A A A A A

যেরেমিয়া 3:1-25
1. মোচিয়ে এইদৰে লিখিছিল যে, কোনোৱে নিজ স্ত্রীক ত্যাগ কৰাৰ পাছত, সেই স্ত্রীয়ে তেওঁৰ স্বামীৰ লগ এৰি, যদি আন পুৰুষৰ সৈতে বিবাহ হয়, তেতিয়া তাইৰ প্রথম স্বামীয়ে পুনৰায় তাইক নিজৰ পত্নীৰূপে ঘূৰাই নল’ব, যদি যায়, তেন্তে সেই গোটেই দেশ নিচেইকৈ মোলৈ গ্রহণীয় নহ’বলৈ সেয়ে এক কাৰণ হ’ব। কিন্তু তুমি অনেক প্ৰিয়ই সৈতে বেশ্যাকৰ্ম কৰিলা আৰু সেইবোৰে সৈতে শয়ন কৰিলা! গতিকে মোৰ ওচৰলৈ যদি তুমি ওলটিও আহাঁ, মই জানো তোমাক গ্রহণ কৰিম?” এইবুলি যিহোৱাই কৈছে।
2. “চকু তুলি গছশূন্য পাহাৰ টিলাবোৰলৈ চোৱা। তুমি আৰাধ্য কৰা প্রতিমাবোৰ প্রত্যেক পাহাৰ টিলাবোৰতেই আছে। তুমি অৰণ্যত থকা আৰবীয়াৰ দৰে মানুবোৰলৈ বাট চাই ৰাজ-আলিত আক্রমণ কৰি লুটপাত কৰিবলৈ বহি থকাৰ দৰে যেন তেওঁলোক সকলোৱে প্রেমিকহে যাৰে সৈতে বেশ্যাকৰ্ম কৰিলা। কিয়নো প্রতিমাবোৰক আৰাধনা কৰি আৰু বেশ্যাকৰ্ম আৰু কুকৰ্মৰ দ্বাৰাই তুমি দেশখন মোলৈ অগ্রহণীয় কৰিলা।
3. সেইবাবেই বছৰৰ নিৰূপিত সময়ত হ’ব লগীয়া বৃষ্টি মই আটক কৰিলোঁ, যেতিয়া তোমালোকে ইয়াৰ প্রয়োজন বোধ কৰিছিলা। তথাপি তুমি বেশ্যাৰ মুখ ধাৰণ কৰি, লজ্জিত হবলৈ অস্বীকাৰ কৰিলা।
4. তুমি আজিৰ পৰা মোৰ আগত প্ৰাৰ্থনা কৰি নকবা নে, যে, ‘হে মোৰ পিতৃ! তুমি মোৰ যৌৱনকালৰ পথদৰ্শক!
5. তুমি জানো চিৰকাললৈকে তোমাৰ ক্ৰোধ মোৰ ওপৰত ৰাখিবা!’ চোৱা, তুমি মন্দ কথা ক’লা, আৰু কুকৰ্মও কৰি আছা আৰু নিজ ইচ্ছামতে তাক সিদ্ধও কৰি আছা!”
6. যিহূদাৰ ৰজা, ৰজা যোচিয়াই ৰাজত্ব কৰি থকা কালত এদিনাখন যিহোৱাই মোক ক’লে, “বিপথগামিনী ইস্ৰায়েলে যি কৰিলে, তাক তুমি দেখিবলৈ পালা নে? নিজৰ স্বামীক ত্যাগ কৰি আন লোকৰ সৈতে শয়ন কৰাৰ দৰে তেওঁলোক মোৰ পৰা বিমুখ হ’ল। তেওঁলোকে প্ৰত্যেক ওখ পৰ্ব্বতৰ ওপৰত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত গৈ, সেই সেই ঠাইত বেশ্যা কৰ্ম কৰিলে।
7. মই ভাবিছিলোঁ যে এইবোৰ কাম কৰাৰ পাছত তেওঁলোক মোৰ ওচৰলৈ উলটি আহিব, গতিকে মই ক’লোঁ, ‘মোলৈ ঘূৰি আহাঁ!’ কিন্তু তেওঁলোকে উলটি নাহিল। আৰু তেওঁলোকৰ বিশ্বাস-ঘাতকিনী যিহূদাই তাক দেখিলে।
8. আৰু মই দেখিলোঁ, যে, বিপথদগামিনী ইস্ৰায়েলে ব্যভিচাৰ কৰিলে, এই কাৰণে মই পত্নীক ত্যাগ-পত্ৰ দি এৰি দিয়াৰ দৰে, অন্য দেশলৈ পঠিয়াই দিলোঁ। মই তেওঁলোকক কি কৰিলোঁ, বিশ্বাস-ঘাতকিনী বায়েক যিহূদাই সেই সকলো দেখিও ইস্রায়েলৰ দৰেই বেশ্যাকৰ্ম কৰিলে। মই তেওঁলোকলৈ কি কৰিব পাৰোঁ, তালৈ যিহূদাই ভয় নকৰিলে, কিন্তু স্ত্রীসকলে নিজৰ স্বামীক এৰি আন পুৰুষলৈ যোৱাৰ দৰে দেৱ-দেৱীৰ উপাসক হৈ মোৰ পৰা নিজলে বিমূখ কৰিলে।
9. তেওঁলোকে বেশ্যাকৰ্ম লঘু জ্ঞান কৰি তেওঁলোকে শিল আৰু কাঠেৰে সজা দেৱ-দেৱীৰ উপাসক হৈ দেশখন অশুচি কৰিলে।
10. ইস্রায়েলৰ বিশ্বাস-ঘাতকিনী বায়েক যিহূদাই সম্পূৰ্ণ মনেৰে সৈতে নহয়, কেৱল কপটভাৱেৰে মোলৈ উলটিল। এয়েই সত্য হোৱাৰ বাবে মই, যিহোৱাই ইয়াকে ক’লো।”
11. তেতিয়া যিহোৱাই মোক ক’লে, “ইস্ৰায়েলৰ লোকসকলে মোৰ পৰা ঘূৰি গ’ল, কিন্তু বিশ্বাস-ঘাতকিনী যিহূদাই বিপদ-ঘামিনী ইস্ৰায়েলতকৈ নিকৃষ্টতৰভাৱে বিপথে গ’ল।
12. গতিকে তুমি গৈ ইস্রায়েলৰ লোকসকলক কোৱাগৈ: ‘তেওঁৰ পৰা উলটি যোৱা হে ইস্রায়েলৰ লোকসকল, যিহোৱাই এই কথা তোমালোকক কৈছে: মই তোমালৈ আৰু ক্ৰোধ-দৃষ্টি নকৰিম। কিয়নো যিহোৱাই কৈছে, মই দয়ালু আৰু মই চিৰকাললৈকে ক্ৰোধ নাৰাখোঁ। গতিকে তোমালোক মোলৈ উলটি আহাঁ।
13. তোমাৰ সেই দোষ স্বীকাৰ কৰা যে, তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে তুমি অপৰাধ কৰিলা, আৰু পৰজাতিসকলক বিচাৰি ইফালে সিফালে ফুৰি প্ৰত্যেক কেঁচাপতিয়া গছৰ তলত তেওঁলোকৰ সৈতে শয়ন কৰিলা অৰ্থাৎ সেই দেৱ-দেৱীৰ উপাসনা কৰিলা, তোমালোকে মোৰ বাক্য পালন নকৰি মোৰ পৰা আঁতৰি গ’লা।
14. যিহোৱাই কৈছে, হে বিপদ-ঘামিনী সন্তান সকল, মোলৈ উলটি আহাঁ; কিয়নো ময়েই তোমালোকৰ স্বামী! তোমালোক উলটি আহিলে, মই এখন নগৰৰ পৰা এজন আৰু এক গোষ্ঠীৰ পৰা দুজনকৈ লৈ চিয়োনলৈ অৰ্থাৎ যিৰূচালেমলৈ তোমালোকক আনিম।
15. তোমালোকে এইদৰে কৰিলে, মই তোমালোকক মোৰ মনৰ দৰে এজন ৰখীয়া দিম; তেওঁলোকে জ্ঞান আৰু বুদ্ধিৰে তোমালোকক চৰাব, কাৰণ তেওঁলোকে মোক সন্তুষ্ট কৰিবলৈ জানে আৰু বুজে।
16. যিহোৱাই কৈছে, সেই দিনত, যেতিয়া তোমালোক বাঢ়ি বহুপ্ৰজা হ’বা, তেতিয়া, “যিহোৱাৰ নিয়ম চন্দুক” এই কথা মানুহে আৰু নকব, আৰু সেয়ে মনত নপৰিব, লোকে তাক সোঁৱৰণ নকৰিব, সেয়ে নোহোৱাত লোকে বেজাৰ নাপাব আৰু তাক পুনৰায় সজা নাযাব।
17. সেই সময়ত লোকসকলে ক’ব, “যিৰূচালেম যিহোৱাৰ সিংহাসন বুলি প্ৰখ্যাত হব, আৰু সকলো জাতিয়ে তাৰ ওচৰত যিৰূচালেমত যিহোৱাৰ নামেৰে গোট খাব আৰু তেওঁলোকে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে আৰু নচলিব।
18. সেই কালত যিহূদা বংশই ইস্ৰায়েল বংশই সৈতে সমভাবে চলিব, আৰু তেওঁলোক একে লগে উত্তৰ দেশৰ পৰা ওলাই, তোমালোকৰ পূৰ্বপুৰুষসকলক আধিপত্যৰ অৰ্থে মই দিয়া দেশলৈ আনিম।
19. আৰু ময়েই কৈছিলোঁ, তোমালোক ইস্রায়েলৰ লোকসকল, মই তোমালোকক গ্রহণ কৰিবলৈ তোমালোক মোৰ সন্তান হোৱা। কাৰণ মই তোমালোকক এক মনোহৰ দেশ দিম। আন জাতিৰ দেশতকৈ এই দেশ অধিককৈ মনোহৰ! মই ইচ্ছা কৰিছোঁ যেন তোমালোকে মোক ‘পিতৃ’ বুলি সন্বোধন কৰা, আৰু মোৰ পাছত চলাৰ পৰা কেতিয়াও উলটি নাযাবা।
20. কিন্তু তোমালোকে পত্নীয়ে যেনেকৈ নিজ স্বামীক বিশ্বাস-ঘাতকতা কৰি এৰে, তেনেকৈ তোমালোকেও স্বৰূপেই মোৰ অহিতে বিশ্বা-ঘাতকতা কৰিলা। সেইবাবেই যিহোৱাই কৈছে, আৰু মই ইস্ৰায়েল বংশক এই কথা ক’লো।
21. “গছশূন্য পৰ্ব্বতত ইস্ৰায়েলৰ সন্তান সকলৰ কান্দোন আৰু কাকুতি-মিনতি শুনা গৈছে; কাৰণ, তেওঁলোক বিপদগামী হৈছিল আৰু তেওঁলোকে নিজৰ ঈশ্বৰ যিহোৱাক পাহৰি গৈছিল বুলি স্বীকাৰ কৰিছে।
22. যিহোৱাই তেওঁলোকক ক’ব, “হে বিপথগামী ইস্রায়েলৰ সন্তান সকল, মোলৈ উলটি আহাঁ! তেনে কৰিলে মই তোমালোকৰ বিপথগমনস্বৰূপ ৰোগ সুস্থ কৰিম।” তেতিয়া লোকসকলে উত্তৰ দি ক’ব, “চোৱা, আমি তোমাৰ ওচৰলৈ আহিছোঁ; কিয়নো তুমিয়েই আমাৰ ঈশ্বৰ যিহোৱা।
23. স্বৰূপেই গিৰিবোৰৰ পৰা আশা কৰা সহায় আৰু পৰ্ব্বতবোৰৰ ওপৰত দেৱ-দেৱীৰ আগত কৰা কঢ়াল মিছা। স্বৰূপেই উপলদ্ধি কৰিছোঁ যে, আমাৰ ঈশ্বৰ যিহোৱাইহে ইস্ৰায়েলৰ পৰিত্ৰাণ!
24. কিন্তু সেই লজ্জাজনক বাল দেৱতাই, আমাৰ লৰা কালৰে পৰা আমাৰ পিতৃসকলৰ শ্ৰমেৰে অৰ্জ্জা সম্পত্তি, তেওঁলোকৰ গৰু, মেৰ আদি জাক আৰু তেওঁলোকৰ লৰা-ছোৱালী সকলক গ্ৰাস কৰিলে।
25. সেয়ে আমি আমাৰ লাজস্বৰূপ বিছনাত শোওঁ আৰু আমাৰ অপমানে আমাক ঢাকক; কিয়নো আমাৰ পূৰ্বপুৰুষসকলে, আৰু আমিও লৰা কালৰে পৰা আজিলৈকে নিজৰ ঈশ্বৰ যিহোৱাৰ অহিতে পাপ কৰিলোঁ, আৰু নিজৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন নকৰিলোঁ।”

যেরেমিয়া 4:1-31
1. যিহোৱাই কৈছে: হে ইস্ৰায়েল লোকসকল, এই আন আন দেৱ-দেৱীবোৰক এৰা আৰু মোলৈ উলটি আহাঁ! তুমি যদি এই জঘন্য দেৱ-দেৱীবোৰৰ পৰা আঁতৰি আহিব খোজা, তেন্তে তোমাক অগ্রাহ্য কৰা নহ’ব।
2. আৰু যদি তুমি ঘোষণা কৰা, যে ‘নিশ্চয়কৈ যিহোৱা জীৱিত, তেওঁ যিটো কয়, সেয়ে সত্য, ন্যায় আৰু ধাৰ্মিকতাৰ জীৱনৰ কথা কয়’, যিহোৱাৰ জীৱনৰ শপত কৰিবা আৰু জাতিবোৰে তেওঁতেই নিজক আশীৰ্ব্বাদপ্ৰাপ্ত বুলি জ্ঞাত কৰিব, আৰু তেওঁতেই তেওঁলোকে গৌৰৱ কৰিব।
3. সেই বাবেই যিহোৱাই যিহূদা আৰু যিৰূচালেমৰ লোকসকলক এই কথা কৈছে, “খেতিয়কে নিজৰ কঠিন মাটি চহাই গুটি ৰুবলৈ প্রস্তুত কৰাৰ দৰে মোৰ বাক্য তোমালোকৰ গুপ্ত স্থানত গ্রহণ কৰিবলৈ যুগুত থাকিবা। কিন্তু যিহেতু খেতিয়কে কাঁইটীয়া বন থকা মাটিত নষ্ট হ’বলৈ ভাল গুটি নিসিঁচে, তেনেকৈ তোমালোকৰ কঠিন মনত সেই বাক্য দি, নষ্ট কৰিবলৈ মই নোখোজো।
4. হে যিহূদাৰ লোক, হে যিৰূচালেম নিবাসীসকল, তোমালোকে যিহোৱাৰ উদ্দেশ্যে চুন্নৎ হোৱা, নিজ নিজ হৃদয়ৰ অগ্ৰচৰ্ম্ম গুচাই পেলোৱা, নতুবা তোমালোকৰ কাৰ্যৰ দুষ্টতাৰ বাবে মোৰ ক্ৰোধাগ্নি জ্বলি উঠি কোনেও নুমাব নোৱাৰাকৈ দগ্ধ কৰিব।
5. যিহূদাত বাকি ঠাইবোৰত প্ৰচাৰ কৰা আৰু যিৰূচালেমৰ সকলো লোকসকলৰ আগত ঘোষণা কৰা। আৰু চোৱা, “দেশত তোমালোকে শিঙা বজোৱা;” আৰু ৰিঙিয়াই কোৱা, “গোট খোৱা, আহাঁ, আমি গড়েৰে আবৃত হোৱা নগৰবোৰত সোমাওঁগৈ।”
6. যিৰূচালেমৰ লোকসকলক চিঞঁৰি কোৱা, ‘ৰক্ষা পাবলৈ পলোৱা! পলম নকৰিবা, কিয়নো মই উত্তৰ দিশৰ পৰা তোমালোকৰ ওপৰত ভয়ানক অমঙ্গল আৰু মহাসংহাৰ আনি আছোঁ।’
7. এটা সিংহই নিজ গাতৰ পৰা ওলাই আন আন জন্তুবোৰক সংহাৰ কৰাৰ দৰে বহু জাতিক সংহাৰ কৰা সৈন্যই তোমালোকক আক্রমণ কৰিব। সৈন্যসকলে ইতিমধ্যে তোমালোকৰ দেশৰ অভিমুখে কুচকাৱাজ কৰি খোজ কাঢ়িবলৈ ধৰিছে। তেওঁলোকে তোমালোকৰ নগৰবোৰ ধ্বংশ কৰিব আৰু তাত থকা সকলোকে উচ্ছন্ন কৰি মানুহশূন্য কৰি এৰি থৈ যাব।
8. এই হেতুকে তোমালোকে কঁকালত চট বান্ধা, বুকুত ভুকুৱাই হাহাঁকাৰ কৰি ক্রন্দন কৰা আৰু দেখুউৱা যে তোমালোকে যি যি কৰিলা তাৰ বাবে তোমালোক অতি দুখিত কিয়নো যিহোৱাৰ জলন্ত ক্ৰোধ আমাৰ পৰা এতিয়াও ঘূৰি যোৱা নাই।
9. যিহোৱাই ঘোষণা কৰিছে যে, যেতিয়া তেওঁ শাস্তি দিয়ে, সেই কালত ৰজাৰ মন আৰু অধ্যক্ষসকলৰ মন ব্যাকুল হব, পুৰোহিতসকলে বিস্ময় মানিব, আৰু ভাববাদীসকল আতংকিত হ’ব।
10. তেতিয়া মই উত্তৰ দি ক’লোঁ, “হায় হায়, হে মোৰ প্ৰভু যিহোৱা, স্বৰূপেই তুমি এই জাতিক আৰু যিৰূচালেমক অত্যন্ত প্ৰবঞ্চনা কৰিলা, কাৰণ তুমি কৈছিলা, ‘তোমালোকৰ শান্তি হব’ অথচ তৰোৱালে মৰ্ম ভেদিছে!”
11. সেই কালত এই জাতিক আৰু যিৰূচালেমক এই কথা কোৱা যাব, “ঘেহুঁৰ পৰা তুঁহ আঁতৰোৱা কোমল বতাহৰ দৰে নহয়, কিন্তু অৰণ্যত থকা গছ-শূন্য পৰ্ব্বতবোৰৰ পৰা গৰম বতাহৰ দৰে এক বৃহৎ সৈন্যৰ দলে তোমালোকক আক্রমণ কৰিব।
12. সেয়ে এক প্ৰবল বা-মাৰলি মোৰ আজ্ঞাত আহিব। গতিকে এতিয়া মইও তেওঁলোকৰ বিৰুদ্ধে দণ্ডাজ্ঞা প্ৰচাৰ কৰিম।”
13. চোৱা, আমাৰ শত্রুবোৰ আমালৈ বেগেৰে আহি আছে; সি মেঘবোৰৰ দৰে উঠি আহিব; তাৰ ৰথবোৰ বা-মাৰলী বতাহস্বৰূপ; তাৰ ঘোঁৰাবোৰ কুৰৰ পক্ষীতকৈয়ো বেগী। হায় হায়, আমাৰ সৰ্ব্বনাশ! কিয়নো আমি নষ্ট হলোঁ।
14. হে যিৰূচালেমৰ লোকসকল, যিহোৱাই ৰক্ষা কৰিবলৈ, তোমালোকৰ হৃদয় ধুই দুষ্টতা দূৰ কৰা। তোমালোকৰ অন্তৰত কু-ভাবনা আৰু কিমান দিন ৰাখিবা?
15. কিয়নো দানৰ নগৰৰ পৰা ইফ্ৰয়িম পৰ্ব্বতৰ উত্তৰ ফালে অতি দুৰৈত কোনো প্ৰচাৰ কৰোঁতাৰ দ্বাৰাই অমঙ্গলৰ বাৰ্ত্তা শব্দ শুনা গৈছে।
16. ইয়াক তোমালোকে আন আন জাতিবোৰৰ আগত কোৱাগৈ আৰু যিৰূচালেমতো ঘোষণা কৰা: যিহোৱাই কৈছে, চোৱা, অৱৰোধকাৰীবোৰ যে দূৰ দেশৰ পৰা আহিব লাগিছে, আৰু যিহূদাৰ নগৰবোৰৰ বিৰুদ্ধে যে তেওঁলোকে ৰণ-ধ্বনি কৰিব।
17. খেতিৰ সময়ত খেতি-ৰখীয়াবোৰৰ দৰে তেওঁলোকে যিৰূচালেমৰ চাৰিওফালে অস্থায়ীভাৱে ছাউনি পাতি থাকিব। যিহোৱাই কৈছে, এইদৰেই ঘটিব, কিয়নো তেওঁলোকে মোৰ অহিতে বিদ্ৰোহ-আচৰণ কৰিলে।
18. তোমালোকলৈ সেই শাস্তি অতি কঠোৰ হ’ব; তোমালোকৰ কলিজাবোৰত তৰোৱালে খোচ মাৰি আঘাত কৰাৰ দৰে হ’ব। তোমালোকৰ নিজ আচৰণ আৰু কাৰ্যবোৰেই তোমালোকলৈ ইয়াক ঘটাইছে; সেয়ে তোমালোকৰ দুষ্টতাৰ ফল।
19. হায় হায় মোৰ নাড়ী! মোৰ নাড়ী! মই অতিশয় শোক-পীড়িত হৈছোঁ; মোৰ অন্তৰত মই অতি বেদনা পাইছোঁ। মোৰ কলিজাৰ ধপধপনি অধিক হৈছে! কিন্তু মই নিৰৱে থাকিব নোৱাৰোঁ, কিয়নো যিহূদাৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ যে হ’ব, শত্রুৰ শিঙাৰ শব্দ আৰু যুদ্ধৰ ধ্বনি মই শুনিলো!
20. গোটেই দেশ উচ্ছন্ন নোহোৱালৈকে বিনাশৰ উপৰি বিনাশ হ’ব। অকস্মাতে আমাৰ তম্বুবোৰ, মুহূৰ্ত্ততে ধ্বংশ হ’ব; আনকি মোৰ তম্বুৰ কাপোৰবোৰ ফালি চিৰাচিৰ হ’ব।
21. কিমান কাল এই যুদ্ধ চলিব? কিমান কালনো শত্রুৰ এই যুদ্ধৰ নিচান দেখিম আৰু তেওঁলোকৰ ৰণশিঙাৰ শব্দ শুনিম?
22. যিহোৱাই কৈছে: কিয়নো মোৰ প্ৰজাসকল অজ্ঞানী! মোৰ সৈতে তেওঁলোকৰ কোনো সম্পর্ক নাই। তেওঁলোক মূৰ্খ, অজলা লৰা-ছোৱালিৰ দৰে কোনো বিষয় বুজি নাপায়। তেওঁলোক কদাচাৰত পটু, কিন্তু সদাচৰণত অজ্ঞান।
23. ঈশ্বৰে মোক এক দৰ্শন দিলে য’ত মই পৃথীৱীলৈ চাই দেখিলোঁ, চোৱা, সেয়ে ধ্বংস হ’ল আৰু উদং; আৰু আকাশ-মণ্ডললৈ চালোঁ, তাত কোনো দীপ্তি নাছিল।
24. মই পৰ্ব্বতবোৰলৈ দৃষ্টি কৰিলোঁ, চোৱা, সেইবোৰ এফালৰ পৰা আনফাললৈ কঁপিছে, আৰু আটাই গিৰিবোৰ লৰিছে।
25. মই চাই দেখিলোঁ, কোনো মানুহ যেন নাই আৰু আকাশৰ পক্ষীবোৰো পলাই গ’ল।
26. মই চাই দেখিলোঁ, ফলৱতী পথাৰবোৰ মৰুভূমি হৈ পৰিল যিবোৰ আগতে ফলৱতী বাৰী আছিল। আটাই নগৰ ভগ্ন হ’ল; সেই সকলো যিহোৱাৰ সাক্ষাতে আৰু তেওঁৰ অতি জ্বলন্ত ক্ৰোধৰ প্ৰভাৱত ধ্বংশ কৰা হ’ল।
27. কিয়নো যিহোৱাই এই কথাই কৈছে: গোটেই যিহূদাৰ দেশ ধ্বংসৰ ঠাই হ’ব, তথাপি মই নিঃশেষে সংহাৰ নকৰিম।
28. এই হেতুকে মই যি ক’লো, মোৰ লোকসকললৈ এইদৰেই কৰিম, আৰু মোৰ মন মই সলনি নকৰিম। গতিকে যেতিয়া এইবোৰ ঘটিব, পৃথিৱীয়ে শোক কৰা যেন হ’ব আৰু ওপৰত থকা আকাশ-মণ্ডল অন্ধকাৰময় যেন হ’ব।”
29. অশ্বাৰোহী আৰু ধনুৰ্দ্ধসকলৰ শব্দত নগৰখনেই পলাব। কোনো কোনোৱে ডাঠ হাবিত সোমাব, আৰু কোনো কোনোৱে শত্রুৰ হাতত নিহত হোৱাৰ পৰা ৰক্ষা পাবলৈ শিলত উঠিব। যিহূদাৰ গোটেই নগৰ ত্যাগ কৰা হ’ব; তাৰ মাজত বাস কৰোঁতা মানুহ কোনো নাথাকিব।
30. এতেকে তোমালোক নিশ্চয়ে ধ্বংশ হ’বা, হে বিনষ্টা, তেতিয়া তোমালোকে কি কৰিবা? যদিও তুমি কাপোৰ পিন্ধা, সোণৰ অলঙ্কাৰেৰে নিজকে ভুষিত কৰা আৰু কাজলেৰে চকু দুটা ডাঙৰ কৰা, তথাপিও তুমি নিজকে সুন্দৰী কৰা বৃথা; উপপতিবোৰে তোমাক ঘৃণাব, তেওঁলোকে তোমাৰ প্ৰাণ নষ্ট কৰিবলৈ বিচাৰিব।
31. কিয়নো মই ইতিমধ্যেই যিৰূচালেমৰ লোকসকলৰ মাত শুনিবলৈ পালোঁ যেন এগৰাকি প্ৰসৱকাৰিণী স্ত্রীৰ কান্দোন, প্ৰথম লৰা ওপজোৱা জনীৰ বেদনাৰ শব্দ যেন শুনিছোঁ; কোনোজনৰ পৰা সহায় পাবলৈ কান্দি কান্দি কাতৰোক্তি কৰি কোৱাৰ দৰেহে যেন কৈছে, “মোৰ সৰ্ব্বনাশ! কিয়নো বধকাৰীবোৰৰ আগত মোৰ প্ৰাণ অচেতন হৈছে,” এই বুলি কৈ দীঘল নিশ্বাস পেলোৱা; হাত বিস্তাৰ কৰা চিয়োন জীয়াৰীৰ শব্দ শুনিছোঁ!”

সামসঙ্গীত 116:15-16
15. যিহোৱাৰ দৃষ্টিত তেওঁৰ বিশ্বাসীসকলৰ মৃত্যু বহুমূল্য।
16. হে যিহোৱা, সচাঁকৈয়ে মই তোমাৰ দাস হওঁ; মই তোমাৰ দাস, তোমাৰেই দাসীৰ পুত্ৰ; তুমিয়েই মোৰ বন্ধনবোৰ মুকলি কৰিলা।

প্রবচন 27:2-2
2. আনলোকে তোমাৰ প্ৰশংসা কৰক, কিন্তু তোমাৰ নিজৰ মুখে নকৰক; অচিনাকী লোকে কৰক, কিন্তু তোমাৰ নিজৰ ওঁঠে নকৰক।

ফিলিপীয়া 4:1-23
1. এতেকে, হে মোৰ প্ৰিয় আৰু ইষ্ট ভাই সকল, আপোনালোকেই মোৰ আনন্দ আৰু কিৰীটি স্বৰূপ; প্ৰেমৰ বন্ধু সকল, এনেদৰেই প্ৰভুত আপোনালোকে স্থিৰে থাকক৷
2. মই ইবদিয়া আৰু চুন্তুখীক বিনয় কৰি আছোঁ, প্ৰভুত তেওঁলোক যেন এক মনৰ হয়।
3. প্ৰকৃততে, মই আপোনালোককো নিবেদন কৰোঁ, হে মোৰ সৎ বন্ধু সকল, আপোনালোকে সেই ভনী দুজনীক সহায় কৰক; কিয়নো তেখেত সকলে ক্লীমেন্ত আৰু মোৰ সহকাৰী সকলৰ সৈতে শুভবাৰ্তাৰ বাবে মোৰ সহিত প্ৰাণপণ কৰিছিল; আৰু এই লোক সকলৰ নাম জীৱন পুস্তকত লিখা আছে৷
4. আপোনালোকে প্ৰভুত সদায় আনন্দ কৰক; পুনৰায় কওঁ, আনন্দ কৰক।
5. আপোনালোকৰ ক্ষান্ত স্বভাৱ সকলো মানুহে জানক। প্ৰভু অহাৰ সময় ওচৰ।
6. আপোনালোকে একোলৈ চিন্তা নকৰিব, কিন্তু সকলো বিষয়তে আপোনালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে সৈতে ঈশ্বৰৰ আগত জনোৱা হওক।
7. তাতে সকলো বুদ্ধিতকৈ উত্তম, যি ঈশ্বৰৰ শান্তি, সেয়ে খ্ৰীষ্ট যীচুত আপোনালোকৰ হৃদয় আৰু ভাবনাক পহৰা দিব।
8. শেষতে, হে ভাই সকল, যি যি সত্য, আদৰণীয়, ন্যায়, শুদ্ধ, প্ৰেমময়, আৰু সুখ্যাতিযুক্ত যি কোনো সদগুণ আৰু যি কোনো প্ৰশংসাযুক্ত, সেইবোৰ বিষয় আলোচনা কৰক।
9. আপোনালোকে যি যি শিকিলে, গ্ৰহণ কৰিলে, শুনিলে আৰু মোক যেনে দেখিলে, তেনেদৰে সকলোৱে আচৰণ কৰক; তাতে শান্তিৰ আঁকৰ ঈশ্বৰ আপোনালোকৰ লগত থাকিব।
10. মই প্ৰভুত অতিশয় আনন্দিত, কাৰণ মোৰ উপকাৰৰ অৰ্থে আপোনালোকৰ চিন্তা শেষত পুনৰজীৱিত হ’ল৷ যদিও আপোনালোকে আগতে চিন্তা কৰিছিল, কিন্তু তেতিয়া সহায় কৰিবলৈ কোনো সুবিধা পোৱা নাছিল।
11. নাটনিৰ বিষয়ে মই যে এই কথা কৈছোঁ, এনে নহয়; কিয়নো মই সকলো ধৰণৰ অৱস্থাতে সন্তুষ্ট হৈ থাকিবলৈ শিকিলোঁ।
12. মই অভাৱৰ সময়ত থাকিবলৈ জানো আৰু প্ৰাচুৰ্যতাৰ সময়টো থাকিবলৈ জানো; সকলো বিষয়তে মই তৃপ্ত হ’বলৈ আৰু ক্ষুধিত হ’বলৈ, উপচয় ভোগ কৰিবলৈ আৰু অভাৱত থাকিবলৈ শিক্ষিত হ’লোঁ।
13. মই খ্ৰীষ্টৰ দ্ৱাৰাই সকলো কাম সিদ্ধ কৰিব পাৰোঁ, কিয়নো তেওঁ মোক বলৱান কৰে।
14. তথাপি আপোনালোক যে, মোৰ ক্লেশত সহভাগী হ’ল, সেই বিষয়ে বৰ ভাল কৰিলে।
15. হে ফিলিপীয়া সকল, আপোনালোকে নিজেও জানে যে শুভবাৰ্তা প্ৰচাৰ কৰাৰ আৰম্ভণিতে যেতিয়া মই মাকিদনিয়াৰ পৰা প্ৰস্থান কৰিছিলোঁ, তেতিয়া কোনো মণ্ডলীয়ে দান দিয়া বা দান লোৱাৰ কথাত, মোৰ সহভাগী নহ’ল; কেৱল আপোনালোকেহে হৈছিল;
16. এনে কি, মই থিচলনীকীত থাকোঁতেও, আপোনালোকে এবাৰতকৈ বেছি মোৰ প্ৰয়োজনীয় উপকাৰ পঠিয়াইছিল।
17. মই যে দান বিচাৰিছোঁ, সেয়ে নহয়, কিন্তু আপোনালোকৰ হিচাবত বহু লাভজনক ফল দেখিবলৈহে বিচাৰিছোঁ।
18. সকলো বিষয়তে মোৰ প্ৰচুৰতা আছে৷ মই সম্পূর্ণ হ’লো৷ মই ইপাফ্ৰদীতৰ দ্ৱাৰাই আপোনালোকৰ পৰা উপহাৰবোৰ পালোঁ, সেয়া সুগন্ধৰ আঘ্ৰাণ স্বৰূপ আৰু ঈশ্বৰৰ গ্ৰাহ্য আৰু সন্তোষজনক যজ্ঞ স্বৰূপ৷
19. আৰু মোৰ ঈশ্বৰে আপোনালোকৰ সকলো অভাৱ, প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীচুত পূৰ্ণ কৰিব।
20. এতিয়া আমাৰ পিতৃ ঈশ্বৰৰ মহিমা চিৰকাল হওক। আমেন।
21. খ্ৰীষ্ট যীচুত থকা সকলো পবিত্ৰ লোকক মঙ্গলবাদ দিব। মোৰ লগৰ ভাই সকলে আপোনালোকক মঙ্গলবাদ কৰিছে।
22. সকলো পবিত্ৰ লোকে, বিশেষকৈ চীজাৰৰ ঘৰৰ লোক সকলে আপোনালোকক মঙ্গলবাদ কৰিছে।
23. প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ আত্মাৰ লগত থাকক।