A A A A A

আদিপুস্তক 41:1-57
1. এই ঘটনা ঘটি যোৱাৰ সম্পূৰ্ণ দুবছৰৰ পাছত, ফৰৌণে এটা সপোন দেখিলে। তেওঁ নীল নদীৰ দাঁতিত থিয় হৈ আছে।
2. এনে সময়ত নদীৰ পৰা দেখিবলৈ সুন্দৰ আৰু হৃষ্টপুষ্ট সাতজনী গৰু ওলাই আহি নল বননিত চৰিবলৈ ধৰিলে।
3. তাৰ পাছত, দেখিবলৈ কুচ্ছিত আৰু ক্ষীণোৱা আন সাতজনী গৰুও সেই কেইজনীৰ পাছত নীল নদীৰ পৰা ওলাই, নদীৰ দাঁতিত আগতে অহা গৰু কেইজনীৰ ওচৰতে আহি থিয় হ’ল।
4. তাতে সেই ক্ষীণোৱা আৰু দেখিবলৈ কুচ্ছিত গৰু কেইজনীয়ে দেখিবলৈ সুন্দৰ আৰু হৃষ্টপুষ্ট সেই গৰু সাতজনীক গিলি পেলালে। এনেতে ফৰৌণে সাৰ পালে।
5. তাৰ পাছত তেওঁ পুনৰ টোপনি গৈ দ্বিতীয় বাৰ সপোন দেখিলে; তেওঁ দেখিলে ঘেহুঁৰ একে ডাল ঠাৰিতে গুটিৰে ভৰা সাতোটা থোক ওলাল।
6. তেতিয়া চোৱা, সেইবোৰৰ পাছতে, পূবৰ বতাহত লেৰেলি শুকাই যোৱা এনে সাতোটা থোক ওলাল।
7. লেৰেলা থোকবোৰে গুটিৰে ভৰা সেই সাতোটা পূৰঠ থোক গিলি পেলালে। তেতিয়া ফৰৌণে সাৰ পাই দেখিলে যে, এইটো সপোনহে।
8. যেতিয়া ৰাতি পুৱাল, তেতিয়া তেওঁৰ মনটো অস্থিৰ হৈ উঠিল। তেওঁ মানুহ পঠাই মিচৰ দেশৰ শাস্ত্ৰজ্ঞ আৰু বিদ্বান লোক সকলক মতাই আনিলে আৰু ফৰৌণে তেওঁলোকৰ আগত তেওঁৰ সপোনৰ কথা ক’লে। কিন্তু কোনেও ফৰৌণক এই সপোনৰ ফলিতা দিব নোৱাৰিলে।
9. তেতিয়া প্ৰধান পান-পাত্ৰ ধৰোঁতাই ফৰৌণক ক’লে, “আজি মোৰ নিজৰ অপৰাধৰ কথা মনত পৰিছে।
10. ফৰৌণে নিজৰ দাসবোৰলৈ ক্রোধিত হৈ মূখ্য ৰান্ধনিৰ সতে মোক কাৰাৰক্ষকৰ অধ্যক্ষৰ ঘৰৰ বন্দীশালত থৈছিল।
11. তেতিয়া সেই ৰাতিয়েই আমি দুয়ো এটা এটা সপোন দেখিলোঁ। আমি দেখা প্রত্যেকটো সপোনৰ বেলেগ বেলেগ অৰ্থ আছিল।
12. তেতিয়া সেই ঠাইত ৰক্ষক-সেনাপতিৰ ওচৰত এজন ইব্ৰীয়া ডেকা বন্দী হৈ আমাৰ লগত আছিল। আমি তেওঁৰ আগত আমাৰ সপোনৰ কথা ক’ওতে, তেওঁ আমাক সপোনৰ অর্থ ক’লে,
13. আৰু তেওঁ যেনেকৈ আমাক সপোনৰ অর্থ কৈছিল, তেনেকৈয়ে আমালৈ ঘটিল। মোক মহাৰাজে পুনৰায় আগৰ পদতে নিযুক্ত কৰিলে, কিন্তু অন্য সকলক হ’লে ফাঁচি দিলে।”
14. তেতিয়া ফৰৌণে যোচেফক আনিবলৈ মানুহ পঠালে। বন্দীশালৰ পৰা তেওঁক যেতিয়া বেগাই উলিয়াই দিয়া হ’ল; তেতিয়া তেওঁ মূৰ খুৰালে আৰু কাপোৰ সলাই ফৰৌণৰ সন্মুখলৈ আহিল।
15. তাতে ফৰৌণে যোচেফক ক’লে, “মই এটা সপোন দেখিলোঁ, তাৰ অর্থ বুজাই দিব পৰা কোনো নাই; কিন্তু তুমি শুনামাত্ৰে সপোনৰ ফলিতা দিব পাৰা বুলি মই তোমাৰ বিষয়ে শুনিছোঁ।”
16. তেতিয়া যোচেফে ফৰৌণক উত্তৰ দি ক’লে, “এইটো মোৰ বাবে অসাধ্য। ঈশ্বৰেহে ফৰৌণ ৰজাৰ সপোনৰ অর্থ বুজাই দিয়াৰ লগতে মনত শান্তনা দিব।”
17. তেতিয়া ফৰৌণে যোচেফক ক’লে, “মই সপোনত নীল নদীৰ দাঁতিত থিয় হৈ আছিলোঁ;
18. এনে সময়ত নদীৰ পৰা হৃষ্টপুষ্ট আৰু দেখিবলৈ সুন্দৰ সাত জনী গৰু ওলাই আহি নল বননিত চৰিবলৈ ধৰিলে।
19. পাছত চোৱা, ক্ষীণোৱা, দেখিবলৈ কূচ্ছিত, চেৰেলা গাৰে সাত জনী গৰুও সেই কেইজনীৰ পাছত ওলাই আহিল; তেনেকুৱা কুচ্ছিত গৰু মই গোটেই মিচৰ দেশত কেতিয়াও দেখা নাই।
20. আৰু চেৰেলা গাৰে দেখিবলৈ কুচ্ছিত গৰু কেইজনীয়ে প্ৰথমে হৃষ্টপুষ্ট গৰু সাত জনী গিলি পেলালে।
21. যেতিয়া হৃষ্টপুষ্ট গৰুবোৰ কুচ্ছিত কেইজনীয়ে খালে, সেইবোৰ চেৰেলা কেইজনীৰ পেটত সোমোৱা যেন নালাগিল। কিন্তু সিহঁত আগৰ দৰে কুচ্ছিত হৈয়েই থকিল। তেতিয়া মই সাৰ পালোঁ।
22. মই পুনৰাই সপোন দেখিলোঁ, একে ডাল ঠাৰিতে গুটিৰে ভৰা ঘেহুঁৰ উত্তম সাতোটা থোক ওলাল।
23. তেতিয়া সেইবোৰৰ পাছত শুকান, পতনুৱা সেইবোৰ পুবৰ গৰম বতাহত শুকায় গৈছিল, এনে সাতোটা থোকো ওলাল।
24. পাছত সেই শুকান পতনুৱা থোকবোৰে সাতোটা উত্তম থোক গিলি পেলালে। পাছত শাস্ত্ৰজ্ঞসকলক মই ক’লোঁ; কিন্তু কোনেও মোক তাৰ অর্থ ক’ব নোৱাৰিলে।”
25. তেতিয়া যোচেফে ফৰৌণক ক’লে, “ফৰৌণৰ সপোনৰ অৰ্থও একেই। ঈশ্বৰে যি কৰিব খুজিছে, তাক তেওঁ ফৰৌণক জনাইছে।
26. সেই সাত জনী উত্তম গৰু সাত বছৰক বুজায়; সেই সাতোটা উত্তম থোকেও সাত বছৰক বুজায়; সপোনৰ অৰ্থও একেই।
27. পাছত অহা সেই কুচ্ছিত সাত জনী গৰুও সাত বছৰ, পূবৰ বতাহত শুকুৱা গুটি নথকা সাতোটা থোকেও সাত বছৰক বুজায়। সেইবোৰ আকালৰ সাত বছৰ হ’ব।
28. মই ফৰৌণৰ আগত ইয়াকে ক’লোঁ যে, ঈশ্বৰে যি কৰিব খুজিছে, তাকেহে তেওঁ ফৰৌণক দেখুৱাইছে।
29. তাতে গোটেই মিচৰ দেশত এনে সাতটা বছৰ আহিব য’ত বহুত শষ্য উৎপন্ন হ’ব।
30. সেইবোৰৰ পাছত হ’ব আকালৰ সাত বছৰ, তাতে মিচৰ দেশত বহু শস্যৰ কথা সকলোৱে পাহৰি যাব; আৰু সেই আকালে দেশখনকে নষ্ট কৰিব।
31. এই আকালৰ কাৰণে লোকসকলৰ দেশত, আগতে উৎপন্ন হোৱা বহু শস্যৰ কথা মনত নপৰিব। কিয়নো এইটো অতিশয় ভয়ংকৰ হ’ব।
32. ফৰৌণৰ আগত দুবাৰ এই সপোন দেখুৱা হৈছে। ইয়াৰ কাৰণ হৈছে ঈশ্বৰে, নিজ মন স্থিৰ কৰিছে আৰু ঈশ্বৰে অতি শীঘ্ৰেই এই সকলো কৰিব।
33. এই হেতুকে এতিয়া ফৰৌণ ৰজাই এনে এজন বুদ্ধিমান জ্ঞানী মানুহ বিচাৰি আনক, তেওঁক আনি আপুনি মিচৰ দেশৰ ওপৰত নিযুক্ত কৰক।
34. ফৰৌণে এইদৰে কৰক; তেওঁ দেশৰ ওপৰত বিষয়াসকলক পাতক আৰু বহু শস্য উৎপন্ন হোৱা সাত বছৰত, মিচৰ দেশৰ পৰা শস্য পাঁচ ভাগৰ এভাগ তুলি আনক।
35. এই লোকসকলে অহা বছৰ কেইটাৰ সকলো শস্য গোটাই ফৰৌণৰ অধীনলৈ আহাৰ হ’বৰ কাৰণে নগৰে নগৰে তাক সাঁচি ৰাখক। তাক সুৰক্ষা দিয়ক।
36. এইদৰে মিচৰ দেশত আগলৈ হ’ব লগা আকালৰ সাত বছৰৰ কাৰণে, সেই আহাৰ দেশত সঞ্চিত হৈ থাকিব; তাতে আকালত দেশখন বিনষ্ট নহব।”
37. তেতিয়া ফৰৌণে আৰু তেওঁৰ পাত্ৰমন্ত্ৰীসকলেও এই সকলো কথাকে উত্তম দেখিলে।
38. তেতিয়া ফৰৌণে তেওঁৰ পাত্ৰমন্ত্ৰীসকলক ক’লে, “এই যি জন মানুহত ঈশ্বৰৰ আত্মা আছে, এওঁৰ নিচিনা আমি কাক পাম?”
39. তেতিয়া ফৰৌণে যোচেফক ক’লে, “ঈশ্বৰে তোমাক এই সকলো কথা জনাইছে; এই যে তোমাৰ নিচিনা বুদ্ধিমান জ্ঞানী মানুহ কোনো নাই।
40. তুমিয়েই মোৰ ঘৰৰ অধ্যক্ষ হ’ব লাগে; মোৰ সকলো প্ৰজা তোমাৰ কথাৰ দৰেই চলিব; কেৱল সিংহাসনতহে মই তোমাতকৈ শ্ৰেষ্ঠ হ’ম।”
41. ফৰৌণে যোচেফক পুনৰ ক’লে, “চোৱা, গোটেই মিচৰ দেশৰ ওপৰত মই তোমাক নিযুক্ত কৰিলোঁ।”
42. পাছত ফৰৌণে নিজৰ হাতৰ পৰা মোহৰ মৰা আঙঠি সোলোকাই যোচেফৰ হাতৰ আঙুলিত পিন্ধাই দিলে। তেওঁক আৰু মিহি শণ সূতাৰ কাপোৰ পিন্ধাই, ডিঙিত সোণৰ অলঙ্কাৰও দিলে।
43. তেওঁক নিজৰ দ্বিতীয় ৰথত উঠালে; তাতে লোকসকলে তেওঁৰ আগে আগে “আঁঠুকাঢ়া” বুলি ঘোষণা কৰিলে। এইদৰে ফৰৌণে তেওঁক গোটেই মিচৰ দেশ খনৰ ওপৰত নিযুক্ত কৰিলে।
44. ফৰৌণে যোচেফক ক’লে, “মই ফৰৌণ, কিন্তু তোমাৰ বিনা অনুমতিত গোটেই মিচৰ দেশত কোনেও হাত, ভৰি লৰচৰ কৰিব নোৱাৰিব।”
45. ফৰৌণে যোচেফৰ নাম “চাফনৎপানেহ ৰাখিলে।” তেওঁ ওন নগৰৰ পুৰোহিত পোটী-ফেৰাৰ জীয়েক আচনতৰ লগত বিয়া পাতি দিলে। পাছত যোচেফ গোটেই মিচৰ দেশ খন চাব লৈ ওলাই গ’ল।
46. যোচেফ মিচৰৰ ৰজা ফৰৌণৰ আগত উপস্থিত হোৱা সময়ত, তেওঁৰ বয়স ত্ৰিশ বছৰ হৈছিল। যোচেফ ফৰৌণ ৰজাৰ আগৰ পৰা ওলাই গ’ল আৰু মিচৰ দেশৰ সকলো ঠাইতে ফুৰিলে।
47. তাতে বহু শস্য হোৱা সেই সাত বছৰত ভূমিয়ে মুঠিয়ে মুঠিয়ে শস্য উৎপন্ন কৰিলে।
48. মিচৰ দেশত সেই সাত বছৰত উৎপন্ন হোৱা সকলো শস্য গোটাই, তেওঁ নগৰে নগৰে সাঁচি হ’ল; প্ৰত্যেক নগৰৰ চাৰিওফালৰ পথাৰত যি শস্য উৎপন্ন হ’ল, তাক তেওঁ সেই নগৰতে সাঁচি থলে।
49. এইদৰে যোচেফে সাগৰৰ বালিৰ দৰে ইমান বহু শস্য গোটালে যে, তাক পাছত লেখিবলৈকে এৰিলে; কিয়নো সেয়ে অসংখ্য হৈছিল।
50. যোচেফৰ দুটি পুত্র আকাল অহাৰ আগেয়ে জন্ম পালে, ওন নগৰৰ পুৰোহিত পোটী-ফেৰাৰ জীয়েক আচনতে জন্ম দিলে।
51. তাতে যোচেফে জ্যেষ্ঠ পুত্ৰৰ নাম মনচি হ’ল; কিয়নো তেওঁ ক’লে, “ঈশ্বৰে মোৰ সকলো দুখ আৰু নিজ পিতৃৰ ঘৰকো পাহৰাইছে।”
52. দ্বিতীয় পুত্ৰৰ নাম তেওঁ ইফ্ৰয়িম ৰাখিলে; কাৰণ তেওঁ ক’লে, “ঈশ্বৰে মোক দুখ ভোগ কৰা এই দেশত ফলৱান কৰিলে।”
53. তাৰ পাছত মিচৰ দেশত বহু শষ্য উৎপন্ন হোৱা সাত বছৰ শেষ হ’ল।
54. তাতে যোচেফে কোৱাৰ দৰেই আকালৰ সাত বছৰ আৰম্ভ হ’ল, তেতিয়া সকলো দেশতে আকাল হ’ল; কিন্তু গোটেই মিচৰ দেশত হ’লে আহাৰ আছিল।
55. যেতিয়া মিচৰ দেশৰ গোটেইখনতে আকাল হ’বলৈ ধৰিলে, তেতিয়া প্ৰজাসকলে আহাৰৰ অৰ্থে ফৰৌণ ৰজাৰ আগত ভিক্ষা খুজিলে গৈ; তাতে ফৰৌণে সকলো মিচৰীয়াকে ক’লে, “তোমালোকে যোচেফৰ ওচৰলৈ যোৱা; তেওঁ যি কৰিবলৈ কয়, তাকে তোমালোকে কৰিবা।”
56. তেতিয়া গোটেই দেশতে আকাল হ’ল, যোচেফে সকলো ঠাইৰ ভঁৰালবোৰ খুলিলে আৰু মিচৰীয়াসকলৰ ওচৰত শস্য বেচিবলৈ ধৰিলে। সেই সময়ত মিচৰ দেশত ভয়ংকৰ আকাল হ’ল।
57. সকলো দেশৰ মানুহবোৰে শস্য কিনিবৰ কাৰণে মিচৰ দেশত থকা যোচেফৰ ওচৰলৈ আহিল; কিয়নো গোটেই পৃথিৱীত ভীষণ আকাল হ’বলৈ ধৰিলে।

আদিপুস্তক 42:1-38
1. যেতিয়া যাকোবে মিচৰত শস্য আছে বুলি শুনা পালে, তেতিয়া তেওঁৰ পুত্ৰসকলক ক’লে, “তোমালোকে ইজনে সিজনৰ মুখলৈ কিয় চোৱাচুই কৰি আছা?”
2. তেওঁ পুনৰ ক’লে, “চোৱা, মিচৰত শস্য আছে বুলি মই শুনিছোঁ; তোমালোকে তালৈ নামি গৈ, তাৰ পৰা আমাৰ বাবে শস্য কিনি আনাগৈ; তেতিয়াহে আমি নমৰি জীয়াই থাকিব পাৰিম।”
3. যোচেফৰ ককায়েক দহ জনে মিচৰৰ পৰা শস্য কিনি আনিবলৈ নামি গ’ল।
4. কিন্তু যোচেফৰ ভায়েক বিন্যামীনক হ’লে, যাকোবে ককায়েকসকলৰ লগত নপঠালে; কিয়নো তেওঁ ক’লে, “কিজানি তাৰ কিবা বিপদ ঘটে।”
5. এইদৰে শস্য কিনিবলৈ যোৱা মানুহবোৰৰ লগত ইস্ৰায়েলৰ পুত্ৰসকল গ’ল; কিয়নো কনান দেশত আকাল হৈছিল।
6. সেই সময়ত যোচেফ মিচৰ দেশৰ অধ্যক্ষ আছিল। তেৱেঁই দেশৰ সকলো লোকক শস্য বেচিছিল। যেতিয়া যোচেফৰ ককায়েকসকলে গৈ তেওঁৰ আগত মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে,
7. তেতিয়া যোচেফে তেওঁৰ ককায়েকসকলক দেখি চিনি পালে; কিন্তু তেওঁ অচিনাকিৰ দৰে ব্যৱহাৰ কৰিলে আৰু কঠোৰভাৱে তেওঁলোকৰ লগত কথা পাতিলে। তেওঁ তেওঁলোকক সুধিলে, “তোমালোক ক’ৰ পৰা আহিছা?” তেওঁলোকে ক’লে, “কনান দেশৰ পৰা শস্য কিনিবলৈ আহিছোঁ।”
8. এইদৰে যোচেফে ককায়েকসকলক চিনি পালে, কিন্তু তেওঁলোকে হ’লে ভায়েকক চিনি নাপালে।
9. যোচেফে তেওঁলোকৰ সম্বন্ধে যি সপোন দেখিছিল, সেই কথা তেতিয়া তেওঁৰ মনত পৰিল। তেওঁ তেওঁলোকক ক’লে, “তোমালোক গুপ্তচৰ। আমাৰ দেশৰ অসুৰক্ষিত অংশবোৰ চাবলৈহে তোমালোক আহিছা।”
10. তেওঁলোকে তেওঁক ক’লে, “নহয়, মোৰ প্ৰভু; আপোনাৰ এই দাস সকলে শস্য কিনিবলৈহে আহিছোঁ।
11. আমি সকলো এজন লোকৰে পুত্র; আমি সৎ মানুহ। আপোনাৰ দাসবোৰ গুপ্তচৰ নহয়।”
12. তেতিয়া যোচেফে তেওঁলোকক ক’লে, “নহয়, তোমালোকে দেশৰ অসুৰক্ষিত অংশবোৰ চাবলৈহে আহিছা।”
13. কিন্তু তেওঁলোকে ক’লে, “আপোনাৰ দাস আমি ভাই ককাই বাৰজন; আমি কনান দেশৰ বাসিন্দা এজন লোকৰেই সন্তান; আমাৰ সকলোতকৈ সৰু ভাইটো বর্তমান পিতাৰ ওচৰত আছে আৰু আন এজন ভাই জীৱিত নাই।”
14. যোচেফে তেওঁলোকক ক’লে, “মই তোমালোকৰ বিষয়ে যি কৈছোঁ, সেয়াই ঠিক; তোমালোক গুপ্তচৰ।
15. ইয়াৰেই তোমালোকক পৰীক্ষা কৰা হ’ব - তোমালোকৰ সৰু ভাই যেতিয়ালৈকে ইয়ালৈ নাহে, তেতিয়ালৈকে তোমালোকে এই ঠাই এৰি যাব নোৱাৰিবা। এই কথা মই ফৰৌণৰ জীৱনৰে শপত খাই কৈছো।
16. সৰু ভাইক আনিবলৈ তোমালোকৰ মাজৰ পৰা এজনক পঠাই দিয়া আৰু আন সকলো বন্দী হৈ থাকা। তাতে তোমালোকৰ কথা সত্য হয় নে নহয়, প্রমাণিত হ’ব। নহ’লে, ফৰৌণৰ জীৱনৰে শপত, তোমালোক যে গুপ্তচৰ, ই নিশ্চিত।”
17. এইবুলি কৈ যোচেফে তিনি দিনলৈকে তেওঁলোক সকলোকে কাৰাগাৰত বন্দী কৰি হ’ল।
18. তৃতীয় দিনা যোচেফে তেওঁলোকক ক’লে, “তোমালোকে মই কোৱাৰ দৰে কৰি প্রাণ ৰক্ষা কৰা; কিয়নো মই ঈশ্বৰ ভয়কাৰী লোক হওঁ।
19. তোমালোক যদি সঁচাই সৎ লোক হোৱা, তেন্তে তোমালোকৰ ভাইসকলৰ মাজৰ পৰা এজন এই কাৰাগাৰত বন্দী হৈ থাকক; বাকী সকলোৱে তোমালোকৰ ভোকত থকা পৰিয়ালৰ কাৰণে আকালৰ শস্য লৈ যাওক।
20. তোমালোকৰ কথা সত্য বুলি প্রমাণ হ’বৰ কাৰণে সৰু ভাইক মোৰ ওচৰলৈ লৈ আনা; তেতিয়াহে তোমালোকৰ প্রাণ ৰক্ষা পাব।” তাতে তেওঁলোকে সেইদৰে কৰিলে।
21. তাৰ পাছত তেওঁলোকে এজনে আন জনক ক’লে, “বাস্তৱিকতে আমাৰ ভাইৰ বিষয়টোত আমি দোষী; সি যেতিয়া আমাৰ আগত কাকুতি-মিনতি কৰিছিল, তেতিয়া তাৰ মনোকষ্ট দেখিও, আমি কাণসাৰ নিদিলোঁ। সেইবাবেই আমাৰ ওপৰত এই সঙ্কট আহিছে।”
22. তেতিয়া ৰূবেণে তেওঁলোকক উত্তৰ দি ক’লে, “মই জানো তোমালোকক কোৱা নাছিলো, ‘ল’ৰাটোৰ প্রতি অন্যায় কৰি পাপ নকৰিবা,’ তথাপিও তোমালোকে নুশুনিলা; এতিয়া চোৱা, আমি তাৰ ৰক্তপাতৰ পৰিশোধ সাধিব লগা হৈছে।”
23. যোচেফে যে তেওঁলোকৰ কথাবোৰ বুজি পাইছিল, সেই বিষয়ে তেওঁলোকে নাজানিলে; কিয়নো দুভাষীৰ মাধ্যমেদিহে তেওঁ তেওঁলোকৰ সৈতে কথা-বতৰা হৈছিল।
24. পাছত যোচেফে তেওঁলোকৰ ওচৰৰ পৰা গ’ল আৰু কান্দিবলৈ ধৰিলে। পুনৰ আহি তেওঁলোকৰ সৈতে কথাবার্তা হ’ল। তেওঁ তেওঁলোকৰ মাজৰ পৰা চিমিয়োনক বাচি ল’লে আৰু তেওঁলোকৰ চকুৰ সন্মুখতে তেওঁক বান্ধিলে।
25. তাৰ পাছত যোচেফে নিজৰ দাসবোৰক আদেশ দিলে যেন তেওঁলোকৰ বস্তাবোৰত শস্য ভৰাই দিয়া হয় আৰু প্ৰতিজনে দিয়া ধন তাৰ বস্তাত ওভটাই দিয়া হয়; তাৰ উপৰিও যাত্রাৰ কাৰণে তেওঁলোকৰ প্রয়োজনীয় বস্তুবোৰো দিবলৈ আদেশ দিলে। তাতে তেওঁলোকৰ কাৰণে যোচেফে কোৱাৰ দৰেই সকলো কৰা হ’ল।
26. তাৰ পাছত তেওঁলোকে নিজৰ নিজৰ গাধৰ পিঠিত শস্য বোজা তুলি লৈ তাৰ পৰা প্রস্থান কৰিলে।
27. পাছত বিশ্ৰামৰ ঠাই পাই তেওঁলোকৰ মাজৰ এজনে যেতিয়া নিজৰ গাধক দানা দিবলৈ বস্তা মেলিলে, তেতিয়া তেওঁ নিজৰ ধনখিনি দেখা পালে; ধনখিনি বস্তাৰ মুখতে আছিল।
28. তাতে তেওঁ ভায়েক-ককায়েকসকলক ক’লে, “এই চোৱাহি, মোৰ ধনখিনি উভটাই দিছে। এয়া চোৱা, মোৰ বস্তাতেই সেই ধন আছে।” তেতিয়া তেওঁলোকৰ প্ৰাণ উড়ি গ’ল। তেওঁলোকে ভয়তে কঁপি কঁপি ইজনে সিজনৰ ফালে ঘূৰি ক’লে, “ঈশ্বৰে নো আমালৈ এইটো কি কৰিলে?”
29. কনান দেশলৈ উলটি গৈ তেওঁলোকে তেওঁলোকৰ বাপেক যাকোবক তেওঁলোকলৈ যি যি ঘটিল সেই সকলোকে জনাই ক’লে,
30. “যি জন লোক সেই দেশৰ প্ৰভু, তেওঁ আমাৰ লগত অতি কর্কশভাৱে কথা পাতিছিল। তেওঁ ভাৱিছিল যে আমি সেই দেশত গুপ্তচৰ।
31. কিন্তু আমি তেওঁক কলোঁ, ‘আমি সৎ মানুহ, গুপ্তচৰ নহওঁ;
32. আমি ভাই-ককাই বাৰজন, একে পিতাৰে সন্তান; এজন জীৱিত নাই আৰু সকলোতকৈ সৰুটো এতিয়া পিতাৰ লগত কনান দেশত আছে।’
33. তেতিয়া সেই দেশৰ যি জন প্ৰভু, তেওঁ আমাক ক’লে, ‘‘বোলে, ইয়াৰ দ্বাৰায়েই মই জানিম যে তোমালোক সৎ মানুহ, সেয়ে তোমালোকৰ এজন ভাইক মোৰ লগত থৈ, ভোকত থকা পৰিয়ালৰ কাৰণে আকালৰ শস্য লোৱা আৰু নিজ বাটে যোৱা।
34. তোমালোকৰ সৰু ভাইক মোৰ ওচৰলৈ লৈ আনা; তেতিয়া মই জানিম যে, তোমালোক গুপ্তচৰ নোহোঁৱা, কিন্তু সৎ লোক। তেতিয়াহে মই তোমালোকৰ ভাইক তোমালোকলৈ মুকলি কৰি দিম আৰু তোমালোকে এই দেশত ব্যৱসায়-বাণিজ্য কৰিব পাৰিবা।”
35. তাৰ পাছত তেওঁলোকে নিজৰ বস্তাবোৰ খালী কৰাৰ সময়ত দেখিলে যে, তেওঁলোক প্ৰত্যেকৰ ধনৰ টোপোলাও প্রত্যেকৰ বস্তাৰ ভিতৰত আছে; তাকে দেখি তেওঁলোক আৰু তেওঁলোকৰ পিতৃয়ে ভয় খালে।
36. তেওঁলোকৰ পিতৃ যাকোবে তেওঁলোকক ক’লে, “তোমালোকে মোক সন্তানহাৰা কৰিছা। যোচেফ গ’ল, চিমিয়োনও নাই আৰু এতিয়া বিন্যামীনকো তোমালোকে লৈ যাব খুজিছা; এই সকলোবোৰ দুখ-কষ্ট মোৰ অহিতেই হৈছে।”
37. ৰূবেণে তেওঁৰ পিতৃক ক’লে, “মই যদি বিন্যামীনক আপোনাৰ ওচৰলৈ উভটাই আনিব নোৱাৰো, তেন্তে আপুনি মোৰ দুই পুত্ৰকে বধ কৰিব। কেৱল বিন্যামীনক মোৰ হাতত শোধাই দিয়ক, মই পুনৰ তাক আপোনাৰ ওচৰলৈ ঘূৰাই আনিম।”
38. তেতিয়া যাকোবে ক’লে, “নহয়, মোৰ পুত্ৰ তোমালোকৰ লগত নাযায়; কিয়নো তাৰ ককায়েক মৰিল আৰু এতিয়া সি অকলে আছে; তোমালোকৰ যাত্রাপথত যদিহে তালৈ কিবা আপদ ঘটে, তেন্তে এই পকা চুলিৰে সৈতে দুখ দি মোক চিয়োললৈহে পঠাবা।”

সামসঙ্গীত 10:12-18
12. হে যিহোৱা, উঠা; হে ঈশ্বৰ তোমাৰ হাত তুলি ধৰা; নির্যাতিত সকলক পাহৰি নাযাবা।
13. দুষ্টবোৰে ঈশ্বৰক কিয় তুচ্ছ বুলি ভাৱে? তেওঁলোকে কিয় মনে মনে ভাৱে যে, “তেওঁ আমাৰ ওচৰত কোনো হিচাব নিবিচাৰিব?”
14. কিন্তু, হে ঈশ্বৰ, তুমি হ’লে দেখা পোৱা; অৱশ্যেই তুমি দুখ-কষ্ট আৰু সঙ্কটলৈ চকু দিয়া, তুমি তোমাৰ হাতেৰেই ইয়াৰ ব্যৱস্থা ল’ব পাৰা; অসহায়জনে তোমাৰ ওচৰতে নিজক সমৰ্পণ কৰে; তুমিয়েইতো অনাথক সহায় কৰোঁতা জনা
15. দুষ্ট আৰু অসৎ লোকৰ ক্ষমতাৰ বাহু তুমি ভাঙি পেলোৱা; তেওঁলোকৰ সকলো অন্যায় কার্যৰ শেষ পর্যন্ত হিচাব বিচাৰ কৰা।
16. যিহোৱা চিৰকালৰ ৰজা; তেওঁৰ দেশৰ পৰা জাতিবোৰ ধ্বংস হৈ যাব।
17. হে যিহোৱা, নম্ৰ লোকৰ অন্তৰৰ ইচ্ছাৰ কথা তুমি শুনিবা; তুমি তেওঁলোকৰ হৃদয়ত সাহস দিবা, তুমি তেওঁলোকৰ প্রার্থনালৈ কাণ দিবা;
18. এই পৃথিৱীৰ লোকে তেওঁলোকক যেন পুনৰ ভয় দেখুৱাব নোৱাৰিব; তাৰবাবে তুমিয়েই অনাথ আৰু নির্য্যাতিত লোকসকলৰ পক্ষত থিয় হ’ব পাৰা।

প্রবচন 4:7-9
7. প্ৰজ্ঞা হৈছে অতি গুৰুত্বপূৰ্ণ বিষয়, সেয়ে প্ৰজ্ঞা অৰ্জন কৰা; আৰু তুমি অৰ্জন কৰা প্রজ্ঞাক সকলোতে ব্যৱহাৰ কৰা, তাতে তুমি বিবেচনা শক্তি লাভ কৰিবা।
8. প্রজ্ঞাক সস্নেহে প্রতিপালন কৰা, তেওঁ তোমাক উচ্চ স্হানত স্হাপন কৰিব; তুমি তেওঁক আঁকোৱালি ধৰিলে, তেওঁ তোমাক আদৰ কৰিব।
9. তেওঁ তোমাৰ মুৰত সন্মানীয় মালা দিব, তেওঁ তোমাক এটা সুন্দৰ মুকুট দিব।”

মথি 14:1-21
1. সেই সময়ত গালীলৰ শাসনকর্তা হেৰোদে যীচুৰ সুখ্যাতিৰ বিষয়ে শুনিলে।
2. তেওঁ নিজৰ দাস সকলক ক’লে, “এই লোক জন নিশ্চয় যোহন বাপ্তাইজক; তেওঁ মৃত সকলৰ মাজৰ পৰা উঠিল আৰু সেই বাবে এই সকলো পৰাক্ৰম কাৰ্য সাধন কৰিছে।
3. কিয়নো হেৰোদে লোক সকলৰ দ্বাৰাই যোহনক বান্ধি কাৰাগাৰত বন্দী কৰি ৰাখিছিল। তেওঁ নিজৰ ভায়েক ফিলিপৰ ভার্যা হেৰোদিয়াক ভাৰ্যা ৰাখিছিল আৰু তেওঁৰ কাৰণে এইদৰে বন্দী কৰিছিল।
4. কাৰণ যোহনে হেৰোদক কৈছিল, “হেৰোদিয়াক আপুনি ভার্যা হিচাপে ৰখা বিধান সন্মত নহয়।”
5. সেয়ে হেৰোদে যোহনক বধ কৰিবলৈ চল বিচাৰি আছিল, কিন্তু তেওঁ লোক সকললৈ ভয় কৰিছিল, কাৰণ তেওঁলোকে যোহনক এজন ভাববাদীৰূপে মান্য কৰিছিল।
6. পাছত হেৰোদৰ জন্ম দিনৰ দিনা, হেৰোদিয়াৰ জীয়েকে সভাৰ মাজত নাচি হেৰোদক সন্তুষ্ট কৰিলে।
7. সেয়েহে, হেৰোদে তাইক শপত খাই প্রতিজ্ঞা কৰিলে যে, তাই যিহকে বিচাৰিব তাকে তেওঁ তাইক দিব।
8. ছোৱালী জনীয়ে মাকৰ পৰা পৰামর্শ পাই ক’লে, “এখন থালত বাপ্তাইজক যোহনৰ মূৰটো আনি মোক দিয়ক।”
9. তাতে ৰজা অতিশয় দুঃখিত হ’ল; কিন্তু নিজৰ শপতৰ কাৰণে আৰু তেওঁৰে সৈতে একেলগে ভোজনত বহা সকলৰ কাৰণেও, তেওঁ সেই মতে কৰিবলৈ আজ্ঞা দিলে।
10. তেওঁ মানুহ পঠাই কাৰাগাৰত যোহনৰ শিৰচ্ছেদ কৰালে।
11. পাছত মূৰটো এখন থালত আনি ছোৱালী জনীক দিলে আৰু তাই সেইটো মাকৰ ওচৰলৈ লৈ গ’ল।
12. তাৰ পাছত যোহনৰ শিষ্য সকলে আহি মৃতদেহটো লৈ গৈ মৈদাম দিলে আৰু পাছত তেওঁলোকে গৈ সেই সকলো কথা যীচুক জনালে।
13. যোহনৰ মৃত্যুৰ কথা শুনি যীচু অকলে এখন নাৱত উঠি সেই ঠাইৰ পৰা কোনো এক নিৰ্জন ঠাইলৈ গ’ল। কিন্তু লোক সকলে ইয়াকে জানিব পাৰি বিভিন্ন নগৰৰ পৰা ওলাই বামেদি খোজকাঢ়ি তেওঁৰ পাছ ল’লে।
14. তেওঁ নাৱৰ পৰা নামি মানুহৰ বৃহৎ দলটো দেখা পাই তেওঁলোকৰ আগলৈ আহিল। তাতে সেই লোক সকললৈ যীচুৰ মৰম লগাত তেওঁলোকৰ ৰোগবোৰ সুস্থ কৰিলে।
15. তেতিয়া গধূলি হবলৈ ধৰিছিল, শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি ক’লে, “এই ঠাই নিৰ্জন আৰু দিনৰ সময়ো প্ৰায় শেষ হ’ল; লোক সকলক বিদায় দিয়ক, তেতিয়া তেওঁলোকে গাওঁবোৰলৈ গৈ নিজৰ কাৰণে খোৱা বস্তু কিনিব পাৰিব।”
16. যীচুৱে তেওঁলোকক ক’লে, “তেওঁলোক যোৱাৰ প্ৰয়োজন নাই। তোমালোকেই তেওঁলোকক খাবলৈ দিয়া।”
17. শিষ্য সকলে তেওঁক ক’লে, “আমাৰ ইয়াত কেৱল পাঁচটা পিঠা আৰু দুটা মাছহে আছে।”
18. যীচুৱে ক’লে, “সেইখিনিয়ে মোৰ ওচৰলৈ আনা।”
19. পাছত তেওঁ লোক সকলক বনৰ ওপৰত বহিবলৈ আদেশ দিলে। তাৰ পাছত সেই পাঁচোটা পিঠা আৰু দুটা মাছ লৈ তেওঁ স্বৰ্গলৈ চাই আশীৰ্বাদ কৰিলে। তাৰ পাছত পিঠা খিনি ভাঙি শিষ্য সকলক দিলে আৰু শিষ্য সকলে সেইবোৰ লোক সকলক খাবলৈ দিলে।
20. তাতে সকলোৱে খাই তৃপ্ত হ’ল; খোৱাৰ পাছত শিষ্য সকলে ৰৈ যোৱা সেই ভঙা টুকুৰাবোৰৰ বাৰটা পাচি তুলি ল’লে।
21. তাত ভোজন কৰা মানুহৰ মাজত মহিলা আৰু সৰু ল’ৰা-ছোৱালীক বাদ দি পুৰুষ মানুহ প্ৰায় পাঁচ হাজাৰ মান আছিল।