A A A A A

ইসাইয়া 65:1-25
1. যি সকলে মোক নুশুধিলে, মই তেওঁলোকৰ দ্বাৰাই অম্বেষিত কৰাবলৈ প্রস্তুত আছিলোঁ; আৰু যি সকলে মোক নিবিচাৰিলে, তেওঁলোকৰ দ্বাৰাই মোক বিচৰাবলৈ মই প্রস্তুত আছিলোঁ; মোৰ নামেৰে প্ৰখ্যাত নোহোৱা দেশবাসীসকলক “এইয়া চোৱা, মই আছোঁ, মই আছোঁ, এই বুলি মই কলোঁ।
2. যি সকলে নিজৰ কল্পনামতে কুপথত চলে, আৰু যি ভাল নহয় তেনে পথত চলে, এনে বিদ্ৰোহী লোকসকলকৰ আগত ওৰে দিনটো মই মোৰ হাত মেলিলোঁ।
3. বাৰীত বলিদান দিলে, আৰু ইটাৰ ওপৰত ধূপ জ্বলালে, এওঁলোকেই সেই লোক যি সদায় মোক অসন্তুষ্ট কৰিলে।
4. তেওঁলোক মৈদামবোৰৰ মাজত বহে, আৰু গোটেই ৰাতি পহৰা দিয়ে, গাহৰি মাংস খায়, আৰু নিজৰ পাত্ৰত ঘিণলগীয়া মাংসৰ জোল ৰাখে,
5. তেওঁলোকে কয়, ‘দূৰত থিয় থাকা; মোৰ ওচৰলৈ নাহিবা, কিয়নো মই তোমাতকৈ পবিত্ৰ,’ তেওঁলোক মোৰ নাকত ধোঁৱাই, আৰু ওৰে দিনটো জ্বলি থকা অগ্নিস্বৰূপ।
6. চোৱা, মোৰ আগত এয়ে লিখা আছে, মই মনে মনে নাথাকিম, কাৰণ মই প্ৰতিফল দিম; মই তেওঁলোকৰ কাৰ্য অনুসাৰে তেওঁলোকক প্রতিফল দিম।
7. যিহোৱাই কৈছে, মই একেবাৰে তোমালোকৰ নিজৰ নিজৰ অপৰাধৰ পৰ্ব্বতবোৰত ধূপ জলোৱা আৰু উপ-পৰ্ব্বতবোৰত মোক নিন্দা কৰা, তোমালোকৰ অপৰাধ আৰু তোমালোকৰ পূৰ্বপুৰুষসকলৰো অপৰাধৰ প্ৰতিফল তোমালোকক দিম, আৰু মই প্ৰথমে তেওঁলোকৰ অতীতৰ কাৰ্য জুখি তেওঁলোকৰ বুকুত প্ৰতিফল দিম।
8. যিহোৱাই এই কথা কৈছে, “যেনেকৈ দ্ৰাক্ষাৰ থোকত ৰস পোৱা যায়, আৰু যেতিয়া কোনো এজনে কয়, তাক নষ্ট নকৰিবা, কিয়নো তাত ভাল আছে, সেই দৰে, মই মোৰ দাসবোৰৰ বাবেও তেনে কৰিম, মই সকলোকে নষ্ট নকৰিম।
9. মই যাকোবৰ বংশৰ পৰা, আৰু যিহূদাৰ পৰা মোৰ পৰ্ব্বতবোৰৰ এক অধিকাৰী উৎপন্ন কৰিম; আৰু মোৰ মনোনীত লোকসকলে তাত অধিকাৰ কৰিব, আৰু মোৰ দাসবোৰে তাত বসতি কৰিব।
10. মোক বিচাৰা মোৰ লোকসকলৰ বাবে, চাৰোণ মেৰ-ছাগৰ জাকৰ চৰণীয়া ঠাই হ’ব, আৰু আখোৰ উপত্যকা গৰুৰ জাকবোৰৰ শোৱা ঠাই হ’ব।
11. কিন্তু যিহোৱাক ত্যাগ কৰা, আৰু মোৰ পবিত্ৰ পৰ্ব্বতক পাহৰা, ভাগ্যদেৱতালৈ মেজ সজোৱা, ভাগ্য নিৰূপণ দেৱীলৈ দ্ৰাক্ষাৰসেৰে পানপাত্ৰ পূৰ কৰা যি তোমালোক,
12. তোমালোকক তৰোৱালৰ বাবে মই নিৰূপণ কৰিম, আৰু তোমালোকে বলি হ’বলৈ মূৰ দোঁৱাবা। কাৰণ মই যেতিয়া মাতিলো তোমালোকে উত্তৰ নিদিলা, আৰু মই যেতিয়া কলোঁ, তোমালোকে নুশুনিলা; কিন্তু মোৰ দৃষ্টিত যি বেয়া, তাকেই তোমালোকে কৰিলা, আৰু যিহতে মোৰ সন্তোষ নাপাওঁ, তাকেই কৰিবলৈ তোমালোকে বাচি ল’লা।
13. প্ৰভু যিহোৱাই এই কথা কৈছে, “চোৱা, মোৰ দাসবোৰে ভোজন কৰিব, কিন্তু তোমালোক ভোকত থাকিবা; চোৱা, মোৰ দাসবোৰে পান কৰিব, কিন্তু তোমালোক পিয়াহত থাকিবা; চোৱা, মোৰ দাসবোৰে আনন্দ কৰিব, কিন্তু তোমালোকে লাজ পাবা;
14. চোৱা, মোৰ দাসবোৰে মনৰ আনন্দ গান কৰিব, কিন্তু তোমালোকে মনৰ দুখত কাতৰোক্তি কৰিবা, আৰু মন ভগ্ন হোৱাৰ কাৰণে হাহাকাৰ কৰিবা।
15. মোৰ মনোনীত লোকসকলৰ বাবে শাও দিবলৈ তোমালোকে তোমালোকৰ নাম থৈ যাবা, আৰু মই, প্ৰভু যিহোৱাই তোমাক মৃত্যু দিম, আৰু নিজ দাসবোৰ আন নামেৰে মাতিব।
16. যি মানুহে পৃথিবীত নিজকে আশীৰ্ব্বাদিত বুলি কয়, তেওঁলোক মোৰ দ্বাৰাই আশীৰ্বাদিত হ’ব। আৰু যি মানুহে পৃথিবীত শপত খায়, তেওঁ সত্য ঈশ্বৰৰ নামেৰেহে শপত খাব; কিয়নো পূৰ্বকালৰ সকলো সঙ্কট পাহৰা হ’ল, আৰু মোৰ দৃষ্টিৰ পৰা সেইবোৰ লুকাল।
17. কিয়নো চোৱা, মই নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱী সৃষ্টি কৰোঁ; আৰু পূৰ্বকালৰ বস্তুবোৰ সোঁৱৰণ কৰা বা মনত ৰখা নহ’ব।
18. কিন্তু মই যি সৃষ্টি কৰোঁ, তাত তোমালোকে অনন্ত কাল আনন্দ আৰু উল্লাস কৰা; কিয়নো চোৱা, মই যিৰূচালেমক উল্লাসৰ বিষয়, আৰু তাৰ লোকসকলক আনন্দৰ বিষয় কৰি সৃষ্টি কৰোঁ।
19. মই যিৰূচালেমত উল্লাস, আৰু মোৰ লোকসকলত আনন্দ কৰিম, তাত ক্ৰন্দনৰ শব্দ কি কাতৰোক্তিৰ শব্দ আৰু শুনা নাযাব।
20. সেই ঠাইৰ পৰা কোনো অলপদিনীয়া কেঁচুৱা, বা সম্পূৰ্ণ আয়ুস নোপোৱা কোনো বুঢ়া লোকক মৈদামলৈ নিয়া নহ’ব; ডেকা লোক এশ বছৰ বয়সীয়া হৈ মৰিব, আৰু পাপী জনে এশ বছৰ বয়স পাই অভিশপ্ত হৈ মৰিব।
21. তেওঁলোকে ঘৰ সাজি তাৰ ভিতৰত বাস কৰিব, আৰু দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিব।
22. আন লোক বাস কৰিবলৈ তেওঁলোকে ঘৰ নাসাজিব, আৰু আন লোক ভোগ কৰিবলৈ তেওঁলোকে বাৰী নাপাতিব; কিয়নো গছৰ আয়ুস যিমান, মোৰ লোকসকলৰো আয়ুস সিমান হ’ব, আৰু মোৰ মনোনীত লোকসকলে নিজৰ হাতেৰে কৰা কাৰ্যৰ ফল বহুকাললৈকে ভোগ কৰিব।
23. তেওঁলোকে বৃথা পৰিশ্ৰম নকৰিব, আৰু আপদৰ বাবে সন্তান প্ৰসৱ নকৰিব; কিয়নো তেওঁলোক আৰু তেওঁলোকৰ সন্তান যিহোৱাৰ পৰা আশীৰ্ব্বাদ পোৱাসকলৰ বংশ।
24. তেওঁলোকে নামাতোঁতেই মই উত্তৰ দিম, আৰু তেওঁলোকৰ কথা কয় শেষ নকৰোঁতেই মই শুনিম।
25. ৰাংকুকুৰ আৰু মেৰ-ছাগ পোৱালি একে ঠাইতে চৰিব, সিংহই গৰুৰ দৰে খেৰ খাব, আৰু ধূলিয়েই সৰ্পৰ আহাৰ হ’ব। যিহোৱাই কৈছে, মোৰ সমস্ত পৰ্ব্বতত কোনেও কাকো অপকাৰ কি বিনষ্ট নকৰিব।

ইসাইয়া 66:1-24
1. যিহোৱাই এই কথা কৈছে, “স্বৰ্গ মোৰ সিংহাসন, আৰু পৃথিৱী মোৰ ভৰিৰ পীৰা; তোমালোকে মোৰ অৰ্থে কেনেকুৱা গৃহ নিৰ্ম্মাণ কৰিবা? মই বিশ্রাম ল’ব পৰা স্থান ক’ত?
2. মোৰ হাতে সকলো নিৰ্ম্মাণ কৰিলে, সেই বাবেই এই সকলো হ’ল, ইয়াক যিহোৱাই কৈছে; দুখীয়া, ভগ্ন-চিত্তীয়া, আৰু মোৰ বাক্যত কঁপা জনলৈহে মই অনুমতি দিম।
3. যি জনে গৰু বধ কৰে, তেওঁ মানুহ বধ কৰাৰ দৰে; আৰু যি জনে মেৰ-ছাগ পোৱালি বলিদান কৰে, তেওঁ কুকুৰৰ ডিঙি ভঙাৰ দৰে; যি জনে শস্য উৎসৰ্গ কৰে, তেওঁ গাহৰি পোৱালিৰ তেজ উৎসৰ্গ কৰাৰ দৰে আৰু যি জনে স্মৃতিচিহ্ন ধূপ জ্বলায়, তেওঁ দুষ্টতাক আশীৰ্ব্বাদ কৰাৰ দৰে; তেওঁলোকে নিজৰ পথ বাচি ল’লে, আৰু তেওঁলোকে নিজৰ ঘিণলগীয়া কৰ্মত সন্তোষ পায়।
4. সেই একে দৰে, মই তেওঁলোকৰ দণ্ড মনোনীত কৰিম, আৰু তেওঁলোকে যিহকে ভয় কৰে, তাকেই তেওঁলোকলৈ ঘটাম; কাৰণ মই যেতিয়া মাতিলোঁ, তেওঁলোক কোনেও উত্তৰ নিদিলে, আৰু মই যেতিয়া কলোঁ, তেওঁলোকে নুশুনিলে; মোৰ দৃষ্টিত যি বেয়া, তাকেই তেওঁলোকে কৰিলে, আৰু যিহত মোৰ সন্তোষ নাই, তাকেই তেওঁলোকে বাচি ল’লে।
5. যিহোৱাৰ বাক্যত কম্পমান হোৱা যি তোমালোক, তোমালোক তেওঁৰ বাক্য শুনা; তোমালোকৰ যি ভাইসকল তোমালোকক ঘিণ কৰে, আৰু মোৰ নামৰ অৰ্থে তোমালোকক বহিষ্কৃত কৰে, তেওঁলোকে কয়, ‘যিহোৱা মহিমান্বিত হওক, তেতিয়া আমি তোমালোকৰ আনন্দ দেখিবলৈ পাম; কিন্তু তেওঁলোক লজ্জিত হ’ব।
6. নগৰৰ পৰা যুদ্ধৰ আলোড়নৰ শব্দ, মন্দিৰৰ পৰা শব্দ, আৰু তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিয়া যিহোৱাৰ ধ্বনি শুনা গৈছে।
7. বেদনা হোৱাৰ আগতে তেওঁ প্ৰসৱ কৰিলে, গৰ্ভবেদনা নোহোৱাৰ পূৰ্বেই তেওঁ এটি পুত্ৰ জন্ম দিলে;
8. এনে কথা কোনোৱে শুনিছে নে? বা এনে কৰ্ম কোনোৱে দেখিছে নে? একে দিনাই জানো কোনো দেশ উৎপন্ন হয়? বা কোনো জাতি জানো এক মুহূৰ্ততে স্থাপন হ’ব পাৰে? চিয়োনে গৰ্ভবেদনা পোৱামাত্ৰকে নিজৰ সন্তান সকলক প্ৰসৱ কৰিলে।
9. যিহোৱাই সুধিছে, মই প্ৰসৱৰ সময়লৈকে আনি জানো সন্তান প্ৰসৱ নকৰাম? তোমাৰ ঈশ্বৰে সুধিছে, “প্ৰসৱ কৰাওঁতা যি মই, মই জানো গৰ্ভ বন্ধ কৰিম?”
10. তেওঁক প্ৰেম কৰা সকলোৱে, যিৰূচালেমৰ সৈতে আনন্দ কৰা আৰু তেওঁৰ বাবে সন্তুষ্ট হোৱা, তেওঁত শোক কৰা সকলোৱে, তেওঁৰ সৈতে আনন্দ কৰা,
11. কাৰণ তোমালোক শুশ্রূসা কৰিবা, আৰু সন্তুষ্ট হ’বা; তেওঁৰ স্তনে তোমালোকক সান্ত্বনা দিব; কাৰণ তুমি সেইবোৰ পান কৰি তৃপ্ত হ’বা আৰু তেওঁৰ অজস্র গৌৰৱৰ সৈতে আনন্দিত হ’বা,
12. কিয়নো যিহোৱাই এই কথা কৈছে, “চোৱা, মই নদীৰ দৰে তেওঁৰ ওপৰত উন্নতি বিস্তাৰ কৰিম, সীমা বাগৰি যোৱা সোঁতৰ দৰে জাতিবিলাকৰ ঐশ্বৰ্য্য বঢ়াম; তোমালোকে তেওঁৰ ফালে চুপিবলৈ পাবা; তোমালোকক কোলাত লৈ নিয়া যাব, আৰু আঁঠুৰ ওপৰত নচোৱা হ’ব।
13. যিদৰে মাতৃয়ে নিজৰ সন্তানক সুখ দিয়ে, সেইদৰে মই তোমালোকক সুখ দিম; আৰু তোমালোকে যিৰূচালেমত সুখ পাবা।
14. এই সকলো দেখি তোমালোকৰ হৃদয় আনন্দ কৰিব, আৰু তোমালোকৰ অস্থিবোৰ নতুন তৃণৰ দৰে সতেজ হ’ব; আৰু যিহোৱাৰ হাত তেওঁৰ দাসবোৰৰ আগত পৰিচিত হ’ব, কিন্তু শত্রুবোৰৰ বিৰুদ্ধে তেওঁৰ ক্ৰোধ হ’ব।
15. কিয়নো চোৱা, যিহোৱা জুইৰ সৈতে আহিছে, আৰু তেওঁৰ ৰথ ধুমুহাৰ দৰে আহিছে, তেওঁৰ ক্ৰোধৰ তাপ আনিছে আৰু অগ্নিশিখাৰ সৈতে তিৰস্কাৰ কৰিব।
16. কাৰণ যিহোৱাই অগ্নিৰে আৰু নিজৰ তৰোৱালৰ দ্বাৰাই সকলো মৰ্ত্ত্যলোকৰ বিচাৰ নিষ্পত্তি কৰিব; আৰু যিহোৱাৰ দ্বাৰাই হত হোৱা লোক অনেক হ’ব।
17. যিহোৱাই এই কথা কৈছে, “যি সকলে মূৰ্তি পূজাত গাহৰিৰ মাংস, বা ঘিণলগীয়া বস্তু যেনে এন্দুৰ খায়, আৰু উদ্যানলৈ যাবৰ অৰ্থে তেওঁলোকে নিজকে পবিত্ৰ আৰু শুচি কৰে, তেওঁলোক একেবাৰে বিনষ্ট হ’ব।
18. কাৰণ মই তেওঁলোকৰ কাৰ্য আৰু কল্পনাবোৰ জানো। যি সময়ত সকলো জাতিক; আৰু সকলো ভাষা কোৱা লোকসকলক মই গোট খুৱাম, এনে সময় আহিছে। তেওঁলোকে আহিব আৰু মোৰ প্ৰতাপ দেখিবলৈ পাব।
19. মই তেওঁলোকৰ মাজত এক মহৎ চিন স্থাপন কৰিম। তাৰ পাছত মই তেওঁলোকৰ মাজৰ পৰা ৰক্ষা পোৱাসকলক জাতিবিলাকলৈ পঠাম: মোৰ কীৰ্ত্তি নুশুনা, বা মোৰ প্ৰতাপ নেদেখা তৰ্চীচ, পুল, আৰু ধনুৰ্দ্ধৰ লুদ, তুবল, যাবন এই জাতিবিলাকলৈ, আৰু দূৰত থকা দ্বীপনিবাসীসকলৰ ওচৰলৈ পঠাম। তেওঁলোকে জাতিবিলাকৰ মাজত মোৰ প্ৰতাপ প্ৰচাৰ কৰিব।”
20. তেওঁলোকে সকলো জাতিৰ মাজৰ পৰা তোমালোকৰ সকলো ভাইক ঘূৰাই আনিব। তেওঁলোক ঘোঁৰাত, ৰথত, মালগাড়ীত, খছৰত, আৰু উটত তুলি, মোৰ পবিত্ৰ পৰ্ব্বত যিৰূচালেমলৈ যিহোৱাৰ উদ্দেশ্যে উপহাৰস্বৰূপে আনিব,” ইয়াকে যিহোৱাই কৈছে। ইস্রায়েলী লোকসকলৰ বাবে যিহোৱাৰ গৃহত পৰিষ্কাৰ পাত্রত শস্য উৎসৰ্গ কৰিবলৈ আনিব।
21. যিহোৱাই কৈছে, “এনে কি, মই তেওঁলোকৰ মাজৰ পৰা কিছুমান লোকক পুৰোহিত আৰু লেবীয়া হ’বলৈ মনোনীত কৰিম।”
22. “কাৰণ মই যি নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিৱী সৃষ্টি কৰিম, সেয়ে যেনেকৈ মোৰ সম্মুখত সদায় থাকিব, যিহোৱাই কৈছে, তেনেকৈ তোমালোকৰ বংশ, আৰু তোমালোকৰ নামো সদায় থাকিব।”
23. যিহোৱাই কৈছে, “প্ৰত্যেক মাহত আৰু প্ৰত্যেক বিশ্ৰামবাৰত সকলো লোক মোৰ আগত প্ৰণিপাত কৰিবলৈ আহিব।”
24. তেওঁলোকে বাহিৰলৈ যাব আৰু মোৰ বিৰুদ্ধে বিদ্রোহাচৰণ কৰাসকলৰ মৃত দেহ দেখিব; কাৰণ তেওঁলোকক পোক খাব কিন্তু নমৰিব, আৰু তেওঁলোকক অগ্নিয়ে গ্রাস কৰিব কিন্তু নুনুমাব, আৰু তেওঁলোক সকলো মৰ্ত্ত্যৰ আগত ঘৃণনীয় হ’ব।”

সামসঙ্গীত 116:1-4
1. মই যিহোৱাক প্ৰেম কৰোঁ, কিয়নো তেওঁ মোৰ স্বৰ আৰু কাকুতি শুনিলে।
2. তেওঁ মোৰ কথালৈ কাণ পাতিলে, সেয়ে মই জীয়াই থকা দিনলৈকে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিম।
3. মই মৃত্যুৰ জৰীত বান্ধ খাই পৰিছিলোঁ, চিয়োলৰ যাতনাৰ সন্মুখীন হৈছিলো, মই দুখ-কষ্ট পাইছিলো;
4. তেতিয়া মই যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ, “হে যিহোৱা, মই মিনতি কৰিছোঁ, তুমি মোৰ প্ৰাণ ৰক্ষা কৰা!”

প্রবচন 26:28-28
28. মিছলীয়া জিভাই দমন কৰা লোকক ঘিণ কৰে, আৰু আত্মতৃপ্তিকৰ মুখে নিজলৈ বিনাশ আনে।

ফিলিপীয়া 2:1-30
1. এতেকে খ্ৰীষ্টত যদি কোনো আশ্বাস, প্ৰেমৰ যদি কোনো সান্ত্বনা, আত্মাৰ যদি কোনো সহভাগিতা আৰু কোনো স্নেহ আৰু দয়া থাকে,
2. তেনেহলে আপোনালোকে একে বিষয় ভাবি, এক প্ৰেমৰ, এক মনৰ আৰু এক ভাবৰ লোক হৈ মোৰ আনন্দ পৰিপূৰ্ণ কৰক৷
3. আপোনালোকে বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিব; কিন্তু নম্ৰভাবে প্ৰত্যেকে নিজতকৈ অানক উত্তম বুলি মান্য কৰক৷
4. প্ৰতিজনে নিজৰ বিষয়ে নহয়, কিন্তু অানৰ বিষয়ে ভাবক।
5. খ্ৰীষ্ট যীচুত যি ভাব, সেয়ে আপোনালোকৰ হওক,
6. যি জনৰ অস্তিত্ব ঈশ্বৰ-ৰূপী আছিল৷ তেওঁ ঈশ্বৰৰ সমান হলেও তাক কাঢ়ি লোৱা বুলি নামানিলে৷
7. বৰং নিজকে শূণ্য কৰিলে৷ আৰু তেওঁ দাসৰ ৰূপ ধাৰণ কৰিলে৷ তেওঁ মানুহৰ নিচিনা হৈ অৱতীৰ্ণ হ’ল৷ আৰু তেওঁ আকাৰ-প্ৰকাৰত মানুহৰ দৰে হ’ল৷
8. তেওঁ নিজকে সৰু কৰি মৃত্যুলৈকে, এনে কি ক্ৰুচীয় মৃত্যুলৈকে আজ্ঞাধীন হ’ল ।
9. এই কাৰণে ঈশ্বৰে তেওঁক অতি ওখ পদ দিলে, আৰু সকলো নামতকৈ সেই শ্ৰেষ্ঠ নাম তেওঁক দান কৰিলে,
10. যাতে স্বৰ্গত, পৃথিৱীত আৰু পৃথিৱীৰ তলত নিবাস কৰা সকলোৱে যীচুৰ নামত আঁঠু লয় ৷
11. আৰু যীচু খ্ৰীষ্ট যে প্ৰভু, ইয়াক যেন পিতৃ ঈশ্বৰৰ মহিমাৰ অৰ্থে সকলো জিভাই স্বীকাৰ কৰে৷
12. এতেকে, হে মোৰ প্ৰিয় সকল, আপোনালোকে যেনেকৈ সদায় আজ্ঞাধীন আছিল, তেনেকৈ মোৰ সাক্ষাতে যি ৰূপ, কেৱল সেইদৰে নহয়, কিন্তু এতিয়া মোৰ অনুপস্থিতিতো অধিককৈ ভয় আৰু কম্পনেৰে নিজ নিজ পৰিত্রাণ সম্পন্ন কৰক ৷
13. কিয়নো ঈশ্বৰে নিজৰ হিত-সঙ্কল্পৰ কাৰণে আপোনালোকৰ অন্তৰত ইচ্ছা কৰোঁতা আৰু কাৰ্য সাধন কৰোঁতা, এই উভয়ৰ সাধনকৰ্তা হৈছে।
14. বিবাদ আৰু তৰ্ক-বিতৰ্ক নোহোৱাকৈ সকলো কৰ্ম কৰক;
15. যাতে ঈশ্বৰৰ নিষ্কলঙ্ক সন্তান হ’বৰ কাৰণে, আপোনালোক যেন পবিত্ৰ, নিৰ্দ্দোষী আৰু শুদ্ধ হয় আৰু জগতত যি কুটিল আৰু বিপথগামী লোক আছে, তেখেত সকলৰ মাজত আপোনালোক দীপ্তি স্বৰূপ হওক৷
16. জীৱনৰ বাক্য ধাৰণ কৰক, এয়ে খ্ৰীষ্টৰ আগমণৰ দিনত মোৰ বাবে শ্লাঘাৰ কাৰণ হ’ব; কিয়নো মই বৃথা দৌৰ মৰা নাই আৰু বৃথা পৰিশ্ৰমো কৰা নাই।
17. কিন্তু আপোনালোকৰ বিশ্বাসৰূপ যজ্ঞত আৰু সেৱাৰ কাৰ্যত, যদিওবা মই নৈবেদ্য স্বৰূপে ঢলা যাওঁ, তথাপি মই আনন্দ কৰোঁ; আৰু আপোনালোক সকলোৰে সৈতে আনন্দ কৰোঁ।
18. এই বিষয়ে আপোনালোকেও আনন্দ কৰক আৰু মোৰে সৈতে আনন্দ কৰক৷
19. কিন্তু আপোনালোকৰ বিষয়ে জানিবলৈ পোৱাত মই যেন সন্তুষ্ট হ’ম, এই কাৰণে সোনকালে আপোনালোকৰ তালৈ তীমথিয়ক পঠাবৰ বাবে মই প্ৰভু যীচুত আশা কৰিছোঁ।
20. কিয়নো আপোনালোকৰ বিষয়ে সঁচাকৈ চিন্তা কৰিবলৈ তীমথিয়ৰ মনৰ দৰে আন লোক মোৰ কোনো নাই।
21. কাৰণ সকলোৱে যীচু খ্ৰীষ্টৰ বিষয়ে নহয়, নিজৰ বিষয়েহে চেষ্টা কৰে।
22. কিন্তু আপোনালোকে তীমথিয়ৰ পৰীক্ষাসিদ্ধ গুণৰ বিষয়ে জানে, কাৰণ তেওঁ পিতৃৰ লগত পুত্ৰ যেনে, তেনেকৈ মোৰ লগতো শুভবাৰ্তাৰ অৰ্থে সেৱাকৰ্ম কৰিলে৷
23. এতেকে মোৰ কি ঘটিব, সেই বিষয়ে জনা মাত্ৰকে তেওঁক পঠিয়াবৰ বাবে মই আশা কৰিছোঁ৷
24. কিন্তু মই নিজেও সোনকালে আপোনালোকৰ ওচৰলৈ যাম বুলি প্ৰভুত বিশ্বাস কৰিছোঁ।
25. মোৰ অভাবত সেৱা শুশ্ৰূষা কৰোঁতা আপোনালোকৰ পাঁচনি, অথচ মোৰ ভাই, সহকাৰী আৰু সহসেনা যি ইপাফ্ৰদীত, তেখেতক আপোনালোকৰ তালৈ পঠিয়াবলৈ মই প্ৰয়োজন দেখিলোঁ৷
26. কিয়নো তেখেত নৰিয়াত পৰা বাৰ্তা আপোনালোকে শুনিলে, তেওঁ আপোনালোকৰ কাৰণে অতিশয় হাবিয়াহ কৰিছিল আৰু তেওঁ বৰ উদিগ্ন হৈছিল।
27. তেখেত নৰিয়াত পৰি মৃতপ্ৰায় হৈছিল হয়, কিন্তু ঈশ্বৰে তেওঁলৈ দয়া কৰিলে৷ অকল তেওঁলৈ নহয়, কিন্তু মোৰ দুখৰ ওপৰি দুখ যেন নঘটে, এই কাৰণে, মোলৈকো দয়া কৰিলে।
28. এতেকে আপোনালোকে তেওঁক পুনৰাই দেখি যেন আনন্দিত হয় আৰু মোৰ শোকো যেন কম হয়, এই কাৰণে তেখেতক পঠিয়াবলৈ ইচ্ছা কৰিলোঁ৷
29. সম্পূৰ্ণ আনন্দেৰে আপোনালোকে প্ৰভুত থাকি ইপাফ্ৰদীতক গ্ৰহণ কৰিব আৰু তেনেকুৱা মানুহক আদৰণীয় জ্ঞান কৰিব,
30. কিয়নো মোৰ সেৱা শুশ্ৰূষাত আপোনালোকৰ যি যি ক্ৰুটি আছিল, তাক সম্পূৰ্ণ কৰিবলৈ, তেখেত প্ৰাণপণ কৰি খ্ৰীষ্টৰ কাৰ্যৰ কাৰণে মৃতপ্ৰায় হৈছিল।