A A A A A
एक साल में बाइबल
जनवरी 7

আদিপুস্তক 13:1-18
1. তেতিয়া অব্ৰামে তেওঁৰ ভাৰ্যা আৰু তেওঁলোকৰ সকলো বয়-বস্তুৰে সৈতে মিচৰ দেশ এৰি নেগেভলৈ গ’ল; সেই সময়ত লোটও তেওঁলোকৰ লগত আছিল।
2. এই সময়ত অব্ৰাম অতিশয় ধনী আছিল। তেওঁৰ অনেক পশু, সোণ আৰু ৰূপ আছিল।
3. পাছত তেওঁ নেগেভৰ পৰা যাত্রা কৰি কৰি বৈৎএল পর্যন্ত গ’ল। এই বৈৎএল আৰু অয় নগৰৰ মধ্যৱর্তী স্থানতে পূৰ্বতে তেওঁৰ তম্বু আছিল।
4. এই ঠাইতে তেওঁ আগেয়ে নির্ম্মাণ কৰা যজ্ঞবেদীটো আছিল আৰু তাত তেওঁ যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিছিল।
5. অব্ৰামৰ যাত্রাত একেলগে থকা যি লোট, তেওঁৰ নিজৰো বহুত মেৰ-ছাগ, পশুৰ জাক, আৰু তম্বু আছিল।
6. অব্রাম আৰু লোট উভয়ৰ কাৰণে একেলগে কাষত থাকি বাস কৰিবলৈ সেই ঠাই যথেষ্ট নাছিল, কাৰণ তেওঁলোকৰ সা-সম্পদ বহুত বেছি আছিল।
7. তাৰ উপৰি অব্ৰাম আৰু লোটৰ পশু-ৰখীয়াৰ মাজতো বিবাদ আৰম্ভ হৈছিল। সেই সময়ত কনানীয়া আৰু পৰিজ্জীয়াসকলো সেই দেশত বাস কৰিছিল।
8. তেতিয়া অব্ৰামে লোটক ক’লে, “চোৱা, আমি আত্মীয় হওঁ আৰু সেয়ে, মোৰে তোমাৰে মাজত, মোৰ পশু-ৰখীয়া আৰু তোমাৰ পশু-ৰখীয়াৰ মাজত বিবাদ হোৱাটো উচিত নহব;
9. গোটেই দেশখনেই জানো তোমাৰ আগত নাই? সেয়ে তুমি মোৰ পৰা বেলেগ হোৱা উচিত; তুমি বাওঁহাতে গ’লে, মই সোঁহাতে যাম; নাইবা তুমি সোঁহাতে গ’লে মই বাওঁহাতে যাম।”
10. তেতিয়া লোটে চাৰিওফালে চাই দেখিলে যে যৰ্দ্দন নদীৰ পাৰৰ গোটেই সমতল ভূমিত চোৱৰলৈকে প্রচুৰ পানী আছে; সেই ঠাইখিনি যিহোৱাৰ বাগিছাৰ নিচিনা আৰু মিচৰ দেশৰ নিচিনা; যিহোৱাই চদোম আৰু ঘমোৰা নগৰ ধ্বংস কৰাৰ পূৰ্বতে এই সমতল ভূমি তেনেকুৱা আছিল।
11. তেতিয়া লোটে যৰ্দ্দন নদীৰ গোটেই সমভূমিলৈ নিজৰ কাৰণে বাচি লৈ পূব ফাললৈ যাত্ৰা কৰিলে; এইদৰে তেওঁলোক এজন আন জনৰ কাষৰ পৰা বেলেগ হৈ গ’ল।
12. অব্ৰামে কনান দেশত আৰু লোটে সেই সমভূমিৰ নগৰবোৰত বাস কৰিবলৈ ধৰিলে। লোটে চদোমৰ ওচৰত তম্বু তৰিলে।
13. চদোমত বাস কৰা অধিবাসীসকল অতিশয় দুষ্ট আছিল আৰু যিহোৱাৰ বিৰুদ্ধে তেওঁলোকে ভীষণ পাপ কৰিছিল।
14. অব্ৰামৰ পৰা লোট বেলেগ হৈ যোৱাৰ পাছত যিহোৱাই অব্ৰামক ক’লে, “তুমি যি ঠাইত থিয় হৈ আছা, তাৰ পৰা উত্তৰ-দক্ষিণ আৰু পূব-পশ্চিমলৈ এবাৰ চোৱা;
15. যি সকলো ঠাই তুমি দেখিছা, তাক মই তোমাক আৰু তোমাৰ বংশক চিৰকালৰ কাৰণে দিম।
16. মই তোমাৰ বংশৰ লোকসকলক পৃথিবীৰ ধূলিৰ নিচিনা অসংখ্য কৰিম; কোনোৱে যদি পৃথিবীৰ ধূলি গণিব পাৰে, তেন্তে তোমাৰ বংশকো গণিব পাৰিব।
17. উঠা, এই ভূমিৰ দীঘে পথালিয়ে ঘূৰি ফুৰা; কিয়নো মই তোমাক এই দেশখনকে দিম।”
18. তেতিয়া অব্ৰামে তেওঁৰ তম্বু তুলি ল’লে আৰু হিব্ৰোণ এলেকালৈ আহি মম্ৰিৰ ওক গছবোৰৰ ওচৰত নিবাস কৰিলে। সেই ঠাইত তেওঁ যিহোৱাৰ উদ্দেশে এটা যজ্ঞ-বেদী নিৰ্ম্মাণ কৰিলে।

আদিপুস্তক 14:1-24
1. যি সময়ত চিনাৰ দেশৰ ৰজা অম্ৰাফল আছিল, তেতিয়া অৰিয়োক আছিল ইল্লাচৰৰ ৰজা, এলমৰ ৰজা আছিল কদৰ্লায়োমৰ আৰু গোয়ীমৰ ৰজা তিদিয়ল আছিল,
2. সেইসময়ত এই কেইজন ৰজাই মিলি চদোমৰ বিৰা ৰজা, ঘমোৰাৰ বিৰ্চা ৰজা, অদ্মাৰ চিনাব ৰজা, চবোয়ীমৰ চিমেবৰ ৰজা আৰু বিলা অৰ্থাৎ চোৱৰৰ ৰজাসকলৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
3. পাছৰ এই পাঁচজন ৰজা চিদ্দিম উপত্যকাত একত্রিত হ’ল। এই ঠাইখিনিক লোণসমুদ্ৰ বোলা হ’য়।
4. এই ৰজাসকল বাৰ বছৰলৈকে ৰজা কদৰ্লায়োমৰ অধীনত আছিল, কিন্তু তেৰ বছৰত তেওঁলোকে বিদ্ৰোহ কৰিলে।
5. তাৰ পাছত চৈধ্য বছৰত ৰজা কদৰ্লায়োমৰ আৰু তেওঁৰ সংগী ৰজাসকলে গৈ ৰফায়ীয়াসকলক অস্তৰোৎকৰ্ণয়িমত, জজীয়াসকলক হামত, এমীয়াসকলক চাবি-কিৰিয়াথয়িমত আহি আক্রমণ কৰিলে আৰু
6. হোৰীয়াসকলক এল-পাৰণলৈকে তেওঁলোকৰ পাহাৰীয়া অঞ্চল চেয়ীত পৰাজয় কৰিলে। এল-পাৰণ মৰু-প্রান্তৰৰ কাষত অৱস্থিত।
7. তাৰ পাছত এই ৰজাসকল ঘূৰি গৈ অয়িন-মিস্পাট অৰ্থাৎ কাদেচলৈ গ’ল। তেওঁলোকে অমালেকীয়াসকলৰ গোটেই দেশ জয় কৰি ল’লে আৰু হচচোন-তামৰত থকা ইমোৰীয়াসকলকো পৰাজয় কৰিলে।
8. এই সকলো ঘটনাৰ পাছত চদোমৰ ৰজা, ঘমোৰাৰ ৰজা, অদ্মাৰ ৰজা, চবোয়ীমৰ ৰজা আৰু বিলাৰ ৰজা অৰ্থাৎ চোৱৰৰ ৰজা ওলাই গৈ যুদ্ধৰ কাৰণে যুগুত হ’ল।
9. তেওঁলোকে এলমৰ ৰজা কদৰ্লায়োমৰ, গোয়ীমৰ ৰজা তিদিয়ল, চিনাৰ দেশৰ ৰজা অম্ৰাফল, ইল্লাচৰৰ ৰজা অৰিয়োকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল। এই যুদ্ধ পাঁচ জন ৰজাৰ বিৰুদ্ধে চাৰিজন ৰজাৰ মাজত হৈছিল।
10. চিদ্দিম উপত্যকাত আলকতৰাৰে পূর্ণ বহুতো গাত আছিল; যেতিয়া চদোম আৰু ঘমোৰাৰ ৰজা পলাই গৈছিল, তেতিয়া তেওঁলোক সেই গাতত পৰিল; আন অৱশিষ্ট লোকসকল পাহাৰলৈ পলাই গ’ল।
11. শত্রুপক্ষই চদোম আৰু ঘমোৰাৰ সকলো ধন-সম্পত্তি আৰু বয়-বস্তু লুট কৰি লৈ গুচি গ’ল।
12. তেওঁলোক যাওঁতে সকলো সম্পদেৰে সৈতে চদোমত বাস কৰা অব্ৰামৰ ভতিজা পুতেক লোটকো বন্দী কৰি লৈ গ’ল।
13. তেতিয়া পলাই আহি ৰক্ষা পোৱা এজন পলাতকে ইব্ৰীয়া অব্ৰামক সেই খবৰ দিলে; সেই সময়ত অব্রাম ইষ্কোল আৰু আনেৰৰ ভায়েক ইমোৰীয়া মম্ৰিৰ ওক গছবোৰৰ ওচৰত বাস কৰিছিল আৰু তেওঁলোক অব্ৰামৰ মিত্ৰ আছিল।
14. অব্ৰামে যেতিয়া শুনিলে যে তেওঁৰ আত্মীয়ক বন্দী কৰি লৈ গৈছে, তেতিয়া তেওঁ প্রশিক্ষণ প্রাপ্ত তেওঁৰ গৃহতেই জন্ম হোৱা তিনি শ ওঠৰ জন দাসক লৈ শত্রুবোৰৰ পাছে পাছে দানলৈকে খেদি গ’ল।
15. পাছত ৰাতি তেওঁ নিজৰ লোকসকলক কিছুমান দলত বিভক্ত কৰি শত্রুবোৰক আঘাত কৰিলে আৰু দম্মেচকৰ উত্তৰে অৱস্থিত হোবা পর্যন্ত তেওঁলোকক খেদি পঠিয়ালে।
16. তেওঁ সকলোবোৰ সম্পত্তি ঘূৰাই আনিলে; তেওঁৰ ভতিজা পুতেক লোটক তেওঁৰ বয়-বস্তুৰে সৈতে উদ্ধাৰ কৰিলে আৰু পুৰুষ-মহিলা সকলোকে ওভটাই আনিলে।
17. কদৰ্লায়োমৰ আৰু তেওঁৰ সংগী ৰজাসকলক অব্রামে যেতিয়া হৰুৱাই উভতি আহিছিল, তেতিয়া চদোমৰ ৰজাই তেওঁৰ লগত সাক্ষাত হবলৈ চাবি উপত্যকালৈ অৰ্থাৎ ৰজাৰ উপত্যকালৈ ওলাই গ’ল।
18. চালেমৰ ৰজা মল্কীচেদকে পিঠা আৰু দ্ৰাক্ষাৰস আনিলে; মল্কীচেদক সৰ্ব্বোপৰি ঈশ্বৰৰ পুৰোহিত আছিল।
19. তেওঁ অব্ৰামক আশীৰ্ব্বাদ কৰি ক’লে, “স্বৰ্গ আৰু পৃথিৱীৰ সৃষ্টিকর্তা সৰ্ব্বোপৰি ঈশ্বৰৰ দ্বাৰা অব্ৰাম আশীৰ্ব্বাদপ্ৰাপ্ত হওক;
20. যিজনে আপোনাৰ শত্রুবোৰক আপোনাৰ হাতত সমৰ্পণ কৰিছে, সেই সৰ্ব্বোপৰি ঈশ্বৰৰ ধন্য হওক।” তেতিয়া অব্ৰামে সকলো বস্তুৰে দহ ভাগৰ এভাগ তেওঁক দিলে।
21. পাছত চদোমৰ ৰজাই অব্ৰামক ক’লে, “আপুনি ধন-সম্পদবোৰ ৰাখি লোকসকলক মোক দিয়ক।”
22. অব্ৰামে চদোমৰ ৰজাক ক’লে, “মই স্বৰ্গ আৰু পৃথিৱীৰ সৃষ্টিকর্তা সৰ্ব্বোপৰি ঈশ্বৰ যিহোৱাৰ নামেৰে হাত দাঙি শপত খাই কৈছোঁ যে,
23. আপোনাৰ একো বস্তুৱেই, এনে কি এগছি সূতা কি জোতাৰ ফিটাও নলওঁ; যাতে আপুনি কেতিয়াও ক’ব নোৱাৰে ‘মইহে অব্ৰামক ধনৱান কৰিলোঁ’ বুলি।
24. কেৱল মোৰ যুবকসকলে ইতিমধ্যে যি খালে, তাৰ বাহিৰে মই ইয়াৰ পৰা একো নিনিও; কিন্তু আনেৰ, ইষ্কোল আৰু মম্ৰি মোৰ লগত গৈছিল; তেওঁলোকক নিজৰ ভাগ ল’ব দিয়ক।”

সামসঙ্গীত 4:4-8
4. তোমালোকে মনৰ ব্যাকুলতাত পাপ নকৰিবা; নিজৰ শয্যাত শুই তাক দকৈ মনতে চিন্তা কৰি চাবা আৰু নিজম দি থাকিবা। (চেলা)।
5. তোমালোকে যোগ্য বলি উৎসৰ্গ কৰা, আৰু যিহোৱাত ভাৰসা ৰাখা।
6. অনেকে কয়, “অহ! আমি যদি অলপমান মঙ্গলকে দেখা পালোহেঁতেন!” হে যিহোৱা, তোমাৰ মুখৰ দীপ্তি আমাৰ ওপৰত প্রতিফলিত হওঁক।
7. প্রচুৰ শস্য আৰু নতুন দ্রাক্ষাৰস উভৈনদী হ’লে যেনেকৈ আনন্দ হয়, তাতোকৈয়ো অধিক আনন্দ দি তুমি মোৰ অন্তৰ পূর্ণ কৰি ৰাখিছা।
8. মই শান্তিৰে শুই টোপনি যাম। কাৰণ, হে যিহোৱা, কেৱল তুমিয়েই মোক নিৰাপত্তা দি নিৰাপদে ৰাখিছা।

প্রবচন 2:1-5
1. হে মোৰ পুত্র তুমি যদি মোৰ কথা গ্ৰহণ কৰা, আৰু মোৰ আজ্ঞাবোৰ তোমাৰ সৈতে সংৰক্ষিত কৰি ৰাখা,
2. প্রজ্ঞাৰ কথা শুনা, আৰু বুজিব পৰা শক্তিলৈ তোমাৰ হৃদয় আকৃষ্ট হব।
3. তুমি যদি বুজিবৰ বাবে কান্দা; আৰু ইয়াৰ বাবে উচ্চ স্বৰে ৰিঙিওৱা,
4. ৰূপ বিচৰা দৰে যদি তুমি ইয়াক বিচাৰা, আৰু গুপ্ত ধন বিচৰা দৰে বুজিব পৰা শক্তি বিচাৰা;
5. তেতিয়াহে যিহোৱাৰ প্রতি থকা ভয় তুমি বুজিব পাৰিবা, আৰু তুমি ঈশ্বৰৰ জ্ঞান বিচাৰি পাবা।

মথি 6:1-18
1. সাৱধান! মানুহক দেখুৱাবলৈ তেওঁলোকৰ আগত তোমালোকে নিজ নিজ ধাৰ্মিকতাৰ কৰ্ম নকৰিবা; তেনেকুৱা কৰিলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰৰ পৰা তোমালোকে একো পুৰস্কাৰ নাপাবা।
2. এই হেতুকে, তুমি যেতিয়া দান কৰা, তেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়া সকলৰ নিচিনাকৈ নকৰিবা। তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু বাটে-পথে নিজৰ আগে আগে ঢাক-ঢোল কোবাই দান দিয়ে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজৰ নিজৰ পুৰস্কাৰ পালেই।
3. কিন্তু তোমালোকে যেতিয়া দান দিবা, তেতিয়া তোমালোকৰ সোঁ হাতে কি কৰে বাঁও হাতক সেই বিষয়ে জানিবলৈ নিদিবা;
4. কিয়নো তেতিয়াহে তোমালোকৰ দান গোপন হ’ব আৰু গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক প্ৰতিদান দিব।
5. তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া কপটীয়া সকলৰ দৰে নহবা; কিয়নো মানুহক দেখুৱাবৰ কাৰণে তেওঁলোকে নাম-ঘৰে, নাম-ঘৰে আৰু আলিবাটৰ চুকে চুকে থিয় হৈ প্ৰাৰ্থনা কৰিবলৈ ভালপায়। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই।
6. কিন্তু তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া ভিতৰ-কোঠালীলৈ গৈ দুৱাৰ বন্ধ কৰিবা আৰু যি জনক দেখা পোৱা নাযায়, তোমালোকৰ সেই পিতৃৰ আগত প্ৰাৰ্থনা কৰিবা; তাতে গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক প্ৰতিদান দিব।
7. প্ৰাৰ্থনা কৰা সময়ত অনা-ইহুদী সকলৰ নিচিনাকৈ তোমালোকে অনৰ্থক পুণৰুক্তি নকৰিবা; কিয়নো তেওঁলোকে ভাৱে, তেওঁলোকৰ বেচি কথাৰ কাৰণে তেওঁলোকৰ প্রার্থনা তেওঁ শুনিব।
8. এতেকে তোমালোক তেওঁলোকৰ নিচিনা নহবা; কিয়নো তোমালোকৰ কি কি প্ৰয়োজন আছে, সেই বিষয়ে তোমালোকে পিতৃৰ পৰা খোজাৰ আগেয়ে, তোমালোকৰ পিতৃয়ে জানে।
9. এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰিবা; ‘হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক;
10. তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক।
11. আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া।
12. আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ, তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা।
13. আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা৷’
14. কিয়নো তোমালোকে যদি আন লোকৰ অপৰাধ ক্ষমা কৰা, তেনেহলে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা কৰিব;
15. কিন্তু তোমালোকে যদি আন লোকৰ অপৰাধ ক্ষমা নকৰা, তেনেহলে তোমালোকৰ পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা নকৰিব।
16. যেতিয়া তোমালোকে লঘোন দিয়া, তেতিয়া কপটীয়া সকলৰ নিচিনাকৈ মুখ মলিন নকৰিবা; কিয়নো তেওঁলোকে লঘোনীয়া বুলি মানুহক দেখুৱাবলৈ মুখ বিবৰ্ণ কৰে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁলোকে নিজ নিজ পুৰস্কাৰ পালেই।
17. কিন্তু তোমালোকে যেতিয়া লঘোন দিয়া, তেতিয়া তোমাৰ মূৰত তেল সানিবা আৰু মুখ ধুই ল’বা;
18. যাতে আনে জানিব নোৱাৰে যে, তোমালোকে লঘোন দিছা। কিন্তু তোমালোকৰ পিতৃ, যি জনক তোমালোকে দেখা নোপোৱা, কেৱল তেৱেঁই ইয়াক দেখা পাব। তাতে গুপুতে দেখা তোমালোকৰ পিতৃয়ে তোমালোকক পুৰস্কাৰ দিব।