৷
16. হে মোৰ প্ৰিয় ভাইসকল, আপোনালোক ভ্ৰান্ত নহব।
17. সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে আহে, আৰু আকাশৰ জ্যোতি বোৰ সেই পিতৃৰ পৰাই তললৈ নামি আহে৷ ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়৷
18. ঈশ্বৰে তেওঁৰ নিজ ইচ্ছাৰে সত্য বাক্যৰ দ্বাৰাই আমাক জীৱন দিলে যাতে তেওঁৰ সৃষ্ট বস্তুবোৰৰ মাজত আমি যেন এবিধ প্ৰথম ফল হওঁ।
19. হে মোৰ প্ৰিয় ভাইসকল, অাপোনালোকে এই কথা জানিব যে, প্ৰত্যেক ব্যক্তি শুনিবলৈ প্ৰস্তুত থাকিব, ক’বলৈ ধীৰ আৰু ক্ৰোধলৈয়ো ধীৰ হওক,
20. কিয়নো মানুহৰ ক্ৰোধে ঈশ্বৰে বিচৰা ধাৰ্মিকতা সাধন নকৰে।
21. এতেকে আপোনালোকে সকলো অশুচিতা আৰু হিংসাৰ অধিকতা দূৰ কৰি, যি ৰোৱা বাক্য আপোনালোকৰ আত্মাৰ পৰিত্ৰাণ কৰিবৰ বাবে সমৰ্থ, তাক নম্ৰভাৱে গ্ৰহণ কৰক।
22. কেৱল শুনোতা হৈ নিজক নুভুলাব, কিন্তু বাক্য পালন কৰোঁতা হওক।
23. কিয়নো কোনোৱে যদি বাক্য পালন কৰোঁতা নহয়, কেৱল মাথোন শুনোতা হয়, তেনেহলে সেই লোক দৰ্পণত নিজৰ স্বাভাৱিক মুখ দেখা পোৱা মানুহৰ নিচিনা হয়;
24. কাৰণ তেওঁ নিজকে চাই গুচি যায়, তাতে তেওঁ কেনেকুৱা আছিল, সেই বিষয়ে তেতিয়াই পাহৰি যায়।
25. যি কোনোৱে স্বাধীনতা স্বৰূপ সিদ্ধ বিধানৰ বাবে চাপৰি দৃষ্টি কৰি চাই থাকে আৰু শুনি পাহৰি যোৱা নহয়, কিন্তু পালন কৰোঁতা হয়, তেওঁহে নিজ কাৰ্যত ধন্য হ’ব।
26. কোনোৱে যদি নিজকে ধাৰ্মিক বুলি মানে, কিন্তু নিজৰ জিভা দমন নকৰি নিজৰ হৃদয়ক ভুলায়, তেনেহলে সেই মানুহৰ ধৰ্ম-কৰ্ম ব্যৰ্থ।
27. মাউৰা আৰু বিধৱা সকলক তেওঁলোকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু সংসাৰৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্ম-কৰ্ম।