A A A A A

আদিপুস্তক 5:1-32
1. এয়া হৈছে আদমৰ বংশৰ বিৱৰণ। মানুহ সৃষ্টি কৰাৰ দিনা, ঈশ্বৰে তেওঁলোকক নিজৰ সাদৃশ্যেৰে সৃষ্টি কৰিলে;
2. তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে; সৃষ্টিৰ সময়ত তেওঁলোকক আশীৰ্ব্বাদ কৰি “মানুহ ” নাম দিলে।
3. এশ ত্ৰিশ বছৰ বয়সত নিজৰ সাদৃশ্যেৰে আদমৰ এটি পুত্ৰ জন্মিল আৰু তেওঁৰ নাম চেথ ৰাখিলে।
4. চেথৰ জন্মৰ পাছত আদম আঠশ বছৰ জীয়াই থাকিল। ইতিমধ্যে তেওঁৰ আৰু পুতেক জীয়েকৰ জন্ম হ’ল।
5. সৰ্ব্বমুঠ ন শ ত্রিশ বছৰ জীয়াই থকাৰ পাছত আদমৰ মৃত্যু হ’ল।
6. চেথৰ যেতিয়া এশ পাঁচ বছৰ বয়স হ’ল, তেতিয়া তেওঁৰ পুত্ৰ ইনোচৰ জন্ম হ’ল।
7. ইনোচৰ জন্মৰ পাছত চেথ আঠ শ সাত বছৰ কাল জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুতেক জীয়েকৰ জন্ম হ’ল।
8. মুঠ ন শ বাৰ বছৰ জীয়াই থকাৰ পাছত চেথৰ মৃত্যু হ’ল।
9. ইনোচৰ নব্বই বছৰ বয়সত তেওঁৰ পুতেক কৈনন জন্মিল।
10. কৈননৰ জন্মৰ পাছত ইনোচ আঠ শ পোন্ধৰ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল।
11. সৰ্ব্বমুঠ ন শ পাঁচ বছৰ জীয়াই থকাৰ পাছত ইনোচৰ মৃত্যু হ’ল।
12. কৈননৰ সত্তৰ বছৰ বয়সত তেওঁৰ পুতেক মহললেল জন্মিল।
13. মহললেলৰ জন্মৰ পাছত কৈনন আঠ শ চল্লিশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আন আন পুতেক জীয়েক জন্মিল।
14. সৰ্ব্বমুঠ ন শ দহ বছৰ জীয়াই থকাৰ পাছত কৈননৰ মৃত্যু হ’ল।
15. মহললেলৰ পয়ষষ্ঠি বছৰ বয়সত তেওঁৰ পুত্র যেৰদ জন্মিল।
16. যেৰদৰ জন্মৰ পাছত মহললেল আঠশ ত্রিশ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল।
17. সৰ্ব্বমুঠ আঠ শ পঞ্চানব্বৈ বছৰ জীয়াই থকাৰ পাছত মহললেলৰ মৃত্যু হ’ল।
18. যেৰদৰ এশ বাষষ্ঠি বছৰ বয়সত তেওঁৰ পুতেক হনোক জন্মিল।
19. হনোকৰ জন্মৰ পাছত যেৰদ আঠ শ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল।
20. সৰ্ব্বমুঠ ন শ বাষষ্ঠি বছৰ জীয়াই থকাৰ পাছত যেৰদৰ মৃত্যু হ’ল।
21. হনোকৰ পয়ষষ্ঠি বছৰ বয়সত তেওঁৰ পুতেক মথুচেলহ জন্মিল।
22. মথুচেলহৰ জন্মৰ পাছত তিনি শ বছৰ পর্যন্ত ঈশ্বৰৰ লগত হনোকৰ অহা-যোৱাৰ সম্বন্ধ আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক জীয়েক জন্মিল।
23. হনোক সৰ্ব্বমুঠ তিনি শ পয়ষষ্ঠি বছৰ কাল আছিল।
24. তাৰ পাছত তেওঁক পুনৰ দেখা নগ’ল; ঈশ্বৰৰ লগত অহা-যোৱাৰ সম্বন্ধ আছিল বাবেই ঈশ্বৰে তেওঁক লৈ গ’ল।
25. মথুচেলহৰ এশ সাতাশী বছৰ বয়সত তেওঁৰ পুতেক লেমক জন্মিল।
26. লেমকৰ জন্মৰ পাছত মথুচেলহ সাত শ বিৰাশী বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ আৰু পুতেক জীয়েক জন্মিল।
27. সৰ্ব্বমুঠ ন শ উনসত্তৰ বছৰ জীয়াই থকাৰ পাছত মথুচেলহৰ মৃত্যু হ’ল।
28. লেমকৰ এশ বিৰাশী বছৰ বয়সত এটি পুত্ৰ জন্মিল;
29. তেওঁ ক’লে, “যিহোৱাই ভূমিক শাও দিয়াৰ কাৰণে আমি যি পৰিশ্রম আৰু হাতেৰে কষ্ট কৰিব লাগে, তাৰ মাজতো আমাক এই ল’ৰায়েই শান্তনা দিব।” এই বুলি কৈ তেওঁ তেওঁৰ নাম নোহ ৰাখিলে।
30. নোহৰ জন্মৰ পাছত লেমক পাঁচ শ পঞ্চানব্বৈ বছৰ জীয়াই আছিল। সেই সময়ত তেওঁৰ পুনৰ পুতেক আৰু জীয়েক জন্মিল।
31. সৰ্ব্বমুঠ সাত শ সাতসত্তৰ বছৰ জীয়াই থকাৰ পাছত লেমকৰ মৃত্যু হ’ল।
32. নোহ পাঁচ শ বছৰ জীয়াই থকাত তেওঁৰ চেম, হাম আৰু যেফৎ এই তিনিজন পুত্ৰৰ জন্ম হ’ল।

আদিপুস্তক 6:1-22
1. এইদৰে পৃথিবীত মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু তেওঁলোকৰ মাজত অনেক কন্যা সন্তানৰো জন্ম হ’ল।
2. ঈশ্বৰৰ সন্তানসকলে মানুহৰ এই যুৱতীবোৰক ৰূপৱতী দেখিলে আৰু সেয়ে, তেওঁলোকৰ যিয়ে যাকে পছন্দ কৰে, তেওঁ তাইকে বিয়া কৰাই ল’লে।
3. এই অবস্থা দেখি যিহোৱাই ক’লে, “মোৰ আত্মা ই চিৰকাললৈকে মানুহত থাকি অধিকাৰ নচলাব; কিয়নো মানুহ ৰক্তমাংসৰে গঠিত মাত্ৰ। তেওঁলোক এশ বিশ বছৰ জীয়াই থাকিব।”
4. সেইকালত আৰু পৰৱর্তীকালত পৃথিৱীত নাফিলসকল আছিল। তেওঁলোক আছিল ঈশ্বৰৰ সন্তান সকলৰ লগত মানুহৰ যুৱতীবোৰৰ মিলনৰ ফলত জন্ম পোৱা সন্তান। নাফিলসকল পুৰনাকালৰ মহাবলী পুৰুষৰূপে বিখ্যাত আছিল।
5. যিহোৱাই দেখিলে যে, পৃথিবীত মানুহৰ দুষ্টতা অধিককৈ বৃদ্ধি পাইছে আৰু তেওঁলোকৰ হৃদয়ৰ সকলো ভাৱ-চিন্তা সকলো সময়তে কেৱল মন্দতাৰ ফালে যায়।
6. পৃথিৱীত মানুহ সৃষ্টি কৰি যিহোৱা দুঃখিত হ’ল আৰু অন্তৰত বেজাৰ পালে।
7. সেয়ে যিহোৱাই ক’লে, “মই নিজে সৃষ্টি কৰা মানুহক পৃথিবীৰ পৰা উচ্ছন্ন কৰিম; মানুহৰ লগতে সকলো ডাঙৰ জীৱ-জন্তু, বগাই ফুৰা প্রাণী আৰু আকাশৰ চৰাইবোৰ লুপ্ত কৰিম; কিয়নো এই সকলোকে সৃষ্টি কৰি মই দুখ পাইছো।”
8. কিন্তু নোহৰ প্রতি যিহোৱাৰ অনুগ্ৰহৰ দৃষ্টি আছিল।
9. এয়া হৈছে নোহৰ বিৱৰণ। নোহ এজন ধাৰ্মিক লোক আছিল। সেই সময়ৰ লোকসকলৰ মাজত তেৱেঁই সিদ্ধ আছিল; ঈশ্বৰৰ লগত নোহে সম্পর্ক ৰাখি চলিছিল।
10. চেম, হাম আৰু যেফৎ নামৰ নোহৰ তিনিজন পুত্ৰ আছিল।
11. সেই কালত ঈশ্বৰৰ দৃষ্টিত গোটেই পৃথিৱী দুর্নীতি আৰু হিংসাৰে পৰিপূৰ্ণ হৈ পৰিছিল।
12. ঈশ্বৰে পৃথিৱীলৈ দৃষ্টিপাত কৰি দেখিলে যে, পৃথিৱী ভ্রষ্টতাৰে পূর্ণ হৈছে; কিয়নো পৃথিবীৰ সকলো প্রাণীয়ে দুর্নীতিৰ পথত চলিবলৈ ধৰিলে।
13. ঈশ্বৰে নোহক ক’লে, “মই দেখা পাইছো যে, সমগ্র মানৱজাতিকে ধ্বংস কৰাৰ সময় হ’ল; কিয়নো তেওঁলোকে ক্রোধ আৰু হিংসাৰে পৃথিৱী পৰিপূৰ্ণ কৰিছে। মানুহৰ লগতে মই পৃথিৱীৰ সকলোকে ধ্বংস কৰিম।
14. তুমি নিজৰ কাৰণে গোফৰ কাঠেৰে এখন জাহাজ নিৰ্ম্মাণ কৰা। তাৰ ভিতৰত কিছুমান কোঠালি থাকিব আৰু সেই জাহাজৰ ভিতৰে বাহিৰে শিলাজতুৰে লিপি দিবা।
15. জাহাজখন তুমি এইদৰে নির্ম্মাণ কৰিবা: দীঘলে তিনিশ হাত, পথালিয়ে পঞ্চাশ হাত আৰু তাৰ উচ্চতা হ’ব ত্ৰিশ হাত।
16. জাহাজখনত এখন চালি বনাবা আৰু চালৰ পৰা তললৈ একহাত পর্যন্ত খিড়িকি কৰিবা আৰু জাহাজৰ কাষত দুৱাৰ ৰাখিবা; প্ৰথম, দ্বিতীয় আৰু তৃতীয় এনে তিনি তলাকৈ তাক নিৰ্ম্মাণ কৰিবা;
17. আৰু চোৱা, মই পৃথিৱীত এনে এক বন্যা আনিম, তাতে আকাশৰ তলত শ্বাস-প্রশ্বাস লৈ জীয়াই থকা সকলো প্ৰাণীয়েই ধ্বংস হৈ যাব। তেতিয়া পৃথিৱীত থকা সকলো প্রাণীৰ মৃত্যু হ’ব।
18. কিন্তু মই তোমাৰ লগত মোৰ ব্যৱস্থা স্থাপন কৰিম; তুমি গৈ জাহাজত উঠিবা আৰু তোমাৰ লগত তোমাৰ পুত্ৰসকল, তোমাৰ ভাৰ্যা আৰু তোমাৰ পো-বোৱাৰীসকল থাকিব।
19. তোমাৰ লগত জীয়াই ৰাখিবলৈ প্রত্যেকবিধ প্রাণীৰ পৰা মতা মাইকী এযোৰ এযোৰকৈ জাহাজত তুলিবা।
20. বিধে বিধে চৰাই, বিধে বিধে পশু, আৰু বিধে বিধে মাটিত বগাই ফুৰা সকলোৰে এযোৰ এযোৰকৈ তোমাৰ ওচৰলৈ আহিব। তুমি সিহঁতক জীয়াই ৰাখিবা।
21. তুমি সকলোবিধৰ খোৱা-বস্তু গোটাই থ’বা। সেইবোৰ তোমাৰ আৰু সিহঁতৰ বাবে আহাৰ হ’ব।”
22. তেতিয়া নোহে সেই দৰেই কৰিলে; ঈশ্বৰে আজ্ঞা দিয়াৰ দৰেই তেওঁ সকলোকে কৰিলে।

সামসঙ্গীত 2:7-12
7. ৰজাই ক’ব, যিহোৱাই যি নির্দেশ দিছে, মই তাক ঘোষণা কৰিম; যিহোৱাই মোক কৈছে, “তুমি মোৰ পুত্ৰ, আজিয়েই মই তোমাক পিতৃৰূপে জন্ম দিলোঁ।
8. তুমি মোৰ ওচৰত বিচাৰা, তাতে মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, পৃথিবীৰ সকলো সীমা তোমাৰ অধিকাৰলৈ আহিব।
9. লোহাৰ দণ্ডৰে তুমি তেওঁলোকক ভাঙি পেলাবা; কুমাৰৰ মাটিৰ পাত্ৰৰ দৰে তুমি তেওঁলোকক চূর্ণ-বিচূর্ণ কৰিবা।”
10. গতিকে, হে ৰজাসকল, এতিয়া তোমালোকে জ্ঞানেৰে বুজি চলিবা; হে পৃথিবীৰ শাসনকর্তাসকল, সাৱধান হোৱা।
11. ভয়েৰে সৈতে যিহোৱাৰ সেৱা কৰা; উল্লাসিত হৈ কম্পন কৰা।
12. তোমালোকে তেওঁৰ পুত্ৰক সন্মানেৰে চুমা খোৱা, নহলে তেওঁ তোমালোকৰ ওপৰত ক্রুদ্ধ হ’ব, তোমালোক নিজৰ পথতে বিনষ্ট হবা; কিয়নো তেওঁৰ ক্ৰোধ নিমিষতে জ্বলি উঠিব পাৰে। ধন্য সেইসকল, যিসকলে তেওঁত আশ্ৰয় লয়।

প্রবচন 1:10-19
10. হে মোৰ পুত্র, পাপীলোকে যদি তোমাক তেওঁলোকৰ পাপ কাৰ্যত প্রলোভিত কৰে, তেওঁলোকক অনুসৰণ নকৰিবা।
11. তেওঁলোকে যদি কয়, “আমাৰ লগত আহাঁ, আমি ৰক্তপাত কৰিবলৈ খাপ দি থাকোঁ; বিনা কাৰণে নিৰ্দ্দোষী লোকক আক্রমণ কৰিবলৈ লুকাই থাকোঁহক।
12. আহাঁ আমি চিয়োলৰ দৰে স্বাস্থ্যৱান লোকসকলক জীয়াই জীয়াই গিলি পেলাওঁ, আৰু তেওঁলোকক গাতত পৰি থকা লোকৰ দৰে কৰোঁহক।
13. আমি সকলো বিধৰ বহুমুল্য বস্তু বিচাৰিম, আৰু অন্য লোকৰ পৰা লুট কৰা বস্তুৰে আমাৰ ঘৰবোৰ পৰিপূৰ্ণ কৰিম।
14. তোমাৰ লুট কৰা বস্তু আমাৰ সৈতে একেলগ কৰা, আমাৰ সকলোৰে এখনেই মোনা হ’ব।”
15. হে মোৰ পুত্র, তেওঁলোকৰ পথত তুমি নাযাবা; তেওঁলোকৰ পথত তোমাৰ খোজ নিদিবা।
16. তেওঁলোকৰ খোজ কুকৰ্মৰ ফাললৈ লৰ মাৰে; আৰু তেওঁলোকে ৰক্তপাত কৰিবলৈ খৰধৰ কৰে।
17. যি সময়ত চৰাইয়ে চাই থাকে; সেই সময়ত চৰাই ধৰিবলৈ জাল পতা বৃথা।
18. সেই লোকসকলে নিজকে নিজেই ৰক্তপাত কৰিবলৈ খাপ দি থাকে; তেওঁলোকে নিজেই নিজৰ বাবে ফাঁন্দ পাতে।
19. সেয়ে অন্যায়ভাৱে ধনী হোৱা প্রতিজন লোকৰ এনে গতি হয়; অন্যায়কাৰীয়ে ন্যায়ত থকা লোকসকলৰ জীৱন লয়।

মথি 3:1-17
1. সেই কালত বাপ্তাইজক যোহন আহি, যিহুদীয়াৰ মৰুপ্রান্তত প্রচাৰ কৰিব ধৰিলে।
2. তেওঁ ক’লে, “মন-পালটন কৰক। কিয়নো স্বৰ্গৰাজ্য ওচৰ হ’ল।”
3. কাৰণ এৱেঁই সেই যোহন, যি জনৰ বিষয়ে যিচয়া ভাৱবাদীৰ দ্বাৰাই এই বুলি কোৱা হৈছিল যে, “মৰুপ্রান্তত এজনৰ উচ্চস্বৰ শুনা গৈছে, তোমালোকে প্ৰভুৰ পথ প্রস্তুত কৰা৷ তেওঁৰ বাট পোন কৰা।”
4. যোহনে উটৰ নোমেৰে তৈয়াৰী কাপোৰ পিন্ধিছিল, কঁকালত চামৰাৰ টঙালি বান্ধিছিল। কচুৱা ফৰিং আৰু হাবিৰ মৌ তেওঁৰ আহাৰ আছিল।
5. সেই সময়ত যিৰূচালেম, সমগ্র যিহুদীয়া আৰু যৰ্দ্দন নদীৰ দাতিকাষৰীয়া অঞ্চলৰ লোক সকল তেওঁৰ ওচৰলৈ আহিব ধৰিলে।
6. লোক সকলে যেতিয়া নিজৰ নিজৰ পাপ সমূহ স্বীকাৰ কৰিলে, তেতিয়া বাপ্তাইজক যোহনে তেওঁলোকক যৰ্দ্দন নদীত বাপ্তিস্ম দিলে।
7. যোহনে যেতিয়া দেখিলে যে অনেক ফৰীচী আৰু চদ্দূকী সকল বাপ্তিস্মৰ কাৰণে তেওঁৰ ওচৰলৈ আহিছে, তেতিয়া তেওঁ তেওঁলোকক ক’লে, “সৰ্পৰ বংশধৰ সকল! আগলৈ যি ক্রোধ হব লগা আছে, তাৰ পৰা পলাবৰ বাবে আপোনালোকক কোনে চেতনা দিলে?
8. মন-পালটনৰ উপযুক্ত ফল ধৰি ফলৱান হওক।
9. আপোনালোকে নিজৰ মনতে আমাৰ পুৰ্ব্ব পুৰুষ অব্ৰাহাম আছে বুলি চিন্তাও নকৰিব; কিয়নো মই আপোনালোকক কওঁ, ঈশ্বৰে এই শিলবোৰৰ পৰাও অব্ৰাহামৰ বাবে বংশৰ সন্তান উৎপন্ন কৰিব পাৰে।
10. গছবোৰৰ গুৰিত কুঠাৰ লাগি আছে; যি যি গছে ভাল গুটি নধৰে, তাক কাটি জুইত পেলোৱা হয়।
11. আপোনালোকে মন-পালটন কৰা বাবে মই আপোনালোকক পানীত বাপ্তিস্ম দিছোঁ, কিন্তু যি জন আহি আছে, তেওঁ মোতকৈও শক্তিশালী; মই তেওঁৰ পাদুকা ববলৈকো যোগ্য নহওঁ; তেওঁ আপোনালোকক পবিত্ৰ আত্মা আৰু জুইত বাপ্তাইজ কৰিব।
12. তেওঁৰ কুলা তেওঁৰ হাততে আছে; তেওঁ শস্যৰ মৰণা মৰা চোতাল ভালকৈ পৰিষ্কাৰ কৰিব আৰু তেওঁ নিজৰ শস্য ভঁৰালত চপাই থব; কিন্তু ঘুলা, সেই জুইত পুৰি পেলাব, যি জুই কেতিয়াও নুনুমায়।”
13. সেই সময়ত যীচুৱে বাপ্তিস্ম লবলৈ গালীল প্ৰদেশৰ পৰা যৰ্দ্দন নদীৰ পাৰত থকা বাপ্তাইজক যোহনৰ কাষলৈ আহিল।
14. কিন্তু যোহনে তেওঁক বাধা দি ক’লে, “মইহে আপোনাৰ দ্বাৰা বাপ্তাইজ হোৱা উচিত, এনে স্থলত আপুনি মোৰ ওচৰলৈ আহিছে?”
15. কিন্তু যীচুৱে উত্তৰ দি তেওঁক কলে, “এতিয়া এনেকৈয়ে হবলৈ দিয়া; কিয়নো সকলো ধাৰ্মিকতা আমি এইদৰে পূর্ণ কৰা উচিত।” তেতিয়া যোহন সন্মত হ’ল।
16. যীচুৱে বাপ্তিস্মলৈ পানীৰ পৰা উঠাৰ লগে লগে তেওঁৰ সন্মুখত হঠাৎ স্বৰ্গ মুকলি হ’ল আৰু ঈশ্বৰৰ আত্মা কপৌৰ দৰে নামি আহি তেওঁৰ ওপৰত পৰা দেখিলে।
17. তেতিয়া এই আকাশ-বাণী হ’ল, “চোৱা, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট।”