A A A A A
एक साल में बाइबल
जनवरी 6

আদিপুস্তক 11:1-32
1. সেই সময়ত গোটেই পৃথিৱীৰ মানুহে কেৱল এটা ভাষাতে কথা কৈছিল।
2. পাছত লোকসকলে পূব দিশে ঘূৰি ফুৰি গৈ চিনাৰ দেশত আহি এখন সমতল ভূমি পালে আৰু তাতে বাস কৰিবলৈ ধৰিলে।
3. তেওঁলোকে এজনে আন জনক ক’লে, “ব’লা, আমি ইটা সাজি ভালকৈ জুইত পোৰোঁহঁক।” এইবুলি কৈ তেওঁলোকে শিলৰ সলনি ইটা আৰু গাঁথনিৰ কাৰণে এঠামাটিৰ সলনি আলকতৰাৰ প্ৰলেপ ল’লে।
4. তেওঁলোকে ক’লে, “আহাঁ, আমি নিজৰ কাৰণে এখন নগৰ নির্ম্মাণ কৰোঁ আৰু এনে এটা উচ্চ স্তম্ভ নিৰ্ম্মাণ কৰোঁহক যাৰ চূড়াই আকাশ চুব পাৰে। আমি আমাৰ নাম খ্যাতিমন্ত কৰোঁহক, নহ’লে আমি গোটেই পৃথিৱীতে সিচঁৰিত হৈ পৰিম।”
5. আদমৰ বংশধৰসকলে যি নগৰ আৰু উচ্চ স্তম্ভ নিৰ্ম্মাণ কৰিছিল, তাক চাবলৈ যিহোৱা নামি আহিল।
6. যিহোৱাই কৈছিল, “এই লোকসকল এক জাতিৰ লোক আৰু এইসকলৰ ভাষাও এক! এওঁলোকে এনেকুৱাকৈ কাৰ্যও আৰম্ভ কৰিলে! এতিয়া তেওঁলোকে ইচ্ছা কৰা কোনো কাৰ্যই তেওঁলোকৰ বাবে অসাধ্য নহ’ব।
7. গতিকে, আহাঁ, আমি নামি গৈ তেওঁলোকৰ ভাষাত বিভ্রান্তিৰ সৃষ্টি কৰোঁ যাতে তেওঁলোকে এজনে আন জনৰ কথা বুজিব নোৱাৰে।”
8. এইদৰে যিহোৱাই তেওঁলোকক সেই ঠাইৰ পৰা গোটেই পৃথিৱীতে সিচঁৰিত কৰিলে; তাতে তেওঁলোকে সেই নগৰ সজাৰ কাম বন্ধ কৰিলে।
9. এইবাবেই সেই ঠাইৰ নাম বাবিল ৰখা হ’ল, কিয়নো সেই ঠাইতেই যিহোৱাই গোটেই পৃথিৱীত ভাষাৰ ভেদ জন্মালে আৰু তাৰ পৰাই যিহোৱাই তেওঁলোকক পৃথিৱীত সিচঁৰিত কৰিলে।
10. চেমৰ বংশৰ বিৱৰণ এই। জলপ্লাৱনৰ দুবছৰৰ পাছত যেতিয়া চেমৰ বয়স এশ বছৰ তেতিয়া তেওঁৰ পুত্র অৰ্ফকচদ জন্মিল।
11. অৰ্ফকচদৰ জন্মৰ পাছত চেম আৰু পাঁচ শ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুত্র-কন্যা জন্মিল।
12. অৰ্ফকচদৰ পঁয়ত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র চেলহ জন্মিল;
13. চেলহৰ জন্মৰ পাছত অৰ্ফকচদ আৰু চাৰি শ তিনি বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুত্র-কন্যা জন্মিল।
14. চেলহৰ ত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র এবৰ জন্মিল;
15. এবৰৰ জন্মৰ পাছত চেলহ পুনৰ চাৰি শ তিনি বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র-কন্যা জন্মিল।
16. এবৰৰ চৌত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র পেলগ জন্মিল;
17. পেলগৰ জন্মৰ পাছত এবৰ পুনৰ চাৰি শ ত্ৰিশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র-কন্যাসকল জন্মিল।
18. পেলগৰ ত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র ৰিয়ু জন্মিল।
19. ৰিয়ুৰ জন্মৰ পাছত পেলগ পুনৰ দুশ ন বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র আৰু কন্যাসকল জন্মিল।
20. ৰিয়ুৰ ত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র চৰূগ জন্মিল।
21. চৰূগৰ জন্মৰ পাছত ৰিয়ু পুনৰ দুশ সাত বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র আৰু কন্যাসকল জন্মিল।
22. চৰূগৰ ত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র নাহোৰ জন্মিল;
23. নাহোৰৰ জন্মৰ পাছত চৰূগ আৰু দুশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুত্র-কন্যা জন্মিল।
24. নাহোৰৰ উনত্ৰিশ বছৰ বয়সত তেওঁৰ পুত্র তেৰহ জন্মিল;
25. তেৰহৰ জন্মৰ পাছত নাহোৰ পুনৰ এশ উনৈশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুত্র আৰু কন্যাসকল জন্মিল।
26. তেৰহৰ সত্তৰ বছৰ বয়সৰ পাছত তেওঁৰ পুত্র অব্ৰাম, নাহোৰ আৰু হাৰণ জন্মিল।
27. তেৰহৰ বংশৰ বিৱৰণ এই। তেৰহৰ সন্তান সকল আছিল অব্ৰাম, নাহোৰ আৰু হাৰণ; হাৰণৰ সন্তানৰ নাম আছিল লোট।
28. পিতৃ তেৰহ জীয়াই থাকোতেই জন্মস্থান কলদীয়াসকলৰ উৰ নগৰত হাৰণৰ মৃত্যু হৈছিল।
29. অব্ৰাম আৰু নাহোৰ এই দুজনেই বিয়া কৰিছিল। অব্ৰামৰ ভার্য্যাৰ নাম আছিল চাৰী আৰু নাহোৰৰ ভার্য্যাৰ নাম আছিল মিল্কা; তেওঁ হাৰণৰ জীয়েক আছিল। সেই হাৰণ মিলকা আৰু যিচকাৰ পিতৃ আছিল।
30. কিন্তু চাৰী বন্ধ্যা আছিল; তেওঁৰ কোনো সন্তান নাছিল।
31. তেৰহে তেওঁৰ পুত্ৰ অব্ৰাম, হাৰণৰ পুত্র তেওঁৰ নাতিয়েক লোট, অব্ৰামৰ ভাৰ্যা তেওঁৰ বোৱাৰীয়েক চাৰীক লগত লৈ কনান দেশলৈ যাবৰ কাৰণে কলদীয়াসকলৰ উৰ নগৰৰ পৰা ওলাই গ’ল; কিন্তু তেওঁলোকে হাৰণ নগৰ পর্যন্ত গৈ তাতে বসবাস কৰিবলৈ ধৰিলে।
32. দুশ পাঁচ বছৰ বয়সত তেৰহৰ হাৰণতে মৃত্যু হ’ল।

আদিপুস্তক 12:1-20
1. যিহোৱাই অব্ৰামক ক’লে, “তুমি তোমাৰ নিজৰ দেশ, তোমাৰ আত্মীয়-স্বজন আৰু তোমাৰ পিতৃৰ ঘৰ ত্যাগ কৰি মই যি দেশ তোমাক দেখুৱাম সেই দেশলৈ যোৱা।
2. মই তোমাৰ পৰা এক মহাজাতি সৃষ্টি কৰিম আৰু তোমাক আশীৰ্ব্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম; তাতে তুমি আশীৰ্ব্বাদৰ আকৰ হ’বা।
3. যিসকলে তোমাক আশীৰ্ব্বাদ কৰে, মই তেওঁলোকক আশীৰ্ব্বাদ কৰিম আৰু যিসকলে তোমাক শাও দিয়ে, মই তেওঁলোকক শাও দিম। তোমাৰ দ্বাৰায়েই পৃথিৱীৰ সমুদায় গোষ্ঠীয়ে আশীৰ্ব্বাদ পাব।”
4. পাছত অব্ৰামে যিহোৱাৰ কথা মতে যাত্ৰা কৰিলে আৰু লোট তেওঁৰ লগত গ’ল। হাৰণ নগৰৰ পৰা ওলাই যোৱাৰ সময়ত অব্ৰামৰ বয়স আছিল পঁয়সত্তৰ বছৰ।
5. অব্ৰামে তেওঁৰ ভার্য্যা চাৰী আৰু ভতিজা পুতেক লোটক লগত লৈ ওলাই গ’ল। তেওঁৰ সকলো উপাৰ্জিত ধন, সম্পত্তি আৰু তেওঁ হাৰণত পোৱা সকলো দাসবোৰক লৈ কনান দেশ অভিমুখে যাত্রা কৰিলে। পাছত তেওঁলোকে কনান দেশ গৈ পালে।
6. কনান দেশৰ মাজেদি অব্ৰাম চিখিম নগৰলৈ গ’ল আৰু তাৰ পাছত মোৰিৰ ওক গছজোপা পর্যন্ত গ’ল। সেইসময়ত কনানীয়াসকলে সেই দেশত বাস কৰিছিল।
7. পাছত যিহোৱাই অব্ৰামক দৰ্শন দি ক’লে, “এই দেশখনকে মই তোমাৰ বংশ ক দিম।” তাতে অব্রামে তেওঁক দৰ্শন দিয়া যিহোৱাৰ উদ্দেশ্যে সেই ঠাইত এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।
8. তাৰ পাছত চিখিমৰ পৰা অব্রামে বৈৎএলৰ পূবফালে পাহাৰীয়া এলেকালৈ আগুৱাই গ’ল আৰু তাত তেওঁ বৈৎএলক পশ্চিম আৰু অয়ক পূব কৰি তম্বু তৰিলে; সেই ঠাইতো তেওঁ যিহোৱালৈ এটা যজ্ঞ-বেদী নিৰ্ম্মাণ কৰিলে আৰু যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে।
9. তাৰ পাছত অব্ৰামে পুনৰ যাত্রা আৰম্ভ কৰিলে আৰু তেওঁ নেগেভৰ ফালে অগ্রসৰ হ’ল।
10. পাছত কনান দেশত আকাল হ’ল; আকাল অতিশয়ৰূপে বৃদ্ধি হোৱাত অব্ৰামে মিচৰ দেশত প্ৰবাস কৰিবলৈ নামি গ’ল।
11. তেওঁ মিচৰ দেশত প্রৱেশ কৰাৰ ঠিক আগমুহূর্তত তেওঁৰ ভাৰ্যা চাৰীক ক’লে, “শুনা, মই জানো তুমি এগৰাকী সুন্দৰী মহিলা।
12. তোমাক যেতিয়া মিচৰীয়াসকলে দেখিব, তেতিয়া তেওঁলোকে ক’ব, ‘এই মহিলাগৰাকী সেই লোকজনৰ ভাৰ্যা।’ পাছত তেওঁলোকে মোক বধ কৰি তোমাক জীয়াই ৰাখিব।
13. সেয়ে তুমি ক’বা যে, তুমি মোৰ ভনী হয়। তাতে তোমাৰ কাৰণে মোলৈ ভাল হ’ব পাৰে আৰু মোৰ প্ৰাণো ৰক্ষা পৰিব পাৰে।”
14. অব্ৰাম যেতিয়া মিচৰ দেশত সোমাল, তেতিয়া মিচৰীয়াসকলে চাৰীক অতি সুন্দৰী দেখিলে।
15. ফৰৌণৰ ৰাজপুত্রসকলেও চাৰীক দেখা পাই ফৰৌণ ৰজাৰ আগত তেওঁৰ প্রশংসা কৰিলে। ফলত চাৰীক ফৰৌণৰ ৰাজপ্রাসাদলৈ লৈ গ’ল।
16. চাৰীৰ কাৰণে ফৰৌণে অব্ৰামলৈ ভাল ব্যৱহাৰ কৰিবলৈ ধৰিলে; তেওঁ অব্রামক অনেক মেৰ-ছাগ, গৰু, গাধ, গাধী, দাস-দাসী আৰু উট দিলে।
17. কিন্তু অব্ৰামৰ ভাৰ্যা চাৰীৰ কাৰণে যিহোৱাই ফৰৌণ আৰু তেওঁৰ পৰিয়ালৰ সকলো লোকৰ মাজত ভয়ঙ্কৰ মহামাৰী ঘটালে।
18. ফৰৌণে অব্ৰামক মাতি ক’লে, “আপুনি মোৰ লগত এইটো কি কাম কৰিলে? এওঁ যে আপোনাৰ ভাৰ্যা, তাক মোক কিয় কোৱা নাছিল?
19. আপুনি কিয় ‘তাই মোৰ ভনী’ বুলি কৈছিল? সেই কাৰণেহে মই তেওঁক বিয়া কৰিবলৈ আনিছিলোঁ। এতিয়া, এয়া আপোনাৰ ভাৰ্যা; তেওঁক লৈ আপুনি গুছি যাওঁক।”
20. তাৰ পাছতে অব্রামৰ বিষয়ে ফৰৌণে তেওঁৰ লোকসকলক আজ্ঞা দিলে আৰু তেওঁলোকে অব্রামক তেওঁৰ ভার্য্যা আৰু তেওঁৰ সকলো সম্পদেৰে সৈতে দূৰলৈ পঠিয়াই দিলে।

সামসঙ্গীত 4:1-3
1. হে মোৰ ধাৰ্মিকতাৰ ঈশ্বৰ, মই যেতিয়া তোমাক মাতো, তেতিয়া তুমি মোক উত্তৰ দিয়া। বিপদে যেতিয়া মোক হেঁচি ধৰিলে, কিন্তু তুমিয়ে মোক বহল ঠাই দিলা; মোক কৃপা কৰা; মোৰ প্ৰাৰ্থনা শুনা।
2. হে মনুষ্য, কিমান কালনো তোমালোকে মোৰ সন্মানক অসন্মান কৰিবা? কিমান কালনো তোমালোকে অসাৰকে ভাল পাই থাকি অসত্যৰ পাছে পাছে দৌৰিবা? (চেলা)।
3. কিন্তু তোমালোকে জানি থোৱা, যিহোৱাই নিজৰ ভক্তসকলক তেওঁৰ নিজৰ কাৰণে পৃথক কৰিলে। মই মাতিলে, যিহোৱাই মোৰ প্রার্থনা শুনে।

প্রবচন 1:28-33
28. তেতিয়া তেওঁলোকে মোৰ ওচৰত প্রাৰ্থনা কৰিব, কিন্তু মই উত্তৰ নিদিম, তেওঁলোকে নিদাৰুণভাবে মোক মাতিব, কিন্তু তেওঁলোকে মোক বিচাৰি নাপাব;
29. কাৰণ তেওঁলোকে জ্ঞানক ঘিণ কৰে, আৰু যিহোৱাক তেওঁলোকে ভয় কৰিবলৈ ইচ্ছা নকৰে।
30. তেওঁলোকে মোৰ আদেশ অনুসৰণ নকৰে, আৰু তেওঁলোকে মোৰ সকলো শাসন প্রণালী হেয়জ্ঞান কৰে।
31. তেওঁলোকে তেওঁলোকৰ পথৰ ফল ভোগ কৰিব, তেওঁলোকে নিজৰ পৰিকল্পনাৰ ফলেৰে পৰিপূৰ্ণ হ’ব।
32. অশিক্ষিত সেই লোকসকল যেতিয়া বিপথে যায়, তেতিয়া তেওঁলোকৰ মৃত্যু হয়। মূৰ্খৰ নিৰপেক্ষতাই তেওঁলোকক ধ্বংস কৰিব।
33. কিন্তু যি জনে মোৰ কথা শুনে, তেওঁ নিৰাপদে থাকিব, আৰু দুৰ্যোগৰ ভয় নোহোৱাকৈ সুৰক্ষিত হৈ জিৰণী ল’ব।”

মথি 5:27-48
27. “তোমালোকে এই বুলি কোৱা শুনিছা, ‘ব্যভিচাৰ নকৰিবা’।
28. কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে মহিলাৰ ফালে কাম ভাৱে চায়, সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিলে।
29. যদি তোমাৰ সোঁ চকুৱে তোমাৰ বিঘিনি জন্মায়, তেনেহলে তাক কাঢ়ি তোমাৰ পৰা উলিয়াই পেলাই দিয়া; কিয়নো তোমাৰ গোটেই শৰীৰ নৰকত পেলোৱা হোৱাতকৈ, এটা অঙ্গ নষ্ট হোৱাই তোমাৰ পক্ষে ভাল।
30. যদি তোমাৰ সোঁ হাতে তোমাৰ বিঘিনি জন্মায়, তেনেহলে তাকো কাটি তোমাৰ পৰা পেলাই দিয়া; কিয়নো তোমাৰ গোটেই শৰীৰ নৰকলৈ যোৱাতকৈ এটা অঙ্গ নষ্ট হোৱাই তোমাৰ ভাল।”
31. এইদৰেও কোৱা হৈছিল, ‘যি কোনোৱে নিজৰ ভার্যাক ত্যাগ কৰে, তেনেহলে তেওঁ ভার্যাক ত্যাগ-পত্ৰ দিয়ক।’
32. কিম্তু মই তোমালোকক কওঁ যে, একমাত্র ব্যভিচাৰৰ দোষত বাহিৰে কোনোৱে যদি আন কাৰণত নিজৰ ভার্যাক ত্যাগ কৰে, তেনেহলে তেওঁ তেওঁক ব্যভিচাৰিণী কৰায় আৰু যি কোনোৱে সেই ত্যাগ কৰা মহিলাক বিয়া কৰাই তেৱোঁ ব্যভিচাৰ কৰে।
33. পুনৰায় তোমালোকে শুনিছা, পূর্বকালত এই কথা কোৱা হৈছিল যে ‘তুমি মিছা শপত নাখাবা, বৰং প্ৰভুৰ উদ্দেশ্যে কৰা তোমাৰ শপত পালন কৰিবা’।
34. কিন্তু মই কওঁ, তোমালোকে কোনো শপতেই নাখাবা; স্বৰ্গৰ নামত শপত নাখাবা, কাৰণ সেয়ে ঈশ্বৰৰ সিংহাসন,
35. আৰু পৃথিৱীৰ নামতো শপত নাখাবা, কিয়নো সেয়ে তেওঁৰ ভৰি-পীৰা; যিৰূচালেমৰ নামেৰেও নহয়, কিয়নো সেয়া মহান ৰজাৰ নগৰ৷
36. এনে কি নিজৰ মূৰত ধৰিও শপত নাখাবা, কিয়নো এডাল চুলিকো তোমালোকে বগা বা ক’লা কৰিব নোৱাৰা।
37. কিন্তু তোমালোকৰ কথা ‘হয়’ যদি হয় বা ‘নহয়’ যদি নহয় হওক। ইয়াতকৈ অধিক যি, সেয়া চয়তানৰ পৰাহে হয়।
38. তোমালোকে ‘চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত’ এই যি কথা কোৱা হৈছিল, সেই বিষয়ে শুনিছা।
39. কিন্তু মই তোমালোকক কওঁ, তোমালোকে দুষ্ট লোক সকলৰ প্ৰতিৰোধ নকৰিবা; বৰং কোনোৱে যদি তোমাৰ সোঁ গালত চৰ মাৰে, তেনেহলে তেওঁলৈ আন খন গালো পাতি দিবা।
40. কোনোৱে যদি আদালতত তোমাৰ ওপৰত গোচৰ তৰি তোমাৰ চোলা ল’ব খোজে, তেনেহলে তেওঁক তোমাৰ চাদৰখনো এৰি দিবা।
41. যি কোনোৱে তোমাক এমাইল বাট বলেৰে নিয়ে, তেওঁৰ লগত দুমাইল যাবা।
42. যি জনে তোমাক খোজে, সেই জনক দিবা আৰু কোনোৱে তোমাৰ পৰা ধাৰ বিচাৰিলে, তেওঁক বিমুখ নকৰিবা।
43. তোমালোকে কোৱা শুনিছা, ‘তোমাৰ চুবুৰীয়াক প্ৰেম কৰিবা আৰু শত্ৰুক ঘিণ কৰিবা’।
44. কিন্তু মই তোমালোকক কওঁ, তোমালোকৰ শত্ৰুক প্ৰেম কৰিবা আৰু তোমালোকক তাড়না কৰা সকলৰ বাবে প্ৰাৰ্থনা কৰিবা,
45. তেতিয়াহে তোমালোক স্বৰ্গত থকা পিতৃৰ সন্তান হ’ব পাৰিবা। কিয়নো তেওঁ দুষ্ট আৰু সৎ দুয়োৰো ওপৰত সূৰ্য উদয় হ’বলৈ দিয়ে আৰু ধাৰ্মিক অথবা অধাৰ্মিক এই দুয়োৰো ওপৰত বৰষুণ বৰষায়।
46. কিয়নো যি মানুহে তোমালোকক প্ৰেম কৰে, তোমালোকে যদি কেৱল তেওঁলোককে প্ৰেম কৰা, তেনেহলে কি পুৰস্কাৰ পাবা? কৰ সংগ্রহকাৰী সকলেও জানো তাকে নকৰে?
47. তোমালোকে যদি কেৱল তোমালোকৰ ভাই সকলকে শুভেচ্ছা জনোৱা, তেনেহলে আনতকৈ অধিক বেচি কি কৰিলা? অনা-ইহুদী সকলেও জানো তাকে নকৰে?
48. এই হেতুকে তোমালোকৰ স্বৰ্গীয় পিতৃ যেনে সিদ্ধ, তোমালোকো তেনে সিদ্ধ হোৱা।