A A A A A

আদিপুস্তক 1:1-31
1. আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে।
2. পৃথিবীৰ আকাৰ নাছিল আৰু সম্পূর্ণ শূণ্য আছিল; তাৰ ওপৰত আন্ধাৰে ঢকা অগাধ জল আছিল আৰু ঈশ্বৰৰ আত্মা ই সেই জল ৰ ওপৰত উমাই আছিল।
3. ঈশ্বৰে ক’লে, “পোহৰ হওক,” তেতিয়া পোহৰ হ’ল।
4. ঈশ্বৰে পোহৰক অতি উত্তম দেখিলে; তেওঁ আন্ধাৰৰ পৰা পোহৰক পৃথক কৰিলে।
5. পাছত ঈশ্বৰে পোহৰৰ নাম “দিন ” আৰু আন্ধাৰৰ নাম “ৰাতি” হ’ল। এইদৰে গধূলি হ’ল আৰু পুৱা হোৱাত এক দিন হ’ল। পাছত ঈশ্বৰে পোহৰৰ নাম দিন, আৰু আন্ধাৰৰ নাম ৰাতি থলে। গধূলি আৰু পুৱা হোৱাত প্রথম দিন হ’ল।
6. তাৰ পাছত ঈশ্বৰে ক’লে, “জলৰ মাজত ভাগ হৈ এক বিস্তৃত খালী অংশ হওঁক আৰু ই জলক দুভাগ কৰক।”
7. এইদৰে ঈশ্বৰে জলৰ মাজত এক খালী অংশৰ সৃষ্টি কৰিলে আৰু তলত থকা জল ভাগৰ পৰা ওপৰৰ জল ভাগক পৃথক কৰিলে; তাতে তেনেদৰেই হ’ল।
8. ঈশ্বৰে সেই বিস্তৃত খালী অংশৰ নাম “আকাশ” ৰাখিলে। গধূলি আৰু পুৱা হ’লত, দ্বিতীয় দিন হ’ল।
9. তাৰ পাছত ঈশ্বৰে ক’লে, “আকাশৰ তলত থকা জল ভাগ এক ঠাইত আহি গোট খাওঁক আৰু শুকান ভূমি ওলাওক;” তেতিয়া তেনেদৰেই হ’ল।
10. ঈশ্বৰে শুকান ভূমিৰ নাম “স্থল” আৰু গোট খোৱা জল ভাগৰ নাম “সমুদ্ৰ” হ’ল; তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে।
11. ঈশ্বৰে ক’লে, “ভূমিয়ে ঘাঁহ-বন, শস্য উৎপাদনকাৰী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন কৰক; বিভিন্ন ধৰণৰ ভিতৰত গুটি থকা ফলৰ গছ স্থলভাগৰ ওপৰত গজি উঠক।” তাতে তেনেদৰেই হ’ল;
12. ভূমিত ঘাঁহ-বন, শস্যদায়ী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন হ’ল; বিভিন্ন ধৰণৰ ফলৰ গছ হ’ল আৰু ফলৰ ভিতৰত গুটি হ’ল। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
13. গধূলি আৰু পুৱা হোৱাৰ পাছত তৃতীয় দিন হ’ল।
14. তাৰ পাছত ঈশ্বৰে ক’লে, “পোহৰ হ’বলৈ আকাশত অনেক জ্যোতিবোৰ হওঁক; সেই পোহৰে ৰাতিৰ পৰা দিনক পৃথক কৰিব। সেইবোৰ বেলেগ বেলেগ ঋতু, দিন আৰু বছৰৰ চিন ৰূপে ব্যৱহাৰ হওঁক।
15. সেইবোৰে পৃথিবীৰ ওপৰত পোহৰ দিবলৈ আকাশত প্ৰদীপস্বৰূপ হওঁক।” তেতিয়া তেনেদৰেই হ’ল।
16. ঈশ্বৰে দিনৰ ওপৰত অধিকাৰ চলাবলৈ এক মহা-জ্যোতি, আৰু ৰাতিৰ ওপৰত অধিকাৰ চলাবলৈ তাতকৈ এক ক্ষুদ্ৰ-জ্যোতি, এই দুই বৃহৎ জ্যোতি আৰু তৰাবোৰকো নিৰ্ম্মাণ কৰিলে।
17. ঈশ্বৰে সেইবোৰক আকাশৰ মাজত স্থাপন কৰিলে যাতে সেইবোৰে পৃথিবীৰ ওপৰত পোহৰ দিয়ে;
18. দিন আৰু ৰাতিৰ ওপৰত অধিকাৰ চলায় আৰু আন্ধাৰৰ পৰা পোহৰক পৃথক কৰে। তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে।
19. গধূলি আৰু পুৱা হোৱাৰ পাছত চতুৰ্থ দিন হ’ল।
20. তাৰ পাছত ঈশ্বৰে ক’লে, “বিভিন্ন প্রাণীৰে জল ভাগ পূর্ণ হওঁক আৰু পৃথিবীৰ ওপৰ ভাগত আকাশৰ মাজত চৰাইবোৰ উড়ি ফুৰক।”
21. এইদৰে ঈশ্বৰে ডাঙৰ ডাঙৰ সাগৰীয় প্রাণী, জলৰ মাজত বিচৰণ কৰা বিভিন্ন প্রকাৰৰ উৰগ প্রাণী আৰু নানাবিধ ডেউকা থকা চৰাই সৃষ্টি কৰিলে; তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
22. ঈশ্বৰে সেইবোৰক আশীৰ্ব্বাদ কৰি ক’লে, “বংশ বৃদ্ধি কৰি তোমালোকে নিজৰ সংখ্যা বঢ়াই তোলা আৰু সমুদ্ৰবোৰৰ পানী পৰিপূৰ্ণ কৰা; পৃথিবীৰ ওপৰত চৰাইবোৰেও নিজৰ সংখ্যা বৃদ্ধি কৰক।”
23. গধূলি আৰু পুৱা হোৱাৰ পাছত পঞ্চম দিন হ’ল।
24. তাৰ পাছত ঈশ্বৰে ক’লে, “পৃথিৱীত বিভিন্ন ধৰণৰ প্ৰাণী উৎপন্ন হওঁক; ঘৰচীয়া পশু, বগাই ফুৰা প্ৰাণী আৰু নানা বিধ বনৰীয়া জন্তু উৎপন্ন হওঁক।” তাতে তেনেকুৱাই হ’ল।
25. ঈশ্বৰে বিভিন্ন বনৰীয়া জন্তু, বিভিন্ন ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা বিভিন্ন প্ৰাণী নিৰ্ম্মাণ কৰিলে। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
26. তাৰ পাছত ঈশ্বৰে ক’লে, “আমি নিজৰ প্ৰতিমুৰ্ত্তিৰ দৰে আমাৰ সাদৃশ্যেৰে মানুহ নিৰ্ম্মাণ কৰোঁহক; তেওঁলোকে সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, ঘৰচীয়া পশু, সমুদায় পৃথিৱী আৰু পৃথিবীত বগাই ফুৰা প্রাণীৰ ওপৰত অধিকাৰ চলাওঁক।”
27. তেতিয়া ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰে মানুহ সৃষ্টি কৰিলে; ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰেই মানুহ সৃষ্টি কৰিলে; তেওঁ তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে।
28. পাছত ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোক বহুবংশ হোৱা; বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভুত কৰা; সমুদ্ৰৰ মাছ; আকাশৰ চৰাই, আৰু পৃথিবীৰ ওপৰত বিচৰণ কৰা সকলো প্রাণীৰ ওপৰত অধিকাৰ চলোৱা।”
29. ঈশ্বৰে ক’লে, “চোৱা, গোটেই পৃথিবীৰ ওপৰিভাগত গুটি উৎপন্ন কৰা গছ আৰু ভিতৰত গুটি থকা সকলো ফলধৰা গছ মই তোমালোকক দিলোঁ; সেয়ে তোমালোকৰ আহাৰ হ’ব।
30. সকলো বনৰীয়া জন্তু, আকাশৰ সকলো চৰাই আৰু মাটিত বগাই ফুৰা সকলো প্রাণীৰ আহাৰৰ কাৰণে সকলো কেচাঁ বন দিলোঁ।” তাতে তেনেকুৱাই হ’ল।
31. পাছত ঈশ্বৰে নিজে নিৰ্ম্মাণ কৰা সকলোকে চালে। সেইবোৰ চাই অতি উত্তম পালে। গধূলি আৰু পুৱা হোৱাৰ পাছত ষষ্ঠ দিন হ’ল।

আদিপুস্তক 2:1-25
1. এনেদৰে আকাশ-মণ্ডল আৰু পৃথিৱী নির্ম্মাণ কৰা হ’ল; আৰু উভয়কে সকলোৰে পৰিপূর্ণ কৰা হ’ল ।
2. ইতিমধ্যে ঈশ্বৰে তেওঁৰ কাম শেষ কৰি সপ্তম দিনত সোমাল আৰু সেইদিনা সকলো কাৰ্যৰ পৰা তেওঁ বিশ্ৰাম ল’লে।
3. ঈশ্বৰে সেই সপ্তম দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলে; কিয়নো সেইদিনা ঈশ্বৰে নিজৰ সকলো সৃষ্টি কাৰ্যৰ পৰা বিশ্ৰাম ল’লে।
4. এয়াই হৈছে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টিৰ ইতিহাস। ঈশ্বৰ যিহোৱাই যিদিনা পৃথিৱী আৰু আকাশ-মণ্ডল নিৰ্ম্মাণ কৰিলে, সেই কালৰ ঘটনাৰ বিৱৰণ এই।
5. তেতিয়াও পৃথিবীৰ পথাৰত একো তৃণ আদি নাছিল; পথাৰত কোনো শস্যদায়ী গছ গজা নাছিল; কিয়নো তেতিয়াও ঈশ্বৰ যিহোৱাই পৃথিবীত বৰষুণ বৰষোৱা নাছিল আৰু মাটি চহাবৰ কাৰণে মানুহো নাছিল।
6. কিন্তু পৃথিবীৰ পৰা এক ঘন কুঁৱলী উঠি আহিল আৰু গোটেই ভূমি ভিজালে।
7. ঈশ্বৰ যিহোৱাই মাটিৰ পৰা ধুলি লৈ মানুহ নিৰ্ম্মাণ কৰিলে আৰু সেই মানুহৰ নাকত ফু দি নিশ্বাস সুমুৱাই দিলে; তাতে মানুহ জীৱন্ত প্ৰাণী হ’ল।
8. ঈশ্বৰ যিহোৱাই পূবফালে এদনত এখন বাৰী পাতিলে আৰু তাতে তেওঁ নিজে নিৰ্ম্মাণ কৰা মানুহক ৰাখিলে।
9. সেই ঠাইৰ মাটিত ঈশ্বৰ যিহোৱাই দেখিবলৈ সুন্দৰ, খাবলৈকো ভাল এনে সকলো জাতৰ গছ উৎপন্ন কৰিলে; বাৰীৰ মাজত তেওঁ জীৱন-বৃক্ষ আৰু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষকো উৎপন্ন কৰিলে।
10. সেই বাৰীত পানী দিবৰ কাৰণে এদনৰ পৰা এখন নদী ওলাই আহিছিল আৰু সেই ঠাইৰ পৰাই নদীখন চাৰিটা উপনৈত ভাগ হৈছিল।
11. প্ৰথম নৈৰ নাম পীচোন; এই নদীখন সমুদায় হবীলা দেশকে ঘেৰি বৈ গৈছে; এই দেশত সোণ পোৱা যায়।
12. সেই দেশৰ সোণ উত্তম; তাত গুগগুলু আৰু বহুৰঙী মূল্যৱান পাথৰো পোৱা যায়।
13. দ্বিতীয় নৈখনৰ নাম গীহোন। এই নদী কুচ দেশখনক ঘেৰি বৈ গৈছে।
14. তৃতীয় নৈখনৰ নাম হিদ্দেকেল । সেই নদী অচুৰ দেশৰ পূবদিশে বৈ গৈছে। চতুৰ্থ নদীখনৰ নাম হৈছে ফৰাৎ ।
15. ঈশ্বৰ যিহোৱাই মানুহক নি এদন বাৰীত ৰাখিলে যাতে তেওঁ তাত কাম কৰে আৰু তাৰ যত্ন লয়।
16. ঈশ্বৰ যিহোৱাই মানুহক এই আজ্ঞা দিলে, “তুমি বাৰীৰ সকলো গছৰ ফল স্বচ্ছন্দে খাব পাৰা;
17. কিন্তু ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফল হ’লে নাখাবা; কিয়নো যি দিনা তুমি তাক খাবা, সেই দিনা অৱশ্যেই তোমাৰ মৃত্যু হ’ব।”
18. তাৰ পাছত ঈশ্বৰ যিহোৱাই ক’লে, “মানুহ অকলে থকা ভাল নহয়; মই তেওঁৰ বাবে এজন উপযুক্ত সহকাৰী নিৰ্ম্মাণ কৰিম।”
19. ঈশ্বৰ যিহোৱাই মাটিৰ পৰা সকলো প্রকাৰৰ জীৱ-জন্তু আৰু আকাশৰ চৰাইবোৰ নিৰ্ম্মাণ কৰিলে; তাৰ পাছত তেওঁ সকলো প্রাণীকে মানুহৰ ওচৰলৈ আনিলে; তেওঁ চাব বিচাৰিলে যে মানুহে সেই সকলোবোৰক কি নাম দি মাতে। তেওঁ সেই প্রাণীবোৰৰ যাক যি নামেৰে মাতিলে, তাৰ নাম সেয়ে হ’ল।
20. মানুহে সকলো ঘৰচীয়া পশু, আকাশৰ চৰাই, বনৰীয়া জন্তুবোৰৰ নাম দিলে; কিন্তু মানুহে নিজৰ কাৰণে সেইবোৰৰ মাজত উপযুক্ত সহকাৰী নাপালে।
21. সেয়ে ঈশ্বৰ যিহোৱাই মানুহলৈ গভীৰ টোপনি আনিলে; তাতে তেওঁ গভীৰ টোপনি গ’ল। তেতিয়া ঈশ্বৰ যিহোৱাই তেওঁৰ এডাল কামী-হাড় উলিয়াই সেই ঠাই মঙহেৰে পুৰালে।
22. ঈশ্বৰ যিহোৱাই মানুহৰ পৰা উলিওৱা কামী-হাড়ডালেৰে এগৰাকী স্ত্ৰী নিৰ্ম্মাণ কৰি তেওঁক মানুহৰ ওচৰলৈ লৈ আনিলে।
23. তেতিয়া মানুহে ক’লে, “এতিয়া হৈছে; এওঁ মোৰ হাড়ৰো হাড়, মোৰ মঙহৰো মঙহ; এওঁক ‘নাৰী’ বুলি মতা হ’ব; কিয়নো এওঁক নৰৰ পৰা লোৱা হৈছে।”
24. সেইবাবে মানুহে নিজৰ পিতৃ মাতৃক ত্যাগ কৰি তেওঁৰ স্ত্রীৰ প্রতি আসক্ত হ’ব আৰু তেওঁলোক দুয়োজন এক দেহ হ’ব।
25. সেই সময়ত সেই মানুহ আৰু তেওঁৰ স্ত্রী দুয়োজন বিবস্ত্ৰ আছিল; কিন্তু তাক তেওঁলোকে লাজ বুলি নাজানিছিল।

সামসঙ্গীত 1:1-6
1. ধন্য সেই লোক, যি দুষ্টসকলৰ পৰামৰ্শ মতে নচলে, পাপীবিলাকৰ পথত থিয় নহয়, নিন্দকবোৰৰ সমাবেশত নবহে;
2. কিন্তু যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে।
3. সেই লোক বোৱতী পানীৰ দাঁতিত ৰোৱা গছৰ নিচিনা, যি গছে বতৰত ফল দিয়ে, আৰু যাৰ পাত জঁয় নপৰে; সেই লোকে সকলো কৰ্মতে সফলতা লাভ কৰে।
4. দুষ্টবোৰ তেনেকুৱা নহয়; সিহঁত বতাহে উৰুৱাই নিয়া তুঁহৰ নিচিনা।
5. এই কাৰণে দুষ্টবোৰে ন্যায় বিচাৰত থিয় হ’ব নোৱাৰিব, আৰু পাপীলোকে ধাৰ্মিকসকলৰ সভাত থাকিব নোৱাৰিব।
6. কাৰণ যিহোৱাই ধাৰ্মিকসকল চলা পথত সতর্ক দৃষ্টি ৰাখে, কিন্তু দুষ্টবোৰৰ পথৰ অন্ত হ’ব সৰ্ব্বনাশ।

প্রবচন 1:1-7
1. দায়ূদৰ পুত্র চলোমন, ইস্রায়েলৰ ৰজা আছিল। চলোমনৰ নীতিবচন।
2. প্রজ্ঞা আৰু শিক্ষা লাভ কৰিবলৈ, সূক্ষ্মদৃষ্টিৰে বাক্য শিকোৱা,
3. সংশোধন গ্রহণ কৰা, তেতিয়া তুমি সত্য, ন্যায়পৰায়ণ, আৰু যথাৰ্থতাত জীয়াই থাকিব পাৰিবা।
4. যিসকলক শিক্ষা দিয়া হোৱা নাই, তেওঁলোকক প্রজ্ঞা দান কৰা; আৰু যুৱক সকলক জ্ঞান আৰু বিবেচনা দিয়া।
5. জ্ঞানীলোকক শুনিবলৈ দিয়া আৰু তেওঁলোকক শিক্ষাত বৃদ্ধি হ’বলৈ দিয়া। আৰু তীক্ষ্নবুদ্ধি সম্পন্ন লোকক পথপ্রদৰ্শন কৰা;
6. যাতে নীতিবচন আৰু বাণী, জ্ঞানীলোকৰ বাক্য আৰু তেওঁলোকৰ নিগূঢ়তত্ব বুজিব পাৰে।
7. যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ, অজ্ঞানীলোকে প্রজ্ঞা আৰু অনুশাসন হেয়জ্ঞান কৰে।

মথি 1:1-25
1. যীচু খ্রীষ্ট দায়ুদৰ বংশৰ আৰু দায়ুদ অব্ৰাহামৰ বংশৰ লোক। যীচু খ্ৰীষ্টৰ বংশৰ তালিকা এই:-
2. অব্ৰাহামৰ পুত্ৰ ইচহাক; ইচহাকৰ পুত্ৰ যাকোব; যাকোবৰ পুত্ৰ যিহূদা আৰু তেওঁৰ ভায়েক-ককায়েক সকল;
3. যিহূদাৰ পুত্ৰ পেৰচ আৰু চেৰহৰ, তেওঁলোকৰ মাক আছিল তামাৰ৷ পেৰচৰ পুত্ৰ হিষ্ৰোণ; হিষ্ৰোণৰ পুত্ৰ ৰাম৷
4. ৰামৰ পুত্ৰ অম্মীনাদব; অম্মীনাদবৰ পুত্ৰ নহচোন; নহচোনৰ পুত্ৰ চলমোন৷
5. চলমোনৰ পুত্ৰ বোৱজ - তেওঁৰ মাক আছিল ৰাহব৷ বোৱজৰ পুত্ৰ ওবেদ তেওঁৰ মাক আছিল ৰূথ৷ ওবেদৰ পুত্ৰ যিচয়;
6. যিচয়ৰ পুত্ৰ দায়ুদ ৰজা। দায়ুদৰ পুত্র চলোমন, তেওঁৰ মাক আছিল উৰিয়াৰ ভাৰ্যা।
7. চলোমনৰ পুত্ৰ ৰহবিয়াম; ৰহবিয়ামৰ পুত্ৰ অবিয়৷ অবিয়ৰ পুত্ৰ আচা;
8. আচাৰ পুত্ৰ যিহোচাফট৷ যিহোচাফটৰ পুত্ৰ যোৰাম; যোৰামৰ পুত্ৰ উচিয়৷
9. উচিয়ৰ পুত্ৰ যোথম; যোথমৰ পুত্ৰ আহচ; আহচৰ পুত্ৰ হিস্কিয়া৷
10. হিস্কিয়াৰ পুত্ৰ মনচি; মনচিৰ পুত্ৰ আমোন; আমোনৰ পুত্ৰ যোচিয়া৷
11. যোচিয়াৰ পুত্র যেখনীয়া আৰু তেওঁৰ ভায়েক সকল। ইস্ৰায়েল জাতিক বাবিল দেশলৈ বন্দী হিচাপে লৈ যোৱাৰ সময়ত এওঁলোক আছিল।
12. বাবিল দেশলৈ নিয়াৰ পাছত যেখনীয়াৰ পুত্ৰ চল্টীয়েলৰ জন্ম হ’ল৷ চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল;
13. জৰুব্বাবিলৰ পুত্ৰ আবীহূদ৷ আবীহূদৰ পুত্ৰ ইলীয়াকীম; ইলীয়াকীমৰ পুত্ৰ আচোৰ৷
14. আচোৰৰ পুত্ৰ চাদোক; চাদোকৰ পুত্ৰ আখীম৷ আখীমৰ পুত্ৰ ইলীহূদ;
15. ইলীহূদৰ পুত্ৰ ইলিয়াচৰ৷ ইলিয়াচৰৰ পুত্ৰ মত্তন; মত্তনৰ পুত্ৰ যাকোব৷
16. যাকোবৰ পুত্ৰ যোচেফ; তেওঁ মৰিয়মৰ স্বামী আৰু এই মৰিয়মৰ গর্ভত যীচুৰ জন্ম হয়, যি জনক খ্ৰীষ্ট বোলা হয়।
17. এইদৰে অব্ৰাহামৰ পৰা দায়ুদ লৈ মুঠ চৌদ্ধ পুৰুষ; দায়ুদৰ পৰা বাবিল দেশলৈ বন্দী কৰি নিয়া পর্যন্ত মুঠ চৌদ্ধ পুৰুষ; পুণৰ বাবিললৈ বন্দী কৰি নিয়াৰ পাছৰ পৰা খ্ৰীষ্টলৈ মুঠ চৌদ্ধ পুৰুষ।
18. যীচু খ্ৰীষ্টৰ জন্ম এইদৰে হৈছিল৷ যীচুৰ মাক মৰিয়মক যোচেফলৈ বাগ্দান কৰা হৈছিল, কিন্তু তেওঁলোক একেলগ হোৱাৰ পূৰ্বেই মৰিয়মে পবিত্ৰ আত্মাৰ শক্তিত গৰ্ভৱতী হোৱা অনুভৱ কৰিলে।
19. তেওঁৰ স্বামী যোচেফ এজন ধাৰ্মিক লোক হোৱাত মৰিয়মক মানুহৰ আগত নিন্দাৰ পাত্ৰ কৰিবলৈ ইচ্ছা নকৰি, গুপুতে ত্যাগ কৰিবলৈ মন কৰিলে।
20. কিন্তু তেওঁ যেতিয়া এইবোৰ কথা চিন্তা কৰিলে, তেতিয়া প্ৰভুৰ এজন দূত আহি সপোনত তেওঁক দৰ্শন দি ক’লে, “হে দায়ুদৰ বংশৰ সন্তান যোচেফ, তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা; কিয়নো তেওঁৰ গৰ্ভৰ সন্তান পবিত্ৰ আত্মাৰ পৰা হৈছে।
21. তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীচু থবা। কাৰণ তেৱেঁই নিজৰ লোকক তেওঁলোকৰ পাপ সমূহৰ পৰা মুক্ত কৰিব।”
22. এই সকলো ঘটিছিল যাতে ভাৱবাদীৰ দ্বাৰাই প্ৰভুৱে এই যি বচন কোৱাইছিল সেয়া পূর্ণ হয়:
23. “চোৱা, সেই কুমাৰী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁলোকে তেওঁৰ নাম ইম্মানূৱেল থব;” এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ ।
24. পাছত যোচেফে টোপনিৰ পৰা সাৰ পাই উঠি, প্ৰভুৰ দূতে তেওঁক আজ্ঞা দিয়াৰ দৰে নিজৰ ভাৰ্য্যাৰূপে মৰিয়মক গ্ৰহণ কৰিলে।
25. কিন্তু পুত্ৰ প্ৰসৱ নকৰা পর্যন্ত যোচেফে তেওঁৰ সৈতে সহবাস নকৰিলে। পাছত যোচেফে সেই সন্তানৰ নাম যীচু থলে।