A A A A A

যাত্রাপুস্তক 3:1-22
1. মোচিৰ শহুৰ যিথ্ৰো মিদিয়নৰ পুৰোহিত আছিল, মোচিয়ে তেওঁৰ মেৰ-ছাগৰ জাক চৰাইছিল। তেতিয়া মোচিয়ে মৰুপ্রান্তৰ কাষদি মেৰ-ছাগৰ জাক লৈ গৈ আছিল, আৰু তেওঁ গৈ হোৰেব নামৰ ঈশ্বৰৰ পৰ্বত পাইছিল।
2. সেই ঠাইত যিহোৱাৰ দূতে এজোপা জোপোহা গছৰ মাজত অগ্নি শিখাত তেওঁক দেখা দিলে। মোচিয়ে চাই দেখিলে যে, জোপোহাটোত জুই জ্বলি আছে, কিন্তু জোপোহাটো পুৰি যোৱা নাই।
3. তেতিয়া মোচিয়ে ক’লে, “মই এফলীয়া হৈ যাওঁ, আৰু এই আচৰিত বিষয়টো মই চাওঁ, কিয়নো এই জোপোহাটো পুৰি যোৱা নাই?”
4. যেতিয়া যিহোৱাই দেখিলে যে, তেওঁক চাবলৈ মোচি এফলীয়া হৈ গৈছে, তেতিয়া জোপোহাটোৰ মাজৰ পৰা ঈশ্বৰে তেওঁক মাতি ক’লে, “হে মোচি, হে মোচি।” তেওঁ ক’লে, “চাওঁক, মই ইয়াতে আছোঁ।”
5. যিহোৱাই ক’লে, “তুমি ওচৰ চাপি নাহিবা; তোমাৰ ভৰিৰ পৰা জোতা সোলোকোৱা, কিয়নো তুমি যি ঠাইত থিয় হৈ আছা, সেয়া পবিত্ৰ ভূমি।”
6. তেওঁ পুনৰ ক’লে, “মই তোমাৰ পূর্বপুৰুসকলৰ ঈশ্বৰ; অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, আৰু যাকোবৰ ঈশ্বৰ।” তেতিয়া মোচিয়ে নিজৰ মুখ ঢাকিলে, কিয়নো তেওঁ ঈশ্বৰক চাবলৈ ভয় কৰিলে।
7. যিহোৱাই ক’লে, “মই মিচৰত থকা মোৰ লোকসকলৰ যন্ত্রণালৈ নিশ্চয়ে দৃষ্টি কৰিছোঁ। কাৰণ তেওঁলোক অতি কঠোৰ তত্বাৱধায়কৰ তলত আছে, মই তেওঁলোকৰ ক্রন্দন শুনিছোঁ, মই তেওঁলোকৰ যন্ত্রণাৰ বিষয় বুজি পাইছোঁ।
8. মই তেওঁলোকক মিচৰীয়া লোকৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ নামি আহিলোঁ। সেই দেশৰ পৰা উলিয়াই আনি, গাখীৰ মৌ-জোল বৈ থকা এখন উত্তম আৰু বহল দেশ, য’ত কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, যিবুচীয়া লোক সকলে বাস কৰে, এনে ঠাইলৈ তেওঁলোকক নিবলৈ আহিলোঁ।
9. এতিয়া ইস্ৰায়েলৰ লোকসকলৰ কাতৰোক্তি মোৰ ওচৰলৈ আহিল। অৱশ্যে মিচৰীয়া সকলে তেওঁলোকৰ ওপৰত কৰা উপদ্ৰবো মই দেখিছোঁ।
10. সেয়ে মোৰ ইস্ৰায়েলী লোকসকলক মিচৰৰ পৰা উলিয়াই আনিবলৈ, মই এতিয়া তোমাক ফৰৌণৰ ওচৰলৈ পঠাওঁ।”
11. কিন্তু মোচিয়ে ঈশ্বৰক ক’লে, “মইনো কোন যে, ফৰৌণৰ ওচৰলৈ গৈ ইস্ৰায়েলী লোকসকলক মিচৰৰ পৰা উলিয়াই আনিম?”
12. ঈশ্বৰে উত্তৰ দি ক’লে, “অৱশ্যে মই তোমাৰ সঙ্গী হ’ম; আৰু মইয়ে তোমাক পঠালোঁ, ইয়াৰ চিন তোমালৈ এয়ে হ’ব যে, তুমি মিচৰৰ পৰা লোকসকলক উলিয়াই আনি, এই পৰ্ব্বততে তোমালোকে ঈশ্বৰৰ আৰধনা কৰিবা।”
13. মোচিয়ে ঈশ্বৰক ক’লে, “মই যেতিয়া ইস্ৰায়েলী লোকসকলক ক’ম যে, তোমালোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰে মোক তোমালোকৰ ওচৰলৈ পঠালে; তেতিয়া তেওঁলোকে মোক ক’ব, ‘তেওঁৰ নাম কি?’ তেতিয়া মই কি উত্তৰ দিম?”
14. ঈশ্বৰে মোচিক ক’লে, “মই যি জন হওঁ, সেই জনেই হওঁ।” ঈশ্বৰে পুনৰ ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক নিশ্চয়কৈ ক’বা যে, ‘মই যি জন হওঁ’ তেৱেঁই মোক তোমালোকৰ ওচৰলৈ পঠালে।”
15. ঈশ্বৰে মোচিক পুনৰ ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক অৱশ্যে ক’বা যে, ‘তোমালোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ, অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, আৰু যাকোবৰ ঈশ্বৰ যিহোৱায়ে মোক তোমালোকৰ ওচৰলৈ পঠালে। এয়ে মোৰ চিৰস্থায়ী নাম, আৰু ইয়াৰ দ্বাৰাই পুৰুষানুক্ৰমে মই সোঁৱৰণীয় হম।’
16. তুমি যোৱা, আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলক একত্রিত কৰি সমবেত কৰোঁৱা। তেওঁলোকক ক’বা যে, ‘তোমালোকৰ ওপৰ-পিতৃ অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ ঈশ্বৰ যিহোৱাই মোক দৰ্শন দি ক’লে যে, ‘মই তোমালোকক নিৰীক্ষণ কৰিলোঁ আৰু তোমালোকক মিচৰত কেনে ব্যৱহাৰ কৰিছে, সেয়া মই দেখিলোঁ।
17. মিচৰ দেশত তোমালোকৰ ওপৰত কৰা উপদ্রৱৰ পৰা তোমালোকক উলিয়াই আনি, গাখীৰ, মৌ-জোল বৈ থকা সেই কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকলৰ দেশলৈ মই তোমালোকক লৈ যাবলৈ প্রতিজ্ঞা কৰিছোঁ’।
18. তেতিয়া তেওঁলোকে তোমাৰ কথা শুনিব। তাৰ পাছত তুমি আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলে মিচৰৰ ৰজাৰ ওচৰলৈ গৈ, তেওঁক নিশ্চয়কৈ ক’বা যে, ‘ইব্ৰীয়াসকলৰ ঈশ্বৰ যিহোৱা আমাৰ আগত সাক্ষাৎ হ’ল। সেয়ে আমি তিনি দিন মৰুভূমিৰ মাজেৰে গৈ ঈশ্বৰ যিহোৱাৰ উদ্দেশে বলিদান কৰিবৰ অৰ্থে আমাক যাবলৈ দিয়ক।’
19. কিন্তু মই জানো, যেতিয়ালৈকে মিচৰৰ ৰজাক বাধ্য কৰোঁৱা নহয়, তেতিয়ালৈকে তেওঁ তোমালোকক যাব নিদিব।
20. মই নিজ হাত মেলিম, আৰু মিচৰ দেশৰ মাজত সকলো আচৰিত কৰ্মেৰে মই তেওঁলোকক আঘাত কৰিম। তাৰ পাছতহে তেওঁ তোমালোকক যাবলৈ দিব।
21. মই মিচৰীয়াসকলৰ পৰা তোমালোকক অনুগ্ৰহপ্ৰাপ্ত কৰিম। সেয়ে তোমালোকে যোৱা সময়ত শুদা-হাতে যাব লগা নহ’ব।
22. প্ৰতি গৰাকী মহিলাই নিজৰ ওচৰ-চুবুৰীয়া, আৰু নিজৰ ঘৰৰ ওচৰত বাস কৰা মহিলা সকলৰ পৰা ৰূপ আৰু সোণৰ অলঙ্কাৰ আৰু বস্ত্ৰ খুজিবা; আৰু তোমালোকে সেইবোৰ নিজৰ লৰা-ছোৱালীক পিন্ধাবা; এই দৰে তোমালোকে মিচৰীয়া সকলক লুট কৰিবা।”

যাত্রাপুস্তক 4:1-31
1. মোচিয়ে উত্তৰ দি ক’লে, “কিন্তু তেওঁলোকে যদি মোক বিশ্বাস নকৰে, আৰু মোৰ কথাও নুশুনে; আৰু তাৰ পৰিৱৰ্ত্তে তেওঁলোকে মোক ক’ব, ‘যিহোৱাই তোমাক দৰ্শন দিয়া নাই’ তেতিয়া কি হ’ব?”
2. যিহোৱাই তেওঁক ক’লে, “তোমাৰ হাতত কি আছে?” মোচিয়ে ক’লে, “লাখুটি।”
3. তেতিয়া যিহোৱাই ক’লে, “লাখুটি ডাল মাটিত পেলাই দিয়া।” তেতিয়া মোচিয়ে লাখুটিডাল মাটিত পেলাই দিলে, আৰু তেতিয়াই সেই লাখুটি ডাল সাপ হৈ পৰিল। মোচিয়ে তাৰ পৰা পাছ হুঁহকি গ’ল।
4. তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তুমি তোমাৰ হাত মেলি তাৰ নেগুৰত ধৰা।” মোচিয়ে নিজৰ হাত মেলি তাক ধৰিলে, আৰু তেওঁৰ হাতত সেই সাপ ডাল পুনৰ লাখুটি হ’ল।
5. “ইয়াৰ বাবেই তেওঁলোকৰ ওপৰ-পিতৃ অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ঈশ্বৰ যিহোৱাই যে তোমাক দৰ্শন দিলে, সেই কথা তেওঁলোকে বিশ্বাস কৰিব।”
6. যিহোৱাই তেওঁক পুনৰ ক’লে, “তুমি তোমাৰ হাত চোলাত ভৰোৱা।” সেয়ে মোচিয়ে হাতখন নিজৰ চোলাত ভৰালে। পাছত তেওঁ যেতিয়া হাতখন বাহিৰলৈ উলিয়াই আনিলে, তেতিয়া তেওঁ দেখিলে যে, তেওঁৰ হাত কুষ্ঠ ৰোগেৰে হিমৰ নিচিনা বগা হৈছে।
7. যিহোৱাই ক’লে, “তোমাৰ হাত পুনৰ চোলাত ভৰোৱা।” তেতিয়া মোচিয়ে নিজৰ হাত পুনৰ চোলাত ভৰালে; আৰু যেতিয়া বাহিৰলৈ উলিয়ালে তেওঁ দেখিলে যে, তেওঁৰ শৰীৰৰ অৱশিষ্ট অংশৰ দৰেই হাতখন পুনৰ সুস্থ হ’ল।
8. যিহোৱাই ক’লে, “তেওঁলোকে যদি তোমাক বিশ্বাস নকৰে, আৰু মোৰ শক্তিৰ সেই প্ৰথম চিনকো যদি বিশ্বাস নকৰে, তেনেহ’লে তেওঁলোকে দ্বিতীয় চিনত বিশ্বাস কৰিব।
9. তেওঁলোকে যদি এই দুয়োটা চিনকো বিশ্বাস নকৰে, আৰু তোমাৰ কথাও নুশুনে, তেনেহ’লে তুমি নদীৰ পৰা অলপ পানী লৈ শুকান মাটিত ঢালিবা। তেতিয়া তুমি নদীৰ পৰা লোৱা সেই পানী শুকান মাটিত ঢালি দিওঁতে, সেই পানী তেজলৈ পৰিণত হ’ব।”
10. তেতিয়া মোচিয়ে যিহোৱাক ক’লে, “হে মোৰ প্ৰভু মিনতি কৰিছোঁ, মই বাকপটু নহওঁ; ইয়াৰ পূৰ্বেও নাছিলোঁ, বা আপুনি নিজ দাসক কথা কোৱাৰ পাছতো নহওঁ। কাৰণ মোৰ মুখ আৰু জীবা গধূৰ।”
11. যিহোৱাই মোচিক ক’লে, “মানুহৰ মুখ কোনে নিৰ্মাণ কৰিলে? বোবা বা কলা, নাইবা চকু থকা বা অন্ধ কোনে কৰিলে? মই যিহোৱায়ে জানো তাক নকৰোঁ?
12. তেনেহ’লে এতিয়া তুমি যোৱা; মই তোমাৰ মুখত থাকিম, আৰু তুমি কবলগীয়া কথা মই তোমাক শিকাম।”
13. কিন্তু মোচিয়ে ক’লে, “হে মোৰ প্ৰভু অনুগ্রহ কৰি, আপুনি যি জনক ইচ্ছা কৰে, তেনে আন কোনো এজনক পঠিয়াওক।”
14. তেতিয়া মোচিলৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল। তেওঁ ক’লে, “তোমাৰ লেবীয়া ককায়েৰ হাৰোণ ক’ত আছে? মই জানো, তেওঁ ভালকৈ কথা ক’ব পাৰে। অৱশ্যে তেওঁ তোমাক ল’গ পাবলৈ আহি আছে; আৰু তেওঁ আহি তোমাক যেতিয়া দেখিব, তেতিয়া তেওঁ আনন্দিত হ’ব।
15. তুমি তেওঁক ক’বা, আৰু তেওঁৰ মুখে কি ক’ব লাগে সেই বাক্য দিবা। মই তোমাৰ আৰু তেওঁৰ মুখৰো সহায় হ’ম, আৰু কি কৰিব লাগে, সেই বিষয়ে তোমালোকক জনাম।
16. তেওঁ লোক সকলৰ আগত তোমাৰ হৈ কথা ক’ব। তেওঁ তোমাৰ মুখস্থৰূপ হ’ব, আৰু তুমি তেওঁৰ ঈশ্বৰ স্বৰূপ হ’বা।
17. এই লাখুটিডাল তুমি নিজ হাতত লোৱা। এই লাখুটি ডালেৰেই তুমি চিনবোৰ দেখুৱাবা।”
18. তাৰ পাছত মোচিয়ে তেওঁৰ শহুৰেক যিথ্রোৰ ওচৰলৈ উভটি গ’ল, আৰু তেওঁক ক’লে, “মই বিনয় কৰোঁ, মিচৰত থকা মোৰ সম্পৰ্কীয় লোকসকল এতিয়ালৈকে জীয়াই আছে নে নাই, তাক চাবৰ বাবে তেওঁলোকৰ ওচৰলৈ উভটি যাবলৈ মোক দিয়ক।” যিথ্ৰোৱে মোচিক ক’লে, “শান্তিৰে যোৱা।”
19. যিহোৱাই মিদিয়নত মোচিক ক’লে, “তুমি মিচৰলৈ উভটি যোৱা; কিয়নো যি সকল লোকে তোমাৰ প্ৰাণ ল’ব বিচাৰিছিল, সেই লোক সকলৰ মৃত্যু হ’ল।”
20. তেতিয়া মোচিয়ে নিজৰ ভাৰ্যা আৰু পুত্রক এটা গাধত উঠাই ল’লে আৰু মিচৰ দেশলৈ যাত্রা কৰিলে। মোচিয়ে ঈশ্বৰৰ সেই লাখুটি ডালো নিজৰ হাতত ল’লে।
21. যিহোৱাই মোচিক কৈছিল, “তুমি যেতিয়া মিচৰলৈ উভটি যাবা, তেতিয়া মই তোমাৰ হাতত যিবোৰ আচৰিত কাৰ্যৰ শক্তি দিলোঁ, সেই সকলো ফৰৌণৰ সাক্ষাতে কৰিবা। কিন্তু মই তেওঁৰ মন কঠিন কৰিম, আৰু সেয়ে তেওঁ তেতিয়া লোকসকলক এৰি নিদিব।
22. তুমি ফৰৌণক নিশ্চয়কৈ ক’বা, ‘যিহোৱাই এইদৰে কৈছে: ইস্ৰায়েল মোৰ পুত্ৰ, মোৰ জ্যেষ্ঠ পুত্ৰ’;
23. মই তোমাক কৈছিলোঁ, ‘মোৰ আৰধনা কৰিবৰ অৰ্থে মোৰ পুত্ৰক এৰি দিয়া’। কিন্তু তথাপিও তেওঁলোকক এৰি দিবলৈ তুমি অসন্মত হ’লা; সেয়ে মই তোমাৰ পুত্ৰ, তোমাৰ জ্যেষ্ঠ পুত্ৰক নিশ্চয় বধ কৰিম’।”
24. তাৰ পাছত যাত্রা কৰি গৈ থাকোতে, ৰাতি হোৱাৰ বাবে তেওঁলোক এঠাইত থাকিল; তাতে যিহোৱাই মোচিক লগ পালে, আৰু বধ কৰিব খুজিলে।
25. তেতিয়া চিপ্পোৰাই এটুকুৰা চিকমিকিয়া চোকা পাথৰ ল’লে; আৰু নিজৰ পুত্ৰৰ লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰি, মোচিৰ ভৰিত পেলাই দি ক’লে, “নিশ্চয়ে আপুনি মোৰ পক্ষে তেজৰ দ্বাৰাই পোৱা দৰা।”
26. সেয়ে যিহোৱাই তেওঁক এৰি দিলে। চিপ্পোৰাই ক’লে, “চুন্নতৰ কাৰণে আপুনি তেজৰ দ্বাৰাই পোৱা দৰা।”
27. যিহোৱাই হাৰোণক কৈছিল, “তুমি মোচিৰে সৈতে সাক্ষাৎ কৰিবলৈ মৰুভূমিলৈ যোৱা।” তেতিয়া হাৰোণ গ’ল, আৰু ঈশ্বৰৰ পৰ্বতত মোচিক লগ ধৰি, তেওঁক চুমা খালে।
28. তেতিয়া মোচিয়ে যিহোৱাই কোৱা সকলো কথা আৰু চিন দেখুৱাবৰ বাবে শক্তিৰে কাৰ্য কৰিবলৈ যিহোৱাই দিয়া আজ্ঞাৰ কথা হাৰোণক ক’লে।
29. তাৰ পাছত মোচি আৰু হাৰোণ দুয়ো গৈ ইস্ৰায়েলী লোকসকলৰ বৃদ্ধ লোকসকলক একগোট কৰিলে।
30. যিহোৱাই মোচিক কোৱা সকলো কথা হাৰোণে তেওঁলোকক ক’লে। তেওঁ লোকসকলৰ আগত যিহোৱাৰ শক্তিৰ দ্বাৰাই চিনবোৰো দেখুৱালে।
31. তেতিয়া লোকসকলে বিশ্বাস কৰিলে। যিহোৱাই যে ইস্ৰায়েলী লোক সকললৈ দৃষ্টি কৰিলে; আৰু তেওঁলোকৰ যাতনাবোৰ চালে, সেই কথা শুনি তেওঁলোকে মূৰ দোঁৱাই প্রণিপাত কৰি ঈশ্বৰৰ আৰাধনা কৰিলে।

সামসঙ্গীত 16:1-6
1. হে ঈশ্বৰ, তুমি মোক ৰক্ষা কৰা, কিয়নো মই তোমাতেই আশ্ৰয় লৈছোঁ।
2. মই যিহোৱাক ক’লোঁ, “তুমিয়েই মোৰ প্ৰভু; তোমাৰ বাহিৰে মোৰ আন কতো মঙ্গল নাই।”
3. পৃথিবীত যি সকল পবিত্ৰ লোক থাকে তেওঁলোক মহান; তেওঁলোকৰ ওপৰতে মোৰ আনন্দ সম্পূৰ্ণ হয়।
4. যিসকলে আন দেৱতাক মনোনীত কৰে, তেওঁলোকৰ অধিক যাতনা হ’ব, তেওঁলোকৰ দেৱতাৰ উদ্দেশ্যে অনা তেজৰ যি পেয় নৈবেদ্য, মই তাক উৎসৰ্গ নকৰিম; দেৱতাৰ নামো মোৰ ওঁঠত নলম।
5. যিহোৱা, তুমিয়েই মোৰ আধিপত্যৰ মনোনীত ভাগ আৰু মোৰ পান-পাত্র; মোৰ ভৱিষ্যত তোমাৰ হাততে আছে।
6. মোৰ সীমাৰ মাজত যি ঠাই পৰিছে, সেয়ে মনোহৰ ঠাই, অৱশ্যেই মোৰ এক মনোমোহা আধিপত্য আছে।

প্রবচন 5:1-6
1. হে মোৰ পুত্র, মোৰ প্রজ্ঞালৈ মনোযোগ দিয়া; সাৱধানতাৰে মোৰ তাৎপর্যপূৰ্ণ কথা শুনা।
2. সেয়ে তুমি সুবিবেচনা শিকিব পাৰিবা; আৰু তোমাৰ ওঁঠে জ্ঞান ৰক্ষা কৰিব পাৰিব।
3. কিয়নো ব্যভিচাৰিণীৰ ওঁঠৰ পৰা টোপে টোপে মৌ বৰষে, আৰু তেওঁৰ মুখৰ কথা তেলতকৈয়ো মসৃণ।
4. কিন্তু শেষত তেওঁ চোকা তৰোৱালে কটাৰ দৰে কাটে। তিতা উদ্ভিদৰ দৰে হয়,
5. তেওঁৰ ভৰি মৃত্যুলৈ নামি যায়, তেওঁ খোজ দিয়া সকলো পথ চিয়োললৈ যায়।
6. তেওঁ জীৱন পথত কোনো চিন্তা নকৰে; তেওঁৰ খোজ আচৰ্যজনক, তেওঁ ক’লৈ গৈ আছে তেওঁ নাজানে।

মথি 18:1-20
1. সেই সময়ত শিষ্য সকলে যীচুৰ ওচৰলৈ আহি সুধিলে, “প্ৰভু, স্বৰ্গৰাজ্যত শ্ৰেষ্ঠ কোন?”
2. তেতিয়া যীচুৱে এটি শিশুক ওচৰলৈ মাতি আনি তেওঁলোকৰ মাজত থিয় কৰাই কলে,
3. “মই তোমালোকক সঁচাকৈ কওঁ, যদি তোমালোকে মন পৰিৱর্তন কৰি শিশু সকলৰ দৰে হব নোৱাৰা, তেনেহলে কোনোমতেই স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰিবা৷
4. এতেকে যি কোনোৱে এই শিশুটিৰ দৰে নিজকে নম্ৰ কৰে, তেৱেঁই স্বৰ্গৰাজ্যত সর্ব্বশ্ৰেষ্ঠ৷
5. আকৌ যি কোনোৱে এনে এটি শিশুক মোৰ নামেৰে গ্ৰহণ কৰে, তেওঁ মোকেই গ্ৰহণ কৰে।
6. মোক বিশ্বাস কৰা এই নম্ৰ সকলৰ মাজৰ কোনোবা এজনক যদি কোনোৱে পাপৰ পথত লৈ যায়, তেনেহলে তেওঁক ডিঙিত এটা ডাঙৰ জাঁত বান্ধি বৰং সমুদ্ৰৰ গভীৰ পানীত ডুবাই দিয়াই তেওঁৰ পক্ষে ভাল হব।
7. হায়! বিঘিনিৰ সময়ৰ কাৰণে এই জগত; কিয়নো বিঘিনিৰ সময় অৱশ্যেই আহিব৷ কিন্তু যি মানুহৰ দ্বাৰাই বিঘিনি হয়, তেওঁৰ সন্তাপ হ’ব৷
8. তোমালোকক পাপলৈ নিয়াৰ কাৰণ যদি তোমালোকৰ হাত বা ভৰি হয়, তেনেহলে তাক কাটি দূৰলৈ দলিয়াই পেলোৱা; দুই হাত বা দুই ভৰি লৈ অনন্ত জুইত পেলোৱা হোৱাতকৈ, কোঙা বা খোৰা হৈ জীৱনত প্ৰৱেশ কৰাই তোমালোকৰ পক্ষে ভাল।
9. তোমালোকৰ চকুৱে যদি তোমালোকক পাপৰ পথলৈ নিয়ে, তেনেহলে তাকো কাঢ়ি তোমালোকৰ পৰা দূৰলৈ দলিয়াই পেলোৱা; দুই চকু লৈ অনন্ত অগ্নিময় নৰকত পেলোৱা হোৱাতকৈ, বৰং কণা হৈ জীৱনত সোমোৱাই তোমালোকৰ পক্ষে ভাল।
10. সেয়ে সাৱধানে চলিবা; তোমালোকে এই সৰু সকলৰ মাজৰ এজনকো হেয়জ্ঞান নকৰিবা; কিয়নো মই তোমালোকক কওঁ, স্ৱৰ্গত তেওঁলোকৰ দূত সকলে মোৰ স্বৰ্গীয় পিতৃৰ মুখ সদায় যেন দেখা পায়।
11. কাৰণ যি হেৰাল, তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল।
12. তোমালোকে কি ভাবা? যদি কোনো এজন মানুহৰ এশটা মেৰ আছে অাৰু তাৰ মাজৰ পৰা যদি এটা ভুল পথে গৈ হেৰাই যায়, তেতিয়া তেওঁ জানো নিৰানব্বৈটা মেষক পাহাৰৰ দাঁতিত এৰি থৈ হেৰোৱা মেষটোক বিচাৰি নাযাব?
13. আৰু যদি হেৰোৱাটোক কেনেবাকৈ পায়, তেনেহলে মই তোমালোকক সঁচাকৈ কওঁ যে, ভুল পথে নোযোৱা সেই নিৰানব্বৈটা মেষতকৈ, যিটো হেৰাই গৈছিল সেই মেষটোক ঘূৰাই পোৱাত তেওঁ অধিক আনন্দ কৰিব।
14. এইদৰে এই সৰু সকলৰ মাজৰ এটিও নষ্ট হোৱাটো স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে ইচ্ছা নকৰে।
15. কিন্তু তোমাৰ ভায়েৰাই যদি তোমাৰ বিৰুদ্ধে পাপ কৰে, তেনেহলে তেওঁ অকলে থাকোতেই ওচৰলৈ গৈ তেওঁৰ দোষ দেখুৱাই দিয়া। তেওঁ যদি তোমাৰ কথা শুনে, তেনেহলে তুমি তোমাৰ ভায়েৰাক ঘূৰাই পালা।
16. কিন্তু যদি নুশুনে, তেনেহলে দুই এজন ভাইক তোমাৰ লগত লৈ যোৱা, যাতে দুই বা তিনি জন সাক্ষীৰ কথাত প্ৰত্যেকটো বিষয় সত্য বুলি প্ৰমাণিত হয়।
17. যদি তেওঁ তেওঁলোকৰ কথাও নুশুনে, তেনেহলে মণ্ডলীক জনাবা; মণ্ডলীৰ কথাও যদি নুশুনে, তেনেহলে তেওঁ তোমাৰ ওচৰত অনা-ইহুদী আৰু কৰ সংগ্ৰহকাৰী সকলৰ দৰে হওক।
18. মই তোমালোকক সঁচাকৈয়ে কওঁ, তোমালোকে পৃথিৱীত যিহকে বান্ধিবা, সেয়ে স্বৰ্গতো বন্ধ কৰা হ’ব আৰু পৃথিৱীত যিহকে মুকলি কৰিবা, সেয়ে স্ৱৰ্গতো মুকলি কৰা হব।
19. পুনৰায় মই তোমালোকক কওঁ, পৃথিৱীত তোমালোকৰ দুজনৰ যদি প্ৰাৰ্থনীয় কোনো বিষয়ত এক মন হয়, তেনেহলে স্বৰ্গত থকা মোৰ পিতৃৰ দ্বাৰাই তেওঁলোকলৈ সেই বিষয় সিদ্ধ কৰা হ’ব
20. কিয়নো যি ঠাইত দুই বা তিনি জন মোৰ নামেৰে গোট খায়, সেই ঠাইত ময়ো তেওঁলোকৰ মাজত থাকোঁ।”