A A A A A
एक साल में बाइबल
जनवरी 13

আদিপুস্তক 25:1-34
1. পাছত অব্ৰাহামে কটুৰা নামৰ আন এগৰাকীক বিয়া কৰিলে।
2. তেওঁৰ ঔৰসত জিম্ৰণ, যক্সন, মদান, মিদিয়ন, যস্বক আৰু চুহৰ জন্ম হ’ল।
3. যক্সনৰ সন্তান চিবা আৰু দদান। অচুৰীয়া, লটুচীয়া, লিয়ুম্মীয়া, এইকেইজন দদানৰ সন্তান।
4. মিদিয়নৰ সন্তান ঐফা, এফৰ, হনোক, অবীদা আৰু ইলদায়া। এই আটাইকেইজন আছিল সেই কটুৰাৰ বংশধৰ।
5. অব্ৰাহামে নিজৰ সৰ্ব্বস্বৰ ওপৰত ইচহাকক অধিকাৰ দিলে।
6. কিন্তু উপপত্নীৰ সন্তান সকলকো তেওঁ জীৱিত কালত অলপ অলপ দানস্বৰূপে দিলে। এই সন্তান সকলক তেওঁ তেওঁৰ পুত্ৰ ইচহাকৰ ওচৰৰ পৰা দূৰ কৰি পূবফালৰ দেশলৈ পঠাই দিলে।
7. অব্ৰাহাম মুঠ 175 বছৰ জীয়াই আছিল।
8. অব্ৰাহামে সম্পূৰ্ণ আয়ুস পাই এক উত্তম বৃদ্ধ অৱস্থাত মৃত্যু বৰণ কৰিলে আৰু তেওঁ ওপৰ পিতৃসকলৰ ওচৰলৈ গ’ল।
9. মম্ৰি চহৰৰ পূব ফালে হিত্তীয়া চোহৰৰ পুত্র ইফ্রোণৰ পথাৰত মকপেলাৰ গুহাত পুত্ৰ ইচহাক আৰু ইশ্মায়েলে একেলগে অব্রাহামক মৈদাম দিলে।
10. সেই পথাৰ অব্ৰাহামে হেতৰ সন্তানসকলৰ পৰা কিনিছিল; তাতেই অব্ৰাহামে চাৰাক মৈদাম দিছিল আৰু তাতে অব্ৰাহামকো মৈদাম দিয়া হ’ল।
11. অব্ৰাহামৰ মৃত্যুৰ পাছত ঈশ্বৰে তেওঁৰ পুত্ৰ ইচহাকক আশীৰ্ব্বাদ কৰিলে; আৰু ইচহাকে বেৰ-লহয়-ৰোৱীৰ ওচৰত বসবাস কৰিবলৈ ধৰিলে।
12. চাৰাৰ দাসী মিচৰীয়া হাগাৰে অব্ৰাহামলৈ যি পুত্ৰ জন্ম দিছিল, অব্ৰাহামৰ সেই পুত্ৰ ইশ্মায়েলৰ বংশৰ বিৱৰণ এই।
13. জন্ম অনুসাৰে ইশ্মায়েলৰ বংশধৰসকলৰ নাম হ’ল: ইশ্মায়েলৰ জ্যেষ্ঠ পুত্ৰ নবায়োৎ, তেওঁৰ পাছত কেদৰ, অদবেল, মিবচম,
14. মিস্মা, দুমা, মচ্ছা
15. হদদ, তেমা, যটূৰ, নাফীচ আৰু কেদ্মা;
16. ইশ্মায়েলৰ এই বাৰজন পুত্রই আছিল তেওঁলোকৰ ফৈদৰ মূলসূঁতি আৰু তেওঁলোকৰ নাম অনুসাৰেই গাওঁ আৰু ছাউনিবোৰৰ নাম ৰখা হৈছিল।
17. ইশ্মায়েল 137 বছৰ জীয়াই আছিল। পাছত তেওঁ মৃত্যু বৰণ কৰিলে আৰু নিজৰ মৃত পূর্বপুৰুষসকলৰ ওচৰলৈ তেওঁক নিয়া হ’ল।
18. হবীলাৰ পৰা চূৰ পর্যন্ত যি ঠাই আছিল, তেওঁৰ বংশৰ লোকসকলে তাতে বাস কৰিছিল। এই ঠাইখিনি আছিল মিচৰ দেশৰ কাষত অচুৰলৈ যোৱাৰ পথত। এইদৰে তেওঁলোকে নিজৰ শত্রুসকলৰ ওচৰত বসতি কৰিবলৈ ঠাই পালে।
19. অব্ৰাহামৰ পুত্ৰ ইচহাকৰ বিৱৰণ এই। অব্ৰাহামৰ পুত্রৰ নাম ইচহাক।
20. ইচহাকে চল্লিশ বছৰ বয়সত ৰিবেকাক পত্নীৰূপে গ্রহণ কৰে। ৰিবেকা আছিল পদ্দন-অৰাম দেশৰ অৰামীয়া বথোৱেলৰ জীয়েক আৰু অৰামীয়া লাবনৰ ভনীয়েক।
21. ইচহাকৰ ভাৰ্যা নিঃসন্তান আছিল বাবে ইচহাকে তেওঁৰ বাবে যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলে; তাতে যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁৰ ভাৰ্যা ৰিবেকা গৰ্ভৱতী হ’ল।
22. তেওঁৰ গর্ভত যমজ সন্তান আছিল আৰু সিহঁতে ইটোৱে সিটোক ঠেলা-ঠেলি কৰিব ধৰিলে; সেয়ে ৰিবেকাই ক’লে, “মোৰ কিয় এনেকুৱা হৈছে?” এইবুলি কাৰণটোনো কি তাক জানিবলৈ তেওঁ যিহোৱাক সুধিবলৈ গ’ল।
23. যিহোৱাই তেওঁক ক’লে, “তোমাৰ গৰ্ভত দুটা ভিন্ন জাতি আছে, আৰু তোমাৰ উদৰৰ পৰাই দুই জাতি বাহিৰ হৈ বেলেগ হ’ব; এক জাতি আন জাতিতকৈ পৰাক্ৰমী হ’ব, আৰু বৰটো সৰুটোৰ দাস হ’ব।”
24. যেতিয়া সন্তান প্ৰসৱৰ কাল সম্পূৰ্ণ হ’ল, সঁচাই তেওঁৰ গৰ্ভত এহাল যঁজা সন্তান আছিল।
25. তাৰে প্ৰথমটো ৰঙা আৰু গোটেই গা নোমাল বস্ত্ৰৰ নিচিনা নোমাল হৈ ওলাল; এই কাৰণে তেওঁলোকে তাৰ নাম এচৌ ৰাখিলে।
26. তাৰ পাছত এচৌৰ গোৰোৱা ধৰা অৱস্থাৰে তাৰ ভায়েকৰ জন্ম হ’ল; তাৰ নাম যাকোব ৰখা হ’ল। ইচহাকৰ ষাঠি বছৰ বয়সত তেওঁৰ ভার্য্যাই সিহঁতক জন্ম দিলে।
27. এই ল’ৰা দুটি ডাঙৰ হোৱাৰ পাছত এচৌ এজন নিপুণ চিকাৰী হ’ল। তেওঁ বনে বনে ঘূৰি ফুৰিছিল। কিন্তু যাকোব আছিল শান্ত স্বভাৱৰ। তেওঁ তম্বুত থাকিয়েই সময় কটাইছিল।
28. চিকাৰ কৰা মঙহ খাবলৈ পোৱাৰ কাৰণে ইচহাকে এচৌক স্নেহ কৰিছিল, কিন্তু ৰিবেকাই হ’লে যাকোবকহে স্নেহ কৰিছিল।
29. এদিনাখন যাকোবে দাইল ৰান্ধিছিল; তেনে সময়তে এচৌ পথাৰৰ পৰা উলটি আহিছিল আৰু তেওঁ বৰ ক্লান্ত হৈ পৰিছিল।
30. তেওঁ যাকোবক ক’লে, “মই বৰ ক্লান্ত। অনুগ্রহ কৰি তোমাৰ সেই ৰঙা বস্তুৰ কিছু মোক খাবলৈ দিয়া।” এই কথাৰ কাৰণে এচৌৰ নাম ইদোম [ৰঙা] হ’ল।
31. তেতিয়া যাকোবে ক’লে, “প্রথমে ডাঙৰ ল’ৰা হিচাবে তোমাৰ যি অধিকাৰ আছে, সেয়া আজি মোক বেচা।”
32. তাতে, এচৌৱে ক’লে, “চোৱা, মোৰ প্রাণ যাওঁ যাওঁ যেন হৈছে, সেয়ে জেষ্ঠাধিকাৰত মোৰ কি লাভ?”
33. যাকোবে ক’লে, “আগেয়ে তুমি মোৰ আগত শপত খোৱা।” তাতে এচৌৱে তেওঁৰ আগত শপত খাই নিজৰ জেষ্ঠাধিকাৰ যাকোবক বেচিলে।
34. তেতিয়া যাকোবে এচৌক পিঠা আৰু মচুৰ দাইল খাবলৈ দিলে; তাতে তেওঁ খাই উঠি গুচি গ’ল। এইদৰে এচৌৱে নিজৰ জেষ্ঠাধিকাৰ হেয়জ্ঞান কৰিলে।

আদিপুস্তক 26:1-35
1. অব্ৰাহামৰ দিনত হোৱা প্ৰথম আকালৰ দৰে সেই দেশত পুনৰায় আকাল হোৱাত, ইচহাকে গৰাৰালৈ, পলেষ্টীয়াসকলৰ ৰজা অবীমেলকৰ ওচৰলৈ গ’ল।
2. পাছত যিহোৱাই তেওঁক দৰ্শন দি ক’লে, “তুমি মিচৰ দেশলৈ নামি নাযাবা; যি দেশৰ কথা মই তোমাক ক’ম, তাতে থাকিবা।
3. তুমি এই দেশতে প্ৰবাস কৰা; তাতে মই তোমাৰ সঙ্গী হৈ তোমাক আশীৰ্ব্বাদ কৰিম; কিয়নো এই সকলো দেশ তোমাক আৰু তোমাৰ বংশকেই দিম, মই তোমাৰ পিতৃ অব্ৰাহামলৈ কৰা শপত সাম্ফল কৰিম।
4. মই আকাশৰ তৰাবোৰৰ দৰে তোমাৰ বংশ বঢ়াই, তোমাৰ বংশক এই সকলো দেশ দিম; আৰু তোমাৰ বংশতে পৃথিৱীৰ সমুদায় জাতি আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব;
5. কিয়নো অব্ৰাহামে মোৰ কথা মানি, মোৰ আজ্ঞা আৰু বিধি-ব্যৱস্থাবোৰ পালন কৰিছিল।”
6. সেইবাবে ইচহাকে গৰাৰত বসবাস কৰিছিল।
7. সেই ঠাইৰ লোকসকলে ইচহাকৰ ভাৰ্যাৰ কথা সোধাত, “তেওঁ মোৰ ভনী বুলি ক’লে।” ৰিবেকা বৰ সুন্দৰী, ইয়াৰ মানুহবোৰে ৰিবেকাক পাবলৈ কিজানি মোক বধ কৰে এই কাৰণে “মোৰ ভার্য্যা বুলি” পৰিচয় নিদিলে।
8. পাছত তেওঁ সেই ঠাইত ভালেমান দিন থাকিল, এদিন পলেষ্টীয়াসকলৰ ৰজা অবীমেলকে খিড়িককিদি চাই, ইচহাকক তেওঁৰ ভাৰ্যা ৰিবেকাই সৈতে ক্ৰীড়া কৰিবৰ দেখিলে।
9. তাতে অবীমেলকে ইচহাকক মাতি আনি ক’লে তুমি তেওঁৰ লগত কি কৰি আছিলা? “সেই মহিলা গৰাকী নিশ্চয়ে তোমাৰ ভাৰ্যা; তেন্তে তুমি ভনী বুলি কেনেকৈ ক’লা? ইচহাকে ক’লে, তেওঁৰ কাৰণে মই মৰিম বুলি ভাবি সেইদৰে কৈছিলোঁ।”
10. তেতিয়া অবীমেলকে ক’লে, “তুমি আমালৈ এইটো কি কাম কৰিলা? লোকসকলৰ মাজৰ কোনো এজনে তোমাৰ ভাৰ্যাৰে সৈতে অনায়েসে শয়ন কৰিব পাৰিলেহেঁতেন; সেয়ে হোৱা হ’লে তুমি আমাক দোষী সাব্যস্ত কৰিলাহেঁতেন।”
11. পাছত অবীমেলকে সকলো লোকক এই আজ্ঞা দি সাবধান কৰি ক’লে, “যি কোনোৱে এই পুৰুষ বা তেওঁৰ ভাৰ্যাক স্পৰ্শ কৰিব, নিশ্চয়ে তাৰ প্ৰাণদণ্ড হ’ব।”
12. সেই কালত ইচহাকে সেই দেশত ধান ৰোপণ কৰি, সেই একে বছৰতেই এশ গুণ পালে; আৰু যিহোৱাই তেওঁক আশীৰ্ব্বাদ কৰিলে আৰু তেওঁ বৰ মানুহ হ’ল;
13. আৰু ইচহাক বৰ ধনী হৈ হৈ, ক্ৰমেৰে অতিশয় মহান ব্যক্তি হ’ল।
14. আৰু তেওঁৰ অনেক পশুধন আৰু অনেক দাস-দাসী হ’ল। এইকাৰণে পলেষ্টীয়াসকলে তেওঁক ঈৰ্ষা কৰিলে।
15. ইচহাকৰ পিতৃ অব্ৰাহামৰ দিনত, অব্ৰাহামৰ বন্দীবোৰে যি যি নাদ খান্দিছিল, সেই সকলোকে পলেষ্টীয়াসকলে মাটি দি পুতি বন্ধ কৰিলে।
16. পাছত অবীমেলকে ইচহাকক ক’লে, “তুমি আমাৰ ওচৰৰ পৰা গুচি যোৱা কিয়নো তুমি আমাতকৈও অতিশয় ক্ষমতাশালী থ’লো।”
17. তেতিয়া ইচহাকে তাৰ পৰা গুচি গৈ, গৰাৰৰ উপত্যকাত তম্বু তৰি তাতেই বাস কৰিলে।
18. আৰু তেওঁৰ পিতৃ অব্ৰাহামৰ দিনত খন্দা যি যি পানীৰ নাদ পলেষ্টীয়াসকলে অব্ৰাহামৰ মৃত্যুৰ পাছত পুতি পেলাইছিল, ইচহাকে পুনৰাই সেইবোৰ নাদ খানি উলিয়ালে; আৰু তেওঁৰ পিতৃয়ে দিয়া নামৰ দৰেই, ইচহাকে সেইবোৰৰ নাম দিলে।
19. আৰু ইচহাকৰ বন্দীবোৰে সেই উপত্যকা খানি তাত এটা পানীৰ নিজৰাৰ ভূমূক পালে।
20. তাতে গৰাৰৰ পশু ৰখীয়াবোৰে ইচহাকৰ পশু ৰখীয়াই সৈতে বিবাদ কৰি ক’লে, “এই পানী আমাৰ।” এই হেতুকে ইচহাকে সেই নাদৰ নাম “এচক ” ৰাখিলে; কাৰণ সিহঁতে তেওঁৰ লগত বিবাদ কৰিছিল।
21. পাছে আৰু এটা নাদ খান্দিলে, সিহঁতে তাৰ নিমিত্তেও বিবাদ কৰিলে; তাতে ইচহাকে তাৰ নাম “চিত্না ” ৰাখিলে।
22. আকৌ তেওঁ তাৰ পৰা গৈ, আন এটা নাদ খান্দিলে। তাৰ নিমিত্তে হ’লে সিহঁতে বিবাদ নকৰিলে; তাতে তেওঁ তাৰ নাম ৰহোবোৎ ৰাখি ক’লে, “এতিয়াহে যিহোৱাই আমাক বহল ঠাই দিছে; এতেকে আমি দেশত বৃদ্ধি হ’ম।”
23. তাৰ পাছত ইচহাক তাৰ পৰা বেৰ-চেবালৈ গ’ল।
24. সেই ৰাতিয়েই যিহোৱাই তেওঁক দৰ্শন দি ক’লে, “মই তোমাৰ পিতৃ অব্ৰাহামৰ ঈশ্বৰ, ভয় নকৰিবা; কিয়নো মই তোমাৰ সঙ্গী হৈ তোমাক আশীৰ্ব্বাদ কৰিম আৰু মোৰ নিজ দাস অব্ৰাহামলৈ চাই তোমাৰ বংশ বৃদ্ধি কৰিম।”
25. পাছত ইচহাকে সেই ঠাইতে এটা যজ্ঞ-বেদি নিৰ্ম্মাণ কৰি যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে আৰু তাতে নিজ তম্বু তৰিলে। পাছে ইচহাকৰ বন্দীহঁতে তাত এটা নাদ খান্দিলে।
26. তেতিয়া অবীমেলকে অহুজ্জৎ নামেৰে নিজৰ এজন বন্ধুক আৰু তেওঁৰ প্ৰধান সেনাপতি ফীখোলকো লগত লৈ, গৰাৰৰ পৰা ইচহাকৰ ওচৰলৈ গ’ল।
27. তাতে ইচহাকে তেওঁলোকক ক’লে, “তোমালোকে মোক ঘিণ কৰি তোমালোকৰ ওচৰৰ পৰা খেদি পঠালা; এতিয়া নো তোমালোক মোৰ ওচৰলৈ কেলৈ আহিছা?”
28. তাতে তেওঁলোকে ক’লে, “যিহোৱা যে তোমাৰ সঙ্গী, তাক আমি জানিলোঁ তোমাৰ আৰু আমাৰ মাজত এক শপত হ’বলৈ,
29. আমি যেনেকৈ তোমাক স্পৰ্শ কৰা নাই, বৰং শান্তিৰে বিদায় কৰিছিলোঁ, তেনেকৈ তুমিও যাতে আমাক হিংসা নকৰা, এয়ে তোমাৰে সৈতে এটা নিয়ম স্থাপন কৰিলোঁ; তুমি এতিয়া যিহোৱাৰ আশীৰ্ব্বাদ প্ৰাপ্ত থ’লো।”
30. তেতিয়া ইচহাকে তেওঁলোকলৈ ভোজ যুগুত কৰিলে আৰু তেওঁলোকে ভোজন-পান কৰিলে।
31. পাছত তেওঁলোক দুজনে নিচেই ৰাতিপুৱাতে উঠি, ইজনে সিজনৰ আগত শপত কৰিলে আৰু ইচহাকে তেওঁলোকক বিদায় কৰিলে, তেওঁলোক শান্তিৰে তেওঁৰ ওচৰৰ পৰা গুচি গ’ল।
32. আৰু সেই দিনাই ইচহাকৰ দাসবোৰে আহি সিহঁতে খন্দা এটা নাদৰ বিষয়ে তেওঁক সম্বাদ দিলেহি বোলে “আমি পানী পালোঁ।”
33. তাতে তেওঁ সেই নাদৰ নাম চিবিয়া ৰাখিলে; এই হেতুকে আজিলৈকে সেই নগৰৰ নাম বেৰ-চেবা বুলি প্ৰখ্যাত।
34. পাছত এচৌৱে 40 বছৰ বয়সত, হিত্তীয়া বেৰীৰ জীয়েক যিহূদিৎ আৰু হিত্তীয়া এলোনৰ জীয়েক বাচমতক বিয়া কৰিলে।
35. কিন্তু ইহঁত দুজনী ইচহাক আৰু ৰিবেকাৰ মনত দুখ দিওঁতা হ’ল।

সামসঙ্গীত 7:6-8
6. হে যিহোৱা, তুমি ক্ৰোধেৰে উঠা, মোৰ শত্রুবোৰৰ ক্রোধৰ বিৰুদ্ধে নিজকে তুলি ধৰা, মোৰ অৰ্থে তুমি সাৰ পোৱা; হে মোৰ ঈশ্বৰ, তুমি এক সোধ-বিচাৰ ধার্য কৰিছা।
7. সকলো জাতিৰ সমূহ লোক তোমাৰ চাৰিওফালে গোট খাওঁক; তুমি উর্দ্ধলৈ উলটি গৈ পুনৰ লোক সকলৰ ওপৰত ৰাজত্ব কৰা।
8. যিহোৱাই লোকসকলৰ বিচাৰ কৰে; হে যিহোৱা, মোৰ ধাৰ্মিকতাৰ কার্য আৰু মোত থকা সততা অনুসাৰে তুমি মোৰ বিচাৰ কৰা, হে মোৰ সৰ্ব্বোপৰি জনা।

প্রবচন 3:9-10
9. আৰু তোমাৰ সম্পত্তিৰে, আৰু তোমাৰ সকলো উৎপাদনৰ প্রথম ফলৰ সৈতে যিহোৱাক সমাদৰ কৰা।
10. সেয়ে তোমাৰ ভঁৰালবোৰ পৰিপূৰ্ণ হ’ব, আৰু তোমাৰ দ্ৰাক্ষাৰসৰ পাত্র নতুন দ্ৰাক্ষাৰসেৰে উপচি পৰিব।

মথি 9:18-38
18. যীচুৱে লোক সকলক যেতিয়া এইবোৰ কথা কৈ আছিল, তেতিয়া এজন শাসনকর্তাই আহি তেওঁক প্ৰণিপাত কৰি ক’লে, “মোৰ ছোৱালী জনীৰ এইমাত্র মৃত্যু হ’ল; আপুনি আহি তাইৰ ওপৰত হাত ৰাখক, তাতে তাই জীয়াই উঠিব।”
19. তেতিয়া যীচু আৰু তেওঁৰ শিষ্য সকলে উঠি তেওঁৰ পাছে পাছে গ’ল।
20. সেই সময়তে এগৰাকী মহিলাই পাছফালৰ পৰা যীচুৰ ওচৰলৈ আহি তেওঁৰ কাপোৰৰ দহি চুলে; সেই মহিলা গৰাকী বাৰ বছৰ ধৰি ৰক্তস্রাৱ ৰোগত ভুগি আছিল।
21. তেওঁ মনে মনে ভাৱিছিল, “যদি মই যীচুৰ কাপোৰ খনকে অকল চুব পাৰোঁ, তেনেহলেও মই ভাল হৈ যাম।”
22. যীচুৱে মুখ ঘূৰাই তেওঁক দেখি ক’লে, “ভনী, নিৰ্ভয় হোৱা; তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে।” সেই সময়ৰে পৰা সেই মহিলা গৰাকী সুস্থ হ’ল।
23. তাৰ পাছত যীচু সেই শাসনকৰ্তাৰ ঘৰলৈ গ’ল। তাত তেওঁ বাঁহীবাদক সকলক দেখিলে আৰু লোক সকলে হুলস্থুল কৰি থকা দেখা পালে।
24. যীচুৱে ক’লে, “চাওঁ, তোমালোক আতৰ হোৱা। ছোৱালী জনী মৰা নাই, টোপনি গৈছে।” এই কথা শুনি তেওঁলোকে হাঁহিবলৈ ধৰিলে।
25. পাছত লোক সকলক ঘৰৰ পৰা বাহিৰ কৰি দিয়াত যীচু ভিতৰলৈ গ’ল আৰু ছোৱালী জনীৰ হাতত ধৰিলে; তেতিয়া তাই উঠিল।
26. পাছত সেই অঞ্চলৰ সকলো ঠাইতে এই ঘটনাৰ বিষয়ে বিয়পি পৰিল।
27. যীচু তাৰ পৰা যাওঁতে দুজন অন্ধ লোক তেওঁৰ পাছে পাছে গ’ল। তেওঁলোকে চিঞৰি চিঞৰি কবলৈ ধৰিলে, “হে দায়ুদৰ বংশৰ সন্তান, আমাক দয়া কৰক।”
28. পাছত যীচু যেতিয়া ঘৰ আহি পালে, সেই অন্ধ দুজন তেওঁৰ ওচৰলৈ আহিল। তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, “মই এই কম কৰিব পাৰোঁ বুলি তোমালোকে বিশ্বাস কৰা নে?” তেওঁলোকে তেওঁক ক’লে, “হয় প্ৰভু, কৰোঁ।”
29. তেতিয়া তেওঁ তেওঁলোকৰ চকু চুই ক’লে, “তোমালোকে যেনেদৰে বিশ্বাস কৰিছা, তোমালোকৰ প্রতি সেইদৰেই হওক।”
30. সেই মুহুর্ততে তেওঁলোকৰ চকু মুকলি হ’ল। তাৰ পাছত যীচুৱে তেওঁলোকক কঠোৰভাৱে সাৱধান কৰি দি ক’লে, “চাবা, এই বিষয়ে যেন কোনেও নাজানে।”
31. কিন্তু তেওঁলোকে ওলাই গৈ সেই এলেকাৰ সকলো ঠাইতে এই বিষয়ে কৈ ফুৰিলে।
32. সেই দুজন মানুহ যেতিয়া ওলাই গ’ল, সেই সময়তে কিছুমান মানুহে ভূতে পোৱা এজন বোবা লোকক যীচুৰ ওচৰলৈ আনিলে।
33. যীচুৱে সেই ভূতক খেদোৱাৰ পাছত বোবা মানুহ জনে কথা কবলৈ ধৰিলে। ইয়াকে দেখি সকলো মানুহে আচৰিত হৈ ক’লে, “ইস্ৰায়েল দেশত আগেয়ে কেতিয়াও এনেকুৱা দেখা পোৱা নাই!”
34. কিন্তু ফৰীচী সকলে ক’লে, “সি ভূতবোৰৰ ৰজা চয়তানৰ সহায়ত ভূতক খেদায়।”
35. যীচুৱে সকলো নগৰ আৰু গাওঁবোৰত গৈ ইহুদী সকলৰ নাম-ঘৰবোৰত উপদেশ দিলে আৰু ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিবলৈ ধৰিলে। ইয়াৰ বাহিৰেও তেওঁ সকলো ধৰণৰ ৰোগ-ব্যাধিত পৰি থকা লোক সকলক সুস্থতা দান কৰিলে।
36. তাতে লোক সকলৰ ভিৰ দেখা পাই, তেওঁলোকৰ প্রতি যীচুৰ মৰম লাগিল; কাৰণ তেওঁলোক ৰখীয়া নোহোৱা মেৰৰ নিচিনা ক্লান্ত আৰু অসহায় আছিল।
37. তেতিয়া যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “শস্য সৰহ, কিন্তু বনুৱা তাকৰ।
38. এই হেতুকে শস্যৰ গৰাকীৰ ওচৰত প্রার্থনা কৰা, যাতে তেওঁ নিজৰ শস্যক্ষেত্ৰলৈ বনুৱা সকলক পঠাই দিয়ে।”