A A A A A

ইসাইয়া 57:1-21
1. ধাৰ্মিক লোক ধ্বংস হৈছে, কিন্তু ইয়াক কোনেও বিবেচনা নকৰে; আৰু বিশ্ৱাসযোগ্য চুক্তিৰ লোকসকল আঁতৰি যায়, কিন্তু কোনেও নুবুজে। সেয়ে ধার্ম্মিকসকল পাপৰ পৰা আতৰি যায়।
2. তেওঁ শান্তিত প্ৰবেশ কৰে; যি সকলে তেওঁলোকৰ সত্যতাত চলে তেওঁলোকে নিজৰ শয্যাত বিশ্ৰাম কৰে।
3. কিন্তু তন্ত্র-মন্ত্র কৰা লোকৰ পুত্রসকল, ব্যভিচাৰী আৰু যি মহিলাই নিজকে বেশ্যা কৰিলে, তেওঁলোকৰ সন্তান সকল ওচৰলৈ আহা।
4. তোমালোকে কাক আনন্দেৰে উপহাস কৰিছা? কাৰ বিৰুদ্ধে মুখ মেলিছা আৰু জিভা উলিয়াইছা? তোমালোক বিদ্রোহী আৰু প্রৱঞ্চকৰ সন্তান নোহোৱানে?
5. তোমালোকে ওক গছ আৰু প্ৰত্যেক জোপা সেউজীয়া গছৰ তলত কামাগ্নিত উত্তেজিত হোৱা, যি তোমালোক, তোমালোকে ওপৰৰ পৰা ওলমি থকা শিলাময়ৰ তলৰ নদীৰ কিনাৰত নিজৰ সন্তান সকলক বধ কৰোঁতা।
6. নদীৰ উপত্যকাৰ মাজৰ মৃসণ বস্তুবোৰ তোমালোকৰ বাবে আৰোপিত। সেইবোৰেই তোমালোকৰ উপাসনাৰ সামগ্রী। সেইবোৰৰ উদ্দেশ্যে তোমালোকে পেয় নৈবেদ্য আৰু শস্যৰ নৈবেদ্য ঢালিছা।
7. ওখ পৰ্ব্বতৰ ওপৰত তুমি তোমাৰ শোৱাপাটি পাৰিলা; আৰু তুমি বলিদান কৰিবলৈ সেই ঠাইত উঠিলা;
8. তুমি দুৱাৰ আৰু দুৱাৰৰ খুটাৰ পাছফালে নিজৰ প্রতীক স্থাপন কৰিলা; তুমি মোক পৰিত্যাগ কৰিলা, নিজে বিৱস্ত্র থ’লো আৰু ওপৰলৈ উঠিলা; তুমি তোমাৰ শোৱাপাটি বহল কৰিলা। তেওঁলোকৰ লগত তুমি এটি নিয়ম কৰিলা, তুমি তেওঁলোকৰ শোৱাপাটিবোৰ ভাল পোৱা; তুমি তেওঁলোকৰ গোপনীয় অংশবোৰ দেখিছা। তুমি তোমাৰ ৰাজদূতক বহু দূৰত পঠোৱা; তুমি চিয়োলৰ তললৈ গৈছা।
9. তুমি তেলেৰে সৈতে মলেক নামৰ দেৱতাৰ ওচৰলৈ গ’লা; আৰু তুমি সুগন্ধি দ্ৰব্য অধিক কৰিলা, তুমি তোমাৰ ৰাজদূতক বহু দূৰলৈ পঠালা, আৰু চিয়োললৈকে নিজকে অৱনত কৰিলা;
10. তোমাৰ দীঘল যাত্রাৰ বাবে তুমি ভাগৰিলা; কিন্তু তুমি কেতিয়াও এই বুলি নকলা, “এইটো আশাহীন।” তুমি তোমাৰ হাতত জীৱন পালা; সেই কাৰণে তুমি দুৰ্ব্বল হোৱা নাই।
11. তুমি কাৰ বিষয়ে চিন্তিত আৰু ভয় কৰিছা যে, তুমি অতি প্রতাৰণাপূৰ্বক কাৰ্য কৰিছা? তুমি মোক সোঁৱৰণ কৰা নাই বা মোৰ বিষয়ে গম্ভীৰভাৱে বিবেচনা কৰা নাই। মই বহুদিনৰ পৰা নিজম দি থকা নাই নে? কিন্তু তথাপিও তুমি মোক গম্ভীৰভাৱে লোৱা নাই।
12. মইয়ে তোমাৰ ধাৰ্মিকতা প্ৰকাশ কৰিম, কিন্তু তোমাৰ কাৰ্যৰ দৰে, তোমাক সেইবোৰে সহায় নকৰিব।
13. যেতিয়া তুমি কাতৰোক্তি কৰা, তেতিয়া তুমি গোটোৱা দেৱতাবোৰে তোমাক উদ্ধাৰ কৰক; কিন্তু সেই আটাইবোৰক বতাহে উৰোৱাই নিব, আৰু এক ফুঁতে সেইবোৰক নিয়া হব। তথাপি যি মানুহে মোত আশ্ৰয় লব, তেওঁ দেশৰ আধিপত্য পাব, আৰু মোৰ পবিত্র পৰ্ব্বতটোত অধিকাৰ কৰিব।
14. তেওঁ ক’ব, “নিৰ্মাণ কৰা, নিৰ্মাণ কৰা! পথ যুগুত কৰা! মোৰ লোকসকলৰ বাবে পথৰ পৰা উজুটি খোৱা মূঢ়া দূৰ কৰা।
15. এইটোৰ কাৰণে যি জন অনন্তকালস্থায়ী, যাৰ নাম পবিত্র, আৰু উৰ্দ্ধ আৰু উন্নত যি জন তেওঁ এইদৰে কৈছে, “মই উৰ্দ্ধলোকত আৰু পবিত্ৰ স্থানত বাস কৰোঁ, আৰু নম্ৰ মনৰ লোকসকলক সচেতন কৰিবলৈ, ভগ্নচিত্তীয়াসকলৰ হৃদয় সতেজ কৰিবলৈ, মই সেই ভগ্নচিত্তীয়া আৰু নম্ৰ মনৰ লোকৰ লগতো বাস কৰোঁ।
16. কাৰণ মই সদায় অভিযোগ নকৰিম, নাইবা চিৰকাললৈকে মই ক্ৰোধ কৰি নাথাকিম; কিয়নো তেনে কৰিলে, মই নিৰ্মাণ কৰা জীৱন, মানুহৰ আত্মা মোৰ আগত মূৰ্চ্ছিত হ’ব।
17. তেওঁৰ হিংসাত্মক কাৰ্যৰ দ্বাৰাই কৰা পাপৰ কাৰণে, মই ক্ৰোধিত হৈছিলো, আৰু তেওঁক দণ্ড দিছিলোঁ; মই মোৰ মুখ লুকুৱাই ক্ৰোধ কৰিলোঁ; কিন্তু তেওঁ বিপথে গৈ নিজৰ মনৰ ইচ্ছামতে চলি থাকিল।
18. মই তেওঁৰ পথ দেখিলোঁ, কিন্তু মই তেওঁক সুস্হ কৰিম; মই তেওঁক চলাম, আৰু শোক কৰাসকলক শান্ত্বনা পুনৰায় দিম।
19. আৰু মই ওঁঠৰ ফল সৃষ্টি কৰোঁ; যিহোৱাই কৈছে, ওচৰত থকা আৰু দূৰত থকা উভয়ৰ মাজত শান্তি হওক, শান্তি হওক; আৰু মই তেওঁলোকক সুস্থ কৰিম।
20. কিন্তু দুষ্টবোৰ চঞ্চল সমুদ্ৰৰ দৰে; যি থিৰে থাকিব নোৱাৰে, আৰু তাৰ জল সমূহে বোকা আৰু মল তোলে;
21. ঈশ্বৰে কৈছে, “দুষ্টবোৰৰ তাত কোনো শান্তি নাই।”

ইসাইয়া 58:1-14
1. তুমি উচ্চস্বৰে কান্দা, ৰৈ নাথাকিবা; শিঙাৰ দৰে উচ্চ-ধ্বনি কৰা, মোৰ লোকসকলক তেওঁলোকৰ অধৰ্মৰ সৈতে, আৰু যাকোবৰ বংশৰ আগত তেওঁলোকৰ পাপবোৰ সন্মুখীন কৰোঁৱা।
2. তথাপি তেওঁলোকে মোক প্রতিদিনে বিচাৰে, আৰু মোৰ পথৰ বিষয়ে জানিবলৈ ভাল পায়; নিজৰ ঈশ্বৰৰ বিধি ত্যাগ নকৰে আৰু অভ্যস্ত ধৰ্মৰ জাতিৰ দৰে তেওঁলোকে ধৰ্মৰ বিচাৰবোৰ মোৰ পৰা খোজে, আৰু ঈশ্বৰৰ ওচৰলৈ চাপিবলৈ ভাল পায়।
3. তেওঁলোকে কয়, “আমি কিয় লঘোনে থাকিলো?” তুমি দৃষ্টি নকৰিলা? আমি কিয় নিজকে নম্র কৰিলোঁ, তুমি মন নিদিলা? চোৱা, তোমালোকে লঘোনত থকা দিনাও তোমালোকৰ নিজৰ আনন্দ বিচাৰা আৰু তোমালোকৰ বনুৱাসকলক উপদ্ৰৱ কৰা।
4. চোৱা, তোমালোকে বিবাদ আৰু দ্বন্দ কৰা, আৰু খঙেৰে ভুকু মাৰিবৰ অৰ্থেহে লঘোন দিয়া; বৰ্ত্তমানে তোমালোকে ঊৰ্দ্ধলোকত তোমালোকৰ মাত শুনাব পৰাকৈ লঘোন নিদিয়া।
5. মই বিচাৰা লঘোন সঁচাই এইয়ে নে? প্রতিজনে নিজকে নম্র কৰিবলৈ এদিন, নলখাগড়ৰিৰ দৰে তেওঁৰ মূৰ দোঁওৱা, আৰু চটকাপোৰ বিস্তাৰ কৰা আৰু ছাঁইত বহা, তুমি সঁচাই ইয়াকে লঘোন বোলা নে আৰু যিহোৱাৰ গ্রহণীয় দিন বোলা নে?
6. মই মনোনীত কৰা লঘোন এয়া নহয়: দুষ্টতাৰ বান্ধ মুকলি কৰা, ষাঁড়গৰুৰ যুৱলিৰ শলমাৰি সোলোকোৱা, ভগ্ন কৰিবলৈ লোৱা লোকক স্ৱাধীন কৰা, আৰু প্ৰত্যেক যুৱলি ভঙাই জানো মোৰ মনোনীত লঘোন নহয়?
7. ক্ষুধাতুৰ লোকৰ সৈতে তোমাৰ আহাৰ ভগাই লোৱা, আৰু ঘৰহীনা দুখীয়াসকলক নিজৰ ঘৰত আশ্ৰয় দিয়াই লঘোন নহয় নে? যেতিয়া তুমি চোৱা কোনোএজন বিৱস্ত্রতাত আছে, তুমি তেওঁক বস্ত্র দিয়া উচিত; আৰু তোমাৰ সম্পৰ্কীয় লোকৰ পৰা নিজকে লুকুৱাই ৰখা উচিত নহয়।
8. ইয়াকে কৰিলে, অৰুণোদয়ৰ দৰে তোমাৰ দীপ্তি প্রকাশ পাব, আৰু তোমাৰ আৰোগ্যতা শীঘ্ৰে দেখা যাব, তোমাৰ ধাৰ্মিকতা তোমাৰ আগত যাওঁতা, আৰু যিহোৱাৰ গৌৰৱ তোমাৰ পাছত যাওঁতা হ’ব।
9. তেতিয়া তুমি মাতিলে, যিহোৱাই তোমাক উত্তৰ দিব; তুমি সহায়ৰ বাবে কাতৰোক্তি কৰিলে, তেওঁ ক’ব, “এইয়া মই আছোঁ।” যদি তুমি নিজৰ মাজৰ পৰা যুৱলি, দোষাৰোপ কৰা আঙুলি, আৰু অৰ্ধম্মবাক্য দূৰ কৰা,
10. যদি তুমি তোমাৰ আহাৰ ক্ষুধাতুৰ লোকক দিয়া, আৰু দুখিত প্ৰাণীক সন্তুষ্ট কৰা, তেনেহ’লে আন্ধাৰৰ মাজত তোমাৰ দীপ্তি উদয় হ’ব, আৰু তোমাৰ অন্ধকাৰ দূপৰ বেলাৰ দৰে হ’ব;
11. আৰু যিহোৱা সদায় তোমাৰ পথদৰ্শক হ’ব, আৰু শুকান ঠাইবোৰত তোমাৰ প্ৰাণ তৃপ্ত কৰিব, আৰু তোমাৰ অস্থিবোৰ সবল কৰিব; তাতে তুমি পানী দিয়া এক উদ্যানৰ দৰে হ’বা, আৰু যাৰ জল কেতিয়াও শুকাই নাযায়, তুমি এনে এক জলভুমুকৰ দৰে হ’বা।
12. তোমাৰ বংশৰ কিছুলোকে বহু দিনৰ পৰা উচ্ছন্ন হৈ থকা ঠাইবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব; আৰু তুমি অনেক প্রজন্মৰ উচ্ছন্ন হোৱা ভিত্তিমূল স্থাপন কৰিবা; তুমি দেৱাল মেৰামতকাৰী বুলি মতা হ’বা, আৰু দেশ নিবাসীৰ বাবে পথ যুগুত কৰোঁতা বুলি প্ৰখ্যাত হ’বা।
13. যদি তুমি মোৰ বিশ্ৰাম-দিনৰ ভ্রমণৰ পৰা তোমাৰ ভৰি আঁতৰোৱা, আৰু বিশ্ৰাম দিনত নিজৰ সুখদায়ক কাৰ্য কৰা। যদি যিহোৱাৰ পবিত্ৰ দিনক মাননীয় বুলি কোৱা, আৰু যিহোৱা বিষয়ক পবিত্র আৰু সন্মানীয় বুলি মতা, তোমাৰ নিজৰ কাৰ্য সিদ্ধ নকৰি, তোমাৰ অভিলষিত চেষ্টা নকৰি, আৰু নিজৰ কথা নকৈ তাক মান্য কৰা,
14. তেনেহ’লে তুমি যিহোৱাত সুখী হবা; আৰু মই তোমাক ৰথত তুলি পৃথিৱীৰ ওখ ঠাইবোৰৰ ওপৰত ফুৰাম, আৰু তোমাৰ পিতৃ যাকোবৰ আধিপত্য তোমাক ভোগ কৰাম। কিয়নো যিহোৱাৰ নিজৰ মুখে ইয়াক ক’লে।

সামসঙ্গীত 114:1-8
1. ইস্রায়েল জাতি যেতিয়া মিচৰৰ পৰা ওলাই আহিল, যাকোবৰ বংশই যেতিয়া বিদেশী ভাষা কোৱা লোকৰ মাজৰ পৰা ওলাই আহিল,
2. তেতিয়া যিহূদা হ’ল ঈশ্বৰৰ পবিত্র স্থান, ইস্ৰায়েল হ’ল তেওঁৰ ৰাজ্য।
3. সমুদ্ৰই তাকে দেখি পলায়ন কৰিলে; যৰ্দ্দন নদী উজাই গ’ল।
4. পর্বতবোৰে মতা মেৰ-ছাগৰ নিচিনাকৈ, পাহাৰবোৰে মেৰ-ছাগ পোৱালীৰ নিচিনাকৈ জঁপিয়াবলৈ ধৰিলে।
5. হে সমুদ্ৰ, তোমাৰ কি হ’ল? কিয় তুমি পলাই গ’লা? হে যৰ্দ্দন, কিয় তুমি উজাই গ’লা?
6. হে পৰ্বতসমূহ, কিয় তোমালোকে মতা মেৰ-ছাগৰ দৰে জঁপিয়াবলৈ ধৰিলা? হে পাহাৰসমূহ, কিয় তোমালোকে মেৰ-ছাগ পোৱালীৰ দৰে জঁপিয়াবলৈ ধৰিলা?
7. হে পৃথিৱী! তুমি যিহোৱাৰ সন্মুখত কম্পমান হোৱা, যাকোবৰ ঈশ্বৰৰ সন্মুখত কম্পমান হোৱা।
8. তেওঁ শিলক জলাশয়লৈ পৰিণত কৰিলে, চক্‌মকীয়া কঠিন শিলক জলৰ এক ভুমুক কৰিলে।

প্রবচন 26:22-22
22. পৰচৰ্চ্চাকাৰীৰ কথা সুস্বাদু আহাৰৰ দৰে; সেয়ে শৰীৰৰ ভিতৰলৈকে সোমাই যায়।

ইফিচীয়া 5:1-16
1. এতেকে আপোনালোক ঈশ্বৰৰ প্ৰিয় সন্তান হিচাপে তেওঁৰ অনুকাৰী হওক।
2. খ্ৰীষ্টে যেনেকৈ আপোনালোকক প্ৰেম কৰিলে আৰু আমাৰ কাৰণে ঈশ্বৰৰ উদ্দেশ্যে সুগন্ধযুক্ত নৈবেদ্য আৰু বলি স্বৰূপে নিজকে শোধাই দিলে, তেনেকৈ আপোনালোকেও প্ৰেমৰ পথত চলক।
3. আপোনালোকৰ মাজত যেন ব্যভিচাৰ আদি কোনো ধৰণৰ অনৈতিক বা অশুচি কৰ্ম আৰু লোভ নাথাকক; সেইবোৰৰ বিষয়ে কথা-বার্তাও নহওক; ঈশ্বৰৰ পবিত্ৰ লোকৰ এয়ে উচিত;
4. আপোনালোকৰ কথা-বার্তা মাত্র ধন্যবাদযুক্ত হওক। লজ্জাজনক অশ্লিলতা, নির্বোধ বলকনি, নিম্নমানৰ ৰসিকতা আপোনালোকৰ মাজত নহওক।
5. আপোনালোকে নিশ্চয়ে জানে যে, যি সকলে ব্যভিচাৰ কৰে বা যি সকল অশুচি আৰু লুভীয়া, যি সকলক মূৰ্তিপূজক বুলি কোৱা হয়, তেওঁলোকৰ কাৰণে খ্ৰীষ্টৰ আৰু ঈশ্বৰৰ ৰাজ্যত কোনো স্থান নাই।
6. অনৰ্থক বাক্যৰ দ্বাৰা আপোনালোকক ভুলাবলৈ কাকো নিদিব; কিয়নো এইবোৰৰ কাৰণে অবাধ্যতাৰ সন্তান সকলৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ নামি আহে।
7. গতিকে, আপোনালোক তেওঁলোকৰ সহভাগী নহব।
8. কিয়নো পূর্বতে আপোনালোক যদিও আন্ধাৰত আছিল কিন্তু এতিয়া প্ৰভুত সংযুক্ত হৈ পোহৰত আছে। সেয়ে পোহৰৰ সন্তান সকলৰ দৰে জীৱন-যাপন কৰক।
9. কাৰণ সকলো মঙ্গলভাৱ, ধাৰ্মিকতা আৰু সত্যতাই হৈছে পোহৰৰ ফল।
10. ইয়াৰ দ্বাৰাই আপোনালোকে প্রভুৰ সন্তোষজনক কি, সেই বিষয়ে বিবেচনা কৰি নির্ণয় কৰিব পাৰিব।
11. আন্ধাৰৰ ফলহীন কাৰ্যবোৰৰ অংশীদাৰ নহব; বৰং সেইবোৰৰ দোষ দেখুৱাই দিয়ক;
12. কিয়নো তেওঁলোকে গুপুতে যি যি কৰে, সেইবোৰ উচ্চাৰণ কৰিবলৈকো লাজৰ বিষয়।
13. পোহৰৰ দ্বাৰাই সকলো প্ৰকাশিত হয়
14. কিয়নো পোহৰতে সকলো স্পষ্ট হৈ পৰে। সেই বাবে কোৱা হৈছে: “হে টোপনিওৱা জন সাৰ পোৱা আৰু মৃত লোক সকলৰ মাজৰ পৰা উঠা; তাতে আপোনালোকৰ ওপৰত খ্ৰীষ্টই পোহৰ দিব।”
15. এতেকে কিদৰে জীৱন-যাপন কৰিছে, তালৈ সাৱধানে দৃষ্টি কৰক; অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলক;
16. সুসময়ক কিনি লব; কিয়নো এই কাল মন্দ।