A A A A A

আদিপুস্তক 43:1-34
1. কনান দেশত আকালে ভয়ানক ৰূপ লৈ উঠিল।
2. মিচৰ দেশৰ পৰা কিনি অনা শস্য খাই শেষ হোৱাত, তেওঁলোকৰ বাপেকে ক’লে, “তোমালোকে আকৌ যোৱা আৰু আমাৰ বাবে কিছুমান শস্য কিনি আনাগৈ।”
3. যিহূদাই তেওঁক ক’লে, “সেই পুৰুষে আমাক দৃঢ়ভাৱে সতর্ক কৰি দি কৈছিল যে, ‘তোমালোকৰ লগত তোমালোকৰ ভাই নাহিলে, মোৰ মুখ চাব নোৱাৰিবা।’
4. এতিয়া তুমি যদি আমাৰ ভাইক আমাৰ লগত পঠোৱা, তেতিয়াহে আমি নামি গৈ তোমাৰ কাৰণে শস্য কিনি আনিম।
5. কিন্তু যদি নপঠোৱা, তেন্তে আমি নাযাওঁ; কিয়নো সেই লোকে আমাক কৈছিল, ‘তোমালোকৰ লগত তোমালোকৰ ভাই নাহিলে, মোৰ মুখ চাব নোৱাৰিবা’।”
6. ইস্ৰায়েলে ক’লে, “তোমালোকে মোলৈ কিয় এনে দুর্ব্যৱহাৰ কৰিলা? তোমালোকৰ যে এজন ভাই আছে সেই কথানো লোকজনক কিয় ক’লা?”
7. তেওঁলোকে ক’লে, “সেই লোকজনে আমাৰ আৰু আমাৰ পৰিয়ালৰ সম্বন্ধে পুংখানুপুংখভাবে সুধিছিল; তেওঁ সুধিছিল, ‘তোমালোকৰ পিতা এতিয়াও জীয়াই আছে নে? তোমালোকৰ আৰু কোনো ভাই আছে নে?’ আমিও তেওঁৰ প্রশ্নবোৰৰ উত্তৰ সেইদৰেই দিছিলোঁ; পাছত তেওঁ যে আমাক ‘তোমালোকৰ ভাইক লৈ আনা’ বুলি ক’ব অামি কেনেকৈ জানিম?”
8. তেতিয়া যিহূদাই পিতৃ ইস্ৰায়েলক ক’লে, “আপুনি বিন্যামীনক মোৰ লগত পঠাওঁক; আমি, আপুনি আৰু আমাৰ সন্তানবোৰেৰে সৈতে উভয়ে যেন নমৰি জীয়াই থাকিম, তাৰ বাবে আমি সোনকালে ওলাই যাওঁহক।
9. মই বিন্যামীনৰ বাবে জামিন হৈছোঁ। বিন্যামীনৰ দায়িত্বক লৈ আপুনি মোকে জগৰীয়া কৰিব। মই যদি তাক ঘূৰাই আনি আপোনাৰ সন্মুখলৈ নানো, তেন্তে চিৰকাল মই আপোনাৰ ওচৰত অপৰাধী হৈ থাকিম।
10. আমি যদি ইমান পলম নকৰিলোঁ হয়, ইতিমধ্যে আমি দ্বিতীয়বাৰো ঘূৰি আহিব পাৰিলোহেঁতেন।”
11. তেওঁলোকৰ পিতৃ ইস্ৰায়েলে তেতিয়া ক’লে, “যদি সেয়ে কৰিব লাগে, তেন্তে এতিয়া এটা কাম কৰা। সেই লোকৰ কাৰণে উপহাৰ হিচাবে তোমালোকৰ নিজৰ নিজৰ বস্তাত এই দেশৰ সকলোতকৈ উত্তম দ্ৰব্যবোৰৰ কিছু কিছু লৈ যোৱা; যেনে, কিছু বিষ নিৰাময়ৰ মলম, মৌজোল, মা-মচলা, গন্ধৰস, পেস্তা আৰু বাদাম।
12. তোমালোকৰ হাতত দুগুণ ধন লোৱা; কাৰণ তোমালোকৰ বস্তাৰ মুখত যি ধন তেওঁলোকে উভটাই দিলে, তাকো ঘূৰাই দিবলৈ লৈ যোৱা। হয়তো ভুলতে সেয়া তোমালোকক দিছিল।
13. তোমালোকৰ ভাইক লৈ সোনকালে সেই লোকৰ ওচৰলৈ আকৌ যোৱাহঁক।
14. সেই লোক জনে তোমালোকক যেন দয়া কৰে, সৰ্ব্বশক্তিমান ঈশ্বৰে ইয়াকে কৰক আৰু তোমালোকৰ আনজন ভাই চিমিয়োন আৰু বিন্যামীনক তোমালোকলৈ এৰি দিয়ে। মই যদি পুত্রহীনৰ শোক ভুগিব লগাই হয়, তেন্তে তেনেকৈয়ে থাকিম।”
15. তেতিয়া তেওঁলোকে সেই উপহাৰ, হাতত দুগুণ ধন আৰু বিন্যামীনক লগত লৈ মিচৰ দেশলৈ নামি গ’ল, আৰু তেওঁলোক যোচেফৰ সন্মুখত উপস্থিত হ’ল।
16. তাতে তেওঁলোকৰ লগত বিন্যামীনক দেখি, যোচেফে তেওঁৰ ঘৰৰ ঘৰগিৰীক ক’লে, “এই লোকসকলক ঘৰৰ ভিতৰলৈ লৈ আহা আৰু এটা পশু মাৰি আহাৰ যুগুত কৰা; এই লোকসকলে দুপৰীয়া মোৰ সৈতে ভোজন কৰিব।”
17. যোচেফে যিদৰে ক’লে, ঘৰগিৰীয়ে সেইদৰেই কৰিলে; তেওঁ তেওঁলোকক যোচেফৰ ঘৰলৈ লৈ আহিল।
18. যোচেফৰ ঘৰলৈ তেওঁলোকক লৈ যোৱাৰ বাবে তেওঁলোকে ভয়তে কোৱাকুই কৰি ক’লে, “আগৰ বাৰত যি ধন আমাৰ বস্তাৰ ভিতৰত উভটি গ’ল, তাৰ কাৰণেই আমাক তালৈ লৈ আনিছে নেকি; এইবাৰ হয়তো আমাৰ বিৰুদ্ধে দোষ বিচাৰি তেওঁ আমাক বন্দী কৰি থ’ব আৰু আমাৰ গাধবোৰকো লৈ আমাক তেওঁৰ দাস কৰি ৰাখিব।”
19. সেয়ে তেওঁলোকে যোচেফৰ ঘৰৰ দুৱাৰ মুখত ঘৰগিৰীজনৰ কাষলৈ গ’ল।
20. তেওঁলোকে ক’লে, “মালিক, আমি ইয়াৰ আগেয়েও প্রথমবাৰ শস্য কিনিবলৈ আহিছিলোঁ;
21. কিন্তু উলটি যোৱাৰ পথত বিশ্রামৰ ঠাই পোৱাত আমি আমাৰ বস্তা মেলোতেই দেখিলোঁ যে, আমাৰ সম্পূর্ণ ধন প্ৰতিজনৰ বস্তাৰ মুখত আছিল; আমি এতিয়া সেই ধন উভটাই আনিছোঁ।
22. ইয়াৰ উপৰিও আমি শস্য কিনিবলৈ লগত ধন আনিছোঁ। আমাৰ সেই ধন আমাৰ বস্তাৰ ভিতৰত কোনে যে সুমুৱাই দিছিল, তাক আমি নাজানো।”
23. সেই ঘৰগিৰীয়ে তেতিয়া কলে, “আপোনালোকে ভয় কৰিব নালাগে, শান্তি মনেৰে থাকক। আপোনালোকৰ আৰু আপোনালোকৰ পিতৃৰ ঈশ্বৰেই নিশ্চয়কৈ সেই ধন আপোনালোকৰ বস্তাত ৰাখিছিল। মই কিন্তু আপোনালোকৰ ধন পালোঁ।” পাছত ঘৰগিৰীজনে চিমিয়োনক বাহিৰ কৰি তেওঁলোকৰ ওচৰলৈ আনিলে।
24. তাৰ পাছত ঘৰগিৰীয়ে সেই সকলো লোকক যোচেফৰ ঘৰৰ ভিতৰলৈ লৈ গৈ পানী দিলে আৰু তেওঁলোকে নিজৰ ভৰি ধুলে; তেওঁ তেওঁলোকৰ গাধবোৰকো খাবলৈ দিলে।
25. যোচেফ দুপৰীয়া আহিব বুলি তেওঁলোকে নিজৰ নিজৰ উপহাৰবোৰ যুগুত কৰি ৰাখিলে। কিয়নো তেওঁলোকে শুনিছিল যে তেওঁলোকৰ খোৱা-বোৱা তাতেই হ’ব।
26. যোচেফ যেতিয়া ঘৰলৈ আহিল, তেতিয়া তেওঁলোকে নিজৰ নিজৰ উপহাৰবোৰ ঘৰৰ ভিতৰলৈ আনি তেওঁক দিলে আৰু মাটিত উবুৰি হৈ পৰি তেওঁক প্ৰণিপাত কৰিলে।
27. তেওঁলোকৰ কুশল মঙ্গল জনাৰ পাছত তেওঁ তেওঁলোকক সুধিলে, “তোমালোকৰ বৃদ্ধ পিতাৰ কথা যে তোমালোকে কৈছিলা, তেওঁ ভালে আছে নে? তেওঁ এতিয়ালৈকে জীয়াই আছে নে?”
28. তেওঁলোকে ক’লে, “আপোনাৰ দাস আমাৰ পিতৃ এতিয়াও জীয়াই আছে আৰু তেওঁ ভালে আছে।” এই বুলি তেওঁলোকে উবুৰি হৈ প্ৰণিপাত কৰিলে।
29. তেতিয়া তেওঁ চকু তুলি নিজ মাকৰ পুতেক ভায়েক বিন্যামীনক দেখি ক’লে, “এওঁৱেই নেকি তোমালোকৰ সেই সৰু ভাই, যি জনৰ কথা তোমালোকে মোক কৈছিলা?” তেওঁ তাক ক’লে, “বোপা, ঈশ্বৰে তোমাক আশীর্বাদ কৰক।”
30. নিজ ভায়েকক দেখি মৰমতে যোচেফৰ অন্তৰ শোকত ভাগি পৰিল। তেওঁ কান্দিবলৈ ঠাই বিচাৰি বেগাবেগিকৈ সেই ঠাইৰ পৰা ওলাই গ’ল আৰু নিজৰ কোঁঠালিত সোমাই কান্দিবলৈ ধৰিলে।
31. পাছত তেওঁ নিজৰ চকু-মুখ ধুই বাহিৰলৈ আহিল আৰু নিজকে নিয়ন্ত্রণ কৰি আহাৰ পৰিবেশন কৰিবলৈ ক’লে।
32. তেতিয়া দাসবোৰে যোচেফক, তেওঁৰ ভায়েক-ককায়েকসকলক আৰু যি মিচৰীয়সকলে যোচেফৰ লগত ভোজন কৰে, তেওঁলোকক বেলেগ বেলেগকৈ খাবলৈ দিলে; কিয়নো মিচৰীয়সকলে ইব্ৰীয়াসকলৰ সৈতে খোৱা-বোৱা নকৰে; কাৰণ সেয়া মিচৰীয়সকলৰ কাৰণে এক ঘৃণনীয় কাৰ্য।
33. ভায়েক-ককায়েকসকল যোচেফৰ সন্মুখত বয়স অনুসাৰে জ্যেষ্ঠৰ পৰা কনিষ্ঠজন বহিল। তাতে তেওঁলোক সকলোৱে একেলগে আচৰিত মানিলে।
34. তাৰ পাছত যোচেফে তেওঁৰ নিজৰ সন্মুখৰ আহাৰৰ পৰা কিছু ভাগ ভায়েক-ককায়েকসকলক দিবলৈ দিলে। কিন্তু আন সকলো ভায়েক-ককায়েকসকলৰ ভাগতকৈ বিন্যামীনক পাঁচ গুণ অধিক দিয়া হ’ল। এইদৰে তেওঁলোকে যোচেফৰ সৈতে ভোজন-পান কৰি আনন্দ কৰিলে।

আদিপুস্তক 44:1-34
1. যোচেফে তেওঁৰ ঘৰৰ ঘৰগিৰীক আদেশ দি ক’লে, “এই লোকসকলে যিমান শস্য লৈ যাব পাৰে, তেওঁলোকৰ বস্তাবোৰ সিমানকৈ পূৰ কৰি দিয়া আৰু প্ৰতিজন লোকৰ ধন তেওঁলোকৰ বস্তাৰ মুখত থ’বা।
2. মোৰ ৰূপৰ পিয়লাটো সবাটোকৈ সৰুটোৰ শস্য ভৰোৱা বস্তাৰ মুখত থ’বা; শস্য কিনাৰ বাবে অনা তাৰ ধনখিনিও থ’বা।” তেতিয়া ঘৰগিৰী জনে যোচেফে কোৱাৰ দৰেই কৰিলে।
3. পাছদিনা অতি পুৱাতেই লোকসকলক তেওঁলোকৰ গাধবোৰৰ সৈতে বিদায় দিলে।
4. তেওঁলোক নগৰৰ পৰা ওলাই যোৱাৰ পাছত, অধিক দূৰ গৈ পোৱাৰ আগতেই যোচেফে তেওঁৰ ঘৰগিৰীক ক’লে, “সোনকালে সেই লোকসকলৰ পাছে পাছে যোৱা। তেওঁলোকক লগ পাই ক’বা, ‘তোমালোকে উপকাৰৰ সলনি কিয় অপকাৰ কৰি আহিলা? কিয় তোমালোকে মোৰ প্রভুৰ পিয়লা চুৰ কৰিলা?
5. সেইটো পিয়লাতে মোৰ প্ৰভুৱে পান কৰে আৰু মঙ্গল চোৱাৰ কাৰণেও ব্যৱহাৰ কৰে? তোমালোকে এই কৰ্ম কৰি অতি অন্যায় কৰিছা’।”
6. এইদৰে সেই ঘৰগিৰীয়েও গৈ বাটত তেওঁলোকক লগ ধৰিলে আৰু এইবোৰ কথা ক’লে।
7. কিন্তু তেওঁলোকে তেওঁক ক’লে, “মহাশয়, আপুনি কিয় এনেবোৰ কথা কৈছে? আপোনাৰ দাসবোৰৰ পৰা এনে ধৰণৰ কৰ্ম কৰা দূৰ হওক।
8. চাওক, যোৱাবাৰ আমাৰ বস্তাৰ মুখত যি ধন পাইছিলোঁ, সেয়া আমি কনান দেশৰ পৰা পুনৰ আপোনালৈ ওভটাই আনিলো; তেন্তে আপোনাৰ প্ৰভুৰ ঘৰৰ পৰা আমি ৰূপ বা সোণ কেনেকৈ চুৰ কৰি আনিব পাৰোঁ?
9. যদি সেই পিয়লা আপোনাৰ এই দাসবোৰৰ কোনোবা এজনৰ ওচৰত পোৱা যায়, তেন্তে তাৰ মৃত্যু হওঁক আৰু আমিও প্ৰভুৰ দাস হৈ থাকিম।”
10. তেতিয়া ঘৰগিৰীজনে ক’লে, “ঠিক আছে, আপোনালোকৰ কথাৰ দৰেই হওক; কিন্তু যিজনৰ ওচৰত সেই পিয়লা পোৱা যাব, কেৱল তেৱেঁ মোৰ দাস হ’ব; আন সকলো নিৰ্দ্দোষী হ’ব।”
11. তেতিয়া তেওঁলোকে বেগতে নিজৰ বস্তা মাটিত নমাই খুলিলে।
12. ঘৰগিৰীয়ে ডাঙৰজনৰ পৰা আৰম্ভ কৰি শেষত সৰুজনলৈকে বিচাৰোতে বিন্যামীনৰ বস্তাৰ ভিতৰত সেই পিয়লা পোৱা গ’ল।
13. তেতিয়া তেওঁলোকে নিজৰ কাপোৰ ফালিলে। নিজৰ গাধত বোজাবোৰ দি পুনৰ নগৰলৈ উভটি গ’ল।
14. যিহূদা আৰু তেওঁৰ ভায়েক-ককায়েকসকল যেতিয়া যোচেফৰ ঘৰ আহি পালে, যোচেফ তেতিয়াও তাতে আছিল। তেওঁলোকে তেওঁৰ সন্মুখলৈ গৈ মাটিত উবুৰি হৈ পৰিল।
15. তেতিয়া যোচেফে তেওঁলোকক ক’লে, “তোমালোকেনো এইটো কি কাম কৰিলা? তোমালোকে নাজানা নে যে মোৰ নিচিনা এজন লোকে মঙ্গল চোৱাৰ অভ্যাস কৰিব পাৰে?”
16. যিহূদাই ক’লে, “মোৰ প্ৰভুকনো আমি কি ক’ম? উত্তৰেইবা কি দিম? কেনেদৰেইবা আমি নিজক নিৰ্দ্দোষী বুলি প্রমাণ কৰিম? আপোনাৰ দাসবোৰৰ অপৰাধ ঈশ্বৰেই প্ৰকাশ কৰি দিলে; যাৰ হাতত সেই পিয়লাটো পোৱা গৈছে, চাওঁক, সি আৰু আমি সকলোৱেই মোৰ প্ৰভুৰ দাস হলোঁ।”
17. তাতে যোচেফে ক’লে, “এনে কৰ্ম কৰা মোৰ পৰা দূৰ হওঁক; যাৰ হাতত পিয়লাটো পোৱা গৈছে, তেওঁহে মোৰ দাস হ’ব; কিন্তু আন সকলোৱে শান্তিৰে তোমালোকৰ পিতৃৰ কাষলৈ ঘূৰি যোৱা।”
18. তেতিয়া যিহূদাই তেওঁৰ ওচৰলৈ আগুৱাই গৈ ক’লে, “হে মোৰ মালিক, ফৰৌণ যেনে আপুনিও তেনে। দয়া কৰি মোৰ প্ৰভুৰ কাণত আপোনাৰ এই দাসক এষাৰ কথা জনাবলৈ অনুমতি দিয়ক। আপোনাৰ এই দাসৰ ওপৰত আপোনাৰ ক্ৰোধ প্রজ্বলিত নহওঁক।
19. মোৰ প্ৰভুৱে তেওঁৰ এই দাসবোৰক সুধিছিল, ‘তোমালোকৰ পিতৃ আৰু কোনো ভাই আছে নে?’
20. তাতে আমি প্ৰভুক কৈছিলোঁ, ‘আমাৰ এজন বৃদ্ধ পিতা আছে আৰু তেওঁৰ বুঢ়া কালৰ এজন সৰু ল’ৰাও আছে; তাৰ ককায়েকৰ মৃত্যু হৈছে আৰু একে মাকৰ সন্তান হিচাবে সি এতিয়া অকলেই আছে; সেয়ে তাৰ পিতাই তাক অতি মৰম কৰে।
21. পাছত আপুনি আপোনাৰ এই দাসবোৰক কৈছিল, ‘তাক মোৰ ওচৰলৈ লৈ আনা, মই তাক চাব বিচাৰো।’
22. তেতিয়া আমি প্ৰভুক কৈছিলোঁ, ‘ল’ৰাটিয়ে তাৰ পিতাকক এৰি আহিব নোৱাৰে; কিয়নো যদি আহে, তেন্তে তাৰ পিতাৰ মৃত্যু হ’ব।’
23. কিন্তু আপুনি আপোনাৰ দাসবোৰক কৈছিল, ‘তোমালোকৰ সৰু ভাইক লগত লৈ নাহিলে, তোমালোকে পুনৰ মোৰ মুখ দেখা নাপাবা।’
24. সেয়ে মোৰ প্ৰভুৰ সকলো কথা আমি আপোনাৰ দাস, মোৰ পিতাক কৈছিলোঁ।
25. পাছত আমাৰ পিতায়ে কৈছিল, ‘তোমালোকে পুনৰ গৈ আমাৰ বাবে কিছু শস্য কিনি আনাগৈ।’
26. তেতিয়া আমি ক’লোঁ, ‘আমাৰ সৰু ভাই যদি আমাৰ লগত যায়, তেতিয়াহে আমি যাম। নহ’লে আমি যাব নোৱাৰো। কিয়নো আমাৰ সৰু ভাই যদি আমাৰ লগত নাথাকে, তেন্তে সেই পুৰুষৰ মুখকে আমি দেখিবলৈ নাপাম।’
27. তেতিয়া আপোনাৰ দাস অর্থাৎ মোৰ পিতায়ে আমাক ক’লে, ‘তোমালোকেতো জানাই যে মোৰ ভাৰ্যাই মোলৈ দুটি পুত্ৰ প্ৰসৱ কৰিছিল।
28. তাৰে এটি মোৰ পৰা ওলাই গ’ল আৰু মই কলোঁ, ‘নিশ্চয় কোনো জন্তুৱে তাক ডোখৰ ডোখৰ কৰি ছিৰাছিৰ কৰিলে; তাৰ পাছৰ পৰাই মই তাক পুনৰ দেখা নাপালোঁ;
29. এতিয়া যদি তোমালোকে ইয়াকো মোৰ ওচৰৰ পৰা লৈ যোৱা আৰু তাৰ যদি কোনো ক্ষতি হয়, তেন্তে এই পকা চুলিৰে সৈতে শোকতে মোক তোমালোকে চিয়োললৈ পঠাবা।’
30. গতিকে, এতিয়া মই আপোনাৰ দাসৰ কাষলৈ অর্থাৎ মোৰ পিতাৰ কাষলৈ যদি ল’ৰাটো অবিহনে উভটি যাওঁ আৰু যিহেতু ল’ৰাটোৰ লগত তেওঁৰ প্রাণ একেলগে বন্ধা আছে,
31. সেয়ে ল’ৰাটোক আমাৰ লগত নেদেখিলে, তেওঁৰ নিশ্চয়ে মৃত্যু হ’ব। তাতে আপোনাৰ এই দাসবোৰে আপোনাৰ দাস অর্থাৎ আমাৰ পিতাইক তেওঁৰ পকা চুলিৰে সৈতে শোকতে চিয়োললৈ পঠাব;
32. মই, এই আপোনাৰ দাসে মোৰ পিতাৰ ওচৰত এই ল’ৰাৰ কাৰণে জামিন হৈ কৈছিলোঁ, ‘মই যদি তাক আপোনাৰ ওচৰলৈ নানো, তেন্তে পিতা মই চিৰকাললৈকে আপোনাৰ ওচৰত অপৰাধী হৈ থাকিম।
33. সেয়ে মোৰ প্ৰভু, দয়া কৰি সেই ল’ৰাৰ পৰিবর্তে মোকে আপোনাৰ দাসৰ দৰে ৰাখক আৰু ল’ৰা জনক তাৰ ককায়েকসকলৰ সৈতে ঘূৰি যাবলৈ দিয়ক।
34. কিয়নো, ল’ৰা জনক লগত নিনিয়াকৈ মই কেনেকৈ পিতাৰ ওচৰলৈ উলটি যাম? মোৰ পিতালৈ যি আপদ ঘটিব, তাক মই চাব নোৱাৰিম।”

সামসঙ্গীত 11:1-7
1. মই যিহোৱাতে আশ্ৰয় লৈছোঁ। তোমালোকে কেনেকৈ মোক ক’ব পাৰা, “পক্ষীৰ দৰে উৰি পৰ্ব্বতলৈ পলাই যোৱা?”
2. কিয়নো চোৱা! শুদ্ধ অন্তৰৰ লোকক আন্ধাৰৰ পৰা আহত কৰিবৰ কাৰণে দুষ্টবোৰে নিজৰ ধনু ভিৰাই লৈছে, তেওঁলোকে তাত কাঁড় লগাইছে।
3. যদি ভিত্তিমূলবোৰ ধ্বংস কৰা হয়, তেন্তে ধাৰ্মিকসকলে কি কৰিব পাৰিব?
4. কিন্তু যিহোৱা, তেওঁৰ পবিত্ৰ মন্দিৰত আছে; তেওঁৰ সিংহাসন স্বর্গতে আছে। তেওঁ মানুহলৈ চাই থাকে, তেওঁৰ চকুৱে মানুহক পৰীক্ষা কৰে।
5. যিহোৱাই ধাৰ্মিক আৰু দুষ্ট সকলোকে পৰীক্ষা কৰে; কিন্তু যিবোৰ দুষ্ট, অত্যাচাৰপ্রিয়, তেনেলোকক তেওঁ ঘৃণা কৰে।
6. তেওঁ দুষ্ট লোকৰ ওপৰত জ্বলন্ত অগ্নি আৰু গন্ধক বর্ষাব; তেওঁৰ পাত্রৰ পৰা দগ্ধ কৰি নিয়া বতাহ তেওঁলোকৰ ভাগত হ’ব।
7. যিহোৱা ধাৰ্মিক, আৰু ধার্মিকতা তেওঁ ভাল পায়; সৎ লোকে তেওঁৰ মুখ দেখা পাব।

প্রবচন 4:10-13
10. হে মোৰ পুত্র শুনা, আৰু মোৰ কথালৈ মনোযোগ দিয়া; তেতিয়া তুমি বহু বছৰ জীয়াই থাকিবা।
11. মই তোমাক প্রজ্ঞাৰ পথত পৰিচালনা কৰিছোঁ, মই তোমাক সৰল পথত নেতৃত্ব দিছোঁ।
12. তুমি যেতিয়া খোজ দিবা, তেতিয়া কোনো এজনেও তোমাৰ পথত থিয় নহ’ব; আৰু তুমি দৌৰ মাৰিলেও উজুটি নাখাবা।
13. নিয়ম প্রণালী মানি চলিবা, ইয়াক যাবলৈ নিদিবা; ইয়াক পহৰা দিয়া, কাৰণ এয়ে তোমাৰ জীৱন।

মথি 14:22-36
22. ইয়াৰ পাছতে, যীচুৱে শিষ্য সকলক আদেশ দিলে, তেওঁলোকে যেন নাৱত উঠি তেওঁৰ আগেয়ে সিপাৰলৈ যায় আৰু লোক সকলক তেওঁ নিজে বিদায় দিলে।
23. লোক সকলক বিদায় দি তেওঁ প্ৰাৰ্থনা কৰিবৰ কাৰণে পাহাৰৰ ওপৰলৈ অকলে উঠি গ’ল; আৰু যদিও তেতিয়া অন্ধকাৰ হৈ আহিছিল, তথাপি তেওঁ অকলশৰে তাতে আছিল।
24. ইতিমধ্যে নাও খনে মাটি ভাগৰ পৰা আহি সাগৰৰ মাজ পালে আৰু বিপৰীত দিশৰ পৰা বতাহ বলাত নাও খনে প্রায় নিয়ন্ত্রণ হেৰুৱাই ঢৌৰ কোবত ঢলং-পলং হবলৈ ধৰিলে।
25. শেষ নিশা যীচু সাগৰৰ ওপৰত খোজকাঢ়ি শিষ্য সকলৰ ওচৰলৈ আহি আছিল।
26. শিষ্য সকলে যীচুক সাগৰৰ ওপৰত খোজকাঢ়ি আহি থকা দেখি ভীষণভাৱে ভয় খাই “ভূত, ভূত” বুলি চিঞৰিবলৈ ধৰিলে।
27. যীচুৱে তেতিয়াই তেওঁলোকক ক’লে, “এয়া মইহে; ভয় নকৰিবা, সাহসী হোৱা।”
28. পিতৰে তেওঁক উত্তৰ দি ক’লে, “হে প্ৰভু, যদি আপুনিয়ে হয়, তেনেহলে পানীৰ ওপৰেদি আপোনাৰ ওচৰলৈ যাবৰ বাবে মোক আজ্ঞা দিয়ক।”
29. যীচুৱে ক’লে, “আহা।” পিতৰে তেতিয়া নাৱৰ পৰা নামি পানীৰ ওপৰেদি খোজকাঢ়ি যীচুৰ কাষলৈ আগবাঢ়ি গ’ল।
30. কিন্তু বতাহ দেখা পাই তেওঁ ভয় খোৱাত ডুবিবলৈ ধৰিলে। তেতিয়া তেওঁ চিঞৰি মাতিলে, “প্ৰভু, মোক বচাওঁক।”
31. যীচুৱে তেতিয়াই নিজে হাত মেলি তেওঁক ধৰি ক’লে, “অল্পবিশ্বাসী, কিয় সন্দেহ কৰিলা?”
32. পাছত যেতিয়া যীচু আৰু পিতৰ নাৱত উঠিল, বতাহ নাইকিয়া হ’ল।
33. তেতিয়া নাৱত থকা শিষ্য সকলে যীচুক প্ৰণিপাত কৰি ক’লে, “আপুনি সঁচাকৈয়ে ঈশ্বৰৰ পুত্ৰ।”
34. তাৰ পাছত তেওঁলোক পাৰ হৈ, গিনেচৰৎ নামৰ প্ৰদেশ পালে।
35. তাতে সেই ঠাইৰ মানুহবোৰে যীচুক চিনি পোৱাত, সেই অঞ্চলৰ সকলো ঠাইতে তেওঁ অহাৰ বার্তা পঠিয়াই দিলে। তাতে লোক সকলে ৰোগী সকলক যীচুৰ ওচৰলৈ আনিলে।
36. তেওঁলোকে যীচুক মিনতি কৰিলে যেন সেই ৰোগী সকলে তেওঁৰ কাপোৰৰ দহি মাথোন চুবলৈ পায়। তাতে যিমান লোকে চুলে, তেওঁলোক সকলোৱে সুস্থ হ’ল।