A A A A A

আদিপুস্তক 47:1-31
1. যোচেফে ফৰৌণৰ ওচৰলৈ গৈ ক’লে, “মোৰ পিতৃ আৰু ভাই-ককাইসকলে তেওঁলোকৰ মেৰ-ছাগ, ছাগলী, গৰুৰ জাক আদি যি যি আছিল সকলোকে লৈ কনান দেশৰ পৰা আহি পালে। তেওঁলোক এতিয়া গোচনত আছে।”
2. ভাই-ককাইসকলৰ মাজৰ পাচঁজনক বাচি লৈ তেওঁ ফৰৌণৰ সৈতে পৰিচয় কৰাই দিলে।
3. ফৰৌণে তেওঁলোকক সুধিলে, “আপোনালোকৰ জীৱিকা কি?” তেওঁলোকে ক’লে, “আমাৰ পূৰ্বপুৰুষসকলৰ দৰে আপোনাৰ এই দাসবোৰ পশুপালক।”
4. তেওঁলোকে পুনৰ ক’লে, “আমি এই দেশত কিছুকালৰ বাবে থাকিবলৈ আহিছোঁ। কনান দেশত অতিশয় আকাল হোৱাৰ কাৰণে আপোনাৰ এই দাসবোৰৰ পশুৰ জাকে খাবলৈ চৰণীয়া ঠাই পোৱা নাই; সেয়ে দয়া কৰি আপোনাৰ এই দাসবোৰক গোচনত থাকিবলৈ অনুমতি দিয়ক।”
5. ফৰৌণে যোচেফক ক’লে, “তোমাৰ পিতৃ আৰু তোমাৰ ভাই-ককাইসকল তোমাৰ ওচৰলৈ আহিল।
6. মিচৰ দেশখনেই তোমাৰ সন্মুখত আছে। দেশৰ সকলোতকৈ উত্তম ঠাইত তোমাৰ পিতৃ আৰু ভাই-ককাইসকলক থাকিবলৈ দিয়া। তেওঁলোক গোচনতে বাস কৰক। তেওঁলোকৰ মাজত কোনো যোগ্য লোকক যদি জানা, তেন্তে মোৰ পশুধনৰো দায়িত্ব তেওঁলোকৰ ওপৰত দিয়া।”
7. তাৰ পাছত যোচেফে তেওঁৰ পিতৃ যাকোবক আনি ফৰৌণৰ সন্মুখত উপস্থিত কৰিলে। তাতে যাকোবে ফৰৌণক আশীৰ্ব্বাদ কৰিলে।
8. ফৰৌণে যাকোবক সুধিলে, “আপোনাৰ বয়স কিমান হ’ল?”
9. যাকোবে ক’লে, “মোৰ আয়ুসৰ যাত্রাকাল এশ ত্ৰিশ বছৰ; মোৰ জীৱনৰ আয়ুস অলপদিনীয়া আৰু দুখজনক। মোৰ পূর্বপুৰুষসকলে যিমান দীর্ঘ দিনলৈকে জীৱন কটাইছিল, মই সিমান আয়ুস পোৱা নাই।”
10. তাৰ পাছত যাকোবে ফৰৌণক আশীৰ্ব্বাদ কৰি তাৰ পৰা ওলাই গ’ল।
11. যোচেফে তেওঁৰ পিতৃ আৰু ভাই-ককাইসকলৰ বাবে স্থায়ীভাৱে বসবাসৰ ব্যৱস্থা কৰিলে। ফৰৌণৰ আজ্ঞা অনুসাৰে, মিচৰ দেশৰ আটাইতকৈ উত্তম ঠাই ৰামিচেচৰ অঞ্চলত যোচেফে অধিকাৰ হিচাবে তেওঁলোকক বসতি কৰিবলৈ দিলে।
12. যোচেফে তেওঁৰ পিতৃ, ভাই-ককাই আৰু পিতৃৰ পৰিয়ালৰ সকলোকে আহাৰ যোগান ধৰিলে, আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীৰ সংখ্যা অনুসাৰে যোগান ধৰিলে।
13. পাছত আকাল ইমান ভীষণ হ’ল যে, গোটেই দেশৰ কোনো ঠাইতে আহাৰ পাবলৈ নাইকিয়া হ’ল। আকালৰ কাৰণে মিচৰ আৰু কনান দেশ বিধ্বস্ত হৈ পৰিল।
14. মিচৰ আৰু কনান দেশৰ বাসিন্দাসকলৰ শস্য বিক্রী কৰি পোৱা যি ধন সেই দুই দেশত আছিল, যোচেফে তাক গোটাই ফৰৌণৰ ৰাজকাৰেঙলৈ আনিলে।
15. যেতিয়া মিচৰ আৰু কনান দেশৰ সকলো ধন শেষ হ’ল, তেতিয়া মিচৰীয়সকলে যোচেফৰ ওচৰলৈ আহি ক’লে, “আমাক শস্য দিয়ক! আমি আপোনাৰ চকুৰ আগতেই মৰিম নেকি? কিয়নো আমাৰ যি ধন আছিল সকলো শেষ হ’ল?”
16. যোচেফে ক’লে, “তেনেহ’লে তোমালোকৰ পশুধনবোৰ মোক দিয়া; তোমালোকৰ ধন যদি শেষ হ’ল, তেন্তে সেইবোৰৰ সলনিয়েই মই শস্য দিম।”
17. তেতিয়া লোকসকলে তেওঁলোকৰ সকলো পশুধন যোচেফৰ ওচৰলৈ আনিবলৈ ধৰিলে। ঘোঁৰা, মেৰ-ছাগ, ছাগলী, গৰুৰ জাক আৰু গাধবোৰৰ সলনি তেওঁ তেওঁলোকক শস্য দিলে; এইদৰে পশুবোৰ লৈ যোচেফে সেই বছৰ তেওঁলোকলৈ আহাৰ যোগালে।
18. সেই বছৰ অন্ত হোৱাত, তাৰ পাছৰ বছৰত লোকসকলে যোচেফৰ ওচৰলৈ আহি ক’লে, “প্রভুৰ ওচৰত আমি লুকাই নাৰাখোঁ যে, আমাৰ সকলো ধন শেষ হ’ল আৰু আমাৰ পশুবোৰো প্ৰভুৰেই হ’ল; এতিয়া শৰীৰ আৰু মাটিৰ বাহিৰে প্ৰভুক দিবলৈ আমাৰ একো নাই।
19. মাটিৰে সৈতে আমি সকলোবোৰ আপোনাৰ চকুৰ সন্মুখতে বিনষ্ট হ’ম কিয়? সেয়ে আপুনি আমাক আৰু আমাৰ মাটিকো কিনি লওক আৰু তাৰ সলনি আমাক আহাৰ দিয়ক। মাটিয়ে সৈতে আমি সকলো ফৰৌণৰ দাস হৈ থাকিম। তাৰ পাছত আমি যেন নমৰি জীয়াই থাকিব পাৰোঁ, সেই কাৰণে আমাক কিছুমান বীজো দিয়ক; তাতে আমাৰ মাটি ছন পৰি নাথাকিব।”
20. তেতিয়া যোচেফে মিচৰ দেশৰ সকলো মাটি ফৰৌণৰ বাবে কিনি ল’লে; আকাল ইমান বেছি হ’ল যে, মিচৰীয়সকলে তেওঁলোকৰ নিজ নিজ মাটি বেচি দিব লগীয়া হ’ল। এইদৰে মিচৰ দেশৰ সকলো মাটি ফৰৌণৰ হ’ল।
21. ফৰৌণৰ দাস হ’বৰ কাৰণে যোচেফে লোকসকলক মিচৰ দেশৰ এক সীমাৰ পৰা অন্য সীমা পর্যন্ত তুলি আনিলে ।
22. কেৱল পুৰোহিতসকলৰ মাটিহে যোচেফে নিকিনিলে; কিয়নো পুৰোহিতসকলে ফৰৌণৰ পৰা এক অংশ পায় আৰু তাৰেই তেওঁলোক চলে। সেয়ে তেওঁলোকে নিজৰ মাটি নেবেচিলে।
23. তেতিয়া যোচেফে লোকসকলক ক’লে, “চোৱা, ফৰৌণৰ পক্ষে মই আজি তোমালোকক আৰু তোমালোকৰ মাটি কিনি ললোঁ। এতিয়া এয়া বীজ তোমালোকে লোৱা আৰু গৈ নিজৰ মাটিত খেতি কৰা।
24. শস্য চপোৱাৰ পাছত শস্যৰ পাঁচ ভাগৰ এভাগ ফৰৌণক অৱশ্যেই দিবা; বাকি চাৰিভাগ হ’লে, মাটিৰ বীজৰ কাৰণে আৰু তোমালোকৰ নিজৰ ও পৰিয়ালৰ সকলো ল’ৰা-ছোৱালীবোৰৰ আহাৰৰ কাৰণে ৰাখিবা।”
25. তেওঁলোকে ক’লে, “আপুনি আমাৰ প্ৰাণ ৰক্ষা কৰিলে। আপোনাৰ দৃষ্টিত দয়া পালে আমি ফৰৌণৰ দাস হৈ থাকিম।”
26. পাছত যোচেফে মিচৰৰ ভূমি সম্বন্ধে এই ব্যৱস্থা স্থাপন কৰিলে যে, সকলো শস্যৰ পাঁচ ভাগৰ এভাগ ফৰৌণৰ হ’ব। এইটো ব্যৱস্থা মিচৰ দেশত আজিলৈকে চলি আছে; কেৱল পুৰোহিতসকলৰ মাটিহে ফৰৌণৰ নহ’ল।
27. ইস্ৰায়েলে মিচৰ দেশৰ গোচনত বাস কৰিবলৈ ধৰিলে। সেই ঠাই অধিকাৰ কৰি তেওঁলোক বহুবংশ হ’ল আৰু অতিশয়ৰূপে বৃদ্ধি পালে।
28. মিচৰ দেশত যাকোবে সোঁতৰ বছৰ জীয়াই থাকিল। সেয়ে, তেওঁ সৰ্ব্বমুঠ এশ সাতচল্লিশ বছৰ জীয়াই আছিল।
29. ইস্ৰায়েলৰ মৃত্যুৰ সময় ওচৰ হোৱাত, তেওঁ নিজ পুত্ৰ যোচেফক মাতি আনি ক’লে, “তোমাৰ অনুগ্ৰহ যদি মোলৈ হয়, মোৰ কৰঙন ৰ তলত তোমাৰ হাত ৰাখি মোক কথা দিয়া যে, তুমি মোৰ প্রতি বিশ্বাসী আৰু বিশ্বস্ত হৈ থাকিবা। অনুগ্রহ কৰি মোক মিচৰত মৈদাম নিদিবা।
30. কাৰণ মই মোৰ পূর্বপুৰুষসকলৰ মৈদামৰ মাজত সমাধিস্থ হ’ব বিচাৰো। তুমি মোৰ মৃতদেহ মিচৰ দেশৰ পৰা বাহিৰ কৰি লৈ গৈ আমাৰ পূর্বপুৰুষসকলক যি ঠাইত মৈদাম দিয়া হৈছিল, সেই ঠাইতে মোকো মৈদাম দিবা।” যোচেফে তেওঁক ক’লে, “আপুনি কোৱাৰ দৰেই মই কৰিম।”
31. ইস্রায়েলে পুনৰায় ক’লে, “মোৰ ওচৰত শপত খোৱা।” তেতিয়া যোচেফে যাকোবৰ ওচৰত শপত খালে। তাৰ পাছত ইস্ৰায়েল শয্যাৰ মূৰৰ শিতানত মূৰ দোঁৱাই পৰিল।

আদিপুস্তক 48:1-22
1. এইবোৰ ঘটনা ঘটি যোৱাৰ পাছত কোনো এজনে আহি যোচেফক ক’লে, “চোৱা, তোমাৰ পিতৃ নৰিয়াত পৰিছে।” সেয়ে তেওঁ তেওঁৰ দুজন পুত্ৰ, মনচি আৰু ইফ্ৰয়িমক লগত লৈ পিতৃৰ ওচৰলৈ গ’ল।
2. যেতিয়া যোচেফ গৈ পালে, তেতিয়া কোনো এজনে আহি যাকোবক ক’লে, “চাওক, আপোনাৰ পুত্ৰ যোচেফে আপোনাক চাবলৈ ওচৰলৈ আহিছে।” তেতিয়া ইস্ৰায়েলে বল পালে আৰু শয্যাত উঠি বহিল।
3. তেতিয়া যাকোবে যোচেফক ক’লে, “সৰ্ব্বশক্তিমান ঈশ্বৰে কনান দেশৰ লুজত মোক দৰ্শন দিলে,
4. আৰু তেওঁ মোক আশীৰ্ব্বাদ কৰি ক’লে, ‘চোৱা মই তোমাক বহুবংশ কৰিম আৰু অতিশয়ৰূপে বৃদ্ধি কৰিম। মই তোমাৰ পৰাই জাতি সমূহ উৎপন্ন কৰিম আৰু চিৰকাল অধিকাৰ কৰিবৰ অৰ্থে মই তোমাৰ ভাবী-বংশক এই দেশ দিম।
5. মই মিচৰত তোমাৰ ওচৰলৈ অহাৰ আগতে তোমাৰ যি দুজন পুত্ৰ মিচৰ দেশত জন্মিছে, তেওঁলোকো মোৰেই। ৰূবেণ আৰু চিমিয়োনৰ দৰে ইফ্ৰয়িম আৰু মনচি মোৰেই হ’ব।
6. তেওঁলোকৰ পাছত তোমাৰ যি সন্তান জন্ম হ’ব, সেই সন্তান সকল হ’লে তোমাৰ হ’ব। সেই দুজন ভায়েক-ককায়েকৰ নাম অনুসাৰেই তেওঁলোকৰ অধিকাৰত তেওঁলোক প্ৰখ্যাত হ’ব।
7. কিন্তু মোৰ হ’লে, যেতিয়া মই পদ্দনৰ পৰা আহি আছিলোঁ, তেতিয়া ইফ্ৰাথ পাবলৈ কিছু সময় থাকোতেই কনান দেশৰ বাটত ৰাহেল মৰিল। মই বাটত আহি থাকোতেই ইফ্ৰাথ তেওঁক মৈদাম দিলোঁ।”
8. পাছত ইস্ৰায়েলে যেতিয়া যোচেফৰ পুত্ৰ দুজনক দেখিলে, তেতিয়া তেওঁ সুধিলে, “এওঁলোক কোন?”
9. তাতে যোচেফে তেওঁৰ পিতৃক ক’লে, “ঈশ্বৰে এই ঠাইত মোক দিয়া, এওঁলোক মোৰ পুত্ৰ।” তেতিয়া ইস্ৰায়েলে তেওঁক ক’লে, “তেওঁলোকক মোৰ ওচৰলৈ লৈ আহা, মই তেওঁলোকক আশীৰ্ব্বাদ দিওঁ।”
10. বৃদ্ধ হৈ অহাৰ কাৰণে ইস্ৰায়েলৰ চকু দুৰ্ব্বল হৈ পৰিছিল, সেয়ে তেওঁ ভালদৰে দেখা পোৱা নাছিল। পাছত যোচেফে তেওঁলোকক তেওঁৰ ওচৰলৈ লৈ আহিল, তেতিয়া তেওঁ তেওঁলোকক চুমা খালে, আৰু সাবট মাৰি ধৰিলে।
11. ইস্ৰায়েলে যোচেফক ক’লে, “মই ভাবিছিলোঁ তোমাৰ মুখকেই দেখিবলৈ নাপাম; কিন্তু চোৱা, ঈশ্বৰে মোক তোমাৰ সন্তানকো দেখুৱালে।”
12. তেতিয়া যোচেফে ইস্ৰায়েলৰ আঠু দুটাৰ মাজৰ পৰা তেওঁলোকক উলিয়াই আনিলে, আৰু মাটিত মুখ লগাই প্ৰণিপাত কৰিলে।
13. যোচেফে তেওঁলোক দুয়োকো ইস্ৰায়েলৰ ওচৰলৈ আনিলে। ইফ্ৰয়িমক তেওঁৰ সোঁ হাতেৰে ধৰি ইস্ৰায়েলৰ বাওঁহাতলৈ, আৰু মনচিক তেওঁৰ বাওঁ হাতেৰে ধৰি ইস্ৰায়েলৰ সোঁহাতলৈ লৈ আহিল।
14. কিন্তু ইস্ৰায়েলে তেওঁৰ সোঁ হাত মেলি ইফ্ৰয়িম সৰুটোৰ মুৰত, আৰু বাওঁ হাত মনচিৰ মুৰত দিলে; তেওঁ বুজিবাজি হাত দিলে; কিয়নো মনচি জেষ্ঠ পুত্ৰ।
15. পাছত তেওঁ যোচেফক আশীৰ্ব্বাদ কৰি ক’লে, “যি ঈশ্বৰৰ সাক্ষাতে মোৰ ওপৰপিতৃ অব্ৰাহাম আৰু ইচহাক চলিছিল, যি ঈশ্বৰে পূৰ্বৰে পৰা আজিলৈকে মোক প্ৰতিপালন কৰি আহিছে,
16. যি দূতে সকলো আপদৰ পৰা মোক মুক্ত কৰিলে, তেৱেঁই এই ল’ৰাহঁতক আশীৰ্ব্বাদ কৰক। মোৰ নাম আৰু মোৰ ওপৰ-পিতৃ অব্ৰাহাম আৰু ইচহাকৰ নাম এওঁলোকৰ দ্বাৰাই প্ৰখ্যাত হওক। এওঁলোক বাঢ়ি বাঢ়ি পৃথিবীৰ মাজত বহুবংশ হওক।”
17. পাছত যোচেফে তেওঁৰ বাপেকৰ সোঁ হাত ইফ্ৰয়িমৰ মূৰত দেখি অসন্তোষ পালে; তাতে তেওঁ ইফ্ৰয়িমৰ মূৰৰ পৰা মনচি মূৰত দিবলৈ, বাপেকৰ হাত দাঙি বাপেকক ক’লে,
18. “এনে নহয় পিতৃ; কিয়নো এওঁহে জ্যেষ্ঠ; এওঁৰেই মূৰত আপোনাৰ সোঁ হাত দিয়ক।”
19. কিন্তু এই কথাত তেওঁৰ পিতৃ অমান্তি হ’ল আৰু ক’লে, “মোৰ পুত্ৰ মই জানো; মই জানিছোঁ। তেৱোঁ এক জাতি হ’ব আৰু এৱোঁ মহান হ’ব, তথাপিও ইয়াৰ সৰু ভায়েক হ’লে, ইয়াতকৈয়ো মহান হ’ব, আৰু তেওঁৰ বংশই জাতি সমূহৰ মাজত বৃদ্ধি হৈ যাব।”
20. তেওঁলোকক সেইদিনাই তেওঁ আশীৰ্ব্বাদ কৰিলে আৰু ক’লে, “ইস্ৰায়েলৰ লোকসকলে আশীৰ্ব্বাদ কৰাৰ সময়ত তোমালোকৰ নাম ধৰি ক’ব, ‘ঈশ্বৰে তোমাক ইফ্ৰয়িম আৰু মনচিৰ নিচিনা কৰক’।” এইদৰে তেওঁ মনচিতকৈ ইফ্ৰয়িমক অগ্ৰগণ্য কৰিলে।
21. পাছত ইস্ৰায়েলে যোচেফক ক’লে, “চোৱা, মই এতিয়া প্ৰায় মৰিবলৈ ওলোৱাৰ নিচিনা; কিন্তু ঈশ্বৰ তোমালোকৰ সঙ্গী হ’ব, আৰু তোমালোকক পুনৰায় তোমালোকৰ ওপৰ-পিতৃসকলৰ দেশলৈ লৈ যাব।
22. তোমাক মই তোমাৰ ভাই-ককাইসকলতকৈ অধিক দিলোঁ, মোৰ নিজ তৰোৱাল আৰু ধনুৰে ইমোৰীয়াসকলৰ পৰা যি পাহাৰ লৈছিলোঁ, সেয়া মই তোমাক বেচিকৈ দিছোঁ।”

সামসঙ্গীত 13:1-6
1. হে যিহোৱা, আৰু কিমান কাল? তুমি চিৰকালেই মোক পাহৰি থাকিবা নেকি? মোৰ পৰা কিমান দিনলৈ তুমি তোমাৰ মুখ লুকুৱাই ৰাখিবা?
2. কিমান দিনলৈনো মই মোৰ মনৰ মাজত দুখৰ বোজা বহন কৰি প্রতিদিনে অন্তৰত বেদনা লৈ থাকিব লাগিব? কিমান দিনলৈ তুমি মোৰ শত্রুক মোৰ ওপৰত উন্নত কৰি ৰাখিবা?
3. হে মোৰ ঈশ্বৰ যিহোৱা, মোলৈ দৃষ্টি কৰা, মোক উত্তৰ দিয়া! মোৰ দুচকু আলোকিত কৰা, নহলে মই মৃত্যুনিদ্ৰাত টোপনি যাম।
4. মোৰ শত্রুৱে তেতিয়া ক’ব, “মই জয়ী হলোঁ;” মই অস্থিৰ হোৱাত শত্রুবোৰে আনন্দ কৰিব।
5. কিন্তু মই তোমাৰ দৃঢ় প্রেমত ভাৰসা কৰিছোঁ; তুমি মোক পৰিত্রাণ কৰিবা আৰু মোৰ মন আনন্দিত হ’ব।
6. মই যিহোৱাৰ উদেশ্যে গান গাম, কিয়নো তেওঁ মোলৈ মঙ্গল আচৰণ কৰিছে।

প্রবচন 4:18-19
18. ধাৰ্মিকলোকৰ পথ সূৰ্যদয়ৰ দীপ্তিৰ দৰে, সেয়ে উজ্জলতাৰ পৰা উজ্জলতালৈ গতি কৰে।
19. দুষ্টবোৰৰ পথ অন্ধকাৰৰ নিচিনা; সিহঁতে কিহত উজুতি খায় তাক নাজানে।

মথি 15:21-39
21. তাৰ পাছত যীচুৱে সেই ঠাই এৰি তুৰ আৰু চীদোন অঞ্চললৈ গ’ল।
22. সেই ঠাইৰ এগৰাকী কনান দেশীয় মহিলাই আহি চিঞৰি চিঞৰি কবলৈ ধৰিলে “হে প্ৰভু, দায়ুদৰ বংশৰ সন্তান, মোলৈ দয়া কৰক। ভূতে পোৱাৰ বাবে মোৰ ছোৱালী জনীয়ে অতিশয় যন্ত্রণা পাই আছে।”
23. কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে। শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি অনুৰোধ কৰি ক’লে, “তাইক বিদায় দিয়ক; কিয়নো তাই চিঞৰি চিঞৰি আমাৰ পাছে পাছে আহি আছে।”
24. কিন্তু যীচুৱে উত্তৰ দি ক’লে, “মোক আন কোনো মানুহৰ ওচৰলৈ পঠোৱা নাই, কেৱল ইস্ৰায়েল-বংশৰ হেৰোৱা মেৰ ৰ ওচৰলৈহে পঠোৱা হৈছে।”
25. তাতে মহিলা গৰাকীয়ে আহি যীচুক প্ৰণিপাত কৰি ক’লে, “হে প্ৰভু, মোলৈ দয়া কৰক।”
26. কিন্তু যীচুৱে উত্তৰ দি ক’লে, “ল’ৰা-ছোৱালীৰ খোৱা বস্তুবোৰ কুকুৰৰ আগত পেলাই দিয়া উচিত নহয়।”
27. তাই ক’লে, “হয় প্ৰভু, কিন্তু গৰাকীৰ মেজৰ পৰা উফৰি পৰাবোৰ কুকুৰে খাবলৈ পায়।”
28. তেতিয়া যীচুৱে উত্তৰ দিলে, “হে নাৰী, তোমাৰ বিশ্বাস মহৎ; তোমাৰ ইচ্ছাৰ দৰেই তোমালৈ হওক।” তাতে সেই মুহূৰ্ত্তৰে পৰা মহিলা গৰাকীৰ জীয়েক সুস্থ হ’ল।
29. তাৰ পাছত যীচুৱে সেই ঠাইৰ পৰা গালীল সাগৰৰ ওচৰলৈ গ’ল। তাতে তেওঁ গৈ এটা পাহাৰৰ ওপৰত উঠি বহিল।
30. তেতিয়া বহু মানুহৰ দল এটা তেওঁৰ ওচৰলৈ আহিল; তেওঁলোকে খোৰা, অন্ধ, বোবা, কোঙা আৰু অনেক ৰোগীক যীচুৰ চৰণলৈ আনিলে আৰু যীচুৱে তেওঁলোকক সুস্থ কৰিলে।
31. তাতে সেই লোক সকলে বোবাক কথা কোৱা, কোঙাক সুস্থ হোৱা, খোৰাক খোজ কঢ়া আৰু অন্ধক দৃষ্টি পোৱা দেখি বিস্ময় মানি ইস্ৰায়েলৰ ঈশ্বৰৰ স্তুতি কৰিলে।
32. পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ওচৰলৈ মাতি ক’লে, “এই লোক সকললৈ মোৰ মৰম লাগিছে; কিয়নো তেওঁলোক মোৰ লগত তিনি দিন ধৰি আছে আৰু তেওঁলোকৰ লগত একো খোৱা বস্তু নাই। তেওঁলোকক লঘোনে বিদায় দিবলৈ মোৰ ইচ্ছা নাই; হয়তো বাটত অসুস্থ হৈ পৰিব পাৰে।”
33. তেতিয়া শিষ্য সকলে তেওঁক ক’লে, “এনেকুৱা এক নির্জন ঠাইত ইমানবোৰ মানুহক খুৱাবৰ বাবে আমি ইমান পিঠা ক’ত পাম?”
34. যীচুৱে তেওঁলোকক সুধিলে, “তোমালোকৰ ওচৰত কেইটা পিঠা আছে?” তেওঁলোকে ক’লে, “সাতটা পিঠা আৰু কেইটামান সৰু মাছ আছে।”
35. তেতিয়া যীচুৱে লোক সকলক মাটিত বহিবলৈ আজ্ঞা দিলে।
36. তেওঁ সেই সাতোটা পিঠা আৰু মাছকেইটা ললে। তাৰ পাছত ঈশ্বৰক ধন্যবাদ দি সেইবোৰ ভাঙি শিষ্য সকলক দিলে আৰু শিষ্য সকলে খাবৰ বাবে লোক সকলক ভগাই দিলে।
37. তাতে সকলোৱে খাই তৃপ্ত হ’ল আৰু যি টুকুৰাবোৰ পৰি থাকিল শিষ্য সকলে সেইবোৰ গোটাই সাতটা পাচি পূৰ কৰিলে।
38. যি সকলে খাইছিল সেই সকলৰ মাজত মহিলা আৰু সৰু ল’ৰা-ছোৱালীৰ উপৰি চাৰি হাজাৰ পুৰুষ আছিল।
39. তাৰ পাছত যীচুৱে লোক সকলক বিদায় দি নাৱত উঠি মগদনৰ অঞ্চললৈ গ’ল।