A A A A A

যেরেমিয়া 41:1-18
1. পাছে সপ্তম মাহত, ৰজাৰ প্ৰধান বিষয়াসকলৰ মাজত গণিত হোৱা ৰাজবংশীয় ইলীচামাৰ নাতিয়েক নথনিয়াৰ পুতেক ইশ্মায়েলে দহজন লোকক লগত লৈ, মিস্পালৈ অহীকামৰ পুত্ৰ গদলিয়াৰ ওচৰলৈ আহিল আৰু তেওঁলোকে মিস্পাত একেলগে ভোজন কৰিলে।
2. পাছত নথনিয়াৰ পুতেক ইশ্মায়েল আৰু তেওঁৰ লগত থকা সেই দহজন লোকে উঠি, বাবিলৰ ৰজাই দেশৰ শাসনকৰ্ত্তা নিযুক্ত কৰা চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ সেই গদলিয়াক তৰোৱালেৰে বধ কৰিলে।
3. আৰু মিস্পাত গদলিয়াৰ লগত থকা সকলো যিহুদীক আৰু তাত পোৱা যুদ্ধাৰু কলদীয়াসকলকো ইশ্মায়েলে বধ কৰিলে।
4. তেতিয়া গদলিয়াক বধ কৰাৰ পিছৰ দিন আছিল, তেতিয়া সেই কথা কোনো মানুহে জনা নাছিল।
5. চিখিম, চীলো আৰু চমৰিয়াৰ পৰা অহা সম্পূর্ণ ডাঢ়ি খুৰুউৱা, পিন্ধা কাপোৰ ছিৰা আৰু নিজ নিজ গা কাটকুট কৰা আশী জন মানুহ যিহোৱাৰ গৃহত উৎসৰ্গ কৰিবলৈ হাতত নৈবেদ্য আৰু ধূপ লৈ আহিছিল।
6. পাছত নথনিয়াৰ পুতেক ইশ্মায়েলে তেওঁলোকৰ লগত সাক্ষাত কৰিবলৈ মিস্পাৰ পৰা কান্দি কান্দি ওলাই গ’ল; আৰু তেওঁলোকৰ সাক্ষাত হৈ তেওঁলোকক ক’লে, “অহীকামৰ পুত্ৰ গদলিয়াৰ ওচৰলৈ আহাঁ!”
7. তেতিয়া, তেওঁলোক নগৰৰ মাজ ঠাইলৈ আহি পাওঁতে, নথনিয়াৰ পুতেক ইশ্মায়েলে আৰু তেওঁৰ লগত সেই লোক কেইজনে তেওঁলোকক বধ কৰি গাতটোৰ ভিতৰলৈ পেলাই দিলে।
8. কিন্তু তেওঁবিলাকৰ মাজত এনে দহ জন মানুহ পোৱা গৈছিল, যে, তেওঁলোকে ইশ্মায়েলক ক’লে, “আমাক বধ নকৰিবা, কিয়নো পথাৰত পুতি থোৱা আমাৰ ঘেঁহু, যৱ, তেল আৰু মৌৰ ভঁৰাল আছে।” এই বুলি কোৱাত ইশ্মায়েলে ক্ষান্ত হৈ তেওঁলোকৰ ভায়েকসকলৰ মাজত তেওঁলোকক বধ নকৰিলে।
9. যি গাতত ইশ্মায়েলে নিজে বধ কৰা সকলো মানুহৰ মৰা শৱ গদলিয়াৰ শৱৰ কাষত পেলাই দিছিল, সেই গাত ইস্ৰায়েলৰ বাচা ৰজাৰ ভয়ত আচা ৰজাই খনোৱা গাত আছিল; নথনিয়াৰ পুতেক ইশ্মায়েলে ইয়াক বধ কৰা লোকৰ শৱেৰে পূৰ কৰিলে।
10. পাছত ইশ্মায়েলে মিস্পাত অৱশিষ্ট থকা সকলো লোকক, নবুজৰদান ৰক্ষক-সেনাপতিয়ে অহীকামৰ পুত্ৰ গদলিয়াৰ হাতত গতাই দিয়া ৰাজবংশীয় জীয়াৰীসকল আদি কৰি মিস্পাত অৱশিষ্ট থকা সকলো লোকক বন্দী কৰি নিলে; নথনিয়াৰ পুতেক ইশ্মায়েলে তেওঁলোকক বন্দী কৰি লৈ অম্মোনৰ সন্তান সকলৰ ওচৰলৈ যাবলৈ প্ৰস্থান কৰিলে।
11. কিন্তু কাৰেহৰ পুতেক যোহাননে আৰু তেওঁৰ লগত থকা ফৌজৰ সকলো সেনাপতিয়ে, নথনিয়াৰ পুতেক ইশ্মায়েলে কৰা আটাই কুকৰ্মৰ কথা শুনিবলৈ পালে।
12. তেতিয়া তেওঁলোকে সকলো মানুহক লগত লৈ নথনিয়াৰ পুতেক ইশ্মায়েলে সৈতে যুদ্ধ কৰিবলৈ গ’ল আৰু গিবিয়োনৰ থকা বৰ পুখুৰীৰ ওচৰত তেওঁক দেখা পালে।
13. পাছত যেতিয়া ইশ্মায়েলৰ লগত থকা সকলো লোকসকলে, কাৰেহৰ পুতেক যোহাননক আৰু তেওঁৰ লগৰ ফৌজৰ সেনাপতিসকলক দেখিবলৈ পালে, তেতিয়া তেওঁলোক আনন্দিত হ’ল।
14. আৰু ইশ্মায়েলে মিস্পাৰ পৰা বন্দী কৰি নিয়া সকলো লোকে মুখ ঘূৰাই কাৰেহৰ পুতেক যোহাননৰ গুৰিলৈ উলটি আহিল।
15. কিন্তু নথনিয়াৰ পুতেক ইশ্মায়েল আঠোটা মানুহে সৈতে যোহাননৰ আগৰ পৰা পলাই অম্মোনৰ সন্তান সকলৰ ওচৰলৈ গ’ল।
16. নথনিয়াৰ পুতেক ইশ্মায়েলে অহীকামৰ পুত্ৰ গদলিয়াক বধ কৰাৰ পাছত, তাৰ হাতৰ পৰা কাৰেহৰ পুতেক যোহাননে আৰু তেওঁৰ লগৰ সেনাপতিসকলে যিসকল অৱশিষ্ট লোক মিস্পাৰ পৰা এৰুৱাই ওভটাই আনিছিল, তেওঁলোকক অৰ্থাৎ যুদ্ধ কৰিব পৰা পুৰুষসকলক আৰু গিবিয়োনৰ পৰা অনা মহিলা, ল’ৰা আৰু নপুংসকসকলক তেওঁলোকে লগত ল’লে।
17. আৰু তেতিয়া তেওঁলোকে গৈ, কল্দীয়াসকলৰ ভয়ত মিচৰলৈ যাবৰ মনেৰে বৈৎলেহেমৰ কাষত থকা গেৰূৎ-কিমহমত বাস কৰিলে।
18. কিয়নো তেওঁলোকে তেওঁলোকলৈ ভয় কৰিছিল; কাৰণ নথনিয়াৰ পুতেক ইশ্মায়েলে বাবিলৰ ৰজাই দেশৰ ওপৰত শাসনকৰ্ত্তা নিযুক্ত কৰা অহীকামৰ পুত্ৰ গদলিয়াক বধ কৰিছিল।

যেরেমিয়া 42:1-22
1. তেতিয়া কাৰেহৰ পুতেক যোহানন, হোচয়াৰ পুতেক যাজনিয়া আদি ফৌজৰ সকলো সেনাপতি আৰু সৰুৰ পৰা বৰলৈকে সকলো প্ৰজাই যিৰিমিয়া ভাববাদীৰ ওচৰলৈ চাপি আহিল।
2. তেওঁলোকে তেওঁক ক’লে, “তোমাৰ আগত আমাৰ নিবেদন গ্ৰাহ্য হওঁক আৰু তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ আগত আমাৰ বাবে, এই সকলো অৱশিষ্ট লোকৰ বাবেই প্ৰাৰ্থনা কৰা, কিয়নো তুমি নিজ চকুৰে দেখিছা যে অধিক লোকৰ পৰা আমি অলপ মাথোন অৱশিষ্ট আছোঁ।
3. আমি কোন বাটেদি যোৱা উচিত আৰু কি কাৰ্য কৰা উচিত ইয়াকে দেখুৱাবৰ অৰ্থে তোমাৰ ঈশ্বৰ যিহোৱাক নিবেদন কৰা।”
4. তেতিয়া যিৰিমিয়া ভাববাদীয়ে তেওঁলোকক ক’লে, “মই তোমালোকৰ কথা শুনিলোঁ; চোৱা তোমালোকৰ বাক্য অনুসাৰে মই তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিম আৰু যিহোৱাই তোমালোকলৈ যি যি উত্তৰ দিব, তাৰ সকলো কথা তোমালোকক জনাম, তাৰ একোকে তোমালোকৰ পৰা গুপুতে নাৰাখিম।”
5. তেতিয়া তেওঁলোকে যিৰিমিয়াক ক’লে, “তোমাৰ ঈশ্বৰ যিহোৱাই তোমাৰ দ্বাৰাই যি যি বাক্য আমালৈ কৈ পঠিয়াব, সেই সকলো বাক্য অনুসাৰে আমি যদি কাৰ্য নকৰোঁ, তেন্তে যিহোৱা আমাৰ বিৰুদ্ধে সত্য আৰু বিশ্বাসী সাক্ষী হওঁক।
6. আমাৰ ঈশ্বৰ যিহোৱাৰ বাক্য আমি পালন কৰিলে আমাৰ মঙ্গল কাৰণে, আমি যিজনৰ ওচৰলৈ তোমাক পঠিয়ালোঁ, আমাৰ ঈশ্বৰ সেই যিহোৱাৰ বাক্য ভাল বা বেয়া হওঁক, আমি তাক পালন কৰিম।”
7. পাছত দহ দিনৰ মুৰত যিহোৱাৰ বাক্য যিৰিমিয়াৰ ওচৰলৈ আহিল।
8. তেতিয়া তেওঁ কাৰেহৰ পুতেক যোহাননক আৰু তেওঁৰ লগত থকা সকলো সেনাপতিক আৰু সৰুৰ পৰা বৰলৈকে সকলো প্ৰজাক মাতি আনিলে।
9. আৰু তেওঁ তেওঁলোকক ক’লে, “তোমালোকৰ নিবেদন জনাবলৈ যিজনৰওচৰলৈ মোক পঠিয়াইছিলা, সেই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে,
10. ‘তোমালোকে যদি এতিয়াও এই দেশত বাস কৰা, তেন্তে মই তোমালোকক পাতিম, নাভাঙিম, তোমালোকক ৰুম, নুঘালিম; কিয়নো তোমালোকৰ যি অমঙ্গল কৰিছোঁ, সেই বিষয়ে মই ক্ষান্ত হ’লো।
11. যিজনৰ পৰা তোমালোকে ভয়ত আছা, সেই বাবিলৰ ৰজালৈ ভয় নকৰিবা; যিহোৱাই কৈছে, ‘তেওঁলৈ ভয় নকৰিবা; কিয়নো তোমালোকক নিস্তাৰ কৰিবলৈ আৰু তেওঁৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিবলৈ মই তোমালোকৰ লগত আছোঁ।
12. আৰু মই তোমালোকক কৰুণা দান কৰিম; আৰু তোমালোকক দয়া কৰি তোমালোকৰ দেশলৈ তোমালোকক উভটাই আনিম।
13. “কিন্তু, আমি এই দেশত বাস নকৰোঁ,” এই বুলি কৈ যদি তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য নুশুনা,
14. আৰু যদি তোমালোকে কোৱা, যে, “সেয়ে নহ’ব! আমি য’ত ৰণ নেদেখিম, শিঙাৰ শব্দ নুশুনিম, আৰু আহাৰৰ অভাৱত ক্ষুধাতুৰ নহ’ম, সেই মিচৰ দেশত আমি সোমামগৈ, আৰু আমি তাত বাস কৰিম।”
15. তেতিয়া হে যিহূদাৰ অৱশিষ্ট ভাগ, তোমালোকে যিহোৱাৰ বাক্য শুনা। ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে যদি মিচৰত সোমাবলৈ একেবাৰে সেইফালে মুখ কৰা আৰু তাত বাস কৰিবলৈ যোৱা,
16. তেতিয়া তোমালোকে যি তৰোৱাললৈ ভয় কৰিছা সেই তৰোৱালে মিচৰ দেশতেই তোমালোকক লগ পাব আৰু যি দুৰ্ভিক্ষলৈ তোমালোকে ত্ৰাস পাইছা, সেই দুৰ্ভিক্ষই মিচৰ দেশতেই তোমালোকক ঢুকি পাব, আৰু তোমালোক তাতে মৰিবা।
17. যিসকল লোকে প্ৰবাস কৰিবৰ অৰ্থে মিচৰত সোমাবলৈ মুখ কৰিব, তেওঁলোক সকলোৰে সেই দশা হ’ব; তেওঁলোক তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই মৰা পৰিব; আৰু মই তেওঁলোকলৈ যি অমঙ্গল ঘটাম, তাৰ পৰা তেওঁলোকৰ কোনেও উদ্ধাৰ কি ৰক্ষা নাপাব।
18. কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: যিৰূচালেম-নিবাসীসকলৰ ওপৰত যেনেকৈ মোৰ ক্ৰোধ আৰু কাপ ঢালি দিয়া হৈছিল, তেনেকৈ তোমালোকে মিচৰ দেশত সোমোৱা সময়ত তোমালোকৰ ওপৰতো মোৰ ক্ৰোধ ঢালি দিয়া হ’ব; আৰু তোমালোক শাও, বিস্ময়, অভিশাপ আৰু নিন্দাৰ বিষয় হ’বা; তোমালোকে এই ঠাই আৰু দেখিবলৈ নাপাবা।’
19. হে যিহূদাৰ অৱশিষ্টভাগ, তোমালোকক যিহোৱাই ক’লে; তোমালোক মিচৰত নোসোমাবা! মই আজি তোমালোকক সতৰ্ক কৰিলোঁ, ইয়াক নিশ্চয়ে জানিবা।
20. কিয়নো তোমালোকে তোমালোকৰ বিৰুদ্ধে তোমালোকক ভ্ৰান্ত কৰিলা; কাৰণ তোমালোকে মোক নিজৰ ঈশ্বৰ যিহোৱাৰ গুৰিলৈ পঠিয়াই কৈছিলা, যে, ‘তুমি আমাৰ বাবে আমাৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা; তেতিয়া আমাৰ ঈশ্বৰ যিহোৱাই যি যি ক’ব, সেইদৰে তুমি আমাক জনাবা, আমি তাক কৰিম।’
21. পাছে আজি মই তোমালোকক তাক জনালোঁ; কিন্তু যি বিষয়ে তোমালোকৰ ঈশ্বৰ যিহোৱাই মোক তোমালোকৰ ওচৰলৈ পঠিয়াইছিল, সেই বিষয়ৰ কোনো কথাত, তেওঁৰ বাক্যলৈ তোমালোকে কাণ দিয়া নাই।
22. এতেকে এতিয়া নিশ্চয়ে জানিবা, যে, তোমালোকে প্ৰবাস কৰিবলৈ যি ঠাইলৈ যাব খুজিছা, সেই ঠাইত তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই মৃত্যুৰ মুখত পৰিবা।”

সামসঙ্গীত 119:89-96
89. যিহোৱা অনন্ত কাললৈকে বিদ্যমান; তোমাৰ বাক্য স্বৰ্গত সুদৃঢ় আছে।
90. পুৰুষে পুৰুষে তোমাৰ বিশ্বস্ততা স্থায়ী; তুমি পৃথিৱী স্থাপন কৰিলা আৰু সেয়ে সুস্থিৰ হৈ আছে।
91. তুমি নিযুক্ত কৰা অনুসাৰে সেইবোৰ আজিও থিৰে আছে; কিয়নো সকলোৱেই তোমাৰ অধীনৰ দাস।
92. তোমাৰ ব্যৱস্থাত যদি মই আনন্দ নাপালোহেঁতেন, তেন্তে মোৰ ক্লেশতে মই বিনষ্ট হ’লহেঁতেন।
93. মই তোমাৰ আদেশবোৰ কেতিয়াও নাপাহৰিম; কিয়নো তাৰ দ্বাৰাই তুমি মোক পুনৰায় সঞ্জীৱিত কৰিলা।
94. মই তোমাৰেই, মোক ৰক্ষা কৰা; কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ কৰিলোঁ।
95. দুষ্টবোৰে মোক বিনষ্ট কৰিবলৈ খাপ দি আছে; কিন্তু মই তোমাৰ আজ্ঞাবোৰ বিবেচনা কৰোঁ।
96. মই সকলো শ্ৰেণীৰ পদাৰ্থ সীমাযুক্ত দেখিলোঁ; কিন্তু তোমাৰ আজ্ঞা অসীম।

প্রবচন 28:2-2
2. দেশৰ আইন উলঙ্ঘনৰ বাবে দেশত অনেক শাসনকৰ্তা হয়; কিন্তু জ্ঞানী আৰু বিবেচনা কৰা লোকৰ দ্বাৰাই শাসন চিৰস্থায়ী হয়।

২ তীমথিয় 1:1-18
1. মই পৌল, খ্ৰীষ্ট যীচুত থকা জীৱনৰ প্ৰতিজ্ঞা অনুসৰি, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ নিযুক্ত পাঁচনি;
2. প্ৰিয় পুত্ৰ তীমথিয়ৰ সমীপলৈ: পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি তোমালৈ হওক।
3. মই ঈশ্ৱৰক ধন্যবাদ দিওঁ, যি জন ঈশ্বৰক মোৰ পূৰ্বপুৰুষৰ দিনৰে পৰা আৰাধনা কৰি অহা হৈছে, সেই জন ঈশ্বৰকে মই নিৰ্মল বিবেকেৰে আৰাধনা কৰোঁ; সেই জনৰ ওচৰত নিতৌ দিনে-ৰতিয়ে প্রার্থনা কৰাৰ সময়ত তোমাক সোঁৱৰণ কৰোঁ,
4. তোমাৰ চকুলো আনন্দেৰে পূৰ হোৱা চাবলৈ মই অতিশয় হাবিয়াহ কৰি আছোঁ।
5. যি বিশ্বাস প্ৰথমে তোমাৰ বুঢ়ী মা লোয়ী আৰু তোমাৰ মাতৃ উনীকীৰ অন্তৰত বাস কৰিছিল, বোধ কৰোঁ তেনে অকপট বিশ্ৱাস তোমাৰ অন্তৰতো বাস কৰিছে বুলি মই সুনিশ্চিত৷
6. এই কাৰণে মই তোমাক সোঁৱৰাইছো যে, মোৰ হাত তোমাৰ ওপৰত দিয়াৰ দ্বাৰাই ঈশ্ৱৰৰ যি অনুগ্রহৰ বৰ তোমাক দান কৰা হ’ল, সেই বৰ পুনৰ জাগ্ৰত কৰা৷
7. কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই, কিন্তু শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে।
8. এতেকে আমাৰ প্ৰভুৱে দিয়া সাক্ষ্যৰ বিষয়ে আৰু তেওঁৰ অর্থে বন্দীয়াৰ হোৱা যি মই পৌল, মোৰো বিষয়ে তুমি লজ্জিত নহবা কিন্তু ঈশ্বৰৰ শক্তি অনুসাৰে, শুভবার্তাৰ কাৰণে মোৰে সৈতে ক্লেশ ভোগ কৰা,
9. কাৰণ তেৱেঁই আমাক পৰিত্ৰাণ কৰিলে আৰু পবিত্ৰ আমন্ত্ৰণেৰে আমন্ত্ৰণো কৰিলে, সেয়ে আমাৰ কর্মৰ দৰে নহয় কিন্তু তেওঁৰ নিজ অভিপ্ৰায় আৰু অনুগ্ৰহৰদৰেহে কৰিলে; যি অনুগ্ৰহ অনাদি কালৰ পূৰ্বে খ্ৰীষ্ট যীচুত আমাক দিয়া আছিল;
10. কিন্তু এতিয়া আমাৰ ত্ৰাণকর্তা খ্ৰীষ্ট যীচুৰ আবির্ভাৱৰ দ্বাৰাই প্ৰকাশিত হ’ল; যি জনে মৃত্যুক বিনাশ কৰি, শুভবার্তাৰ দ্বাৰাই জীৱন আৰু অক্ষয়তাক পোহৰলৈ আনিলে;
11. সেই শুভবার্তাৰ কাৰণে মোক ঘোষণাকাৰী, পাঁচনি আৰু শিক্ষক হিচাপে নিযুক্ত কৰিলে ।
12. এই কাৰণে মই এইবোৰ দুখ ভোগ কৰিলেও লজ্জিত নহওঁ; কিয়নো মই যি জনক বিশ্বাস কৰিলোঁ, তেওঁক জানো আৰু তেওঁৰ হাতত মই নিজকে অৰ্পণ কৰি দিলোঁ, তাতে তেওঁ যে সেই দিনৰ কাৰণে মোক পহৰা দি ৰাখিবলৈ সমর্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছোঁ।
13. মোৰ যি যি কথা শুনিলা তাক নিৰাময় বাক্যৰ আর্হি হিচাপে লৈ খ্ৰীষ্ট যীচুৰ সম্বন্ধীয় বিশ্বাস আৰু প্ৰেমত ধাৰণ কৰা।
14. যি উত্তম দান তোমাক গতাই দিয়া হৈছে, সেই দান আমাত নিবাস কৰা পবিত্ৰ আত্মাৰ দ্বাৰাই পহৰা দি ৰাখিবা।
15. ফুগিল্ল আৰু হর্মগিনি আদি কৰি এচিয়াত থকা সকলোৱেই মোৰ পৰা বিমূখ হল৷ এই বিষয়ে তুমি জানি আছা।
16. অনীচিমৰ ঘৰৰ লোক সকলক প্ৰভুৱে দয়া কৰক, কিয়নো তেওঁ বাৰে বাৰে মোৰ প্ৰাণ জুৰাইছিল আৰু মই বন্দীশালৰ শিকলিত থাকিলেও লাজ নাপাইছিল;
17. বৰং ৰোম নগৰত থাকোঁতে, তেওঁ অতি কষ্টেৰে মোক বিচাৰি পাইছিল -
18. তেওঁ যাতে সেইদিনা প্ৰভুৰ পৰা দয়া পায়, প্ৰভুৱে এনে অনুগ্ৰহ কৰক, আৰু ইফিচতো তেওঁ কিমান সেৱা শুশ্ৰূষা কৰিছিল সেই বিষয়েও তুমি ভালকৈ জনা৷