A A A A A
एक साल में बाइबल
जनवरी 18

আদিপুস্তক 35:1-29
1. তাৰ পাছত ঈশ্বৰে যাকোবক ক’লে, “উঠা, তুমি এতিয়া বৈৎএললৈ গৈ তাত নিবাস কৰাগৈ আৰু তুমি তোমাৰ ককাই এচৌৰ আগৰ পৰা পলাই যোৱা সময়ত, যিজন সৰ্বশক্তিমান ঈশ্বৰে তোমাক দৰ্শন দিছিল, সেই ঈশ্বৰৰ উদ্দেশ্যে তাত এটা যজ্ঞবেদি নিৰ্ম্মাণ কৰাগৈ।”
2. তেতিয়া যাকোবে নিজৰ পৰিয়াল আৰু তেওঁৰ লগৰ সকলো লোকক ক’লে, “তোমালোকৰ মাজত বিদেশৰ যিবোৰ দেৱ-দেৱী আছে, সেইবোৰ দূৰ কৰা আৰু নিজকে শুচি কৰি আন কাপোৰ পিন্ধা।
3. তাৰ পাছত, ব’লা আমি বৈৎএললৈ যাওঁহঁক; তাত ঈশ্বৰৰ উদ্দেশ্যে এটা যজ্ঞবেদি নির্ম্মাণ কৰিম, যিজনা ঈশ্বৰে মোৰ দুখৰ সময়ত মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিছিল আৰু মই যোৱা বাটত মোৰ সংগত আছিল।”
4. তেতিয়া তেওঁলোকৰ হাতত বিদেশৰ যিমানবোৰ দেৱ-দেৱী আছিল যাকোবক দিলে। তাৰ লগতে কাণৰ কুণ্ডলবোৰো যাকোবক দিলে; যাকোবে সেই সকলোকে লৈ চিখিম নগৰৰ ওচৰত ওচৰৰ এলা গছজোপাৰ ত’লতে পুতি থলে।
5. পাছত তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোক যোৱাৰ পথত ঈশ্বৰে চাৰিওফালৰ নগৰৰ মাজত এনে এক ভয়ৰ সৃষ্টি কৰিলে যাৰ ফলত সেই লোকসকলে যাকোবৰ পুত্রসকলৰ পাছত খেদি নগ’ল।
6. এইদৰে যাকোব আৰু তেওঁৰ লগত থকা আনসকলো কনান দেশৰ লুজ নগৰ অৰ্থাৎ বৈৎএল গৈ পালে।
7. তেওঁ তাত এটা যজ্ঞবেদি নিৰ্মাণ কৰিলে। তেওঁ সেই ঠাইৰ নাম এল বৈৎএল ৰাখিলে, কিয়নো, তেওঁ নিজৰ ককায়েকৰ ওচৰৰ পৰা পলাই অহাৰ সময়ত, ঈশ্বৰে সেই ঠাইতে তেওঁক দৰ্শন দিছিল।
8. ইতিমধ্যে ৰিবেকাৰ ধাত্রী দবোৰাৰ মৃত্যু হ’ল। তেওঁক বৈৎএলৰ ওচৰত থকা এজোপা ওক গছৰ তলত মৈদাম দিয়া হ’ল; সেই কাৰণে সেই ঠাইৰ নাম অল্লোন-বাখুৎ হ’ল।
9. পদ্দন-অৰামৰ পৰা যাকোব উভটি অহাৰ পাছত, ঈশ্বৰে তেওঁক পুনৰায় দৰ্শন দি আশীৰ্ব্বাদ কৰিলে।
10. ঈশ্বৰে তেওঁক ক’লে, “তোমাৰ নাম হৈছে যাকোব, কিন্তু তোমাক আৰু যাকোব বুলি মতা নহ’ব; তোমাৰ নাম হ’ব ইস্ৰায়েল।” এইদৰে ঈশ্বৰে তেওঁৰ নাম ইস্ৰায়েল ৰাখিলে।
11. ঈশ্বৰে তেওঁক আৰু ক’লে, “ময়েই সৰ্ব্বশক্তিমান ঈশ্বৰ; তুমি বহুবংশ হৈ বাঢ়ি বাঢ়ি যোৱা; তোমাৰ পৰা এক জাতি, এনে কি, জাতি সমূহৰ এক সমাজ গঠন হ’ব; তোমাৰ বংশত অনেক ৰজাসকলৰ জন্ম হ’ব।
12. মই অব্ৰাহাম আৰু ইচহাকক দিয়া দেশ তোমাক আৰু তোমাৰ পাছত তোমাৰ ভাবী-বংশকো দিম।”
13. ঈশ্বৰে তেওঁৰে সৈতে কথা বতৰা হোৱা ঠাইতে তেওঁক এৰি ওপৰলৈ উঠি গ’ল।
14. যাকোবে তেওঁৰে সৈতে কথা বতৰা হোৱা সেই ঠাইতে এটা শিলৰ স্তম্ভ স্থাপন কৰিলে আৰু তাৰ ওপৰত পেয় নৈবেদ্য উৎসর্গ কৰিলে। তেওঁ তাৰ ওপৰত তেলো ঢালি দিলে।
15. ঈশ্বৰে সৈতে কথা বতৰা হোৱা সেই ঠাইৰ নাম যাকোবে বৈৎএল ৰাখিলে।
16. তাৰ পাছত যাকোব আৰু তেওঁৰ লোকসকলে বৈৎএলৰ পৰা যাত্ৰা কৰিলে। তেওঁলোকে ইফ্ৰাথ পাবলৈ কিছু বাট থাকোঁতেই ৰাহেলৰ প্ৰসৱ-বেদনা আৰম্ভ হ’ল আৰু তেওঁ বৰকৈ কষ্ট পাবলৈ ধৰিলে।
17. প্ৰসৱৰ কালত তেওঁৰ বেদনা যেতিয়া ভীষণ বাঢ়ি গ’ল, তেতিয়া ধাত্ৰীয়ে তেওঁক ক’লে, “ভয় নকৰিবা; কিয়নো এইবাৰো আপোনাৰ এটি পুত্ৰ সন্তান হ’ব।”
18. কিন্তু ৰাহেলৰ মৃত্যু হ’ল। প্ৰাণত্যাগ কৰাৰ সময়ত তেওঁ সেই পুত্ৰৰ নাম বিন-ওনী ৰাখিলে; কিন্তু তাৰ বাপেকে হ’লে তাৰ নাম বিন্যামীন ৰাখিলে।
19. ৰাহেলৰ মৃত্যু হোৱাৰ পাছত ইফ্ৰাথ অৰ্থাৎ বৈৎলেহেমলৈ যোৱা বাটৰ ওচৰতে তেওঁক মৈদাম দিলে।
20. যাকোবে তেওঁৰ মৈদামৰ ওপৰত এটা স্তম্ভ স্থাপন কৰিলে; সেয়া আজিও ৰাহেলৰ মৈদামৰ চিহ্ন হিচাবে সেই ঠাইত আছে।
21. তাৰ পাছত ইস্ৰায়েলে তাৰ পৰা আকৌ যাত্ৰা কৰিলে। তেওঁ মিকদল-এদৰ নামৰ ঠাইখন এৰি আগবাঢ়ি গৈ তেওঁৰ তম্বু তৰিলে।
22. ইস্ৰায়েলে সেই দেশত নিবাস কৰা সময়ত ৰূবেণে তেওঁৰ বাপেকৰ উপপত্নী বিলহাৰ লগতে শয়ন কৰিলে; সেই কথা ইস্ৰায়েলৰ কাণত পৰিল। যাকোবৰ পুত্ৰ আছিল বাৰজন।
23. লেয়াৰ গর্ভত যাকোবৰ জেষ্ঠ্য পুত্ৰ ৰূবেণৰ জন্ম হৈছিল। তাৰ পাছত চিমিয়োন, লেবী, যিহূদা, ইচাখৰ আৰু জবূলূনৰ জন্ম হৈছিল।
24. ৰাহেলৰ গর্ভত তেওঁৰ পুত্র যোচেফ আৰু বিন্যামীন।
25. ৰাহেলৰ দাসী বিলহাৰ গর্ভত তেওঁৰ পুত্র দান আৰু নপ্তালী।
26. লেয়াৰ দাসী জিল্পাৰ গর্ভত তেওঁৰ পুত্র গাদ আৰু আচেৰ। এইসকলেই হৈছে পদ্দন-অৰামত জন্মা যাকোবৰ পুত্ৰ।
27. শেষত যাকোব কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণৰ ওচৰৰ মম্ৰি নগৰত তেওঁৰ পিতৃ ইচহাকৰ ওচৰলৈ আহিল। এই ঠাইতে অব্ৰাহাম আৰু ইচহাকে বাস কৰিছিল।
28. ইচহাক এশ আশী বছৰ জীয়াই আছিল।
29. ইচহাকে এক পৰিপূর্ণ আয়ুস কটাই বৃদ্ধ হৈ মৃত্যু বৰণ কৰি তেওঁৰ পূর্বপুৰুষসকলৰ ওচৰলৈ গ’ল; তাতে তেওঁৰ পুত্ৰ এচৌ আৰু যাকোবে তেওঁক মৈদাম দিলে।

আদিপুস্তক 36:1-43
1. এচৌ অর্থাৎ যিজনক ইদোম বোলা হয়, তেওঁৰ বংশৰ তালিকা হৈছে এনেদৰে।
2. এচৌৱে কনানীয়া ছোৱালীবোৰক বিয়া কৰিছিল। সেই ছোৱালীবোৰ হৈছে হিত্তীয়া এলোনৰ জীয়েক আদা; হিব্বীয়া চিবিয়োনৰ নাতিনীয়েক অর্থাৎ অনাৰ জীয়েক অহলীবামা।
3. আৰু ইশ্মায়েলৰ জীয়েক নবায়োতৰ ভনীয়েক বাচমতকো বিয়া কৰিছিল।
4. এইসকলৰ মাজত আদাই এচৌলৈ ইলীফজ আৰু বাচমতে ৰূৱেলক প্রসৱ কৰিলে;
5. অহলীবামাৰ ঔৰসত যিয়ূচ, যালম, আৰু কোৰহৰ জন্ম হ’ল; কনান দেশত এচৌৰ এই সকলো পুত্রৰে জন্ম হ’ল।
6. পাছত এচৌৱে তেওঁৰ ভার্য্যাসকলক, ল’ৰা-ছোৱালীক আৰু তেওঁৰ ঘৰৰ আন সকলোৰে লগত তেওঁৰ পশুধন অর্থাৎ মেৰ-ছাগ, ছাগলী, গৰু আদি অন্যান্য পশু আৰু কনান দেশত উপাৰ্জন কৰা সকলো সম্পত্তিকে লৈ তেওঁ ভায়েক যাকোবৰ ওচৰৰ পৰা আন এক দেশলৈ গুছি গ’ল।
7. এচৌ আৰু যাকোবৰ ধন-সম্পদ ইমান বেছি হ’ল যে তেওঁলোকৰ পক্ষে একেলগে বাস কৰাটো সম্ভৱ নহ’ল; কিয়নো তেওঁলোক যি ঠাইত আছিল সেই ঠাইত তেওঁলোকৰ পশুৰ জাকবোৰ চৰাবলৈ যথেষ্ট ঠাইৰ অভাৱ আছিল।
8. সেয়ে এচৌৱে চেয়ীৰৰ পাহাৰীয়া এলেকাত গৈ স্থায়ীভাৱে বাস কৰিবলৈ ধৰিলে; সেই এচৌৰ আন এটা নাম আছিল ইদোম।
9. চেয়ীৰৰ পাহাৰীয়া এলেকাত ইদোমীয়াসকলৰ ওপৰপিতৃ এচৌৰ বংশৰ তালিকা হৈছে এনেধৰণৰ।
10. এচৌৰ পুত্রসকলৰ নাম ইলীফজ আৰু ৰূৱেল। ইলীফজ আদাৰ পুত্ৰ আৰু ৰূৱেল এচৌৰ বাচমতৰ পুত্ৰ।
11. ইলীফজৰ পুত্ৰসকল হ’ল তৈমন, ওমাৰ, চফো, গয়িতম আৰু কনজ।
12. এচৌৰ পুত্ৰ ইলীফজৰ তিম্না নামেৰে এজনী উপপত্নী আছিল। তেওঁৰ গর্ভত অমালেকৰ জন্ম হ’ল; এই সকলোৱেই এচৌৰ ভার্য্যা আদাৰ পো-নাতি।
13. ৰূৱেলৰ পুত্ৰসকল হ’ল নহৎ, জেৰহ, চম্মা আৰু মিজ্জা; এই সকলোৱেই এচৌৰ ভার্য্যা বাচমতৰ পো-নাতি।
14. চিবিয়োনৰ নাতিনী অর্থাৎ অনাৰ জীয়েক আৰু এচৌৰ ভার্য্যা অহলীবামাই এচৌলৈ প্রসৱ কৰা পুত্ৰসকল হ’ল যিয়ূচ, যালম আৰু কোৰহ।
15. এচৌৰ বংশৰ সন্তান সকলৰ মাজত এইসকলেই অধিপতি হৈছিল - এচৌৰ জ্যেষ্ঠ পুত্ৰ ইলীফজৰ বংশৰ পৰা হোৱা অধিপতিসকল হ’ল- তৈমন, ওমাৰ, চফো, কনজ অধিপতি।
16. কোৰহ, গয়িতম, অমালেক অধিপতি; ইলীফজৰ বংশৰ পৰা, ইদোম দেশত এওঁলোকেই অধিপতি হ’ল। এইসকল আদাৰ পো-নাতি আছিল।
17. এচৌৰ পুত্ৰ ৰূৱেলৰ বংশৰ পৰা হোৱা অধিপতিসকল হ’ল: নহৎ, জেৰহ, চম্মা আৰু মিজ্জা; ৰূৱেলৰ বংশৰ পৰা ইদোম দেশত এওঁলোক অধিপতি হ’ল। এইসকল এচৌৰ ভার্য্যা বাচমতৰ পো-নাতি আছিল।
18. এচৌৰ ভার্য্যা অহলীবামাৰ বংশত এইসকল অধিপতি হ’ল: যিয়ূচ, যালম আৰু কোৰহ; অনাৰ জীয়েক এচৌৰ ভার্য্যা অহলীবামাৰ বংশৰ পৰা এইসকলেই অধিপতি হৈছিল।
19. এওঁলোকেই এচৌ অর্থাৎ ইদোমৰ সন্তান আৰু তেওঁলোকই নিজৰ বংশৰ অধিপতি আছিল।
20. সেই ঠাইৰ বাসিন্দা হোৰীয়া চেয়ীৰৰ সন্তান সকলৰ নাম লোটন, চোবল, চিবিয়োন, অনা,
21. দিচোন, এচৰ আৰু দীচন। ইদোমত চেয়ীৰৰ এইসকল সন্তানেই হোৰীয়া বংশৰ অধিপতি হ’ল।
22. লোটনৰ পুত্রসকলৰ নাম হোৰী আৰু হেমম; লোটনৰ ভনীয়েকৰ নাম তিম্না।
23. চোবলৰ পুত্রসকলৰ নাম: অলবন, মানহৎ, এবল, চফো, আৰু ওনম।
24. চিবিয়োনৰ পুত্রসকলৰ নাম: অয়া আৰু অনা; এই অনাই পিতৃ চিবিয়োনৰ গাধ চৰাওঁতে মৰুপ্রান্তৰৰ মাজত গৰম পানীৰ জুৰি পালে।
25. এই অনাৰ পুত্ৰৰ নাম দীচন আৰু জীয়েকৰ নাম অহলীবামা।
26. দীচনৰ পুত্ৰসকলৰ নাম হিমদন, ইচবন, যিত্ৰন আৰু কৰান।
27. এচৰৰ পুত্ৰ বিলহন, জাবন, আৰু অকন।
28. দীচনৰ পুত্ৰ উচ আৰু অৰান।
29. হোৰীয়াৰ অধিপতিসকলৰ নাম আছিল: লোটন, চোবল, চিবিয়োন, অনা,
30. দিচোন, এচৰ আৰু দীচন; এইসকলেই চেয়ীৰ দেশত বংশৰ তালিকা অনুসাৰে হোৰীয়া জাতিৰ অধিপতি আছিল।
31. ইস্ৰায়েলীসকলৰ মাজত কোনো ৰজাই ৰাজত্ব কৰাৰ আগতে, ইদোম দেশত যি সকল ৰজাই ৰাজত্ব কৰিছিল, তেওঁলোক হ’ল:
32. বিয়োৰৰ পুত্ৰ বিলাই ইদোমত ৰাজত্ব কৰিছিল; তেওঁৰ নগৰৰ নাম আছিল দিনহাবা।
33. বিলাৰ মৃত্যুৰ পাছত তেওঁৰ ঠাইত বস্ৰা নগৰৰ জেৰহৰ পুত্ৰ যোববে ৰাজত্ব কৰিছিল।
34. যোববৰ মৃত্যুৰ পাছত তেওঁৰ ঠাইত তৈমনীয়াসকলৰ দেশৰ হূচমে ৰাজত্ব কৰিছিল।
35. হূচমৰ মৃত্যুৰ পাছত তেওঁৰ ঠাইত বদদৰ পুত্র হদদে ৰাজত্ব কৰিছিল। তেওঁ মোৱাব দেশত মিদিয়নীয়সকলক পৰাজয় কৰিছিল; তেওঁৰ নগৰৰ নাম আছিল অবীৎ।
36. যেতিয়া হদদৰ মৃত্যু হ’ল, তেতিয়া তেওঁৰ ঠাইত মস্ৰেকাৰ চম্নাই ৰাজত্ব কৰিছিল।
37. চম্নাৰ মৃত্যু হ’লত, তেওঁৰ ঠাইত ফৰাৎ নদীৰ ওচৰৰ ৰহোবোতীয়া চৌলে ৰাজত্ব কৰিছিল।
38. চৌলৰ মৃত্যু পাছত তেওঁৰ ঠাইত অকবোৰৰ পুত্ৰ বাল-হাননে ৰাজত্ব কৰিছিল।
39. অকবোৰৰ পুত্ৰ বাল-হাননৰ মৃত্যু পাছত তেওঁৰ ঠাইত হদৰে ৰাজত্ব কৰিছিল; তেওঁৰ নগৰৰ নাম পাউ আছিল; তেওঁৰ ভাৰ্যাৰ নাম আছিল মহেটবেল। তেওঁ মট্ৰেদৰ জীয়েক আৰু মে-জাহবৰ নাতিনীয়েক।
40. এচৌৰ বংশৰ যি সকল লোক অধিপতি আছিল, সেইসকলৰ নাম: তিম্না, অলবা, যিথেৎ,
41. অহলীবামা, এলা, পীনোন,
42. কনজ, তৈমন, মিবচৰ,
43. মগ্দীয়েল আৰু ঈৰম; এওঁলোক আছিল ইদোমীয়সকলৰ পূর্বপুৰুষ এচৌৰ বংশৰ লোক ইদোমৰ অধিপতি। দেশৰ যিবোৰ ঠাইত তেওঁলোকে বাস কৰিছিল, তেওঁলোকৰ নাম অনুসাৰে সেই সকলো ঠাইৰ নাম দিয়া হৈছিল।

সামসঙ্গীত 9:6-10
6. শত্রুবোৰ চিৰদিনৰ কাৰণে ধ্বংসৰ ভগ্নাৱশেষৰ দৰে হ’ল; তাৰ নগৰবোৰ তুমি উভালি পেলালা, সেইবোৰৰ নাম তুমি মচি পেলালা।
7. কিন্তু যিহোৱাই চিৰকাল ৰাজত্ব কৰে; তেওঁ সোধ-বিচাৰৰ কাৰণে নিজৰ সিংহাসন স্থাপন কৰিছে।
8. তেওঁ ধার্মিকতাৰে জগতৰ বিচাৰ কৰে, তেওঁ সৎভাৱে জাতিবোৰৰ শাসন কৰে।
9. উপদ্ৰৱ পোৱাসকলৰ কাৰণে যিহোৱা উচ্চ দুৰ্গস্বৰূপ হ’ব; তেওঁলোকৰ সংকটৰ সময়ত তেওঁ দুর্গ হয়।
10. যিসকলে তোমাক জানে, তেওঁলোকে যেন তোমাত ভাৰসা ৰাখে, কিয়নো হে যিহোৱা, যিসকলে তোমাক বিচাৰে, তেওঁলোকক তুমি পৰিত্যাগ নকৰা।

প্রবচন 3:27-30
27. তোমাৰ উপকাৰ কৰিবৰ সমৰ্থ থাকিলে, যিসকলক উপকাৰৰ প্রয়োজন, তেওঁলোকক উপকাৰ নকৰাকৈ নাথাকিবা।
28. যেতিয়া তোমাৰ হাতত ধন থাকে, তেতিয়া ওচৰ চুবুৰীয়াক “যোৱা, পুনৰ আহিবা, মই কাইলৈ তোমাক দিম,” এইদৰে নক’বা
29. যি জনে তোমাক বিশ্বাস কৰে আৰু তোমাৰ ওচৰত থাকে, সেই ওচৰ চুবুৰীয়াক অনিষ্ট কৰিবলৈ পৰিকল্পনা নকৰিবা।
30. তেওঁ যেতিয়া তোমাৰ কোনো অনিষ্ট নকৰে, তেতিয়া তেওঁৰ লগত বিনা কাৰণত তৰ্ক নকৰিবা।

মথি 12:22-50
22. সেই সময়ত মানুহ কিছুমানে ভূতে পোৱা মানুহ এজনক যীচুৰ ওচৰলৈ লৈ আহিল। মানুহ জন অন্ধ আৰু বোবা আছিল। যীচুৱে তেওঁক সুস্থ কৰাত সেই বোবাই কথা ক’লে আৰু দৃষ্টিও পালে।
23. তাতে সকলো লোকে বিস্ময় মানি ক’লে, “এই মানুহ দায়ুদৰ বংশধৰ হ’ব পাৰে নে?”
24. ফৰীচী সকলে যীচুৰ এই আচৰিত কার্যৰ কথা শুনি ক’লে, “এই মানুহে ভূতবোৰৰ ৰজা বেলচবূবৰ সহায় অবিহনে ভূতক নেখেদায়।”
25. কিন্তু যীচুৱে ফৰীচী সকলৰ মনৰ ভাব বুজিব পাৰি তেওঁলোকক ক’লে, “যি ৰাজ্য নিজৰ মাজতে বিবাদ কৰি ভাগ ভাগ হয়, সেই ৰাজ্য ধ্বংস হয় আৰু যি নগৰ বা পৰিয়াল নিজৰ মাজতে বিবাদত লিপ্ত হৈ বিভক্ত হয়, সেই নগৰ বা পৰিয়াল বর্তি নাথাকিব।
26. চয়তানে যদি চয়তানকে খেদায়, তেনেহলে সি নিজৰ মাজতে ভাগ ভাগ হয়; তেতিয়া তাৰ ৰাজ্য কেনেকৈ বর্তি থাকিব?
27. মই যদি বেলচবূবৰ শক্তিৰ সহায়ত ভূতৰ আত্মা খেদাও, তেনেহলে আপোনালোকৰ অনুগামী সকলে কি শক্তিৰ সহায়ত সিহঁতক খেদায়? গতিকে আপোনালোকৰ অনুগামী সকলে আপোনালোকক সঠিক কথা কৈছে নে নাই বিচাৰ কৰিব।
28. কিন্তু মই যদি ঈশ্বৰৰ আত্মাৰ দ্বাৰাই ভূতৰ আত্মাবোৰক খেদাও, তেনেহলে জানিব যে, ঈশ্বৰৰ ৰাজ্য অৱশ্যেই আপোনালোকৰ ওচৰ আহি পালে।
29. বলৱান জনক প্ৰথমে নাবান্ধিলে কোনোবাই জানো তেওঁৰ ঘৰত সোমাই বস্তু লুট কৰিব পাৰে? বলৱান জনক বন্দী কৰাৰ পাছতহে তেওঁৰ ঘৰৰ সকলো বস্তু তেওঁ লুট কৰিব পাৰিব।
30. যি জন মোৰ পক্ষত নহয়, তেওঁ মোৰ বিপক্ষ; আৰু যি জনে মোৰ সৈতে নচপায়, তেওঁ সিচিঁ পেলায়।
31. এই হেতুকে মই আপোনালোকক কওঁ, মানুহৰ সকলো পাপ আৰু ঈশ্বৰক কৰা নিন্দা ক্ষমা হ’ব, কিন্তু পবিত্র আত্মাৰ বিৰুদ্ধে কোৱা কোনো নিন্দাজনক কথা ক্ষমা কৰা নহ’ব।
32. মানুহৰ পুত্ৰৰ বিৰুদ্ধে কোনোৱে কথা ক’লে, তেওঁক ক্ষমা কৰা হ’ব, কিন্তু কোনোৱে পবিত্ৰ আত্মাৰ বিৰুদ্ধে কথা ক’লে তেওঁক ইহলোকত বা পৰলোকতো ক্ষমা কৰা নহব।
33. গছ ভাল হ’লে ফল ভাল হয় আৰু গছ বেয়া হ’লে ফল বেয়া হয়। কিয়নো এজোপা গছক তাৰ ফল দেখি চিনিব পাৰি।
34. সৰ্পৰ বংশধৰ সকল! নিজে বেয়া হৈ কেনেকৈ আপোনালোকে ভাল কথা ক’ব পাৰিব? মানুহৰ মন যি কথাৰে পূর্ণ থাকে, মুখে সেই কথাকে কয়।
35. ভাল মানুহে তেওঁৰ অন্তৰত ভৰি থকা ভাল সঞ্চয়ৰ পৰা ভাল কথা উলিয়ায় আৰু বেয়া মানুহে তেওঁৰ অন্তৰত ভৰি থকা বেয়া সঞ্চয়ৰ পৰা বেয়া কথা উলিয়ায়।
36. কিন্তু মই আপোনালোকক কওঁ, লোক সকলে যিবোৰ অনৰ্থক কথা কয়, সোধ-বিচাৰৰ দিনা প্রত্যেকটো কথাৰ হিচাব তেওঁলোকে দিব লাগিব।
37. কিয়নো আপোনাৰ নিজৰ কথাৰ দ্বাৰাই আপুনি নিৰ্দ্দোষী বুলি প্ৰমাণিত হব আৰু আপোনাৰ নিজৰ কথাৰ দ্বাৰাই আপোনাক দোষী বুলি প্ৰমাণিত কৰা হব।
38. তাৰ পাছত কেইজনমান বিধানৰ অধ্যাপক আৰু ফৰীচীয়ে যীচুক উত্তৰ দি ক’লে, “হে গুৰু, আমি আপোনাৰ পৰা চিন হিচাপে এটা পৰাক্ৰম কাৰ্য চাবলৈ ইচ্ছা কৰোঁ।”
39. কিন্তু যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “এই যুগৰ দুষ্ট আৰু ব্যভিচাৰী লোক সকলে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে; কিন্তু যোনা ভাববাদীৰ চিনৰ বাহিৰে আন কোনো চিন তেওঁলোকক দেখুওৱা নহব।
40. যোনা যেনেকৈ তিনি দিন তিনি ৰাতি ডাঙৰ মাছৰ পেটৰ ভিতৰত আছিল, তেনেকৈ মানুহৰ পুত্ৰও তিনি দিন তিনি ৰাতি মাটিৰ তলত থাকিব।
41. বিচাৰৰ দিনা এই কালৰ মানুহৰে সৈতে নীনবি নগৰৰ লোক সকল উঠি তেওঁলোকক দোষী কৰিব, কিয়নো নীনবিৰ লোক সকলে যোনাৰ প্রচাৰৰ ফলত মন-পালটন কৰিছিল। চাওক, ইয়াত যোনাতকৈয়ো অধিক মহান এজন আছে।
42. বিচাৰৰ দিনা এই কালৰ মানুহেৰে সৈতে দক্ষিণ দেশৰ ৰাণীয়ে উঠি তেওঁলোকক দোষী কৰিব, কিয়নো চলোমন ৰজাৰ জ্ঞানৰ কথা শুনিবলৈ তেওঁ পৃথিৱীৰ শেষ সীমাৰ পৰা আহিছিল। চাওক, ইয়াত চলোমনতকৈয়ো অধিক মহান এজন আছে।
43. যেতিয়া কোনো অশুচি আত্মা কোনো মানুহৰ পৰা বাহিৰ ওলায়, তেতিয়া সি জিৰণি বিচাৰি পানী নথকা শুকান ঠাইবোৰত ঘুৰি ফুৰে। কিন্তু সি যেতিয়া সেই ঠাই নাপায়;
44. তেতিয়া সি কয়, ‘যি ঘৰৰ পৰা ওলাই আহিলোঁ, পুনৰ মই সেই ঘৰলৈকে উলটি যাম।’ পাছত সি যেতিয়া ঘূৰি আহি দেখে, কোনোবাই সেই ঘৰ সৰাপোঁচা কৰি সকলো সজাই-পৰাই পৰিস্কাৰ কৰি থৈছে;
45. তেতিয়া সেই অশুচি আত্মাই গৈ নিজতকৈয়ো দুষ্ট আন সাতোটা ভূতৰ আত্মাক লগত লৈ আনে আৰু তাতে সোমাই বাস কৰে। তাতে সেই মানুহৰ প্ৰথম অৱস্থাতকৈ শেষ অৱস্থা অধিক বেয়া হৈ যায়। এই কালৰ দুষ্ট লোক সকলৰ অৱস্থাও তেনে হ’ব।”
46. যীচুৱে যেতিয়া লোক সকলৰ আগত কথা কৈ আছিল, তেতিয়া তেওঁৰ মাক আৰু ভায়েক সকলে আহি তেওঁৰ সৈতে কথা পাতিবৰ বাবে বাহিৰত থিয় হৈ অপেক্ষা কৰি আছিল।
47. তেনেতে কোনো এজন লোকে তেওঁক ক’লে, “চাওক, আপোনাৰ মা আৰু ভাই সকলে আপোনাৰ লগত কথা পাতিবৰ কাৰণে বাহিৰত থিয় হৈ আছে।”
48. যীচুৱে তেতিয়া সেই লোক জনক ক’লে, “কোন মোৰ মা নাইবা মোৰ ভাই সকলেই বা কোন?”
49. তাৰ পাছত তেওঁ নিজৰ হাত খন মেলি শিষ্য সকলৰ ফালে দেখুৱাই ক’লে, “এয়া চাওক, এওঁলোকেই মোৰ মা আৰু মোৰ ভাই সকল!
50. কাৰণ, যি কোনোৱে মোৰ স্বৰ্গত থকা পিতৃৰ ইচ্ছা পালন কৰে, তেওঁলোকেই মোৰ ভাই, ভনী আৰু মা।