A A A A A

যেরেমিয়া 49:1-39
1. অম্মোনৰ সন্তানসকলৰ বিষয়। যিহোৱাই এই কথা কৈছে, ইস্ৰায়েলৰ জানো পুত্ৰ নাই? তেওঁৰ উত্তৰাধিকাৰী জানো কোনো নাই? তেন্তে মিল্কমৰ মূর্তিৰ পূজা কৰাসকলে কিয় গাদক অধিকাৰ কৰিছে? আৰু তাৰ প্ৰজাবিলাকে কিয় গাদৰ নগৰবোৰত বাস কৰিছে?
2. এই নিমিত্তে, যিহোৱাই কৈছে, চোৱা, যিদিনা মই অম্মোনৰ সন্তানসকলৰ ৰব্বাৰ বিৰুদ্ধে যুদ্ধৰ ধ্বনি শুনাম, এনে দিন আহিছে; সেয়ে ভগ্নৰাশি হ’ব, আৰু তাৰ উপনগৰবোৰ জুইৰে পোৰা যাব; তেতিয়া যিহোৱাই কৈছে, ইস্ৰায়েলক অধিকাৰ কৰা-বিলাকক ইস্ৰায়েলে অধিকাৰ কৰিব।
3. হে হিচবোন, হাহাকাৰ কৰা, কিয়নো অয়ক বিনষ্ট কৰা হ’ল; হে ৰব্বাৰ জীয়াৰীবিলাক, চিঞৰি কান্দা, চট পিন্ধা, বিলাপ কৰি গড়ৰ কাষে কাষে ইফালে সিফালে লৰি ফুৰা; কিয়নো মিল্কম, তাৰ পুৰোহিতবিলাক, আৰু তাৰ প্ৰধান লোক-বিলাক একেলগে বন্দী অৱস্থালৈ যাব।
4. মোৰ ওচৰলৈ কোন আহিব পাৰে বুলি কৈ নিজ ধনত ভাৰসা কৰোঁতা হে বিপথগামিনী জীয়াৰী, তোমাৰ উপত্যকাবোৰত, তোমাৰ ৰক্তপ্ৰবাহী উপত্যকাটিত কিয় গৌৰৱ কৰিছা?
5. বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে চোৱা, মই তোমাৰ চাৰিওফালে থকা আটাইৰে পৰা তোমালৈ ভয় উপস্থিত কৰিম; তোমালোক প্ৰতিজনক পোনে পোনে খেদাই দিয়া হ’ব আৰু পলৰীয়াক গোটাবলৈ কোনো নহ’ব।
6. কিন্তু, যিহোৱাই কৈছে, পাছত মই অম্মোনৰ সন্তানসকলৰ বন্দী অৱস্থা পৰিবৰ্ত্তন কৰিম।
7. ইদোমৰ বিষয়। বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, তৈমনত জানো আৰু জ্ঞান নাই? বুদ্ধিয়কবিলাকৰ পৰা জানো পৰামৰ্শ লোপ পালে? তেওঁবিলাকৰ জ্ঞান জানো নাইকিয়া হ’ল?
8. হে দদান-নিবাসীবিলাক, তোমালোক পলোৱা মুখ ঘূৰাই গভীৰ ঠাইত সোমাই বাস কৰা; কিয়নো মই এচৌৰ ওপৰলৈ তাৰ আপদ আৰু দণ্ড তাক দিয়াৰ সময় আনিম।
9. তোমাৰ ওচৰলৈ দ্ৰাক্ষাগুটি চপাওঁতাবিলাক আহিলে, সিহঁতে কিছু দ্ৰাক্ষাগুটি অৱশিষ্ট নাৰাখিব নে? ৰাতি চোৰ আহিলে, সিহঁতে প্ৰয়োজন মতে চুৰ কৰি ক্ষান্ত নহ’ব নে?
10. কিন্তু মই হ’লে এচৌক শূণ্য কৰিলোঁ আৰু তাৰ গোপনীয় ঠাইবোৰ মুকলি কৰিলোঁ, সি লুকাই থাকিব নোৱাৰিব; তাৰ বংশ, ভায়েকবিলাক আৰু ওচৰ-চুবুৰীয়াৰ বিনষ্ট হ’ল, আৰু সি লোপ পালে।
11. তোমাৰ পিতৃহীন সন্তানসকলক এৰা, ময়েই সিহঁতক জীয়াই ৰাখিম; আৰু তোমাৰ বিধৱাবিলাকে মোত ভাৰসা কৰক।
12. কিয়নো যিহোৱাই এই কথা কৈছে, চোৱা, পাত্ৰত পান কৰা যিবিলাকৰ স্বত্ব নাই, তেওঁবিলাকেই অৱশ্যে পান কৰিব; তেন্তে তুমি জানো সমূলি দণ্ড পাব নলগা লোক? তুমি দণ্ড নোপোৱাকৈ নাথাকিবা, তুমি অৱশ্যে পান কৰিবা।
13. কিয়নো যিহোৱাই কৈছে, মই মোৰ নাম লৈ এই শপত খাই কৈছোঁ যে, বস্ৰা আচৰিতৰ, ধিক্কাৰৰ, ধ্বংসৰ আৰু শাওৰ বিষয় হ’ব, আৰু তাৰ আটাই নগৰ চিৰকলীয়া ধ্বংসস্থান হ’ব।
14. মই যিহোৱাৰ পৰা বাৰ্ত্তা শুনিলোঁ, আৰু জাতিবিলাকৰ মাজলৈ এজন দূত পঠোৱা হ’ল, “তোমালোকে একেলগে গোট খাই তাৰ বিৰুদ্ধে যাত্ৰা কৰা, আৰু যুদ্ধ কৰিবৰ অৰ্থে উঠা”।
15. কিয়নো, চোৱা, মই তোমাক জাতিবিলাকৰ মাজত সৰু, আৰু মানুহৰ মাজত নীহ কৰিলোঁ।
16. হে শিলৰ খোৰোঙত বাস কৰা জন, হে পৰ্ব্বতৰ উচ্ছস্থানত থকা জন, তোমাৰ ভয়ানকতাৰ বিষয়ে হ’লে, তোমাৰ মনৰ অহঙ্কাৰে তোমাক প্ৰবঞ্চনা কৰিলে; যিহোৱাই কৈছে, তুমি কুৰৰ পখীৰ নিচিনাকৈ ওখত তোমাৰ বাহ সাজিলেও, মই তাৰ পৰা তোমাক নমাই আনিম।
17. ইদোম বিস্ময়ৰ বিষয় হ’ব; তাৰ ওচৰেদি অহা-যোৱা কৰা প্ৰতিজনে বিস্ময় মানিব আৰু তালৈ ঘটা আটাই উৎপাত দেখি ইচ ইচ কৰিব।
18. যিহোৱাই কৈছে, চদোম, ঘমোৰা, আৰু তাৰ ওচৰৰ নগৰ কেইখন নষ্ট হোৱাৰ সময়ৰ নিচিনাকৈ কোনো মানুহে তাত বাস নকৰিব, কোনো মানুষ্য-সন্তানে তাৰ মাজত প্ৰবাস নকৰিব।
19. চোৱা, যৰ্দ্দনৰ শোভাস্থানৰ পৰা সিংহ উঠি অহাৰ নিচিনাকৈ তেওঁ চিৰস্থায়ী চৰণীয়া ঠাইৰ বিৰুদ্ধে আহিব; কিন্তু মই চকুৰ পচাৰতে তেওঁক তাৰ পৰা লৰুৱাম আৰু মই তাৰ ওপৰত মোৰ মনোনীত জনক নিযুক্ত কৰিম; কাৰণ মোৰ নিচিনা কোন আছে? আৰু মোৰ নিমিত্তে কোনে সময় নিৰূপণ কৰিব? আৰু মোৰ আগত তিষ্ঠিব পৰা কোন ৰখীয়া আছে?
20. এই হেতুকে, যিহোৱাই ইদোমৰ বিৰুদ্ধে কৰা মন্ত্ৰণা, আৰু তৈমন-নিবাসীবিলাকৰ অহিতে কৰা অভিপ্ৰায়বোৰ তোমালোকে শুনা; অৱশ্যে জাকৰ সৰুবোৰেও সিহঁতক টানি লৈ যাব, অৱশ্যে সিহঁতৰ চৰণীয়া ঠায়ে সিহঁতৰ বিষয়ে বিস্ময় মানিব।
21. সিহঁতৰ পতনৰ শব্দত পৃথিৱী কঁপিছে; সিহঁতৰ চিঞৰৰ শব্দ চূফ সাগৰলৈকে শুনা গৈছে।
22. চোৱা, তেওঁ কুৰৰ পখীৰ নিচিনাকৈ উড়ি আহিব, আৰু বস্ৰাৰ অহিতে নিজ ডেউকা মেলিব, আৰু সেই দিনা ইদোমৰ বীৰবিলাকৰ হৃদয় প্ৰসৱবেদনা পোৱা তিৰোতাৰ হৃদয়ৰ নিচিনা হ’ব।
23. দম্মেচকৰ বিষয়। হমাৎ আৰু অৰ্পদে লাজ পালে; কিয়নো সিহঁতে অমঙ্গলৰ বাৰ্ত্তা শুনি দ্ৰৱ হৈ গৈছে; সাগৰ খনত শোক দেখা গৈছে, সেয়ে স্থিৰ হ’ব নোৱাৰে।
24. দম্মেচক দুৰ্ব্বল হৈ পৰিল, সি পলাবলৈ ঘূৰিল আৰু কম্পনে তাক ধৰিলে, প্ৰসৱকাৰিনী তিৰোতাৰ নিচিনাকৈ যাতনা আৰু বেদনাই তাক আক্ৰমণ কৰিলে।
25. প্ৰশংসাৰ নগৰ, মোৰ আনন্দৰ নগৰ কিয় পৰিত্যক্ত নহ’ল?
26. এতেকে, বাহিনীসকলৰ যিহোৱাই কৈছে, তাৰ ডেকাবিলাক তাৰ চকবোৰত পতিত হ’ব, আৰু আটাই যুদ্ধাৰুবিলাকক সেই দিনা নিস্তব্ধ কৰা হ’ব।
27. আৰু মই দম্মেচকৰ গড়ৰ ভিতৰত জুই লগাম; সেয়ে বিন-হদদৰ অট্টালিকাবোৰ গ্ৰাস কৰিব।
28. বাবিলৰ ৰজা নবূখদনেচৰে প্ৰহাৰ কৰা কেদৰৰ আৰু হাচোৰীয়া ৰাজ্যবোৰৰ বিষয়। যিহোৱাই এই কথা কৈছে, তোমালোকে উঠি কেদৰলৈ যোৱা, আৰু পূৱদেশীয় সন্তানসকলক বিনষ্ট কৰা।
29. শত্ৰুৱে সিহঁতৰ তম্বু আৰু পশুৰ জাকবোৰ লৈ যাব, আৰু সিহঁতৰ আঁৰ কাপোৰ আদি আটাই বস্তু আৰু উটবোৰ নিজৰ নিমিত্তে নিব, আৰু সিহঁতে শত্ৰুৰ কাৰণে চিঞৰিব, সকলো ফালে ত্ৰাস।
30. যিহোৱাই কৈছে, হে হাচোৰনিবাসীবিলাক, পলোৱা, দূৰলৈ ভ্ৰমণ কৰি গভীৰ ঠাইত বাস কৰা; কিয়নো বাবিলৰ ৰজা নবূখদনেচৰে তোমালোকৰ অহিতে মন্ত্ৰণা কৰিলে, আৰু তোমালোকৰ অহিতে কল্পনা স্থিৰ কৰিলে।
31. যিহোৱাই কৈছে, তোমালোক উঠা, নিৰ্ভয়ে আৰু নিশ্চিন্তে বাস কৰা, আৰু দুৱাৰ কি ডাং নথকা অকলেই বাস কৰা এটি জাতিৰ বিৰুদ্ধে তোমালোকে যাত্ৰা কৰা।
32. সিহঁতৰ উটবোৰ চিকাৰৰ বস্তু যেন হ’ব, আৰু সিহঁতৰ পশুসমূহ লুট দ্ৰব্য হ’ব। আৰু কুমৰ গুৰিত ডাঢ়ি-চুলি কটা আটাইবোৰকে মই সকলো ফালে বায়ুত উড়ুৱাই দিম; আৰু যিহোৱাই কৈছে, মই সিহঁতৰ সকলো ফালৰ পৰা সিহঁতলৈ আপদ আনিম।
33. হাচোৰ শিয়ালৰ বাসস্থান, চিৰকলীয়া ধ্বংস স্থান হ’ব; তাত কোনো মানুহ নাথাকিব, নাইবা কোনো মনুষ্য-সন্তানে তাৰ মাজত প্ৰবাস নকৰিব।
34. যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ আৰম্ভণত এলমৰ বিষয়ে যিৰিমিয়া ভাববাদীলৈ অহা যিহোৱাৰ বাক্য।
35. বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, চোৱা, মই শক্তিৰ প্ৰধান অস্ত্ৰ এলমৰ ধনু ভাঙি পেলাম।
36. আৰু আকাশৰ চাৰি দিশৰ পৰা চাৰি বায়ু মই এলমৰ ওপৰলৈ বলোৱাম, আৰু সেই সকলো বায়ুত মই সিহঁতক উড়ুৱাই দিম; দূৰীকৃত এলমীয়াবিলাক যি জাতিৰ ওচৰলৈ নাযাব, এনে কোনো জাতি নহ’ব।
37. আৰু এলমৰ শত্ৰুবোৰৰ আগত, আৰু সিহঁতৰ প্ৰাণ বিচৰাবোৰৰ আগত মই সিহঁতক ব্যাকুল কৰিম; আৰু যিহোৱাই কৈছে মই সিহঁতৰ ওপৰলৈ অমঙ্গল, এনেকি মোৰ প্ৰচণ্ড ক্ৰোধ উপস্থিত কৰিম; আৰু সিহঁতক সংহাৰ নকৰালৈকে সিহঁতৰ পাছে পাছে মই তৰোৱাল পঠাম।
38. যিহোৱাই আৰু কৈছে, মই এলমত নিজ সিংহাসন স্থাপন কৰিম, আৰু তাৰ পৰা দণ্ডাজ্ঞা দি, ৰজা আৰু প্ৰধান লোকবিলাকক উচ্ছন্ন কৰিম।
39. কিন্তু, যিহোৱাই কৈছে, শেষকালত মই এলমৰ বন্দী অৱস্থা পৰিবৰ্ত্তন কৰিম।

যেরেমিয়া 50:1-46
1. যিৰিমিয়া ভাববাদীৰ দ্বাৰাই বাবিলৰ বিষয়ে আৰু বাবিলৰ লোকসকলৰ বিষয়ে যিহোৱাই কোৱা বাক্য।
2. তোমালোকে জাতিবিলাকৰ মাজত প্ৰচাৰ কৰা, ঘোষণা কৰা আৰু ধ্বজা তোলা; গুপুতে নাৰাখিবা; কোৱা, “বাবিল হাত কৰি লোৱা হ’ল, বেলে লাজ পালে, মৰোদক ব্যাকুল হ’ল; তাৰ মুৰ্ত্তিবোৰে লাজ পালে, তাৰ প্ৰতিমাবোৰ ব্যাকুল হ’ল”।
3. কিয়নো তাৰ বিৰুদ্ধে উত্তৰৰ পৰা এক জাতি আহিছে; সেই জাতিয়ে তাৰ দেশ ধ্বংস কৰিব তাত কোনেও বাস নকৰিব; সিহঁত পলাল মানুহ আৰু পশু সকলো গ’ল।
4. যিহোৱাই কৈছে, সেই দিনত আৰু সেই কালত ইস্ৰায়েলৰ সন্তানসকল আৰু যিহূদাৰ সন্তানসকল একে লগ হৈ আহিব আৰু ক্ৰন্দন কৰি কৰি গমন কৰি তেওঁবিলাকৰ ঈশ্বৰ যিহোৱাৰ বিচাৰ কৰিব।
5. তেওঁবিলাকে এই ফাললৈ মুখ কৰি চিয়োনৰ বিষয়ে সুধিব আৰু ক’ব যে আহা, আমি পাহৰিব নোৱাৰা চিৰকলীয়া এটি নিয়মেৰে যিহোৱাত আসক্ত হওঁ।
6. মোৰ প্ৰজাবিলাক হেৰোৱা মেৰ-ছাগ স্বৰূপ হ’ল; তেওঁবিলাকৰ ৰখীয়াবিলাকে তেওঁবিলাকক বিপথগামী কৰিলে, পৰ্ব্বতবোৰত তেওঁবিলাকৰ বাট হেৰুৱালে; তেওঁবিলাক এক পৰ্ব্বতৰ পৰা আন পৰ্ব্বতলৈ গ’ল, তেওঁবিলাকে নিজৰ শোৱা ঠাই পাহৰিলে।
7. তেওঁবিলাকক পোৱা সকলোৱে তেওঁবিলাকক গ্ৰাস কৰিলে, আৰু তেওঁবিলাকৰ শত্ৰুবোৰে ক’লে, আমি দোষ কৰা নাই, কাৰণ সিহঁতে ধৰ্মনিবাস যিহোৱাৰ, সিহঁতৰ পূৰ্বপুৰুষসকলৰ বিশ্বাস ভূমি যিহোৱাৰেই বিৰুদ্ধে পাপ কৰিলে।
8. তোমালোক বাবিলৰ মাজৰ পৰা পলোৱা, কলদীয়াহঁতৰ দেশৰ পৰা ওলাই যোৱা, আৰু জাকৰ আগে আগে যাওঁতা মতা ছাগবোৰৰ নিচিনা হোৱা।
9. কিয়নো চোৱা, মই উত্তৰ দেশৰ পৰা বাবিলৰ অহিতে মহা জাতিবোৰৰ এক লোক সমূহক উচটাই আনিম, আৰু সিহঁতে তাৰ বিৰুদ্ধে বেহু পাতিব, তাতে তাক হাত কৰি লোৱা যাব; সিহঁতৰ কাঁড়বোৰ, বিফলে উলটি নহা নিপুন বীৰৰ কাঁড়বোৰৰ নিচিনা হ’ব।
10. কলদীয়া দেশ লুট দ্ৰব্য হ’ব, যিহোৱাই কৈছে, তাৰ লুটকাৰী আটাইবোৰ পৰিতৃপ্ত হ’ব।
11. হে মোৰ লোকসকলৰ আধিপত্য অপহৰণ কৰোঁতাবিলাক, তহঁতে আনন্দ কৰিছ, উল্লাস কৰিছ, শস্য মাৰোঁতা এজনী চেঁউৰী গৰুৰ নিচিনাকৈ দেও দিছ, আৰু বলী ঘোঁৰাৰ নিচিনাকৈ ঢেকঢেকাইছ।
12. এতেকে, তহঁতৰ মাৰে অত্যন্ত লাজ পাব। তহঁতৰ জননী ব্যাকুল হ’ব, দেখ, তাই জাতিবিলাকৰ মাজত সকলোতকৈ পাছ হ’ব, অৰণ্য শুকান ভূমি আৰু মৰুভূমি হ’ব।
13. যিহোৱাৰ ক্ৰোধৰ কাৰণে এই দেশ বসতিস্থান নহ’ব, কিন্তু সম্পূৰ্ণ উচ্ছন্ন ঠাই হ’ব; বাবিলৰ ওচৰেদি যোৱা প্ৰতিজনে আচৰিত হৈ তালৈ ঘটাৰ আটাই উৎপাত দেখি ইচ ইচ কৰিব।
14. ধনু ভিৰাওঁতা তোমালোক আটায়ে বাবিলৰ অহিতে চাৰিওফালে বেহুঁ পাতা; তোমালোকে তালৈ কাঁড় মাৰা, এটি কাঁড়ো বাকী নাৰাখিবা; কিয়নো সি যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলে।
15. চাৰিওফালে তাৰ বিৰুদ্ধে জয়-ধ্বনি কৰা; সি হাত যোৰ কৰিছে, তাৰ কোঁঠবোৰ পৰি গ’ল, তাৰ গড়বোৰ ভাঙি পেলোৱা হ’ল; কিয়নো এয়ে যিহোৱাই সধা প্ৰতিকাৰ; তোমালোকে তাৰ প্ৰতিকাৰ সধা, সি কৰা নিচিনাকৈ তাক কৰা।
16. বাবিলৰ পৰা কঠীয়া সিচোঁতাক আৰু শস্যৰ সময়ত কাঁচি ধৰোঁতাক উচ্ছন্ন কৰা; সংহাৰক তৰোৱালৰ ভয়ত সিহঁত প্ৰতিজনে নিজ নিজ জাতিলৈ মুখ কৰিব, আৰু প্ৰতিজনে নিজ নিজ দেশলৈ পলাই যাব।
17. ইস্ৰায়েল ছিন্ন-ভিন্ন মেৰস্বৰূপ; সিংহবোৰে তাক খেদি দিলে; প্ৰথমে অচূৰৰ ৰজাই তাক গ্ৰাস কৰিলে আৰু শেষত বাবিলৰ ৰজা এই নবূখদনেচৰে তাৰ হাড়বোৰ ভাঙিলে।
18. এই হেতুকে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, চোৱা, মই অচূৰৰ ৰজাক দণ্ড দিয়াৰ নিচিনাকৈ বাবিলৰ ৰজাক আৰু তেওঁৰ দেশকো দণ্ড দিম।
19. আৰু মই ইস্ৰায়েলক মোৰ চৰণীয়া ঠাইলৈ ওলোটাই আনিম; তাতে সি কৰ্মিল আৰু বাচানত চৰিব, ইফ্ৰয়িম পৰ্ব্বতত আৰু গিলিয়দত তাৰ প্ৰাণ তৃপ্ত হ’ব।
20. যিহোৱাই কৈছে, সেই দিনত আৰু সেই কালত ইস্ৰায়েলৰ অপৰাধ বিচাৰ কৰা যাব, কিন্তু একো পোৱা নাযাব, আৰু যিহূদাৰ পাপবোৰ বিচাৰ কৰা হ’ব, কিন্তু সেইবোৰ পোৱা নাযাব; কিয়নো মই অৱশিষ্ট ৰখাবোৰক ক্ষমা কৰিম।
21. তুমি মৰাথয়িম দেশৰ বিৰুদ্ধে আৰু পকোদ নিবাসীবিলাকৰ অহিতে যাত্ৰা কৰা; যিহোৱাই কৈছে, তুমি সিহঁতৰ পাছে পাছে গৈ সিহঁতক বধ কৰি নিঃশেষে বিনষ্ট কৰা, আৰু মই তোমাক দিয়া সকলো আদেশ অনুসাৰে কাৰ্য কৰা।
22. দেশত ৰণৰ আৰু মহাসংহাৰৰ শব্দ শুনা গৈছে।
23. গোটেই পৃথিৱীৰ হাতুৰীতোঁ কগগেনে চিন্ন আৰু ভগ্ন হ’ল। জাতিবিলাকৰ মাজত বাবিল কেনে ধ্বংসস্থান হ’ল।
24. হে বাবিল মই তোমাৰ নিমিত্তে ফান্দ পাতিলোঁ, তুমি নজনাকৈ তাত লাগিলা; তুমি যিহোৱাৰ বিৰুদ্ধে বিবাদ কৰাৰ কাৰণে তোমাক পোৱা গ’ল,আৰু ধৰাও পৰিলা।
25. যিহোৱাই নিজ অস্ত্ৰৰ ভঁড়াল মেলি নিজৰ ক্ৰোধৰ অস্ত্ৰবোৰ উলিয়াই আনিলে; কিয়নো কলদীয়াবিলাকৰ দেশত প্ৰভুৰ বাহিনীসকলৰ যিহোৱৰ কৰিবলৈ এটা কাৰ্য আছে।
26. তোমালোকে শেষ সীমাৰ পৰা তাৰ বিৰুদ্ধে আহা, তাৰ শস্যৰ ভঁড়ালবোৰ মেলা; শস্যৰাশিৰ নিচিনাকৈ তাক দ’ম কৰা, আৰু তাক নিঃশেষে বিনষ্ট কৰা, তাৰ একোকে থাকিব নিদিবা।
27. তাৰ সকলো ভতৰাক বধ কৰা; সিহঁত বধ কৰা ঠাইলৈ নামি যাওক; হায় হায়! সিহঁতৰ দিন, সিহঁতৰ দণ্ডৰ সময় আহিল।
28. শুনা, সেইয়া বাবিল দেশৰ পৰা পলোৱা আৰু ৰক্ষা পোৱাবিলাকৰ মাত; আমাৰ ঈশ্বৰ যিহোৱাই সধা প্ৰতিকাৰ, তেওঁৰ মন্দিৰৰ অৰ্থে সধা প্ৰতিকাৰ সিবিলাকে চিয়োনত প্ৰকাশ কৰিছে।
29. তোমালোকে বাবিলৰ বিৰুদ্ধে ধনুৰ্দ্ধৰ বিলাকক, ধনু ভিৰাওঁতা আটাইকে মাতা, চাৰিওফালে তাৰ বিৰুদ্ধে ছাউনি পাতা, সিহঁতৰ কাকো সাৰি যাব নিদিবা, তাৰ কাৰ্য অনুসাৰে তাক প্ৰতিফল দিয়া, সি কৰা সকলো কাৰ্য অনুসাৰে তালৈ কৰা; কিয়নো সি যিহোৱাৰ বিৰুদ্ধে, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ বিৰুদ্ধে গৰ্ব্ব কৰিলে।
30. এই নিমিত্তে, যিহোৱাই কৈছে তাৰ ডেকাবিলাক তাৰ চকবোৰত পতিত হ’ব, আৰু তাৰ আটাই যুদ্ধাৰুবিলাকক সেই দিনা নিস্তব্ধ কৰা হ’ব।
31. বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে, হে গৰ্ব্বী, দেখ, মই তোৰ বিপক্ষ; কিয়নো তোৰ দিন, মই তোক দণ্ড দিয়াৰ সময় আহিল।
32. আৰু গৰ্ব্বী জন উজুটি খাই পতিত হ’ব, কোনেও তাক নুতুলিব; আৰু মই তাৰ নগৰবোৰত জুই লগাম, আৰু সেয়ে তাৰ চাৰিওফালে থকা সকলোকে গ্ৰাস কৰিব।
33. বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ইস্ৰায়েল আৰু যিহূদাৰ সন্তান-বিলাকে একেলগে উপদ্ৰৱ পাইছে আৰু তেওঁবিলাকক বন্দী কৰি লোৱা সকলোৱে তেওঁবিলাকক দৃঢ়কৈ ধৰিছে, এৰি দিবলৈ অসন্মত।
34. তেওঁবিলাকৰ মুক্তিদাতা বলৱান, তেওঁৰ নাম বাহিনীসকলৰ যিহোৱা; তেওঁ পৃথিৱীক বিশ্ৰাম দিবৰ নিমিত্তে আৰু বাবিল নিবাসীবিলাকক অস্থিৰ কৰিবৰ নিমিত্তে তেওঁবিলাকৰ অভিযোগ সম্পূৰ্ণকৈ প্ৰতিবাদ কৰিব।
35. যিহোৱাই কৈছে, কলদীয়াবিলাকৰ আৰু বাবিল-নিবাসীবিলাকৰ ওপৰত আৰু তাৰ প্ৰধান জ্ঞানী লোকবিলাকৰ ওপৰত তৰোৱাল আছে।
36. বৰ বৰ কথা কওঁতাবোৰৰ ওপৰত তৰোৱাল আছে আৰু সিহঁত হতবুদ্ধি হ’ব; তাৰ বীৰ বিলাকৰ ওপৰত তৰোৱাল আছে আৰু সিবিলাক ব্যাকুল হ’ব।
37. সিহঁতৰ ঘোঁৰা ৰথ, আৰু তাৰ মাজত থকা আটাই মিহলি লোকৰ ওপৰত তৰোৱাল আছে আৰু সিহঁত তিৰোতাৰ নিচিনা হ’ব; তাৰ বহুমূল্য বস্তুবোৰৰ ওপৰত তৰোৱাল আছে, আৰু সেইবোৰক লুট কৰা হ’ব।
38. তাৰ জল সমূহৰ ওপৰত খৰ আছে আৰু সেইবোৰ শুকাব; কিয়নো সেয়ে কটা-প্ৰতিমাৰ দেশ আৰু তাৰ লোকবিলাক মুৰ্ত্তিত বলীয়া।
39. এই নিমিত্তে অৰণ্যৰ বনৰীয়া জন্তুবোৰে ৰাংকুকুৰবোৰে সৈতে তাত বাস কৰিব আৰু উট পক্ষীবোৰে তাত বাস কৰিব আৰু সেয়ে চিৰকালৰ নিমিত্তে আৰু বাসস্থান নহ’ব বা পুৰুষানুক্ৰমে কোনেও তাত বাস নকৰিব।
40. যিহোৱাই কৈছে, ঈশ্বৰে চদোম, ঘমোৰা, আৰু তাৰ ওচৰত থকা নগৰবোৰ ধ্বংস কৰা সময়ৰ নিচিনাকৈ কোনো মানুহে সেই ঠাইত বাস নকৰিব আৰু কোনো মনুষ্য-সন্তানে তাৰ মাজত প্ৰবাস নকৰিব।
41. চোৱা, উত্তৰৰ পৰা এক জাতি আহিছে, পৃথিৱীৰ অন্তভাগৰ পৰা এক মহাজাতি আৰু অনেক ৰজা উত্তেজিত হৈছে।
42. সিহঁতে ধনু আৰু বৰছা ধৰে, সিহঁত নিষ্ঠুৰ আৰু দয়াহীন; সিহঁতৰ শব্দ সমুদ্ৰৰ গৰ্জ্জনৰ নিচিনা আৰু সিহঁত ঘোঁৰাত উঠে; হে বাবিল-জীয়াৰী, তোমাৰ বিৰুদ্ধে সিহঁত প্ৰতিজনে যুদ্ধাৰুৰ নিচিনাকৈ সাজু হৈ আছে।
43. বাবিলৰ ৰজাই সিহঁতৰ যশস্যা শুনিছে, তাতে তেওঁৰ হাত দুৰ্ব্বল হ’ল; যাতনাই, প্ৰসৱকাৰিণীৰ বেদনাৰ নিচিনা বেদনাই তেওঁক ধৰিছে।
44. চোৱা, যৰ্দ্দনৰ শোভাস্থানৰ পৰা সিংহ উঠি অহাৰ নিচিনাকৈ তেওঁ চিৰস্থায়ী চৰণীয়া ঠাইৰ বিৰুদ্ধে আহিব; কিন্তু, মই চকুৰ প্ৰচাৰতে সিহঁতক তাৰ পৰা লৰুৱাম, আৰু মই তাৰ ওপৰত মোৰ মনোনীত জনক নিযুক্তি কৰিম; কাৰণ মোৰ নিচিনা কোন আছে? আৰু মোৰ নিমিত্তে কোনে সময় নিৰূপণ কৰিব? আৰু মোৰ আগত তিষ্ঠিব পৰা কোন ৰখীয়া আছে?
45. এই হেতুকে, যিহোৱাই বাবিলৰ বিৰুদ্ধে কৰা মন্ত্ৰণা, আৰু কলদীয়া দেশৰ অহিতে কৰা অভিপ্ৰায়বোৰ তোমালোকে শুনা; অৱশ্যে জাকৰ সৰুবোৰেও সিহঁতক টানি লৈ যাব, অৱশ্যে সিহঁতৰ চৰণীয়া ঠাই সিহঁতৰ বিষয়ে বিস্ময় মানিব।
46. বাবিলক হাত কৰি লোৱাৰ শব্দত পৃথিৱী কঁপিছে, আৰু জাতিবিলাকৰ মাজত চিঞৰৰ শব্দ শুনি গৈছে।

সামসঙ্গীত 119:121-128
121. মই ন্যায় বিচাৰ আৰু সৎ কার্য কৰিলোঁ; মোক উপদ্ৰৱকাৰীবোৰৰ হাতত এৰি নিদিবা।
122. তুমি তোমাৰ এই দাসৰ মঙ্গলৰ দায়িত্ব লোৱা; অহঙ্কাৰীবোৰক মোৰ ওপৰত উপদ্ৰৱ কৰিবলৈ নিদিবা।
123. তোমাৰ ধাৰ্মিকযুক্ত প্রতিজ্ঞা পূর্ণ হোৱালৈ আৰু তোমাৰ পৰিত্ৰাণৰ বাবে অপেক্ষা কৰি মোৰ চকু দুর্বল হৈ গৈছে।
124. তোমাৰ গভীৰ প্রেম অনুসাৰে তোমাৰ দাসলৈ ব্যৱহাৰ কৰা; তোমাৰ বিধিবোৰ মোক শিকোঁৱা।
125. মই তোমাৰ দাস; মোক বোধশক্তি দিয়া, যেন তোমাৰ আজ্ঞাবোৰ বুজিব পাৰোঁ।
126. হে যিহোৱা, এতিয়া তোমাৰ কাৰ্য কৰাৰ সময় হৈছে, কিয়নো লোকসকলে তোমাৰ ব্যৱস্থা অমান্য কৰিলে।
127. মই বাস্তৱিকতে তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ; সেইবোৰক সোণতকৈ, শুদ্ধ সোণতকৈয়ো ভাল পাওঁ।
128. এই কাৰণে সকলো বিষয়তে তোমাৰ আদেশবোৰ মই ন্যায় বুলি মানো; মই সকলো মিছা পথ ঘিণ কৰোঁ।

প্রবচন 28:6-6
6. কুটিল পথত চলা ধনী মানুহতকৈ, ন্যায়পৰায়ণতাত চলা দৰিদ্ৰ লোকেই শ্ৰেষ্ঠ।

তীত 1:1-16
1. মই পৌল, ঈশ্বৰৰ দাস আৰু যীচু খ্ৰীষ্টৰ নিযুক্ত পাঁচনি; ঈশ্বৰৰ মনোনীত লোকৰ বিশ্বাস সুদৃঢ় কৰিবলৈ আৰু ঐশ্বৰিক আচৰণৰ সত্যৰ জ্ঞান প্ৰতিষ্ঠা কৰিবলৈ মই সহায় কৰোঁ৷
2. সেই অনন্ত জীৱনৰ আশাত আমাৰ এই বিশ্বাস আৰু জ্ঞান লাভ হয়৷ অনাদি কালৰ পূৰ্বেই মিছা নোকোৱা ঈশ্বৰে এই জীৱন দিয়াৰ প্ৰতিজ্ঞা কৰিছিল৷
3. ঈশ্বৰে তেওঁৰ বাক্য ঠিক ঠিক সময়ত প্রচাৰ কৰাৰ দ্বাৰাই প্ৰকাশ কৰিলে৷ ঈশ্বৰে সেই কাৰ্যৰ ভাৰ মোৰ হাতত তুলি দিলে আৰু আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ আজ্ঞা অনুসাৰে মই সেই বাক্য প্ৰচাৰ কৰোঁ৷
4. সাধৰণ বিশ্বাসৰ দৰে যথার্থ পুত্ৰ তীতৰ সমীপলৈ। পিতৃ ঈশ্বৰ আৰু আমাৰ ত্ৰাণকর্তা খ্ৰীষ্ট যীচুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি তোমালৈ হওক।
5. অসম্পূৰ্ণ কার্যবোৰ সম্পূর্ণ কৰিবলৈ আৰু মোৰ আদেশ অনুসাৰে নগৰে নগৰে পৰিচাৰকক নিযুক্ত কৰিবলৈকো, ক্ৰীতী দ্বীপত মই তোমাক থৈ আহিলোঁ।
6. যি জন নিৰ্দোষী, এগৰাকী মহিলাৰ স্বামী, যি জনৰ সন্তান সকল বিশ্বাসী আৰু দুষ্ট বা অবাধ্য বুলি পৰিচিত নহয়, তেনে ব্যক্তিক পৰিচাৰকৰূপে গণ্য কৰিবা।
7. অধ্যক্ষকৰ বাবে এয়ে প্ৰয়োজনীয়, যিহেতু তেওঁ ঈশ্বৰৰ লোক সকলৰ পৰিচাৰক; সেয়েহে, তেওঁ নিষ্কলংক হোৱা উচিত৷ তেওঁ অহংকাৰী, অলপতে ক্ৰোধী, মদপী, প্ৰহাৰক আৰু কুচ্ছিত, লাভ বিচৰা হব নালাগে৷
8. কিন্তু অতিথি সেৱক, সাধুক প্ৰেম কৰোঁতা, বিবেচক, ন্যায় কৰোঁতা, পবিত্ৰ আৰু আত্মসংযমী হ’ব লাগে৷
9. আৰু নিৰাময় শিক্ষাত আশ্বাস দিবলৈ আৰু আপত্তি দৰ্শোৱা সকলক অনুযোগ কৰিবলৈ সমর্থ হ’বৰ কাৰণে, উপদেশৰ অনুৰূপ বিশ্বাসযোগ্য বাক্যত আসক্ত হব লাগে।
10. কিয়নো বিশেষকৈ চুন্নৎ হোৱা লোক সকলৰ মাজত অনর্থক বাক্য কওঁতা, শৃংখলাহীন, ভাণ্ডনা কৰোঁতা আৰু অনেক অবাধ্য লোক আছে৷
11. তেওঁলোকৰ মুখ বন্ধ কৰা আৱশ্যক; তেওঁলোক এনেকুৱা মানুহ যে, কুচ্ছিত লাভৰ কাৰণে তেওঁলোকে অনুচিত শিক্ষা দি কোনো কোনো পৰিয়ালৰ সকলোকে বিনষ্ট কৰে।
12. তেওঁলোকৰ এজন স্বদেশীয় ভাববাদীয়ে কৈছে, যে “ক্ৰীতীৰ মানুহবোৰ মিছলীয়া, বেয়া, হিংসুক জন্তু আৰু এলেহুৱা ভাতভাৰী।”
13. এই সাক্ষ্য সঁচা। তেওঁলোক যেন বিশ্বাসত নিৰাময় হয়, এই কাৰণে তুমি তেওঁলোকক কঠোৰ অনুযোগ কৰিবা।
14. ইহুদী সকলৰ আখ্যানবোৰত আৰু সত্যৰ পৰা বিমুখ হোৱা মানুহবোৰৰ আদেশলৈ মন দি সময়ৰ অপব্যৱহাৰ নকৰিবা৷
15. নিৰ্মল সকলৰ বাবে সকলোৱেই শুচি; কিন্তু কলুষিত আৰু অবিশ্বাসী সকলৰ বাবে একোৱেই শুচি নহয়৷ বৰং তেওঁলোকৰ মন আৰু বিবেক, এই উভয়ে কলুষিত।
16. ঈশ্বৰক জানো বুলি তেওঁলোকে মুখেৰে স্বীকাৰ কৰে, কিন্তু কার্যত অস্বীকাৰ কৰে৷ তেওঁলোক ঘিণলগীয়া, আজ্ঞা নমনা আৰু সকলো সৎ কর্মৰ বাবে অনুপযোগী।