A A A A A

যেরেমিয়া 13:1-27
1. যিহোৱাই মোক এইদৰে ক’লে, “তুমি গৈ শণ সূতাৰে বোৱা কাপোৰৰ এগছ টঙালি কিনি তোমাৰ কঁকালত বান্ধা, তাক প্রথমে পানীত নিতিয়াবা।”
2. সেয়ে মই যিহোৱাৰ বাক্য অনুসাৰে এগছ টঙালি কিনি মোৰ কঁকালত বান্ধি ল’লোঁ।
3. তেতিয়া দ্ধিতীয়বাৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
4. বোলে, “তুমি যি টঙালি কিনিলা, আৰু তোমাৰ কঁকালত আছে, তাক লোৱা, আৰু উঠি ফৰাতলৈ যাত্রা কৰা আৰু শিলৰ ফাটত তাক লুকুৱাই ৰাখা।”
5. এইদৰে মই যিহোৱাৰ আজ্ঞা অনুসাৰে গৈ ফৰাতৰ কাষত তাক লুকুৱাই ৰাখিলোঁ।
6. বহু দিনৰ পাছত যিহোৱাই মোক ক’লে, “তুমি উঠি ফৰাতলৈ যোৱা। মই তাত লুকুৱাই ৰাখিবলৈ তোমাক আজ্ঞা দিয়া টঙালিগছ তাৰ পৰা আনাগৈ।”
7. তেতিয়া মই ফৰাতলৈ গৈ, মই লুকুৱাই থোৱা ঠাইৰ পৰা টঙালিগছ খানি উলিয়ালোঁ। কিন্তু চোৱা! সেই টঙালিগছ নষ্ট হ’ল; কোনো কাৰ্যৰ যোগ্য নাছিল।
8. তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ পুনৰ আহিল, বোলে,
9. “যিহোৱাই কৈছে: ‘এনেদৰেই মই যিহূদাৰ অহংকাৰ আৰু যিৰূচালেমৰ মহা অহংকাৰ নষ্ট কৰিম।
10. এই যি দুচৰিত্ৰৰ লোকসকলে মোৰ কথা শুনিবলৈ অমান্তি হৈ নিজ হৃদয়ৰ কঠিনতা অনুসাৰে চলে, আৰু ইতৰ দেৱতাবোৰক সেৱাপূজা আৰু সেইবোৰৰ আগত প্রণিপাত কৰিবৰ অৰ্থে সেইবোৰৰ পাছত যায়, তেওঁলোক কোনো কাৰ্যৰ যোগ্য নোহোৱা এই টঙালি গছৰ নিচিনা হব।
11. কিয়নো যিহোৱাই কৈছে, মানুহৰ কঁকালত যেনেকৈ টঙালি লাগি থাকে, তেনেকৈ মই গোটেই ইস্ৰায়েল বংশক আৰু গোটেই যিহূদা বংশক মোৰ প্ৰজা, আৰু মোৰ কীৰ্ত্তি, প্ৰশংসা, আৰু ভুষণস্বৰূপ কৰিবৰ অৰ্থে নিজতে লগাই ৰাখিছিলোঁ; কিন্তু তেওঁলোকে মোৰ কথা নুশুনিলে।’
12. এই হেতুকে তুমি তেওঁলোকক এই কথা ক’বই লাগিব: যে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: “আটাইবোৰ মোট দ্ৰাক্ষাৰসেৰে পূৰ কৰা যাব।” তেওঁলোকে তোমাক ক’ব, ‘প্ৰত্যেক মোট যে দ্ৰাক্ষাৰসেৰে পূৰ কৰা যাব, তাক জানো আমি ভালকৈ নাজানো?’
13. তেতিয়া তুমি তেওঁলোকক ক’বা, ‘যিহোৱাই এই কথা কৈছে: চোৱা, মই এই দেশ-নিবাসী আটাইকে, এনে কি, দায়ুদৰ সিংহাসনত বহোঁতা ৰজাসকলক, পুৰোহিতসকলক, ভাববাদীসকলক, আৰু যিৰূচালেম নিবাসী সকলোকে দ্ৰাক্ষাৰসেৰে পূৰ কৰি মতোৱাল কৰিম।
14. মই পৰস্পৰক, এনে কি, বাপেক-পুতেকহঁতক লগ লগাই খুন্দিয়া-খুন্দি কৰোৱাম; যিহোৱাৰ এইয়েই ঘোষণা যে - মই যে তেওঁলোকক নষ্ট নকৰিবৰ মনেৰে তেওঁলোকক মৰম, দয়া, কি অনুগ্ৰহ কৰিম, এনে নহ’ব।
15. তোমালোকে শুনা, কাণ দিয়া, অহংকাৰ নকৰিবা, কিয়নো যিহোৱাই কথা কৈছে।
16. তোমালোকৰ ঈশ্বৰ যিহোৱাই অন্ধকাৰ নৌ আনোতেই, অন্ধকাৰময় পৰ্ব্বতত তোমাৰ ভৰি উজুটি নৌ খাওঁতেই, আৰু তোমালোকে পোহৰলৈ বাট চোৱাত তেওঁ তাক মৃত্যুচ্ছায়াত পৰিবৰ্ত্তন নৌ কৰোঁতেই, আৰু তাক ঘোৰ অন্ধকাৰ নৌ কৰোঁতেই তেওঁক গৌৰৱাম্বিত কৰা।
17. কিন্তু তোমালোকে যদি তাক নুশুনা, তোমালোকৰ গৰ্ব্বৰ কাৰণে মোৰ মনে নিৰলে ক্ৰন্দন কৰিব। আৰু যিহোৱাৰ জাকক বন্দী কৰি নিয়াৰ বাবে মোৰ চকুৰ পৰা বহু অশ্রু ওলাব, আৰু পানীৰে ধাৰ বব।
18. তুমি ৰজা আৰু ৰাজমাক কোৱা, “নিজকে নম্র কৰা আৰু তোমালোক চাপৰত বহা, কিয়নো তোমালোকৰ শিৰোভুষণ, এনে কি, সুন্দৰ মুকুট খহি পৰিল।
19. দক্ষিণ অঞ্চল ৰ নগৰবোৰ বন্ধ হ’ল, সেইবোৰ মেলি দিওঁতা কোনো নাই; গোটেই যিহূদাক দেশান্তৰলৈ নিয়া হ’ল, তাৰ সকলো লোককে নিয়া হ’ল।
20. তোমালোকে উত্তৰ দিশৰ পৰা অহা এই লোকসকলক চোৱা। তোমাক দিয়া সেই মেৰৰ জাকটি, তোমাৰ সুন্দৰ জাকটি ক’ত?
21. তুমি নিজে নিজৰ বিপক্ষে তোমাৰ বন্ধুসকলক শিক্ষা দিয়াত, যেতিয়া তেওঁ তোমাৰ ওপৰত সেই বন্ধুসকলক মূৰব্বী পাতিব? তেতিয়া তুমি কি কবা? প্ৰসৱকাৰিণীৰ বেদনাৰ দৰে বেদনাই তোমাক নধৰিব নে?
22. তেতিয়া হয়তো তুমি মনতে ক’বা, যে, “মোৰ এনে দশা কিয় ঘটিল?” তেন্তে শুনা, তোমাৰ অপৰাধ অধিক হোৱাত তোমাৰ বস্ত্ৰৰ আঁচল ওপৰলৈ তোলা হ’ল, আৰু তোমাক বলাৎকাৰ কৰা হ’ল।
23. কুচীয়া লোকে জানো নিজৰ ছাল, বা নাহৰফুটুকী বাঘে জানো নিজ গাৰ ফুটুকা-ফুটুকীবোৰ, সলনি কৰিব পাৰে? যদি পাৰে, তেন্তে কুকৰ্মত অভ্যাস থকা যি তোমালোক, তোমালোকেও সৎকৰ্ম কৰা সম্ভৱ।
24. এই হেতুকে মই অৰণ্যৰ বতাহত উৰি যোৱা খেৰৰ নিচিনাকৈ তেওঁলোকক উৰুৱাই দিম।
25. যিহোৱাই কৈছে, এয়ে তোমাৰ নিৰূপিত ভাগ, মই তোমাক জুখি দিয়া অংশ; কিয়নো তুমি মোক পাহৰিলা, আৰু মিছাত বিশ্বাস কৰিলা।
26. সেই কাৰণে মইয়ো তুমি পিন্ধা কাপোৰৰ আঁচল মুখৰ ওপৰলৈকে দাঙিম; আৰু তোমাৰ লাজৰ ঠাই দেখা যাব।
27. চহৰৰ বাহিৰৰ পৰ্ব্বতত মই তোমাৰ ঘিণলগীয়া কাম, এনে কি, তোমাৰ ব্যভিচাৰকৰ্ম, তোমাৰ ঢেকঢেকনি, আৰু বেশ্যাবৃত্তিৰ কুকৰ্ম দেখিলোঁ, হে যিৰূচালেম তুমি সন্তাপৰ পাত্ৰী! তুমি শুচি হবলৈ ইচ্ছা নকৰা। তুমি এনে অৱস্থাত আৰু কিমান কাল থাকিবা?

যেরেমিয়া 14:1-22
1. অনাবৃষ্টিৰ বিষয়ে যিৰিমিয়ালৈ অহা এয়েই যিহোৱাৰ বাক্য।
2. “যিহূদাক শোক কৰিবলৈ দিয়া; আৰু তাৰ বৰদুৱাৰ কেইখনে বিলাপ কৰ’ক। তেওঁলোকে ক’লা কাপোৰ পিন্ধি মাটিত বহিছে; আৰু যিৰূচালেমৰ চিঞঁৰ ওপৰলৈ উঠিছে।
3. তেওঁলোকৰ বৰ লোকসকলে নিজ নিজ অধীনৰ দাসবোৰক পানীৰ বাবে পঠাইছে। তেওঁলোকে জলাধাৰবোৰৰ ওচৰলৈ গৈ পানী নাপাই শুদা পাত্ৰ লৈ উলটি আহিছে; তেওঁলোকে লাজ পাই মুখ বিবৰ্ণ কৰিছে, আৰু তেওঁলোকৰ মূৰ ঢাকিছে।
4. দেশত বৃষ্টি নোহোৱাত মাটি টান হ’ল, কাৰণ খেতিয়কসকলে লাজ পাই নিজ নিজ মূৰ ঢাকি ৰাখিছে।
5. এনে কি, ঘাঁহ নোহোৱাতে হৰিণীয়েও পথাৰত পোৱালি জগাই এৰি থৈ গৈছে।
6. আৰু বনৰীয়া গাধবোৰে গছশূন্য পৰ্ব্বতত থিয় হৈ শিয়ালৰ দৰে বায়ুৰ কাৰণে হেঁপাই-ফোঁপাই ফুৰিছে। তৃণ নথকাত তেওঁলোকৰ চকু ক্ষীণাই গৈছে।”
7. হে যিহোৱা, যদিও আমাৰ অপৰাধবোৰে আমাৰ অহিতে সাক্ষ্য দিছে, তথাপি তুমি নিজ নামলৈ চাই কাৰ্য কৰা। কিয়নো আমাৰ বিপথগমন অনেক; আমি তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ।
8. হে ইস্ৰায়েলৰ আশাভুমি, তাৰ সঙ্কটৰ কালৰ ত্ৰাণকৰ্ত্তা, তুমি কিয় দেশত প্ৰবাস কৰা লোকৰ দৰে, আৰু ৰাতি থকা পথিকৰ নিচিনা?
9. তুমি কিয় তধা লগা মানুহৰ দৰে, আৰু ত্ৰাণ কৰিবলৈ সমৰ্থ নথকা বীৰৰ নিচিনা? তথাপি হে যিহোৱা, তুমি আমাৰ মাজত আছা! আৰু আমি তোমাৰ নামেৰে প্ৰখ্যাত। আমাক ত্যাগ নকৰিবা।
10. যিহোৱাই এই জাতিৰ বিষয়ে এই কথা কৈছে: “তেওঁলোকে সিমানকৈ ভ্ৰমণ কৰিবলৈ ভাল পায়, তেওঁলোকে নিজ নিজ ভৰি নাৰাখিলে।” এই কাৰণে যিহোৱাই তেওঁলোকক গ্ৰহণ নকৰে। তেওঁ এতিয়া তেওঁলোকৰ অপৰাধ সোঁৱৰণ কৰিব আৰু তেওঁলোকৰ পাপবোৰৰ কাৰণে তেওঁলোকক দণ্ড দিব।
11. যিহোৱাই মোক আৰু ক’লে, তুমি এই জাতিৰ মঙ্গলৰ অৰ্থে প্ৰাৰ্থনা নকৰিবা।
12. তেওঁলোকে লঘোন দিলেও মই তেওঁলোকৰ কাতৰোক্তি নুশুনিম আৰু তেওঁলোকে হোম ও নৈবেদ্য উৎসৰ্গ কৰিলেও তেওঁলোকক গ্ৰহণ নকৰিম; কিন্তু তৰোৱাল, আকাল, আৰু মহামাৰীৰ দ্বাৰাই মই তেওঁলোকক সংহাৰ কৰিম।”
13. তেতিয়া মই ক’লোঁ, “হায় হায়, প্ৰভু যিহোৱা! চোৱা! ভাববাদীসকলে তেওঁলোকক কয়, “তোমালোকে তৰোৱাল নেদেখিবা; বা তোমালোকলৈ আকাৰ নঘটিব, কিন্তু মই এই ঠাইত তোমালোকক প্ৰকৃত শান্তি দিম’।”
14. তেতিয়া যিহোৱাই মোক ক’লে, ‘সেই ভাববাদীবোৰে মিছাকৈয়ে মোৰ নাম কৰি ভাববাণী প্ৰচাৰ কৰে। মই তেওঁলোকক পঠোৱা, কি কোনো আজ্ঞা দিয়া নাই, নাইবা তেওঁলোকক কোনো কথা কোৱা নাই। তেওঁলোকক তোমালোকৰ আগত মিছা দৰ্শন, মঙ্গল চোৱা কথা, অসাৰ কথা, আৰু নিজ নিজ মনৰ প্ৰবঞ্চনামূলক ভাববাণী প্ৰচাৰ কৰে।
15. এই হেতুকে “যি ভাববাদীবোৰক মই পঠোৱা নাই, তথাপি তৰোৱাল আৰু আকাল এই দেশত নহব বুলি কৈ তেওঁলোকে মোৰ নামেৰে ভাববাণী প্ৰচাৰ কৰে: সেই ভাববাদীসকলৰ বিষয়ে যিহোৱাই এই কথা কৈছে, তৰোৱাল আৰু আকালৰ দ্বাৰাই সেই ভাববাদীসকলক সংহাৰ কৰা যাব।
16. আৰু তেওঁলোকে যি জাতিৰ আগত ভাববাণী প্ৰচাৰ কৰে, আকাল আৰু তৰোৱালৰ কাৰণে যিৰূচালেমৰ আলিত তেওঁলোকক পেলাই দিয়া যাব, আৰু তেওঁলোকক, তেওঁলোকৰ স্ত্রীসকলক, লৰা-ছোৱাৰীসকলক মৈদাম দিওঁতা কোনো নহ’ব, কিয়নো মই তেওঁলোকৰ দুষ্টতাৰ ফল তেওঁলোকৰ ওপৰত ঢালি দিম।
17. তুমি তেওঁলোকক এই কথা কোৱা, দিনে-ৰাতিয়ে মোৰ চকুৰ পৰা ধাৰেৰে পানী বৈ থাকক, নাথামক। কিয়নো মোৰ জাতিস্বৰূপা কুমাৰী জীয়াৰী মহা-আঘাতত, আৰু অত্যন্ত কষ্টদায়ক প্ৰহাৰত ভগ্ন হ’ল।
18. মই যদি ওলাই পথাৰলৈ যাওঁ, তেতিয়া তাত তৰোৱালেৰে হত হোৱা লোক দেখোঁ, আৰু যদি নগৰত সোমাওঁ, আৰু তাতো আকালত পীড়িত হোৱা মানুহ দেখোঁ; কিয়নো ভাববাদী আৰু পুৰোহিত দুয়ো দেশত ভ্ৰমি ফুৰে, একো নাজানে।
19. তুমি যিহূদাক নিচেইকৈ অগ্ৰাহ্য কৰিলা নে? তোমাৰ মনে চিয়োনক ঘিণ কৰিলে নে? তুমি আমাক সুস্থ হ’ব নোৱাৰাকৈ কিয় প্ৰহাৰ কৰিলা? আমি শান্তিলৈ বাট চালোঁ, কিন্তু কোনো মঙ্গল নাহিল, আৰু সুস্থ হবৰ সময়লৈ বাট চালোঁ, কিন্তু চোৱা, কেৱল ত্ৰাসহে।
20. হে যিহোৱা, আমাৰ দুষ্টতা, আৰু আমাৰ পিতৃসকলৰ অপৰাধ আমি স্বীকাৰ কৰোঁ, কিয়নো আমি তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ।
21. তুমি নিজ নামলৈ চাই আমাক ঘিণ নকৰিবা! নিজ গৌৰৱযুক্ত সিংহাসন অপমানিত নকৰিবা। সোঁৱৰণ কৰা, আমাৰ সৈতে স্থাপন কৰা তোমাৰ নিয়মটি নাভাঙিবা।
22. জাতিবোৰৰ অসাৰ দেৱতাবোৰৰ মাজত বৃষ্টি দিব পৰা এনে কোন আছে? বা আকাশে জানো নিজ জল বৰ্ষাব পাৰে? হে আমাৰ ঈশ্বৰ যিহোৱা, তুমিয়েই জানো এই জনা নোহোৱা? এই হেতুকে আমি তোমালৈ বাট চাই থাকিম; কিয়নো তুমিয়েই এই সকলো কৰিলা।

সামসঙ্গীত 118:15-20
15. ধাৰ্মিকসকলৰ তম্বুত বিজয়ৰ আনন্দপূর্ণ ধ্বনি হ’ল; “যিহোৱাৰ সোঁ-হাতে মহৎ কাৰ্য কৰিলে।”
16. যিহোৱাৰ সোঁ-হাত উত্তোলিত হ’ল; যিহোৱাৰ সোঁ-হাতে মহৎ কাৰ্য কৰিলে।
17. মোৰ মৃত্যু নহ’ব, কিন্তু মই জীয়াই থাকিম, আৰু যিহোৱাই কৰা কাৰ্যবোৰ ঘোষণা কৰিম।
18. যিহোৱাই মোক বৰকৈ শাস্তি দিলে; কিন্তু তেওঁ মোক মৃত্যুৰ হাতত শোধাই নিদিলে।
19. মোলৈ ধাৰ্মিকতাৰ দুৱাৰবোৰ মুকলি কৰি দিয়া, যাতে সেইবোৰৰ ভিতৰত সোমাই মই যিহোৱাৰ ধন্যবাদ কৰিব পাৰোঁ।
20. এয়াই যিহোৱাৰ দুৱাৰ; ইয়াৰ মাজেদিয়েই ধাৰ্মিকসকল সোমায়।

প্রবচন 27:9-9
9. সুগন্ধ দ্রব্য আৰু ধূপে যেনেকৈ হৃদয় আনন্দিত কৰে, কিন্তু বন্ধুৰ পৰামৰ্শতকৈ তেওঁৰ আন্তৰিকতা শ্রেষ্ঠ।

১ থিচলনীকীয়া 1:1-10
1. মই পৌল, চীল আৰু তীমথিয়, পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টত থকা থিচলনীকীয়া সকলৰ মণ্ডলীৰ সমীপলৈ; অনুগ্ৰহ আৰু শান্তি আপোনালোকলৈ হওক।
2. আমি সদায় প্ৰাৰ্থনা কালত আপোনালোক সকলোৰে নাম সোঁৱৰণ কৰোঁ আৰু আপোনালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ।
3. আপোনালোকৰ বিশ্বাসৰ কাৰ্য, প্ৰেমৰ পৰিশ্ৰম আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টত যি আশা আছে, সেই আশাক দৃঢ়ভাবে আৰু সহনশীলতাৰে যে আপোনালোকে ধৰি ৰাখিছে, সেয়েহে এইবোৰ বিষয় সোঁৱৰণ কৰি নিৰন্তৰে আমি পিতৃ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ।
4. হে ঈশ্বৰৰ প্ৰিয় ভাইসকল, আপোনালোক যে মনোনীত লোক, সেই বিষয়ে আমি জানো;
5. কাৰণ আমাৰ দ্বাৰা প্ৰচাৰিত শুভবাৰ্তা কেৱল কথাৰে আপোনালোকলৈ অহা নাছিল; কিন্তু পৰাক্ৰম, পবিত্ৰ আত্মা আৰু অধিক নিশ্চয়তাৰে আপোনালোকলৈ আহিছিল। তাতে আমি আপোনালোকৰ বাবে কেনে ধৰণে আছিলোঁ, সেই বিষয়ে আপোনালোকৰ লগত থকাৰ সময়ত আপোনালোকে নিজে জানিছিল।
6. বহু ক্লেশৰ মাজত পবিত্ৰ আত্মাই দিয়া আনন্দৰ সৈতে আপোনালোকে সেই শুভবার্তা গ্ৰহণ কৰি আমাৰ আৰু প্ৰভুৰ অনুকাৰী হ’ল।
7. তাৰ ফলত আপোনালোক মাকিদনিয়া আৰু আখায়াত থকা সকলো বিশ্বাসী লোকলৈ আৰ্হি হৈছে।
8. মাত্র মাকিদনিয়া আৰু আখায়া অঞ্চলতে যে আপোনালোকৰ পৰা প্ৰভুৰ বাক্য বিয়পি পৰিছে এনে নহয়, কিন্তু ঈশ্বৰৰ প্ৰতি আপোনালোকৰ যি বিশ্বাস, সেই বাৰ্তা সকলো ঠাইতে বিয়পি পৰিছে। এই বিষয়ে আমি একো কোৱাৰ প্ৰয়োজন নাই।
9. কাৰণ লোক সকলে আমাক জনাইছে যে, আপোনালোকে কিদৰে আমাক গ্ৰহণ কৰিছিল আৰু কি ভাবে আপোনালোকে মূর্তি পূজাৰ পৰা ঘূৰি জীৱন্ত আৰু সত্য ঈশ্বৰৰ সেৱা কৰি আছে৷
10. ঈশ্বৰে যি পুত্রক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁ স্বৰ্গৰ পৰা ঘূৰি অহালৈ আমি অপেক্ষাও কৰি আছোঁ। সেই পুত্র যীচুৱেই আমাক আহিব লগা ক্রোধৰ পৰা ৰক্ষা কৰিব।