A A A A A

যেরেমিয়া 43:1-13
1. সকলো লোকৰ আগত ক’বলৈ তেওঁলোকৰ ঈশ্বৰ যিহোৱাই যিৰিমিয়াৰ দ্বাৰাই যি যি বাক্য তেওঁলোকলৈ কৈ পঠিয়াইছিল, যিৰিমিয়াই তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ সেই সকলো বাক্য তেওঁলোক সকলোৰে আগত কৈ এঁটালে।
2. হোচয়াৰ পুতেক অজৰিয়া আৰু কাৰেহৰ পুতেক যোহানন আদি সকলো গৰ্ব্বী লোকে যিৰিমিয়াক ক’লে, “তুমি মিছাকৈ কৈছা। প্ৰবাস কৰিবৰ অৰ্থে তোমালোকে মিচৰত নোসোমাবা, এই বুলি ক’বলৈ আমাৰ ঈশ্বৰ যিহোৱাই তোমাক পঠিওৱা নাই।’
3. কিন্তু আমাক বধ কৰিবলৈ আৰু বাবিললৈ আমাক বন্দী কৰি লৈ যাবলৈ কলদীয়াসকলৰ হাতত শোধাই দিবৰ মনেৰে নেৰিয়াৰ পুতেক বাৰুকে আমাৰ অহিতে তোমাক বুদ্ধি দিছে।
4. এই হেতুকে কাৰেহৰ পুতেক যোহানন আদি ফৌজৰ কোনো সেনাপতিয়ে আৰু প্ৰজাসকলৰ কোনেও যিহূদা দেশত বাস কৰিবলৈ যিহোৱাৰ বাক্যলৈ কাণ নিদিলে।
5. কিন্তু যি যি জাতিৰ মাজলৈ যিহূদাৰ লোকসকলক খেদাই দিয়া হৈছিল, যিহূদা দেশত প্ৰবাস কৰিবলৈ, সেই সেই জাতিৰ পৰা উলটি অহা যিহূদাৰ আটাই অৱশিষ্ট ভাগক লৈ গৈছিল।
6. অৰ্থাৎ পুৰুষ, মহিলা, ল’ৰা, ছোৱালী আৰু ৰাজকুমাৰী আদি চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াৰ হাতত নবুজৰদান ৰক্ষক-সেনাপতিয়ে গতাই দিয়া সকলো লোকক, যিৰিমিয়া ভাববাদীক আৰু নেৰিয়াৰ পুত্ৰ বাৰুকক কাৰেহৰ পুতেক যোহানন আৰু ফৌজৰ আন সকলো সেনাপতিয়ে লগত লৈ গ’ল; আৰু তেওঁলোক মিচৰ দেশত সোমাল।
7. কিয়নো তেওঁলোকে যিহোৱাৰ বাক্যলৈ কাণ নিদিলে; আৰু তেওঁলোক তহ্পন্হেচলৈকে গ’ল।
8. তেতিয়া তহ্পন্হেচত যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে,
9. “তুমি তোমাৰ হাতত গোটাদিয়েক ডাঙৰ শিল লৈ তহ্পন্হেচত ফৰৌণৰ ৰাজগৃহলৈ সোমোৱা ঠাইত যি ইটাৰ গাঁঠনি আছে, তাৰ চুৰ্কীৰ মাজত যিহুদী লোকৰ সাক্ষাতে সেই শিলবোৰ পুতি থ’বা।
10. তেওঁলোকক ক’বা, “ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই দূত পঠিয়াই মোৰ দাস বাবিলৰ ৰজা নবূখদনেচৰক অনোৱাম আৰু মই পুতি থোৱা এই শিলবোৰৰ ওপৰত তেওঁৰ সিংহাসন স্থাপন কৰিম; আৰু তেওঁ তাৰ ওপৰত নিজৰ ৰাজকীয় চন্দ্ৰতাপ তৰিব।
11. তেওঁ আহি মিচৰক আঘাত কৰিব; আৰু মৃত্যুৰ বাবে নিৰূপিত লোক মৃত্যুলৈ, বন্দীৰ বাবে নিৰূপিত লোক বন্দী অৱস্থালৈ আৰু তৰোৱাললৈ নিৰূপিত লোক তৰোৱাললৈ সমৰ্পিত হ’ব।
12. আৰু তেতিয়া মই মিচৰৰ দেৱতাবোৰৰ ঘৰত জুই লগাম; তেওঁ সেইবোৰৰ কেতবোৰ দগ্ধ কৰি লৈ যাব; আৰু মেৰৰখীয়াই নিজৰ গাত কাপোৰ লোৱাদি তেওঁ এই মিচৰ দেশেৰে নিজকে সজ্জিত কৰিব; পাছে তেওঁ এই ঠাইৰ পৰা শান্তিৰে ওলাই যাব।
13. তেওঁ মিচৰ দেশত থকা বৈৎ-চেমচৰ স্তম্ভবোৰ ভাঙিব আৰু মিচৰৰ দেৱতাবোৰৰ ঘৰবোৰ জুই দি পুৰি পেলাব।

যেরেমিয়া 44:1-30
1. মিগদোল তহ্পন্হেচত, নোফত আৰু পথ্ৰোচ প্ৰদেশত থকা মিচৰ-দেশনিবাসী সকলো যিহুদীসকলৰ বিষয়ে যিৰিমিয়াৰ ওচৰলৈ অহা বাক্য।
2. ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘যিৰূচালেমলৈ আৰু যিহূদাৰ সকলো নগৰলৈ মই ঘটোৱা সকলো অমঙ্গল তোমালোকে দেখিলা; চোৱা, সেইবোৰ আজি উচ্ছন্ন হোৱা ঠাই, সেইবোৰৰ মাজত কোনেও বাস নকৰে।
3. ধূপ জ্বলাবলৈ আৰু তেওঁলোকে বা তোমালোকে বা তোমালোকৰ পূৰ্বপুৰুষসকলেও নজনা ইতৰ দেৱতাবোৰক সেৱা পূজা কৰিবলৈ যোৱাৰ দ্বাৰাই মোক বেজাৰ দিবলৈ তেওঁলোকে কৰা দুষ্কৰ্মই ইয়াৰ কাৰণ।
4. তথাপি মই প্ৰভাতে উঠি সকলো দাস ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠিয়াই কোৱাইছিলোঁ যে, ‘তোমালোকে মোৰ ঘিণলগীয়া এই গৰ্হিত কাৰ্য নকৰিবা।’
5. কিন্তু তেওঁলোকে নুশুনিলে; আৰু নিজ নিজ দুষ্টতাৰ পৰা ঘূৰিবলৈ, ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ নজ্বলাবলৈ তেওঁলোকে কাণ নাপাতিলে।
6. এই কাৰণে মোৰ ক্ৰোধ আৰু কোপৰূপ অগ্নি বৰষিলে আৰু যিহূদাৰ নগৰবোৰত, আৰু যিৰূচালেমৰ আলিবোৰত সেয়ে জ্বলি উঠিল; আজি তোমালোকে দেখাৰ দৰে সেইবোৰক উচ্ছন্ন আৰু ধ্বংস কৰা হৈছে।
7. এই হেতুকে এতিয়া ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: তোমালোক উচ্ছন্ন হ’বলৈ আৰু পৃথিৱীৰ সকলো জাতিৰ মাজত অভিশাপ আৰু ধিক্কাৰৰ বিষয় হ’বলৈ, তোমালোকে প্ৰবাস কৰিবলৈ অহা এই মিচৰ দেশত ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাই তোমালোকৰ হাতৰ কাৰ্যেৰে মোক বেজাৰ দিলা।
8. তোমালোকৰ কোনো অৱশিষ্ট নথকাকৈ, যিহূদাৰ মাজৰ পৰা তোমালোকৰ সম্পৰ্কীয় পুৰুষ, মহিলা, ল’ৰা আৰু পিয়াহ খোৱা কেঁচুৱাক উচ্ছন্ন কৰিবলৈ তোমালোকে কিয় নিজ নিজ প্ৰাণৰ বিৰুদ্ধে এই মহাপাপ কৰিছা?
9. যিহূদা দেশত আৰু যিৰূচালেমৰ আলিত কৰা তোমালোকৰ পূৰ্বপুৰুষসকলৰ যিহূদাৰ ৰজাসকলৰ, তেওঁলোকৰ ভাৰ্য্যাসকল আৰু তোমালোকৰ নিজৰ নিজৰ দুষ্কৰ্ম আৰু তোমালোকৰ ভাৰ্য্যাসকলৰ দুষ্কৰ্ম পাহৰিলা নে?
10. তেওঁলোকে আজিলৈকে নম্ৰ হোৱা নাই, ভয়ো কৰা নাই আৰু তোমালোকৰ ও তোমালোকৰ পূৰ্বপুৰুষসকলৰ আগত মই স্থাপন কৰা মোৰ ব্যৱস্থা কি বিধিবোৰৰ দৰে চলা নাই।
11. এই হেতুকে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “চোৱা, মই অমঙ্গল কৰিবলৈ এনে কি গোটেই যিহূদাক উচ্ছন্ন কৰিবলৈ তোমালোকৰ ফাললৈ মুখ কৰিম।
12. আৰু এই মিচৰ দেশত প্ৰবাস কৰিবৰ অৰ্থে ইয়াত সোমাবলৈ মুখ কৰা যিহূদাৰ অৱশিষ্ট ভাগক মই ধৰিম, তেতিয়া তেওঁলোকৰ সকলো উচ্ছন্ন হ’ব; তেওঁলোক এই মিচৰ দেশতেই পতিত হ’ব; তেওঁলোক তৰোৱাল আৰু আকালৰ দ্বাৰাই নষ্ট হ’ব; সৰুৰ পৰা বৰলৈকে তেওঁলোক তৰোৱালত আৰু দুৰ্ভিক্ষত মৰা পৰিব; আৰু তেওঁলোক শাও, বিস্ময়, অভিশাপ, আৰু ধিক্কাৰৰ বিষয় হ’ব।
13. কিয়নো যেনেকৈ মই তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই যিৰূচালেমক দণ্ড দিলোঁ, তেনেকৈ এই মিচৰ দেশত প্ৰবাস কৰা লোকসকলকো দণ্ড দিম।
14. তেতিয়া এই মিচৰ দেশত প্ৰবাস কৰিবলৈ অহা যিহূদাৰ অৱশিষ্ট ভাগে যি যিহূদাত বাস কৰিবৰ কাৰণে উলটি যাবলৈ ইচ্ছা কৰিছে, সেই যিহূদালৈ উলটি যাবৰ বাবে, তেওঁলোকৰ কোনেও ৰক্ষা নাপাব বা অৱশিষ্ট নাথাকিব; কিয়নো পলৰীয়াসকলৰ বাহিৰে কোনেও উলটি নাযাব।”
15. তেতিয়া যি সকলো পুৰুষে, তেওঁলোকৰ ভাৰ্য্যাসকলে ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাইছে বুলি জানিছিল, তেওঁলোকে আৰু ওচৰত থকা মহিলাসকলৰ মহা সমাজে, অৰ্থাৎ মিচৰ দেশত থকা আটাই লোকসকলে পথ্ৰোচত যিৰিমিয়াক উত্তৰ দিলে।
16. তেওঁলোকে ক’লে, “তুমি যিহোৱাৰ নামেৰে আমাক কোৱা বাক্যৰ বিষয়ে হ’লে, আমি তোমালৈ কাণ নিদিওঁ।
17. কিন্তু আমি আৰু আমাৰ পূৰ্বপুৰুষসকলে আমাৰ ৰজা আৰু প্ৰধান লোকসকলে যিহূদাৰ নগৰবোৰত আৰু যিৰূচালেমৰ আলিত যেনেকৈ কৰিছিলোঁ, তেনেকৈ আকাশৰ ৰাণীৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আৰু তেওঁৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিবলৈ আমাৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্য আমি নিশ্চয়ে সিদ্ধ কৰিম; কাৰণ সেই কালত আমাৰ আহাৰ অধিক আছিল আৰু আমি কুশলে আছিলোঁ, কোনো অমঙ্গল নেদেখিছিলোঁ।
18. কিন্তু যেতিয়াৰে পৰা আমি আকাশৰ ৰাণীৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আৰু পেয় নৈবেদ্য ঢালিবলৈ এৰিলোঁ, তেতিয়াৰে পৰা আমাৰ আটাই বস্তুৰ অভাৱ হ’ল আৰু তৰোৱাল ও দুৰ্ভিক্ষৰ দ্বাৰাই আমাৰ সৰ্ব্বনাশ হ’ল।”
19. “আমি যেতিয়া আকাশৰ ৰাণীৰ উদ্দেশ্যে ধূপ জ্বলাওঁ আৰু তেওঁৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালোঁ, তেতিয়া জানো নিজ নিজ স্বামীৰ বিনা অনুমতিৰে তেওঁক সেৱা-পূজা কৰিবৰ অৰ্থে আমি তেওঁৰ উদ্দেশ্যে পিঠা বনাওঁ আৰু তেওঁৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালোঁ?”
20. তেতিয়া যিৰিমিয়াই সকলো লোকসকলক তেওঁক উত্তৰ দিয়া পুৰুষ মহিলা আদি সকলো লোকসকলক এই কথা ক’লে,
21. “যিহূদাৰ নগৰবোৰত আৰু যিৰূচালেমৰ আলিত তোমালোকে, তোমালোকৰ পূৰ্বপুৰুষসকল, তোমালোকৰ ৰজা, তোমালোকৰ প্ৰধান লোকসকল আৰু দেশৰ প্ৰজাসকলে যি ধূপ দাহ কৰিছিল, সেই ধূপ দাহ জানো যিহোৱাই সোঁৱৰণ কৰা নাই? এই সকলো তেওঁৰ মনত আছিল।
22. এই কাৰণে যিহোৱাই তোমালোকৰ দুষ্কৰ্মৰ কাৰণে আৰু তোমালোকে কৰা ঘিণলগীয়া কাৰ্যৰ বাবে আৰু সহি থাকিব নোৱাৰিলে; এই হেতুকে তোমালোকে আজি দেখাৰ দৰে তোমালোকৰ দেশ-নিবাসীশূণ্য হৈ, ধ্বংসস্থান আৰু বিস্ময় ও শাওৰ বিষয় হ’ল।
23. তোমালোকে ধূপ জ্বলালা, যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলা, যিহোৱাৰ বাক্যলৈ কাণ নিদিলা, তেওঁৰ ব্যৱস্থা, বিধি, কি সাক্ষ্য অনুসাৰে নচলিলা; এই কাৰণে আজি দেখাৰ দৰে তোমালোকলৈ এই অমঙ্গল ঘটিল।”
24. তেতিয়া তাত বাজে যিৰিমিয়াই সকলো লোকসকলক আৰু সকলো মহিলাক ক’লে, “হে মিচৰ দেশত থকা আটাই যিহূদী লোকসকল, যিহোৱাৰ বাক্য শুনা।
25. ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “আমি আকাশৰ ৰাণীৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আৰু তেওঁৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিবলৈ আমি কৰা সঙ্কল্পবোৰ অৱেশ্যে সিদ্ধ কৰিম, এই বুলি কৈ তোমালোকে আৰু তোমালোকৰ মহিলাসকলে মুখেৰে কথা ক’লা আৰু হাতেৰে তাক সিদ্ধও কৰিছা; বাৰু তোমালোকৰ সঙ্কল্প সিদ্ধ কৰা আৰু তোমালোকে তোমালোকৰ সঙ্কল্প সাম্ফল কৰা।
26. এই হেতুকে হে মিচৰৰ দেশত থকা আটাই যিহূদী লোকসকল, যিহোৱাৰ বাক্য শুনা: যিহোৱাই কৈছে, ‘চোৱা, মই মোৰ মহান নাম লৈ শপত খাইছোঁ, যে, যিহোৱাৰ জীৱনৰ শপত বুলি কৈ এই গোটেই মিচৰ দেশত কোনো যিহূদী লোকে মোৰ নাম আৰু মুখত নানিবা।”
27. চোৱা, তেওঁলোকৰ মঙ্গলৰ বাবে নহয়, কিন্তু অমঙ্গলৰ বাবেহে মই তেওঁলোকলৈ জাগি থাকিম; আৰু এই মিচৰ দেশত থকা সকলো যিহূদী লোকক তৰোৱাল আৰু আকালৰ দ্বাৰাই নিঃশেষে বিনষ্ট কৰা হ’ব।
28. আৰু তৰোৱালৰ পৰা ৰক্ষা পোৱা অতি কম সংখ্যক লোকে এই মিচৰ দেশৰ পৰা যিহূদা দেশলৈ উলটি যাব; তাতে মোৰ নে তেওঁলোকৰ, কাৰ বাক্য ৰব, এই মিচৰ দেশত প্ৰবাস কৰিবৰ অৰ্থে ইয়াত সোমোৱা সকলো অৱশিষ্ট যিহূদী লোকসকলে তাক জানিব।
29. যিহোৱাই কৈছে, তোমালোকৰ অমঙ্গলৰ কাৰণেহে যে মোৰ বাক্য অৱশ্যে ফলিয়াব, তাক তোমালোকে জানিবৰ বাবে মই যে এই ঠাইত তোমালোকক দণ্ড দিম তাৰ প্ৰমাণৰ অৰ্থে এয়ে তোমালোকলৈ চিন হ’ব।’
30. যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই যেনেকৈ যিহূদাৰ চিদিকিয়া ৰজাক তেওঁৰ প্ৰাণ ল’বলৈ বিচাৰা তেওঁৰ শত্ৰু বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত সমৰ্পণ কৰিছিলোঁ, তেনেকৈ মই মিচৰৰ ৰজা ফৰৌণহফ্ৰাকো তেওঁৰ প্ৰাণ ল’বলৈ বিচাৰা শত্ৰুবোৰৰ হাতত সমৰ্পণ কৰিম’।”

সামসঙ্গীত 119:97-104
97. ওহ, মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ! সেয়ে ওৰে দিন মোৰ ধ্যানৰ বিষয়।
98. তোমাৰ আজ্ঞাই মোক মোৰ শত্ৰুবোৰতকৈ জ্ঞানৱান কৰি তোলে; কিয়নো তোমাৰ আজ্ঞাবোৰ সদায় মোৰ লগে লগে থাকে।
99. মোৰ সকলো শিক্ষাগুৰুতকৈ মই জ্ঞানৱান; কিয়নো তোমাৰ আজ্ঞাবোৰ মোৰ ধ্যানৰ বিষয়।
100. মই বৃদ্ধ লোক সকলতকৈয়ো অধিক বুজোঁ; কাৰণ মই তোমাৰ আদেশবোৰ পালন কৰি আহিছোঁ।
101. মই সকলো কু-পথৰ পৰা মোৰ ভৰি আঁতৰাই ৰাখিলোঁ, যাতে মই তোমাৰ বাক্যবোৰ পালন কৰিব পাৰোঁ।
102. মই তোমাৰ ধার্মিক শাসন-প্রণালীবোৰৰ পৰা আঁতৰি যোৱা নাই; কিয়নো তুমি নিজেই মোক শিক্ষা দিলা।
103. তোমাৰ বাক্যবোৰ মোৰ জিভাত কেনে মিঠা লাগে! সেয়ে মোৰ মুখত মৌৰ কোঁহতকৈয়ো মিঠা লাগে।
104. তোমাৰ আদেশবোৰৰ দ্বাৰাই মই জ্ঞান লাভ কৰোঁ; সেই বাবেই মই সকলো মিছা পথ ঘিণ কৰোঁ।

প্রবচন 28:3-3
3. যিজন দৰিদ্ৰ লোকে দৰিদ্রক উপদ্ৰৱ কৰে, তেওঁ খাদ্য নষ্ট কৰা বৰষুণৰ দৰে।

২ তীমথিয় 2:1-26
1. এতেকে হে মোৰ পুত্ৰ, খ্ৰীষ্ট যীচুত থকা যি অনুগ্ৰহ, তাৰ দ্ৱাৰাই তুমি বলৱান হোৱা।
2. আৰু অনেক সাক্ষীৰ আগত মোৰ পৰা যি যি শুনিলা, সেই সকলো কথা অন্য লোকক শিকাবলৈ, বিশ্বাসী আৰু নিপুণ লোক সকলক সমর্পণ কৰা।
3. খ্ৰীষ্ট যীচুৰ এজন উত্তম সৈনিকৰ দৰে তুমি মোৰে সৈতে ক্লেশ সহন কৰা।
4. কোনো এজন লোক সৈনিকৰ কামত থাকোতে জীৱিকাৰ অর্থে অন্য কোনো ব্যবসায়ত নিজকে আৱদ্ধ হবলৈ নিদিয়ে কিন্তু যি জনে তেওঁক এই পদ দিলে, তেওঁকহে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে।
5. একেদৰে কোনো এজন খেলুৱৈয়ে যদিও জিকিবলৈ যত্ন কৰে, তথাপি তেওঁ যদি বিধান অনুসাৰে পালন নকৰে, তেনেহলে তেওঁক মুকুটেৰে বিভূষিত কৰা নহয়।
6. পৰিশ্ৰমী খেতিয়কে প্ৰথমেই তেওঁৰ শস্যৰ ভাগ ভোগ কৰিব লাগে৷
7. মই যি যি কলোঁ সেই বিষয়ে বিবেচনা কৰিবা, কিয়নো প্ৰভুৱে সকলো বিষয় বুজিবলৈ তোমাক জ্ঞান দিব।
8. মোৰ শুভবার্তাৰ দৰে, মৃত লোকৰ মাজৰ পৰা তোলা, দায়ুদৰ বংশৰ যীচু খ্ৰীষ্টক সোঁৱৰণ কৰা৷
9. সেই শুভবার্তাৰ সম্বন্ধে মই শিকলিৰ বন্ধনত থাকি দুষ্কর্মীৰ দৰে ক্লেশ ভোগ কৰিছোঁ। কিন্তু ঈশ্বৰৰ সেই বাক্যত হ’লে শিকলিৰ বন্ধন নাই।
10. এই কাৰণে যি সকলক মনোনীত কৰা হ’ল অর্থাৎ তেওঁলোকেও অনন্ত গৌৰৱেৰে সৈতে যেন খ্ৰীষ্ট যীচুত থকা পৰিত্রাণ লাভ কৰিব পাৰে, তাৰ কাৰণে মই এই সকলোবোৰকে সহন কৰিছোঁ।
11. এই কথা বিশ্বাসযোগ্য: “আমি যদি তেওঁৰ সৈতে মৰিলোঁ, তেনেহলে তেওঁৰে সৈতে জীৱনৰো ভাগী হম।
12. আমি যদি সহন কৰোঁ, তেনেহলে তেওঁৰ সৈতে ৰাজত্বও কৰিম৷ আমি যদি তেওঁক অস্বীকাৰ কৰোঁ, তেনেহলে তেৱোঁ আমাক অস্বীকাৰ কৰিব৷
13. আমি অবিশ্বাসী হলেও, তেওঁ বিশ্বাসী হৈ থাকে, কিয়নো তেওঁ নিজকে অস্বীকাৰ কৰিব নোৱাৰে।”
14. তুমি এই সকলো কথা তেখেত সকলক সোঁৱৰাই থাকিবা, আৰু বাগযুদ্ধ নকৰিবলৈ প্ৰভুৰ সাক্ষাতে তেখেত সকলক দৃঢ় আজ্ঞা কৰা, কিয়নো বাগযুদ্ধবোৰে একো লাভ নজন্মাই কিন্তু শুনা লোক সকলক নাশ কৰে।
15. তুমি নিজকে পৰীক্ষাসিদ্ধ লোক, লাজৰ যোগ্য নোহোৱা কর্মী আৰু সত্যৰ বাক্য শুদ্ধকৈ কোৱাত নিপুন হবলৈ ঈশ্বৰৰ অনুমোদন পাবৰ বাবে যত্ন কৰা।
16. কিন্তু নিন্দাযুক্ত কথাবোৰৰ পৰা পৃথক থাকিবা, কিয়নো এইবোৰে অধিকৰূপে ঈশ্ৱৰক অবিশ্ৱাস কৰিবলৈ বাট দেখুৱাই লৈ যায়৷
17. এনে কথাবোৰ বিয়পি পৰে আৰু গেলা ঘাৰ দৰে নষ্ট কৰি বিস্তাৰ লাভ কৰে, এনে লোকবোৰৰ ভিতৰতে হুমিনায় আৰু ফিলীতো আছে,
18. তেওঁলোক সত্য পথৰ পৰা ভ্ৰষ্ট হোৱা৷ তেওঁলোকে পুনৰুত্থান হৈ যোৱা বুলি প্ৰচাৰ কৰি কিছুমান লোকৰ বিশ্বাস বিনষ্ট কৰিছে।
19. তথাপি ঈশ্বৰে স্থাপন কৰা দৃঢ় ভিত্তিমূল থিৰে থাকে আৰু তাৰ ওপৰত এই কথা মোহৰ মৰা আছে, বোলে- “প্ৰভুৱে তেওঁৰ লোক সকলক জানে,” আৰু “যি কোনোৱে প্ৰভুৰ নাম লয়, তেওঁ অধার্মিকতাৰ পৰা দূৰ হওক।”
20. কিয়নো ডাঙৰ ঘৰত কেৱল সোণ ৰূপৰ পাত্ৰহে থাকে, এনে নহয়, কাঠৰ আৰু মাটিৰ পাত্ৰও থাকে৷ তাৰে কিছুমান সমাদৰৰ কাৰণে আৰু কিছুমান অনাদৰৰ কাৰণে।
21. এতেকে কোনোৱে যদি এইবোৰৰ পৰা নিজকে শুচি কৰি ৰাখে, তেনেহলে তেওঁ সমাদৰৰ পাত্ৰ, পবিত্ৰীকৃত, প্ৰভুৰ কার্যৰ বাবে উপযোগী আৰু সকলো সৎ কর্মৰ বাবে প্ৰস্তুত থাকিব।
22. কিন্তু তুমি যৌৱন কালৰ অভিলাষৰ পৰা পলোৱা আৰু ধাৰ্মিকতা, বিশ্বাস, প্ৰেম, শান্তি আৰু নিৰ্মল মনেৰে প্ৰভুলৈ প্ৰার্থনা কৰা লোক সকলৰ সৈতে এক হৈ সেইবোৰক অনুসৰণ কৰা৷
23. কিন্তু মূৰ্খতা আৰু অযথা কথাবোৰৰ পৰা দূৰত থাকা৷ কিয়নো এইবোৰে বিৰোধ জন্মায় কাজিয়া সৃষ্টি কৰে৷
24. প্ৰভুৰ দাসে বিৰোধ কৰিব নালাগে কিন্তু সকলোকে মৃদুশীল, শিক্ষা দিয়াত নিপুন আৰু অপকাৰত সহনীয় হৈ,
25. বিৰোধ কৰাবোৰক মৃদুভাবে শিক্ষা দিব লাগে৷ তেতিয়া সেই সত্যৰ তত্ব জ্ঞানৰ অর্থে ঈশ্বৰে তেওঁলোকক মন-পালটনৰ বৰ দিব
26. আৰু চয়তানৰ ইচ্ছা সাধনৰ অর্থে তাৰ ফান্দত বন্দী হৈ থাকিলেও তেওঁলোকে চেতনা পাব।