A A A A A

যেরেমিয়া 27:1-22
1. যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ আৰম্ভণিত যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল, বোলে,
2. “যিহোৱাই মোক ক’লে, তুমি যোঁত-জৰী আৰু যুৱলি সাজি তোমাৰ ডিঙিত লগোৱা।
3. আৰু যিৰূচালেমলৈ যিহূদাৰ চিদিকিয়া ৰজাৰ গুৰিলৈ দূতবোৰৰ হাতত, ইদোমৰ ৰজা, মোৱাবৰ ৰজা, অম্মোনৰ সন্তানসকলৰ ৰজা, তূৰৰ ৰজা, আৰু চীদোনৰ ৰজাৰ ওচৰলৈ সেইবোৰ পঠিয়াই দিয়া।
4. আৰু নিজ নিজ প্ৰভুক ক’বৰ বাবে তেওঁলোকক এই আদেশ দিয়া, ‘ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই কৈছে: “তোমালোকে নিজ নিজ প্ৰভুক এই এই কথা ক’বা,
5. ‘ময়েই নিজ মহাশক্তিৰে আৰু মেলা বাহুৰে পৃথিৱীক আৰু পৃথিৱীৰ ওপৰত থকা মানুহ আৰু পশুবোৰক সৃষ্ট কৰিলোঁ, আৰু মোৰ দৃষ্টিত যাক ভাল দেখোঁ, তাকে তাক দিওঁ।
6. এই হেতুকে এতিয়া মই এই সকলো দেশ মোৰ দাস বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত দিলোঁ, আৰু তেওঁৰ বন্দীকাম কৰিবৰ অৰ্থে বনৰ জন্তুবোৰকো মই তেওঁক দিলোঁ।
7. আৰু তেওঁৰ নিজ দেশৰ সময় শেষ নোহোৱালৈকে সকলো জাতিয়ে তেওঁৰ, তেওঁৰ পুতেকৰ আৰু তেওঁৰ নাতিয়েকৰ বন্দী-কাম কৰিব; সেই সময় হ’লে অনেক জাতি আৰু মহান ৰজাসকলে তেওঁক তেওঁলোকৰ বন্দী-কাম কৰোৱাব।
8. যি জাতি আৰু ৰজাই সেই বাবিলৰ ৰজা নবূখদনেচৰৰ বন্দী-কাম নকৰিব, আৰু বাবিলৰ ৰজাৰ যুৱলিত নিজৰ ডিঙি নাৰাখিব, যিহোৱাই কৈছে, মই তেওঁৰ হাতেৰে এই জাতিক সংহাৰ নকৰালৈকে তৰোৱাল আৰু মহামাৰীৰ দ্বাৰাই দণ্ড দিম।
9. কিন্তু তোমালোকে হ’লে! তোমালোকে বাবিলৰ ৰজাৰ বন্দী-কাম কৰিবলৈ নাপাবা, ‘এই বুলি তোমালোকক কোৱা তোমালোকৰ ভাববাদী, মঙ্গলতী, স্বপ্নদৰ্শক, গণক, কি মায়াবীৰ কথা নুশুনিবা।’
10. কিয়নো তোমালোকৰ দেশৰ পৰা তোমালোকক দূৰ কৰিবৰ কাৰণে আৰু মই তোমালোকক খেদাই দিলে তোমালোক নষ্ট হবলৈ তোমালোকৰ আগত তেওঁলোকে মিছা ভাববাণী প্ৰচাৰ কৰে।
11. কিন্তু যি জাতিয়ে বাবিলৰ ৰজাৰ যুৱলিৰ তলত নিজৰ ডিঙি ৰাখিব, আৰু তেওঁৰ বন্দীকাম কৰিব, যিহোৱাই কৈছে, ‘মই সেই জাতিক নিজ দেশত থাকিবলৈ দিম; তেওঁলোকে তাত কৃষিকাৰ্য্য কৰিব, আৰু তাত বাস কৰিব”’।”
12. পাছত মই সেই সকলো বাক্য অনুসাৰে যিহূদাৰ ৰজা চিদিকিয়াক ক’লোঁ: “তোমালোকে নিজ নিজ ডিঙি বাবিলৰ ৰজাৰ যুৱলিৰ তলত ৰাখি, তেওঁৰ আৰু তেওঁৰ লোকসকলৰ বন্দী-কাম কৰি জীয়াই থাকা।
13. যি জাতিয়ে বাবিলৰ ৰজাৰ বন্দী-কাম নকৰিব, সেই জাতিৰ বিষয়ে যিহোৱাই কোৱাৰ দৰে, তুমি আৰু তোমাৰ প্ৰজাসকল তৰোৱাল, আকাল আৰু মহামাৰীত কিয় মৰিবা?
14. ‘বাবিলৰ ৰজাৰ বন্দী-কাম কৰিব নাপাবা’ বুলি তোমালোকক কোৱা ভাববাদীসকলৰ কথা নুশুনিবা; কিয়নো তেওঁলোকে তোমালোকৰ আগত মিছা ভাববাণী প্ৰচাৰ কৰে।
15. কাৰণ, যিহোৱাই কৈছে, মই তেওঁলোকক পঠোৱা নাই” কিন্তু মই তোমালোকক খেদাই দিলে তোমালোক আৰু তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা ভাববাদীসকল বিনষ্ট হবৰ কাৰণে, তেওঁলোকে মিছাকৈয়ে মোৰ নামেৰে ভাববাণী প্ৰচাৰ কৰে।
16. পাছে মই পুৰোহিতসকলক আৰু এই সকলো প্ৰজাক ক’লোঁ, “যিহোৱাই এই কথা কৈছে: চোৱা, যিহোৱাৰ গৃহৰ বস্তুবোৰ অলপতে পুনৰায় বাবিলৰ পৰা অনা যাব বুলি তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা তোমালোকৰ ভাববাদীসকলৰ কথালৈ কাণ নিদিবা; কিয়নো সিহঁতে তোমালোকৰ আগত মিছা ভাববাণী প্ৰচাৰ কৰে।
17. তেওঁলোকৰ কথালৈ কাণ নিদিবা, কিন্তু বাবিলৰ ৰজাৰ বন্দী-কাম কৰি জীয়াই থাকা; এই নগৰ কিয় ধ্বংসস্থান হব?
18. কিন্তু যদি তেওঁলোক ভাববাদী হয়, আৰু যদি যিহোৱাৰ বাক্য তেওঁলোকৰ লগত আছে, তেন্তে যিহোৱাৰ গৃহত, যিহূদাৰ ৰাজগৃহত আৰু যিৰূচালেমত অৱশিষ্ট থকা বস্তুবোৰ বাবিললৈ নাযাবলৈ বাহিনীসকলৰ যিহোৱাৰ আগত তেওঁলোকে প্ৰাৰ্থনা কৰক।
19. কিয়নো বাবিলৰ ৰজা নবূখদনেচৰে যিহোয়াকীমৰ পুতেক যিহূদাৰ ৰজা যকনিয়ক, আৰু যিহূদাৰ ও যিৰূচালেমৰ প্ৰধান লোকসকলক আৰু যিৰূচালেমৰ পৰা বাহিৰলৈ বন্দী কৰি নিয়া সময়ত,
20. স্তম্ভ কেইটা, সমুদ্ৰ-পাত্ৰটো, আৰু আধাৰবোৰ আদি কৰি এই নগৰৰ অৱশিষ্ট থকা যি যি বস্তু বাবিলত ৰজা নবূখদনেচৰে নিয়া নাছিল, সেইবোৰৰ বিষয়ে যিহোৱাই এইদৰে কৈছে;
21. এনে কি, যিহোৱাৰ গৃহত, যিহূদাৰ ৰাজগৃহত, আৰু যিৰূচালেমত অৱশিষ্ট থকা সেই বস্তুবোৰৰ বিষয়ে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে,
22. সেই সকলোকে বাবিললৈ নিয়া হ’ব, আৰু মই সেইবোৰৰ বিচাৰ নকৰা দিনলৈকে সেইবোৰ সেই ঠাইতে থাকিব, ইয়াকে যিহোৱাই কৈছে; সেই দিন উপস্থিত হ’লে, মই সেইবোৰ আনি এই ঠাইত পুনৰাই স্থাপন কৰিম’।”

যেরেমিয়া 28:1-17
1. পাছত সেই বছৰত যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্ব কালৰ আৰম্ভণিত চতুৰ্থ বছৰৰ পঞ্চম মাহত, যিহোৱাৰ গৃহত, পুৰোহিত আৰু সকলো প্ৰজাৰ আগত গিবিয়োন নিবাসী অৰ্জ্জুৰৰ পুত্ৰ হননিয়া ভাববাদীয়ে মোক এই কথা ক’লে,
2. “ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘মই বাবিলৰ ৰজাৰ যুৱলি ভাঙিলোঁ।
3. এই ঠাইৰ পৰা বাবিলৰ ৰজা নবূখদনেচৰে বাবিললৈ লৈ যোৱা যিহোৱাৰ গৃহৰ সকলো বস্তু সম্পূৰ্ণ দুই বছৰৰ ভিতৰত মই পুনৰায় এই ঠাইলৈ আনিম।
4. আৰু যিহোৱাই কৈছে, ‘মই যিহোয়াকীমৰ পুত্ৰ যিহূদাৰ ৰজা যকনিয়াক, বাবিললৈ বন্দী কৰি নিয়া যিহূদাৰ সকলোৰে সৈতে এই ঠাইলৈ পুনৰায় আনিম; কিয়নো মই বাবিলৰ ৰজাৰ যুৱলি ভাঙিম’।”
5. তেতিয়া যিৰিমিয়া ভাববাদীয়ে যিহোৱাৰ গৃহত থিয় হৈ থকা পুৰোহিতসকল আৰু প্ৰজাসকলৰ আগত হননিয়া ভাববাদীক কথা ক’লে,
6. যিৰিমিয়া ভাববাদীয়ে এই কথা ক’লে, আমেন, যিহোৱাই তাকেই কৰ’ক; বাবিলৰ পৰা এই ঠাইলৈ যিহোৱাৰ গৃহৰ বস্তুবোৰ আৰু দেশান্তৰত হোৱা আটাইকে পুনৰায় আনিব বুলি তুমি প্ৰচাৰ কৰা সেই ভাববাণীবোৰ যিহোৱাই সিদ্ধ কৰ’ক।
7. তথাপি তোমাৰ কাণত আৰু আটাই প্ৰজাৰ কাণত এই যি কথা মই কওঁ, তাক শুনা।
8. মোৰ আৰু তোমাৰ আগেয়ে যি প্ৰাচীন ভাববাদীসকল আছিল, তেওঁলোকে অনেক অনেক দেশ আৰু মহৎ মহৎ ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ, অমঙ্গল আৰু মহামাৰী হ’ব বুলি ভাববাণী প্ৰচাৰ কৰিছিল।
9. যি ভাববাদীয়ে শান্তি হ’ব বুলি ভাববাণী প্ৰচাৰ কৰে, সেই ভাববাদীৰ বাক্য ফলিয়ালেহে, যিহোৱাই সঁচাকৈ তেওঁক পঠোৱা হয় বুলি জনা যাব।”
10. পাছত হননিয়া ভাববাদীয়ে যিৰিমিয়া ভাববাদীৰ ডিঙিৰ পৰা যুৱলিখন সোলোকাই ভাঙি পেলালে।
11. আৰু হননিয়াই আটাই প্ৰজাসকলৰ আগত ক’লে, “যিহোৱাই এই কথা কৈছে: ‘সম্পূৰ্ণ দুইবছৰৰ ভিতৰত মই বাবিলৰ ৰজা নবূখদনেচৰৰ যুৱলি এইদৰেই ভাঙি আটাই জাতিৰ ডিঙিৰ পৰা গুচাম’।” তেতিয়া যিৰিমিয়া ভাববাদী নিজ বাটে গুচি গ’ল।
12. পাছত হননিয়া ভাববাদীয়ে যিৰিমিয়া ভাববাদীৰ ডিঙিৰ পৰা যুৱলিখন ভাঙি গুচুৱাৰ পাছত যিহোৱাৰ বাক্য যিৰিমিয়ালৈ আহিল, বোলে,
13. “তুমি গৈ হননিয়াক কোৱা, যিহোৱাই এই কথা কৈছে, ‘তুমি কাঠৰ যুৱলি ভাঙিলা হয়, কিন্তু তাৰ সলনি লোহাৰ যুৱলি যুগুত কৰিব লাগে।”
14. কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, বাবিলৰ নবূখদনেচৰ ৰজাৰ বন্দী-কাম কৰিবলৈ মই সকলো জাতিৰ ডিঙিত লোহাৰ যুৱলি লগালোঁ; তাতে তেওঁলোকে তেওঁৰ বন্দী-কাম কৰিব; আৰু মই বনৰ জন্তুবোৰকো তেওঁক দিলোঁ।”
15. পাছত যিৰিমিয়া ভাববাদীয়ে হননিয়া ভাববাদীক ক’লে, “হে হননিয়া, শুনা; যিহোৱাই তোমাক পঠোৱা নাই, কিন্তু তুমি এই লোকসকলক মিছা কথাতে বিশ্বাস কৰাইছা।
16. এই হেতুকে যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই তোমাক পৃথিৱীৰ পৰা দূৰ কৰি দিম; তুমি এই বছৰৰ ভিতৰতে মৰিবা, কাৰণ তুমি যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহৰ কথা ক’লা।
17. আৰু হননিয়া ভাববাদী সেই বছৰৰ সপ্তম মাহত মৰিল।

সামসঙ্গীত 119:33-40
33. হে যিহোৱা, তোমাৰ বিধিবোৰৰ পথৰ সম্বন্ধে মোক শিকোৱা; তাতে মই শেষলৈকে তাক পালন কৰিম।
34. তুমি মোক জ্ঞান দিয়া যাতে মই তোমাৰ ব্যৱস্থাবোৰ মানি চলিব পাৰোঁ, সমস্ত হৃদয়েৰে সৈতে তাক পালন কৰিব পাৰোঁ।
35. তোমাৰ আজ্ঞা- পথত মোক চলোৱা; কিয়নো তাতেই মই সন্তোষ পাওঁ।
36. তোমাৰ আজ্ঞাবোৰলৈ মোৰ হৃদয় আসক্ত কৰি ৰাখা, স্বার্থপৰ লোভলৈ আকর্ষিত নকৰিবা।
37. অসাৰ বস্তুবোৰৰ পৰা তুমি মোৰ দৃষ্টি ঘূৰাই আনা; তোমাৰ পথত চলিবলৈ মোক পুনৰ সঞ্জীৱিত কৰা।
38. তোমাৰ এই দাসৰ প্রতি তোমাৰ প্রতিজ্ঞা পূর্ণ কৰা; যি প্রতিজ্ঞা তোমালৈ ভয়কাৰী লোকৰ বাবে তুমি স্থিৰ কৰিলা।
39. মোৰ দূর্নাম তুমি দূৰ কৰা, যিহক মই ভয় কৰোঁ; কিয়নো তোমাৰ শাসন-প্ৰণালীবোৰ মঙ্গলময়।
40. চোৱা, মই তোমাৰ আদেশবোৰলৈ আকাংক্ষা কৰি আছোঁ; তোমাৰ ধাৰ্মিকতাৰে মোক সঞ্জীৱিত কৰা।

প্রবচন 27:18-18
18. যি জনে ডিমৰু গছক যত্ন কৰে, সেই জনে তাৰ ফল খাবলৈ পায়; আৰু যি জনে নিজৰ মালিকক সুৰক্ষা দিয়ে, তেওঁ সন্মান পায়।

২ থিচলনীকীয়া 3:1-18
1. শেষতে, হে ভাইসকল, আমাৰ কাৰণে প্ৰাৰ্থনা কৰক। প্ৰার্থনা কৰক যাতে আপোনালোকৰ মাজত প্ৰভুৰ বাক্য যেনেকৈ দ্রুতগতিত প্ৰসাৰিত হৈছিল, তেনেকৈ বিস্তাৰিত আৰু গৌৰৱাম্বিত হওক;
2. প্ৰার্থনা কৰক যেন দুৰাচাৰী আৰু দুষ্ট লোকৰ হাতৰ পৰা আমি ৰক্ষা পাওঁ; কিয়নো, সকলো লোকৰ যে বিশ্বাস আছে, এনে নহয়।
3. কিন্তু, প্ৰভু বিশ্বাসী; তেৱেঁই আপোনালোকক সুস্থিৰ কৰিব আৰু দুষ্ট শক্তি চয়তানৰ হাতৰ পৰা ৰক্ষা কৰিব।
4. আপোনালোকৰ সম্বন্ধে প্ৰভুত আমাৰ দৃঢ় বিশ্বাস আছে যে, আমি দিয়া সকলো আদেশ আপোনালোকে পালন কৰিছে আৰু আগলৈও কৰি থাকিব।
5. প্ৰভুৱে আপোনালোকৰ হৃদয়ক ঈশ্বৰৰ প্ৰেম আৰু খ্ৰীষ্টৰ সহনশীলতাৰ পথত চলাওঁক।
6. ভাইসকল, আমি আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আপোনালোকক এই আদেশ দিওঁ যে, কোনো ভায়ে যদি এলেহুৱা হৈ অনিয়মত চলে আৰু আমাৰ পৰা আপোনালোকে পোৱা শিক্ষা অনুসাৰে নচলে, তেনেহলে তাৰ লগ এৰক।
7. কিয়নো আমাৰ অনুকাৰী কেনেকৈ হ’ব লাগে, সেই বিষয়ে আপোনালোকে নিজে জানে। আপোনালোকৰ মাজত থকাৰ সময়ত আমি এলেহুৱা হৈ অনিয়মত চলা নাছিলোঁ;
8. মূল্য নিদিয়াকৈ আমি কাৰো আহাৰ গ্ৰহণ কৰা নাছিলোঁ। ইয়াৰ পৰিৱর্তে আমি আপোনালোকৰ ওপৰত বোজা নহবলৈ দিনে-ৰাতিয়ে পৰিশ্ৰম আৰু কষ্টেৰে কাম কৰিছিলোঁ৷
9. ইয়াত আমাৰ যে ক্ষমতা নাই, এনে নহয়; কিন্তু আপোনালোক যেন আমাৰ অনুকাৰী হয়, তাৰ বাবে আপোনালোকৰ ওচৰত আমি আৰ্হি হবলৈহে ইয়াকে কৰিলোঁ।
10. কাম কৰিবলৈ যদি কোনোৱে অসন্মত হয়, তেনেহলে তেওঁ আহাৰো গ্ৰহন নকৰক, এই বুলি আপোনালোকৰ মাজত থাকোতেই, আমি আপোনালোকক আদেশ দিছিলোঁ।
11. কাৰণ, আমি শুনিবলৈ পাওঁ যে, আপোনালোকৰ কোনো কোনোৱে এলেহুৱা হৈ অনিয়মত চলি আছে আৰু একো কাম নকৰি অনাধিকাৰ চৰ্চ্চা কৰি ফুৰে।
12. এনে লোক সকলক আমি প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আদেশ আৰু উপদেশ দিওঁ, তেওঁলোকে শান্তভাবে কাম কৰি নিজৰ নিজৰ আহাৰ ভোজন কৰক।
13. হে ভাইসকল, সৎ কাম কৰিবলৈ যাওতে আপোনালোক কেতিয়াও নিৰুৎসাহ নহ’ব।
14. এই পত্ৰৰ দ্বাৰাই জনোৱা আমাৰ বাক্য কোনোৱে যদি নামানে, তেনেহলে আপোনালোকে সেই মানুহক চিনি ৰাখিব আৰু তেওঁ লাজ পাবলৈ তেৱেঁ সৈতে আলাপ-ব্যৱহাৰো নকৰিব;
15. কিন্তু তেওঁক শত্ৰুৰদৰে জ্ঞান নকৰিব, বৰং ভাই বুলি চেতনা দিয়ক।
16. এতিয়া শান্তিদাতা প্ৰভুৱে নিজে সকলো সময়ত সকলোভাৱে আপোনালোকক শান্তি দান কৰক। প্ৰভু আপোনালোক সকলোৰে সঙ্গী হওক।
17. মোৰ এই শুভেচ্ছা, মই পৌলে নিজ হাতে লিখিলোঁ; এয়েই মোৰ প্ৰত্যেক পত্ৰৰ চিন; মই এনেকৈয়ে লিখোঁ।
18. আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোক সকলোৰে লগত থাকক।