A A A A A

আদিপুস্তক 17:1-27
1. অব্ৰামৰ বয়স যেতিয়া নিৰানব্বই বছৰ হ’ল, তেতিয়া যিহোৱাই অব্ৰামক দৰ্শন দি ক’লে, “মই সৰ্ব্বশক্তিমান ঈশ্বৰ; মোৰ লগত চলাচল কৰা আৰু সিদ্ধ হোৱা।
2. মোৰ আৰু তোমাৰ মাজত মই মোৰ বিধি স্থাপন কৰিম আৰু মই তোমাৰ বংশক অতিশয় ৰূপে বৃদ্ধি কৰিম।”
3. তেতিয়া অব্ৰামে উবুৰি খাই মাটিত মুখ থৈ প্রণিপাত কৰিলে আৰু ঈশ্বৰে তেওঁৰে সৈতে কথা ক’বলৈ ধৰিলে।
4. তেওঁ ক’লে, “শুনা, তোমাৰ সৈতে স্থাপন কৰা মোৰ বিধি এই: তুমি এক বাহুল্য জাতিৰ আদিপিতৃ হ’বা।
5. তোমাক অব্ৰাম বুলি পুনৰ কোৱা নহ’ব, কিন্তু এতিয়াৰ পৰা তোমাৰ নাম অব্ৰাহামহে হ’ব; কিয়নো মই তোমাক আদিপিতৃ হ’বলৈ নিৰূপণ কৰিলোঁ।
6. মই তোমাৰ বংশ অতিশয়ৰূপে বৃদ্ধি কৰিম। তোমাৰ পৰা মই অনেক নতুন জাতিৰ সৃষ্টি কৰিম আৰু তোমাৰ পৰা ৰজাসকলৰো জন্ম হ’ব।
7. এই বিধি মোৰ, তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ মাজত পুৰুষানুক্রমে স্থাপন কৰিলোঁ; ই এক চিৰকালৰ বিধি হ’ব। মই তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ লোকসকলৰ ঈশ্বৰ হ’বলৈ মোৰ বিধি স্থাপন কৰিলোঁ।
8. যি কনান দেশত তুমি প্রবাসী হৈ বাস কৰিছা, মই তোমাক আৰু তোমাৰ ভাবী-বংশক এই সমুদায় দেশ সদাকালৰ অধিকাৰৰ অৰ্থে দিম আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।”
9. পুনৰ ঈশ্বৰে অব্ৰাহামক ক’লে, “তোমালোকৰ বাবে মোৰ এই বিধি পালন কৰিব লাগিব; তুমি আৰু তোমাৰ ভাবী-বংশই পুৰুষানুক্ৰেমে তাক পালন কৰিব লাগে।
10. তোমালোকে মানিবলগীয়া এই বিধি হৈছে - তোমালোকৰ মাজৰ প্রত্যেক পুৰুষৰ চুন্নৎ হ’ব লাগিব; এই বিধি তোমাৰ আৰু তোমাৰ বংশৰ লোকসকলে মানি চলিব লাগিব।
11. তোমালোকে নিজ নিজ লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিবা আৰু সেয়ে মোৰে আৰু তোমালোকৰ মাজত স্থাপিত হোৱা নিয়মৰ চিন হ’ব।
12. বংশানুক্রমে তোমালোকৰ প্রত্যেকজন পুত্ৰ-সন্তানৰ জন্মৰ আঠ দিনৰ দিনা এই চুন্নৎ হ’ব লাগিব; বংশৰ কোনো নহলেওঁ তোমালোকৰ ঘৰত জন্ম হোৱা আৰু বিদেশীৰ পৰা কিনি লোৱা দাসবোৰৰো চুন্নৎ হ’ব লাগিব।
13. তোমাৰ ঘৰত জন্ম হোৱা পুৰুষ আৰু তুমি কিনি লোৱা সকলো পুৰুষৰে চুন্নৎ হ’বই লাগিব; এইদৰে তোমালোকৰ শৰীৰত মোৰ বিধি চিৰকালৰ এক নিয়ম হ’ব।
14. যি জন পুৰুষৰ লিঙ্গগ্ৰ-চৰ্ম্ম ছেদন কৰা নহয়, এনে চুন্নৎ নোহোৱা পুৰুষক নিজ জাতিৰ মাজৰ পৰা বহিস্কাৰ কৰা হ’ব; কাৰণ তেওঁ মোৰ বিধি অমান্য কৰিলে।”
15. ঈশ্বৰে অব্ৰাহামক ক’লে, “তোমাৰ ভাৰ্যা চাৰীক আৰু চাৰী বুলি নামাতিবা; কিন্তু তেওঁৰ নাম চাৰা [ৰাণী] হ’ব।
16. মই তেওঁক আশীৰ্ব্বাদ কৰিম আৰু তেওঁৰ পৰা তোমাক এটি পুত্ৰও দিম; মই তেওঁক আশীৰ্ব্বাদ কৰিম যাতে তেওঁ অনেক জাতি আৰু তেওঁলোকৰ ৰজাসকলৰ আদিমাতৃ হ’ব।”
17. এই কথা শুনি অব্ৰাহামে মাটিত উবুৰি হৈ পৰিল আৰু হাঁহি মাৰি মনতে ক’লে, “এশ বছৰীয়া বৃদ্ধই সন্তান পাবনে আৰু নব্বৈ বছৰীয়া চাৰা ই জানো সন্তান প্ৰসৱ কৰিব পাৰে?”
18. অব্ৰাহামে ঈশ্বৰক ক’লে, “ইশ্মায়েলেই যেন আপোনাৰ দৃষ্টিত জীয়াই থাকে, মোলৈ এয়ে সন্তোষজনক।”
19. ঈশ্বৰে ক’লে, “নহয়, তোমাৰ ভাৰ্যা চাৰা ই তোমালৈ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম ইচহাক [হাঁহি] ৰাখিবা; মই চিৰকালৰ এক বিধিৰূপে ইচহাক আৰু তেওঁৰ ভাবী-বংশৰ লোকসকলৰ সৈতে মোৰ বিধি স্থাপন কৰিম।
20. ইশ্মায়েলৰ বিষয়ে হ’লে মই তোমাৰ কথা শুনিলোঁ; চোৱা, মই তেওঁক আশীৰ্ব্বাদ কৰিলোঁ; তেওঁকো মই বহুবংশ কৰিম আৰু তেওঁৰ সন্তান-সন্ততি অতিশয়ৰূপে বৃদ্ধি কৰিম; তেৱোঁ বাৰজন গোষ্ঠী-নেতাৰ পিতৃ হ’ব আৰু তেওঁৰ পৰা মই এক মহাজাতি উৎপন্ন কৰিম।
21. কিন্তু মোৰ নিয়মটি হ’লে অহা বছৰ এই সময়তে চাৰাই তোমালৈ যি সন্তান প্ৰসৱ কৰিব, সেই ইচহাকৰ সৈতেহে স্থাপন কৰিম।”
22. অব্ৰাহামৰ লগত কথা কৈ শেষ কৰাৰ পাছত ঈশ্বৰ তেওঁৰ ওচৰৰ পৰা ওপৰলৈ গুছি গ’ল।
23. তাৰ পাছত ঈশ্বৰৰ কথা অনুসাৰে অব্ৰাহামে তেওঁৰ পুতেক ইশ্মায়েলক, তেওঁৰ ঘৰত জন্ম হোৱা আৰু কিনি লোৱা দাসবোৰক অৰ্থাৎ অব্ৰাহামৰ ঘৰত যিমান পুৰুষ আছিল, তেওঁ সেই দিনাই সকলোৰে লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিলে।
24. অব্ৰাহামে যেতিয়া নিজৰ লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিছিল, সেই সময়ত তেওঁৰ বয়স আছিল নিৰানব্বৈ বছৰ আৰু
25. তেওঁৰ পুত্ৰ ইশ্মায়েলৰ বয়স আছিল তেৰ বছৰ।
26. সেই একে দিনাই অব্ৰাহাম আৰু তেওঁৰ পুত্ৰ ইশ্মায়েল দুয়োৰে চুন্নৎ কৰা হ’ল।
27. তেওঁৰ লগতে ঘৰৰ আন সকলো পুৰুষৰ অর্থাৎ তেওঁৰ ঘৰত জন্ম হোৱা আৰু বিদেশীৰ পৰা যি সকলক কিনি লোৱা হৈছিল, সেই সকলো পুৰুষৰে চুন্নৎ কৰা হ’ল।

আদিপুস্তক 18:1-33
1. অব্রাহামে যেতিয়া মম্ৰিৰ ওক গছবোৰৰ ওচৰত বাস কৰিছিল, তেতিয়া যিহোৱাই তেওঁক এদিন দৰ্শন দিলে। তেওঁ দুপৰীয়াৰ ৰদত নিজৰ তম্বুৰ দুৱাৰ মুখত বহি আছিল;
2. তেনে সময়তে তেওঁ মূৰ তুলি চাই দেখিলে, কিছু দূৰৈত তেওঁৰ সন্মুখত তিনি জন লোক থিয় হৈ আছে; তেওঁলোকক দেখামাত্ৰকে লগ ধৰিবলৈ তেওঁ তম্বুৰ দুৱাৰ মুখৰ পৰা লৰি গ’ল আৰু মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে।
3. তেওঁ ক’লে, “হে প্ৰভু, যদি আপোনালোকৰ দৃষ্টিত মই অনুগ্ৰহ প্ৰাপ্ত হৈছোঁ, তেন্তে আপোনালোকৰ এই দাসক এৰি পাৰ হৈ আগবাঢ়ি নাযাব।
4. মই অলপ পানী আনি দিওঁ, আপোনালোকে ভৰি ধুই লওঁক আৰু গছজোপাৰ তলতে বিশ্ৰাম লওঁক।
5. আপোনালোক যেতিয়া এই দাসৰ গুৰিলৈ আহিছে, তেন্তে মই অলপমান আহাৰো লৈ আনোগৈ; তাৰে আপোনালোকে যেন নিজৰ প্ৰাণ জুৰাব পাৰে আৰু পুনৰ যাত্রা কৰিব পাৰিব।” তেতিয়া তেওঁলোকে ক’লে, “ঠিক আছে, তুমি কোৱাৰ দৰেই কৰা।”
6. অব্ৰাহামে তেতিয়া বেগাই তম্বুৰ ভিতৰলৈ গৈ চাৰাক ক’লে, “তুমি সোনকালে তিনি চেয়া ভাল ময়দা মাখি লৈ কেইখনমান পিঠা যুগুত কৰি দিয়া।”
7. তাৰ পাছত অব্ৰাহামে লৰি গৈ পশুৰ জাকৰ পৰা ভাল চাই এটা সৰু দামুৰি আনি তেওঁৰ দাসক দিলে; সেই দাসেও ততাতৈয়াকৈ তাক ৰান্ধিলে।
8. পাছত অব্রাহামে দৈ, গাখীৰ আৰু দামুৰিৰ ৰন্ধা মঙহ লৈ তেওঁলোকৰ সন্মুখত থলে; তেওঁলোকে যেতিয়া ভোজন কৰি আছিল, তেতিয়া অব্রাহাম তেওঁলোকৰ কাষতে থকা গছজোপাৰ তলত থিয় হৈ আছিল।
9. তেওঁলোকে অব্রাহামক সুধিলে, “তোমাৰ ভাৰ্যা চাৰা ক’ত আছে?” তেওঁ ক’লে, “সৌ তাত, তম্বুৰ ভিতৰত আছে।”
10. তেতিয়া তেওঁলোকৰ মাজৰ এজনে ক’লে, “বসন্তকালত মই নিশ্চয়ে তোমাৰ ওচৰলৈ আকৌ উলটি আহিম; তেতিয়া তোমাৰ ভাৰ্যা চাৰাৰ এটি পুত্ৰ হ’ব।” চাৰাই তেওঁৰ পাছফালে তম্বুৰ দুৱাৰমুখত থাকি সকলো কথা শুনি আছিল।
11. অব্ৰাহাম আৰু চাৰা সেই সময়ত যথেষ্ট বৃদ্ধ-বৃদ্ধা; বয়সে ভাঁটি দিছিল আৰু চাৰাৰ পক্ষে সন্তান লাভৰ বয়সো নাছিল।
12. সেয়ে চাৰাই মনৰ ভিতৰতে হাঁহি নিজকে ক’লে, “মোৰ স্বামী এতিয়া বুঢ়া হ’ল আৰু ময়ো ক্ষয় পাই আহিলোঁ, মোৰ এনে আনন্দ হ’ব নে?”
13. যিহোৱাই তেতিয়া অব্ৰাহামক ক’লে, “চাৰাই কেলেই এই কথা কৈ হাঁহিলে যে ‘মই বুঢ়ীয়ে জানো সচাঁকৈয়ে এটি পুত্ৰ প্ৰসৱ কৰিম?’
14. যিহোৱাৰ ওচৰত দুঃসাধ্য বুলি জানো কিবা আছে? বসন্তকালত, মই নিৰূপণ কৰা সময়ত মই তোমাৰ ওচৰলৈ আকৌ আহিম। অহা বছৰ প্রায় এই সময়তে চাৰাৰ এটি পুত্ৰ হ’ব।”
15. চাৰাই তেতিয়া ভয় খাই আসৈ মাতি ক’লে, “নাই, মই হ’লে হঁহা নাছিলো”; কিন্তু যিহোৱাই ক’লে, “নহয়, তুমি হাঁহিছিলা।”
16. তাৰ পাছত সেই লোককেইজন উঠিল আৰু তললৈ চদোমৰ ফালে চালে। অব্ৰাহামে তেওঁলোকক আগবঢ়াই থবলৈ তেওঁলোকৰ লগে লগে গ’ল।
17. পাছত যিহোৱাই ক’লে, “মই যি কৰিম, তাক জানো অব্ৰাহামৰ পৰা লুকুৱাই ৰাখিম?
18. অৱশ্যেই অব্ৰাহামৰ পৰা এক মহান আৰু পৰাক্ৰমী জাতি হ’ব। তেওঁতেই পৃথিৱীৰ সমুদায় জাতিবোৰ আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।
19. মই তেওঁক মনোনীত কৰিলোঁ যেন তেওঁ নিজৰ সন্তান সকলক আৰু ঘৰৰ ভাবীসন্তান সকলক যিহোৱাৰ পথত চলিবলৈ, সৎ আৰু ন্যায় কার্য কৰিবলৈ আজ্ঞা দিয়ে আৰু যেন যিহোৱাই অব্ৰাহামক যি কথা ক’লে তাক সিদ্ধ কৰিব পাৰে।”
20. তাৰ পাছত যিহোৱাই ক’লে, “চদোম আৰু ঘমোৰাক লৈ ভীষণ চিঞৰ-বাখৰ হৈছে আৰু তেওঁলোকৰ পাপও অতিশয় গুৰুতৰ হৈছে;
21. সেইবাবে, মই এতিয়া তালৈ নামি গৈ তেওঁলোকে যি কৰিছে বুলি মই শুনিছো, সচাঁকৈয়ে তেওঁলোক সেইদৰে দুষ্ট হৈছে নেকি তাক চাম; যদি তেনে নহয়, তাকো মই জানিব পাৰিম।”
22. তাৰ পাছতে সেই পুৰুষ কেইজন তাৰ পৰা ঘূৰি চদোমৰ ফাললৈ গ’ল আৰু অব্ৰাহাম তেতিয়াও যিহোৱাৰ সন্মুখত থিয় হৈ থাকিল।
23. অব্ৰাহামে যিহোৱাৰ ওচৰলৈ আগবাঢ়ি গৈ সুধিলে, “আপুনি দুষ্টৰ লগত ধাৰ্মিককো বিনষ্ট কৰিব নে?
24. সেই নগৰৰ মাজত যদি পঞ্চাশজন ধাৰ্মিক লোক আছে, সেই পঞ্চাশ জনৰ কাৰণে আপুনি সেই নগৰক ক্ষমা নিদি বিনষ্ট কৰিব নে?
25. ই আপোনাৰ পৰা দূৰ হওক! ধাৰ্মিক আৰু দুষ্টৰ প্রতি একে ধৰণৰ ব্যৱহাৰ কৰি, দুষ্টৰ লগত ধাৰ্মিকৰ প্ৰাণ লোৱা এনে কৰ্ম আপোনাৰ পৰা দূৰ হওক; সমুদায় পৃথিৱীৰ বিচাৰকর্তাজনাই জানো ন্যায়-বিচাৰ নকৰিব?”
26. তেতিয়া যিহোৱাই ক’লে, “যদি চদোম নগৰত পঞ্চাশ জনও ধাৰ্মিক লোক পাওঁ, তেন্তে তেওঁলোকৰ কাৰণে মই সেই গোটেই নগৰ খনকে ক্ষমা দিম।”
27. অব্ৰাহামে উত্তৰ দি ক’লে, “চাওক, যদিও মই কেৱল ধুলি আৰু ছাঁই, তথাপিও মই প্ৰভুৰ লগত কথা ক’বলৈ সাহ কৰিছোঁ;
28. যদি পঞ্চাশজন ধাৰ্মিক লোক নহৈ পাঁচজন কম হয় তেনেহলে কি সেই পাঁচজন কম হোৱাৰ কাৰণে গোটেইখন নগৰকে আপুনি বিনষ্ট কৰিব নে?” তেতিয়া তেওঁ ক’লে, “মই তাত পঞ্চল্লিশজনক পালেও বিনষ্ট নকৰোঁ।”
29. অব্রাহামে আকৌ তেওঁক ক’লে, “ধৰক, যদি তাত মাত্র চল্লিশজন ধার্মিক লোকক পোৱা গ’ল!” তেওঁ ক’লে, “সেই চল্লিশজনৰ কাৰণেও মই বিনষ্ট নকৰোঁ।”
30. তেতিয়া অব্রাহামে ক’লে, “মোৰ প্ৰভুৱে যেন ক্ৰোধ নকৰে, মই পুনৰ কওঁ যদি তাত ত্ৰিশজনকো পোৱা যায়?” তেওঁ ক’লে, “মই যদি তাত ত্ৰিশজনকো পাওঁ, তেতিয়াও বিনষ্ট নকৰোঁ।”
31. অব্রাহামে ক’লে, “চাওক, মই আকৌ এবাৰ সাহস কৰি প্ৰভুক কব বিচাৰিছোঁ! যদি তাত বিশজনক পোৱা যায়?” “বিশজনৰ কাৰণেও মই সেই নগৰ বিনষ্ট নকৰোঁ।”
32. অৱশেষত অব্রাহামে ক’লে, “প্ৰভুৱে যেন মোক ক্ৰোধ নকৰে; মই কেৱল আৰু এবাৰহে মাথেন কওঁ, তাত যদি দহজনকো পোৱা যায়?” তেতিয়া তেওঁ ক’লে, “সেই দহজনৰ কাৰণেও মই তাক বিনষ্ট নকৰোঁ।”
33. অব্ৰাহামৰ সৈতে কথোপকথন শেষ হোৱাৰ পাছত যিহোৱা নিজ বাটেদি সেই ঠাইৰ পৰা গুচি গ’ল আৰু অব্ৰাহামো নিজৰ ঘৰলৈ উভটি গ’ল।

সামসঙ্গীত 5:8-12
8. হে যিহোৱা, মোৰ অনেক শত্রু থকাৰ কাৰণে তুমি মোক তোমাৰ নিজ ধাৰ্মিকতাৰ পথত চলাই নিয়া; তোমাৰ পথ মোৰ সন্মুখত সৰল কৰি দিয়া।
9. মোৰ শত্রুবোৰৰ মুখত সত্যতা নাই। সিহঁতৰ হৃদয়ত ধ্বংসৰ মনোভাৱ থাকে। সিহঁতৰ ডিঙিৰ নলীবোৰ যেন মুকলি মৈদাম, সিহঁতে কপটভাৱে জিভাৰে প্রশংসাৰ কথা কয়।
10. হে ঈশ্বৰ, তুমি সিহঁতক নিজৰ দোষৰ ভাৰ বহন কৰিবলৈ দিয়া; সিহঁত নিজ নিজ পৰামর্শতে পতিত হওঁক। সিহঁতৰ অধিক অপৰাধৰ কাৰণে তুমি সিহঁতক খেদাই দিয়া; কিয়নো সিহঁতে তোমাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে।
11. কিন্তু যিসকলে তোমাত আশ্ৰয় লয়, তেওঁলোক আনন্দিত হওঁক; তেওঁলোকে আনন্দেৰে চিৰকাল গীত-গান কৰক, তেওঁলোকৰ ওপৰত তোমাৰ নিৰাপত্তা প্রসাৰিত কৰা যাতে তোমাৰ নামক যিসকলে প্ৰেম কৰে, তেওঁলোকে তোমাত আনন্দ পায়।
12. কিয়নো হে যিহোৱা, যিসকল ধাৰ্মিক, তুমি তেওঁলোকক আশীৰ্বাদ কৰা; তোমাৰ দয়াৰে তুমি তেওঁলোকক ঢালৰ নিচিনাকৈ আৱৰি ৰাখিছা।

প্রবচন 2:10-22
10. কাৰণ প্রজ্ঞা তোমাৰ হৃদয়ত প্ৰবেশ কৰিব, আৰু জ্ঞান তোমাৰ প্ৰাণৰ বাবে সন্তুষ্ট জনক হ’ব।
11. সতর্কতাই তোমাৰ ওপৰত দৃষ্টি ৰাখিব, বিচাৰ বুদ্ধিয়ে তোমাক পহৰা দিব,
12. এইবোৰে পাপকাৰ্যৰ পৰা আৰু যিসকলে বিপথগামী কথা কয়, তাৰ পৰা তোমালোকক উদ্ধাৰ কৰিব
13. তেওঁলোকে সত্যৰ পথ পৰিহাৰ কৰে। আৰু আন্ধাৰ পথত চলে।
14. যেতিয়া তেওঁলোকে পাপ কৰ্ম কৰে তেতিয়া তেওঁলোকে আনন্দ কৰে, আৰু দুর্নীতি পৰায়ণ পাপত তেওঁলোকে উল্লাস কৰে,
15. তেওঁলোকে কুটিল পথ অনুসৰণ কৰে, তেওঁলোকে প্রৱঞ্চনাৰ দ্বাৰাই তেওঁলোকৰ গতি পথ গোপন কৰে।
16. দুঃসাহসিক কাৰ্যলৈ দৃষ্টি কৰা, খুচামোদ কথা কোৱা আৰু ব্যভিচাৰী মহিলাৰ পৰা প্রজ্ঞা আৰু সতর্কতাই ৰক্ষা কৰে।
17. তেওঁ যৌৱন কালৰ লগৰীক ত্যাগ কৰে আৰু তেওঁ তেওঁৰ ঈশ্বৰৰ গুৰুত্বপূর্ণ প্ৰতিশ্ৰুতি পাহৰে।
18. তেওঁৰ ঘৰ মৃত্যুলৈ আগুৱাই, আৰু তেওঁৰ পথে মৈদামত থকাসকলৰ ওচৰলৈ তোমাক লৈ যাব।
19. যিসকল লোক তেওঁৰ ওচৰলৈ গৈছে, তেওঁলোক পুনৰ ঘূৰি নাহিব, আৰু তেওঁলোকে জীৱনৰ পথ বিচাৰি নাপাব।
20. সেয়ে তুমি সৎলোকৰ পথত চলিবা, আৰু ন্যায়কাৰ্য কৰা লোকসকলৰ পথ অনুসৰণ কৰা।
21. যিসকল লোকে সৎ কাৰ্য কৰে, তেওঁলোকে দেশত ঘৰ সাজে, আৰু যিসকল লোক সিদ্ধ, তেওঁলোক অৱশিষ্ট থাকিব।
22. কিন্তু দুষ্টসকলক দেশৰ পৰা উচ্ছন্ন কৰা হ’ব, আৰু অবিশ্বাসী লোকক দেশৰ পৰা উচ্ছন্ন কৰা হৈ যাব।

মথি 7:1-29
1. তোমালোকে অন্য লোকৰ সোধ-বিচাৰ নকৰিবা, তেতিয়াহে তোমালোকৰো বিচাৰ কৰা নহ’ব।
2. কিয়নো যেনেকুৱা বিচাৰেৰে তোমালোকে সোধ-বিচাৰ কৰা, তেনেকুৱা বিচাৰেৰে তোমালোকৰো বিচাৰ কৰা হ’ব, আৰু যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব।
3. তুমি নিজৰ চকুত থকা চতি ডাললৈ মন নকৰি, ভায়েৰাৰ চকুত থকা সৰু কুটা ডাললৈ কিয় চাইছা?
4. তোমাৰ নিজৰ চকুত এডাল চতি লাগি থাকোতেই, তোমাৰ ভাইক “আহা, তোমাৰ চকুৰ পৰা কুটা ডাল উলিয়াবলৈ দিয়া” এই কথা কেনেকৈ কব পাৰা?
5. হে কপটীয়া, প্ৰথমতে নিজৰ চকুৰ পৰা সেই চতি ডাল উলিয়াই পেলোৱা, তেতিয়াহে তোমাৰ ভাইৰ চকুৰ পৰা কুটা ডাল উলিয়াবলৈ ভালকৈ দেখিবা।
6. কোনো পবিত্র বস্তু কুকুৰবোৰক নিদিবা আৰু গাহৰিৰ আগত তোমালোকৰ মুকুতা নেপেলাবা; হয়তো সিহঁতে সেইবোৰ ভৰিৰ তলত লৈ গচকি নষ্ট কৰিব আৰু তোমাৰ ফালে ঘূৰি আহি তোমাকো টুকুৰা-টুকুৰ কৰি ছিৰি পেলাব।
7. খোজা, তেতিয়াহে তোমালোকক দিয়া হ’ব; বিচাৰা, তেতিয়াহে পাবা; টুকুৰিওৱা, তেতিয়াহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ’ব।
8. কিয়নো যি জনে খোজে, সেই জনে পায়; যি জনে বিচাৰে, সেই জনে দেখা পায় আৰু যি জনে টুকুৰিয়ায়, সেই জনলৈকে দুৱাৰ মুকলি কৰা হয়।
9. তোমালোকৰ মাজত এনে কোনো মানুহ আছে নেকি যে, তেওঁৰ ল’ৰাই পিঠা খুজিলে তাক শিল দিব?
10. নাইবা মাছ খুজিলে সাপ দিব?
11. তোমালোক দুষ্ট হৈয়ো যদি নিজৰ সন্তানক উত্তম বস্তু দিব জানা, তেনেহলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰত যি সকলে বিচাৰে, সেই লোক সকলক জানো তেওঁ অধিকৰূপে ভাল বস্তু নিদিব?
12. এতেকে, লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁলোকক তেনেদৰে ব্যৱহাৰ কৰিবা; কিয়নো এয়ে বিধান আৰু ভাববাদী সকলৰ শিক্ষাৰ সাৰ।
13. ঠেক দুৱাৰেদি সোমোৱা; কিয়নো যিয়ে সৰ্ব্বনাশলৈ নিয়ে, সেই দুৱাৰ ডাঙৰ আৰু বাটো বহল। তাৰ মাজেদি সোমোৱা লোকো অনেক।
14. কিন্তু যিয়ে জীৱনলৈ নিয়ে, সেই দুৱাৰ সৰু আৰু বাটো ঠেক। অতি কম লোকেহে ইয়াক বিচাৰি পায়।
15. ভুৱা ভাৱবাদী সকলৰ বিষয়ে সাৱধান হোৱা। সিহঁতে তোমালোকৰ ওচৰলৈ মেৰৰ বেশ লৈ আহে, অথচ ভিতৰি সিহঁত হিংস্র ৰাংকুকুৰ।
16. সিহঁতৰ জীৱনৰ ফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনি পাবা। মানুহে জানো কাঁইটীয়া জোপোহাৰ মাজৰ পৰা আঙুৰ ফল বা কাঁইট গছৰ পৰা ডিমৰু ফল পাব পাৰে?
17. ঠিক তেনেদৰে প্রত্যেক ভাল গছত ভাল ফল ধৰে আৰু বেয়া গছত বেয়া ফল ধৰে।
18. ভাল গছত বেয়া ফল আৰু বেয়া গছত ভাল ফল ধৰিব নোৱাৰে।
19. যি গছত ভাল ফল নধৰে, সেই গছ কাটি জুইত পেলোৱা হয়।
20. এতেকে সিহঁতৰ ফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনি পাবা।
21. যি সকলে মোক ‘প্ৰভু প্ৰভু’ বোলে, তেওঁলোক সকলোৱে যে স্বৰ্গৰাজ্যত সোমাব, এনে নহয়; কিন্তু যি জনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে, সেইজনেহে সোমাব।
22. সেইদিনা বহুলোকে মোক ক’ব, ‘হে প্ৰভু, হে প্ৰভু’ আমি আপোনাৰ নামেৰে ভাবোক্তি প্ৰচাৰ কৰা নাই নে? আপোনাৰ নামেৰে ভূত খেদোৱা নাই নে? আপোনাৰ নামেৰে অনেক পৰাক্ৰম কাৰ্য কৰা নাই নে?
23. তেতিয়া মই সিহঁতক স্পষ্টকৈ ক’ম, ‘মই তহঁতক কেতিয়াও চিনি নাপাও, দুৰাচাৰীবোৰ। মোৰ ওচৰৰ পৰা দূৰ হ’।
24. সেই কাৰণে কওঁ, যি কোনোৱে মোৰ এই সকলো কথা শুনি পালন কৰে, তেওঁ এনেকুৱা এজন বুদ্ধিমান লোকৰ নিচিনা যি জনে শিলৰ ওপৰত তেওঁৰ ঘৰ সাজিলে।
25. পাছত বৰষুণ পৰিল, ধল আহিল আৰু প্রচণ্ড বতাহ বলাত সেই ঘৰত আহি খুন্দা লাগিল; কিন্তু সেই ঘৰটো নপৰিল, কাৰণ ইয়াক শিলৰ ওপৰত নিৰ্মাণ কৰা হৈছিল।
26. পুনৰ যি কোনোৱে মোৰ এই সকলো কথা শুনি পালন নকৰে, তেওঁ এনেকুৱা এজন মূর্খ লোকৰ নিচিনা, যি জনে বালিৰ ওপৰত তেওঁৰ ঘৰ সাজিছিল।
27. পাছত বৰষুণ পৰিল, ধল আহিল আৰু প্রচণ্ড বতাহ বলাত সেই ঘৰতো আহি খুন্দা লাগিল; তাতে সেই ঘৰটো পৰি গ’ল আৰু সম্পূর্ণকৈ ঘৰটোৰ পতন হ’ল।
28. যীচুৱে যেতিয়া কথা কৈ শেষ কৰিলে, তেতিয়া লোক সকলে তেওঁৰ শিক্ষাত বিস্মিত হৈ গ’ল;
29. কিয়নো তেওঁ তেওঁলোকৰ বিধানৰ অধ্যাপক সকলৰ দৰে উপদেশ দিয়া নাছিল, বৰঞ্চ এজন অধিকাৰ থকা লোকৰ নিচিনাকৈ তেওঁলোকক উপদেশ দিছিল।