A A A A A

যেরেমিয়া 39:1-18
1. পাছত যিৰূচালেম শত্রুৰ হাতত পৰা সময়ত, যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ নৱম বছৰৰ দশম মাহত বাবিলৰ ৰজা নবূখদনেচৰ আৰু তেওঁৰ সকলো সৈন্য-সামন্তই যিৰূচালেমৰ বিৰুদ্ধে আহি তাক অৱৰোধ কৰিলে।
2. পাছত চিদিকিয়াৰ ৰাজত্বৰ একাদশ বছৰৰ চতুৰ্থ মাহৰ নৱম দিনা নগৰৰ গড় ভাঙি বাট কৰা হ’ল।
3. বাবিলৰ ৰজাৰ আটাই প্ৰধান লোকসকল, অৰ্থাৎ নেৰ্গল-চৰেচৰ, চমগৰ-নবো, প্ৰধান নপুংসক চৰ্চখীম আৰু প্ৰধান গণক নেৰ্গল-চৰেচৰ আদি বাবিলৰ ৰজাৰ আটাই প্ৰধান লোকসকল সোমাই মধ্যম দুৱাৰত বহিল।
4. পাছত যেতিয়া যিহূদাৰ ৰজা চিদিকিয়া আৰু সকলো যুদ্ধাৰু লোকে তেওঁলোকক সোমোৱা গম পালে, তেতিয়া তেওঁলোক পলাই ৰজাৰ উদ্যানৰ বাটেদি, দুই গড়ৰ মাজত থকা দুৱাৰেদি নগৰৰ বাহিৰলৈ ৰাতিয়েই ওলাই গ’ল; আৰু ৰজাই অৰাবাৰ বাটেদি ওলাই গ’ল।
5. কিন্তু কলদীয়াসকলৰ সৈন্য-সামন্তই তেওঁলোকৰ পাছত খেদি গৈ যিৰীহোৰ সমথলত চিদিকিয়াক লগ পাই, তেওঁক ধৰি হমাৎ দেশৰ ৰিব্লালৈ বাবিলৰ ৰজাৰ নবূখদনেচৰৰ গুৰিলৈ নিলে; আৰু তেওঁ তেওঁলৈ দণ্ডাজ্ঞা কৰিলে।
6. পাছে বাবিলৰ ৰজাই ৰিব্লাত চিদিকিয়াৰ পুতেকসকলক তেওঁৰ চকুৰ আগতে বধ কৰিলে আৰু বাবিলৰ ৰজাই যিহূদাৰ সকলো মুখ্য লোককো বধ কৰিলে।
7. তাৰ বাহিৰে, তেওঁ চিদিকিয়াৰ চকু কাঢ়ি, তেওঁক বাবিললৈ লৈ যাবৰ কাৰণে শিকলিৰে বান্ধিলে।
8. পাছত কলদীয়াসকলে ৰাজগৃহ আৰু প্ৰজাসকলৰ ঘৰবোৰ জুই দি পুৰিলে আৰু যিৰূচালেমৰ গড়বোৰ ভাঙি পেলালে।
9. এই সময়ত নবুজৰদান ৰক্ষক-সেনাপতিয়ে নগৰৰ বাকী থকা লোকসকলক, তেওঁৰ ফলীয়া হবলৈ পলাই যোৱাসকলক আৰু আন আন অৱশিষ্ট লোকসকলক বন্দী কৰি বাবিললৈ লৈ গ’ল।
10. কিন্তু নবুজৰদান ৰক্ষক-সেনাপতিয়ে কেতবোৰ একো নথকা দৰিদ্ৰ লোকক যিহূদা দেশত অৱশিষ্ট ৰাখিলে, আৰু সেই কালত তেওঁলোকক দ্ৰাক্ষাবাৰী আৰু মাটি দান কৰিলে।
11. বাবিলৰ ৰজা নবূখদনেচৰে যিৰিমিয়াৰ বিষয়ে নবুজৰদান ৰক্ষক-সেনাপতিক এই আজ্ঞা দিলে, বোলে,
12. “তুমি তেওঁক গ্ৰহণ কৰি তেওঁলৈ কৃপা দৃষ্টি কৰিবা, তেওঁৰ কোনো অপকাৰ নকৰিবা; কিন্তু তেওঁ তোমাক যেনেকৈ ক’ব, তেওঁলৈ তেনেকৈ কৰিবা।”
13. এই হেতুকে নবুজৰদান ৰক্ষক-সেনাপতি, প্ৰধান নপুংসক নবুচৰ্জবান আৰু প্ৰধান গণক নেৰ্গল-চৰেচৰ আদি বাবিলৰ ৰজাৰ আটাই প্ৰধান বিষয়াসকলে মানুহ পঠিয়াই প্ৰহৰীৰ চোতালৰ পৰা যিৰিমিয়াক আনিলে।
14. আৰু তেওঁক ঘৰলৈ লৈ যাবৰ কাৰণে চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াৰ হাতত গটাই দিলে; আৰু তেওঁ লোকসকলৰ মাজত বাস কৰিলে।
15. যিৰিমিয়া প্ৰহৰীৰ চোতালত বন্ধ থকা সময়ত তেওঁৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিছিল, বোলে,
16. “তুমি গৈ কুচীয়া এবদ-মেলকক কোৱা, ‘ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: চোৱা, মঙ্গলৰ কাৰণে নহয়, অমঙ্গলৰ কাৰণেহে মই এই নগৰলৈ মোৰ বাক্য ফলিওৱাম। সেই দিনা তোমাৰ আগত সেইবোৰ ফলিয়াব।
17. কিন্তু যিহোৱাই কৈছে, “সেই দিনা মই তোমাক উদ্ধাৰ কৰিম; আৰু তুমি ভয় কৰা লোকসকলৰ হাতত তোমাক সমৰ্পণ কৰা নহ’ব।
18. কিয়নো মই তোমাক অৱশ্যে উদ্ধাৰ কৰিম। তুমি তৰোৱালত পতিত নহবা। কিন্তু তুমি তোমাৰ নিজ প্ৰাণ লুটদ্ৰব্যৰ নিচিনাকৈ লাভ কৰিবা; কাৰণ, যিহোৱাই কৈছে: তুমি মোক বিশ্বাস কৰিলা।”

যেরেমিয়া 40:1-16
1. বাবিললৈ বন্দী কৰি লৈ যোৱা যিৰূচালেমৰ আৰু যিহূদাৰ লোকসকলৰ মাজত যিৰিমিয়াক নবুজৰদান ৰক্ষক-সেনাপতিয়ে শিকলিৰে বন্ধা পাই তেওঁক ৰামাৰ পৰা পঠাই দিয়াৰ পাছত যিহোৱাৰ পৰা যি বাক্য আহিছিল, সেই বাক্য।
2. ৰক্ষক-সেনাপতিয়ে যিৰিমিয়াক গ্ৰহণ কৰি ক’লে, “তোমাৰ ঈশ্বৰ যিহোৱাই এই ঠাইৰ বিষয়ে এই অমঙ্গলৰ কথা কৈছিল,
3. আৰু যিহোৱাই তাক ঘটালে। আৰু নিজ বাক্য অনুসাৰে কাৰ্য কৰিলে; তোমালোকে যিহোৱাৰ অহিতে পাপ কৰিলা আৰু তেওঁৰ বাক্য পালন নকৰিলা, এই কাৰণে তোমালোকলৈ এই ঘটনা ঘটিল।
4. এতিয়া চোৱা! আজি মই তোমাক, তোমাৰ হাতত থকা শিকলিৰ পৰা মুক্ত কৰিলোঁ; তুমি যদি মোৰ লগত বাবিললৈ যাবলৈ ভাল দেখা, তেন্তে আহাঁ, মই তোমালৈ দৃষ্টি ৰাখিম; আৰু যদি মোৰ লগত বাবিললৈ যাবলৈ বেয়া দেখা, তেন্তে নালাগে। চোৱা, গোটেই দেশ তোমাৰ আগত আছে, যি ঠাইলৈ যোৱা তোমাৰ পক্ষে ভাল আৰু সুবিধাজনক, তালৈকে যোৱা।”
5. যিৰিমিয়াই উত্তৰ নিদিয়া দেখি তেওঁ আকৌ ক’লে, “তেন্তে যি জনক বাবিলৰ ৰজাই যিহূদাৰ নগৰবোৰৰ ওপৰত শাসনকৰ্ত্তা নিযুক্ত কৰিলে, চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ সেই গদলিয়াৰ ওচৰলৈ উলটি যোৱা আৰু লোকসকলৰ মাজত তেওঁৰ লগত বাস কৰাগৈ, বা যি ঠাইলৈ যোৱা তোমাৰ পক্ষে সুবিধাজনক তালৈকে যোৱা; এই বুলি ৰক্ষক-সেনাপতিয়ে তেওঁৰ বাটৰ সমল আৰু উপহাৰ দি বিদায় কৰিলে।
6. পাছত যিৰিমিয়াই মিস্পালৈ অহীকামৰ পুত্ৰ গদলিয়াৰ ওচৰলৈ আহিল আৰু দেশত অৱশিষ্ট থকা লোকসকলৰ মাজত তেওঁৰে সৈতে বাস কৰিলে।
7. পাছত, বাবিলৰ ৰজাই অহীকামৰ পুত্ৰ গদলিয়াক দেশৰ শাসনকৰ্ত্তা পতা কথা, আৰু পুৰুষ, মহিলা, লৰা, ছোৱালী আদি বাবিললৈ বন্দী কৰি লৈ নোযোৱা দেশৰ কেতবোৰ দুখীয়া মানুহক তেওঁৰ হাতত গতাই দিয়া কথা যেতিয়া নগৰৰ বাহিৰত থকা ফৌজৰ সেনাপতিসকলে আৰু তেওঁলোকৰ লোকসকলে শুনিবলৈ পালে,
8. তেতিয়া তেওঁলোকে, অৰ্থাৎ নথনিয়াৰ পুতেক ইশ্মায়েল, কাৰেহৰ দুজন পুতেক যোহানন আৰু যোনাথন, তনহূমতৰ পুতেক চৰায়া, নটোফাতীয়া এফয়ৰ পুতেক কেইজন আৰু মাখাথীয়াৰ পুতেক যাজনিয়া নিজ নিজ লোকসকলে সৈতে মিস্পালৈ গদলিয়াৰ ওচৰলৈ আহিল।
9. তেতিয়া চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াই তেওঁলোকৰ আৰু তেওঁলোকৰ লোকসকলৰ আগত শপত খাই ক’লে, “তোমালোকে কলদীয়াসকলৰ অধীন হ’বলৈ ভয় নকৰিবা; দেশত বাস কৰি বাবিলৰ ৰজাৰ অধীন হোৱা, তেতিয়া তোমালোকৰ মঙ্গল হ’ব।”
10. আৰু চোৱা, মই হ’লে যি কলদীয়াসকল আমাৰ ওচৰলৈ আহিব, তেওঁলোকৰ আগত থিয় হ’বলৈ মিস্পাত বাস কৰিম; কিন্তু তোমালোকে দ্ৰাক্ষাৰস, ফল আৰু তেল গোটাই নিজ নিজ পাত্ৰত ৰাখা আৰু তোমালোকে লোৱা নিজ নিজ নগৰত বাস কৰা।”
11. তেতিয়া বাবিলৰ ৰজাই যিহূদাৰ এটি অৱশিষ্ট ভাগ এৰি যোৱা কথা আৰু তেওঁলোকৰ ওপৰত চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াক শাসনকৰ্ত্তা পতা কথা যেতিয়া মোৱাবত, অম্মোনৰ সন্তান সকলৰ মাজত আৰু ইদোম আদি সকলো দেশত থকা আটাই যিহূদীসকলে শুনিবলৈ পালে,
12. তেতিয়া, যি যি ঠাইলৈ সেই যিহূদীসকলক খেদাই দিয়া হৈছিল, সেই সকলো ঠাইৰ পৰা তেওঁলোক সকলোৱেই যিহূদা দেশৰ মিস্পালৈ গদলিয়াৰ ওচৰলৈ উলটি আহিল আৰু অধিক পৰিমাণে দ্ৰাক্ষাৰস আৰু ফল গোটালে।
13. পাছে কাৰেহৰ পুতেক যোহানন আদি নগৰৰ বাহিৰত থকা ফৌজন সকলোৱে সেনাপতিয়ে মিস্পালৈ গদলিয়াৰ ওচৰলৈ আহি তেওঁক ক’লে,
14. “অম্মোনৰ সন্তান সকলৰ ৰজা বালীচে তোমাৰ প্ৰাণ লবলৈ নথনিয়াৰ পুতেক ইশ্মায়েলক পঠিয়াইছে, তুমি তাক জানা নে?” কিন্তু অহীকামৰ পুত্ৰ গদলিয়াই তেওঁলোকৰ কথা বিশ্বাস নকৰিলে।
15. পাছে কাৰেহৰ পুতেক যোহাননে মিস্পাত গদলিয়াক গুপুতে ক’লে, “মই মিনতি কৰোঁ, মোক যাবলৈ দিয়া, কোনো মানুহে নজনাকৈ মই নথনিয়াৰ পুতেক ইশ্মায়েলক বধ কৰোঁগৈ; তেওঁ কিয় তোমাৰ প্ৰাণ ল’ব আৰু তোমাৰ ওচৰত গোট খোৱা সকলো যিহূদী লোক ছিন্ন-ভিন্ন হ’ব আৰু যিহূদাৰ অৱশিষ্ট ভাগ নষ্ট হ’ব?
16. কিন্তু অহীকামৰ পুত্ৰ গদলিয়াই কাৰেহৰ পুতেক যোহাননক ক’লে, “তুমি এনে কাম নকৰিবা; কিয়নো তুমি ইশ্মায়েলৰ বিষয়ে মিছা কথা কৈছা।”

সামসঙ্গীত 119:81-88
81. তুমি মোক ৰক্ষা কৰাৰ প্রতীক্ষাত থাকোতে থাকোতে মোৰ প্রাণ ক্রমশঃ অৱশ হৈ গৈছে; মই তোমাৰ বাক্যত আশা কৰিছোঁ।
82. তোমাৰ বাক্যৰ প্রতিজ্ঞা পূর্ণ হোৱাৰ অপেক্ষাত মোৰ চকু সোমাই গৈছে; মই সুধিলো, “কেতিয়া তুমি মোক সান্ত্বনা দিবা?”
83. কিয়নো মই ধুঁৱাত থকা চামৰাৰ দ্রাক্ষাৰস থলীৰ নিচিনা হ’লো; তথাপিও মই তোমাৰ বিধিবোৰ পাহৰা নাই।
84. তোমাৰ দাসে কিমান কাল সহন কৰি থাকিব? মোক তাড়না কৰা সকলৰ বিচাৰ তুমি কেতিয়া কৰিবা?
85. অহঙ্কাৰীবোৰে মোৰ বাবে গাত খান্দিছে; তেওঁলোক তোমাৰ ব্যৱস্থাৰ অনুগামী নহয়।
86. তোমাৰ সকলো আজ্ঞা বিশ্বাসযোগ্য; লোকসকলে অকাৰণতে মোক তাড়না কৰে; তুমি মোক সহায় কৰা।
87. তেওঁলোকে পৃথিৱীত মোক প্ৰায় নিঃশেষ কৰি পেলালে; কিন্তু তথাপিও মই তোমাৰ আদেশবোৰ ত্যাগ কৰা নাই।
88. তোমাৰ গভীৰ প্রেমত তুমি মোক সঞ্জীৱিত কৰা, তাতে মই তোমাৰ মুখৰ আজ্ঞাবোৰ পালন কৰিম।

প্রবচন 28:1-1
1. কোনো লোকে খেদি নগলেও দুষ্টলোক দৌৰি পলায়; কিন্তু ন্যায় কাৰ্য কৰা সকল যুৱা সিংহৰ দৰে সাহসী হয়।

১ তীমথিয় 6:1-21
1. ঈশ্বৰৰ নাম আৰু শিক্ষা যেন নিন্দিত নহয়, সেই বাবে যুৱলিৰ অধীন হোৱা দাস সকলে নিজ নিজ প্ৰভুক সম্পূৰ্ণ সমাদৰেৰে যোগ্য জ্ঞান কৰক।
2. আৰু যি সকল দাস প্রভুৰ বিশ্বাসী, তেওঁলোক পৰস্পৰ ভাই। সেই বাবে দাস সকলে তেখেত সকলক অসন্মান কৰা উচিত নহয়। বৰং তেওঁলোকে আৰু ভালদৰে সেৱা কার্য কৰা উচিত, যিহেতু যি সকলে সেৱা লাভ কৰিছে, তেওঁলোকো বিশ্বাসী আৰু প্রিয়। এইবোৰ কথা শিকোৱা আৰু ঘোষণা কৰা।
3. কোনোৱে যদি ভিন্ন শিক্ষা দিয়ে আৰু নিৰাময় সত্য বাক্য, যি বাক্য আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ; সেই বাক্য গ্ৰহন নকৰে, তেওঁ আচলতে ঐশ্বৰীক শিক্ষা গ্ৰহণ নকৰে আৰু ভক্তিৰ অনুৰূপ শিক্ষাত মান্তি নহয়৷
4. তেওঁ অহংকাৰী আৰু একোকে নাজানে, কিন্তু বাদ-বিচাৰ আৰু বাগযুদ্ধৰূপ ৰোগত ৰোগাগ্ৰস্ত হয়৷ সেইবোৰৰ পৰাই হিংসা, বিবাদ, নিন্দা, দুষ্ট-ধাৰণাৰ উৎপন্ন হয়৷
5. মন-ভ্রষ্ট আৰু সত্যহীন মানুহবোৰৰ পৰাই দ্বন্দ্ব-কাজিয়া উৎপন্ন হয়। তেওঁলোকে সত্যৰ পৰা আতৰি যায় আৰু ভক্তিক জাগতিক লাভৰ উপায় বুলি ভাৱে।
6. কিন্তু যি কৰিবা, আচলতে সন্তুষ্ট মনেৰে কৰিবা; কিয়নো ঈশ্বৰভক্তিতে সকলো লাভ বিলীন হৈ থাকে।
7. আমি এই জগতলৈ একোকে অনা নাই আৰু ইয়াৰ পৰা একো লৈ যাবও নোৱাৰোঁ৷
8. সেই বাবে আমি অন্ন-বস্ত্ৰতে সন্তুষ্ট হব লাগে৷
9. কিন্তু যি সকলে ধনৱন্ত হবলৈ ইচ্ছা কৰে, তেওঁলোকে পৰীক্ষা আৰু ফান্দত পৰে আৰু নানা ধৰণৰ আৰু হানিজনক অভিলাষত পৰি যি যি কৰে সেইবোৰে তেওঁলোকক ধ্বংস আৰু বিনাশলৈ লৈ যায়।
10. ধনক প্ৰেম কৰাই সকলো মন্দ পথৰ মূল৷ তালৈ আকাংক্ষা কৰি, কোনো কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ যাতনা ৰূপ শলাৰে নিজকেই খোচ মাৰে।
11. কিন্তু, হে ঈশ্বৰৰ লোক, তুমি এই সকলোৰে পৰা পলোৱা৷ ধাৰ্মিকতা, ভক্তি, বিশ্বাস, প্ৰেম, ধৈৰ্য, মৃদুভাৱ, এইবোৰক অনুসৰণ কৰা।
12. বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰা৷ যি অনন্ত জীৱনৰ বাবে তুমি আমন্ত্ৰিত হ’লা আৰু অনেক সাক্ষীৰ আগত যি উত্তম বিশ্বাস স্বীকাৰ কৰিলা, তাক তুমি ধাৰণ কৰি থাকা৷
13. সকলোৰে জীৱন দিওঁতা ঈশ্বৰৰ সাক্ষাতে আৰু যি জনে পন্তীয় পীলাতৰ আগত সেই উত্তম স্বীকাৰৰূপে সাক্ষ্য দিছিল, সেই খ্ৰীষ্ট যীচুৰ সাক্ষাতেও, মই তোমাক এই আজ্ঞা দিছোঁ যে,
14. আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আবিৰ্ভাৱ নোহোৱালৈকে, এই আদেশ নিষ্কলঙ্ক আৰু নিৰ্দোষীকৈ ৰাখিবা৷
15. সেই পৰমধন্য ঈশ্বৰ, যি জন একমাত্র পৰাক্রমী, ৰাজত্ব কৰা ৰজা আৰু শাসন কৰা প্রভু, তেৱেঁই সঠিক সময়ত তেওঁক আবির্ভাৱ কৰাব।
16. যি জন একমাত্ৰ অধিকাৰী আৰু অগম্য দীপ্তি-নিবাসী৷ কোনো মানুহে কেতিয়াও তেওঁক দেখা নাই আৰু দেখা পাবও নোৱাৰে৷ তেওঁৰেই সমাদৰ আৰু অনন্ত পৰাক্ৰম হওক। আমেন।
17. যি সকল এই জগতত ধনৱন্ত, তেওঁলোকক এই আজ্ঞা দিয়া যে, তেওঁলোক উচ্চমনা নহওক আৰু তেওঁলোকে অনিশ্চিত ধন-সম্পদত ভাৰসা নকৰক৷ যি ঈশ্বৰে, আমি ভোগ কৰিবলৈ সকলোকে বাহুল্যৰূপে আমাক দিছে, সেই ঈশ্বৰত ভাৰসা কৰক৷
18. তেওঁলোকক ভাল কর্ম কৰিবলৈ; ভাল কর্মবোৰত ধনী হৈ উদাৰ আৰু ভগাই লবলৈকো ইচ্ছুক হবলৈ কোৱা উচিত।
19. আৰু সেইৰূপে প্ৰকৃত জীৱন-ধাৰণ কৰি পৰকালৰ বাবে নিজৰ অৰ্থে তেওঁলোকে উত্তম ভিত্তিমূল স্বৰূপ ধন সাঁচক।
20. হে তীমথিয়, তোমাক যি গতাই দিয়া হ’ল, তাক পহৰা দি সুৰক্ষিত কৰি ৰাখিবা৷ তথাকথিত মিথ্যা জ্ঞানৰ অসাৰ কথা-বতৰা আৰু তর্ক-বিতর্কৰ মাজলৈ নাযাবা
21. কোনো কোনোৱে সেই ধৰণৰ জ্ঞান প্রকট কৰি স্বীকাৰ কৰা বিশ্বাসৰ পথৰ পৰা এফলীয়া হৈ গ’ল৷ ঈশ্বৰৰ অনুগ্রহ তোমালোক সকলোৰে লগত থাকক।