A A A A A

যেরেমিয়া 37:1-21
1. বাবিলৰ ৰজা নবূখদনেচৰে যিহূদা দেশৰ ওপৰত পতা ৰজা যোচিয়াৰ পুত্ৰ চিদিকিয়া যিহোয়াকীমৰ পুত্ৰ কনিয়াৰ সলনি ৰজা হ’ল।
2. কিন্তু তেওঁ, তেওঁৰ মন্ত্ৰীসকল আৰু দেশীয় লোকসকলে যিৰিমিয়া ভাববাদীৰ দ্বাৰাই কোৱা যিহোৱাৰ বাক্যলৈ কাণ নিদিলে।
3. গতিকে চিদিকিয়া ৰজাই চেলেমিয়াৰ পুত্ৰ যিহূখলক আৰু মাচেয়াৰ পুত্ৰ চফনিয়া পুৰোহিতক যিৰিমিয়া ভাববাদীৰ ওচৰলৈ পঠিয়াই দি ক’লে, “তুমি অনুগ্ৰহ কৰি আমাৰ ঈশ্বৰ যিহোৱাৰ আগত আমাৰ বাবে প্ৰাৰ্থনা কৰা।”
4. সেই সময়ত যিৰিমিয়াই তেওঁলোকৰ মাজত অহা-যোৱা কৰিছিল, কিয়নো সেই সময়ত তেওঁক বন্দীশালত থোৱা হোৱা নাছিল।
5. পাছত ফৰৌণৰ সৈন্য-সামন্ত মিচৰৰ পৰা ওলাল আৰু যিৰূচালেম-অৱৰোধকাৰী কলদীয়াসকলে তাৰ বাৰ্ত্তা শুনি যিৰূচালেমৰ পৰা ছাউনি ভাঙি গুচি গ’ল।
6. তেতিয়া যিৰিমিয়া ভাববাদীৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল, বোলে,
7. “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: যিহূদাৰ যি ৰজাই মোৰ গুৰিত সুধিবলৈ তোমালোকক পঠিয়াইছে, তেওঁক এই কথা ক’বা, ‘চোৱা, ফৰৌণৰ যি সৈন্য-সামন্তই তোমালোকক সহায় কৰিবলৈ ওলাই আহিছে, তেওঁলোক নিজ দেশ মিচৰলৈ উলটি যাব।
8. আৰু কলদীয়াসকলে পুনৰায় আহিব আৰু এই নগৰৰ অহিতে যুদ্ধ কৰি ইয়াক হাত কৰি লৈ জুইৰে পুৰি পেলাব।
9. যিহোৱাই এইদৰে কৈছে: “কলদীয়াসকল আমাৰ ওচৰৰ পৰা একেবাৰে গুচি যাব বুলি কৈ তোমালোকে নিজক নুভুলাবা,” কিয়নো তেওঁলোক একেবাৰ গুচি নাযাব।
10. কাৰণ তোমালোকৰ অহিতে যুদ্ধ কৰা কলদীয়াসকলৰ গোটেই সৈন্য-সামন্ত যদিও তোমালোকে একেবাৰে প্ৰহাৰ কৰা আৰু তেওঁলোকৰ মাজৰ খুন হোৱা লোক মাথোন অৱশিষ্ট থাকে, তথাপি তেওঁলোকে প্ৰতিজনে নিজ নিজ তম্বুত উঠিব আৰু এই নগৰ জুই দি পুৰি পেলাব’।”
11. কলদীয়াসকলৰ সৈন্য-সামন্তই যি সময়ত ফৰৌণৰ সৈন্য-সামন্তৰ ভয়ত যিৰূচালেমৰ পৰা ছাউনি ভাঙি উলটি গৈছিল,
12. সেই সময়ত যিৰিমিয়াই বিন্যামীন প্ৰদেশত লোকসকলৰ মাজত থকা তেওঁৰ ভাগ লবৰ মনেৰে তালৈ যাবলৈ যিৰূচালেমৰ পৰা ওলাইছিল।
13. পাছত যেতিয়া তেওঁ বিন্যামীন নামেৰে বৰ দুৱাৰ পালেগৈ, তেতিয়া সেই ঠাইত হননিয়াৰ নাতিয়েক চেলেমিয়াৰ পুতেক যিৰিয়া নামেৰে দুৱৰীৰ এজন অধ্যক্ষ আছিল। তেওঁ যিৰিমিয়া ভাববাদীক ধৰি ক’লে, “তুমি কলদীয়াসকলৰ ফলিয়া হ’বলৈ গৈছা।
14. তেতিয়া যিৰিমিয়াই ক’লে, “এয়ে মিছা কথা, মই কলদীয়াসকলৰ ফলিয়া হ’বলৈ নাযাও।” তথাপি যিৰিয়াই তেওঁৰ কথা নুশুনি, তেওঁক ধৰি প্ৰধান লোকসকলৰ গুৰিলৈ লৈ গ’ল।
15. সেই প্ৰধান লোকসকলে যিৰিমিয়ালৈ ক্ৰোধ হৈ তেওঁক কোবাই যোনাথন লিখকৰ ঘৰত থকা বন্দীশালত পেলাই হ’ল; কিয়নো তেওঁলোকে তাকেই বন্দীশাল কৰিছিল।
16. যিৰিমিয়াই কাৰাকূপত, আৰু সৰু সৰু কোঁঠালিবোৰত সোমাই সেই ঠাইত ভালেমান দিন কটালে।
17. চিদিকিয়া ৰজাই মানুহ পঠিয়াই তেওঁক অনোৱালে আৰু ৰজাই নিজৰ ঘৰত গুপুতে সুধিলে, বোলে, “যিহোৱাৰ পৰা অহা কোনো বাক্য আছে নে?” তাতে যিৰিমিয়াই ক’লে, “আছে,” তেওঁ আৰু ক’লে, “আপোনাক বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হ’ব।”
18. যিৰিমিয়াই চিদিকিয়া ৰজাক আৰু ক’লে, “আপোনাৰ বা আপোনাৰ পাত্ৰ-মন্ত্ৰীসকলৰ বা এই লোকসকলৰ বিৰুদ্ধে মই কি অপৰাধ কৰিছোঁ, যে, আপোনালোকে মোক বন্দীশালত পেলাই দিছে?
19. আৰু বাবিলৰ ৰজা আপোনালোকৰ বা এই দেশৰ বিৰুদ্ধে নাহিব, এই বুলি কৈ আপোনালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা আপোনালোকৰ ভাববাদীসকল ক’ত?
20. এতিয়া হে মোৰ প্ৰভু মহাৰাজ! অনুগ্ৰহ কৰি শুনক, মই যোনাথন লিখকৰ ঘৰত যেন নমৰোঁ, এই কাৰণে আপুনি সেই ঠাইলৈ মোক আৰু পঠিয়াই নিদিব! বিনয় কৰোঁ, মোৰ এই মিনতি আপোনাৰ আগত গ্ৰহণ হওঁক।”
21. তেতিয়া, চিদিকিয়া ৰজাই আজ্ঞা দিয়াত লোকসকলে যিৰিমিয়াক প্ৰহৰীৰ চোতালত ৰাখিলে। আৰু যেতিয়ালৈকে নগৰৰ সকলো ৰুটী নুঢুকাল, তেতিয়ালৈকে প্ৰতি দিনেই ৰুটীৱালা-পটিৰ পৰা এটা এটা ৰুটী আনি তেওঁক দিয়া হ’ল। এইদৰে যিৰিমিয়া প্ৰহৰীৰ চোতালত থাকিল।

যেরেমিয়া 38:1-28
1. তাৰ পাছত মত্তনৰ পুত্ৰ চফটিয়া আৰু পচহুৰৰ পুত্ৰ গদলিয়া আৰু মল্কীয়াৰ পুত্ৰ পচ্হুৰে, আটাই লোকৰ আগত যিৰিমিয়াই কোৱা এই বাক্য শুনিলে, বোলে,
2. “যিহোৱাই এই কথা কৈছে: যি কোনো লোক এই নগৰত থাকিব, তেওঁ তৰোৱালত, আকালত, আৰু মহামাৰীত মৰিব; কিন্তু যি জনে কলদীয়াসকলৰ ওচৰলৈ ওলাই যাব, তেওঁ জীয়াই থকিব, আৰু লুটদ্ৰব্যৰ নিচিনাকৈ নিজ প্ৰাণ লাভ কৰি জীয়াই থকিব।
3. যিহোৱাই এই কথা কৈছে: যে, এই নগৰ অৱশ্যে বাবিলৰ ৰজাৰ সৈন্য-সামন্তৰ হাতত সমৰ্পণ কৰা হ’ব আৰু তেওঁ তাক হাত কৰি ল’ব।”
4. তাতে প্ৰধান লোকসকলে ৰজাক ক’লে, “আমি মিনতি কৰোঁ, এই মানুহৰ প্ৰাণ দণ্ড কৰিবলৈ আজ্ঞা দিয়ক; কিয়নো তেওঁ লোকসকলক এনেকুৱা কথা কৈ, এই নগৰৰ অৱশিষ্ট যুদ্ধাৰুসকলৰ আৰু আটাই প্ৰজাসকলৰ হাত দুৰ্ব্বল কৰিছে, কাৰণ এই মানুহে এই জাতিৰ মঙ্গললৈ চেষ্টা নকৰি, কেৱল অমঙ্গললৈ চেষ্টা কৰে।”
5. তেতিয়া চিদিকিয়া ৰজাই ক’লে, “চোৱা, তেওঁ তোমালোকৰ হাততে আছে; কাৰণ তোমালোকৰ অহিতে কৰিবলৈ ৰজাৰ একো সাধ্য নাই।
6. তাতে তেওঁলোকে যিৰিমিয়াক ধৰি প্ৰহৰীৰ চোতালত থকা মল্কিয়া, ৰাজকোঁৱৰৰ কূপত পেলালে। ৰছীৰে যিৰিমিয়াক নমাই দিলে। সেই কূপত পানী নাছিল, কেৱল বোকা আছিল; তাতে যিৰিমিয়া বোকাত প্ৰায় পোত গৈছিল।
7. এনেতে যিৰিমিয়াক কূপত পেলোৱা কথা ৰাজগৃহত থকা এবদ-মেলক নামেৰে এজন কুচদেশীয় নপুংসকে শুনিলে। তেতিয়া ৰজা বিন্যামীনৰ দুৱাৰত বহি আছিল।
8. এবদ-মেলকে ৰাজগৃহৰ পৰা ওলাই গৈ ৰজাক ক’লে,
9. “হে মোৰ প্ৰভু মহাৰাজ, সেই লোকসকলে যিৰিমিয়া ভাববাদীক কূপত পেলাই দি তেওঁলৈ নিতান্ত মন্দ ব্যৱহাৰ কৰিছে; তেওঁ যি ঠাইত আছে, সেই ঠাইত তেওঁ ভোকত মৰিব লগীয়া হৈছে, কিয়নো নগৰত আৰু ৰুটী নাই।”
10. তেতিয়া ৰজাই কুচীয়া এবদ-মেলকক আজ্ঞা কৰিলে, বোলে, “তুমি এই ঠাইৰ পৰা ত্ৰিশ জন মানুহ লগত লৈ গৈ যিৰিমিয়া ভাববাদী নৌ মৰোঁতেই তেওঁক কূপৰ পৰা তোলা।”
11. তেতিয়া এবদ-মেলকে সেই ত্ৰিশ জন মানুহক লগত লৈ ৰাজগৃহৰ ভঁৰালৰ তলৰ ঠাইলৈ গৈ তাৰ পৰা পেলনীয়া পুৰণি কাপোৰ আৰু পুৰণি পচা ফতাকানি উলিয়াই, যিৰিমিয়াৰ ওচৰলৈ কূপলৈ ৰছীৰে সেইবোৰ নমাই দিলে।
12. আৰু কুচীয়া এবদ-মেলকে যিৰিমিয়াক ক’লে, “এই পুৰণি পেলনীয়া কাপোৰ আৰু পচা ফতাকানি তোমাৰ কাষলতিত ৰছীৰ তলত দিয়া।” তাতে তেওঁ তাকে কৰিলে।
13. তেওঁলোকে সেই ৰছীত ধৰি টানি কূপৰ পৰা যিৰিমিয়াক তুলিলে। তেতিয়াৰে পৰা যিৰিমিয়া প্ৰহৰীৰ চোতালত থাকিল।
14. পাছে চিদিকিয়া ৰজাই মানুহ পঠিয়াই যিৰিমিয়া ভাববাদীক যিহোৱাৰ গৃহৰ তৃতীয় প্ৰৱেশস্থানলৈ নিজৰ ওচৰলৈ অনোৱালে। আৰু ৰজাই যিৰিমিয়াক ক’লে, “মই তোমাক এটি কথা সোধোঁ, তুমি মোৰ পৰা কোনো কথা গুপুতে নাৰাখিবা।”
15. তেতিয়া যিৰিমিয়াই চিদিকিয়াক ক’লে, “মই যদি আপোনাক জনাওঁ, তেন্তে আপুনি মোক অৱশ্যে বধ নকৰিব নে? আৰু যদি আপোনাক পৰামৰ্শ দিওঁ, তেন্তে আপুনি মোৰ কথা নুশুনিব।”
16. তাতে চিদিকিয়া ৰজাই গুপুতে যিৰিমিয়াৰ আগত শপত খাই ক’লে, “আমাৰ এই জীৱান্মাৰ সৃষ্টিকৰ্ত্তা যিহোৱাৰ জীৱনৰ শপত, মই তোমাক বধ নকৰোঁ, আৰু তোমাৰ প্ৰাণ লবলৈ বিচাৰি ফুৰা এই লোকসকলৰ হাততো তোমাক সমৰ্পণ নকৰোঁ।”
17. তেতিয়া যিৰিমিয়াই চিদিকিয়াক ক’লে, “বাহিনীসকলৰ ঈশ্বৰ, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: যে, তুমি যদি বাহিৰ ওলাই বাবিলৰ ৰজাৰ প্ৰধান লোকসকলৰ ওচৰলৈ যোৱা, তেন্তে তোমাৰ প্ৰাণ থাকিব, আৰু এই নগৰ জুইৰে পোৰা নহ’ব আৰু তুমি সপৰিবাৰে জীয়াই থাকিবা।
18. কিন্তু যদি বাবিলৰ ৰজাৰ প্ৰধান লোকসকলৰ গুৰিলৈ নোযোৱা, তেন্তে এই নগৰ কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হ’ব আৰু তেওঁলোকে ইয়াক জুইৰে পুৰি পেলাব আৰু তুমিও তেওঁলোকৰ হাতৰ পৰা উদ্ধাৰ নাপাবা।
19. তেতিয়া চিদিকিয়া ৰজাই যিৰিমিয়াক ক’লে, “যি যিহুদী লোকসকল কলদীয়াসকলৰ ফলিয়া হৈ গ’ল, তেওঁলোকলৈ মই ভয় ক’ৰোঁ, যে, কিজানি তেওঁলোকে মোক তেওঁলোকৰ হাতত সমৰ্পণ কৰিব, তাতে তেওঁলোকে মোক বিদ্ৰূপ কৰিব।”
20. কিন্তু যিৰিমিয়াই ক’লে, “তেওঁলোকে আপোনাক সমৰ্পণ নকৰিব। বিনয় কৰোঁ, যি বিষয়ে মই আপোনাক কৈছোঁ, সেই বিষয়ে আপুনি যিহোৱাৰ বাক্যলৈ কাণ দিয়ক; তাতে আপোনাৰ মঙ্গল হ’ব, আৰু আপোনাৰ প্ৰাণ বাচিব।
21. কিন্তু যদি আপুনি তেওঁলোকৰ ওচৰলৈ যাবলৈ অসন্মত হয়, তেন্তে শুনক, যিহোৱাই মোক জনোৱা কথাতো এই:
22. চোৱা, যিহূদাৰ ৰাজগৃহত অৱশিষ্ট থকা সকলো মহিলাক বাবিলৰ ৰজাৰ প্ৰধান লোকসকলৰ গুৰিলৈ নিয়া হ’ব; আৰু চোৱা!, সেই মহিলাসকলে ক’ব, ‘তোমাৰ প্ৰণয়ৰ বন্ধুসকলে তোমাক ভুলাই তোমাৰ প্ৰবৃত্তি জন্মালে। এতিয়া তোমাৰ ভৰি বোকাত পোত যোৱা দেখি তোমাৰ পৰা বিমুখ হৈছে।
23. আৰু আপোনাৰ আটাই মহিলাৰ, আৰু আপোনাৰ সন্তান সকলক উলিয়াই কলদীয়াসকলৰ গুৰিলৈ নিয়া হ’ব; আপুনি তেওঁলোকৰ হাতৰ পৰা সাৰিব নোৱাৰিব, কিন্তু বাবিলৰ ৰজাৰ হাতত ধৰা পৰিব, আৰু আপুনি এই নগৰক জুইৰে পুৰি পেলাব।”
24. পাছে চিদিকিয়াই যিৰিমিয়াক ক’লে, “এইবোৰ কথা কোনেও বুজ নাপাওঁক; তাতে তুমি নমৰিবা।
25. কিন্তু যদি প্ৰধান লোকসকলে মই তোমাৰে সৈতে কথা হোৱা বাৰ্ত্তা পাই তোমাৰ গুৰিলৈ আহি কয়, যে, ‘তুমি ৰজাক কি ক’লা, তাক আমাক কোৱা। আমাৰ পৰা তাক গুপুতে নাৰাখিবা, তেতিয়া আমি তোমাক বধ নকৰিম, আৰু ৰজাই তোমাক কি কলে, তাকো কোৱা;
26. তেতিয়া তুমি তেওঁলোকক এই কথা ক’বা, ‘যোনাথনৰ ঘৰত মৰিবৰ কাৰণে মোক আকৌ তালৈ নপঠাবলৈ মই ৰজাৰ আগত মিনতি জনাইছিলোঁ’।”
27. তেতিয়া সকলো প্ৰধান লোকে যিৰিমিয়াৰ ওচৰলৈ আহি তেওঁক সুধিলে; আৰু তেওঁ, ৰজাই আজ্ঞা দিয়া সেই সকলো কথা অনুসাৰে তেওঁলোকক ক’লে। এই হেতুকে তেওঁলোকে তেওঁৰ লগত কথা হ’বলৈ এৰিলে; কিয়নো তেওঁলোকে সেই কথাটো বুজ নাপালে।
28. তেতিয়াৰে পৰা যিৰূচালেম শত্রুৰ হাতত পৰা দিন নোহোৱালৈকে যিৰিমিয়া সেই প্ৰহৰীৰ চোতালত থকিল।

সামসঙ্গীত 119:73-80
73. তোমাৰ হাতেই মোক স্ৰজিলে, মোক গঠন কৰিলে; তোমাৰ আজ্ঞাবোৰ শিকিবলৈ মোক জ্ঞান-বুদ্ধি দান কৰা।
74. তোমাক ভয় কৰাসকলে মোক দেখি আনন্দিত হ’ব; কিয়নো মই তোমাৰ বাক্যত আশা কৰিলোঁ।
75. হে যিহোৱা, মই জানো যে, তোমাৰ বিচাৰবোৰ ন্যায়পূর্ণ, তুমি নিজ বিশ্বস্ততাৰে মোক দুখ দিলা।
76. তোমাৰ এই দাসৰ ওচৰত তুমি যি প্রতিজ্ঞা কৰিলা, সেই অনুসাৰে তোমাৰ গভীৰ প্রেম মোৰ সান্ত্বনা হওঁক।
77. মোলৈ তোমাৰ কৃপা নামি আহঁক, যাতে মই জীয়াই থাকিব পাৰোঁ; কিয়নো তোমাৰ ব্যৱস্থাই মোক আনন্দ দিয়ে।
78. অহংকাৰী লোকে লাজ পাওক, কিয়নো তেওঁলোকে মিছা কথা কৈ মোৰ সর্বনাশ কৰিলে; কিন্তু হ’লে মই তোমাৰ আদেশবোৰ ধ্যান কৰিম;
79. যিসকলে তোমাক ভয় কৰে, তেওঁলোক মোলৈ ঘূৰক, যাতে তেওঁলোকে তোমাৰ আজ্ঞাবোৰ জানিব।
80. মোৰ অন্তঃকৰণ তোমাৰ বিধিবোৰত যেন সিদ্ধ থাকে, তাতে মই লজ্জিত নহ’ম।

প্রবচন 27:23-27
23. তোমাৰ পশু জাকৰ অৱস্থাৰ বুজলৈ তুমি নিশ্চিত হোৱা, আৰু তোমাৰ পশুৰ জাকৰ বিষয়ে চিন্তাকৰা,
24. কিয়নো ধন-সম্পত্তি চিৰস্থায়ী নহয়। আৰু কিৰীটিও জানো পুৰুষানুক্ৰমে থাকে?
25. ঘাঁহ শুকাই গৈ পুনৰ নতুন ঘাঁহ গজে, আৰু পৰ্ব্বতত পশুৰ বাবে আহাৰ থাকে।
26. মেৰ-ছাগবোৰে তোমাৰ বস্ত্রৰ যোগান ধৰিব, আৰু ছাগলীবোৰে তোমাৰ পথাৰৰ মূল্যৰ যোগান ধৰিব।
27. তোমাৰ আৰু তোমাৰ পৰিয়ালৰ আহাৰৰ বাবে আৰু তোমাৰ দাসীসকলৰ প্ৰতিপালনৰ বাবে ছাগলীবোৰে গাখীৰ দিব।

১ তীমথিয় 5:1-25
1. বৃদ্ধ সকলৰ প্রতি কটুবাক্য ব্যৱহাৰ নকৰিবা, কিন্তু তেওঁলোকক পিতৃৰ নিচিনাকৈ, ডেকা সকলক ভাইৰ নিচিনাকৈ উৎসাহিত কৰিবা৷
2. বৃদ্ধা মহিলা সকলক মাতৃৰ নিচিনাকৈ আৰু যুৱতী সকলক সম্পূর্ণ শুদ্ধতাৰে ভনীৰ নিচিনাকৈ বিনয় কৰিবা।
3. যি সকল প্ৰকৃত বিধৱা, সঁচাই অকলশৰীয়া সেই সকলক সমাদৰ কৰিবা।
4. কিন্তু যদি কোনো বিধৱাৰ সন্তান বা নাতি-নাতিনী থাকে, তেনেহলে তেওঁলোকে প্ৰথমে নিজৰ ঘৰৰ লোক সকলৰ প্রতি শ্রদ্ধা-ভক্তি দেখুৱাবলৈ আৰু নিজ পিতৃ-মাতৃৰ প্ৰতি উপকাৰ কৰিবলৈ শিকক, কিয়নো এয়ে ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয়।
5. কিন্তু যি গৰাকী প্ৰকৃত বিধৱা আৰু অকলশৰীয়া, তেওঁ ঈশ্বৰত কৰা বিশ্ৱাস সুনিশ্চিত ৰাখি, ৰাতিয়ে-দিনে নিবেদন আৰু প্ৰাৰ্থনাত আসক্ত থাকক।
6. কিন্তু যি গৰাকী ইন্দ্ৰিয় সুখত মগ্ন থাকে, তেওঁ জীয়াই থাকিও মৰা।
7. এইবোৰৰ বিষয়ে তুমি আদেশ দিবা, যাতে তেওঁলোক নিৰ্দোষী হয়।
8. কিন্তু কোনোৱে যদি আপোন লোকৰ, বিশেষকৈ নিজৰ ঘৰৰ পৰিয়ালৰ বাবে চিন্তা নকৰে, তেনেহলে তেওঁ বিশ্বাস অস্বীকাৰ কৰিলে আৰু এজন অবিশ্বাসী লোকতকৈয়ো অধম হ’ল।
9. এগৰাকী বিধৱা বুলি এনে মহিলা সকলৰ নাম তালিকাভুক্ত হওক: যি গৰাকীৰ বয়স ষাঠিতকৈ কম নহয় আৰু তেওঁ এজন স্বামীৰ ভার্যা আছিল।
10. তেওঁৰ এনেবোৰ সৎকামৰ কাৰণে সুনাম থকা উচিত; অৰ্থাৎ যদি তেওঁ সন্তানবোৰক লালন-পালন কৰি থাকে, আলহী সুধি থাকে, পবিত্ৰ লোক সকলৰ ভৰি ধুৱাই থাকে, ক্লেশ পোৱাবোৰৰ উপকাৰ কৰে, আৰু সকলো সৎ কৰ্মৰ অনুগামী হৈ থাকে, এই সকলো সৎকৰ্মৰ বাবে সেই জনীয়ে সুখ্যাতি পোৱা উচিত৷
11. কিন্তু যুৱতী বিধৱা সকলক গ্ৰহণ নকৰিবা, কিয়নো তেওঁলোকে ইন্দ্রিয়-সুখাভিলাষিনী হৈ খ্রীষ্টৰ বিৰুদ্ধে গৈ বিয়া হবলৈ ইচ্ছা কৰিব।
12. এইদৰে তেওঁলোকে পূৰ্বৰ শপত প্রত্যাহাৰ কৰাৰ কাৰণে পাপত আৱদ্ধ হয়।
13. ইয়াৰ উপৰি তেওঁলোকে ঘৰে ঘৰে ঘূৰি ফুৰি অকর্মন্য হৈ পৰে আৰু মাত্ৰ অকৰ্মন্যই নহয়, পৰচৰ্চা আৰু লোকৰ কামত হস্তক্ষেপ কৰি, অনৰ্থক কথাবোৰ কবলৈ শিকে, এইবোৰ তেওঁলোকে কৰা উচিত নহয়।
14. এতেকে মোৰ আজ্ঞা এই যে, যুৱতী বিধৱা সকলে তিৰস্কাৰৰ অর্থে বিপক্ষক কোনো সুযোগ নিদিবৰ বাবে তেওঁলোকে পুণৰ বিয়া কৰাওক, সন্তানৰ মাক হওক, আৰু ঘৰ-সংসাৰ কৰক।
15. কিয়নো ইতিমধ্যে কোনো কোনোৱে এনেদৰে চয়তানৰ পাছত বিপথে গ’ল।
16. যদি কোনো বিশ্বাসী মহিলাৰ মাজত বিধৱা সকল থাকে, তেনেহলে মণ্ডলীক ভাৰগ্রস্ত নকৰি তেৱেঁই সেই সকলৰ উপকাৰ কৰক যাতে মণ্ডলীয়ে স্বৰূপ বিধৱা সকলক সাহায্য কৰিব পাৰে।
17. যি যি পৰিচাৰক সকলে উত্তমৰূপে পৰিচালনা কৰে, বিশেষকৈ যি সকলে বাক্য আৰু শিক্ষাত পৰিশ্ৰম কৰে, তেওঁলোক দুগুণ সমাদৰৰ যোগ্য-পাত্ৰ বুলি গণিত হওক।
18. কিয়নো ধৰ্মশাস্ত্ৰত কৈছে “মৰণা মাৰোঁতে গৰুৰ মুখত মোখোৰা নাবান্ধিবা” আৰু “বনুৱা নিজ বেচৰ যোগ্য।”
19. পৰিচাৰক সকলৰ বিৰুদ্ধে অহা অপবাদ দুই তিনি জন সাক্ষী নহলে গ্ৰহন নকৰিবা।
20. আনবোৰে যেন ভয় কৰে, এই কাৰণে পাপী সকলক সকলোৰে আগত তিৰস্কাৰ কৰিবা।
21. ঈশ্বৰ, খ্ৰীষ্ট যীচু আৰু মনোনীত দূত সকলৰ সাক্ষাতে মই তোমাক এইবোৰ বিধান মানি চলিবলৈ দৃঢ় আজ্ঞা দিছোঁ৷ কিন্তু সম্পূর্ণ সত্য নজনাকৈ তুমি কোনো বিচাৰ নকৰিবা আৰু পক্ষপাতেৰে একো নকৰিবা।।
22. কাৰো ওপৰত হঠাতে হাত নিদিবা আৰু অন্য লোকৰ পাপৰ অংশীদাৰ নহ’বা৷ নিজকে নিৰ্দোষী কৰি ৰাখিবা।
23. তুমি কেৱল পানী নাখাবা, কিন্তু তোমাৰ পেটৰ কাৰণে আৰু সঘনাই হৈ থকা অসুখৰ কাৰণে অলপ দ্ৰাক্ষাৰস পান কৰিবা।
24. কোনো কোনো মানুহৰ পাপ সুস্পষ্ট আৰু বিচাৰ-পথত অগ্ৰগামী হয় আৰু কোনো কোনো লোকৰ পাপ পাছত স্পষ্ট হয়৷
25. ঠিক সেইদৰে মানুহৰ সৎ কর্মবোৰো সহজে প্রকাশ পায়। যদিও সেইবোৰৰ কিছুমান স্পষ্ট ৰূপত দেখা পোৱা নাযায়, তথাপি সেইবোৰক চিৰদিনৰ বাবে গুপ্ত কৰি ৰাখিব নোৱাৰি।