A A A A A

এজেকিয়েল 25:1-17
1. তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2. “হে মনুষ্য সন্তান, তুমি অম্মোনৰ সন্তান সকলৰ ফালে মুখ কৰি তেওঁলোকৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
3. তুমি অম্মোনৰ সন্তান সকলক কোৱা, ‘তোমালোকে প্ৰভু যিহোৱাৰ বাক্য শুনা। প্ৰভু যিহোৱাই এই কথা ঘোষণা কৰিছে: মোৰ ধৰ্মধাম যেতিয়া অপবিত্ৰ হৈছিল তেতিয়া তাৰ অহিতে আৰু ইস্ৰায়েল-ভূমি ধ্বংস হোৱাত তাৰ অহিতে আৰু যিহূদা বংশ দেশান্তৰলৈ যোৱাৰ সময়ত সেই বংশৰ অহিতে “ভাল হৈছে!” এইবুলি তোমালোকে কৈছিলা।
4. এই হেতুকে চোৱা! অধিকাৰৰ অৰ্থে মই তোমাক পূৱদেশীয় লোকসকলৰ হাতত শোধাই দিম; তেওঁলোকে তোমাৰ মাজত নিজ নিজ ছাউনি পাতিব আৰু তোমাৰ মাজত নিজৰ নিজৰ বসতিস্থান কৰিব। তেওঁলোকে তোমাৰ ফল খাব আৰু তোমাৰ গাখীৰ পান কৰিব।
5. আৰু মই ৰব্বাক উটৰ শাল বনাম আৰু অম্মোনৰ লোকসকলৰ দেশখন মেৰ শোৱা গঁৰাল কৰিম, তাতে, মই যে, যিহোৱা তাক তোমালোকে জানিবা!
6. কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি হাত তালি দিলা, মাটিত ভৰি মাৰিলা আৰু ইস্ৰায়েল দেশৰ অহিতে তোমাৰ প্ৰাণ জুৰাই হিংসাৰে আনন্দ কৰিলা।
7. এই হেতুকে চোৱা! মই তোমাৰ বিৰুদ্ধে মোৰ হাত মেলি জাতিবোৰৰ গুৰিত লুটদ্ৰব্যস্বৰূপে তোমাক শোধাই দিম। মই জাতিবোৰৰ পৰা তোমাক উচ্ছন্ন কৰিম আৰু দেশবোৰৰ মাজৰ পৰা তোমাক লুপ্ত কৰিম! দেশখনৰ পৰা মই তোমাক বিনষ্ট কৰিম, আৰু মই যে যিহোৱা, ইয়াকে তুমি জানিবা’!”
8. প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা! যিহূদা-বংশ আন সকলো জাতিৰ দৰেই হ’ল!”
9. এই হেতুকে চোৱা! নগৰ কেইখনৰ পোনে, বৈৎ-যিচীমোৎ, বাল-মিয়োন আৰু কিৰিয়াথয়িম, দেশৰ গৌৰৱ স্বৰূপ মোৱাবৰ সীমাত থকা তাৰ এই নগৰ কেইখনৰ পোনে,
10. অম্মোনৰ লোকসকলৰ অহিতে যিসকললৈ পূৱদেশীয় সন্তান সকলৰ বাবে মই মোৱাবৰ দাঁতিত বাট উলিয়াম, আৰু অম্মোনৰ লোকসকলক জাতিবোৰৰ সোঁৱৰণত নাথাকিবৰ বাবে মই অধিকাৰৰ অৰ্থে সেইবোৰ তেওঁলোকক দিম।
11. আৰু মই মোৱাবক দণ্ড দিম, তেতিয়া মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব।
12. প্ৰভু যিহোৱাই এই কথা কৈছে: “ইদোমে প্ৰতিকাৰ সাধিবৰ মনেৰে যিহূদা-বংশৰ অহিতে কাৰ্য কৰিলে আৰু তেওঁলোকৰ প্ৰতিকাৰ সাধি অতিশয় দোষ কৰিলে।”
13. সেইবাবে, প্ৰভু যিহোৱাই এই কথা কৈছে: “মই ইদোমৰ অহিতে মোৰ হাত মেলি তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিম। আৰু তৈমনৰে পৰা মই তাক ধ্বংসস্থান কৰিম, দদানলৈকে তেওঁলোক তৰোৱালৰ দ্বাৰাই পতিত হ’ব।
14. মোৰ প্ৰজা ইস্ৰায়েলৰ দ্বাৰাই মই ইদোমৰ ওপৰত মোৰ প্ৰতিকাৰ সাধিম আৰু তেওঁলোকে মোৰ ক্ৰোধ ও কোপ অনুসাৰে ইদোমত কাৰ্য কৰিব! তেতিয়া, তেওঁলোকে মোৰ প্রতিশোধ বুজি পাব!” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা!
15. প্ৰভু যিহোৱাই এই কথা কৈছে: “পলেষ্টীয়াসকলে প্ৰতিকাৰ সাধিবৰ মনেৰে কাৰ্য কৰিলে, আৰু চিৰস্থায়ী শত্ৰূতাৰে বিনষ্ট কৰিবলৈ মনৰ হিংসাৰে প্ৰতিশোধ ল’লে।”
16. এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই পলেষ্টীয়াসকলৰ অহিতে মোৰ হাত মেলি কৰেথীয়াসকলক উচ্ছন্ন কৰিম আৰু সমুদ্ৰৰ কাষত থকা অৱশিষ্ট ভাগক সংহাৰ কৰিম!
17. আৰু কোপযুক্ত নানা ধমকি দি মই তেওঁলোকৰ ওপৰত মহা প্ৰতিকাৰ সাধিম; আৰু মই তেওঁলোকৰ ওপৰত প্ৰতিকাৰ সাধিলে, মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব!

এজেকিয়েল 26:1-21
1. পিছত আমাৰ নিৰ্বাসনৰ একাদশ বছৰত মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2. “হে মনুষ্য সন্তান, তূৰে যিৰূচালেমৰ অহিতে ক’লে, ‘ভাল হৈছে! লোকসকলৰ দুৱাৰবোৰ ভগ্ন হ’ল! সেয়ে মোলৈ মুকলি হ’ল; সেই নগৰ নষ্ট হোৱাৰ কাৰণে মই পৰিপূৰ্ণ হ’ম!’
3. এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: ‘হে তূৰ, চোৱা! মই তোমাৰ বিপক্ষ; সমুদ্ৰই নিজৰ ঢৌৱে উটুওৱাদি মই তোমাৰ বিৰুদ্ধে অনেক জাতিক তুলিম!
4. তেওঁলোকে তূৰৰ গড়বোৰ নষ্ট কৰিব আৰু তাৰ ওখ ঘৰবোৰ ভাঙি পেলাব। আৰু মই তাৰ পৰা ধূলি পৰিষ্কাৰ কৰি পেলাই তাক শুদা শিলত পৰিণত কৰিম।
5. সেই নগৰ সমুদ্ৰৰ মাজত জাল মেলি দিয়া ঠাই হ’ব; কিয়নো প্ৰভু যিহোৱাই কৈছে, মই ইয়াক ক’লো, আৰু নগৰ জাতিবোৰলৈ লুটদ্ৰব্যস্বৰূপ হ’ব।
6. আৰু গাৱেঁভূঁয়ে থকা তাৰ জীয়াৰীসকলক তৰোৱালেৰে বধ কৰা হ’ব; তাতে মই যে যিহোৱা তাক তেওঁলোকে জানিব।
7. কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! ঘোঁৰা, ৰথ, অশ্বাৰোহী, সৈন্যদল আৰু অনেক লোকে সৈতে উত্তৰৰ পৰা মই ৰাজাধিৰাজ বাবিলৰ ৰজা নবূখদনেচৰক তূৰৰ বিৰুদ্ধে আনিম!
8. তেওঁ গাৱেঁভূঁয়ে থকা তোমাৰ জীসকলক তৰোৱালেৰে বধ কৰিব, তোমাৰ অহিতে কোঁঠ সাজিব। তোমাৰ বিৰুদ্ধে হাদাম বান্ধিব আৰু তোমাৰ অহিতে ঢাল পাতিব!
9. আৰু তেওঁ তোমাৰ গড়ৰ অহিতে গড় ভঙা যন্ত্ৰ স্থাপন কৰিব আৰু কুঠাৰেৰে তোমাৰ ওখ ঘৰবোৰ ভাঙিব!
10. তেওঁৰ অধিক ঘোঁৰাবোৰেৰে সৈতে তোমাক সেইবোৰৰ ধুলিয়ে ঢাকিব! মানুহে গড় ভাঙি নগৰত সোমোৱাদি তেওঁ তোমাৰ নগৰৰ দুৱাৰত সোমোৱা কালত অশ্বাৰোহী, গাড়ী আৰু ৰথৰ শব্দত তোমাৰ গড়বোৰ লৰিব।
11. তেওঁ নিজৰ ঘোঁৰাবোৰৰ খোৰাৰে তোমাৰ আটাইবোৰ আলি গচকিব; তেওঁ তৰোৱালেৰে তোমাৰ প্ৰজাসকলক বধ কৰিব, আৰু তোমাৰ শক্তিশালী স্তম্ভবোৰ মাটিৰ লগত সমান হ’ব।
12. শত্রুবোৰে তোমাৰ সম্পত্তি লুট কৰিব আৰু তোমাৰ বাণিজ্যদ্ৰব্য কাঢ়ি নিব! তেওঁলোকে তোমাৰ গড় ভাঙি পেলাব, তোমাৰ মনোহৰ ঘৰবোৰ বিনষ্ট কৰিব, আৰু তোমাৰ শিল, কাঠ, ধূলি জল সমূহৰ মাজত পেলাব।
13. মই তোমাৰ গীতৰ শব্দ নাইকিয়া কৰিম; তোমাৰ বীণাৰ স্বৰ আৰু শুনা নাযাব।
14. আৰু মই তোমাক শুদা শিলত পৰিণত কৰিম; তুমি জাল মেলা ঠাই হ’বা; তোমাক আৰু সজা নাযাব’!” কিয়নো প্ৰভু যিহোৱাই কৈছে, মই যিহোৱাই ইয়াকে ক’লোঁ!
15. “প্ৰভু যিহোৱাই তূৰক এইদৰে কৈছে: যেতিয়া খুন হোৱাবোৰে কেঁকাব, যেতিয়া তোমাৰ মাজত হত্যা হ’ব, তেতিয়া তোমাৰ পতনৰ শব্দত দ্বীপবোৰ নকঁপিব নে?
16. সেই সময়ত সমুদ্ৰৰ আটাই অধিপতিয়ে নিজৰ নিজৰ সিংহাসনৰ পৰা নামি নিজ নিজ ৰাজবস্ত্ৰ ত্যাগ কৰিব, নিজ নিজ কাৰচিপি বন কৰা কাপোৰ, সোলোকাই পেলাব, ত্ৰাসৰূপ বস্ত্ৰ পিন্ধিব, মাটিত বহিব, বিস্ময় মানিব।
17. আৰু তেওঁলোক তোমাৰ অৰ্থে বিলাপ কৰিবলৈ ধৰি তোমাক ক’ব, যি নগৰীয়ে সাগৰ-নিবাসীসকলত নিজৰ ভয় লগাইছিল, সমুদ্ৰ-ব্যৱসায়ী নিজ নিবাসীসকলে সৈতে সমুদ্ৰত পৰাক্ৰমী আৰু বিখ্যাত সেই নগৰী যি তুমি, কেনে বিনষ্ট থ’লো!
18. তোমাৰ পতনৰ দিনত দ্বীপবোৰ কঁপিব, এনে কি তুমি লুপ্ত বোৱাত সমুদ্ৰত থকা দ্বীপবোৰ বিহ্বল হ’ব।
19. কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: নিবাসীশূণ্য নগৰবোৰৰ দৰে যেতিয়া মই তোমাক উচ্ছন্ন নগৰী কৰিম, যেতিয়া মই তোমাৰ ওপৰলৈ অগাধ জল সমূহ আনিম, আৰু মহাজল সমূহে তোমাক ঢাকিব,
20. তেতিয়া তুমি বাসস্থান নহ’বৰ বাবে, মই তোমাক গাতলৈ নমাসকলৰ সৈতে আগৰ কালৰ লোকসকলৰ ওচৰলৈ নমাম আৰু পৃথিৱীৰ তল ভাগত, আগৰ কালৰ পৰা উচ্ছন্ন হোৱা ঠাইবোৰত, গাতলৈ নামিব লগাবোৰৰ লগত বাস কৰাম, আৰু মই জীৱিত লোকৰ দেশত গৌৰৱ স্থাপন কৰিম।
21. মই তোমাক ত্ৰাসৰ বিষয় কৰিম; তুমি আৰু নহ’বা; তোমাক বিচাৰিলেও আৰু কেতিয়াও পোৱা নাযাব।” এয়ে প্ৰভু যিহোৱাৰ বচন!

সামসঙ্গীত 128:1-6
1. ধন্য সেইজন, যি জনে যিহোৱালৈ ভয় ৰাখে, আৰু তেওঁৰ পথত চলে;
2. তুমি নিজ হাতৰ শ্ৰমৰ ফল ভোগ কৰিবা, তুমি সুখী হ’বা আৰু তোমাৰ মঙ্গল হ’ব।
3. তোমাৰ গৃহৰ ভিতৰৰ অন্তঃপুৰত তোমাৰ ভার্যা ফলৱতী দ্ৰাক্ষালতাৰ নিচিনা হ’ব; তোমাৰ মেজৰ চাৰিওফালে তোমাৰ সন্তান সকল জিত গছৰ পুলিৰ নিচিনা হ’ব।
4. এইদৰে যিজনে যিহোৱালৈ ভয় ৰাখে, তেওঁ আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব।
5. যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰিব; তোমাৰ জীৱনৰ সকলো কালত তুমি যিৰূচালেমৰ মঙ্গল দেখা পাবা।
6. এনে কি, তুমি তোমাৰ সন্তানৰ বংশকো দেখা পাবা। ইস্ৰায়েলৰ ওপৰত শান্তি হওক।

প্রবচন 28:25-25
25. লুভীয়া স্বভাৱৰ লোকে বিবাদ উৎপন্ন কৰে; কিন্তু যিহোৱাত ভাৰসা কৰা লোকৰ উন্নতি হয়।

ইব্ৰী 11:17-40
17. অব্ৰাহাম পৰীক্ষিত হোৱাত, বিশ্বাসৰ দ্বাৰাই ইচহাকক উ‌‌ৎসৰ্গ কৰিলে৷ হয়, তেওঁ আনন্দেৰে সেই প্ৰতিজ্ঞা গ্ৰহন কৰি নিজৰ একমাত্ৰ পুত্ৰক উৎসৰ্গ কৰিলে,
18. যি জনৰ বিষয়ে কৈছিল, “ইচহাকৰ জৰিয়তে তোমাৰ বংশধৰ সকলক দেখা পাবা৷”
19. কাৰণ ঈশ্বৰে যে মৃত লোকৰ মাজৰ পৰাও তুলিব পাৰে, ইয়াকে অব্ৰাহামে দৃঢ় বিশ্বাস কৰিছিল, আৰু তাৰ পৰা দৃষ্টান্ত স্বৰূপে তেওঁক পুনৰায় পালেও।
20. বিশ্বাসৰ দ্বাৰাই ইচহাকে ভবিষ্যত বিষয়ৰ কথাত যাকোব আৰু এচৌক আশীৰ্বাদ কৰিলে।
21. বিশ্বাসৰ দ্বাৰাই যাকোবে, মৰণ-কালত যোচেফৰ পুত্ৰ দুজনৰ প্ৰতিজনক আশীৰ্বাদ কৰিলে; আৰু নিজৰ লাখুটিৰ মূৰত ভৰ দি, ভজনাও কৰিলে।
22. বিশ্বাসৰ দ্বাৰাই যোচেফে অন্তিম কালত মিচৰ দেশৰ পৰা ইস্ৰায়েলৰ সন্তান সকলক ওলাই যোৱাৰ বিষয়ে উল্লেখ কৰিলে, আৰু নিজৰ অস্থিৰ বিষয়ে আদেশ দিলে।
23. মোচিৰ জন্ম হোৱাত মাক-বাপেকে তিনি মাহলৈকে তেওঁক লুকুৱাই থোৱা হৈছিল; বিশ্বাস আছিল কাৰণে তেওঁলোকে তেনেকৈ ৰাখিছিল৷ কিয়নো তেওঁলোকে দেখিলে যে, লৰা জন অতি সুন্দৰ; আৰু ৰজাৰ আজ্ঞালৈ তেওঁলোকে ভয় নকৰিলে।
24. বিশ্বাসৰ দ্বাৰাই মোচি বয়সত বৃদ্ধি পায় বাঢ়িবলৈ ধৰিলে, আৰু ফৌৰণৰ জীয়েকৰ পুত্ৰ বুলি প্ৰখ্যাত হ’বলৈ অস্বীকাৰ কৰিলে;
25. কিয়নো তেওঁ পাপৰ অলপদিনীয়া সুখভোগ কৰাতকৈ, ঈশ্বৰৰ লোকৰ লগত দুখভোগ কৰাকে মনোনীত কৰিলে,
26. আৰু মিচৰৰ সকলো সম্পত্তিতকৈ খ্ৰীষ্টৰ নিন্দা মহা ধন জ্ঞান কৰিলে; কিয়নো তেওঁ পুৰস্কাৰ-দানলৈ দৃষ্টি কৰিছিল।
27. বিশ্বাসৰ গুণে তেওঁ ৰজাৰ ক্ৰোধলৈ ভয় নকৰি, মিচৰ দেশ ত্যাগ কৰিলে; কিয়নো অদৃশ্য জনক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল।
28. আৰু প্ৰথমে জন্ম পোৱা সকলৰ সংহাৰকৰ্ত্তাই তেওঁলোকক স্পৰ্শ নকৰিবৰ কাৰণে, তেওঁ বিশ্বাসৰ গুণে নিস্তাৰ-পৰ্ব পালন আৰু তেজ লগোৱা কাৰ্য কৰিলে।
29. বিশ্বাসৰ দ্বাৰাই তেওঁলোকে, শুকান মাটিয়েদি যোৱাৰ দৰে, লোহিত সাগৰৰ মাজেদি যাত্ৰা কৰিলে; কিন্তু মিচৰ দেশৰ লোক সকলে আহিবলৈ চেষ্টা কৰোঁতে তেওঁলোকক গ্ৰাস কৰা হ’ল।
30. বিশ্বাসৰ দ্বাৰাই সাত দিন যিৰীহোৰ গড় প্ৰদক্ষিণ কৰোঁতে সেই গড় খহি পৰিল।
31. বিশ্বাসৰ দ্বাৰাই ৰাহাব বেশ্যাই চোৰাংচোৱা সকলক শান্তিৰে আলহীৰূপে গ্ৰহন কৰোঁতে, অবাধ্য সকলৰ লগত তেওঁ বিনষ্ট নহ’ল।
32. আৰু অধিক কি ক’ম, গিদিয়োন, বাৰাক, চিমচোন, যিপ্তহ, দায়ুদ, চমূৱেল, আৰু ভাৱবাদী সকল, এই সকলোৰে বৃত্তান্ত ক’বলৈ গলে সময় নোজোৰে;
33. তেওঁলোকে বিশ্বাসৰ দ্বাৰাই নানা ৰাজ্য পৰাজয় কৰিলে, ধাৰ্মিকতাৰ কৰ্ম কৰিলে, প্ৰতিজ্ঞাৰ ফল পালে, সিংহবোৰৰ মুখ বন্ধ কৰিলে, অগ্নিৰ তাপ নুমুৱালে,
34. তৰোৱালৰ মুখৰ পৰা হাত সাৰিলে, দূৰ্বলতাৰ পৰাও বলৱন্ত হ’ল, যুদ্ধত পৰাক্ৰমী হ’ল, অন্য জাতিৰ সৈন্যবোৰক হৰুৱালে।
35. তিৰোতা সকলে নিজ নিজ মৃত লোকক পুনৰুত্থানৰ দ্বাৰাই পুনৰায় পালে; আৰু আন লোক সকলে শ্ৰেষ্ঠ পুনৰুত্থানৰ ভাগী হ’বৰ কাৰণে, মুক্তি অগ্ৰাহ্য কৰি, যন্ত্ৰণা-যন্ত্ৰত প্ৰহাৰৰ দ্বাৰাই হত হ’ল।
36. আন আন মানুহে বিদ্ৰূপ আৰু চাবুকৰ কোব, বন্ধন আৰু বন্দীশালৰ পৰীক্ষা পালে;
37. তেওঁলোকক শিল দলিয়াই মৰা হ’ল, কৰতেৰে ফলা হ’ল, তেওঁলোক নানা ধৰণৰ পৰীক্ষাৰে পৰীক্ষিত হ’ল; তেওঁলোকক তৰোৱালেৰে বধ কৰা হ’ল; তেওঁলোকে দীনহীন, আৰু ক্লেশ আৰু অত্যাচাৰ প্ৰাপ্তহৈ, মেষ আৰু ছাগলীৰ ছাল পিন্ধি ফুৰিছিল;
38. (এই জগত তেওঁলোকৰ যোগ্য নাছিল;) তেওঁলোক নিৰ্জন ঠাইত, পৰ্বতত, গুহাত, আৰু পৃথিৱীৰ গহ্বৰত ফুৰিছিল;
39. এই সকলোৱে, বিশ্বাসৰ দ্বাৰাই সাক্ষ্য পালেও, প্ৰতিজ্ঞাৰ ফল নাপালে;
40. কিয়নো ঈশ্বৰে আমাৰ কাৰণে কোনো শ্ৰেষ্ঠ বিষয় যুগুত কৰি ৰখা বাবে আমাৰ অবিহনে তেওঁলোকক সিদ্ধ হ’বলৈ নিদিলে।