A A A A A
एक साल में बाइबल
जनवरी 16

আদিপুস্তক 31:1-55
1. পাছত যাকোবে শুনিলে, লাবনৰ পুতেকহঁতে এই কথা কৈ ফুৰিছে যে “যাকোবে আমাৰ পিতৃৰ সকলোবোৰ লৈছে আৰু আমাৰ পিতৃৰ সম্পদৰ পৰাহে সি ইমান ঐশ্বৰ্য্যশালী হৈছে।”
2. যাকোবেও লক্ষ্য কৰিলে যে তেওঁৰ প্রতি লাবনৰ আগৰ সেই মনোভাৱ সলনি হৈছে।
3. তেতিয়া যিহোৱাই যাকোবক ক’লে, “তুমি তোমাৰ পূর্বপুৰুষসকলৰ দেশলৈ, নিজৰ আত্মীয়সকলৰ ওচৰলৈ উভটি যোৱা; মই তোমাৰ সঙ্গী হ’ম।”
4. তেতিয়া যাকোবে মানুহ পঠাই পথাৰত থকা নিজৰ জাকবোৰৰ ওচৰলৈ ৰাহেল আৰু লেয়াক মাতি আনিলে।
5. যাকোবে তেওঁলোকক ক’লে, “মই লক্ষ্য কৰিছোঁ মোৰ প্রতি তোমালোকৰ পিতৃৰ মনোভাৱ সলনি হৈছে, কিন্তু মোৰ পিতৃৰ ঈশ্বৰ হ’লে মোৰ সংগে সংগে আছে।
6. তোমালোকেতো জানাই যে মই মোৰ সকলো শক্তিৰে তোমালোকৰ পিতৃৰ সেৱা কার্য কৰিলোঁ।
7. তথাপিও তোমালোকৰ পিতৃয়ে মোক প্রতাৰনা কৰিলে আৰু মোৰ বেচ দহ বাৰকৈ সলনি কৰিলে। যিয়েই নহওঁক, ঈশ্বৰে মোৰ কোনো ক্ষতি কৰিবলৈ তেওঁক নিদিলে।
8. যেতিয়া তেওঁ কৈছিল, ‘ফুটুকা-ফুটুকী পশুবোৰ তোমাৰ বেচ হ’ব’, তেতিয়া জাকৰ সকলো পশুৱেই ফুটুকা-ফুটুকী পোৱালি জগালে; আকৌ, তেওঁ যেতিয়া কৈছিল, আঁচ থকা পশুবোৰ তোমাৰ বেচ হ’ব, তেতিয়া জাকৰ সকলো পশুৱেই আঁচ থকা পোৱালি জগালে।
9. এইদৰেই ঈশ্বৰে তোমালোকৰ পিতৃৰ পশুবোৰ নি মোক দিলে।
10. এবাৰ পশুবোৰ গাভিনী হোৱাৰ সময়ত মই এটা সপোন দেখিছিলোঁ। জাকৰ মাইকী ছাগলীবোৰৰ ওপৰত যিবোৰ মতা ছাগলী উঠিছে, সেই সকলোবোৰ আঁচ থকা, ফুটুকা-ফুটুকী আৰু পখৰা-পখৰী।
11. তেতিয়া সপোনতে ঈশ্বৰৰ দূতে মোক মাতিলে, ‘হে যাকোব।’ মই ক’লোঁ, ‘কওঁক, মই ইয়াতে আছোঁ।’
12. ঈশ্বৰে ক’লে, সৌৱা, চকু তুলি চোৱা, মাইকী ছাগলীবোৰৰ ওপৰত যিবোৰ মতা ছাগলী উঠিছে, সেইবোৰ আঁচ থকা, ফুটুকা-ফুটুকী আৰু পখৰা-পখৰী; কিয়নো লাবনে তোমালৈ যি যি কৰিছে, সেই সকলোকে মই দেখিছোঁ।
13. ময়েই বৈৎএলৰ সেই ঈশ্বৰ, যি ঠাইত তুমি স্তম্ভৰ ওপৰত তেল ঢালি মোৰ ওচৰত সঙ্কল্প কৰি প্ৰতিজ্ঞা কৰিছিলা। এতিয়া এই ঠাই এৰি তোমাৰ জন্মস্থানলৈ উলটি যোৱা।”
14. তাতে ৰাহেল আৰু লেয়াই তেওঁক ক’লে, “পিতৃৰ ঘৰত আমাৰ জানো কিবা ভাগ বা অধিকাৰ আছে?
15. তেওঁ আমাক বিদেশীনীৰূপে গণ্য হোৱা নাই নে? কিয়নো তেওঁ আমাক বেচিলে আৰু বেচি পোৱা ধনকো তেওঁ গ্ৰাস কৰিলে।
16. কাৰণ ঈশ্বৰে আমাৰ পিতৃৰ পৰা যি সকলো সম্পত্তি নিলে, সেই সকলোবোৰ এতিয়া নিশ্চয়ে আমাৰ আৰু আমাৰ সন্তান সকলৰ; গতিকে ঈশ্বৰে আপোনাক যি দৰে কৈছে আপুনি এতিয়া সেইদৰেই কৰক।”
17. তেতিয়া যাকোবে উঠি, তেওঁৰ সন্তান আৰু ভার্য্যা দুগৰাকীক উটত উঠালে।
18. তেওঁ পদ্দন-অৰামত উপাৰ্জিত নিজৰ পশুধনবোৰকে আদি কৰি সকলো সম্পত্তি লৈ যাত্রা আৰম্ভ কৰিলে। তেওঁ কনান দেশলৈ নিজৰ পিতৃ ইচহাকৰ ওচৰলৈ ৰাওনা হ’ল।
19. সেই সময়ত লাবনে তেওঁৰ মেৰ-ছাগবোৰৰ নোম কাটিবৰ কাৰণে গৈছিল আৰু সেই সুযোগতে ৰাহেলে তেওঁৰ বাপেকৰ গৃহ-দেৱতাবোৰ চুৰ কৰি নিলে।
20. যাকোবেও তেওঁৰ যোৱাৰ কথা অৰামীয়া লাবনক নজনাই তেওঁৰ প্রতি ছলনা কৰিলে।
21. এইদৰে যাকোবে নিজৰ সকলো বয়-বস্তু লৈ পলাই গ’ল। তেওঁ সোনকালেই নদী পাৰ হৈ গিলিয়দৰ পৰ্ব্বতীয়া অঞ্চলৰ ফালে আগবাঢ়ি গ’ল।
22. পাছত তৃতীয় দিনা লাবনে জানিব পাৰিলে যে যাকোব পলাই গ’ল।
23. তেওঁ নিজৰ আত্মীয়স্বজনক লগত লৈ যাকোবৰ পাছে পাছে খেদি গৈ সাত দিনৰ পথ গ’ল আৰু গিলিয়দৰ পৰ্ব্বতীয়া অঞ্চলত তেওঁক লগ পালে।
24. কিন্তু ঈশ্বৰে নিশা সপোনত অৰামীয়া লাবনৰ ওচৰলৈ আহি ক’লে, “সাৱধান, তুমি যাকোবক ভাল-বেয়া একোকে নক’বা।”
25. যাকোবৰ তম্বু পাহাৰৰ ওপৰত তৰা আছিল আৰু তাতেই লাবনে গৈ যাকোবক লগ ধৰিলে। লাবন আৰু তেওঁৰ আত্মীয়স্বজনসকলেও গিলিয়দৰ পাহাৰীয়া অঞ্চলত তম্বু তৰিলে।
26. পাছত লাবনে যাকোবক ক’লে, “তুমি এইয়া কি কৰিলা? কিয় মোক ঠগালা আৰু মোৰ ছোৱালীবোৰক যুদ্ধৰ বন্দীৰ দৰে লৈ আহিলা?
27. কিয় চালাকি কৰি মোক নোকোৱাকৈ মনে মনে পলাই আহিলা? মোক কোৱা হ’লে আনন্দেৰে মই খঞ্জৰী আৰু বীণা-বাদ্যেৰে গান কৰি কৰি তোমালোকক বিদায় দিলোঁহেঁতেন?
28. তুমি মোক মোৰ ছোৱালী আৰু নাতি-নাতিনীবোৰক বিদায় বেলাত চুমা খাবলৈকো নিদিলা। তুমি অজ্ঞানৰ দৰে কৰ্ম কৰিলা।
29. তোমালোকৰ ক্ষতি কৰিবৰ ক্ষমতা মোৰ আছে, কিন্তু যোৱা ৰাতি তোমাৰ পিতৃৰ ঈশ্বৰে মোক এই কথা ক’লে, ‘সাৱধান, যাকোবক তুমি ভাল কি বেয়া একোকে নক’বা।’
30. এতিয়া তুমি তোমাৰ পিতৃৰ ঘৰলৈ যাবলৈ ইচ্ছা কৰাৰ কাৰণে তুমি ওলাই গৈছা; কিন্তু মোৰ দেৱ-দেৱীবোৰক কিয় চুৰ কৰি আনিলা?”
31. তাতে যাকোবে উত্তৰত লাবনক ক’লে, “মোৰ ভয় লাগিছিল; কিয়নো মই ভাবিছিলোঁ যে আপুনি আপোনাৰ ছোৱালীক মোৰ পৰা বলেৰে কাঢ়ি ল’ব আৰু সেইবাবে মই গোপনে পলাই আহিলোঁ।
32. কিন্তু আপোনাৰ দেৱ-দেৱীবোৰক যেয়ে চুৰ কৰি আনিছে, সি জীয়াই নেথাকিব; আমাৰ বস্তুবোৰৰ মাজত যদি আপোনাৰ কিবা বস্তু আছে, তেন্তে আমাৰ উভয়ৰ আত্মীয়-স্বজনৰ সন্মুখতে তাক বিচাৰি লওঁক।” কিয়নো সেই দেৱ-দেৱীৰ মূর্তিবোৰ যে ৰাহেলে চুৰ কৰি আনিছিল, তাক যাকোবে জনা নাছিল।
33. তেতিয়া লাবনে এটা এটাকৈ যাকোব, লেয়া আৰু দুজনী দাসীৰ তম্বুত সোমাল, কিন্তু তাত তেওঁ সেইবোৰ নাপালে; তেওঁ লেয়াৰ তম্বুৰ পৰা ওলাই ৰাহেলৰ তম্বুত সোমালগৈ।
34. কিন্তু ৰাহেলে সেই মূর্তিবোৰ নি উটৰ গাদিৰ ভিতৰত সুমুৱাই থৈছিল আৰু তেওঁ নিজে সেই গাদিৰ ওপৰত বহি আছিল। লাবনে তম্বুৰ সকলো ঠাইতে তন্নতন্নকৈ বিচাৰিলে, কিন্তু তাতো সেইবোৰ নাপালে।
35. ৰাহেলে বাপেকক ক’লে, “মই আপোনাৰ আগত উঠি থিয় হ’ব নোৱাৰাৰ কাৰণে মোৰ প্ৰভু ক্রোধিত নহব। কিয়নো মোৰ মাহেকীয়া হৈছে।” সেয়ে লাবনে বিচাৰিলতো সেই মূর্তিবোৰ নাপালে।
36. তেতিয়া যাকোবৰ খং উঠিল আৰু লাবনৰ সৈতে বিবাদ কৰিবলৈ ধৰিলে। যাকোবে লাবনক ক’লে, “মোৰ অপৰাধেই বা কি আৰু মইনো কি পাপ কৰিলোঁ যে, আপুনি প্ৰজ্বলিত হৈ মোৰ পাছত খেদি আহিছে?
37. মোৰ সকলো বস্তু তন্নতন্নকৈ খেপিয়াই চাই আপোনাৰ ঘৰৰ কি বস্তু পালে? যদিহে পালে, তাক ইয়াত, আমাৰ উভয়ৰ আত্মীয়স্বজনৰ আগত ৰাখক যাতে তেওঁলোকে আমাৰ দুয়ো পক্ষৰে মাজত বিচাৰ কৰিব পাৰে।
38. মই আপোনাৰ লগত বিশ বছৰ ধৰি আছিলোঁ। এই কালছোৱাত আপোনাৰ কোনো মাইকী মেৰ-ছাগ বা ছাগলীৰ গর্ভফল বিনষ্ট হোৱা নাছিল নাইবা আপোনাৰ জাকৰ কোনো এটা মতা মেৰ-ছাগো মই মাৰি খোৱা নাছিলো।
39. এনেকি বন্য জন্তুৱে মৰা কোনো পশুও মই আপোনাৰ ওচৰলৈ অনা নাছিলো; সেই ক্ষতি মই নিজেই বহন কৰিছিলোঁ; কিন্তু কোনো পশু চুৰ হ’লে - সেইয়া দিনতেই হওঁক বা ৰাতিয়েই হওঁক, আপুনি তাৰ ক্ষতিপূৰণ মোৰ পৰা আদায় কৰিছিল।
40. মই দিনৰ গৰমত পুৰিছিলো আৰু ৰাতিৰ ঠাণ্ডাত কঁপিছিলো, মোৰ চকুত টোপনি নাছিল; তাত মোৰ অৱস্থা এয়ে আছিল।
41. এই যি বিশ বছৰ মই আপোনাৰ ঘৰত আছিলোঁ, তাৰ চৌদ্ধ বছৰ মই আপোনাৰ দুজনী ছোৱালীৰ কাৰণে আপোনাৰ সেৱা কৰিছিলোঁ আৰু ছয় বছৰ কটালোঁ আপোনাৰ পশুজাকৰ পাছত। তাৰ মাজতে আপুনি মোৰ বেচ দহবাৰ সলনি কৰিলে।
42. মোৰ পিতৃ ঈশ্বৰ, যিজন অব্ৰাহামৰ ঈশ্বৰ আৰু ইচহাকৰ ভয়ৰ পাত্র, তেওঁ মোৰ সঙ্গী নোহোৱা হলে, আপুনি নিশ্চয়ে মোক আজি শুদা-হাতেই বিদায় দিলেহেঁতেন। ঈশ্বৰে মোৰ দুখ আৰু কঠোৰ পৰিশ্ৰমলৈ দৃষ্টি কৰিলে। সেইবাবেই যোৱা ৰাতি তেওঁ আপোনাক ধমকি দিলে।”
43. এই কথাত লাবনে যাকোবক উত্তৰ দি ক’লে, “ছোৱালীকেইজনী মোৰেই ছোৱালী, সন্তানবোৰ মোৰ নাতি-নাতিনী আৰু এই পশুৰ জাকবোৰো মোৰ পশুৰ জাক। তুমি যি সকলো দেখিছা, সেই সকলোবোৰ মোৰেই। তথাপিও মই আজি মোৰ এই ছোৱালী বা সিহঁতৰ সন্তানবোৰলৈ কি কৰিব পাৰোঁ?
44. সেয়ে এতিয়া আহাঁ, আমি দুজনে এটি চুক্তি কৰোঁহক যি তোমাৰ আৰু মোৰ মাজত সাক্ষী হৈ থাকিব।”
45. তেতিয়া যাকোবে এটা শিল আনি তাক স্তম্ভস্বৰূপে স্থাপন কৰিলে।
46. যাকোবে তেওঁৰ আত্মীয়সকলক ক’লে “আপোনালোকে শিলবোৰ গোটাওক।” তেতিয়া তেওঁলোকে শিলবোৰ আনি এটা স্তূপ বনালে আৰু সকলোৱে সেই স্তূপৰ কাষতে ভোজনপান কৰিলে।
47. লাবনে সেই স্তূপৰ নাম যিগৰ-চাহদুথা ৰাখিলে; কিন্তু যাকোবে হ’লে, তাৰ নাম গলেদ ৰাখিলে।
48. তেতিয়া লাবনে ক’লে, “এই স্তূপেই আজি তোমাৰে মোৰে মাজত সাক্ষী হৈছে।” এই হেতুকে এই স্তূপৰ নাম গলেদ ৰখা হ’ল।
49. তাৰ উপৰি ইয়াৰ নাম মিস্পাও ৰখা হ’ল, কিয়নো লাবনে ক’লে, “আমি ইজনে সিজনে চকুৰ আঁতৰা-আঁতৰি হ’লে, যিহোৱাই তোমাৰ আৰু মোৰ মাজত পৰ দি থাকক।
50. তুমি যদি মোৰ ছোৱালী দুজনীক বেয়া ব্যৱহাৰ কৰা নাইবা মোৰ ছোৱালীবোৰ থকাতো আন মহিলাক গ্রহণ কৰা, তেতিয়া যদিও আমাৰ ওচৰত কোনো মানুহ নাথাকিব, কিন্তু মনত ৰাখিবা ঈশ্বৰ তোমাৰ আৰু মোৰ মাজত সাক্ষী হৈ থাকিব।”
51. লাবনে যাকোবক আৰু ক’লে, “এই স্তূপটোলৈ চোৱা আৰু এই যি স্তম্ভটো মই তোমাৰ আৰু মোৰ মাজত স্থাপন কৰিলোঁ, তাৰ ফালেও চোৱা;
52. এই স্তূপ আৰু স্তম্ভ দুয়োটাই এই কথাৰ সাক্ষী হৈ থাকিল যে, এই স্তূপ পাৰ হৈ মই তোমাৰ অপকাৰ কৰিবলৈ নাযাওঁ আৰু তুমিও এই স্তূপ আৰু স্তম্ভ পাৰ হৈ মোৰ অপকাৰ কৰিবলৈ নাহিবা।
53. তেনে কৰিলে অব্ৰাহামৰ ঈশ্বৰ আৰু নাহোৰ ও তেওঁলোকৰ পিতৃৰো ঈশ্বৰে যেন আমাৰ বিচাৰ কৰে।” তেতিয়া যাকোবে তেওঁৰ পিতৃ ইচহাকে ভয় ৰখা ঈশ্বৰৰ নামেৰে শপত খালে।
54. তাৰ পাছত যাকোবে সেই পৰ্ব্বতত পশুবলি উৎসর্গ কৰিলে আৰু তেওঁৰ আত্মীয়সকলক ভোজন কৰিবলৈ মাতিলে; তাতে তেওঁলোকে ভোজন কৰি সেই পৰ্ব্বততে ৰাতিটো কটালে।
55. পাছদিনা পুৱাতে উঠি লাবনে তেওঁৰ জীয়েক আৰু নাতি-নাতিনীক চুমা খাই আশীৰ্ব্বাদ কৰিলে। তাৰ পাছত লাবনে প্ৰস্থান কৰি নিজৰ ঘৰলৈ উভটি গ’ল।

আদিপুস্তক 32:1-32
1. পাছত যাকোবেও নিজৰ পথত যাত্রা কৰিলে। বাটত ঈশ্বৰৰ দূতবোৰে তেওঁৰ লগত সাক্ষাৎ কৰিলে।
2. তেওঁলোকক দেখি যাকোবে ক’লে, “এইয়া ঈশ্বৰৰ শিবিৰ।” সেই কাৰণে তেওঁ সেই ঠাইৰ নাম মহনয়িম ৰাখিলে।
3. যাকোবে তেওঁৰ আগে আগে চেয়ীৰ, অর্থাৎ ইদোমৰ অঞ্চললৈ তেওঁৰ ককায়েক এচৌৰ ওচৰলৈ কেইজনমান বার্তাবাহকক পঠালে,
4. তেওঁ তেওঁলোকক এই বুলি আজ্ঞা দিলে, “তোমালোকে মোৰ মালিক এচৌক জনাবা যে তেওঁৰ দাস যাকোবে এই দৰে কৈ পঠাইছে, মই আজিলৈকে লাবনৰ সৈতে আছিলোঁ।।
5. মোৰ গৰু, গাধ, মেৰ-ছাগ আৰু ছাগলী আদি পশু আৰু দাস-দাসী সকলো আছে। সেয়ে মই মোৰ প্ৰভুৰ ওচৰলৈ আগতীয়াকৈ সংবাদ পঠাইছো মই যেন আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ।”
6. বার্তাবাহকসকলে যাকোবৰ ওচৰলৈ উলটি আহি ক’লে, “আমি আপোনাৰ ককাই এচৌৰ তালৈ গৈছিলোঁ। তেওঁ চাৰিশ মানুহ লগত লৈ আপোনাৰে সৈতে সাক্ষাৎ কৰিবলৈ আহিছে।”
7. তাতে যাকোবে অতিশয় ভয় খালে আৰু তেওঁৰ মন অস্থিৰ হৈ পৰিল। সেয়ে তেওঁ তেওঁৰ লগত থকা লোকসকলক, গৰু, গাধ, মেৰ-ছাগ আৰু ছাগলী, উট আদি পশুৰ জাকবোৰক দুটা দলত ভাগ কৰিলে।
8. তেওঁ ক’লে, “এচৌৱে যদি আহি এটা দলক আক্রমণ কৰে, তেন্তে আনটো দলে পলাব পাৰিব।”
9. যাকোবে এইবুলি প্রার্থনা কৰিলে, “হে যিহোৱা, মোৰ পূর্বপুৰুষ অব্ৰাহামৰ ঈশ্বৰ আৰু মোৰ পিতৃ ইচহাকৰো ঈশ্বৰ, তুমি মোক কৈছিলা, ‘তোমাৰ দেশ আৰু তোমাৰ লোকসকলৰ ওচৰলৈ উভতি যোৱা। মই তোমাৰ মঙ্গল কৰিম।
10. আপোনাৰ এই দাসক আপুনি যে সকলো কৰুণা আৰু বিশ্বস্ততা দেখুৱাইছে, মই তাৰ এফেৰিও যোগ্য নহওঁ; কিয়নো মই কেৱল এডাল লাখুটি লৈয়েই এই যৰ্দ্দন নদী পাৰ হৈ গৈছিলোঁ; কিন্তু এতিয়া মোৰ দুটা দল হৈ গ’ল।
11. মই মিনতি কৰোঁ, মোৰ ককাই এচৌৰ হাতৰ পৰা মোক ৰক্ষা কৰক। কিয়নো মোৰ ভয় লাগিছে যে তেওঁ আহি মোৰ লগতে মাক আৰু সন্তান সকলকো বধ কৰিব।
12. কিন্তু আপুনি কৈছিলে, ‘মই নিশ্চয়ে তোমাৰ মঙ্গল কৰিম; তোমাৰ বংশ সাগৰৰ তীৰৰ বালিৰ দৰে কৰিম যাক গণি শেষ কৰিব নোৱাৰিব।’”
13. যাকোবে সেই ঠাইতে ৰাতিটো কটালে। তেওঁৰ যি আছিল তাৰ পৰাই কিছু লৈ ককায়েক এচৌৰ কাৰণে এক উপহাৰ স্বৰূপে ঠিক কৰি ৰাখিলে।
14. দুশ মাইকী ছাগলী আৰু বিশটা মতা ছাগলী, দুশ মাইকী মেৰ-ছাগ আৰু বিশটা মতা মেৰ-ছাগ,
15. পোৱালিয়ে সৈতে ত্ৰিশ জনী খিৰতী উট, চল্লিশ জনী গাই গৰু আৰু দহোটা ভতৰা গৰু, বিশ জনী গাধী আৰু দহোটা গাধ এই সকলোকে ৰাখিলে।
16. সেইবোৰক জাক জাক কৰি দাসবোৰৰ হাতত শোধাই দি এই আজ্ঞা দিলে, “তোমালোক মোৰ আগেয়ে যোৱা আৰু প্রত্যেকটো জাকৰ মাজত কিছু ঠাই ৰাখি ৰাখি যাবা।”
17. তেওঁ প্ৰথমটো দলৰ দাসক এই আজ্ঞা দিলে, “মোৰ ককাই এচৌৰ লগত দেখা হ’লে তেওঁ তোমাক যেতিয়া সুধিব, ‘তুমি ক’ৰ মানুহ? তুমি কলৈ গৈ আছা? তোমাৰ আগত থকা সেই পশুবোৰ কাৰ?’
18. তেতিয়া তুমি ক’বা, ‘সেইবোৰ আপোনাৰ দাস যাকোবৰ; তেওঁ মোৰ মালিক এচৌলৈ এই উপহাৰ পঠাইছে। তেৱোঁ আমাৰ পাছে পাছে আহি আছে।’”
19. এইদৰে যাকোবে দ্বিতীয়, তৃতীয় আৰু জাকবোৰৰ পাছত যোৱা আন আন সকলোকে এই আজ্ঞা দিলে, “তোমালোকেও এচৌক ল’গ পালে ঠিক এই কথাকে কবা।
20. তোমালোকেও কবা, ‘আপোনাৰ দাস যাকোবও আমাৰ পাছত আহি আছে।’” কিয়নো যাকোবে ভাবিলে, “মোৰ আগে আগে যি উপহাৰবোৰ গৈছে, তাৰ দ্বাৰাই মই তেওঁক শান্ত কৰিম। পাছত যেতিয়া মোৰ তেওঁৰে সৈতে দেখাদেখি হব, তেতিয়া হয়তো তেওঁ মোক গ্রহণ কৰি লব।”
21. এইদৰে তেওঁৰ আগে আগে উপহাৰবোৰ গ’ল; কিন্তু তেওঁ নিজে সেই ৰাতি তেওঁৰ ছাউনিতে থাকিল।
22. সেই ৰাতিয়েই যাকোবে উঠি তেওঁৰ দুজনী ভাৰ্যা, দুজনী দাসী আৰু তেওঁৰ এঘাৰজন পুত্রক লৈ খোজকাঢ়ি পাৰ হব পৰা এনে এক খৰাং ঠাইয়েদি যব্বোক নদীৰ সিপাৰে পঠালে।
23. এইদৰে তেওঁৰ যি যি আছিল সেই সকলো বস্তুও তেওঁলোকৰ লগত সিপাৰলৈ পঠাই দিলে।
24. তাতে যাকোব সেই ঠাইত অকলে থাকিল। তেতিয়া এজন পুৰুষে আহি ৰাতিপুৱা নোহোৱা পর্যন্ত তেওঁৰ সৈতে মল্লযুদ্ধ কৰিলে।
25. সেই পুৰুষে যেতিয়া দেখিলে যে তেওঁ যাকোবক পৰাজয় কৰিব পৰা নাই, তেতিয়া তেওঁ যাকোবৰ কৰঙনৰ জোৰাত আঘাত কৰিলে; তাতে তেওঁৰ কৰঙনৰ হাড়ৰ জোৰা লৰিল।
26. পুৰুষ জনে ক’লে, “ৰাতিপুৱা হৈ আহিছে, মোক এৰি দিয়া।” যাকোবে ক’লে, “আপুনি মোক আশীৰ্ব্বাদ নকৰা পর্যন্ত মই আপোনাক এৰি নিদিওঁ।”
27. পুৰুষজনে তেওঁক ক’লে, “তোমাৰ নাম কি?” তেওঁ ক’লে, “যাকোব।”
28. পুৰুষজনে ক’লে, “তুমি ঈশ্বৰ আৰু মানুহৰ সৈতে যুদ্ধ কৰি বিজয়ী হলা; সেয়ে তোমাক আৰু যাকোব নামেৰে মতা নহ’ব, কিন্তু ইস্ৰায়েল বুলিহে মতা হ’ব।”
29. যাকোবে তেওঁক সুধিলে, “আপোনাৰ নামটোনো কি অনুগ্রহ কৰি মোক কওঁক।” তাতে তেওঁ ক’লে, “তুমি মোৰ নাম কিয় সুধিছা?” এই কথা কৈয়ে তেওঁ যাকোবক সেই ঠাইতে আশীৰ্ব্বাদ কৰিলে।
30. তেতিয়া যাকোবে সেই ঠাইৰ নাম পনীয়েল ৰাখিলে। তেওঁ ক’লে, “মই ঈশ্বৰক সন্মুখা-সন্মুখিকৈ দেখা পালতো, মই জীয়াই আছোঁ।”
31. যাকোবে পনুৱেল পাৰ হৈ যাওঁতে সূর্য উদয় হ’ল; কৰঙনৰ হাড়ৰ জোৰা লৰাৰ কাৰণে তেওঁ লেকেচিয়াবলৈ ধৰিলে।
32. সেই কাৰণে ইস্ৰায়েলৰ লোকসকলে আজিও কৰঙনৰ জোৰাৰ পেশীৰ মাংস নাখায়, কাৰণ সেই পুৰুষে যাকোবৰ কৰঙনৰ জোৰা লৰাই পেশীবোৰ আঘাত কৰিছিল।

সামসঙ্গীত 8:6-9
6. তোমাৰ হাতেৰে সৃষ্টি কৰা সকলো বস্তুৰ ওপৰত তুমি মানুহক গৰাকী পাতিলা; সকলোকে তুমি মানুহৰ ভৰিৰ তলত ৰাখিলা; সেইবোৰ -
7. মেৰ-ছাগ, ষাঁড় আদিকে ধৰি পথাৰৰ সকলো পশুৰ জাক,
8. আকাশত উৰি ফুৰা পক্ষীবোৰ, সমুদ্ৰৰ মাছবোৰ আৰু সাগৰৰ সোঁতত ঘূৰি ফুৰা অন্যান্য সকলো প্রাণী।
9. হে যিহোৱা, আমাৰ প্ৰভু, গোটেই পৃথিবীতে তোমাৰ নাম কেনে মহৎ!

প্রবচন 3:19-20
19. যিহোৱাই প্রজ্ঞাৰ দ্বাৰাই পৃথিৱী স্থাপন কৰিলে, আৰু সুবুদ্ধিৰ দ্বাৰাই আকাশ-মণ্ডল প্রতিষ্ঠা কৰিলে।
20. তেওঁৰ জ্ঞানৰ দ্বাৰাই গভীৰ অংশ মুক্ত হ’ল; আৰু ডাৱৰে নিয়ৰ বৰষালে।

মথি 11:1-30
1. যীচুৱে তেওঁৰ বাৰ জন শিষ্যক এইদৰে আদেশ দি শেষ কৰিলে। তাৰ পাছত তেওঁ নগৰে নগৰে শিক্ষা দিবৰ বাবে আৰু প্রচাৰ কৰিবৰ কাৰণে সেই ঠাইৰ পৰা গুচি গ’ল।
2. যোহনে বন্দীশালৰ পৰা যেতিয়া খ্ৰীষ্টৰ কৰ্মৰ কথা শুনিলে, তেতিয়া নিজৰ শিষ্য সকলৰ দ্বাৰাই যীচুক সুধি পঠালে,
3. ক’লে “আহিব লগা জন আপুনিয়ে হয়নে, নে আমি অন্য কোনোবা এজনলৈ অপেক্ষা কৰিম?”
4. যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “যোৱা, তোমালোকে যি শুনিছা আৰু দেখিছা, সেই বিষয়ৰ সম্বাদ যোহনক দিয়াগৈ।
5. অন্ধই দৃষ্টিশক্তি পাইছে, খোৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই পুণৰ শুনিছে, মৃত সকলক জীৱনলৈ পুণৰুত্থিত কৰা হৈছে, দৰিদ্ৰ সকলৰ আগত শুভবাৰ্তা ঘোষণা কৰা হৈছে।
6. ধন্য সেই লোক, যি জনে মোক লৈ কোনো বাধা নাপায়।”
7. যোহনৰ শিষ্য সকল যেতিয়া উলটি গ’ল, সেই সময়ত যীচুৱে যোহনৰ বিষয়ে লোক সকলৰ আগত এই কথা কবলৈ ধৰিলে, “আপোনালোকে কি চাবৰ বাবে মৰুপ্ৰান্তলৈ গৈছিল- বতাহে লৰোৱা এক নল-খাগৰি?
8. তেনেহলে কি চাবলৈ ওলাই গৈছিল- মিহি কাপোৰ পিন্ধা মানুহ নে? বাস্তৱিকতে, যি সকলে মিহি কাপোৰ পিন্ধে, তেওঁলোক ৰজাৰ ভৱনতহে থাকে।
9. তেনেহলে কি চাবলৈ ওলাই গৈছিল - এজন ভাববাদীক নে? হয়, মই আপোনালোকক কওঁ, ‘তেওঁ ভাৱবাদীতকৈয়ো মহান।
10. এই জন তেৱেঁই, যি জনৰ বিষয়ে শাস্ত্রত লিখা আছে, ‘চোৱা, মই তোমাৰ আগত মোৰ বার্তাবাহকক পঠাম, তেওঁ তোমাৰ আগত তোমাৰ পথ প্রস্তুত কৰিব।’
11. মই আপোনালোকক সঁচাকৈয়ে কওঁ, মহিলাৰ গর্ভত যিমান মানুহৰ জন্ম হৈছে, তেওঁলোকৰ মাজত বাপ্তাইজক যোহনতকৈ মহান কোনো নাই; কিন্তু স্বৰ্গৰাজ্যত আটাইতকৈ গুৰুত্বহীন সৰু ব্যক্তিও যোহনতকৈ মহান।
12. বাপ্তাইজক যোহনৰ দিনৰ পৰা এতিয়ালৈকে স্বৰ্গৰাজ্য ভীষণভাৱে আক্ৰান্ত হৈছে আৰু বলৱান লোকে বলেৰে তাক নিয়ন্ত্রণ কৰিবলৈ চেষ্টা কৰিছে।
13. যোহনৰ সময়লৈকে সকলো ভাববাদীয়ে আৰু বিধান-শাস্ত্ৰই ভাবোক্তি প্ৰকাশ কৰিছে।
14. অাপোনালোকে যদি এই কথা গ্ৰহণ কৰিব খোজে, তেনেহলে আহিব লগা যি এলিয়া, এই যোহনেই সেই জন।
15. যি জনৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক।
16. এই যুগৰ লোক সকলক কাৰ লগত তুলনা কৰিম? এওঁলোক এনেকুৱা ল’ৰা-ছোৱালীৰ নিচিনা, যি সকলে বজাৰত বহি সঙ্গী সকলক মাতি কয়;
17. ‘আমি তোমালোকৰ কাৰণে বাঁহী বজালো, তোমালোকে নানাচিলা; আমি শোকৰ গান গালো, তোমালোকে বিলাপ নকৰিলা।’
18. যোহনে আহি ভোজন গ্রহণ বা দ্রাক্ষাৰস পান একো নকৰাৰ কাৰণে লোকে কয়, ‘তেওঁক ভূতে পাইছে’।
19. মানুহৰ পুত্ৰই আহি ভোজন-পান কৰিলে কাৰণে লোকে কয়, ‘এই চোৱা, এই জন এজন খকুৱা আৰু মদাহী মানুহ; কৰ সংগ্রহকাৰী আৰু পাপীবোৰৰ বন্ধু! কিন্তু জ্ঞান যে সত্য, নিজৰ কৰ্মৰ দ্বাৰাই প্ৰমাণিত হয়।’”
20. যীচুৱে যিবোৰ নগৰত বেচি ভাগ পৰাক্রম কাৰ্য কৰিছিল, সেইবোৰ ঠাইৰ নিবাসী সকলক তেওঁ গৰিহণা দিলে, কাৰণ তেওঁলোকে মন-পালটন নকৰিলে।
21. “হায় কোৰাচীন! হায় বৈৎ-চৈদা! কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ’ল, সেইবোৰ কাৰ্য যদি তুৰ আৰু চীদোন নগৰত কৰিলোঁ হয়, তেনেহলে বহু দিনৰ আগেয়ে তাৰ নিবাসী সকলে চট পিন্ধিলেহেঁতেন আৰু ছাইত বহি মন-পালটন কৰিলেহেঁতেন।
22. কিন্তু মই আপোনালোকক কওঁ, সোধ-বিচাৰৰ দিনা আপোনালোকতকৈ তুৰ আৰু চীদোনৰ দশা সহিব পৰা হ’ব।
23. তুমি, কফৰনাহূম! তুমি ভাৱা নেকি যে তোমাক স্বৰ্গলৈ তোলা হ’ব? কেতিয়াও নহয়, তোমাক মৃতলোকলৈ, অৰ্থাৎ নৰকলৈহে অনা হ’ব। কিয়নো তোমাৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ’ল, সেইবোৰ কৰ্ম যদি চদোমত কৰা হ’লহেতেন, তেনেহলে চদোম আজিও থাকিলেহেতেন।
24. কিন্তু মই তোমালোকক কওঁ, সোধ-বিচাৰৰ দিনা তোমালোকতকৈ চদোম নগৰৰ দশা সহিবৰ বাবে অধিক সহজ হ’ব।”
25. সেই সময়ত যীচুৱে মাত লগাই ক’লে, “হে পিতৃ, তুমি স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, মই তোমাৰ প্রশংসা কৰোঁ, কাৰণ তুমি জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখিছা, কিন্তু শিশু সকলৰ দৰে সৰল লোক সকলৰ আগত প্ৰকাশ কৰিলা।
26. হয় পিতৃ, ‘এইদৰে তোমাৰ দৃষ্টিত ই সন্তোষজনক হৈছে।’
27. কিয়নো মোৰ পিতৃয়ে সকলোকে মোৰ হাতত সমৰ্পন কৰিছে; পিতৃৰ বাহিৰে পুত্রক কোনেও নাজানে: পুত্ৰৰ বাহিৰে পিতৃক কোনেও নাজানে। পুত্ৰই যি জনৰ আগত পিতৃক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেৱেঁই তেওঁক জানে।
28. হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোক সকল, মোৰ ওচৰলৈ আহা; মই তোমালোকক জিৰণি দিম।
29. মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে, তোমালোকৰ ওপৰত মোৰ যুৱঁলি লোৱা আৰু মোৰ শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা।
30. কিয়নো মোৰ যুৱঁলি বৈ নিয়া সহজ আৰু মোৰ বোজাও লঘু।”