A A A A A

যাত্রাপুস্তক 1:1-22
1. যাকোবৰ লগত ইস্ৰায়েলৰ যিসকল পুত্ৰই নিজৰ পৰিয়ালৰ সৈতে মিচৰ দেশলৈ আহিছিল, তেওঁলোকৰ নাম:
2. ৰূবেণ, চিমিয়োন, লেবী আৰু যিহূদা;
3. ইচাখৰ, জবূলূন, আৰু বিন্যামীন;
4. দান আৰু নপ্তালী; গাদ আৰু আচেৰ।
5. যাকোবৰ বংশধৰ সৰ্ব্বমুঠ সত্তৰ জন আছিল। ইতিমধ্যে যোচেফ মিচৰত আছিল।
6. তাৰ পাছত যোচেফ, তেওঁৰ ভায়েক-ককায়েক সকল আৰু সেই প্রজন্মৰ সকলোৰেই মৃত্যু হ’ল।
7. ইস্ৰায়েলৰ সন্তান সকল বহু বংশ হৈ সংখ্যাত বৃদ্ধি পালে; আৰু বাঢ়ি বাঢ়ি অতিশয় বলৱন্ত হ’ল। তেওঁলোকৰ দ্বাৰাই দেশ পৰিপূৰ্ণ হ’ল।
8. তাৰ পাছত মিচৰত যোচেফক সোঁৱৰণ কৰা কথাত গুৰুত্ব নিদিয়া এজন নতুন ৰজাৰ উত্থান হ’ল।
9. তেওঁৰ প্ৰজা সকলক তেওঁ ক’লে, “সেই ইস্ৰায়েল জাতিক চোৱা; তেওঁলোক সংখ্যাত অধিক আৰু আমাতকৈ বলৱন্ত।
10. আহাঁ, আমি তেওঁলোকৰ লগত জ্ঞানেৰে লেনদেন কৰোঁহক। নহলে তেওঁলোক অবিৰত ভাৱে বৃদ্ধি পাব, আৰু কোনো যুদ্ধ হ’লে, তেওঁলোকে আমাৰ শত্ৰুবোৰৰ লগত যোগ হৈ আমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, আৰু দেশ ত্যাগ কৰি যাব।”
11. সেয়ে তেওঁলোকক কঠিন পৰিশ্রমৰ দ্বাৰাই অত্যাচাৰ কৰিবলৈ তেওঁলোকৰ ওপৰত কঠোৰ তত্ত্বাবধায়ক নিযুক্ত কৰিলে। ইস্রায়েলী লোক সকলে পিথোম আৰু ৰামিচেচ নামেৰে ফৰৌণৰ অৰ্থে ভঁৰাল ঘৰৰ নগৰ নিৰ্মাণ কৰিলে।
12. কিন্তু মিচৰীয়া সকলে যিমান বেছিকৈ ইস্রায়েলী সকলক অত্যাচাৰ কৰিলে, সিমান বেছিকৈ তেওঁলোক সংখ্যাত বৃদ্ধি পালে আৰু বিস্তাৰ লাভ কৰিবলৈ ধৰিলে। সেয়ে মিচৰীয়া সকলে ইস্ৰায়েলী লোক সকলক ভয় কৰিবলৈ আৰম্ভ কৰিলে।
13. মিচৰীয়া সকলে ইস্ৰায়েলী লোক সকলক অব্যাহতি নিদিয়াকৈ কাম কৰাইছিল।
14. চূণ, বালি আৰু পানী মিহলাই তৈয়াৰ কৰোঁৱা বোকাৰে ইটা প্রস্তুত কৰা, আৰু পথাৰৰ সকলো বিধৰ কামৰ দ্বাৰাই তেওঁলোকৰ জীৱন তিক্ত কৰিছিল। তেওঁলোকে কৰিব লগা সকলো কামেই কঠিন আছিল।
15. তাৰ পাছত মিচৰৰ ৰজাই চিফ্ৰা আৰু পুৱা নামৰ দুজনী ইব্ৰীয়া ধাত্ৰীৰ লগত কথা পাতিলে।
16. ৰজাই ক’লে, “যি সময়ত তোমালোকে ইব্ৰীয়া মহিলা সকলক প্রসৱ আসনত সন্তান প্ৰসৱ কৰাত সহায় কৰিবা, সেই সময়ত তেওঁলোকে জন্ম দিয়া সন্তান লক্ষ্য কৰিবা; যদি সেই সন্তান ল’ৰা হয় তেনেহ’লে তাক অৱশ্যে বধ কৰিবা, আৰু যদি ছোৱালী হয়, তেনেহ’লে তাইক জীয়াই থাকিবলৈ দিবা।”
17. কিন্তু ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰিছিল, সেয়ে মিচৰৰ ৰজাই তেওঁলোকক দিয়া আজ্ঞা পালন নকৰি, তাৰ পৰিৱৰ্তে ল’ৰা শিশু বিলাকক জীয়াই ৰাখিলে।
18. মিচৰৰ ৰজাই ধাত্ৰী দুজনীক মাতি অনালে আৰু তেওঁলোকক ক’লে, “তোমালোকে কিয় ল’ৰা শিশু বিলাকক জীয়াই ৰাখিলা?”
19. তেতিয়া ধাত্ৰী দুজনীয়ে ফৰৌণক ক’লে, “ইব্ৰীয়া মহিলা সকল মিচৰীয়া মহিলা সকলৰ দৰে নহয়; তেওঁলোক সবল, আৰু তেওঁলোকৰ ওচৰলৈ ধাত্ৰী অহাৰ আগতে, তেওঁলোকে নিজে সন্তান প্ৰসৱ কৰে।”
20. ঈশ্বৰে সেই ধাত্ৰী দুজনীক ৰক্ষা কৰিলে। লোক সকল সংখ্যাত বৃদ্ধি পালে আৰু অধিক বলৱন্ত হ’ল।
21. ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰিছিল, সেয়ে ঈশ্বৰে তেওঁলোকৰ বাবে পৰিয়াল গঠন কৰিলে।
22. পাছত ফৰৌণে নিজৰ সকলো প্ৰজাকে এই আজ্ঞা দিলে যে, “তোমালোকে নতুন কৈ জন্ম হোৱা প্ৰত্যেক ল’ৰা শিশুক নীল নদীত পেলাই দিব লাগিব, কিন্তু প্ৰতিজনী ছোৱালীক হ’লে জীয়াই ৰাখিব পাৰিবা।”

যাত্রাপুস্তক 2:1-25
1. লেবী বংশৰ এজন মানুহে এজনী লেবীয়া ছোৱালী বিয়া কৰালে।
2. পাছত সেই মহিলা গৰাকী গৰ্ভৱতী হ’ল, আৰু এটি পুত্র সন্তান প্ৰসৱ কৰিলে। তেওঁ যেতিয়া দেখিলে যে, সন্তানটো স্বাস্থ্যবান; তেতিয়া তেওঁ সন্তানটি তিনি মাহলৈ লুকুৱাই ৰাখিলে।
3. কিন্তু তেওঁ যেতিয়া দেখিলে যে, ল’ৰাটোক বেছি দিন লুকুৱাই ৰাখিব নোৱাৰিব; তেতিয়া তেওঁ নলেৰে এটা পাচি সাজিলে, আৰু সেই পাচিটো শিলাজতু আৰু এঠাৰে লেপি ল’লে, পাছত সেই পাচিটোত ল’ৰাজনক সুমুৱাই ল’লে, আৰু নদীৰ দাঁতিত থকা নল-খাগড়িৰ মাজত গৈ থলে।
4. তাতে দূৰৈত থিয় হৈ বায়েকে সেই শিশুটোৰ কি হ’ব, সেই বিষয়ে জানিবলৈ বাট চাই থাকিল।
5. ফৰৌণৰ জীয়েকে নদীত গা ধুবলৈ নামি গৈছিল, আৰু তেওঁৰ যুৱতী দাসী সকলে নদীৰ তীৰত ফুৰি আছিল। এনেতে তেওঁ নল খাগড়ি মাজত সেই পাচিটো দেখি, তেওঁৰ দাসী এজনীক পাচিটো আনিবলৈ পঠিয়ালে।
6. তেওঁ পাচিটো মেলি শিশুটি দেখিলে। এনেতে শিশুটিয়ে কান্দিবলৈ ধৰিলে; আৰু তেওঁৰ শিশুটিলৈ মৰম লাগি ক’লে, “এই সন্তানটি নিশ্চয় এটি ইব্ৰীয়া সন্তান।”
7. তেতিয়া শিশুটিৰ বায়েকে ফৰৌণৰ জীয়েকক ক’লে, “আপোনাৰ অৰ্থে এই সন্তানটিক পিয়াহ খোৱাই তুলিবলৈ, মই এজনী ইব্ৰীয়া মহিলা বিচাৰি মাতি আনিম নে?”
8. ফৰৌণৰ জীয়েকে ক’লে, “যোৱা।” তেতিয়া সেই ছোৱালী জনীয়ে শিশুটিৰ মাককে মাতি নিলে।
9. ফৰৌণৰ জীয়েকে শিশুটিৰ মাতৃক ক’লে, “আপুনি এই ল’ৰাটি লওক আৰু মোৰ বাবে পিয়াহ খুৱাই প্রতিপালন কৰক; তাৰ বাবে মই আপোনাক পাৰিশ্রমিক দিম।” তেতিয়া মহিলা গৰাকীয়ে ল’ৰাটি নিলে আৰু পিয়াহ খোৱাই প্রতিপালন কৰিলে।
10. ল’ৰাটি যেতিয়া ডাঙৰ হ’ল, তেওঁ ল’ৰাটিক ফৰৌণৰ জীয়েকৰ ওচৰলৈ আনিলে; তেতিয়া সেই লৰাটি তেওঁৰ পুত্ৰ হ’ল। তেওঁ লৰাটিৰ নাম মোচি ৰাখি ক’লে, “কিয়নো মই ইয়াক পানীৰ পৰা তুলি আনিলোঁ।”
11. মোচি যেতিয়া ডেকা হ’ল, তেওঁ বাহিৰলৈ ওলাই গৈ নিজৰ লোকসকলৰ কঠোৰ পৰিশ্রম লক্ষ্য কৰিলে। তেওঁ দেখিলে যে, নিজৰ লোকসকলৰ মাজৰ এজন ইব্ৰীয়াক এজন মিচৰীয়াই মাৰি আছে।
12. তেতিয়া মোচিয়ে ইফালে সিফালে চাই কাকো দেখা নাপায়, সেই মিচৰীয়াজনক বধ কৰি বালিত পুতি থলে।
13. তাৰ পাছদিনা তেওঁ ওলাই গৈ, দুজন ইব্ৰীয়াক বিবাদ কৰি থকা দেখি, দোষী জনক তেওঁ ক’লে, “তোমাৰ ভাইক কিয় মাৰিছা?”
14. কিন্তু মানুহ জনে ক’লে, “আমাৰ ওপৰত আপোনাক কোনে অধিপতি আৰু বিচাৰক পাতিছে? সেই মিচৰীয়াজনক যেনেদৰে বধ কৰিলে, তেনেদৰে মোকো বধ কৰিবলৈ পৰিকল্পনা কৰিছে নেকি?” তেতিয়া মোচিয়ে আতঙ্কিত হৈ ক’লে, “বাস্তৱিকতে মই যি কৰিলোঁ, সেই কথা নিশ্চয় আনেও গ’ম পালে।”
15. ফৰৌণে যেতিয়া সেই কথা শুনিলে, তেতিয়া তেওঁ মোচিক বধ কৰিবলৈ চেষ্টা কৰিলে। কিন্তু তেওঁ ৰজা ফৰৌণৰ ওচৰৰ পৰা পলাই গ’ল, আৰু মিদিয়ন দেশত বাস কৰিলে। তাত তেওঁ এটা নাদৰ ওচৰত বহিল।
16. মিদিয়নৰ পুৰোহিতৰ সাত গৰাকী জীয়েক আছিল। তেওঁলোকে সেই নাদলৈ আহিছিল, আৰু পিতৃৰ মেৰ-ছাগৰ জাকক পানী খুৱাবৰ বাবে নাদৰ পৰা পানী তুলি পাত্রত ভৰাই আছিল।
17. তেতিয়া মেৰ-ছাগ ৰখীয়া সকল তালৈ আহিল আৰু তেওঁলোকক খেদিবলৈ চেষ্টা কৰিলে; কিন্তু মোচিয়ে গৈ তেওঁলোকক সহায় কৰিলে। তাৰ পাছত মোচিয়ে তেওঁলোকৰ মেৰ-ছাগৰ জাকক পানী খুৱালে।
18. ছোৱালী কেইজনী যেতিয়া তেওঁলোকৰ পিতৃ ৰূৱেলৰ ওচৰলৈ গ’ল, তেতিয়া তেওঁ ছোৱালী কেইজনীক সুধিলে, “আজিনো কেনেকৈ ইমান সোনকালে ঘৰলৈ আহিলা?”
19. তেওঁলোকে ক’লে, “এজন মিচৰীয়া মানুহে আমাক মেৰ-ছাগ ৰখীয়া সকলৰ পৰা ৰক্ষা কৰিলে। এনেকি তেওঁ আমাৰ বাবে পানী তুলি মেৰ-ছাগ জাকক খুৱালে।”
20. তেতিয়া তেওঁৰ ছোৱালী কেইগৰাকীক তেওঁ সুধিলে, “তেওঁ ক’ত আছে? তোমালোকে সেই ব্যক্তি জনক কিয় এৰি আহিলা? তেওঁক মাতি আনা যাতে তেওঁ আমাৰ লগত ভোজন কৰিব পাৰে।”
21. মোচিয়ে সেই মানুহ জনৰ লগত থাকিবলৈ মান্তি হ’ল, আৰু তেওঁৰ ছোৱালী চিপ্পোৰাক তেওঁৰ সৈতে বিয়া দিলে।
22. চিপ্পোৰাই এটি পুত্ৰ প্ৰসৱ কৰিলে, আৰু মোচিয়ে পুত্রটিৰ নাম গেৰ্চোম ৰাখিলে। মোচিয়ে ক’লে, “মই বিদেশত প্ৰবাসী হৈ আছোঁ।”
23. বহুত দিনৰ পাছত, মিচৰৰ ৰজাৰ মৃত্যু হ’ল। ইস্ৰায়েলী লোকসকলে বন্দীকামৰ বাবে আৰ্তনাদ কৰিলে। তেওঁলোকে সহায়ৰ বাবে কাতৰোক্তি কৰিলে আৰু তেওঁলোকৰ দাসত্ব জীৱনৰ কাৰণে তেওঁলোকৰ অনুৰোধ ঈশ্বৰে শুনিলে।
24. তেতিয়া ঈশ্বৰে তেওঁলোকৰ ক্রন্দন শুনি, অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ লগত কৰা তেওঁৰ নিয়মটি পুনৰ সোঁৱৰণ কৰিলে।
25. ঈশ্বৰে ইস্ৰায়েলী লোকসকললৈ দৃষ্টি কৰিলে, আৰু তেওঁলোকৰ পৰিস্থিতি বুজি পালে।

সামসঙ্গীত 15:1-5
1. হে যিহোৱা তোমাৰ আবাস-তম্বুত বাস কৰাৰ যোগ্য কোন? তোমাৰ পবিত্ৰ পৰ্ব্বতত বসতি কৰাৰ যোগ্য কোন?
2. সেই সকলেই যোগ্য, যিসকলে সৎ জীৱন কটায়, ন্যায় কৰ্ম কৰে, সত্য ভৰা অন্তৰেৰে কথা কয়;
3. যিসকলৰ জিভাই পৰচর্চ্চা নকৰে, বন্ধুৰ ক্ষতি নকৰে, চুবুৰীয়াৰ বিৰুদ্ধে কু-ব্যৱহাৰ নকৰে,
4. যি সকলৰ দৃষ্টিত দুষ্টলোক ঘৃণনীয়, কিন্তু যিহোৱাক ভয় কৰা লোকসকল আদৰণীয়, যি জনে নিজৰ ক্ষতি হ’লেও শপত ৰক্ষা কৰে,
5. যি জনে সুদ নলোৱাকৈ ধাৰ দিয়ে, আৰু ভেঁটি লৈ নিৰ্দ্দোষীৰ ক্ষতি নকৰে। যি সকলে এইবোৰ কৰ্ম কৰে, তেওঁলোক সকলো সময়তে স্থিৰে থাকিব।

প্রবচন 4:25-27
25. তোমাৰ চকুৱে সন্মুখলৈ চাওক, আৰু তোমাৰ দৃষ্টি তোমাৰ সন্মুখত স্থিৰ কৰা।
26. তোমাৰ ভৰিৰ কাৰণে পথ সমান কৰা, তেতিয়া তোমাৰ সকলো পথ সুৰক্ষিত হ’ব।
27. সোঁ হাতে কি বাওঁ হাতে নুঘুৰিবা, মন্দৰ পৰা তোমাৰ ভৰি দূৰত ৰাখিবা।”

মথি 17:1-27
1. ছয় দিনৰ পাছত যীচুৱে পিতৰ, যাকোব আৰু তেওঁৰ ভায়েক যোহনক লগত লৈ এটা ওখ পাহাৰৰ ওপৰলৈ উঠি গ’ল।
2. যীচুৱে তেওঁলোকৰ সন্মুখত অন্যৰূপ ধৰিলে; তেওঁৰ মুখ সূৰ্যৰ দৰে দীপ্তিমান আৰু বস্ত্ৰ পোহৰৰ নিচিনা শুক্ল হৈ গ’ল।
3. তেতিয়া হঠাৎ মোচি আৰু এলিয়াই তেওঁলোকৰ কাষত উপস্থিত হৈ যীচুৰ লগত কথোপকথন কৰিলে।
4. তাতে পিতৰে মাত লগাই যীচুক ক’লে, “প্ৰভু, ভালেই হৈছে যে, আমি ইয়াত আছোঁ৷ আপোনাৰ ইচ্ছা হ’লে, মই ইয়াত তিনিটা পঁজা সাজিম - এটা আপোনাৰ, এটা মোচিৰ আৰু এটা এলিয়াৰ কাৰণে।”
5. তেওঁ যেতিয়া কথা কৈ আছিল, সেই সময়ত এচপৰা উজ্জ্বল মেঘে তেওঁলোকক ঢাকি ধৰিলে৷ সেই মেঘৰ পৰা এই বাণী শুনা গ’ল, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট, এওঁৰ কথা শুনা।”
6. এই কথা শুনি শিষ্য সকলে অতিশয় ভয় পাই মাটিত উবুৰি খাই পৰিল।
7. তেতিয়া যীচুৱে ওচৰলৈ আহি তেওঁলোকক র্স্পশ কৰি ক’লে, “উঠা, ভয় নকৰিবা।”
8. তাৰ পাছত তেওঁলোকে চকু তুলি চাই যীচুৰ বাহিৰে আন কাকো দেখা নাপালে।
9. পাছত তেওঁলোক পৰ্বতৰ পৰা নামি আহি থাকোতে, যীচুৱে তেওঁলোকক আজ্ঞা দি ক’লে, “মানুহৰ পুত্ৰ মৃত লোকৰ মাজৰ পৰা উত্থান নোহোৱা পর্যন্ত তোমালোকে এই দৰ্শনৰ কথা কাকো নকবা।”
10. তেওঁৰ শিষ্য সকলে তেওঁক সুধিলে, “তেনেহলে এলিয়া প্ৰথমে আহিব লাগে বুলি বিধানৰ অধ্যাপক সকলে কিয় কয়?”
11. তেওঁ উত্তৰ দি ক’লে, “এলিয়া অৱশ্যেই আহিব আৰু তেওঁ সকলো পুনঃস্থাপন কৰিব৷
12. কিন্তু মই তোমালোকক কওঁ, এলিয়া ইতিমধ্যেই আহি গ’ল আৰু লোক সকলে তেওঁক চিনি নাপালে; লোক সকলে তেওঁৰ প্ৰতি যি ইচ্ছা তাকে কৰিলে। এইদৰে মানুহৰ পুত্ৰয়ো তেওঁলোকৰ হাতত দুখভোগ কৰিব লাগিব।”
13. তেতিয়া শিষ্য সকলে বুজি পালে যে, তেওঁ বাপ্তিস্ম দিয়া যোহন ৰ বিষয়ে তেওঁলোকক কৈ আছে।
14. যীচু আৰু তেওঁৰ শিষ্য সকল যেতিয়া লোক সকলৰ ওচৰলৈ ঘূৰি আহিল, তেতিয়া এজন মানুহ যীচুৰ ওচৰলৈ আহি, তেওঁৰ আগত আঁঠুকাঢ়ি ক’লে,
15. “হে প্ৰভু, আপুনি মোৰ পুত্ৰলৈ দয়া কৰক৷ সি মৃগী ৰোগত আক্ৰান্ত হৈ বৰ কষ্ট পাই আছে৷ সি বাৰে বাৰে হয় জুই অথবা পানীত পৰি যায়৷
16. মই আপোনাৰ শিষ্য সকলৰ ওচৰলৈ আনিছিলো, কিন্তু তেওঁলোকে তেওঁক সুস্থ কৰিব নোৱাৰিলে।”
17. তেতিয়া যীচুৱে উত্তৰ দি ক’লে, “তোমালোক অবিশ্বাসী আৰু অপথে যোৱা বংশ; আৰু কিমান কাল মই তোমালোকৰ লগে লগে থাকিম? কিমান দিন নো মই তোমালোকক সহিম? লৰাটিক মোৰ ওচৰলৈ আনা।”
18. তেতিয়া যীচুৱে সেই ভূতৰ আত্মাক ডবিয়াই দিয়াত, সি লৰাটোৰ পৰা ওলাই গ’ল আৰু সেই মুহুৰ্তৰে পৰা ল’ৰাটো সুস্থ হ’ল।
19. তাৰ পাছত শিষ্য সকলে নিৰলে যীচুৰ ওচৰলৈ আহি সুধিলে, “আমি নো তাক কিয় খেদাব নোৱাৰিলো?”
20. যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ অল্প-বিশ্বাসৰ কাৰণে; কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, এটি সৰিয়হ গুটিৰ সমানো যদি তোমালোকৰ বিশ্বাস থাকে, তেনেহলে এই পৰ্বতটোক যদি তোমালোকে কোৱা ‘ইয়াৰ পৰা তালৈ যা’ তেতিয়া ই যাব৷ তোমালোকৰ বাবে একোৱেই অসাধ্য নহব।
21. প্ৰাৰ্থনা আৰু লঘোনৰ বিনে এই ধৰণৰ দুষ্ট আত্মা কোনোমতে বাহিৰ নহয়।”
22. পাছত যীচু আৰু তেওঁৰ শিষ্য সকল গালীল প্ৰদেশত থকা সময়ত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “মানুহৰ পুত্ৰক লোক সকলৰ হাতত শোধাই দিয়া হব৷
23. লোক সকলে তেওঁক বধ কৰিব আৰু তিন দিনৰ দিনা তেওঁ পুনৰাই জীয়াই উঠিব৷” এই কথা শুনি শিষ্য সকল অতি দুঃখিত হ’ল৷
24. যীচু আৰু তেওঁৰ শিষ্য সকল কফৰনাহূমলৈ গ’ল৷ যি সকল কৰ সংগ্ৰহকাৰীয়ে আধলি তোলে, তেওঁলোকে পিতৰৰ ওচৰলৈ আহি ক’লে, “তোমালোকৰ গুৰুৱে আধলিটো নিদিয়ে নে?”
25. তেওঁ ক’লে “দিয়ে৷” ইয়াৰ পাছত পিতৰে ঘৰলৈ আহি কিবা কোৱাৰ আগেয়ে যীচুৱে তেওঁক ক’লে, “চিমোন, তোমাৰ মনত কি ভাব হয়? পৃথিৱীৰ ৰজা সকলে কোন লোকৰ পৰা কৰ বা মাচুল আদায় কৰে? নিজৰ দেশৰ লোক সকলৰ পৰা নে আন বিদেশী সকলৰ পৰা?”
26. পিতৰে ক’লে “বিদেশী সকলৰ পৰা”, যীচুৱে তেওঁক ক’লে, “তেনেহ’লে নিজৰ দেশৰ লোক সকল কৰ দিয়াৰ পৰা মুক্ত।
27. তথাপি আমি যেন কৰ সংগ্ৰহকাৰী সকলৰ বিঘিনি নজন্মাও, এই কাৰণে তুমি সাগৰলৈ গৈ বৰশী বোৱা আৰু প্ৰথমে যি মাছ উঠিব সেইটোকে ধৰি মুখ মেলিলে এটকা ৰূপ পাবা; সেইটো আনি, মোৰ আৰু তোমাৰ কাৰণে দিবলগীয়া কৰ তেওঁলোকক দিয়াগৈ।”