A A A A A
एक साल में बाइबल
अक्टूबर 5

ইসাইয়া 61:1-11
1. প্ৰভু যিহোৱাৰ আত্মা মোত স্থিতি লৈছে, কাৰণ যিহোৱা মোক অভিষিক্ত কৰিলে নম্ৰ লোকসকলৰ আগত শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ, ভগ্নচিত্তীয়াসকলক সুস্থ কৰিবলৈ, বন্দীত্বত থকাসকলৰ আগত মুক্তিৰ কথা ঘোষণা কৰিবলৈ, আৰু বন্দীশালত থকা সকলক মুকলি কৰিবলৈ।
2. যিহোৱাৰ অনুগ্ৰহৰ বছৰ আৰু আমাৰ ঈশ্বৰৰ প্ৰতিফল দিয়া দিন ঘোষণা কৰিবলৈ, আটাই শোক কৰা সকলক শান্ত্বনা দিবলৈ, তেওঁ মোক পঠিয়ালে।
3. চিয়োনত শোক কৰা সকলৰ বাবে ঠাই প্রস্তুত কৰিবলৈ, ছাঁইৰ সলনি পাগুৰি, শোকৰ সলনি আনন্দৰ তেল, আৰু দুৰ্ব্বল আত্মাৰ সলনি প্ৰশংসাৰ আত্মা দান কৰিবলৈ, তেওঁলোকক ধাৰ্মিকতাৰ গছ, আৰু যিহোৱাৰ গৌৰৱৰ অৰ্থে তেৱেঁ পতা উদ্যান বুলি প্ৰখ্যাত হ’ব।
4. তেওঁলোকে পুৰণি ধ্বংসস্থানবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব, আগৰ কালৰে পৰা উচ্ছন্ন হৈ থকা ঠাইবোৰ পুনৰায় স্থাপন কৰিব, বহু আগৰ পৰা পুৰুষানুক্রমে ধ্বংস হৈ জনশূন্য হোৱা নগৰবোৰ পুনৰ স্থাপন কৰিব।
5. বিদেশী লোকসকল দায়িত্ব ল’ব আৰু তোমালোকৰ জাকবোৰ চৰাব, আৰু বিদেশী লোকসকলৰ পুত্র সকলে তোমালোকৰ পথাৰত আৰু দ্ৰাক্ষাবাৰীত কাম কৰিব।
6. তোমালোকক যিহোৱাৰ পুৰোহিত বুলি মতা হ’ব; তেওঁলোকে তোমালোকক ঈশ্বৰৰ দাস বুলি ক’ব; তোমালোকে দেশৰ ধন-সম্পত্তি ভোগ কৰিবা, আৰু তেওঁলোকৰ ঐশ্বৰ্যত তোমালোকে গৌৰৱ কৰিবা।
7. তোমালোকৰ লাজৰ পৰিৱৰ্তে তোমালোকে দুগুণ পাবা, আৰু তেওঁলোকে অপমানৰ পৰিৱৰ্তে নিজৰ অংশত আনন্দ কৰিব; সেয়ে তেওঁলোকে তেওঁলোকৰ দেশত দুগুণ অংশ লাভ কৰিব, আৰু তেওঁলোকৰ অনন্তকলীয়া আনন্দ হ’ব।
8. কাৰণ মই যিহোৱাই ন্যায় বিচাৰ ভাল পাওঁ, মই চুৰ কৰা কাৰ্য আৰু অন্যায় অত্যাচাৰ ঘিণ কৰোঁ; মই বিশ্বাসযোগ্যতাৰে তেওঁলোকক প্রতিফল দিম, আৰু তেওঁলোকৰ সৈতে অনন্তকলীয়া চুক্তি স্থাপন কৰিম।
9. তেওঁলোকৰ বংশৰ লোকসকল দেশৰ মাজত, আৰু তেওঁলোকৰ সন্তানসকল লোকসকলৰ মাজত প্ৰখ্যাত হ’ব; তেওঁলোকক যি সকলে দেখিব, তেওঁলোকে তেওঁলোকক যিহোৱাৰ আশীৰ্ব্বাদপ্ৰাপ্ত বংশ বুলি স্বীকাৰ কৰিব।
10. মই যিহোৱাত অতিশয় আনন্দ কৰিম মোৰ প্ৰাণে মোৰ ঈশ্বৰত উল্লাস কৰিব; কাৰণ তেওঁ মোক পৰিত্ৰাণৰূপ বস্ত্ৰ পিন্ধালে, আৰু ধাৰ্মিকতাৰূপ চোলাৰে মোক বিভূষিত কৰিলে, যিদৰে দৰাই পাগুৰিৰে নিজকে বিভূষিত কৰে, আৰু কন্যাই যিদৰে অলঙ্কাৰেৰে নিজকে শোভিত কৰে।
11. কাৰণ পৃথিবীয়ে যিদৰে গছবোৰৰ পোখা মেলায়, আৰু বাৰীয়ে যিদৰে তাত ৰোৱা সকলোকে গজায়, সেইদৰে প্ৰভু যিহোৱাই সকলো দেশবাসীৰ সাক্ষাতে ধাৰ্মিকতা আৰু প্ৰশংসা উৎপন্ন কৰিব।

ইসাইয়া 62:1-12
1. চিয়োনৰ বাবে মই নিজম দি নাথাকোঁ, আৰু যিৰূচালেমৰ বাবে মই নিৰৱে নাথাকোঁ, যেতিয়ালৈকে তেওঁৰ ধাৰ্মিকতা উজ্বলতাৰে আগুৱাই নাযায়, আৰু তেওঁৰ পৰিত্ৰাণ জ্বলি থকা প্ৰদীপৰ দৰে নহয়।
2. দেশবাসীয়ে তোমাৰ ধাৰ্মিকতা, আৰু সকলো ৰজাই তোমাৰ গৌৰৱ দেখিব; আৰু যিহোৱাই নিৰ্বাচন কৰা এটা নতুন নামেৰে তোমাক মতা হ’ব।
3. তোমালোক যিহোৱাৰ হাতত এটি সুন্দৰ কিৰীটি, আৰু তোমালোকৰ ঈশ্বৰৰ হাতত এটি ৰাজমুকুটস্বৰূপ হ’বা।
4. তোমালোকক পুনৰ “পৰিত্যক্ত” বোলা নহ’ব, নাইবা তোমালোকৰ দেশক “উচ্ছন্ন দেশ” বুলি পুনৰ মতা নহ’ব; তাৰপৰিৱৰ্তে “তেওঁত মই আনন্দিত ” বুলি মতা হ’ব; আৰু তোমাৰ দেশ “বিবাহিতা ” বুলি প্ৰখ্যাত হ’ব; কিয়নো যিহোৱা তোমালোকত সন্তুষ্ট হৈছে, আৰু তোমালোকৰ দেশ বিবাহিত হ’ব।
5. কাৰণ যিদৰে যুৱকে যুৱতীক বিবাহ কৰে, সেইদৰে তোমালোকৰ পুত্ৰ সকলে তোমাক বিবাহ কৰিব; আৰু যিদৰে দৰাই কন্যাত আনন্দ কৰে, সেইদৰে তোমালোকৰ ঈশ্বৰেও তোমালোকত আনন্দ কৰিব।
6. হে যিৰূচালেম, তোমাৰ গড়ৰ ওপৰত মই প্ৰহৰীসকল নিযুক্ত কৰিলোঁ; তেওঁলোকে দিনত বা ৰাতি নিজম দি নাথাকিব। হে যিহোৱাক সোঁৱৰণ কৰাসকল, তোমালোক ক্ষান্ত নহ’বা;
7. তেওঁ পুনৰ সংস্থাপন নোহোৱালৈকে তেওঁক জিৰণী ল’বলৈ নিদিবা, যিৰূচালেম আৰু তেওঁৰ সৃষ্টিয়ে পৃথিবীত প্ৰশংসা কৰক।
8. যিহোৱাই নিজৰ সোঁ হাত, আৰু নিজৰ বলৱান বাহুৰে শপত কৰিলে, “তোমাৰ শত্রুবোৰৰ আহাৰৰ বাবে, নিশ্চয়ে মই তেওঁলোকক তোমাৰ শস্য আৰু নিদিম, আৰু বিদেশীসকলে তুমি পৰিশ্ৰমেৰে অৰ্জ্জা তোমাৰ দ্ৰাক্ষাৰস আৰু পান কৰিবলৈ নাপাব;
9. কাৰণ যিসকলে শস্য চপাই, তেওঁলোকে তাক ভোজন কৰিব আৰু যিহোৱাৰ প্ৰশংসা কৰিব, আৰু যিসকলে দ্ৰাক্ষাগুটি গোটাই, তেওঁলোকে মোৰ ধৰ্মধামৰ চোতালবোৰত তাৰ দ্রাক্ষাৰস পান কৰিব।”
10. আহাঁ, দুৱাৰৰ মাজেদি আহাঁ! লোকসকলৰ বাবে পথ যুগুত কৰা! নিৰ্মাণ কৰা, ৰাজআলি নিৰ্মাণ কৰা! শিলবোৰ গুটাই পেলাই দিয়া, দেশবাসীসকলৰ বাবে নিচান পতাকা তোলা।
11. চোৱা, যিহোৱাই পৃথিবীৰ অন্তলৈকে ঘোষণা কৰিছে, “তোমালোকে চিয়োনজীয়াৰীক কোৱা চোৱা, তোমাৰ ত্ৰাণকৰ্ত্তা আহি আছে; চোৱা, তেওঁৰ পুৰস্কাৰ তেওঁৰ সৈতে আছে, আৰু তেওঁৰ আগত তেওঁ দিব লগীয়া প্রতিফল আছে’।”
12. তেওঁলোকে তোমাক “পবিত্ৰ লোক” আৰু “যিহোৱাৰ মুক্তলোক” বুলি মাতিব; আৰু তুমি “অন্বেষিতা ” আৰু “অপৰিত্যক্ত নগৰ” বুলি প্ৰখ্যাত হ’বা।

সামসঙ্গীত 115:9-13
9. হে ইস্ৰায়েল, যিহোৱাত ভাৰসা কৰা! তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।
10. হে হাৰোণৰ বংশ, যিহোৱাত ভাৰসা কৰা; তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।
11. হে যিহোৱাৰ ভয়কাৰী লোক, যিহোৱাত ভাৰসা কৰা; তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল।
12. যিহোৱাই আমাক সোঁৱৰণ কৰিলে, সেইবাবে তেওঁ আমাক আশীৰ্ব্বাদ কৰিব; ইস্ৰায়েলৰ বংশক আশীৰ্ব্বাদ কৰিব; হাৰোণৰ বংশক আশীর্ব্বাদ কৰিব;
13. যিসকলে যিহোৱাক ভয় কৰে, তেওঁলোক সকলোকে তেওঁ আশীর্ব্বাদ কৰিব, সৰু কি বৰ সকলোকে আশীৰ্ব্বাদ কৰিব।

প্রবচন 26:24-26
24. যি জনে ওঁঠে প্রকাশ কৰা কথা ঘিণ কৰে, তেওঁ নিজৰ ভিতৰত প্ৰতাৰণা স্থাপন কৰে;
25. তেওঁ অমায়িভাবে কথা ক’ব, কিন্তু তেওঁক বিশ্বাস নকৰিবা, কাৰণ তেওঁৰ হৃদয়ত ঘিণলগীয়া বস্তু সাতটা থাকে;
26. যদিও তেওঁৰ ঘৃণা কপটেৰে ঢকা, তথাপি তেওঁৰ দুষ্টতা সমাজত প্ৰকাশিত হ’ব।

ইফিচীয়া 6:1-24
1. হে সন্তান সকল, তোমালোক পিতৃ-মাতৃৰ আজ্ঞাধীন হোৱা; কিয়নো ঈশ্বৰৰ, দৃষ্টিত এয়ে উচিত।
2. “তোমালোকে নিজৰ পিতৃ-মাতৃক সন্মান কৰা” এয়ে প্ৰতিজ্ঞাযুক্ত প্ৰথম আজ্ঞা।
3. তেতিয়াহে তোমালোকৰ কল্যাণ হব আৰু পৃথিৱীত দীৰ্ঘায়ুলৈ জীৱিত থাকিবা।”
4. হে পিতৃ সকল, আপোনালোকে নিজ নিজ সন্তান সকলৰ খং নোতোলোব; কিন্তু প্ৰভুৰ শিক্ষা আৰু অনুশাসনত তেওঁলোকক প্ৰতিপালন কৰক।
5. দাস সকল, তোমালোক যেনেকৈ খ্ৰীষ্টৰ, তেনেকৈ গভীৰ আন্তৰিক শ্ৰদ্ধা আৰু কম্পনেৰে সৈতে নিজ নিজ জগতৰ প্ৰভু সকলৰ আজ্ঞাধীন হোৱা;
6. কেৱল চকু-চাকৰৰ দৰে মানুহৰ সন্তোষজনক নহৈ, বৰং নিজকে খ্ৰীষ্টৰ দাস ৰূপে আন্তৰিকতাৰে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰভু সকলৰ সেৱাকর্ম কৰা।
7. তোমালোকে আনন্দ মনেৰে এনেদৰে কাম কৰিবা যাতে মানুহক নহয় ঈশ্বৰৰহে সেৱা কৰিছা।
8. মনত ৰাখিবা, তোমালোক দাস বা স্বাধীন যিয়েই নহোৱা প্রতিজনে সকলো সৎকর্ম্মৰ কাৰণে নিজে প্ৰভুৰ পৰা পুৰস্কাৰ পাবা।
9. আপোনালোক যি সকল প্রভু, আপোনালোকেও আপোনালোকৰ দাস সকলক সেই একে ব্যৱহাৰ কৰক। তেওঁলোকক ভয় নেদেখুৱাই এৰি দিয়ক, কাৰণ আপোনালোকে জানে যে স্বৰ্গত তেওঁলোক আৰু আপোনালোকৰ একেই হব আৰু তেওঁত কোনো পক্ষপাত নাই।
10. অৱশেষত, প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হওক।
11. ঈশ্বৰৰ আটাই যুদ্ধৰ সাজ পিন্ধি লওঁক যাতে চয়তানৰ নানা বিধ কৌশলৰ বিৰুদ্ধে থিয় হব পাৰে।
12. কিয়নো ৰক্ত আৰু মাংসৰ সৈতে আমাৰ মালযুদ্ধ হোৱা নাই; কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰ যুগৰ শাসনকৰ্তা, আৰু স্বৰ্গীয় ঠাইবোৰৰ মন্দ শক্তিৰ দলবোৰৰ সৈতে হৈছে।
13. এই হেতুকে, আপোনালোকে ঈশ্বৰৰ আটাই সাজ-পোছাক পিন্ধি লওঁক; মন্দ দিনত চয়তানক প্ৰতিৰোধ কৰিবলৈ সমর্থ হবৰ কাৰণে সকলোকে সিদ্ধ কৰি থিৰে থাকক।
14. এতেকে সত্যেৰে কঁকাল বান্ধি, ধাৰ্মিকতাৰ বুকুবৰি পিন্ধি,
15. শান্তিৰ শুভবাৰ্তা ঘোষণাৰ কাৰণে প্ৰস্তুততাৰ ভৰিত জোতা পিন্ধি থিৰে থাকক।
16. যিহেৰে আপোনালোকে সকলো পাপ শক্তিৰ অগ্নিময় শৰ সমূহ নুমাব পাৰে, এনে বিশ্বাসৰ ঢাল লওঁক:
17. পৰিত্রাণ শিৰস্ত্ৰাণ আৰু আত্মাৰ তৰোৱালৰূপ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰক।
18. সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰক; আৰু ইয়াৰ কাৰণে পৰ দি, ঈশ্বৰৰ সকলো পবিত্ৰ লোকৰ কাৰণে সম্পূৰ্ণ ধৈৰ্য আৰু নিবেদনত লাগি থাকক।
19. মোৰ কাৰণেও প্ৰার্থনা কৰিব, যাতে শুভবার্তাৰ নিগূঢ়-তত্ত্ব সাহসেৰে প্ৰচাৰ কৰিবলৈ মই মুখ মেলিবৰ সময়ত উপযুক্ত কথা মোক দিয়া হয়৷
20. কিয়নো মই শুভবার্তাৰ কাৰণে শিকলিৰে বন্ধা হৈও এজন ৰাজদূতৰ কাম কৰিছোঁ৷ প্ৰার্থনা কৰিব, বন্দীশালতো যিভাৱে শুভবার্তা কোৱা উচিত, মই সেইভাৱে যেন সাহসেৰে কবলৈ পাৰিম৷
21. মই কেনে আছোঁ, কি কৰিছোঁ, সেই বিষয়ে প্ৰিয় ভাই আৰু প্ৰভুৰ বিশ্বাসী সেৱক তুখিকৰ পৰা সকলো জানিব পাৰিব৷
22. আপোনালোকে যেন আমাৰ বিষয়ে জানিব পাৰে আৰু তেওঁ যেন আপোনালোকৰ হৃদয়ত আশ্বাস দিয়ে, এই আশয়েৰেই মই তেওঁক আপোনালোকৰ ওচৰলৈ পঠালোঁ।
23. পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টই ভাই সকলক শান্তি আৰু বিশ্বাস সহিত প্ৰেম দান কৰক।
24. আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ প্ৰতি যি সকলে অক্ষয় প্ৰেম কৰে, সেই সকলোৰে লগত অনুগ্ৰহ থাকক।