A A A A A

আদিপুস্তক 19:1-38
1. সেইদিনা সন্ধিয়া দুজন দূত চদোম নগৰলৈ আহিল। লোট তেতিয়া চদোম নগৰৰ প্রৱেশ দুৱাৰত বহি আছিল। তেওঁলোকক দেখা পাই লোটে উঠি সাক্ষাৎ কৰিবলৈ গ’ল আৰু মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে।
2. তেওঁ ক’লে, “হে মোৰ প্ৰভুসকল, অনুগ্রহ কৰি আপোনালোকৰ এই দাসৰ ঘৰলৈ আহঁক আৰু ভৰি-হাত ধুই ৰাতিটো আজি ইয়াতে কটাওক। পুনৰ ৰাতিপুৱাতে উঠি নিজ বাটেদি গুচি যাব।” তেতিয়া তেওঁলোকে ক’লে, “নহয়, ৰাতিটো আমি নগৰৰ চকতেই থাকিম।”
3. কিন্তু বৰকৈ জোৰ কৰিবলৈ ধৰাত, তেওঁলোক লোটৰ লগত গৈ তেওঁৰ ঘৰত সোমাল; লোটে তেওঁলোকৰ কাৰণে খমীৰ নিদিয়া পিঠা সেকি এসাঁজ আহাৰ যুগুত কৰিলে আৰু তেওঁলোকক খাবলৈ দিলে।
4. কিন্তু তেওঁলোকে শুবলৈ যোৱাৰ আগতে নগৰৰ লোকসকলে অৰ্থাৎ চদোমৰ ল’ৰা-বৃদ্ধ আদি কৰি সকলো লোক নগৰৰ চাৰিওফালৰ পৰা আহি ঘৰটো বেৰি ধৰিলেহি।
5. তেওঁলোকে লোটক মাতি ক’লে, “আজি ৰাতি যি কেইজন লোক তোমাৰ ইয়াত সোমাল, তেওঁলোক ক’ত আছে? তেওঁলোকক আমাৰ ওচৰলৈ উলিয়াই আনা; আমি সিহঁতৰ পৰিচয় লওঁ।”
6. তেতিয়া লোটে দুৱাৰৰ বাহিৰত ওলাই গৈ দুৱাৰখন জপাই ক’লে,
7. “হে ভাইসকল, মই বিনয় কৰিছোঁ, আপোনালোকে এনে কু-আচৰণ নকৰিব;
8. চাওঁক, মোৰ দুজনী ছোৱালী আছে; কোনো পুৰুষৰ সৈতে সিহঁতৰ সংস্পৰ্শ হোৱা নাই; সিহঁতকে মই আপোনালোকৰ ওচৰলৈ উলিয়াই আনো; সিহঁতৰ লগত আপোনালোকে যি ভাল দেখে কৰক; কেৱল এই লোকসকলক একো নকৰিব; কিয়নো তেওঁলোকে এতিয়া মোৰ ঘৰৰ ছাঁত আশ্ৰয় লৈছে।”
9. তেতিয়া তেওঁলোকে ক’লে, “যোৱা, আমাৰ পথৰ পৰা আঁতৰ হৈ যোৱা!” তেওঁলোকে আকৌ ক’লে, “এইজন বিদেশী হিচাবে আমাৰ ইয়ালৈ আহিছিল আৰু এতিয়া আমাৰে বিচাৰক হ’বলৈ গৈছে। এতিয়া আমি সিহঁততকৈ তোৰ লগত আৰু বেয়া আচৰণ কৰিম।” এই বুলি কৈ লোকসকলে সেই মানুহৰ বিৰুদ্ধে আগবঢ়িল আৰু লোটক ঠেলা মাৰি দুৱাৰ ভাঙিবলৈ কাষ চাপি গ’ল।
10. তেতিয়া সেই দুজন পুৰুষে হাত মেলি লোটক ঘৰৰ ভিতৰলৈ টানি নিলে আৰু ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি দিলে;
11. তাৰ পাছত লোটৰ অতিথিসকলে ঘৰৰ দুৱাৰৰ বাহিৰত থকা সৰু বৰ সকলো মানুহকে আঘাত কৰি কণা কৰিলে; তাতে সেই মানুহবোৰে দুৱাৰ বিচাৰি বিচাৰি হাবাথুৰি খালে।
12. তাৰ পাছত সেই লোক দুজনে লোটক সুধিলে, “এই ঠাইত তোমাৰ আৰু কোনোবা আছে নেকি? তোমাৰ জোঁৱাই, পো, জী বা কোনো আত্মীয়-স্বজন আদি কৰি যিসকল লোক এই নগৰত আছে, সেই সকলোকে এই ঠাইৰ পৰা উলিয়াই লৈ যোৱা।
13. কিয়নো আমি এই নগৰ ধ্বংস কৰিবৰ কাৰণে যুগুত হৈছোঁ। যিহোৱাৰ আগত এই ঠাইৰ লোকসকলৰ বিৰুদ্ধে ভীষণ হৈ চৈ হৈছে আৰু সেইবাবে তেওঁ তাক ধ্বংস কৰিবলৈ আমাক পঠাইছে।”
14. তেতিয়া লোটে বাহিৰলৈ গৈ তেওঁৰ হবলগীয়া জোৱাঁইসকলক ক’লে, “সোনকাল কৰা! এতিয়াই এই ঠাই এৰি গুছি যোৱা; কিয়নো যিহোৱাই এই নগৰ ধ্বংস কৰিবলৈ যুগুত হৈছে।” কিন্তু জোঁৱায়েকহঁতে ভাৱিলে, তেওঁ ধেমালি কৰিছে।
15. তাৰ পাছত ৰাতিপুৱা সেই দুজন দূতে লোটক সোনকাল কৰিবলৈ দিলে আৰু ক’লে, “ইয়াত থকা তোমাৰ ভার্য্যা আৰু দুজনী জীয়ৰীক লৈ গৈ থাকা; তেতিয়াহে নগৰৰ লগত তোমালোকক এই শাস্তিত ধ্বংস কৰা নহ’ব।”
16. লোটে সংকোচ কৰি পলম কৰিবলৈ ধৰিলে। কিন্তু যিহোৱাৰ দয়া তেওঁৰ ওপৰত থকা কাৰণে সেই পুৰুষ দুজনে তেওঁক, তেওঁৰ ভার্য্যাক আৰু দুজনী জীয়েককো হাতত ধৰি টানি নগৰৰ বাহিৰলৈ উলিয়াই আনিলে।
17. সকলোকে বাহিৰ কৰি অনাৰ পাছত তেওঁলোকৰ এজনে লোটক ক’লে, “প্ৰাণ বচাবলৈ হ’লে পলোৱা! পাছলৈ ঘূৰি নাচাবা আৰু এই সমভূমিৰ কোনো ঠাইতে নৰখিবা; পাহাৰটোলৈ পলাই যোৱা; নহ’লে তোমালোকো বিনষ্ট হ’বা।”
18. তেতিয়া লোটে তেওঁলোকক ক’লে, “নহয়, হে মোৰ প্ৰভু, তেনে নকব!
19. চাওঁক, আপোনালোকৰ দৃষ্টিত আপোনালোকৰ এই দাসে অনুগ্ৰহ পাইছো আৰু মোৰ জীৱন ৰক্ষা কৰাত আপোনালোকে মোলৈ দয়াও দেখুৱালে; কিন্তু মই পাহাৰটোলৈ পলাই যাব নোৱাৰোঁ; কিয়নো মই গৈ পোৱাৰ আগেয়ে হয়তো সেই বিপদ আহি পৰিব আৰু মই মৰিম।
20. চাওঁক, পলাই যাবলৈ হ’লে যথেষ্ট কাষতে সেইখন সৰু চহৰ আছে। প্রাণ ৰক্ষাৰ বাবে মোক তালৈকে পলাই যাবলৈ দিয়ক। ই জানো সৰু নহয়? তাতেই মোৰ প্ৰাণ ৰক্ষা পৰিব।”
21. তেতিয়া দূতে ক’লে, “বাৰু, মই তোমাৰ এই অনুৰোধ ৰাখিলোঁ। যি চহৰখনৰ কথা তুমি ক’লা, তাক মই ধ্বংস নকৰোঁ;
22. কিন্তু সোনকাল কৰা! বেগাই সেই ঠাইলৈকে পলোৱা; কিয়নো তুমি সেই ঠাই নোপোৱালৈকে, মই একো কৰিব নোৱাৰোঁ।” সেয়ে সেই চহৰখনৰ নাম হ’ল চোৱৰ ।
23. লোটে যেতিয়া চোৱৰ গৈ পালে তেতিয়া সূৰ্য উদয় হৈছিল।
24. তেনেতে যিহোৱাই আকাশৰ পৰা চদোম আৰু ঘমোৰাৰ ওপৰত গন্ধক আৰু অগ্নি বর্ষাবলৈ ধৰিলে।
25. তেওঁ সেই নগৰকেইখন, গোটেই সমথল, নগৰৰ সকলো লোক আৰু ভূমিত গজা সকলো বস্তুকে বিনষ্ট কৰিলে।
26. কিন্তু পাছত গৈ থকা লোটৰ ভার্য্যাই পাছফালে উভটি চালে, তাতে তেওঁ লোণৰ এটা স্তম্ভ হৈ গ’ল।
27. অব্ৰাহামে অতি পুৱাতে উঠি যি ঠাইত পূৰ্বতে যিহোৱাৰ সন্মুখত থিয় হৈছিল, সেই ঠাইলৈ গ’ল।
28. তেওঁ তলৰ ফালে চদোম, ঘমোৰা আৰু গোটেই সমতল ভূমিলৈ চাই দেখিলে যে অগ্নিকুণ্ডৰ ধুঁৱাৰ দৰে সেই সকলো ঠাইৰ পৰা ধুঁৱা উঠিছে।
29. যেতিয়া ঈশ্বৰে সমথলৰ নগৰবোৰ বিনষ্ট কৰিলে, তেতিয়া ঈশ্বৰে অব্ৰাহামক সোঁৱৰণ কৰিলে; তেওঁ লোটে য’ত বাস কৰিছিল, সেই নগৰবোৰৰ ধ্বংসস্তূপৰ মাজৰ পৰা তেওঁক বাহিৰলৈ উলিয়াই পঠালে।
30. পাছত লোটৰ চোৱৰত থাকিবলৈ সাহস নহ’ল আৰু সেয়ে তেওঁ জীয়েক দুজনীক লগত লৈ চোৱৰৰ পৰা ওলাই পাহাৰত বাস কৰিবলৈ উঠি গ’ল; তাত তেওঁ জীয়েক দুজনীৰে সৈতে এটা গুহাত বাস কৰিলে।
31. পাছত ডাঙৰ জীয়েকে সৰু জনীক ক’লে, “আমাৰ পিতৃ বৃদ্ধ হৈ গৈছে। এই এলেকাত এনে কোনো পুৰুষ নাই যেয়ে পৃথিৱীৰ নিয়ম অনুসাৰে আমাৰ লগত সম্বন্ধ কৰিব পাৰে।
32. আহাঁ, আমি আমাৰ পিতৃক দ্ৰাক্ষাৰস পান কৰাই তেওঁৰ লগত শয়ন কৰোঁহক। তাতে আমি আমাৰ পিতৃৰ বংশ ৰক্ষা কৰিব পাৰিম।”
33. সেই কথা অনুসাৰে সেইদিনা ৰাতি তেওঁলোকে বাপেকক দ্ৰাক্ষাৰস পান কৰাই মতলীয়া কৰিলে। তাৰ পাছত ডাঙৰজনীয়ে সোমাই গৈ বাপেকৰ লগত শয়ন কৰিলে; কিন্তু কেতিয়া তাই শুলে আৰু কেতিয়ানো উঠি গ’ল লোটে গমকে নাপালে।
34. পাছদিনা ডাঙৰজনীয়ে সৰু জনীক ক’লে, “শুনা, যোৱাকালি ৰাতি মই পিতৃৰ লগত শয়ন কৰিলোঁ; আহাঁ আজি ৰাতিও আমি পিতৃক দ্ৰাক্ষাৰস পান কৰাওঁ আৰু তুমি সোমাই গৈ তেওঁৰ লগত শয়ন কৰিবা। তাতে পিতৃৰ পৰা আমি আমাৰ বংশ ৰক্ষা কৰিব পাৰিম।”
35. এইদৰে সেইদিনা ৰাতিও তেওঁলোকে নিজৰ বাপেকক দ্ৰাক্ষাৰস পান কৰালে আৰু সৰু জীয়েকে গৈ বাপেকৰ লগত শয়ন কৰিলে; কিন্তু কেতিয়া যে তেওঁৰ ওচৰত শুলে আৰু কেতিয়ানো উঠি গ’ল, তাক লোটে গম নাপালে।
36. এইদৰে লোটৰ দুয়ো জনী জীয়েক নিজ বাপেকৰ দ্বাৰা গৰ্ভৱতী হ’ল।
37. পাছত ডাঙৰজনীৰ এটি পুত্ৰ হ’ল আৰু তেওঁ তাৰ নাম মোৱাব ৰাখিলে; এই মোৱাবেই বর্তমানৰ মোৱাবীয়াহঁতৰ আদিপিতৃ।
38. পাছত সৰুজনীয়েও এটি পুত্ৰ প্ৰসব কৰিলে আৰু তাৰ নাম বিন-অম্মি হ’ল; তেওঁ বর্তমানৰ অম্মোনীয়াহঁতৰ আদিপিতৃ।

আদিপুস্তক 20:1-18
1. অব্ৰাহামে পূর্বৰ ঠাই এৰি নেগেভ দেশৰ ফালে গ’ল। তাত তেওঁ কাদেচ আৰু চূৰৰ মাজৰ এঠাইত থাকিবলৈ ল’লে; সেই গৰাৰ নগৰত তেওঁ প্ৰবাসী আছিল।
2. তাত অব্ৰাহামে নিজৰ ভাৰ্যা চাৰাৰ বিষয়ে ক’লে, “এওঁ মোৰ ভনী।” সেয়ে সেই ঠাইৰ ৰজা অবীমেলকে মানুহ পঠাই চাৰাক লৈ গ’ল।
3. কিন্তু ৰাতি ঈশ্বৰে সপোনত অবীমেলকৰ ওচৰলৈ আহি ক’লে, “চোৱা, যি মহিলাগৰাকীক তুমি লৈ আনিছা, তেওঁৰ কাৰণে তোমাৰ মৃত্যু অনিবার্য। কিয়নো তেওঁ এজন পুৰুষৰ ভাৰ্যা।”
4. অবীমেলকে কিন্তু তেতিয়াও চাৰাৰ ওচৰলৈ যোৱা নাছিল; সেয়ে তেওঁ ক’লে, “হে প্ৰভু, অপৰাধ নকৰিলেও আপুনি এটা সৎ জাতিক সংহাৰ কৰিব নে?
5. সেই লোকজনে জানো নিজেই মোক কোৱা নাছিল ‘তাই মোৰ ভনী’ বুলি? এনেকি সেই মহিলাগৰাকীয়েও কৈছিল, ‘তেওঁ মোৰ ককাই’ বুলি। মই মোৰ সৰল মনেৰে আৰু নির্দোষী হাতেৰেহে এই কাম কৰিলোঁ।”
6. তেতিয়া ঈশ্বৰে সপোনত তেওঁক ক’লে, “হয়, মই জানো যে তুমি সৰল মনেৰেই এই কাম কৰিলা আৰু সেই কাৰণেই মোৰ অহিতে পাপ নকৰাকৈ তোমাক ৰাখিলোঁ; তেওঁক স্পৰ্শ কৰিবলৈ তোমাক নিদিলোঁ।
7. গতিকে সেই পুৰুষৰ ভাৰ্যাক এতিয়া ওভটাই দিয়া; কিয়নো সেই লোকজন এজন ভাববাদী। তেওঁ তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিব আৰু তুমি জীবা। কিন্তু যদি তেওঁক উভটাই নিদিয়া, তেন্তে ইয়াকে জানিবা যে তুমি আৰু তোমাৰ লোকসকলৰ সকলোৰে অৱশ্যেই মৃত্যু হ’ব।”
8. পাছদিনা অবীমেলকে অতি ৰাতিপুৱাতে উঠি নিজৰ দাসবোৰক ওচৰলৈ মাতি এই সকলো কথা ক’লে। এই কথা শুনি লোকসকলৰ অতিশয় ভয় লাগিল।
9. তেতিয়া অবীমেলকে অব্ৰাহামক মাতি আনি ক’লে, “আপুনি আমাৰ লগত এইটো কি কাম কৰিলে? মইনো আপোনাৰ বিৰুদ্ধে কি দোষ কৰিলোঁ যে আপুনি মোক আৰু মোৰ ৰাজ্যক ইমান ডাঙৰ এক মহাপাপত পেলালে। মোলৈ এই ধৰণৰ ব্যৱহাৰ কৰা আপোনাৰ মুঠেই উচিত হোৱা নাই।”
10. অবীমেলকে অব্ৰাহামক পুনৰ ক’লে, “আপুনি কি ভাৱি এনে কাৰ্য কৰিলে?”
11. তেতিয়া অব্ৰাহামে ক’লে, “মই ভাৱিছিলো, এই ঠাইৰ লোকসকলৰ ঈশ্বৰৰ প্রতি নিশ্চয়ে ভয়-ভীতি নাই; সেয়ে মোৰ ভার্য্যাক পাবলৈ তেওঁলোকে মোকেই বধ কৰিব’।
12. তাৰ বাহিৰেও বাস্তৱিকত তেওঁ মোৰ ভনীও হয়; আমাৰ মাতৃ বেলেগ হ’লেও তেওঁৰ আৰু মোৰ পিতৃ একে। এতেকে তেওঁ মোৰ ভার্য্যা হ’ল।
13. ঈশ্বৰে যেতিয়া মোক মোৰ পিতৃৰ ঘৰ ত্যাগ কৰিবলৈ দিলে আৰু মোক এঠাইৰ পৰা আন ঠাইলৈ ভ্রমণ কৰাই লৈ ফুৰালে, তেতিয়া মই মোৰ ভার্য্যাক কৈছিলোঁ, ‘মোৰ ভার্য্যা হিচাবে তুমি মোলৈ এই বিশ্বস্ততা প্রকাশ কৰিবা: আমি যি ঠাইলৈকে যাম, তুমি মোক তোমাৰ ককাই বুলি পৰিচয় দিবা’।”
14. তাৰ পাছত অবীমেলকে কিছুমান মেৰ-ছাগ, গৰু আৰু দাস-দাসীক আনি অব্ৰাহামক দিলে আৰু তাৰ লগতে তেওঁৰ ভাৰ্যা চাৰাকো ওভটাই দিলে।
15. অবীমেলকে ক’লে, “চোৱা, মোৰ দেশখনেই আপোনাৰ আগত আছে; আপোনাৰ যি ঠাইতে ভাল লাগে, তাতে নিগাজীকৈ থাকক।”
16. তেওঁ চাৰাকো ক’লে, “চোৱা, তোমাৰ ককায়েৰাক মই এক হাজাৰ ৰূপ দিছোঁ; ইয়েই তোমাৰ লগতে সকলো লোকৰ সন্মুখত তোমাৰ বিৰুদ্ধে হোৱা অপৰাধ ঢাকিবলৈ কৰা হৈছে। তোমাৰ কোনো দোষ নাই।”
17. তাৰ পাছত অব্ৰাহামে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে। তেতিয়া অবীমেলক, তেওঁৰ ভাৰ্যা, আৰু তেওঁৰ আন আন দাসীসকলে যাতে সন্তান লাভ কৰিবলৈ সক্ষম হ’ব পাৰে, ঈশ্বৰে তেওঁলোকক সুস্থ কৰিলে।
18. কিয়নো যিহোৱাই অব্ৰাহামৰ ভাৰ্যা চাৰাৰ কাৰণে অবীমেলকৰ ঘৰত থকা সকলো মহিলাৰ সন্তান ধাৰণৰ ক্ষমতা সম্পূর্ণভাৱে বন্ধ কৰিছিল।

সামসঙ্গীত 6:1-5
1. হে যিহোৱা, তুমি খঙত মোক ধমকি নিদিবা; তোমাৰ ক্রোধত মোক শাসন নকৰিবা।
2. হে যিহোৱা, মোক কৃপা কৰা, কিয়নো মই দুর্বল; হে যিহোৱা মোক সুস্থ কৰা, কিয়নো মোৰ হাড়বোৰ ভয়তে কঁপিছে।
3. মোৰ প্ৰাণো ভয়তে ব্যাকুল হৈছে; হে যিহোৱা, এইদৰে কিমান কাললৈ হৈ থাকিব?
4. হে যিহোৱা, মোলৈ ঘূৰি চোৱা, মোৰ প্ৰাণ ৰক্ষা কৰা; তোমাৰ অসীম প্রেমেৰে মোক উদ্ধাৰ কৰা।
5. মৃত্যু হ’লে তোমাক সোঁৱৰণ কৰা নহয়; চিয়োলত কোনে তোমাৰ প্ৰশংসা কৰিব?

প্রবচন 3:1-4
1. হে মোৰ পুত্র, মোৰ আদেশবোৰ নাপাহৰিবা, আৰু তোমাৰ হৃদয়ত মোৰ শিক্ষাবোৰ পালন কৰিবা।
2. কাৰণ এইবোৰৰ দ্বাৰাই তোমাৰ জীৱনৰ আয়ুস আৰু বছৰবোৰ বৃ্দ্ধি পাব, আৰু জীৱনত শান্তি লাভ কৰিবা।
3. বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য গুৰুত্বপূর্ণ প্ৰতিশ্রুতিয়ে তোমাক কেতিয়াও ত্যাগ নকৰক; দুয়োকো তুমি ডিঙিত বান্ধি ৰাখিবা, আৰু তোমাৰ হৃদয় ফলিত সেইবোৰ লিখি থ’বা।
4. তেতিয়া তুমি ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত অনুগ্ৰহ আৰু সুযশস্যা পাবা।

মথি 8:1-17
1. যীচু যেতিয়া পৰ্বতৰ পৰা নামি আহিল, তেতিয়া মানুহৰ বৃহৎ দল এটাও তেওঁৰ পাছে পাছে আহিবলৈ ধৰিলে।
2. সেই সময়ত এজন কুষ্ঠ ৰোগী তেওঁৰ ওচৰলৈ আহি প্ৰণিপাত কৰি তেওঁক ক’লে, “হে প্ৰভু, আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে।”
3. যীচুৱে হাত খন আগবঢ়াই তেওঁক চুই ক’লে, “মই ইচ্ছা কৰিছোঁ; তুমি শুচি হোৱা।” লগে লগে মানুহ জনৰ কুষ্ঠৰোগ ভাল হৈ গ’ল।
4. তেতিয়া যীচুৱে মানুহ জনক ক’লে, ‘সাৱধান, তুমি এই কথা কাকো নকবা; বৰং যোৱা, পুৰোহিতৰ আগত গৈ নিজকে দেখুওৱা আৰু মোচিৰ আদেশ অনুসাৰে নৈবেদ্য উৎসর্গ কৰা। তেতিয়া লোক সকলৰ আগত তুমি সাক্ষ্য হবা যে, তুমি সুস্থ হ’লা।’
5. ইয়াৰ পাছত যীচু কফৰনাহূম নগৰলৈ গ’ল। তাত এজন এশৰ সেনাপতিয়ে তেওঁৰ ওচৰলৈ আহি বিনয় কৰি ক’লে,
6. “হে প্ৰভু, মোৰ এজন দাস ঘৰত বিচনাত পৰি আছে। সি পক্ষাঘাত ৰোগত অতিশয় যাতনা পাই আছে।”
7. যীচুৱে তেওঁক ক’লে, “মই আহিম আৰু তেওঁক সুস্থ কৰিম।”
8. সেই সেনাপতিয়ে উত্তৰ দি ক’লে, “হে প্ৰভু, মই এনে যোগ্য নহওঁ যে আপুনি মোৰ ঘৰত সোমাব; কিন্তু মুখেৰে মাথোন কৈ দিয়ক, তাতে মোৰ দাস সুস্থ হ’ব।
9. মই নিজেও আনৰ অধিকাৰৰ অধীন আৰু মোৰ অধীনতো সৈন্য সকল আছে। মই এজনক ‘যা’ বুলিলে, সি যায়; আন জনক ‘আহ’ বুলিলে, সি ‘আহে’ আৰু মোৰ দাসক ‘এইটো কৰ’ বুলিলে সি সেই কাম কৰে।”
10. যীচুৱে এই কথা শুনি বিস্মিত হ’ল আৰু যি সকল লোক তেওঁৰ পাছে পাছে গৈ আছিল, সেই লোক সকলক উদ্দেশ্য কৰি তেওঁ ক’লে, “মই আপোনালোকক সঁচাকৈয়ে কৈছোঁ, ইস্ৰায়েলত ইমান বেচি বিশ্বাস মই কাৰো মাজত দেখা পোৱা নাই।
11. মই আপোনালোকক কওঁ, পূব আৰু পশ্চিম সকলো দিশৰ পৰা অনেক আহিব আৰু অব্ৰাহাম, ইচহাক আৰু যাকোবৰ লগত স্বৰ্গৰাজ্যত ভোজন কৰিবলৈ বহিব;
12. কিন্তু যি সকল এই ৰাজ্যৰ সন্তান, তেওঁলোকক বাহিৰৰ আন্ধাৰত পেলোৱা হ’ব। তাতে লোক সকলে ক্ৰন্দন কৰিব আৰু যন্ত্রণাত দাঁত কৰচিব।”
13. তাৰ পাছত যীচুৱে সেই এশৰ সেনাপতিক ক’লে, “তুমি যোৱা; তুমি যি দৰে বিশ্বাস কৰিলা, সেইদৰেই হওক।” সেই সময়তেই তেওঁৰ দাস জন সুস্থ হ’ল।
14. পাছত যীচু পিতৰৰ ঘৰত সোমাল আৰু তাতে পিতৰৰ শাহুৱেকক জ্বৰত পৰি থকা দেখিলে।
15. যীচুৱে তেওঁৰ হাত খন স্পর্শ কৰিলে আৰু লগে লগে তেওঁৰ জ্বৰ নাইকিয়া হ’ল। তেতিয়া তেওঁ বিচনাৰ পৰা উঠি যীচুৰ সেৱা শুশ্ৰূষা কৰিবলৈ ধৰিলে।
16. সন্ধিয়া হোৱাত লোক সকলে ভূতে পোৱা অনেক মানুহক তেওঁৰ ওচৰলৈ আনিলে। তেওঁ মুখৰ কথাৰেই সেই ভূতৰ আত্মাবোৰ খেদালে আৰু যি সকল অসুস্থ আছিল, সেই সকলো ৰোগীকে সুস্থ কৰিলে।
17. ইয়াৰ দ্বাৰা যিচয়া ভাববাদীয়ে কোৱা এই বচন পূর্ণ হ’ল, “তেৱেঁই আমাৰ দূৰ্বলতা ল’লে আৰু আমাৰ ৰোগৰ ভাৰ বলে।”