A A A A A
एक साल में बाइबल
अक्टूबर 15

যেরেমিয়া 15:1-21
1. তেতিয়া যিহোৱাই মোক ক’লে, “যদিও মোচি আৰু চমূৱেল মোৰ আগত থিয় হয়, তথাপি মোৰ মন এই জাতিলৈ সদয় নহ’ব; তুমি মোৰ আগৰ পৰা তেওঁলোকক বিদায় কৰা, তেওঁলোক ওলাই গুচি যাওঁক।
2. আৰু আমি ক’লৈ ওলাই যাম বুলি যেতিয়া তেওঁলোকে ক’ব, তেতিয়া তুমি তেওঁলোকক ক’বা, যিহোৱাই এই কথা কৈছে: মৃত্যুলৈ নিৰূপিত লোক মৃত্যুলৈ; তৰোৱাললৈ নিৰূপিত লোক তৰোৱাললৈ। আকাললৈ নিৰূপিত লোক আকাললৈ, বন্দী-অৱস্থালৈ নিৰূপিত লোক বন্দী-অৱস্থালৈ ওলাই যাওঁক।’
3. আৰু যিহোৱাই কৈছে, মই তেওঁলোকক বধ কৰিবলৈ তৰোৱাল, ছিৰিবলৈ কুকুৰ, খাবলৈ আৰু বিনষ্ট কৰিবলৈ আকাশৰ পক্ষী আৰু পৃথিৱীৰ জন্তু, এই চাৰি বিধক মই তেওঁলোকৰ ওপৰত নিযুক্ত কৰিম।
4. আৰু হিষ্কিয়াৰ পুত্ৰ যিহূদাৰ ৰজা মনচিয়ে যিৰূচালেমত কৰা কাৰ্যৰ কাৰণে, পৃথিৱীৰ আটাই ৰাজ্যৰ মাজত মই তেওঁলোকক ত্ৰাসৰ বিষয় কৰিম।
5. কিয়নো হে যিৰূচালেম, কোনে তোমাক দয়া কৰিব, আৰু তোমাৰ বাবে বিলাপ কৰিব? বা তোমাৰ মঙ্গল সুধিবলৈ কোনে এফলীয়া হৈ যাব?
6. যিহোৱাই কৈছে, তুমি মোক ত্যাগ কৰিলা, তুমি পাছ হুঁহকি গ’লা। এই কাৰণে মই তোমাৰ অহিতে মোৰ হাত মেলি তোমাক নষ্ট কৰিলোঁ; মই ক্ষমা কৰি কৰি আমনি পাইছোঁ।
7. মই তেওঁলোকক দেশৰ দুৱাৰবোৰত কুলাৰে জাৰিলোঁ। তেওঁলোকক সন্তানহীন কৰিলোঁ। মোৰ জাতিক বিনষ্ট কৰিলোঁ; তেওঁলোক নিজৰ পথৰ পৰা নুলটিল।
8. মোৰ আগত তেওঁলোকৰ বিধৱাসকল সমুদ্ৰৰ বালিত্কৈয়ো অধিক হৈছে; মই তেওঁলোকৰ মাজৰ ডেকাসকলৰ মাকৰ বিৰুদ্ধে দুপৰবেলাত এজন সংহাৰক আনিলোঁ, তাইলৈ অকস্মাতে দুখ আৰু ত্ৰাস উপস্থিত কৰিলোঁ।
9. সাত পুত্ৰ প্ৰসৱ কৰা মাতৃয়ে ক্ষীণাই প্ৰাণত্যাগ কৰিলে। দিন থাকোঁতেই তাইৰ বেলি মাৰ গ’ল। তাই লাজ পাই বিবৰ্ণ হ’ল, মই তেওঁলোকৰ অৱশিষ্ট ভাগক শত্ৰূ আগত তৰোৱালত সমৰ্পণ কৰিম এইয়েই যিহোৱাৰ ঘোষণা।
10. হায় হায়, হে মোৰ মাতৃ! সমস্ত পৃথিৱীত বিবাদ আৰু কন্দল কৰাকৈ তুমি মোক প্ৰসৱ কৰিলা। মই কাকো সুতলৈ ধাৰ দিয়া নাই, বা মোকো কোনেও সুতলৈ ধাৰ দিয়া নাই; তথাপি সকলোৱে মোক শাও দিয়ে।
11. যিহোৱাই ক’লে: “মই নিশ্চয়ে তোমাক মঙ্গলৰ কাৰণে সবল নকৰিম নে? নিশ্চয়ে সঙ্কটৰ কালত আৰু দুৰ্দ্দশাৰ সময়ত মই শত্ৰূ তোমাৰ আগত নিবেদন কৰাম।
12. কোনো মানুহে জানো লোহাক গুড়ি কৰিব পাৰে? এনে কি, উত্তৰ দেশীয় লোহা, আৰু পিতল ভাঙিব পাৰে?
13. মই তোমাৰ সম্পত্তি আৰু তোমাৰ বহুমুল্য বস্তু বিনামূল্যে লুটদ্ৰব্যস্বৰূপে দিম। এনে কি, তোমাৰ পাপ সমূহৰ কাৰণে তোমাৰ সীমাৰ সকলো ফালে তাক কৰিম।
14. তেতিয়া শত্রুৱে সৈতে তুমি নজনা দেশলৈ সেইবোৰ নিয়াম, কিয়নো মোৰ ক্ৰোধাগ্নি জ্বলিছে, সেয়ে তোমালোকৰ ওপৰত জ্বলি থাকিব।
15. হে যিহোৱা, তুমিয়েই জানি আছা! মোক সোঁৱৰণ কৰা, মোলৈ কৃপা দৃষ্টি কৰা। আৰু মোৰ অৰ্থে মোৰ তাড়ণাকাৰীৰ প্ৰতিকাৰ সাধা। তোমাৰ দীৰ্ঘ সহিষ্ণুতাত মোক বিনষ্ট হব নিদিবা। মই যে তোমাৰ কাৰণে অপমান সহন কৰিলোঁ, তাক তুমি মনত পেলোৱা।
16. মই তোমাৰ বাক্যবোৰ পোৱা মাত্ৰকে অতি আগ্ৰহেৰে গ্ৰহণ কৰিলোঁ, আৰু তোমাৰ বাক্যবোৰ মোৰ পক্ষে মোৰ মনৰ আনন্দ আৰু উল্লাসজনক হল, কিয়নো হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, মই তোমাৰ নামেৰে প্ৰখ্যাত।
17. মই আমোদকাৰী সকলৰ সভাত বহি উল্লাস কৰা নাই। তোমাৰ হাতৰ কাৰণে মই অকলেই বহোঁ, কিয়নো তুমি মোক ক্ৰোধেৰে পৰিপূৰ্ণ কৰিলা।
18. মোৰ বেদনা কিয় চিৰকলীয়া? আৰু মোৰ ঘা কিয় সুস্থ হব নোৱাৰে? সেয়ে ভাল হব নোখোজে? তুমি জানো সচাঁকৈয়ে মোৰ আগত মিছা জুৰি আৰু অস্থায়ী জল স্বৰূপ হবা?
19. এই হেতুকে যিহোৱাই এইদৰে কৈছে: তুমি যদি উলটি আহাঁ, তেন্তে মোৰ আগত থিয় হব পৰাকৈ মই তোমাক আকৌ আনিম। আৰু যদি অধম বস্তুৰ মাজৰ পৰা ৰত্ন বাহিৰ কৰি লোৱা, তেন্তে মোৰ মুখস্থৰূপ হ’বা; তেওঁলোক তোমালৈ ঘুৰি আহিব, কিন্তু তুমি তেওঁলোকলৈ নুঘুৰিবা।
20. মই এই জাতিৰ আগত তোমাক পিতলৰ দৃঢ় গড়স্বৰূপ কৰিম; তেওঁলোকে তোমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, কিন্তু তোমাক পৰাজয় কৰিব নোৱাৰিব। কিয়নো, যিহোৱাই কৈছে, তোমাৰ ত্ৰাণ আৰু উদ্ধাৰৰ অৰ্থে মই তোমাৰ লগত আছোঁ।
21. আৰু দুষ্টবোৰৰ হাতৰ পৰা মই তোমাক উদ্ধাৰ কৰিম, আৰু ভয়ানকবোৰৰ হাতৰ পৰা তোমাক মুক্ত কৰিম।”

যেরেমিয়া 16:1-21
1. এয়েই যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2. বোলে, “তুমি বিবাহ নকৰিবা, এই ঠাইত তোমাৰ পো-জী হবলৈ নিদিবা।”
3. কিয়নো, এই ঠাইত ওপজা পো-জীৰ বিষয়ে আৰু এই দেশত তেওঁলোকক প্ৰসৱ কৰা মাতৃসকলৰ, আৰু তেওঁলোকক জন্ম দিয়া পিতৃসকলৰ বিষয়ে যিহোৱাই এইদৰে কৈছে:
4. “তেওঁলোকে কষ্টদায়ক মৃত্যুত প্ৰাণত্যাগ কৰিব। আৰু তেওঁলোকৰ কাৰণে কোনেও বিলাপ নকৰিব। তেওঁলোক মাটিৰ ওপৰত সাৰৰ নিচিনাকৈ পৰি থাকিব। আৰু তেওঁলোকক মৈদাম দিয়া নাযাব; ‘তেওঁলোক তৰোৱাল ও আকালৰ দ্বাৰাই হত হ’ব আৰু তেওঁলোকৰ শৱ আকাশৰ চৰাইৰ আৰু পৃথিৱীৰ জন্তুৰ আহাৰ হ’ব।
5. কিয়নো যিহোৱাই এইদৰে কৈছে: “তুমি শোকৰ কোনো ঘৰত নোসোমাবা। তুমি বুকু ভুকুৱাবলৈ নাযাবা, আৰু তেওঁলোকৰ কাৰণে বিলাপ নকৰিবা। কাৰণ, মই এই জাতিৰ পৰা মোৰ শান্তি, এনে কি, দয়া আৰু অনুগ্ৰহ দূৰ কৰিলোঁ!” যিহোৱাই এইদৰেই কৈছে।
6. “এই দেশত থকা বৰ আৰু সৰু লোক মৰিব। তেওঁলোকক মৈদাম দিয়া নাযাব আৰু তেওঁলোকৰ কাৰণে কোনেও বুকু নুভুকুৱাব। আৰু তেওঁলোকৰ কাৰণে কোনেও নিজ ঘা কাট-কুট নকৰিব, বা মূৰ নুখুৰাব।
7. লোক সকলে মৃত লোকৰ কাৰণে তেওঁলোকক শান্তনা দিবলৈ শোক কৰোঁতে তেওঁলোকক পিঠা নিবিলাব, নাইবা তেওঁলোকৰ পিতৃ কি মাতৃৰ কাৰণে পান কৰিবলৈ লোক সকলে তেওঁলোকক শান্তনাদায়ক পান-পাত্ৰ নিদিব।
8. তুমি তেওঁলোকৰ লগত ভোজন-পান কৰিবৰ অৰ্থে, তেওঁলোকৰ লগত বহিবলৈ ভোজৰ ঘৰত নোসোমাবা।”
9. কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: “চোৱা, মই তোমালোকৰ চকুৰ আগতে আৰু তোমালোকৰ দিনতে এই ঠাইৰ পৰা উল্লাসৰ ধ্বনি, আনন্দৰ ধ্বনি, আৰু দৰা-কন্যাৰ ধ্বনি লুপ্ত কৰিম।
10. আৰু তেতিয়া তুমি এই জাতিৰ আগত এই সকলো কথা প্ৰচাৰ কৰিবা, আৰু তেওঁলোকে তোমাক ক’ব, যে, ‘যিহোৱাই আমাৰ বিৰুদ্ধে এই মহা বিপদৰ কথা কিয় ক’লে? বা আমাৰ অপৰাধ কি? আমি আমাৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে কৰা আমাৰ পাপ কি?’
11. তেতিয়া তুমি তেওঁলোকক ক’বা, ‘যিহোৱাই কৈছে, তোমালোকৰ পূৰ্বপুৰুষসকলে মোক ত্যাগ কৰিলে,’ ইতৰ দেৱতাবোৰৰ পাছত চলিলে, সেইবোৰক সেৱাপূজাও কৰিলে আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰিলে। কিন্তু মোক হ’লে ত্যাগ কৰিলে, মোৰ ব্যৱস্থা পালন নকৰিলে।
12. আৰু তোমালোক হ’লে তোমালোকৰ পূৰ্বপুৰুষসকলতকৈয়ো অধিক কদাচৰণ কৰিছা, কিয়নো চোৱা! তোমালোক প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে চলি মোৰ কথাত কাণ নিদিয়া।
13. এই হেতুকে তোমালোকৰ পূৰ্বপুৰুষসকলে আৰু তোমালোকেও যি দেশ জনা নাই, এনে এক দেশলৈ মই এই দেশৰ পৰা তোমালোকক দূৰ কৰি দিম; সেই ঠাইত তোমালোকে দিনে-ৰাতিয়ে ইতৰ দেৱতাবোৰক সেৱাপূজা কৰিবা; কিয়নো মই তোমালোকক অনুগ্ৰহ নকৰিম।
14. এই হেতুকে চোৱা! এনে কোনো দিনবোৰ আহিছে “যিহোৱাই কৈছে”, সেই দিনা লোকসকলে আৰু নক’ব, যে, যি জনাই ইস্ৰায়েলৰ সন্তান সকলক মিচৰ দেশৰ পৰা আনিলে, সেই যিহোৱাৰ জীৱনৰ শপত।’
15. কিন্তু এনেকৈ কব, যে, যি জনাই ইস্ৰায়েলৰ সন্তান সকলক উত্তৰ দেশৰ পৰা, আৰু যি যি দেশলৈ তেওঁলোকক খেদিছিল, সেই সকলো দেশৰ পৰা আনিলে, সেই যিহোৱাৰ জীৱনৰ শপত। মই তেওঁলোকৰ পূৰ্বপুৰুষসকলক যি দেশ দিছিলোঁ, সেই দেশলৈ পুনৰায় তেওঁলোকক আনিম।
16. চোৱা! মই অনেক মাছ-মৰিয়া অনাম, “যিহোৱাই কৈছে”, তেওঁলোকে মাছ ধৰাদি তেওঁলোকক ধৰিব। পাছে মই অনেক ব্যাধ অনাম, তেওঁলোকে চিকাৰীৰ দৰে চিকাৰ কৰি প্ৰত্যেক পৰ্ব্বত, প্ৰত্যেক গিৰি আৰু শিলবোৰৰ খোৰোঙৰ পৰা তেওঁলোকক উলিয়াব।
17. কিয়নো তেওঁলোকৰ সকলো পথত মোৰ চকু আছে, তেওঁলোক মোৰ পৰা গুপুতে নাথাকিব বা তেওঁলোকৰ অপৰাধ মোৰ দৃষ্টিত অগোচৰ নহ’ব।
18. মই প্ৰথমে তেওঁলোকৰ অপৰাধ আৰু পাপৰ দুগুন প্ৰতিফল দিম; কিয়নো তেওঁলোকে নিজৰ ঘিণলগীয়া বস্তুৰ শৱেৰে মোৰ দেশ অশুচি কৰিলে, আৰু তেওঁলোকৰ ঘৃণনীয় পদাৰ্থৰে মোৰ আধিপত্য পৰিপূৰ্ণ কৰিলে।
19. হে মোৰ বল, হে মোৰ কোঁঠ, আৰু সঙ্কটৰ কালৰ মোৰ আশ্ৰয় হে যিহোৱা, পৃথিৱীৰ অন্তৰ পৰা জাতিবোৰে তোমাৰ ওচৰলৈ আহি ক’ব, “আমাৰ পূৰ্বপুৰুষসকলে মিছা, এনে কি অসাৰ আৰু অনুপকাৰী বস্তুৰ বাহিৰে একো অধিকাৰ কৰা নাই।
20. যি ঈশ্বৰ নহয়, মানুহে নিজলৈ জানো এনে দেৱতাবোৰ সাজিব?
21. এই হেতুকে চোৱা! মই তেওঁলোকক জনাম, মোৰ হাত আৰু মোৰ পৰাক্ৰম তেওঁলোকক একেৰাহে জ্ঞাত কৰাম, তাতে মোৰ নাম যে যিহোৱা, ইয়াকে তেওঁলোকে জানিবলৈ পাব।

সামসঙ্গীত 118:21-24
21. মই তোমাৰ ধন্যবাদ কৰোঁ; কিয়নো তুমি মোক উত্তৰ দিলা; তুমি মোৰ পৰিত্ৰাণ থ’লো।
22. ঘৰ নির্মাণকাৰীসকলে যি শিলক অগ্ৰাহ্য কৰিলে, সেয়ে সকলোতকৈ দৰকাৰী চুকৰ প্ৰধান শিল হৈ উঠিল।
23. এইয়া যিহোৱাৰেই কার্য, আমাৰ দৃষ্টিত অতি আচৰিত লাগে।
24. এয়ে সেই দিন, যি দিন যিহোৱাই নিৰূপণ কৰিলে; আহাঁ, আমি এই দিনত আনন্দ কৰোঁ আৰু উল্লাস কৰোঁ।

প্রবচন 27:10-10
10. তোমাৰ বন্ধু আৰু তোমাৰ বন্ধুৰ পিতৃক পৰিত্যাগ নকৰিবা, আৰু তোমাৰ বিপদৰ দিনত ভায়েকৰ ঘৰলৈ নাযাবা। দূৰত থকা ভায়েকতকৈ ওচৰত থকা চুবুৰীয়াই ভাল।

১ থিচলনীকীয়া 2:1-20
1. প্ৰিয় ভাইসকল, আপোনালোকে নিজেই জানে যে, আপোনালোকৰ ওচৰলৈ আমাৰ যোৱা অৰ্থহীন নহ’ল;
2. আপোনালোকে এই কথাও জানে যে, আমি আগেয়ে ফিলিপী নগৰত অনেক দুখভোগ কৰিছিলোঁ আৰু আমাক অপমানিত কৰা হৈছিল। তেতিয়া নানা বিৰোধিতাৰ মাজতো আমি আপোনালোকৰ আগত শুভবাৰ্তা কবলৈ আমাৰ ঈশ্বৰত সাহস পালোঁ।
3. কিয়নো আমাৰ উপদেশ ভুল শিক্ষাৰ পৰা নহয়, অশুচিতামূলক উদ্দেশ্যৰ পৰাওঁ নহয় বা ছলনাযুক্ত নহয়;
4. কিন্তু যেনেকৈ ঈশ্বৰে আমাক বিচাৰ কৰি বিশ্বাসী গণ্য কৰিলে আৰু শুভবার্তা জনোৱাৰ ভাৰ দিলে; তেনেকৈ আমি মানুহক সন্তুষ্ট নকৰি আমাৰ হৃদয়ৰ পৰীক্ষা কৰোঁতা ঈশ্বৰকহে সন্তুষ্ট কৰি কওঁ।
5. আপোনালোকে জানে যে, আমি কোনো কালে তোষামোদ কৰা বাক্য কোৱা নাই বা লোভ ঢাকিবলৈ ছলনা কৰি কোনো কথা কোৱা নাই; ঈশ্বৰ ইয়াৰ সাক্ষী।
6. আমি আপোনালোকৰে হওক বা আনৰে হওক, কোনো মানুহৰ পৰা পাঁচনি হিচাপে মান মৰ্যদা বিচৰা নাই; অৱশ্যে খ্ৰীষ্টৰ পাঁচনি হোৱা বাবে আমি কোনো বিষয় দাবী কৰিব পাৰিলোহেঁতেন৷
7. মাকে নিজৰ সন্তানক লালন-পালন কৰাৰ নিচিনাকৈ আমিও আপোনালোকৰ ওচৰত অতি মৃদুশীলতাৰে আছিলোঁ।
8. এইদৰে আপোনালোকৰ প্ৰতি আমি অধিক স্নেহশীল আছিলোঁ। আপোনালোকক কেৱল ঈশ্বৰৰ শুভবাৰ্তা দিয়াতে সন্তুষ্ট নাছিলো, কিন্তু আপোনালোকৰ কাৰণে নিজৰ প্ৰাণ দিবলৈও আমি সন্মত আছিলোঁ; কাৰণ আমাৰ বাবে আপোনালোক অতি প্ৰিয়।
9. ভাই, আপোনালোকে সোঁৱৰণ কৰক; আমাৰ পৰিশ্ৰম আৰু কষ্ট নিশ্চয় মনত আছে৷ আপোনালোকৰ কাৰো ওপৰত বোজা নহবলৈ, আমি দিনে-ৰাতিয়ে কাম কৰি আপোনালোকৰ আগত ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিছিলোঁ।
10. আপোনালোকৰ দৰে বিশ্বাসী সকলৰ মাজত আমি কেনে পবিত্ৰ, ধাৰ্মিক, আৰু নিৰ্দোষ আচৰণকাৰী আছিলোঁ, তাৰ সাক্ষী আপোনালোক আছিল আৰু ঈশ্বৰো আছে।
11. আপোনালোকে জানে, পিতৃয়ে নিজৰ সন্তান সকলক ব্যৱহাৰ কৰাৰ দৰে আমিও আপোনালোকৰ প্ৰতিজনক উপদেশ, উৎসাহ আৰু সান্ত্বনা দৃঢ়ভাবে দিছিলোঁ যাতে,
12. যিজন ঈশ্বৰে আপোনালোকক তেওঁৰ ৰাজ্য আৰু মহিমালৈ আমন্ত্ৰণ কৰিলে, সেই জন ঈশ্বৰৰ দৃষ্টিত আপোনালোকে যেন যোগ্য জীৱন-যাপন কৰে।
13. এই কাৰণতে আমি সকলো সময়তে ঈশ্বৰক ধন্যবাদ জনাওঁ; ঈশ্বৰৰ বাক্য যেতিয়া আপোনালোকে আমাৰ পৰা পাইছিল, তেতিয়া মানুহৰ বাক্য বুলি নহয়, কিন্তু ঈশ্বৰৰ বাক্য বুলিহে গ্রহণ কৰিছিল, আৰু এই বাক্য স্বৰূপেই ঈশ্বৰৰ বাক্য। এই বাক্যই বিশ্বাস কৰা সকলোৰে মাজত কাৰ্য সাধন কৰি আছে।
14. হে ভাইসকল, যিহূদা ত খ্ৰীষ্ট যীচুত ঈশ্বৰৰ যি মণ্ডলী সমূহ আছে, আপোনালোকে সেই মণ্ডলী সমূহৰ অনুকাৰী হ’ল; ইহুদী সকলৰ পৰা তেওঁলোকে যিবোৰ দুখ-কষ্ট ভোগ কৰিছে, সেই একে নিৰ্যাতন আপোনালোকেও স্বজাতীয় লোকৰ হাতত ভোগ কৰি আছে।
15. ইহুদী সকলে প্ৰভু যীচুক আৰু ভাববাদী সকলক হত্যা কৰিছিল আৰু এতিয়া আমাকো তাড়না কৰি আছে। তেওঁলোকে ঈশ্বৰক সন্তুষ্ট নকৰে আৰু সকলো মানুহৰ বিপক্ষত থাকে।
16. আমি অনা-ইহুদী সকলক পাপৰ পৰা উদ্ধাৰ পাবৰ বাবে শিক্ষা দিওঁ, কিন্তু তেওঁলোকে আমাক পৰিত্ৰাণৰ কথা কবলৈ যাওতে বাধা আৰোপ কৰে; এইদৰে তেওঁলোকে বাৰে বাৰে পাপ কৰি ঈশ্বৰৰ সীমা পাৰ আছে। সেয়েহে ঈশ্বৰৰ ক্ৰোধ চূড়ান্ত ৰূপত তেওঁলোকলৈ নামি আহিছে৷
17. হে ভাইসকল, মনৰ পৰা নহলেও, আপোনালোকৰ পৰা কিছুদিনৰ কাৰণে আমি শৰীৰিৰিক ভাবে আতৰত আছোঁ; কিন্তু আপোনালোকৰ মুখ পুণৰ দেখা পাবলৈ আমি অতি উৎসুক হৈ আছোঁ; সেয়েহে আপোনালোকৰ ওচৰলৈ আহিবলৈ অধিক চেষ্টা কৰিছিলোঁ।
18. এই কাৰণে আমি, বিশেষকৈ মই পৌলে দুই এবাৰ আপোনালোকৰ ওচৰলৈ যাব খুজিছিলোঁ; কিন্তু চয়তানে আমাক বাধা জন্মালে।
19. কিয়নো আমাৰ প্ৰভু যীচুৰ আগমণৰ দিনা তেওঁৰ সাক্ষাতে আপোনালোকেই জানো আমাৰ আশা, আনন্দ আৰু গৌৰৱৰ মুকুট নহ’ব?
20. বাস্তৱিকতে আপোনালোকেই আমাৰ গৌৰৱ আৰু আনন্দ।