A A A A A

এজেকিয়েল 21:1-32
1. তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2. “হে মনুষ্য সন্তান, তুমি যিৰূচালেমৰ ফাললৈ তোমাৰ মুখ কৰি, পবিত্ৰ স্থানবোৰৰ ফাললৈ বাক্য বৰষোৱা; ইস্ৰায়েল দেশৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
3. তুমি ইস্ৰায়েল দেশক কোৱা, ‘যিহোৱাই এই কথা কৈছে: চোৱা! মই তোমাৰ বিপক্ষ! মই মোৰ তৰোৱাল ইয়াৰ ফাকৰ পৰা উলিয়াই তোমাৰ মাজৰ পৰা ধাৰ্মিক আৰু দুষ্ট দুয়োকো উচ্ছন্ন কৰিম!
4. মই ধাৰ্মিক আৰু দুষ্ট দুয়োকো তোমাৰ মাজৰ পৰা উচ্ছন্ন কৰিম; সেইবাবে দক্ষিণৰ পৰা উত্তৰলৈকে সকলো মত্যৰ অহিতে মোৰ তৰোৱাল ইয়াৰ ফাকৰ পৰা ওলাব।
5. আৰু মই যিহোৱায়েই যে ইয়াৰ ফাকৰ পৰা মোৰ তৰোৱাল উলিয়ালোঁ, ইয়াক সকলো মত্যই জানিব। ই পুনৰায় ঘূৰি নাযাব!’
6. আৰু তুমি, হে মনুষ্য সন্তান, কঁকাল ভগাকৈ হুমুনিয়াহ পেলোৱা! আৰু মনৰ বেজাৰেৰে সৈতে তেওঁলোকৰ আগত হুমুনিয়াহ পেলোৱা!
7. তেতিয়া ‘কিয় তুমি হুমুনিয়াহ পেলাইছা?’ এইবুলি যেতিয়া তেওঁলোকে তোমাক সুধিব, তেতিয়া তুমি ক’বা, বাৰ্ত্তাৰ কাৰণে; কিয়নো সেয়ে আহিছে আৰু প্ৰত্যেকৰ হৃদয় কোমল হ’ব, আটাইৰে হাত দুৰ্ব্বল হ’ব, প্ৰত্যেকৰ মন নিৰুৎসাহ হ’ব আৰু সকলোৰে আঁঠু পানীৰ নিচিনা অস্থিৰ হ’ব; চোৱা! প্ৰভু যিহোৱাই কৈছে, সেয়ে আহিছে আৰু সকলো সিদ্ধ হ’ব।”
8. তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
9. “হে মনুষ্য সন্তান, ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘যিহোৱাই এই কথা কৈছে: তুমি কোৱা, তৰোৱাল! তৰোৱাল! তোমাক ধাৰ দিয়া আৰু চিকুণ কৰা হ’ব।
10. বধ কৰিবৰ বাবে তোমাক ধাৰ দিয়া হৈছে, বিজুলীৰ দৰে হ’বৰ বাবে তোমাক চিকুণ কৰা হৈছে! তেনেহলে আমি জানো আমোদ প্ৰমোদ কৰিম? মোৰ পুত্ৰৰ দণ্ডডালিয়ে আটাই কাঠকে তুচ্ছ কৰে!
11. তাক হাতত ল’বৰ বাবে, তেওঁ তাক চিকুণ কৰিবলৈ আজ্ঞা দিছে! বধ কৰোঁতাৰ হাতত দিবৰ বাবে তৰোৱালখন ধাৰ দিয়া হৈছে! এনে কি চিকুণ কৰাও হৈছে!
12. হে মনুষ্য সন্তান, চিঞৰি ক্রন্দন কৰা আৰু বিলাপ কৰা; কিয়নো সেই তৰোৱাল মোৰ প্রজা আৰু ইস্ৰায়েলৰ আটাই বিষয়াসকলৰ ওপৰলৈ আহিল! তেওঁলোকক মোৰ প্ৰজাসকলে সৈতে তৰোৱালত শোধাই দিয়া হ’ল; এই হেতুকে তুমি নিজ কৰঙনত চপৰিওৱা।
13. কিয়নো পৰীক্ষা কৰা হৈছে; তুচ্ছ কৰোঁতে দণ্ডডালিও যদি নাথাকে, তেন্তে কি হ’ব?’ এয়ে প্ৰভু যিহোৱাৰ বচন।
14. এই হেতুকে এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰা আৰু হাত তালি দিয়া; অনেক লোকক বধ কৰা তৰোৱালখনেই তৃতীয়বাৰ দুগুণ কোবেৰে কাটক! সেয়ে তেওঁলোকৰ ভিতৰ- কোঁঠালিত সোমোৱা, মহৎ লোক জনক সাংঘাতিকৰূপে আঘাত কৰা তৰোৱাল!
15. তেওঁলোকৰ হৃদয় কোমল হ’বৰ বাবে আৰু তেওঁলোকৰ উজুটি খাই পৰা লোকৰ সংখ্যা সৰহ হ’বৰ কাৰণে এই তৰোৱালখনৰ আগটো তেওঁলোকৰ আটাই নগৰ দুৱাৰৰ অহিতে স্থাপন কৰিলোঁ! হায় হায়! তাক বিজুলী যেন কৰা হ’ল, বধ কৰিবৰ কাৰণে তাক ধাৰ দিয়া হ’ল।
16. হে তৰোৱাল, তোমাৰ সমূদায় বল সংগ্ৰহ কৰি সোঁফালে ঘূৰা! যুগুত হৈ বাওঁফালে ঘূৰা! যি ফালে তোমাৰ ধাৰ আছে তুমি সেই ফাললৈ গমন কৰা।
17. ময়ো হাত-তালি দিম আৰু মোৰ ক্ৰোধ মাৰ নিয়াম; মই যিহোৱাই ইয়াকে ক’লোঁ।
18. পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
19. “হে মনুষ্য সন্তান, বাবিলৰ ৰজাৰ তৰোৱালখন আহিবৰ কাৰণে তুমি দুটা পথ নির্ধাৰণ কৰা, সেই দুটা পথ একেখন দেশৰ পৰা ওলাই আহিব; আৰু তুমি হাতৰ আকৃতিৰ এক চিন কাটা, নগৰ কেইখনলৈ অহা বাটৰ মূৰত তাক কাটা।
20. তৰোৱালখন অম্মোনৰ সন্তান সকলৰ ৰব্বা নগৰলৈ আহিবৰ কাৰণে এটা পথ আৰু যিহূদাৰ মাজত থকা গড়েৰে আবৃত, যিৰূচালেম নগৰলৈ আহিবৰ কাৰণে এটা পথ তুমি আঁকা।
21. কিয়নো বাবিলৰ ৰজাই দুই বাটৰ জোৰাত, দুই বাটৰ মূৰত মঙ্গল চাবলৈ থিয় হ’ব। তেওঁ কাঁড় দুডাল ইফালে সিফালে জোকাৰিব, গৃহ-দেৱতাবোৰক সুধিব আৰু মেৰৰ আগমঙহ চাব।
22. পাছে গড় ভঙা যন্ত্ৰ স্থাপন কৰিবলৈ, হত্যাৰ বাবে হুকুম দিবলৈ, উচ্ছস্বৰে জয়ধ্বনি কৰিবলৈ, দুৱাৰবোৰৰ অহিতে গড় ভঙা যন্ত্ৰ স্থাপন কৰিবলৈ, হাদাম বান্ধিবলৈ, কোঁঠ সাজিবলৈ তেওঁৰ সোঁ হাতত যিৰূচালেমৰ নাম উঠিল!
23. সেই মঙ্গলচোৱা কাৰ্যটো বৃথা হ’ব বুলি বাবিলনৰ ৰজাৰ আগত শপত খোৱা যিৰূচালেমৰ লোকসকলে ভাবিব! কিন্তু অৱৰোধ কৰিবলৈ যি চুক্তি তেওঁলোকে উলংঘন কৰাৰ বাবে ৰজাই তেওঁলোকক দোষাৰূপ কৰিব!
24. এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: তেওঁলোক ধৰা পৰিবৰ কাৰণে তেওঁ অপৰাধবোৰ সোঁৱৰণ কৰাব, তোমালোকৰ আটাই কাৰ্যৰ দ্বাৰাই, তোমালোকৰ পাপবোৰ ওলাই পৰাকৈ তোমালোকৰ অপৰাধবোৰ প্ৰকাশিত হ’ব! এইদৰে তোমালোকে নিজৰ দুষ্কৰ্ম সোঁৱৰণ কৰালা আৰু তোমালোকলৈ মোৰ মনত পৰিব; এতেকে তোমালোক শত্রুৰ হাতত ধৰা পৰিবা।
25. আৰু তুমি, হে অশুচি আৰু দুষ্ট ইস্ৰায়েলৰ অধিপতি, যিজনৰ শাস্তিৰ কাল উপস্থিত হ’ল, হত হ’বলগীয়া অন্তজনক অপৰাধৰ কাল উপস্থিত হোৱা দিন উকলিল,
26. প্ৰভু যিহোৱাই এই কথা কৈছে: পাগুৰি গুচুউৱা আৰু ৰাজমুকুট দূৰ কৰা! এইবোৰ আৰু একেই হৈ নাথাকিব! চাপৰক ওখ কৰা হ’ব আৰু ওখক চাপৰ কৰা হ’ব।
27. মই সকলো নষ্ট কৰিম! নষ্ট কৰিম! নষ্ট কৰিম! স্বত্ব থকা জনা নহালৈকে নিশ্চয়ে এই ৰাজমুকুট আৰু নাথাকিব; আৰু তেতিয়া মই এইবোৰ সেই জনাকহে দিম।
28. হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘প্ৰভু যিহোৱাই এইদৰে কৈছে যে, অম্মোনৰ সন্তান সকলৰ আৰু তেওঁলোকে দিয়া অপমানৰ বিষয়ে এই কথা কৈছে: এখন তৰোৱাল, ফাকৰ পৰা এখন তৰোৱাল উলিওৱা হৈছে; গ্ৰাস কৰিবলৈ, বিজুলীস্বৰূপ হ’বলৈ হত্যাৰ কাৰণে তাক সজা হৈছে!
29. তেওঁলোকে তোমাৰ পক্ষে অনৰ্থক দৰ্শন পোৱাত আৰু তোমাৰ পক্ষে মিছা মঙ্গল চোৱাত, হত হ’বলগীয়া সেই দুষ্টবোৰৰ ডিঙিত তোমাক পেলাবলৈ সেই অন্তজনক অপৰাধৰ সময়ৰ দিন উপস্থিত হ’ব।
30. তুমি তাক ফাকত পুনৰ সুমুউৱা। তোমাক সৃষ্টি কৰা ঠাইত, তোমাৰ জন্মদেশত মই তোমাক দণ্ড দিম!
31. আৰু মই তোমাৰ ওপৰত মোৰ ক্ৰোধ বৰষাম, মোৰ ক্ৰোধাগ্নি তোমাৰ ওপৰত ফুঁৱাম আৰু বিনষ্ট কৰিবলৈ নিপুণ পশুতুল্য লোকসকলৰ হাতত তোমাক শোধাই দিম!
32. তুমি জুইৰ খৰিস্বৰূপ হ’বা! দেশৰ মাজত তোমাৰ ৰক্তপাত হ’ব। তোমাক আৰু সোঁৱৰণ কৰা নাযাব, কিয়নো মই যিহোৱাই ইয়াক কলোঁ’।”

এজেকিয়েল 22:1-31
1. তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2. “এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি গোচৰ নচলোৱা নে? ৰক্তপাতকাৰিণী নগৰীৰ ওপৰত গোচৰ নচলোৱা নে? তেন্তে তাইৰ আটাই ঘিণলগীয়া কাৰ্য তাইক জনোৱা।
3. আৰু তুমি ক’ব লাগিব, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: ই কেনেকুৱা নগৰী যে, নিজৰ সময় আহিবৰ কাৰণে নিজৰ মাজত ৰক্তপাত কৰে আৰু নিজকে অশুচি কৰিবলৈ নিজৰ কাৰণে প্রতিমাবোৰ নিৰ্ম্মাণ কৰে।
4. হে নগৰী তুমি কৰা ৰক্তপাতত তুমি দোষী থ’লো আৰু তুমি নিৰ্ম্মাণ কৰা তোমাৰ প্রতিমা-বোৰৰ দ্বাৰাই তুমি অশুচি থ’লো! আৰু তুমি কাল ওচৰ চপাইছা আৰু তোমাৰ আয়ুসৰ শেষলৈ আহিছা। এই হেতুকে মই জাতিবোৰৰ আগত তোমাক ধিক্কাৰৰ আৰু আটাই দেশৰ আগত বিদ্রূপৰ বিষয় কৰিম।
5. হে বদনামী কলহপূৰ্ণা নগৰী, তোমাৰ ওচৰত আৰু নিলগত থকা সকলোৱে তোমাক বিদ্ৰূপ কৰিব।
6. চোৱা, ইস্ৰায়েলৰ অধ্যক্ষসকলে নিজ নিজ বাহুবল অনুসাৰে ৰক্তপাত কৰিবলৈ তোমাৰ মাজত আছে।
7. তোমাৰ মাজত পিতৃ-মাতৃক হেয়জ্ঞান কৰা হৈছে, তোমাৰ মাজত বিদেশীক অত্যাচাৰ কৰা হৈছে; তোমাৰ মাজত পিতৃহীন আৰু বিধৱাক অন্যায় কৰা হৈছে।
8. তুমি মোৰ পবিত্ৰ বস্তুবোৰ ঘিণ কৰিছা আৰু মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিছা!
9. ৰক্তপাত কৰিবলৈ তোমাৰ মাজত চৰ্চ্চিফুৰা লোক আছে। তোমাৰ মাজত লোকে পৰ্ব্বতবোৰৰ ওপৰত ভোজন কৰে। তোমাৰ মাজত ব্যভিচাৰ কৰে!
10. তোমাৰ মাজত পিতৃৰ উলঙ্গতা প্ৰকাশ কৰে। তোমাৰ মাজ ত ঋতু-স্নান হোৱা স্ত্রীক বলাৎকাৰ কৰে।
11. কোনোৱে নিজৰ ওচৰ-চুবুৰীয়াৰ স্ত্রীৰে সৈতে ঘিণলগীয়া কাৰ্য কৰে, কোনোজনে নিজৰ বোৱাৰীয়েকক কুকৰ্মৰে অশুচি কৰে আৰু তোমাৰ মাজত আন কোনোৱে নিজৰ ভনীয়েকক, বাপেকৰ জীয়েকক বলাৎকাৰ কৰে।
12. ৰক্তপাত কৰিবলৈ তোমাৰ মাজত লোকে ভেঁটি লয়। তুমি সুত আৰু বাঢ়ি লওঁতা আৰু তুমি লোভ কৰি অত্যাচাৰৰ দ্বাৰাই তোমাৰ ওচৰ-চুবুৰীয়াৰ পৰা লাভ কৰিছা, কিন্তু মোক হ’লে পাহৰিছা।” ইয়াক প্ৰভু যিহোৱাই কৈছে।
13. এই হেতুকে চোৱা! তুমি কৰা অন্যায় লাভত আৰু তোমাৰ মাজত ৰক্তপাতত তুমি এইবোৰ কৰাত মই হাত তালি দিছোঁ।
14. মই যি দিনা তোমাৰ প্ৰতিশোধ ল’ম, সেইদিনা তোমাৰ হৃদয়ে সহি থাকিব পাৰিব নে? বা তোমাৰ হাত সবল হ’ব নে? মই, যিহোৱাই ইয়াক ক’লোঁ আৰু মই ইয়াক সিদ্ধও কৰিম।
15. মই জাতিবোৰৰ মাজত তোমাক ছিন্ন-ভিন্ন কৰিম, দেশবোৰৰ মাজত তোমাক গোট গোট কৰিম আৰু তোমাৰ মাজৰ পৰা তোমাৰ লেতেৰাবোৰ নিকা কৰিম।
16. আৰু তোমাক জাতিবোৰৰ সাক্ষাতে অপবিত্ৰ কৰা হ’ব। আৰু মই যে যিহোৱা, তাক তুমি জানিবা!”
17. তাৰ পাছত যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
18. “হে মনুষ্য সন্তান, ইস্ৰায়েল বংশ মোৰ দৃষ্টিত আৱৰ্জনাস্বৰূপ হ’ল। তেওঁলোক সকলোৱেই মূহিত দিব লগা পিতল, বগীতাম, লোহা আৰু সীহস্বৰূপ তেওঁলোক ৰূপৰ আৱৰ্জনাস্বৰূপ।
19. এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: ‘তোমালোক সকলোৱেই আৱৰ্জনাস্বৰূপ হোৱাৰ বাবে চোৱা! মই তোমালোকক যিৰূচালেমৰ মাজত গোটাম।
20. মানুহে ৰূপ, পিতল, লোহা, সীহ আৰু বগীতাম গলাবৰ বাবে, তাৰ ওপৰত জুই ফুঁৱাবলৈ মূহীৰ মাজত তাক গোটাই দিয়াৰ দৰে মই তোমালোকক মোৰ ক্ৰোধত আৰু কোপত গোটাম আৰু তোমালোকক তাত পেলাই গলাম।
21. এনে কি, মই তোমালোকক গোটাই, মোৰ ক্ৰোধাগ্নি তোমালোকৰ ওপৰত ফুঁৱাম; তাতে তোমালোক তাৰ মাজত গলি যাবা।
22. মূহীৰ মাজত ৰূপ গলাৰ দৰে তাৰ মাজত তোমালোক গলিবা; গতিকে মই যিহোৱায়েই যে তোমালোকৰ ওপৰত মোৰ ক্ৰোধ বৰষালোঁ, তাক তোমালোকে জানিবা’!”
23. যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
24. “হে মনুষ্য সন্তান, তুমি যিহূদাক কোৱা, ‘তুমি হাবি নকটা, বা ক্ৰোধৰ দিনা বৰষুণ নিদিয়া দেশ!
25. তাৰ মাজত তাৰ ভাববাদীসকলে চক্ৰান্ত কৰিছে, তেওঁলোকে চিকাৰ ধৰোঁতে গৰ্জ্জন কৰোঁতা সিংহৰ নিচিনা; তেওঁলোকে মনুষ্যক গ্ৰাস কৰে! তেওঁলোকে ধন-সম্পত্তি আৰু বহুমূল্য বস্তু নিয়ে; তেওঁলোকে তাৰ মাজত তাৰ বিধৱাৰ সংখ্যা বঢ়ালে।
26. তাৰ পুৰোহিতবোৰে মোৰ ব্যৱস্থাৰ বিপৰীতে অত্যাচাৰ কৰে; তেওঁলোকে পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ নাৰাখে, বা শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ মানুহক নিশিকাই; তেওঁলোকে মোৰ বিশ্ৰাম-দিনবোৰৰ পৰা তেওঁলোকৰ চকু ঢাকে আৰু মই তেওঁলোকৰ মাজত অপবিত্ৰীকৃত হ’লো।
27. অন্যায় লাভ কৰিবৰ কাৰণে ৰক্তপাত কৰিবলৈ আৰু মনুষ্যক বিনষ্ট কৰিবলৈ তাৰ মাজত থকা তাৰ মুখ্যসকল চিকাৰ ধৰোঁতা ৰাংকুকুৰস্বৰূপ।
28. যিহোৱাই নোকোৱাকৈয়ে প্ৰভু যিহোৱাই এইদৰে কৈছে বুলি তাৰ ভাববাদীসকলে কৈ, অনৰ্থক দৰ্শন দেখি আৰু তেওঁলোকৰ পক্ষে মিছা মঙ্গল চাই, তেওঁলোকৰ বাবে চূণেৰে লিপে।
29. দেশৰ প্ৰজাসকলে উপদ্ৰৱ কৰে, বলেৰে লয়, এনে কি, দুখী-দৰিদ্ৰক দুখ দিয়ে আৰু বিদেশীক অন্যায়কৈ অত্যাচাৰ কৰে।
30. আৰু মই দেশ নষ্ট নকৰিবৰ কাৰণে, চাৰিওফালে গড় নিৰ্ম্মাণ কৰিব পৰা আৰু দেশৰ অৰ্থে মোৰ আগত গড় ভঙা বাটত থিয় হ’ব পৰা এনে এজন মানুহ তেওঁলোকৰ মাজত বিচাৰিলোঁ, কিন্তু মই কাকো নাপালোঁ।
31. এই হেতুকে মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ বৰষাম, মোৰ ক্ৰোধাগ্নিয়ে তেওঁলোকক সংহাৰ কৰিম! মই তেওঁলোকৰ নিজৰ নিজৰ আচাৰ-ব্যৱহাৰৰ ফল তেওঁলোকৰ মূৰত ফলিওৱাম।’ এইদৰে প্ৰভু যিহোৱাই কৈছে।”

সামসঙ্গীত 126:1-6
1. যিহোৱাই যেতিয়া চিয়োনক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিলে, তেতিয়া আমি সপোন দেখা মানুহৰ নিচিনা হ’লো।
2. তেতিয়া আমাৰ মুখ হাঁহিৰে ভৰি পৰিল, আমাৰ জিভা আনন্দ-গানেৰে পৰিপূৰ্ণ হ’ল; আন জাতিৰ লোকসকলে তেতিয়া কোৱাকুই কৰিলে, “যিহোৱাই তেওঁলোকৰ কাৰণে অনেক মহৎ কার্য কৰিলে।”
3. যিহোৱাই আমাৰ কাৰণে অনেক মহৎ কৰ্ম কৰিলে; সেয়ে আমি আনন্দ কৰিলোঁ।
4. হে যিহোৱা, নেগেভ মৰুভূমিৰ জুৰিবোৰৰ নিচিনাকৈ, তুমি আমাৰ ভৱিষ্যত আগৰ অৱস্থালৈ ঘূৰাই আনা।
5. যিসকলে চকুলোৰে বয়, তেওঁলোকে আনন্দেৰে দাব।
6. যিসকলে কান্দি কান্দি কঠীয়া ববলৈ ওলাই যায়, তেওঁলোকে নিশ্চয়ে আনন্দেৰে নিজৰ নিজৰ ডাঙৰি লৈ উলটি আহিব।

প্রবচন 28:23-23
23. কথাৰে খুচামোদ কৰা লোকতকৈ, কোনো এজনক অনুযোগ কৰা জনে পৰৱৰ্তি সময়ত অধিক অনুগ্ৰহ পায়।

ইব্ৰী 10:19-39
19. এতেকে, হে ভাই সকল, সেই মহা-পবিত্ৰ স্থানত প্ৰৱেশ কৰাৰ সম্পূৰ্ণ অধিকাৰ আমাৰ আছে৷ যীচুৰ তেজৰ গুণত আমি নিৰ্ভিকতাৰ সৈতে সেই ঠাইত প্ৰৱেশ কৰিব পাৰোঁ৷
20. তেওঁ আমাৰ কাৰণে সেই আঁৰ-কাপোৰৰ মাজেদি এটা পথ মুকলি কৰিলে অৰ্থাৎ তেওঁৰ শৰীৰৰ যোগেদি আমাৰ বাবে সেই পথে মুকলি কৰি দিলে, সেই পথ নতুন আৰু জীৱনময়৷
21. আৰু আমাৰ কাৰণে ঈশ্বৰৰ গৃহৰ ওপৰত নিযুক্ত এজন মহান পুৰোহিত থকাত,
22. সেয়েহে আহক, আমাৰ হৃদয় কু-বিবেকৰ পৰা নিৰ্মল কৰা হোৱাত, সত্য হৃদয়ৰ সহিত সম্পূর্ণ নিশ্চয়তাযুক্ত বিশ্বাসেৰে ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁহক,
23. এতিয়া আহক, আমাৰ শৰীৰো শুদ্ধ পানীৰে ধুউৱা হোৱাত, আমি স্বীকাৰ কৰা আশা দৃঢ় ৰূপে ধৰি ৰাখোহঁক; কিয়নো যি জনে প্ৰতিজ্ঞা কৰিলে তেওঁ বিশ্বাসী।
24. সেয়েহে সকলোৱে প্ৰেমত আৰু সৎকৰ্মত উদগণি দিবলৈ পৰস্পৰে গভীৰ ভাবে চিন্তা কৰি চাওঁ আহক;
25. কোনো কোনো জনৰ দস্তুৰ মতে আমি গোট হৈ সমৱেত হোৱাৰ অভ্যাস ত্যাগ নকৰোঁ আহক; কিয়নো দিন যিমান ওচৰ হৈ আহিছে, সিমানে অধিককৈ পৰস্পৰে পৰস্পৰক উদগাওহক।
26. যদি সত্যৰ তত্ত্ব-জ্ঞান পোৱাৰ পাছত আমি জানি শুনি পাপ-আচৰণ কৰোঁ, তেনেহলে পাপৰ কাৰণে বলিদান কৰা পুনৰ বাকী নাথাকে;
27. কেৱল সোধ-বিচাৰৰ এক ৰকম ভয়ংকৰ অপেক্ষা, আৰু ঈশ্বৰৰ বিপক্ষ সকলক গ্ৰাস কৰিবলৈ উদ্যত হৈ থকা অনন্ত জুই ৰৈ থাকিব।
28. যি কোনোৱে মোচিৰ বিধান অৱহেলা কৰে, তেওঁ দুই বা তিনি সাক্ষীৰ প্ৰমাণেৰে, নিৰ্দয়ভাবে মৰিব লগা হয়।
29. তেনেহলে ঈশ্বৰৰ পুত্ৰক যি জনে ভৰিৰ তলত গছকে, আৰু নিয়মৰ যি তেজৰ দ্বাৰাই তেওঁ পবিত্ৰীকৃত হৈছিল, সেই তেজক যি জনে অশুচি কৰে, আৰু অনুগ্ৰহৰ আত্মাৰ অপমান কৰে, সেই জন আপোনালোকৰ বিবেচনা অনুসৰি, তেওঁ তাতকৈ কিমান দুৰ্ঘোৰ দণ্ডৰ যোগ্য-পাত্ৰ বুলি গণিত হ’ব!
30. কিয়নো আমি জানো, তেওঁ কৈছে, “প্ৰতিশোধ লোৱা মোৰ কৰ্ম, মইহে প্ৰতিফল দিম;” আৰু কৈছে, “প্ৰভুৱে নিজৰ লোক সকলৰ সোধ-বিচাৰ কৰিব৷”
31. জীৱনময় ঈশ্বৰৰ হাতত পৰা অতি ভয়ংকৰ কথা।
32. সেই পূৰ্বকালৰ দিনবোৰ সোঁৱৰণ কৰক, আপোনালোকে পোহৰ পোৱাৰ পাছত, যিবোৰ দুখ আৰু কষ্ট ভোগ কৰিব লগা হৈছিল, তথাপি আপোনালোক স্থিৰ আছিল৷
33. কেতিয়াবা লোক সকলে আপোনালোকক প্ৰকাশ্যে নিন্দা কৰিছিল আৰু বহু মানুহৰ সন্মুখত আপোনালোক নিৰ্যাতিত হৈছিল৷ কেতিয়াবা অন্য লোকৰ ওপৰত আপোনালোকৰ দৰে নিৰ্যাতন হোৱা দেখি, আপোনালোকেও সেই লোক সকলক সহানুভুতি দেখুৱাইছিল৷
34. যি সকল কাৰাগাৰত বন্দী আছিল, আপোনালোকে তেওঁলোকক সাহায্য কৰিছিল আৰু তেওঁলোকৰ দুখত সহানুভুতিশীল হৈছিল৷ আপোনালোকৰ কোনো বস্তু কোনোবাই বাজেয়াপ্ত কৰিলেও, আপোনালোকে আনন্দ কৰিছে, কাৰণ আপোনালোকে জানিব পাৰিছে যে, এইবোৰ বস্তুতকৈ উৎকৃষ্ট আৰু চিৰস্থায়ী এটা সম্পদ আপোনালোকৰ বাবে আছে৷
35. এতেকে আপোনালোকে সাহস নেহেৰুৱাব, সেই সাহসে আপোনালোকক মহা-পুৰষ্কাৰ আনি দিব৷
36. কিয়নো আপোনালোকে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰতিজ্ঞাৰ ফল যেন পায়, তাৰ বাবে আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে।
37. কিয়নো অলপতে আহিব লগা জন আহিব ধৰিছে, পলম নকৰিব।
38. কিন্তু মোৰ ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব; কিন্তু যদি হুঁহকি যায়, তেনেহলে মোৰ প্ৰাণ সেই জনত সন্তুষ্ট নহ’ব ।
39. কিন্তু যিবোৰে সৰ্ব্বনাশলৈ হুঁহকি যায়, আমি তেওঁলোকৰ মাজৰ নহওঁ; আমি জীৱাত্মাৰ ৰক্ষা লাভ কৰিবৰ বাবে বিশ্বাস কৰা সকলৰ মাজৰহে হৈছোঁ।